Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | কলচীয়া ১-৩

পুৰাতন পুৰুষক সোলোকাই পেলাওক আৰু নতুন পুৰুষক পিন্ধি লওক

পুৰাতন পুৰুষক সোলোকাই পেলাওক আৰু নতুন পুৰুষক পিন্ধি লওক

৩:৫-১৪

সত্যত অহাৰ পাছত, আপোনাক নিশ্চয় বহুতো পৰিৱৰ্তন কৰিবলগীয়া হৈছিল? আপোনাৰ এই প্ৰচেষ্টৰ বাবে যিহোৱা ঈশ্বৰ আনন্দিত হৈছিল বুলি আপুনি নিশ্চিত হ’ব পাৰে। (যিহি ৩৩:১১) কিন্তু এয়া সত্য যে পুৰণি ব্যক্তিত্বক শুধৰাবলৈ আৰু নতুন ব্যক্তিত্বক বিকশিত কৰি থাকিবলৈ আপোনাক একেলেথাৰিয়ে প্ৰচেষ্টা চলাই থকাৰ প্ৰয়োজন আছে। আপোনাক কি কি ক্ষেত্ৰত উন্নতি কৰাৰ প্ৰয়োজন আছে, তাক জানিবলৈ নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • মোৰ লগত বেয়া ব্যৱহাৰ কৰা ব্যক্তিৰ প্ৰতি মই মনতে খং পুহি ৰাখোঁ নেকি?

  • মই ব্যস্ত থকা বা ভাগৰি পৰাৰ সত্ত্বেও ধৈৰ্য্য দেখুৱাওঁ নে?

  • যদি মোৰ মনলৈ কিবা অনৈতিক চিন্তা-ভাৱনা আহে, তেনেহ’লে মই লগে লেগে তাক উলিয়াই পেলাওঁ নে?

  • অন্য জাতি বা ৰাষ্ট্ৰৰ লোকসকলৰ প্ৰতি মই ভেদভাৱ ৰাখোঁ নেকি?

  • অলপতে মই কাৰোবাক বাক্যৰ যোগেদি বেয়া ব্যৱহাৰ বা খং প্ৰকাশ কৰিছিলোঁ নেকি?