তীমথিয়লৈ দ্বিতীয় চিঠি ২:১-২৬

  • যোগ্য পুৰুষসকলক শিকোৱা (১-৭)

  • শুভবাৰ্তাৰ কাৰণে দুখ ভোগা (৮-১৩)

  • ঈশ্বৰৰ বাক্যক ভালদৰে ব্যৱহাৰ কৰা (১৪-১৯)

  • ডেকাকালত উঠা ইচ্ছাবোৰৰ পৰা দূৰলৈ পলোৱা (২০-২২)

  • বিৰোধীসকলৰৰ লগত কেনেকৈ ব্যৱহাৰ কৰা হয় (২৩-২৬)

২  সেইবাবে মোৰ লʼৰা, খ্ৰীষ্ট যীচুৱে দেখুৱা মহা-কৃপাৰ যোগেদি নিজকে শক্তিশালী কৰি গৈ থাকা। ২  আৰু যিবোৰ কথা তুমি মোৰ পৰা শুনিলা আৰু যাৰ বিষয়ে বহুতো লোকে সাক্ষ্য দিছে, সেইবোৰ কথা বিশ্বাসযোগ্য পুৰুষসকলক শিকোৱা যাতে তেওঁলোকে আনক শিকাবলৈ যোগ্য হʼব পাৰে। ৩  খ্ৰীষ্ট যীচুৰ এজন ভাল সৈনিক হিচাপে সমস্যাৰ সন্মুখীন হʼবলৈ সাজু থাকা। ৪  কোনো সৈনিকে নিজকে জগতৰ ব্যৱসায়ত* যেন নলগায়* যাতে যিজনে তেওঁক সেনাত ভৰ্তি কৰিলে, তেওঁক আনন্দিত কৰিব পাৰে। ৫  আৰু যি কোনোৱে খেল প্ৰতিযোগিতাত ভাগ লয়, যদি তেওঁ নিয়মৰ অনুসৰি নেখেলে, তেনেহʼলে তেওঁ পুৰস্কাৰ* নাপায়। ৬  এজন পৰিশ্ৰমী খেতিয়কেহে সকলোতকৈ প্ৰথমে নিজৰ শস্যৰ ভাগ পোৱা উচিত। ৭  মই যি কৈ আছোঁ, তাক সদায় ধ্যান দি থাকা। প্ৰভুৱে তোমাক সকলো বিষয়ত বুজি পোৱাৰ ক্ষমতা* দিব। ৮  মনত ৰাখা যে যীচু খ্ৰীষ্টক মৃতবিলাকৰ মাজৰ পৰা জীয়াই তোলা হৈছিল আৰু তেওঁ দায়ূদৰ বংশৰ* পৰা আছিল। মই এই বিষয়েই শুভবাৰ্তা শুনাওঁ। ৯  এই শুভবাৰ্তাৰ কাৰণেই মই দুখ ভুগি আছোঁ আৰু এজন অপৰাধীৰ দৰে বন্দী হৈ আছোঁ। তথাপিও ঈশ্বৰৰ বাক্য বন্দী হৈ থকা নাই। ১০  ইয়াৰ কাৰণেই মই বাছনি কৰা লোকসকলৰ বাবে সকলো সহি আছোঁ যাতে তেওঁলোকেও খ্ৰীষ্ট যীচুৰ যোগেদি উদ্ধাৰ আৰু সেই মহিমা পাব পাৰে, যি সদায় থাকিব। ১১  এই কথা ভৰসাযোগ্য: যদি আমি তেওঁৰ লগত মৃত্যু হৈছোঁ, তেনেহʼলে নিশ্চয় তেওঁৰ লগত জীয়াইও উঠিম। ১২  যদি আমি ধৈৰ্য্য ধৰি থাকোঁ, তেনেহʼলে তেওঁৰ লগত ৰজা হৈ শাসন কৰিম। যদি আমি তেওঁক অস্বীকাৰ কৰিম, তেনেহʼলে তেৱোঁ আমাক অস্বীকাৰ কৰিব। ১৩  যদিও আমি বিশ্বাসঘাতক হৈ যাওঁ, তথাপি তেওঁ বিশ্বাসযোগ্য হৈ থাকিব, কিয়নো তেওঁ নিজকে অস্বীকাৰ কৰিব নোৱাৰে। ১৪  তেওঁলোকক ঈশ্বৰৰ আগত এই কথা মনত পেলাই থাকা আৰু নিৰ্দেশনা দিয়া* যে তেওঁলোকে যেন শব্দবোৰক লৈ কাজিয়া নকৰে, কিয়নো ইয়াৰ পৰা একো লাভ নহয়, ইয়াৰ পৰিৱৰ্তে শুনোঁতাসকলক ক্ষতি* কৰে। ১৫  তুমি নিজৰ ফালৰ পৰা যিমান কৰিব পাৰা, সেয়া কৰা যাতে তুমি নিজকে ঈশ্বৰৰ আগত এনে সেৱকৰ দৰে তুলি ধৰিব পাৰিবা, যাক ঈশ্বৰে গ্ৰহণ কৰে আৰু যিজনে নিজৰ কামৰ বাবে লাজ অনুভৱ কৰিবলগীয়া নহয় আৰু যিজনে সত্যৰ বাক্যক ভালদৰে ব্যৱহাৰ কৰিবলৈ জানে। ১৬  অনৰ্থক কথাবোৰ গ্ৰহণ নকৰিবা, যিবোৰ পবিত্ৰ বিষয়বোৰৰ বিৰুদ্ধে হয়, কিয়নো এনে শিক্ষাই আৰু বেছি ভক্তিহীন কামৰ ফালে লৈ যায় ১৭  আৰু তেওঁলোকৰ শিক্ষা গেলি যোৱা ঘাঁৰ দৰে বিয়পি যাব। হুমিনায় আৰু ফিলীতো তেওঁলোকৰ মাজৰ হয়। ১৮  এই মানুহবিলাকে সত্যৰ পথৰ পৰা আঁতৰি গৈছে, কিয়নো এওঁলোকে কয় যে মৃতবিলাকক জীয়াই তোলা* হʼল আৰু এওঁলোকে কিছুমান লোকৰ বিশ্বাস নষ্ট কৰি আছে। ১৯  তথাপি ঈশ্বৰে যি ভিত্তি স্থাপন কৰিছে, সেয়া দৃঢ় হৈ থাকে আৰু তাৰ ওপৰত এই কথা মোহৰ মৰা আছে: “যিহোৱাই* জানে যে কোন লোকসকল তেওঁৰ নিজৰ হয়” আৰু “যিহোৱাৰ* নাম লোৱা প্ৰতিজনে দুষ্টতাক এৰি দিয়ক।” ২০  এখন ডাঙৰ ঘৰত কেৱল সোণ-ৰূপৰ বাচনেই নাথাকে, ইয়াৰ পৰিৱৰ্তে কাঠৰ আৰু মাটিৰ বাচনো থাকে। কিছুমান আদৰৰ কামৰ কাৰণে আৰু কিছুমান সাধাৰণ ব্যৱহাৰৰ কাৰণে। ২১  যদি কোনোবাই সাধাৰণ কামত ব্যৱহাৰ হোৱা বাচনৰ পৰা নিজকে দূৰত ৰাখে, তেনেহʼলে তেওঁ এনে বাচন হʼব, যি আদৰৰ ব্যৱহাৰৰ কাৰণে পবিত্ৰ বুলি গণ্য কৰা হয়, নিজৰ মালিকৰ কামত আহে আৰু সকলো ভাল কামৰ কাৰণে তৈয়াৰ কৰা হয়। ২২  সেইবাবে, ডেকাকালত উঠা ইচ্ছাবোৰৰ পৰা দূৰলৈ পলোৱা আৰু যিসকলে শুদ্ধ মনেৰে প্ৰভুৰ নাম লয়, তেওঁলোকৰ লগত সঠিক কাম কৰি থাকা আৰু বিশ্বাস, প্ৰেম আৰু শান্তিৰ পথত চলি থাকা। ২৩  মূৰ্খতাৰে ভৰা আৰু ব্যৰ্থ তৰ্ক-বিতৰ্কত নপৰিবা, কিয়নো তুমি জানা যে ইয়াৰ পৰা কাজিয়াহে হয়। ২৪  প্ৰভুৰ দাসক যুঁজ কৰাৰ প্ৰয়োজন নাই, ইয়াৰ পৰিৱৰ্তে তেওঁ সকলোৰে লগত কোমলতাৰে* ব্যৱহাৰ কৰক, শিকোৱাত নিপুণ হওক আৰু যেতিয়া তেওঁৰ লগত বেয়া ব্যৱহাৰ কৰা হয়, তেতিয়াও নিজকে নিয়ন্ত্ৰণত ৰাখক ২৫  আৰু যিসকলে সঠিক দৃষ্টিভংগী নাৰাখে, তেওঁলোকক কোমলতাৰে বুজাওক। হয়তো ঈশ্বৰে তেওঁলোকক অনুতাপ কৰিবলৈ* সুযোগ দিব, যাৰ পৰা তেওঁলোকে সত্যৰ সঠিক জ্ঞান পায় ২৬  আৰু তেওঁলোকৰ অনুভৱ হয় যে চয়তানে* নিজৰ ইচ্ছা পূৰ কৰিবলৈ তেওঁলোকক জীয়াই জীয়াই ফান্দত পেলাইছে, তাৰ পাছত হয়তো তেওঁলোকে চেতনা পাই তাৰ ফান্দৰ পৰা ওলাই আহিব পাৰে।

Footnotes

বা হয়তো, “দৈনন্দিন কামবোৰত।”
আক্ষ., “আবদ্ধ নকৰে।”
আক্ষ., “কিৰীটি।”
বা “বিবেচনা কৰাৰ ক্ষমতা।”
আক্ষ., “দায়ূদৰ বীজৰ।”
আক্ষ., “ভালদৰে সাক্ষ্য দিয়া।”
বা “ধ্বংস; সৰ্বনাশ।”
বা “পুনৰুত্থান।” শব্দকোষ চাওক।
অতি. ক৫ চাওক।
অতি. ক৫ চাওক।
বা “বুদ্ধিমতাৰে।”
বা “নিজৰ চিন্তাধাৰা সলনি কৰিবলৈ।”
আক্ষ., “দিয়াবল।” শব্দকোষ চাওক।