পৌলে জাহাজেৰে ৰোমলৈ যাত্ৰা কৰে
কয়দী হিচাপে থকাৰ সত্ত্বেও পাঁচনি পৌলে ঘোষণা কৰিবলৈ কেতিয়াও এৰা নাছিল। যেতিয়া তেওঁ জাহাজত যাত্ৰা কৰিছিল, তেতিয়া তেওঁ সহযাত্ৰী আৰু জাহাজৰ নাৱিকসকলক সাক্ষ্য দিছিল। নিঃসন্দেহ, মিলিতা দ্বীপৰ ওচৰত জাহাজখন ভাঙি যোৱাৰ পাছত তেওঁ নিশ্চয় সুস্থ কৰা লোকসকলক ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে জনাইছিল। ৰোমত উপস্থিত হোৱাৰ তিনিদিনৰ পাছত তেওঁ যিহূদীসকলৰ প্ৰধান লোকসকলক নিজৰ ওচৰলৈ মতাই সাক্ষ্য দিছিল। এটা ঘৰত দুবছৰ গৃহবন্দী হৈ থকাৰ সময়ছোৱাত, সাক্ষাৎ কৰিবলৈ অহা লোকসকলক পৌলে ঘোষণা কৰিছিল।
নিজৰ সীমিত অৱস্থা থকাৰ সত্ত্বেও আপুনি কেনেকৈ ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে জনাব পাৰে?