খ্ৰীষ্টান হিচাপে জীৱন-যাপন
কুইবেকত ঘোষণা কৰিবলৈ স্বীকৃতি দিয়া হয়
মোকৰ্দ্দমাৰ সন্মুখীন হোৱাৰ সময়ত পৌলে কৈচৰক আপীল কৰিছিল। ৰোমান নাগৰিক হোৱাৰ বাবে তেওঁৰ ওচৰত যি অধিকাৰ আছিল, তাক ব্যৱহাৰ কৰি আমাৰ বাবে এক উত্তম উদাহৰণ ৰাখিছে। কুইবেকত ঘোষণা কৰিবলৈ স্বীকৃতি দিয়া হয় নামৰ ভিডিঅ’খন চাওক আৰু শিকক যে কুইবেকত থকা আমাৰ ভাই-ভনীসকলে শুভবাৰ্ত্তা ঘোষণা কৰিবলৈ নিজৰ অধিকাৰক কেনেকৈ ব্যৱহাৰ কৰিছে। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:
-
কুইবেকত থকা আমাৰ ভাই-ভনীসকলে কেনেধৰণৰ সমস্যাৰ সন্মুখীন হৈছিল?
-
তেওঁলোকে কি এখন বিশেষ ট্ৰেক্ট বিতৰণ কৰিছিল আৰু ইয়াৰ কি পৰিণাম হৈছিল?
-
ভাই এমে বুচেৰৰ লগত কি হৈছিল?
-
কানাডাৰ উচ্চ ন্যায়লয়ে ভাই বুচেৰৰ মোকৰ্দ্দমাৰ কি নিৰ্ণয় লৈছিল?
-
ভাইসকলে প্ৰায়ে ব্যৱহাৰ নোহোৱা এনে কি ন্যায়িক অধিকাৰ ব্যৱহাৰ কৰিছিল? ইয়াৰ কি পৰিণাম হৈছিল?
-
ধৰ্ম্ম যাজকসকলৰ উচটনিত যেতিয়া পুলিচে এখন খ্ৰীষ্টান সভাত বাধা দিছিল, তেতিয়া কি হৈছিল?