লূকে লিখা শুভবাৰ্তা ২০:১-৪৭

  • যীচুৰ অধিকাৰৰ ওপৰত প্ৰশ্ন কৰে (১-৮)

  • হত্যা কৰা খেতিয়কৰ উদাহৰণ (৯-১৯)

  • ঈশ্বৰ আৰু সম্ৰাট (২০-২৬)

  • মৃতবিলাকক আকৌ জীয়াই তোলাৰ বিষয়ে প্ৰশ্ন (২৭-৪০)

  • খ্ৰীষ্ট দায়ূদৰ বংশৰ হয় নে? (৪১-৪৪)

  • নিয়ম শিকোৱা লোকসকলৰ বিৰুদ্ধে সাৱধানবাণী (৪৫-৪৭)

২০  এদিন যেতিয়া তেওঁ লোকসকলক মন্দিৰত শিকাই আছিল আৰু শুভবাৰ্তা জনাই আছিল, তেতিয়া প্ৰধান পুৰোহিত আৰু নিয়ম শিকোৱা লোকসকলে* যিহূদী নেতাসকলৰ লগত তেওঁৰ ওচৰলৈ আহিলে। ২  তেওঁলোকে যীচুক সুধিবলৈ ধৰিলে, “কোৱা, তুমি এইবোৰ কি অধিকাৰেৰে কৰিছা? আৰু এই অধিকাৰ তোমাক কোনে দিলে?” ৩  তেওঁ কʼলে, “ময়ো তোমালোকক এটা প্ৰশ্ন সোধোঁ। তোমালোকে মোক তাৰ উত্তৰ দিয়া। ৪  যোহন বাপ্তিষ্মা দিওঁতাক কোনে পঠাইছিল, স্বৰ্গত থকা ঈশ্বৰে, নে মানুহে?” ৫  তেতিয়া তেওঁলোকে এজনে-আনজনক কʼবলৈ ধৰিলে, “যদি আমি কওঁ, ‘ঈশ্বৰে পঠাইছে,’ তেনেহʼলে তেওঁ আমাক কʼব, ‘তেনেহʼলে তোমালোকে তেওঁক কিয় বিশ্বাস নকৰিলা?’ ৬  কিন্তু আমি যদি কওঁ, ‘মানুহে পঠাইছে,’ তেনেহʼলে সকলোৱে আমাক শিল দলিয়াই মাৰি পেলাব। কাৰণ তেওঁলোকৰ সম্পূৰ্ণ বিশ্বাস আছে যে যোহন এজন ভৱিষ্যবক্তা আছিল।” ৭  সেইবাবে, তেওঁলোকে কʼলে যে আমি নাজানোঁ তেওঁক কোনে পঠাইছিল। ৮  তেতিয়া যীচুৱে তেওঁলোকক কʼলে, “তেনেহʼলে ময়ো তোমালোকক নকওঁ যে মই এইবোৰ কি অধিকাৰেৰে কৰিছোঁ।” ৯  তাৰ পাছত তেওঁ লোকসকলক এই উদাহৰণ দিবলৈ ধৰিলে: “এজন মানুহে আঙুৰৰ খেতি কৰি সেইবোৰ খেতি কৰা লোকসকলক গতাই বহুদিনৰ কাৰণে বিদেশলৈ গুচি গʼল। ১০  যেতিয়া আঙুৰ চপোৱাৰ সময় আহিল, তেতিয়া তেওঁ নিজৰ ভাগ আনিবৰ কাৰণে খেতি কৰা লোকসকলৰ ওচৰলৈ নিজৰ এজন দাসক পঠিয়ালে। কিন্তু খেতি কৰা লোকসকলে সেই দাসক মাৰ-পিট কৰিলে আৰু তেওঁক খালি হাতে পঠিয়াই দিলে। ১১  তাৰ পাছত তেওঁ আৰু এজন দাসক তেওঁলোকৰ ওচৰলৈ পঠিয়ালে। তেওঁলোকে সেই দাসজনকো মাৰ-পিট কৰিলে, অপমান কৰিলে আৰু খালি হাতে পঠাই দিলে। ১২  তথাপিও তেওঁ তৃতীয়জনক পঠিয়ালে। তেওঁলোকে সেই দাসজনকো আঘাত কৰি খেদি পঠিয়ালে। ১৩  তেতিয়া খেতিৰ মালিকজনে কʼলে, ‘এতিয়া মই কি কৰিম? মই নিজৰ মৰমৰ লʼৰাক পঠাম, হয়তো তেওঁলোকে তাক সন্মান কৰিব।’ ১৪  খেতি কৰা লোকসকলে তেওঁৰ লʼৰাক দেখাৰ লগে লগে নিজৰ মাজতে কʼলে, ‘এওঁৱেই উত্তৰাধিকাৰী। আহা, ইয়াক হত্যা কৰোঁ, তেতিয়া তেওঁৰ সম্পত্তি আমাৰ হৈ যাব।’ ১৫  তেওঁলোকে তেওঁক খেতিৰ বাহিৰলৈ নি হত্যা কৰিলে। এতিয়া খেতিৰ মালিকে তেওঁলোকৰ লগত কি কৰিব? ১৬  তেওঁ আহিব আৰু সেই খেতি কৰা লোকসকলক হত্যা কৰিব আৰু আঙুৰৰ খেতি আন খেতিয়কক দি দিব।” এয়া শুনি তেওঁলোকে কʼলে, “এইদৰে কেতিয়াও নহওক!” ১৭  কিন্তু তেওঁ তেওঁলোকলৈ চাই কʼলে, “তেনেহʼলে শাস্ত্ৰত এই যি কথা লিখা আছে ইয়াৰ অৰ্থ কি: ‘ৰাজমিস্ত্ৰীসকলে যিটো শিল ব্যৱহাৰ নকৰিলে, সেয়াই চুকৰ প্ৰধান শিল* হৈ পৰিল’? ১৮  যি কোনোৱে এই শিলৰ ওপৰত পৰিব, তেওঁ ডোখৰ ডোখৰকৈ ভাঙি যাব আৰু যাৰ ওপৰত এই শিল পৰিব, তেওঁ চূৰ্ণ-বিচূৰ্ণ হৈ যাব।” ১৯  তেতিয়া নিয়ম শিকোৱা লোক আৰু প্ৰধান পুৰোহিতসকলে তেওঁক সেই সময়তেই ধৰিব বিচাৰিছিল, কিয়নো তেওঁলোকে বুজি পাইছিল যে যীচুৱে তেওঁলোকক মনত ৰাখি এই উদাহৰণ দিছে। কিন্তু তেওঁলোকে লোকসকলক ভয় কৰিছিল। ২০  তেওঁলোকে তেওঁৰ ওপৰত চকু ৰাখিছিল। যীচুৰ ওচৰত ভাল কাম কৰাৰ ভাও ধৰিবলৈ আৰু তেওঁৰ কথাতে তেওঁক ফান্দত পেলাবলৈ তেওঁলোকে কিছুমান লোকক মনে মনে পইচা দিছিল যাতে তেওঁক চৰকাৰ আৰু ৰাজ্যপালৰ* হাতত গতাই দিব পাৰে। ২১  তেওঁলোকে যীচুক কʼলে, “হে গুৰু, আমি জানোঁ যে আপুনি সঁচা কথা কয় আৰু সত্য শিকায় আৰু কাৰো লগত পক্ষপাত নকৰে। ইয়াৰ পৰিৱৰ্তে, আপুনি ঈশ্বৰৰ বিষয়ে সত্য শিকায়। ২২  আমাক কওক সম্ৰাটক* কৰ দিয়াটো উচিত হয় নে নহয়?” ২৩  কিন্তু যীচুৱে তেওঁলোকৰ চতুৰালি বুজি পালে আৰু তেওঁলোকক কʼলে, ২৪  “মোক এটা দীনাৰ* দেখুৱা, ইয়াত কাৰ ছবি আৰু নাম আছে?” তেওঁলোকে কʼলে, “সম্ৰাটৰ।” ২৫  তেওঁ কʼলে, “তেনেহʼলে যি সম্ৰাটৰ হয়, সেয়া সম্ৰাটক দিয়া আৰু যি ঈশ্বৰৰ হয়, সেয়া ঈশ্বৰক দিয়া।” ২৬  তেওঁলোকে লোকসকলৰ আগত তেওঁৰ কথাতে তেওঁক ফান্দত পেলাব নোৱাৰিলে, ইয়াৰ পৰিৱৰ্তে, তেওঁৰ কথা শুনি তেওঁলোক আচৰিত হʼল আৰু মনে মনে থাকিল। ২৭  কিন্তু মৃতবিলাকক আকৌ জীয়াই তোলা হʼব* বুলি বিশ্বাস নকৰা চদ্দূকীসকলৰ মাজৰ কিছুমান লোকে তেওঁৰ ওচৰলৈ আহিলে আৰু তেওঁক সুধিবলৈ ধৰিলে, ২৮  “গুৰু, মোচিয়ে আমাৰ কাৰণে লিখিছিল, ‘যদি কোনো ব্যক্তি সন্তান নোহোৱাকৈ মৰি যায় আৰু নিজৰ পত্নীক এৰি যায়, তেনেহʼলে ভায়েকে তেওঁৰ পত্নীক বিয়া কৰি নিজৰ মৃত ককায়েকৰ কাৰণে সন্তান জন্ম দিয়া উচিত।’ ২৯  সাতজন ভাই-ককাই আছিল। প্ৰথমজনে বিয়া কৰি সন্তান নোহোৱাকৈ মৰিল। ৩০  তাৰ পাছত দ্বিতীয়জনে সেই তিৰোতাকে বিয়া কৰিলে, কিন্তু তেৱোঁ সন্তান নোহোৱাকৈ মৰিল। ৩১  তৃতীয়জনেও তেওঁক বিয়া কৰিলে। এইদৰে সাতজন ভাই-ককায়ে এজন এজনকৈ সেই তিৰোতাক বিয়া কৰিলে, কিন্তু সন্তান নোহোৱাকৈ তেওঁলোক মৰিল। ৩২  অৱশেষত সেই তিৰোতাগৰাকীও মৰি গʼল। ৩৩  মৃতবিলাকক যেতিয়া আকৌ জীয়াই তোলা হʼব, তেতিয়া তেওঁ সেই সাতজনৰ ভিতৰত কাৰ পত্নী হʼব? কাৰণ সেই সাতজনেই তেওঁক বিয়া কৰিছিল।” ৩৪  যীচুৱে তেওঁলোকক কʼলে, “এই জগতত* মানুহবিলাকে বিয়া-বাৰু কৰে। ৩৫  কিন্তু আকৌ জীৱিত হʼবলৈ আৰু সেই জগতত জীৱন পাবলৈ যিসকল লোকক যোগ্য বুলি গণ্য কৰা হʼব, তেওঁলোকে বিয়া-বাৰু নকৰিব। ৩৬  আচলতে তেওঁলোকৰ কেতিয়াও মৃত্যু নহʼব। কিয়নো, তেওঁলোকে স্বৰ্গদূতৰ দৰে হʼব আৰু মৃতবিলাকৰ মাজৰ পৰা জীৱিত হোৱাৰ বাবে তেওঁলোকক ঈশ্বৰৰ সন্তান বুলি কোৱা হʼব। ৩৭  কিন্তু মৃতবিলাকক যে জীয়াই তোলা হʼব, তাৰ বিষয়ে মোচিয়েও জ্বলি থকা জোপোহাৰ বিৱৰণত কৈছিল। সেই বিৱৰণত তেওঁ যিহোৱাক* ‘অব্ৰাহামৰ ঈশ্বৰ, ইচহাকৰ ঈশ্বৰ আৰু যাকোবৰ ঈশ্বৰ’ বুলি কৈছে। ৩৮  তেওঁ মৃতবিলাকৰ নহয়, কিন্তু জীৱিতবিলাকৰ ঈশ্বৰ, কিয়নো তেওঁৰ দৃষ্টিত সেই সকলো জীয়াই আছে।” ৩৯  এয়া শুনি নিয়ম শিকোৱা লোকসকলৰ মাজৰ কিছুমানে কʼলে, “গুৰু, আপুনি ঠিকেই কৈছে।” ৪০  ইয়াৰ পাছত তেওঁলোকে যীচুক আৰু একো প্ৰশ্ন সুধিবলৈও সাহস নকৰিলে। ৪১  তাৰ পাছত যীচুৱে তেওঁলোকক প্ৰশ্ন সুধিলে, “লোকসকলে খ্ৰীষ্টক, দায়ূদৰ কেৱল বংশ হয় বুলি কিয় কয়? ৪২  দায়ূদে নিজে গীতমালা কিতাপত কৈছে, ‘যিহোৱাই* মোৰ প্ৰভুক কʼলে, “মই তোমাৰ শত্ৰুবিলাকক তোমাৰ ভৰি-পীৰা নকৰালৈকে, ৪৩  তুমি মোৰ সোঁহাতে বহি থাকা।”’ ৪৪  দায়ূদে যদি তেওঁক প্ৰভু বুলি কয়, তেনেহʼলে তেওঁ দায়ূদৰ বংশৰ কেনেকৈ হʼব পাৰে?” ৪৫  যেতিয়া সকলোৱে যীচুৰ কথা শুনি আছিল, তেতিয়া তেওঁ শিষ্যসকলক কʼলে, ৪৬  “নিয়ম শিকোৱা লোকসকলৰ পৰা সাৱধানে থাকা। তেওঁলোকে দীঘল দীঘল কাপোৰ পিন্ধি ঘূৰি ফুৰিবলৈ ভাল পায় আৰু বজাৰত লোকসকলে তেওঁলোকক নমস্কাৰ বুলি কোৱাটো বিচাৰে আৰু সভাঘৰত সকলোতকৈ আগত থকা* আসনত বহি আৰু ৰাতিৰ ভোজত প্ৰধান ঠাইত বহি ভাল পায়, ৪৭  কিন্তু তেওঁলোকে বিধৱাবিলাকৰ ঘৰ* কাঢ়ি লয় আৰু আনক দেখুৱাবলৈ দীঘল দীঘলকৈ প্ৰাৰ্থনা কৰে। তেওঁলোকে আনৰ তুলনাত আৰু বেছিকৈ কঠোৰ শাস্তি পাব।”

Footnotes

আক্ষ., “লেখক।” শব্দকোষ চাওক।
বা “আটাইতকৈ গুৰুত্বপূৰ্ণ শিল।”
আক্ষ., “ৰাজ্যপালৰ অধিকাৰ।”
গ্ৰীক ভাষাত “কৈচৰ।”
অতি. খ১৪ চাওক।
বা “পুনৰুত্থান।” শব্দকোষ চাওক।
বা “জগতৰ ব্যৱস্থা।” শব্দকোষ চাওক।
অতি. ক৫ চাওক।
অতি. ক৫ চাওক।
বা “সকলোতকৈ ভাল।”
বা “সম্পত্তি।”