খ্ৰীষ্টান হিচাপে জীৱন-যাপন
যোনাৰ কিতাপৰপৰা শিক্ষা
যিহোৱা ঈশ্বৰে পবিত্ৰ শাস্ত্ৰ বাইবেলত বহুতো বিশ্বাসী পুৰুষ আৰু তিৰোতাৰ জীৱন কাহিনী লিপিবদ্ধ কৰি ৰাখিছে, যাতে আমি তেওঁলোকৰ উদাহৰণৰপৰা মূল্যৱান শিক্ষা লাভ কৰিব পাৰোঁ। (ৰোম ১৫:৪) যোনাৰ কিতাপৰপৰা আপুনি কি শিকিব পাৰে? পাৰিবাৰিক উপাসনা: যোনা—যিহোৱাৰপৰা দয়াৰ শিক্ষা ভিডিঅ’খন চাওক আৰু নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:
-
ভিডিঅ’খনত দেখুৱা তিনিজন প্ৰচাৰকে কেনে পৰিস্থিতিৰ সন্মুখীন হৈছিল?
-
যদি আমাক অনুশাসন কৰা হয় বা মণ্ডলীত থকা আমাৰ দায়িত্ব হেৰুৱাবলগীয়া হয়, তেনেহ’লে যোনাৰ কিতাপে আমাক কেনেকৈ উৎসাহিত কৰিব? (১চমূ ১৬:৭; যোনা ৩:১, ২)
-
ঘোষণা কাৰ্য্যত লগ পোৱা লোকসকলৰ বিষয়ে সঠিক দৃষ্টিভংগী ৰাখিবলৈ যোনাৰ বিৱৰণে আমাক কেনেকৈ সহায় কৰিব?
-
যেতিয়া আমি দীঘলীয়া সময় ধৰি কোনো অসুখত ভুগিবলগীয়া হয়, তেতিয়া যোনাৰ বিৱৰণে আমাক কেনেকৈ সান্ত্বনা দিব পাৰে? (যোনা ২:১, ২, ৭, ৯)
-
বাইবেল পঢ়া আৰু ধ্যান কৰাৰ বিষয়ে আপুনি এই ভিডিঅ’খনৰপৰা কি শিক্ষা লাভ কৰিব পাৰে?