আদিপুস্তক ১৫-১৭
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান |যিহোৱাই অব্ৰাম আৰু চাৰীৰ নাম কিয় সলনি কৰে?
১৭:১, ৩-৫, ১৫, ১৬
যিহোৱাৰ দৃষ্টিত অব্ৰামৰ আচাৰ-ব্যৱহাৰ শুদ্ধ আছিল। যেতিয়া যিহোৱাই নিজৰ প্ৰতিজ্ঞাৰ বিষয়ে অব্ৰামক বৰ্ণনা কৰিছিল, তেতিয়া তেওঁ অব্ৰাম আৰু চাৰীক এনে নাম দিছিল, যাৰ দ্বাৰা জানিব পাৰি যে ভৱিষ্যতে কি হ’ব।
নিজৰ নামৰ অনুসৰি অব্ৰাহাম জাতিসমূহৰ আদিপিতৃ আৰু চাৰাই ৰজাসকলৰ আদিমাতৃ হৈছিল।
-
অব্ৰাহাম
অনেক জাতিৰ পিতৃ
-
চাৰা
ৰাণী
জন্মৰ সময়ত যদিও আমি নিজৰ নাম বাছনি কৰিব নোৱাৰোঁ, কিন্তু অব্ৰাহাম আৰু চাৰাৰ দৰে আমি সুনাম অৰ্জন কৰিব পাৰোঁ। নিজকে সোধক:
-
‘মই যিহোৱাৰ দৃষ্টিত কেনেকৈ নিজৰ আচাৰ-ব্যৱহাৰত শুদ্ধতা বজাই ৰাখিব পাৰোঁ?’
-
‘যিহোৱাৰ দৃষ্টিত মই কি নাম অৰ্জন কৰিছোঁ?’