প্ৰদৰ্শনৰ বাবে আৰ্হি
মৃত লোকসকল পুনৰ জীৱিত হ’বনে? (T-৩৫)
প্ৰশ্ন: পৃথিৱীৰ বহুতোলোকে মৃত হোৱা আপোনজনাক এক বিশেষ দিনত সোঁৱৰণ কৰে। মৃত হোৱা আপোনজনাক পুনৰ লগ পাম বুলি আমি আশা কৰিব পাৰোঁনে?
পদ: পাঁচ ২৪:১৫
কওক: পুনৰুত্থানে আপোনাৰ বাবে কি অৰ্থ ৰাখে, তাৰ বিষয়ে এই ট্ৰেক্টখনত আলোচনা কৰা হৈছে। [যদি সম্ভৱ হয়, তেনেহ’লে মৃত লোকসকলৰ বাবে কিবা আশা আছেনে? ভিডিঅ’খন দেখুৱাওক।]
সত্য শিকাওক
প্ৰশ্ন: আমি ঈশ্বৰৰ প্ৰতি আমাৰ প্ৰেম কেনেকৈ দেখুৱাব পাৰোঁ?
পদ: ১যোহ ৫:৩
সত্যতা: আমি ঈশ্বৰৰ আজ্ঞাবোৰ পালন কৰাৰ যোগেদি তেওঁৰ প্ৰতি আমাৰ প্ৰেম দেখুৱাব পাৰোঁ।
মৃত লোকসকল পুনৰ জীৱিত হ’বনে? (T-৩৫)
প্ৰশ্ন: আপুনি লক্ষ্য কৰিছেনে, মানুহে কেৱল ৭০ বা ৮০ বছৰ জীয়াই থাকে। কিন্তু কিছুমান কাছ ১৫০ বছৰ আৰু কিছুমান গছ হাজাৰ বছৰলৈকে জীয়াই থাকে। এতিয়া প্ৰশ্ন হ’ব পাৰে যে মানুহৰ জীৱন কাল ইমান কম কিয়?
পদ: আদিপুস্তক ৩:১৭-১৯
কওক: মৃত্যুৰ কবলত থকা লোকসকলৰ বাবে কি আশা আছে, তাৰ বিষয়ে এই ট্ৰেক্টখনে বৰ্ণনা কৰিছে।
নিজৰ প্ৰদৰ্শন তৈয়াৰ কৰক
উল্লেখিত উদাহৰণবোৰ ব্যৱহাৰ কৰি নিজৰ প্ৰদৰ্শন তৈয়াৰ কৰক।