যোহনৰ প্ৰথম চিঠি ১:১-১০
১ আমি জীৱনৰ সেই বাক্যৰ বিষয়ে তোমালোকলৈ লিখিছোঁ, যি আৰম্ভণিৰে পৰা আছিল, যাক আমি শুনিলোঁ, যাক আমি নিজ চকুৰে দেখিলোঁ, যাক আমি লক্ষ্য কৰিলোঁ আৰু যাক আমি নিজ হাতেৰে চুলোঁ।
২ (হয়, আমাক অনন্ত জীৱন প্ৰকাশ কৰা হʼল আৰু আমি তাক দেখিলোঁ আৰু আমি সেই বিষয়ে সাক্ষ্য দি আছোঁ আৰু তোমালোকক সেই বিষয়ে কৈ আছোঁ। এই অনন্ত জীৱন পিতৃৰ ফালৰ পৰা হয় আৰু এয়া আমাক প্ৰকাশ কৰা হৈছিল।)
৩ আৰু যাক আমি দেখিলোঁ আৰু শুনিলোঁ, সেই বিষয়ে আমি তোমালোকক কৈ আছোঁ যাতে তোমালোকেও আমাৰ সৈতে সহভাগী হʼব পাৰা। আৰু আমাৰ এই সহভাগীতা পিতৃ আৰু তেওঁৰ পুত্ৰ যীচু খ্ৰীষ্টৰ সৈতে আছে।
৪ আৰু আমি তোমালোকক এইবোৰ কথা লিখি আছোঁ যাতে আমাৰ আনন্দ পূৰ হয়।
৫ আমি তেওঁৰ পৰা শুনা বাৰ্তা আৰু তোমালোকক শুনোৱা বাৰ্তা এয়েই হয়: ঈশ্বৰ পোহৰ হয় আৰু তেওঁত অলপো অন্ধকাৰ নাই।
৬ যদি আমি কওঁ, “আমি তেওঁৰেই সৈতে সহভাগীতাত আছোঁ” আৰু তথাপি আমি অন্ধকাৰত চলি থাকোঁ, তেনেহʼলে আমি মিছা কথা কৈ আছোঁ আৰু সত্যতাৰ অনুসৰি কাম কৰা নাই।
৭ কিন্তু আমি যদি পোহৰত চলি থাকোঁ, যিদৰে তেওঁ নিজেও পোহৰত আছে, তেনেহʼলে আমি নিশ্চয় এজনে-আনজনৰ সৈতে সহভাগী হওঁ আৰু তেওঁৰ পুত্ৰ যীচুৰ তেজে আমাৰ সকলো পাপ ধুই আমাক শুদ্ধ কৰে।
৮ যদি আমি কওঁ, “আমাৰ ভিতৰত পাপ নাই,” তেনেহʼলে আমি নিজকে ভুলাই আছোঁ আৰু সত্যতা আমাৰ ভিতৰত নাই।
৯ ঈশ্বৰ বিশ্বাসযোগ্য আৰু সত্য হয়। সেইবাবে, আমি যদি নিজৰ পাপ স্বীকাৰ কৰোঁ, তেনেহʼলে তেওঁ আমাৰ পাপ ক্ষমা কৰিব আৰু আমাক সকলো দুষ্ট কামৰ পৰা শুদ্ধ কৰিব।
১০ যদি আমি কওঁ, “আমি পাপ কৰা নাই,” তেনেহʼলে আমি তেওঁক মিছলীয়া বুলি কৈছোঁ আৰু তেওঁৰ বাক্য আমাৰ ভিতৰত নাই।