মাৰ্কে লিখা শুভবাৰ্তা ৬:১-৫৬
৬ তাৰ পাছত যীচু তাৰ পৰা ওলাই তেওঁ ডাঙৰ-দীঘল হোৱা এলেকালৈ আহে আৰু তেওঁৰ লগত তেওঁৰ শিষ্যসকলেও আহিল।
২ বিশ্ৰাম-বাৰৰ* দিনাখন তেওঁ সভাঘৰত শিকাবলৈ ধৰিলে। তেওঁৰ কথা শুনা বেছিভাগ লোকে আচৰিত হৈছিল। তেওঁলোকে কৈছিল, “এই মানুহজনে এই কথাবোৰ কʼৰ পৰা শিকিলে? ই ইমান বুদ্ধি কʼৰ পৰা পালে আৰু এনেধৰণৰ চমৎকাৰ কৰিবলৈ তেওঁক কোনে শক্তি দিলে?
৩ ই সেই বাঢ়ৈ নহয় নে? ই মৰিয়মৰ লʼৰা আৰু যাকোব, যোচেফ, যিহূদা আৰু চিমোনৰ ককায়েক নহয় নে? ইয়াৰ ভনীসকলেও আমাৰ মাজতে নাই জানোঁ!” সেইবাবে, তেওঁলোকে যীচুৰ ওপৰত বিশ্বাস নকৰিলে।
৪ কিন্তু যীচুৱে তেওঁলোকক কʼলে, “এজন ভৱিষ্যবক্তাক নিজৰ এলেকাৰ লোক, পৰিয়াল আৰু সম্বন্ধীয় লোকসকলৰ বাহিৰে সকলোৱে সন্মান কৰে।”
৫ সেইবাবে, তেওঁ অকল কেইজনমান ৰোগীৰ গাত হাত দি তেওঁলোকক সুস্থ কৰাৰ বাহিৰে তাত আন একো চমৎকাৰ নকৰিলে।
৬ আচলতে তেওঁলোকৰ কম বিশ্বাস দেখি যীচু আচৰিত হʼল। ইয়াৰ পাছত তেওঁ ওচৰে-পাজৰে থকা গাঁওবোৰলৈ গৈ শিকাবলৈ ধৰিলে।
৭ তাৰ পাছত যীচুৱে সেই ১২ জনক মাতি তেওঁলোকক দুজন দুজনকৈ পঠিয়াবলৈ ধৰিলে আৰু যীচুৱে তেওঁলোকক দুষ্ট স্বৰ্গদূতৰ ওপৰতো অধিকাৰ দিলে।
৮ যীচুৱে তেওঁলোকক নিৰ্দেশনা দিলে যে তেওঁলোকে যেন যাত্ৰা কৰোঁতে নিজৰ লাখুটিডালৰ বাহিৰে লগত আন একো নাৰাখে আৰু তেওঁলোকে যেন লগত ৰুটি, খোৱাৰ মোনা, টকাৰ মোনা* নলয়
৯ আৰু তেওঁলোকে জোতা পিন্ধক, কিন্তু দুযোৰ কাপোৰ নলওক।*
১০ যীচুৱে তেওঁলোকক এয়াও কʼলে, “তোমালোকে যেতিয়া এখন ঘৰত সোমোৱা, তেতিয়া সেই ঠাইৰ পৰা ওলাই নোযোৱালৈকে সেই ঘৰতে থাকিবা।”
১১ যদি কোনো এলেকাত লোকসকলে তোমালোকক গ্ৰহণ নকৰে বা তোমালোকৰ কথা নুশুনে, তেনেহʼলে তাৰ পৰা ওলাই আহোঁতে তোমালোকৰ ভৰিৰ ধূলি জোকাৰি পেলাবা যাতে তেওঁলোকে সাক্ষ্য পায়।
১২ তেতিয়া তেওঁলোকে ওলাই গʼল আৰু অনুতাপ কৰিবলৈ লোকসকলক প্ৰচাৰ কৰিবলৈ ধৰিলে।
১৩ তেওঁলোকে বহুতো দুষ্ট স্বৰ্গদূতক উলিয়ালে আৰু বহুতো ৰোগীৰ গাত তেল সানি তেওঁলোকক সুস্থ কৰিলে।
১৪ এই কথা ৰজা হেৰোদে শুনিবলৈ পালে, কাৰণ যীচুৰ নাম চাৰিওফালে বিয়পি পৰিছিল। লোকসকলে কৈছিল, “যোহন বাপ্তিষ্মা দিওঁতা, যিজনৰ মৃত্যু হৈছিল, তেওঁক আকৌ জীয়াই তোলা হৈছে। সেইবাবে, তেওঁ এনেধৰণৰ চমৎকাৰ কৰিছে!”
১৫ কিন্তু কিছুমান লোকে কৈছিল, “এওঁ এলিয়া হয়” আৰু আন কিছুমানে কৈছিল “এওঁ পুৰণি সময়ৰ ভৱিষ্যবক্তাৰ নিচিনা কোনো এজন ভৱিষ্যবক্তা হয়।”
১৬ কিন্তু হেৰোদে যেতিয়া এই কথা শুনিলে, তেতিয়া তেওঁ কʼলে, “মই যিজন যোহনৰ মূৰ কাটিবলৈ আদেশ দিছিলোঁ, তেওঁ আকৌ জীয়াই উঠিলে।”
১৭ হেৰোদে নিজৰ ভাই ফিলিপৰ পত্নী হেৰোদিয়াক বিয়া কৰিছিল। হেৰোদিয়াৰ কাৰণে হেৰোদে যোহনক গ্ৰেপ্তাৰ কৰিছিল আৰু শিকলিৰে বান্ধি তেওঁক জেলত বন্দী কৰিছিল।
১৮ কিয়নো যোহনে হেৰোদক প্ৰায়েই কৈছিল, “আপুনি নিজৰ ভাইৰ পত্নীক নিজৰ কৰি নিয়ম পালন কৰা নাই।”
১৯ সেইবাবে, হেৰোদিয়াই যোহনক ঘৃণা কৰিছিল। তেওঁ যোহনক হত্যা কৰিব বিচাৰিছিল, কিন্তু এইদৰে কৰিব পৰা নাছিল।
২০ কিয়নো হেৰোদে জানিছিল যে যোহন এজন ভাল ব্যক্তি আৰু ঈশ্বৰৰ উপাসক হয়। সেইবাবে, তেওঁ যোহনক ভয় কৰিছিল আৰু তেওঁক বচাবলৈ চেষ্টা কৰিছিল। তেওঁ যোহনৰ কথা শুনাৰ পাছত কি কৰিম কি নকৰিম, সেয়া বুজিয়েই পোৱা নাছিল। তথাপিও তেওঁ আনন্দেৰে যোহনৰ কথা শুনিছিল।
২১ কিন্তু এদিন হেৰোদিয়াই যোহনৰ পৰা প্ৰতিশোধ লʼবলৈ এটা ভাল সুযোগ পালে। সেই দিনাখন হেৰোদৰ জন্মদিন আছিল আৰু তেওঁ ৰাতিৰ ভোজৰ আয়োজন কৰিছিল, যʼত তেওঁ ডাঙৰ ডাঙৰ অধিকাৰী, সেনাপতি আৰু গালীলৰ প্ৰধান লোকসকলক মাতিছিল।
২২ তেতিয়া হেৰোদিয়াৰ ছোৱালীজনী তালৈ আহিল আৰু তাই নাচি হেৰোদ আৰু ভোজত উপস্থিত* থকা লোকসকলক আনন্দিত কৰিলে। ৰজাই ছোৱালীজনীক কʼলে, “তুমি যিয়েই খোজা, মই তোমাক দিম।”
২৩ ৰজাই শপত খাই কʼলে, “তুমি মোৰ পৰা যিয়েই খোজা, মই তোমাক দিম, আনকি মই নিজৰ ৰাজ্যৰ আধাখিনিও তোমাক দি দিম।”
২৪ তেতিয়া ছোৱালীজনীয়ে বাহিৰলৈ গৈ নিজৰ মাকক সুধিলে, “মই কি খুজিম?” তাইৰ মাকে কʼলে, “যোহন বাপ্তিষ্মা দিওঁতাৰ মূৰ।”
২৫ তেতিয়াই সেই ছোৱালীজনী লৰা-লৰিকৈ ৰজাৰ ওচৰলৈ গৈ কʼলে, “আপুনি এতিয়াই মোক এখন থালত যোহন বাপ্তিষ্মা দিওঁতাৰ মূৰ আনি দিয়াটো মই বিচাৰোঁ।”
২৬ এয়া শুনি ৰজাৰ বহুত দুখ লাগিল। তথাপিও তেওঁ নিজৰ শপতৰ কাৰণে আৰু তাত অহা আলহীৰ* কাৰণে তেওঁ ছোৱালীজনীয়ে কৰা অনুৰোধ পূৰ কৰিলে।
২৭ ৰজাই লগে লগে এজন দেহৰক্ষীক পঠিয়ালে আৰু তেওঁক যোহনৰ মূৰ আনিবলৈ আদেশ দিলে। সেই মানুহজনে গৈ জেলত যোহনৰ মূৰ কাটি দিলে।
২৮ আৰু সেই মূৰটো এখন থালত থৈ ছোৱালীজনীক দিলে আৰু ছোৱালীজনীয়ে সেয়া লৈ নিজৰ মাকক দি দিলে।
২৯ যেতিয়া যোহনৰ শিষ্যসকলে এই বিষয়ে গʼম পালে, তেতিয়া তেওঁলোকে আহি তেওঁৰ মৃতদেহ লৈ কবৰত* থʼলে।
৩০ পাঁচনিসকল যীচুৰ ওচৰত গোট খালে আৰু তেওঁলোকে যি যি কাম কৰিছিল আৰু যি যি শিকাইছিল, সেই সকলো কথা তেওঁক কʼলে।
৩১ তেতিয়া যীচুৱে তেওঁলোকক কʼলে, “আহা, তোমালোকে মোৰ লগত কোনো এখন নিৰ্জন ঠাইলৈ গৈ অলপ আৰাম কৰা, কাৰণ তাত বহুতো লোকে অহা-যোৱা কৰি আছিল আৰু তেওঁলোকে খাবলৈও সময় পোৱা নাছিল।”
৩২ সেইবাবে, তেওঁলোকে নাৱত উঠি এখন নিৰ্জন ঠাইলৈ গʼল।
৩৩ কিন্তু লোকসকলে তেওঁলোকক যোৱা দেখা পালে আৰু বহুতো লোকে এই বিষয়ে গʼম পালে। তেতিয়া সকলো চহৰৰ পৰা লোকসকলে দৌৰি তেওঁলোকতকৈ আগতে সেই ঠাই পালেগৈ।
৩৪ যেতিয়া যীচুৱে নাৱৰ পৰা নামিলে, তেতিয়া তেওঁ লোকসকলৰ এটা ডাঙৰ ভীৰক দেখিলে আৰু তেওঁলোকক দেখি তেওঁৰ হৃদয়খন দয়াৰে ভৰি পৰিল। কাৰণ সিহঁত ৰখীয়া নোহোৱা ভেড়াৰ দৰে আছিল আৰু তেওঁলোকক তেওঁ বহুতো কথা শিকাবলৈ ধৰিলে।
৩৫ যেতিয়া গধূলি হʼল, তেতিয়া যীচুৰ শিষ্যসকলে তেওঁৰ ওচৰলৈ আহি কʼলে, “এই ঠাই নিৰ্জন আৰু দিনৰ সময়ো প্ৰায়েই শেষ হʼল।”
৩৬ সেইবাবে, তেওঁলোকক বিদায় দিয়ক যাতে তেওঁলোকে ওচৰে-পাজৰে থকা গাঁৱলৈ গৈ খোৱা বস্তু কিনিব পাৰে।
৩৭ কিন্তু যীচুৱে তেওঁলোকক কʼলে, “তোমালোকে তেওঁলোকক কিবা খাবলৈ দিয়া।” এয়া শুনি শিষ্যসকলে কʼলে, “আমি ২০০ দীনাৰৰ* ৰুটি কিনি তেওঁলোকক খাবলৈ দিম নে?”
৩৮ যীচুৱে তেওঁলোকক কʼলে, “তোমালোকৰ ওচৰত কেইখন ৰুটি আছে, গৈ চোৱাচোন।” তেওঁলোকে চাই কʼলে, “পাঁচখন। আৰু দুটা মাছো আছে।”
৩৯ তাৰ পাছত যীচুৱে সকলোকে ঘাঁহৰ ওপৰত জুম জুমকৈ বহিবলৈ কʼলে।
৪০ তাৰ পাছত তেওঁলোকে এশ এশ আৰু পঞ্চাচ পঞ্চাচ জনকৈ জুম হৈ বহিল।
৪১ যীচুৱে সেই পাঁচখন ৰুটি আৰু দুটা মাছ লʼলে আৰু আকাশৰ ফালে চাই প্ৰাৰ্থনাত ধন্যবাদ দিলে। তাৰ পাছত তেওঁ ৰুটি ভাঙি শিষ্যসকলক দিবলৈ ধৰিলে যাতে তেওঁলোকে লোকসকলৰ মাজত ভগাই দিয়ে। আৰু তেওঁ মাছ দুটাও লোকসকলৰ কাৰণে ভগাই দিলে।
৪২ তেতিয়া সকলোৱে পেট ভৰাই খালে।
৪৩ আৰু শিষ্যসকলে যেতিয়া বাচি যোৱা ৰুটিৰ টুকুৰাবোৰ তুলিলে, তেতিয়া ১২ টা টুকুৰী ভৰি গʼল আৰু মাছো আছিল।
৪৪ আৰু ৰুটি খোৱা লোকসকলৰ মাজত ৫,০০০ পুৰুষ আছিল।
৪৫ ইয়াৰ পাছতে যীচুৱে নিজৰ শিষ্যসকলক কʼলে তেওঁলোকে যেন নাৱত উঠি তেওঁৰ আগেয়ে সিপাৰে থকা বৈৎচৈদালৈ যায় আৰু তেওঁ নিজেই লোকসকলক বিদায় দিলে।
৪৬ কিন্তু লোকসকলক বিদায় দিয়াৰ পাছত তেওঁ প্ৰাৰ্থনা কৰিবলৈ এখন পাহাৰৰ ওপৰলৈ উঠিল।
৪৭ যেতিয়া গধূলি হʼল, তেতিয়া নাওখন সাগৰৰ মাজত আছিল, কিন্তু তেওঁ অকলে পাহাৰত আছিল।
৪৮ তেওঁ দেখিলে যে বিপৰীত দিশৰ পৰা ডাঙৰকৈ ধুমুহা বতাহ হৈ আছে। সেই কাৰণে নাৱৰ বঠা মাৰিবলৈ তেওঁৰ শিষ্যসকলৰ বৰ কষ্ট হৈছিল। তেতিয়া ৰাতিপুৱা সোনকালে* যীচুৱে সাগৰত খোজকাঢ়ি তেওঁলোকৰ ফালে আহিলে, কিন্তু এনেকুৱা লাগিছিল যেন যীচু তেওঁলোকৰ পৰা আগবাঢ়ি যাব বিচাৰিছে।
৪৯ যীচুক পানীৰ ওপৰত খোজকাঢ়ি থকা দেখাৰ লগে লগে শিষ্যসকলে মনতে ভাবিলে, “এয়া আমি কি দেখিছোঁ!” আৰু তেওঁলোকে জোৰেৰে চিঞৰিবলৈ ধৰিলে।
৫০ কাৰণ যীচুক দেখি তেওঁলোকে ভয় খালে, কিন্তু যীচুৱে লগে লগে তেওঁলোকক কʼলে, “ভয় নকৰিবা, এয়া ময়েই।”
৫১ তাৰ পাছত যীচুৱেও তেওঁলোকৰ লগত নাৱত উঠিল আৰু ধুমুহা শান্ত হʼল। এয়া দেখি তেওঁলোকে বৰ আচৰিত হʼল।
৫২ কাৰণ ৰুটিৰ চমৎকাৰ দেখিও তেওঁলোকে তাৰ অৰ্থ বুজিব নোৱাৰিলে। তেওঁলোকৰ হৃদয়ে এতিয়াও বুজি পোৱা নাছিল।
৫৩ ইয়াৰ পাছত তেওঁলোকে সাগৰ পাৰ হৈ গিনেচৰৎ অঞ্চল পালে আৰু তাতে নাওখন বান্ধিলে।
৫৪ কিন্তু তেওঁলোকে নাৱৰ পৰা নমাৰ লগে লগে লোকসকলে যীচুক চিনি পালে।
৫৫ আৰু তেওঁলোকে দৌৰি গৈ সেই এলেকাৰ চাৰিওফালে থকা ৰোগীসকলক খাটত তুলি আনিলে আৰু যীচু যি যি ঠাইত আছে বুলি শুনিলে, তালৈকে ৰোগীসকলক লৈ গʼল।
৫৬ যীচু যি যি গাঁও বা চহৰলৈ গৈছিল, লোকসকলে সেই ঠাইৰ বজাৰবোৰত ৰোগীসকলক থৈছিল আৰু মিনতি কৰিছিল যাতে তেওঁলোকে যীচুৰ কাপোৰৰ দহি মাথোন চুবলৈ পায়। এইদৰে যিমানেই চুলে, সকলোৱে সুস্থ হʼল।
Footnotes
^ বা “আৰাম কৰা দিনৰ।” শব্দকোষ চাওক।
^ আক্ষ., “তাম।”
^ আক্ষ., “দুযোৰ কাপোৰ নিপিন্ধক।”
^ বা “মেজত একেলগে বহি।”
^ বা “মেজত একেলগে বহা লোকসকলৰ।”
^ বা “স্মৰণীয় কবৰত।”
^ অতি. খ১৪ চাওক।
^ আক্ষ., “চতুৰ্থ প্ৰহৰ।” যীচুৰ সময়ত, এই সময় ৰাতিপুৱাৰ প্ৰায় ৩ বজাৰ পৰা সূৰ্য্য উদয় হোৱালৈকে বুজায়।