Skip to content

Skip to table of contents

গীত নং ১৫৫

চিৰকালৰ আনন্দ

চিৰকালৰ আনন্দ

(গীতমালা ১৬:১১)

  1. ১. তৰাৰে ভৰা ৰাতিৰ আকাশ

    চোৱানা এবাৰ,

    ৰাতি দিনৰ যি সৌন্দৰ্য্য

    তোমাৰ প্ৰেমৰ দান।

    তোমাৰ হাতে গঢ়া এইবোৰ

    আকাশ সমুদ্ৰ ধৰা,

    যি দিয়ে আনন্দ।

    (কোৰাচ)

    এই আনন্দ সৃষ্টিত দেখোঁ,

    উদ্ধাৰৰ বাৰ্তা পালোঁ,

    পৰমদেশ আহিছে।

    আমি তোমাৰ প্ৰেমত থাকোঁ,

    এয়া অমূল্য সম্পদ আমাৰ,

    তোমাৰ দ্বাৰা পালোঁ

    চিৰকালৰ আনন্দ।

  2. ২. যিহোৱা তুমি যি দিলা

    পালোঁ আনন্দ,

    তোমাৰ দয়াত আৰু প্ৰেমত

    আকৰ্ষিত হʼলোঁ।

    দিলা তুমি এনে আশীষ

    অনন্ত হʼল মানৱ জীৱন,

    আমি আনন্দিত।

    (কোৰাচ)

    এই আনন্দ সৃষ্টিত দেখোঁ,

    উদ্ধাৰৰ বাৰ্তা পালোঁ,

    পৰমদেশ আহিছে।

    আমি তোমাৰ প্ৰেমত থাকোঁ,

    এয়া অমূল্য সম্পদ আমাৰ,

    তোমাৰ দ্বাৰা পালোঁ

    চিৰকালৰ আনন্দ।

    (ব্ৰীজ)

    তোমাৰ পুত্ৰৰ বিনে

    সম্ভৱ নহʼলহেঁতেন;

    তেওঁৰ মুক্তিপণে দিলে

    আমাক সদায় কালৰ আশা!

    (কোৰাচ)

    এই আনন্দ সৃষ্টিত দেখোঁ,

    উদ্ধাৰৰ বাৰ্তা পালোঁ,

    পৰমদেশ আহিছে।

    আমি তোমাৰ প্ৰেমত থাকোঁ,

    এয়া অমূল্য সম্পদ আমাৰ,

    তোমাৰ দ্বাৰা পালোঁ

    চিৰকালৰ আনন্দ।

    (কোৰাচ)

    এই আনন্দ সৃষ্টিত দেখোঁ,

    উদ্ধাৰৰ বাৰ্তা পালোঁ,

    পৰমদেশ আহিছে।

    আমি তোমাৰ প্ৰেমত থাকোঁ,

    এয়া অমূল্য সম্পদ আমাৰ,

    তোমাৰ দ্বাৰা পালোঁ

    চিৰকালৰ আনন্দ।

(গীত. ৩৭:৪; ১ কৰি. ১৫:২৮ পদবোৰো চাওক।)