যোহনে লিখা শুভবাৰ্তা ৬:১-৭১
৬ ইয়াৰ পাছত যীচুৱে গালীল সাগৰ অৰ্থাৎ তিবিৰিয়া সাগৰৰ সিপাৰে গুচি গʼল।
২ কিন্তু এটা ডাঙৰ ভীৰ তেওঁৰ পিছে পিছে গʼল। কিয়নো যীচুৱে চমৎকাৰ কৰি বেমাৰী লোকসকলক কেনেকৈ সুস্থ কৰিছিল, সেয়া তেওঁলোকে দেখিছিল।
৩ তাৰ পাছত যীচুৱে নিজৰ শিষ্যসকলৰ লগত এখন পাহাৰৰ ওপৰত উঠিলে আৰু তাত বহিল।
৪ যিহূদীসকলৰ নিস্তাৰ-পৰ্ব ওচৰ চাপি আহিছিল।
৫ যেতিয়া যীচুৱে দেখিলে যে এটা ডাঙৰ ভীৰ তেওঁৰ ফালে আহি আছে, তেতিয়া তেওঁ ফিলিপক কʼলে, “এওঁলোকক খুৱাবৰ কাৰণে আমি ৰুটি কʼৰ পৰা কিনিম?”
৬ কিন্তু ফিলিপক পৰীক্ষা কৰিবলৈহে যীচুৱে এই কথা কৈছিল। কিয়নো তেওঁ জানিছিল যে তেওঁ নিজে কি কৰিবলৈ গৈ আছে।
৭ ফিলিপে তেওঁক উত্তৰ দিলে, “তেওঁলোক প্ৰতিজনকে ২০০ দীনাৰৰ* ৰুটি অলপ অলপকৈ দিলেও তেওঁলোকৰ কাৰণে যথেষ্ট নহʼব।”
৮ তেতিয়া যীচুৰ এজন শিষ্য আন্দ্ৰিয়, যি চিমোন পিতৰৰ ভায়েক আছিল, তেওঁক কʼলে,
৯ “ইয়াত এজন লʼৰা আছে, যিজনৰ ওচৰত যৱৰ পাঁচখন ৰুটি আৰু দুটা সৰু মাছ আছে। কিন্তু ইমান লোকৰ কাৰণে এইখিনিৰে কেনেকৈ জুৰিব?”
১০ যীচুৱে কʼলে, “লোকসকলক বহিবলৈ দিয়া।” সেই ঠাইত বহুত ঘাঁহ আছিল, সেইবাবে লোকসকলে তাত আৰামেৰে বহিলে। তাত পুৰুষৰ সংখ্যা প্ৰায় ৫,০০০ আছিল।
১১ তেতিয়া যীচুৱে সেই ৰুটি লৈ প্ৰাৰ্থনাত ধন্যবাদ দিয়াৰ পাছত লোকসকলৰ মাজত ভগাই দিলে। তাৰ পাছত তেওঁ সেই সৰু মাছবোৰো ভগাই দিলে। যাক যিমান লাগিছিল, সিমান দিলে।
১২ যেতিয়া তেওঁলোকে পেট ভৰাই খালে, তেতিয়া তেওঁ শিষ্যসকলক কʼলে, “বাচি যোৱা টুকুৰাবোৰ গোটাই লোৱা যাতে একোৱেই নষ্ট নহয়।”
১৩ সেইবাবে, যৱৰ পাঁচখন ৰুটিৰ পৰা লোকসকলে খোৱাৰ পাছত তেওঁলোকে বাচি যোৱা টুকুৰাবোৰ তুলিলে আৰু ১২ টা টুকুৰী ভৰি গʼল।
১৪ যেতিয়া লোকসকলে তেওঁৰ চমৎকাৰ দেখিলে, তেতিয়া তেওঁলোকে কʼবলৈ ধৰিলে, “জগতলৈ যিজন ভৱিষ্যবক্তা অহাৰ কথা আছিল, এওঁ নিশ্চয় সেই ভৱিষ্যবক্তা।”
১৫ তাৰ পাছত যীচুৱে গʼম পালে যে লোকসকলে তেওঁক জোৰ কৰি তেওঁলোকৰ ৰজা পাতিবৰ কাৰণে ধৰি নিবলৈ আহিছে। সেইবাবে, তেওঁ অকলে পাহাৰলৈ গুচি গʼল।
১৬ যেতিয়া গধূলি হʼল, তেতিয়া তেওঁৰ শিষ্যসকলে সাগৰৰ পাৰলৈ গʼল।
১৭ তেওঁলোকে এখন নাৱত উঠি সাগৰৰ সিপাৰৰ কফৰনাহূমলৈ গʼল। আন্ধাৰ হৈ গৈছিল আৰু যীচুৱে এতিয়ালৈকে তেওঁলোকৰ ওচৰ পোৱাগৈ নাছিল।
১৮ আৰু ধুমুহা বতাহৰ কাৰণে সাগৰত ডাঙৰ ডাঙৰ ঢৌ উঠিবলৈ ধৰিলে।
১৯ কিন্তু শিষ্যসকলে নাও বাই প্ৰায় পাঁচ-ছয় কিলোমিটাৰমান* যোৱাৰ পাছত তেওঁলোকে যীচুক সাগৰৰ ওপৰেদি খোজকাঢ়ি নাৱৰ ওচৰলৈ আহি থকা দেখিলে আৰু তেওঁলোকে ভয়ত কঁপিবলৈ ধৰিলে।
২০ কিন্তু যীচুৱে তেওঁলোকক কʼলে, “ভয় নকৰিবা, এয়া ময়েই!”
২১ তেতিয়া তেওঁলোকে তেওঁক নাৱত উঠাবলৈ সাজু হʼল আৰু সোনকালে তেওঁলোকে যি ঠাইলৈ যাব বিচাৰিছিল, সেই ঠাইৰ পাৰত নাওখন পালেগৈ।
২২ পাছদিনাখন যি লোকসকলে সাগৰৰ সিপাৰে থাকি গৈছিল, তেওঁলোকে দেখিলে যে যি নাওখন পাৰত আছিল, সেয়া নাই। ভীৰে গʼম পালে যে সেই নাৱত উঠি শিষ্যসকলে গুচি গʼল, কিন্তু যীচুৱে তেওঁলোকৰ লগত যোৱা নাই।
২৩ তাৰ পাছত তিবিৰিয়াৰ পৰা কেইখনমান নাও সেই ঠাইলৈ আহিছিল, যʼত যীচুৱে ঈশ্বৰক ধন্যবাদ দিয়াৰ পাছত লোকসকলে ৰুটি খাইছিল।
২৪ যেতিয়া ভীৰৰ লোকসকলে দেখিলে যে তাত যীচু আৰু তেওঁৰ শিষ্যসকল নাই, তেতিয়া তেওঁলোকে সেই নাওবোৰত উঠিলে আৰু যীচুক বিচাৰি কফৰনাহূমলৈ গʼল।
২৫ সাগৰৰ পাৰত যেতিয়া তেওঁলোকে যীচুক দেখিলে, তেতিয়া সুধিলে, “গুৰু, আপুনি ইয়ালৈ কেতিয়া আহিলে?”
২৬ যীচুৱে তেওঁলোকক কʼলে, মই তোমালোকক সঁচাকৈ কৈছোঁ, “তোমালোকে চমৎকাৰ দেখাৰ কাৰণে নহয়, কিন্তু পেট ভৰাই ৰুটি খাবলৈ পোৱাৰ কাৰণেহে মোক বিচাৰি আছা।
২৭ যি আহাৰ নষ্ট হৈ যায়, তাৰ কাৰণে পৰিশ্ৰম নকৰিবা, কিন্তু যি আহাৰ নষ্ট নহয় আৰু অনন্ত জীৱন দিয়ে, তাৰ কাৰণে পৰিশ্ৰম কৰা। সেই আহাৰ মানুহৰ পুত্ৰই তোমালোকক দিব। কিয়নো পিতৃ অৰ্থাৎ ঈশ্বৰে নিজেই সেই পুত্ৰৰ ওপৰত নিজৰ অনুমোদনৰ মোহৰ মাৰিলে।”
২৮ তেতিয়া তেওঁলোকে যীচুক সুধিলে, “ঈশ্বৰৰ অনুমোদন পাবলৈ আমি কি কৰিব লাগিব?”
২৯ যীচুৱে তেওঁলোকক উত্তৰ দিলে, “ঈশ্বৰৰ অনুমোদন পাবলৈ তোমালোকে সেইজনৰ ওপৰত বিশ্বাস কৰা, যিজনক তেওঁ পঠাইছে।”
৩০ তেতিয়া তেওঁলোকে কʼলে, “আপোনাৰ ওপৰত বিশ্বাস কৰিবলৈ আপুনি আমাক কি চমৎকাৰ দেখুৱাব? আপুনি কি কাম কৰিবলৈ গৈ আছে?
৩১ আমাৰ পূৰ্বপুৰুষসকলে অৰণ্যত* মান্না খাইছিল, যেনেকৈ লিখা আছে, ‘তেওঁলোকে খাবলৈ তেওঁ স্বৰ্গৰ পৰা আহাৰ দিলে।’”
৩২ যীচুৱে তেওঁলোকক কʼলে, “মই তোমালোকক সঁচাকৈ কৈছোঁ, মোচিয়ে তোমালোকক স্বৰ্গৰ পৰা আহাৰ দিয়া নাছিল। কিন্তু মোৰ পিতৃয়ে তোমালোকক স্বৰ্গৰ পৰা প্ৰকৃত আহাৰ দিয়ে।
৩৩ কাৰণ যিজনে স্বৰ্গৰ পৰা নামি আহিছে আৰু জগতক জীৱন দিয়ে, তেৱেঁই ঈশ্বৰে দিয়া আহাৰ।”
৩৪ তেতিয়া লোকসকলে কʼলে, “প্ৰভু, আমাক এই আহাৰ সদায় দি থাকক।”
৩৫ যীচুৱে তেওঁলোকক কʼলে, “ময়েই সেই জীৱন দিওঁতা আহাৰ। যিজনে মোৰ ওচৰলৈ আহে, তেওঁৰ কেতিয়াও ভোক নালাগিব আৰু যিজনে মোৰ ওপৰত বিশ্বাস কৰে, তেওঁৰ কেতিয়াও পিয়াহ নালাগিব।
৩৬ কিন্তু যিদৰে মই তোমালোকক কৈছিলোঁ, তোমালোকে মোক দেখিও মোৰ ওপৰত বিশ্বাস নকৰা।
৩৭ পিতৃয়ে মোক যিসকলক দিছে, সেই সকলোৱেই মোৰ ওচৰলৈ আহিব আৰু যিসকলে মোৰ ওচৰলৈ আহিব, তেওঁলোকক মই কেতিয়াও দূৰ নকৰিম।
৩৮ কিয়নো মই নিজৰ ইচ্ছা পূৰ কৰিবলৈ নহয়, কিন্তু মোক পঠোৱা জনৰ ইচ্ছা পূৰ কৰিবলৈ স্বৰ্গৰ পৰা নামি আহিছোঁ।
৩৯ মোক পঠোৱা জনৰ ইচ্ছা এয়ে যে তেওঁ যিমান লোকক মোক দিলে, তেওঁলোকৰ মাজৰ এজনকো যেন মই নেহেৰুৱাওঁ, কিন্তু শেষৰ দিনা তেওঁলোকক যেন জীয়াই তোলোঁ।
৪০ মোৰ পিতৃৰ ইচ্ছা এই যে যি কোনোৱে পুত্ৰক গ্ৰহণ কৰে আৰু তেওঁৰ ওপৰত বিশ্বাস কৰে, তেওঁ অনন্ত জীৱন পাব আৰু মই তেওঁক শেষৰ দিনা আকৌ জীয়াই তুলিম।”
৪১ তেতিয়া যিহূদীসকলে ভোৰভোৰাবলৈ ধৰিলে, কাৰণ তেওঁ কৈছিল, “ময়েই সেই আহাৰ হওঁ, যি স্বৰ্গৰ পৰা নামি আহিছে।”
৪২ তেওঁলোকে কʼবলৈ ধৰিলে, “ই যোচেফৰ লʼৰা যীচু নহয় নে, যাৰ মা-দেউতাকক আমি জানোঁ? তেনেহʼলে ই কেনেকৈ কʼব পাৰে যে ‘মই স্বৰ্গৰ পৰা নামি আহিছোঁ’?”
৪৩ যীচুৱে তেওঁলোকক কʼলে, “নিজৰ মাজতে ভোৰভোৰাই নাথাকিবা।
৪৪ মোক পঠোৱা পিতৃয়ে আকৰ্ষণ নকৰালৈকে কোনো মানুহেই মোৰ ওচৰলৈ আহিব নোৱাৰে। আৰু শেষৰ দিনা মই তেওঁক আকৌ জীয়াই তুলিম।
৪৫ ভৱিষ্যবক্তাসকলে লিখিছে, ‘তেওঁলোক সকলোৱে যিহোৱাৰ* দ্বাৰা শিক্ষিত হʼব।’ যিসকলে পিতৃৰ পৰা শুনি শিক্ষা পাইছে, তেওঁলোক মোৰ ওচৰলৈ আহে।
৪৬ কোনো মানুহে ঈশ্বৰক কেতিয়াও দেখা নাই, কেৱল সেইজনেই দেখিছে, যিজনে ঈশ্বৰৰ ফালৰ পৰা আহিছে।
৪৭ মই তোমালোকক সঁচাকৈ কৈছোঁ যে যি কোনোৱে বিশ্বাস কৰে, তেওঁ অনন্ত জীৱন পাব।
৪৮ ময়েই জীৱন দিওঁতা আহাৰ হওঁ।
৪৯ তোমালোকৰ পূৰ্বপুৰুষে অৰণ্যত মান্না খাইছিল, তথাপি তেওঁলোকৰ মৃত্যু হʼল।
৫০ কিন্তু যিসকলে স্বৰ্গৰ পৰা নামি অহা আহাৰৰ পৰা খায়, তেওঁলোকৰ মৃত্যু নহʼব।
৫১ স্বৰ্গৰ পৰা নামি অহা জীৱন দিওঁতা আহাৰ ময়েই হওঁ। যদি কোনোৱে এই আহাৰৰ পৰা খায়, তেওঁ সদায় জীয়াই থাকিব। আচলতে যি আহাৰ মই দিম, সেয়া মোৰ শৰীৰ হয়, যি মই মানুহৰ কাৰণে দিম যাতে তেওঁলোকে জীৱন পায়।”
৫২ তেতিয়া যিহূদীসকলে এজনে-আনজনৰ লগত তৰ্ক কৰিবলৈ ধৰিলে, “এই মানুহজনে কেনেকৈ নিজৰ শৰীৰ আমাক খাবলৈ দিব পাৰে?”
৫৩ তেতিয়া যীচুৱে তেওঁলোকক কʼলে, “মই তোমালোকক সঁচাকৈ কৈছোঁ, মানুহৰ পুত্ৰৰ মাংস আৰু তেজ নোখোৱালৈকে তোমালোকে জীৱন নাপাবা।
৫৪ যিজনে মোৰ শৰীৰ আৰু তেজৰ পৰা খায়, তেওঁ অনন্ত জীৱন পাব আৰু মই তেওঁক শেষৰ দিনা আকৌ জীয়াই তুলিম।
৫৫ কাৰণ মোৰ শৰীৰ আৰু তেজ প্ৰকৃত আহাৰ হয়।
৫৬ যিজনে মোৰ শৰীৰ আৰু তেজৰ পৰা খায়, তেওঁ মোৰ লগত আৰু মই তেওঁৰ লগত একতাত থাকোঁ।
৫৭ যেনেকৈ জীৱিত পিতৃয়ে মোক পঠালে আৰু পিতৃৰ কাৰণে মই জীৱিত আছোঁ, তেনেকৈ যি কোনোৱে মোৰ শৰীৰৰ পৰা খায়, তেৱোঁ মোৰ কাৰণে জীয়াই থাকিব।
৫৮ এয়াই স্বৰ্গৰ পৰা নামি অহা আহাৰ। এই আহাৰ সেইদৰে নহয়, যি তোমালোকৰ পূৰ্বপুৰুষে খাইছিল, তথাপি তেওঁলোকৰ মৃত্যু হʼল। যিজনে এই আহাৰৰ পৰা খাব, তেওঁ সদায় জীয়াই থাকিব।”
৫৯ যেতিয়া তেওঁ কফৰনাহূমৰ সভাঘৰত* শিকাই আছিল, তেতিয়া তেওঁ এই কথাবোৰ কৈছিল।
৬০ যেতিয়া তেওঁৰ বহুতো শিষ্যই এই কথা শুনিলে, তেতিয়া তেওঁলোকে কʼবলৈ ধৰিলে, “এই কথা কি যে ঘিণলগীয়া, কোনে এয়া শুনিব?”
৬১ কিন্তু যীচুৱে বুজি পাইছিল যে তেওঁৰ শিষ্যসকলে এই বিষয়ে ভোৰভোৰাই আছে। সেইবাবে, যীচুৱে তেওঁলোকক কʼলে, “এই কথাৰ কাৰণে তোমালোকে বিশ্বাস হেৰুৱাইছা নেকি?*
৬২ তেনেহʼলে মানুহৰ পুত্ৰক যেতিয়া আগতে থকা ঠাইলৈ উঠি যোৱা দেখিবা, তেতিয়া তোমালোকে কি কʼবা?
৬৩ শৰীৰ কোনো কামৰ নহয়, কিয়নো ঈশ্বৰৰ পবিত্ৰ শক্তিৰ পৰাই জীৱন পোৱা যায়। মই তোমালোকক যিবোৰ কথা কৈছোঁ, সেয়া পবিত্ৰ শক্তিৰ অনুসৰি হয় আৰু ইয়ে জীৱন দিয়ে।
৬৪ কিন্তু তোমালোকৰ মাজত এনে কিছুমান আছে, যিসকলে মোৰ কথাৰ ওপৰত বিশ্বাস নকৰে।” কোনে তেওঁৰ ওপৰত বিশ্বাস নকৰে আৰু কোনে তেওঁৰ লগত বিশ্বাসঘাত কৰিব, এই বিষয়ে যীচুৱে আৰম্ভণিৰ পৰাই জানিছিল।
৬৫ যীচুৱে তেওঁলোকক কʼবলৈ ধৰিলে, “সেইবাবে, মই তোমালোকক কৈছিলোঁ যে পিতৃয়ে অনুমতি নিদিয়ালৈকে কোনেও মোৰ ওচৰলৈ আহিব নোৱাৰে।”
৬৬ ইয়াৰ কাৰণে তেওঁৰ বহুতো শিষ্যই তেওঁৰ পিছে পিছে চলিবলৈ এৰি দিলে আৰু যিবোৰ কাম তেওঁলোকে এৰি আহিছিল পুনৰ সেই কামবোৰতে লাগি গʼল।
৬৭ তেতিয়া যীচুৱে নিজৰ ১২ জন শিষ্যক কʼলে, “তোমালোকেও যাব বিচাৰা নে?”
৬৮ চিমোন পিতৰে উত্তৰ দিলে, “প্ৰভু, আমি কাৰ ওচৰলৈ যাম? অনন্ত জীৱনৰ কথাবোৰতো আপোনাৰ ওচৰতে আছে।
৬৯ আমি বিশ্বাস কৰিলোঁ আৰু জানিলোঁ যে আপুনিয়েই ঈশ্বৰৰ পবিত্ৰজনা।”
৭০ যীচুৱে তেওঁলোকক কʼলে, “মই তোমালোক ১২ জনক বাছনি কৰা নাছিলোঁ নে? কিন্তু তোমালোকৰ মাজত এজন বদনাম কৰোঁতা* আছে।”
৭১ আচলতে তেওঁ চিমোন ঈষ্কৰিয়োতীয়াৰ লʼৰা যিহূদাৰ কথা কৈ আছিল। কিয়নো তেওঁ ১২ জনৰ মাজৰ এজন হোৱাৰ সত্ত্বেও যীচুক বিশ্বাসঘাত কৰিবলগীয়া আছিল।
Footnotes
^ অতি. খ১৪ চাওক।
^ আক্ষ., “প্ৰায় ২৫ বা ৩০ ষ্টেডিয়াম।” অতি. খ১৪ চাওক।
^ ই এক কম লোকসকল থকা অঞ্চলক বুজায়।
^ অতি. ক৫ চাওক।
^ বা হয়তো, “জনসাধাৰণৰ সভা।”
^ আক্ষ., “তোমালোকে উজুটি খাইছা নেকি?”
^ বা “দিয়াবল।”