কৰিন্থীয়াসকললৈ প্ৰথম চিঠি ৭:১-৪০

৭  এতিয়া মই সেই প্ৰশ্নবোৰৰ উত্তৰ দি আছোঁ, যি তোমালোকে লিখি মোক সুধিছিলা। এজন পুৰুষৰ বাবে এয়াই ভাল হʼব যে তেওঁ যেন তিৰোতাক নুচুৱে।* ২  কিন্তু চাৰিওফালে যিহেতু অনৈতিক শাৰীৰিক সম্পৰ্ক* ৰখাটো সাধাৰণ বিষয় হৈ পৰিছে। সেই কাৰণে প্ৰতিজন পুৰুষৰ নিজৰ পত্নী হওক আৰু প্ৰতিগৰাকী তিৰোতাৰ নিজৰ স্বামী হওক। ৩  স্বামীয়ে নিজৰ পত্নীক তেওঁৰ পাবলগীয়া দিয়ক আৰু ঠিক সেইদৰে পত্নীয়েও নিজৰ স্বামীক তেওঁৰ পাবলগীয়া দিয়ক। ৪  নিজৰ শৰীৰৰ ওপৰত পত্নীৰ কোনো অধিকাৰ নাই, ইয়াৰ পৰিৱৰ্তে তেওঁৰ স্বামীৰ আছে। ঠিক সেইদৰে নিজৰ শৰীৰৰ ওপৰত স্বামীৰ কোনো অধিকাৰ নাই, ইয়াৰ পৰিৱৰ্তে তেওঁৰ পত্নীৰ আছে। ৫  তোমালোকে এজনে-আনজনক এই পাবলগীয়াৰ পৰা বঞ্চিত নকৰিবা, কিন্তু প্ৰাৰ্থনাত সময় অতিবাহিত কৰিবলৈ যদিও এইদৰে কৰা, তেনেহʼলে কেৱল দুয়োৰে সন্মতিতহে কিছু সময়ৰ কাৰণে কৰা। ইয়াৰ পাছত আকৌ একলগ হোৱা যাতে চয়তানে তোমালোকৰ আত্মনিয়ন্ত্ৰণৰ অভাৱৰ কাৰণে যেন তোমালোকক প্ৰলোভিত নকৰে। ৬  মই তোমালোকক যি কʼলোঁ, সেয়া তোমালোকে কৰিব পাৰা, কিন্তু এয়া কোনো আজ্ঞা নহয়। ৭  সকলোৱে মোৰ দৰেই হোৱাটো মই বিচাৰোঁ। কিন্তু প্ৰতিজনে ঈশ্বৰৰ ফালৰ পৰা বেলেগ বেলেগ উপহাৰ পাইছে, কোনোবাই এনেধৰণৰ আন কোনোবাই বেলেগ ধৰণৰ। ৮  এতিয়া মই অবিবাহিত আৰু বিধৱাসকলক কৈছোঁ যে তেওঁলোকে মোৰ দৰে থাকিলেই তেওঁলোকৰ কাৰণে ভাল। ৯  কিন্তু তেওঁলোকৰ যদি আত্মনিয়ন্ত্ৰণ নাই, তেনেহʼলে তেওঁলোকে বিয়া কৰি লওক, কিয়নো কামভাৱৰ জুইত প্ৰজ্বলিত হোৱাতকৈ তেওঁলোকে বিয়া কৰি লোৱাই ভাল। ১০  বিবাহিত লোকসকলক মই এই নিৰ্দেশনা দিছোঁ, আচলতে মই নহয়, কিন্তু প্ৰভুৱে দিছে যে এগৰাকী পত্নীয়ে নিজৰ স্বামীৰ পৰা বেলেগ হোৱা উচিত নহয়। ১১  কিন্তু তেওঁ যদি বেলেগ হৈও যায়, তেনেহʼলে আন কাৰোবাৰ লগত বিয়া নহওক বা নিজৰ স্বামীৰ লগত মিল হওক আৰু এজন স্বামীয়ে নিজৰ পত্নীক এৰি দিয়া উচিত নহয়। ১২  এতিয়া আনক প্ৰভুৱে নহয়, কিন্তু মই এয়া কৈছোঁ: যদি এজন ভাইৰ পত্নী অবিশ্বাসী হয়, তথাপিও তেওঁ নিজৰ স্বামীৰ লগত থাকিবলৈ সন্মত হয়, তেনেহʼলে সেই ভাইজনে নিজৰ পত্নীক এৰি নিদিয়ক। ১৩  যদি এগৰাকী তিৰোতাৰ স্বামী অবিশ্বাসী হয়, তথাপিও তেওঁ নিজৰ পত্নীৰ লগত থাকিবলৈ সন্মত হয়, তেনেহʼলে সেই তিৰোতাই নিজৰ স্বামীক এৰি নিদিয়ক। ১৪  কাৰণ অবিশ্বাসী স্বামী নিজৰ পত্নীৰ লগত বিয়াৰ বন্ধনৰ কাৰণে পবিত্ৰ হৈছে আৰু অবিশ্বাসী পত্নী নিজৰ স্বামী অৰ্থাৎ সেই খ্ৰীষ্টান ভাইৰ লগত বিয়াৰ বন্ধনৰ কাৰণে পবিত্ৰ হৈছে। এইদৰে নোহোৱা হʼলে তোমালোকৰ লʼৰা-ছোৱালী অশুচি হʼলহেঁতেন, কিন্তু এতিয়া সিহঁত পবিত্ৰ হয়। ১৫  কিন্তু অবিশ্বাসী সংগীয়ে যদি বেলেগ হʼবলৈ বিচাৰে, তেনেহʼলে তেওঁক বেলেগ হʼবলৈ দিয়া। এনে পৰিস্থিতিত এজন ভাই বা ভনীয়ে নিজৰ সংগীৰ লগত থকাটো কোনো বাধ্যতা নাই। ঈশ্বৰে তোমালোকক শান্তিৰে জীয়াই থাকিবলৈ মাতিছে। ১৬  কাৰণ হে পত্নী, যদি তুমি নিজৰ স্বামীৰ লগত থাকা, তেনেহʼলে কোনে জানে তুমি নিজৰ স্বামীক বচাব পাৰা? অথবা হে স্বামী, যদি তুমি নিজৰ পত্নীৰ লগত থাকা, তেনেহʼলে কোনে জানে তুমি নিজৰ পত্নীক বচাব পাৰা? ১৭  যিহোৱাই* প্ৰতিজনক যি দিছে আৰু ঈশ্বৰে প্ৰতিজনক যি অৱস্থাত মাতিছে, তেওঁ তেনেকৈ চলক। মই সকলো মণ্ডলীক এই নিৰ্দেশনাই দিওঁ। ১৮  কোনো মানুহক চুন্নৎ হোৱা অৱস্থাত মতা হৈছিল নে? তেনেহʼলে তেওঁ সেই অৱস্থাতে থাকক। কোনো মানুহক চুন্নৎ নোহোৱা অৱস্থাত মতা হৈছিল নে? তেনেহʼলে তেওঁ চুন্নৎ নকৰক। ১৯  চুন্নৎ হোৱা অৱস্থা আৰু চুন্নৎ নোহোৱা অৱস্থাত থকাটো কোনো অৰ্থ নাৰাখে। কিন্তু ঈশ্বৰৰ আজ্ঞাবোৰ পালন কৰাটোহে গুৰুত্বপূৰ্ণ। ২০  প্ৰতিজনক যি অৱস্থাত মতা হৈছে, তেওঁ তেনেকৈয়ে থাকক। ২১  যেতিয়া তুমি এজন দাস আছিলা, তেতিয়া তোমাক মতা হৈছিল নে? তেনেহʼলে এই কথাই তোমাক আমনি নকৰক। কিন্তু তুমি যদি স্বাধীন হʼব পাৰা, তেনেহʼলে এনে সুযোগ এৰি নিদিবা। ২২  কাৰণ যিজনক দাস হিচাপে প্ৰভুত মতা হৈছিল, তেওঁ প্ৰভুত স্বাধীন হয় আৰু তেওঁৰেই হয়। ঠিক সেইদৰে যিজনক স্বাধীন মানুহ হিচাপে মতা হৈছিল, তেওঁ খ্ৰীষ্টৰ দাস হয়। ২৩  তোমাক মূল্য দি কিনি লোৱা হৈছে, মানুহৰ দাস হʼবলৈ বন্ধ কৰা। ২৪  ভাইসকল, প্ৰতিজনক যি অৱস্থাত মতা হৈছে, তেওঁ ঈশ্বৰৰ আগত তেনেকৈয়ে থাকক। ২৫  অবিবাহিত লোকসকলৰ বিষয়ে মই প্ৰভুৰ পৰা কোনো আজ্ঞা পোৱা নাই। তথাপি প্ৰভুৰ পৰা দয়া পাই বিশ্বাসযোগ্য হোৱা ব্যক্তি হিচাপে মই নিজৰ মতামত দিছোঁ। ২৬  সেইবাবে, মই ভাবোঁ যে আজি-কালিৰ কঠিন পৰিস্থিতি চাই এজন মানুহ যেনেকৈ আছে, তেনেকৈ থকাটোৱেই সকলোতকৈ ভাল। ২৭  তুমি পত্নীৰ সৈতে বন্ধা হৈছা নে? তেনেহʼলে তেওঁৰ পৰা মুক্ত হʼবলৈ চেষ্টা কৰিবলৈ বন্ধ কৰা। তুমি পত্নীৰ পৰা মুক্ত আছা নে? তেনেহʼলে এজনী পত্নী বিচাৰিবলৈ বন্ধ কৰা। ২৮  কিন্তু তুমি যদি বিয়া কৰিও লোৱা, তেনেহʼলে কোনো পাপ নকৰা। আৰু যদি কোনো এজন অবিবাহিতে বিয়া কৰে, তেনেহʼলে তেওঁ কোনো পাপ নকৰে। তথাপি যিসকলে বিয়া কৰে, তেওঁলোকে শাৰীৰিক দুখ-কষ্ট ভুগিব লাগিব। কিন্তু মই তোমালোকক এইবোৰৰ পৰা বচাব বিচাৰোঁ। ২৯  ইয়াৰ উপৰিও, ভাইসকল মই এয়া কৈছোঁ, যি সময় আছে, তাৰ সংখ্যা কম কৰা হৈছে। সেইবাবে, যিসকলৰ পত্নী আছে, তেওঁলোকে এতিয়াৰে পৰা এনেদৰে থাকক যেন তেওঁলোকৰ পত্নী নাই। ৩০  আৰু যিসকলে কান্দে তেওঁলোকে এনেদৰে থাকক যেন তেওঁলোকে নাকান্দে, যিসকলে আনন্দ কৰে তেওঁলোকে এনেদৰে থাকক যেন তেওঁলোকে আনন্দ নকৰে আৰু যিসকলে কিনে তেওঁলোকে এনেদৰে থাকক যেন তেওঁলোকে কিনাই নাই। ৩১  এই জগতক ব্যৱহাৰ কৰাবিলাক এনে হওক যেন তেওঁলোকে ইয়াক সম্পূৰ্ণৰূপে ব্যৱহাৰ নকৰে, কিয়নো এই জগতৰ দৃশ্য সলনি হৈ আছে। ৩২  সঁচাকৈ, তোমালোকে চিন্তাবোৰৰ পৰা মুক্ত হোৱাটো মই বিচাৰোঁ। অবিবাহিত পুৰুষে প্ৰভুৰ সেৱাৰ লগত জড়িত বিষয়বোৰ চিন্তা কৰে যে তেওঁ কেনেকৈ প্ৰভুক আনন্দিত কৰিব। ৩৩  কিন্তু বিবাহিত পুৰুষে সংসাৰৰ কথাবোৰৰ বিষয়ে চিন্তা কৰে যে তেওঁ নিজৰ পত্নীক কেনেকৈ আনন্দিত কৰিব ৩৪  আৰু তেওঁৰ মন দুভাগ হৈ আছে। ইয়াৰ উপৰিও, অবিবাহিতা বা কুমাৰী তিৰোতাই প্ৰভুৰ সেৱাৰ লগত জড়িত বিষয়বোৰ চিন্তা কৰে যাতে তেওঁ নিজৰ শৰীৰ আৰু মনেৰে পবিত্ৰ হৈ থাকে। কিন্তু বিবাহিতা তিৰোতাই সংসাৰৰ কথাবোৰৰ বিষয়ে চিন্তা কৰে যে তেওঁ কেনেকৈ নিজৰ স্বামীক আনন্দিত কৰিব। ৩৫  মই তোমালোকক বাধা দিবলৈ নহয়,* কিন্তু তোমালোকৰ লাভৰ কাৰণে কৈ আছোঁ। আচলতে, মই তোমালোকক সঠিক কাম কৰিবলৈ উৎসাহিত কৰি আছোঁ যাতে তোমালোকে প্ৰভুৰ সেৱাত সম্পূৰ্ণ ধ্যান দিব পাৰা। ৩৬  কিন্তু কোনো অবিবাহিত ব্যক্তিক যদি লাগে যে তেওঁ যৌন ইচ্ছা নিয়ন্ত্ৰণ কৰিব পৰা নাই আৰু তেওঁ যৌৱনৰ কোমল বয়স পাৰ কৰিলে, তেনেহʼলে তেওঁ বিয়া কৰা উচিত। এনে কৰি তেওঁ পাপ নকৰে। এনে লোকসকলে বিয়া কৰি লওক। ৩৭  কিন্তু কোনোবাই যদি অবিবাহিত হৈ থাকিবলৈ নিজৰ মনত থিৰাং কৰি লৈছে আৰু তেওঁ নিজৰ নিৰ্ণয়ত স্থিৰ হৈ থাকে, কিয়নো তেওঁ বিয়া কৰাৰ প্ৰয়োজনীয়তা অনুভৱ নকৰে আৰু নিজৰ ইচ্ছাক নিয়ন্ত্ৰণ কৰে, তেনেহʼলে তেওঁ ভাল কৰে। ৩৮  সেইবাবে, যিজনে বিয়া কৰে, তেওঁ ভাল কৰে। কিন্তু যিজনে বিয়া নকৰে, তেওঁ বেছি ভাল কৰে। ৩৯  এগৰাকী পত্নীয়ে নিজৰ স্বামী জীয়াই থকা অৱস্থাতে তেওঁৰ লগত বন্ধা হৈ থাকে। কিন্তু যদি তেওঁৰ স্বামীৰ মৃত্যু হৈ যায়, তেনেহʼলে তেওঁ যিজনক বিচাৰে, তেওঁৰ লগত বিয়া হʼব পাৰে, কিন্তু কেৱল প্ৰভুত। ৪০  মোৰ মতে তেওঁ যেনেকুৱা আছে, তেনেকুৱাই থাকিলে বেছি আনন্দত থাকিব। মোৰ বিশ্বাস আছে যে এইবোৰ কʼবলৈ মোক ঈশ্বৰৰ পবিত্ৰ শক্তিয়ে অনুপ্ৰাণিত কৰিছে।

Footnotes

অৰ্থাৎ শাৰীৰিক সম্পৰ্ক ৰাখিবলৈ।
গ্ৰীক ভাষাত পৰনিয়াৰ বহুবচন। শব্দকোষ চাওক।
অতি. ক৫ চাওক।
আক্ষ., “ডিঙিত ফান্দ পেলাবলৈ নহয়।”