Skip to content

Skip to table of contents

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

প্ৰেম সত্য খ্ৰীষ্টানসকলৰ পৰিচয় হয়—একতাক সুৰক্ষা দিয়ক

প্ৰেম সত্য খ্ৰীষ্টানসকলৰ পৰিচয় হয়—একতাক সুৰক্ষা দিয়ক

কিয় গুৰুত্বপূৰ্ণ: মৃত্যুৰ আগ নিশা যীচুৱে প্ৰাৰ্থনা কৰিছিল যে তেওঁৰ শিষ্যসকল “যেন সম্পূৰ্ণকৈ এক” হওক। (যোহ ১৭:২৩) একতা বজাই ৰাখিবলৈ আমি এজনে-আনজনক প্ৰেম কৰা উচিত আৰু প্ৰেমে কেতিয়াও “অপকাৰ গণনা নকৰে।”—১কৰি ১৩:৬.

ইয়াক কেনেকৈ কৰিব:

  • যিহোৱাৰ দৰে আনৰ ভাল গুণবোৰলৈ লক্ষ্য কৰক

  • হৃদয়ৰপৰা ক্ষমা কৰক

  • কোনো এটা সমস্যা সমধান কৰাৰ পাছত তাক পুনৰ উল্লেখ নকৰিব।—হিতো ১৭:৯

‘তোমালোকে পৰস্পৰে প্ৰেম কৰা’—অপকাৰ গণনা নকৰিব নামৰ ভিডিঅ’খন চাওক আৰু নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • ভিডিঅ’খনৰ প্ৰথম অংশত হেমাই কেনেকৈ অপকাৰ গণনা কৰিছিল?

  • ভিডিঅ’খনৰ দ্বিতীয় অংশত হেমাই কেনেকৈ নিজৰ বেয়া মনোভাৱ শুধৰালে আৰু সঠিক দৃষ্টিভংগী ৰাখিবলৈ চেষ্টা কৰিলে?

  • হেমাই মণ্ডলীত কেনেকৈ একতা বজাই ৰাখিবলৈ সক্ষম হয়?

আমি অপকাৰ গণনা কৰি ৰাখিলে, আটাইতকৈ বেছি কোনে দুখিত হ’ব?