খ্ৰীষ্টান হিচাপে জীৱন-যাপন
বিবাহিত দম্পতীয়ে তেওঁলোকৰ বিবাহ বন্ধনক কেনেকৈ দৃঢ় কৰিব পাৰে
যিসকল বিবাহিত সংগীয়ে এজনে-আনজনক প্ৰেম আৰু সন্মান কৰে, তেওঁলোকৰ বাবে অব্ৰাহাম আৰু চাৰাই এক ভাল উদাহৰণ ৰাখিছে। (আদি ১২:১১-১৩; ১পিত ৩:৬) ইয়াৰ উপৰিও, তেওঁলোকে নিজৰ বিবাহিত জীৱনত বহুতো সমস্যাৰ সন্মুখীন হৈছিল। অব্ৰাহাম আৰু চাৰাৰ উদাহৰণৰপৰা বিবাহিত দম্পতীয়ে কি শিকিব পাৰে?
এজনে-আনজনৰ লগত মুকলিভাৱে কথা-বতৰা হওক। আপোনাৰ সংগীয়ে খং বা বিৰক্তিৰে কোৱা কথাৰ নম্ৰতাৰে উত্তৰ দিয়ক। (আদি ১৬:৫, ৬) একেলগে সময় অতিবাহিত কৰক। কথা আৰু কাৰ্য্যেৰে নিজৰ সংগীক প্ৰেম কৰোঁ বুলি আশ্বাস দিয়ক। এই সকলোতকৈ, অধ্যয়ন কৰা, প্ৰাৰ্থনা কৰা আৰু একেলগে উপাসনা কৰাৰ যোগেদি যিহোৱাৰ লগত ভাল সম্পৰ্ক বজাই ৰাখক। (উপ ৪:১২) দৃঢ় বিবাহে এই পবিত্ৰ ব্যৱস্থাৰ আৰম্ভণি কৰোঁতা যিহোৱাৰ মহিমাম্বিত কৰে।
বিবাহ বন্ধন কেনেকৈ দৃঢ় কৰিব পাৰি নামৰ ভিডিঅ’খন চাওক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:
-
চান আৰু কিয়াৰাই লাহে লাহে আঁতৰি যোৱাৰ কি লক্ষণ দেখিবলৈ পোৱা গৈছিল?
-
মুকলিভাৱে কথা-বতৰা হোৱাটো কিয় প্ৰয়োজন?
-
অব্ৰাহাম আৰু চাৰাৰ উদাহৰণে চান আৰু কিয়াৰাক কেনেকৈ সহায় কৰিছিল?
-
চান আৰু কিয়াৰাই নিজৰ বিবাহ বন্ধন দৃঢ় কৰিবলৈ কি কি পদক্ষেপ লৈছিল?
-
স্বামী আৰু স্ত্ৰীয়ে এজনে-আনজনৰপৰা কিয় বেছি আশা কৰা উচিত নহয়?