খ্ৰীষ্টান হিচাপে জীৱন-যাপন
আপুনি নিজৰ বিশ্বাসৰ বিষয়ে বৰ্ণনা কৰিব পাৰিবনে?
যেতিয়া কোনোবাই আপোনাক সোধে যে আপুনি কিয় সৃষ্টিৰ ওপৰত বিশ্বাস কৰে, তেতিয়া আপুনি কি ক’ব? আপুনি বিশ্বাসেৰে উত্তৰ দিবলৈ দুটা কাম কৰা উচিত: প্ৰথমটো হৈছে আপুনি নিজকে নিজে প্ৰমাণ দিব লাগিব যে সৃষ্টি সত্য হয়। (ৰোম ১২:১, ২) তাৰ পাছত, আনৰ আগত আপুনি নিজৰ বিশ্বাসক কেনেকৈ বৰ্ণনা কৰিব, তাৰ বিষয়ে চিন্তা কৰা উচিত।—হিতো ১৫:২৮.
আন লোকসকলে সৃষ্টিৰ ওপৰত বিশ্বাস কৰাৰ কাৰণবোৰ জানিবলৈ এগৰাকী অস্থি চিকিৎসকে নিজৰ বিশ্বাস বৰ্ণনা কৰে আৰু জীৱবিজ্ঞানৰ এজন বিশেষজ্ঞই নিজৰ বিশ্বাস বৰ্ণনা কৰে নামৰ ভিডিঅ’খন চাওক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:
-
আইৰিণ হফ লৰেনছ’ৱে কিয় বিৱৰ্তনৰ পৰিৱৰ্তে সৃষ্টিৰ ওপৰত বিশ্বাস কৰিছিল?
-
য়াৰ’শ্লাভ ডবাঞ্চে কিয় বিৱৰ্তনৰ পৰিৱৰ্তে সৃষ্টিৰ ওপৰত বিশ্বাস কৰিছিল?
-
আপুনি সৃষ্টিৰ ওপৰত যি বিশ্বাস কৰে, তাক আপুনি আনৰ আগত কেনেকৈ বৰ্ণনা কৰিব?
-
ঈশ্বৰে যে সকলো বস্তু সৃষ্টি কৰিছে, তাক নিজকে আৰু আনক প্ৰমাণ দিবলৈ যিহোৱাৰ সংগঠনে আপোনাৰ ভাষাত কি কি তথ্য ব্যৱস্থা কৰিছে?