পাঁচনিৰ কৰ্ম্ম ৪:১-৩৭

  • পিতৰ আৰু যোহনক গ্ৰেপ্তাৰ (১-৪)

    • বিশ্বাস কৰা লোকসকলৰ মাজত পুৰুষৰ সংখ্যা আছিল ৫,০০০ জন ()

  • মহা-সভাৰ সম্মুখত মোকৰ্দ্দমা (৫-২২)

    • ‘আমি নোকোৱাকৈ থাকিব নোৱাৰোঁ’ (২০)

  • সাহসৰ বাবে প্ৰাৰ্থনা (২৩-৩১)

  • শিষ্যসকলে নিজৰ বস্তু এজনে-আনজনৰ লগত ভগাই লৈছিল (৩২-৩৭)

৪  যেতিয়া এই দুয়োজনে লোকসকলক এইবোৰ কথা কৈ আছিল, তেতিয়া কিছুমান পুৰোহিত, মন্দিৰৰ পহৰা দিয়া লোকসকলৰ অধ্যক্ষ আৰু চদ্দূকীবিলাকে তালৈ আহিল। ২  তেওঁলোকৰ এই কথাক লৈ খং উঠিল যে পাঁচনিসকলে* লোকসকলক শিকাই আছে আৰু মুকলিভাৱে জনাই আছে যে যীচু মৃতবিলাকৰ মাজৰ পৰা জীয়াই উঠিল।* ৩  আৰু তেওঁলোকে দুয়োজন পাঁচনিক ধৰি* লʼলে আৰু গধূলি হোৱাৰ কাৰণে তেওঁলোকক পাছ দিনালৈকে বন্দী কৰি ৰাখিলে। ৪  কিন্তু যিসকল লোকে সেই ভাষণ শুনিছিল, তেওঁলোকৰ মাজৰ বহুতো লোকে বিশ্বাস কৰিলে আৰু এই বিশ্বাস কৰা লোকসকলৰ মাজত পুৰুষৰ সংখ্যা আছিল প্ৰায় ৫,০০০ জন। ৫  পাছ দিনাখন যিৰূচালেমত যিহূদীসকলৰ নেতা, ধৰ্ম-অধিকাৰী আৰু নিয়ম শিকোৱা লোকসকল* একগোট হʼল। ৬  তেওঁলোকৰ লগত প্ৰধান পুৰোহিত হানন, কায়াফা, যোহন, আলেকজেন্দাৰ আৰু প্ৰধান পুৰোহিতৰ পৰিয়ালৰ লোকসকলেও আছিল। ৭  তেওঁলোকে পিতৰ আৰু যোহনক নিজৰ মাজত থিয় কৰাই তেওঁলোকক সোধ-পোছ কৰিবলৈ আৰম্ভ কৰিলে, “তোমালোকে এই কামবোৰ কি অধিকাৰেৰে কৰিছা আৰু কাৰ নামেৰে এইবোৰ কৰিছা?” ৮  তেতিয়া পিতৰে পবিত্ৰ শক্তিৰে পৰিপূৰ্ণ হৈ তেওঁলোকক কʼলে, “হে ধৰ্ম-অধিকাৰী আৰু যিহূদীৰ নেতাসকল, ৯  আজি দিনটোত যদি খোৰা মানুহজনক সুস্থ কৰাৰ কাৰণে আমাক সোধ-পোছ কৰা হৈছে যে ইয়াক কোনে ঠিক কৰিলে, ১০  তেনেহʼলে আপোনালোকে আৰু ইস্ৰায়েলৰ সকলোৱে জানি লওক যে নাচৰতীয়া যীচুৰ নামেৰে এই ব্যক্তিজন সুস্থ হৈ ইয়াত আপোনালোকৰ আগত থিয় হৈ আছে। হয়, সেইজন যীচুৰ নামেৰেই যিজনক আপোনালোকে কাঠত আঁৰি হত্যা কৰিছিলে, কিন্তু ঈশ্বৰে তেওঁক মৃতবিলাকৰ মাজৰ পৰা জীয়াই তুলিলে। ১১  যীচুৱেই ‘সেই শিল, যাক ৰাজমিস্ত্ৰীসকলে অৱহেলা কৰিলে, কিন্তু সেয়াই চুকৰ প্ৰধান শিল* হৈ পৰিল।’ ১২  এয়াও জানি লওক যে আন কাৰোবাৰ যোগেদি উদ্ধাৰ পোৱা নাযাব, কিয়নো ঈশ্বৰে আমাক উদ্ধাৰ কৰিবলৈ পৃথিৱীত মানুহৰ মাজত আন কোনো নাম বাছনি কৰা নাই।” ১৩  পিতৰ আৰু যোহনৰ সাহস দেখি আৰু তেওঁলোক কম পঢ়া-শুনা* সাধাৰণ মানুহ বুলি জানি তেওঁলোকে আচৰিত হʼল। তাৰ পাছত তেওঁলোকে জানিব পাৰিলে যে এওঁলোক যীচুৰ লগত থাকিছিল। ১৪  সেই সুস্থ হোৱা মানুহজন পিতৰ আৰু যোহনৰ লগত থিয় হৈ থকা দেখি তেওঁলোকে পাঁচনিসকলৰ বিৰুদ্ধে একো কʼব নোৱাৰিলে। ১৫  তেওঁলোকে পিতৰ আৰু যোহনক মহা-সভাৰ ভৱনৰ পৰা বাহিৰলৈ ওলাই যাবলৈ আদেশ দিলে। তাৰ পাছত তেওঁলোকে এজনে-আনজনৰ মাজত আলোচনা কৰিবলৈ ধৰিলে ১৬  আৰু কʼবলৈ ধৰিলে, “আমি এই মানুহবিলাকৰ লগত কি কৰিম? কিয়নো এয়া সঁচা যে তেওঁলোকে এটা ডাঙৰ চমৎকাৰ কৰিলে, যাক যিৰূচালেমত থকা সকলোৱে দেখিলে আৰু আমি ইয়াক মিছা বুলি কʼব নোৱাৰোঁ। ১৭  গতিকে আহা, মানুহৰ মাজত যেন এই কথা বিয়পি নাযায়, সেই কাৰণে এওঁলোকক এই নামেৰে আন লোকৰ আগত কোনো কথা নকʼবলৈ আমি তেওঁলোকক ধমকি দিওঁ।” ১৮  তাৰ পাছত তেওঁলোকে শিষ্যসকলক মাতিলে আৰু যীচুৰ নামেৰে কোনো কথা নকʼবলৈ আৰু শিক্ষা নিদিবলৈ তেওঁলোকক আদেশ দিলে। ১৯  কিন্তু পিতৰ আৰু যোহনে তেওঁলোকক উত্তৰ দিলে, “ঈশ্বৰৰ কথা নুশুনি আপোনালোকৰ কথা শুনাটো ঈশ্বৰৰ দৃষ্টিত উচিত নে, সেয়া আপোনালোকেই বিচাৰ কৰক। ২০  কিন্তু যিবোৰ আমি দেখিলোঁ আৰু শুনিলোঁ, সেইবোৰ নোকোৱাকৈ আমি থাকিব নোৱাৰোঁ।” ২১  তেওঁলোকে পিতৰ আৰু যোহনক আৰু এবাৰ ধমকি দি এৰি দিলে, কিয়নো তেওঁলোকক শাস্তি দিয়াৰ কোনো কাৰণ বিচাৰি নাপালে। অধিকাৰীসকলে লোকসকলকো ভয় কৰিছিল। কিয়নো যি ঘটনা ঘটিছিল, তাৰ কাৰণে সকলোৱে ঈশ্বৰৰ মহিমা কৰি আছিল। ২২  যিজন মানুহক চমৎকাৰ কৰি সুস্থ কৰা হৈছিল, তেওঁৰ বয়স ৪০ বছৰতকৈ বেছি আছিল। ২৩  পিতৰ আৰু যোহনক এৰি দিয়াৰ পাছত তেওঁলোকে নিজৰ লোকসকলৰ ওচৰলৈ গʼল আৰু তেওঁলোকক সেই সকলো কথা জনালে, যি প্ৰধান পুৰোহিত আৰু যিহূদীৰ নেতাসকলে তেওঁলোকক কৈছিল। ২৪  এয়া শুনাৰ পাছত তেওঁলোক সকলোৱে একেলগে জোৰেৰে ঈশ্বৰলৈ প্ৰাৰ্থনা কৰিলে: “হে গোটেই বিশ্বৰ মালিক, তুমিয়েই আকাশ, পৃথিৱী, সমুদ্ৰ আৰু ইয়াত যি যি আছে, সেই সকলোবোৰ সৃষ্টি কৰিলা। ২৫  আৰু তুমি পবিত্ৰ শক্তিৰ যোগেদি তোমাৰ সেৱক, আমাৰ পূৰ্বপুৰুষ দায়ূদৰ যোগেদি কৈছিলা, ‘ৰাষ্ট্ৰৰ লোকসকলে কিয় ক্ৰোধিত হৈছে? দেশৰ লোকসকলে কিয় অনৰ্থক কথাবোৰৰ বিষয়ে চিন্তা কৰিছে? ২৬  যিহোৱা* আৰু তেওঁৰ অভিষিক্ত জনাৰ* বিৰুদ্ধে পৃথিৱীৰ ৰজাসকল একেলগে উঠিছে আৰু শাসনকৰ্তাসকল একগোট হৈছে।’ ২৭  আৰু সঁচাকৈ এইদৰেই হʼল। ৰজা হেৰোদ আৰু পন্তীয় পীলাত দুয়োজনে ইস্ৰায়েলী নোহোৱা লোক আৰু ইস্ৰায়েলী লোকসকলৰ লগত মিলি এই চহৰত তোমাৰ পবিত্ৰ সেৱক যীচুৰ বিৰুদ্ধে একগোট হৈছিল, যিজনক তুমি অভিষিক্ত কৰিছিলা ২৮  যাতে তেওঁলোকে যীচুৰ লগত সেই সকলোবোৰ কৰে, যি তুমি নিজৰ শক্তি আৰু ইচ্ছাৰ অনুসৰি আগতেই নিৰ্ণয় লৈছিলা। ২৯  এতিয়া হে যিহোৱা,* তেওঁলোকৰ ধমকিলৈ ধ্যান দিয়া আৰু নিজৰ দাসসকলক সহায় কৰা যাতে তেওঁলোকে ভয় নকৰাকৈ তোমাৰ বাক্য শুনাই থাকে ৩০  আৰু তুমি নিজৰ হাত আগবঢ়াই লোকসকলক সুস্থ কৰি থাকা আৰু তোমাৰ পবিত্ৰ সেৱক যীচুৰ নামেৰে চমৎকাৰ আৰু আশ্চৰ্য্যজনক কাম হৈ থাকক।” ৩১  এনেদৰে মিনতি কৰাৰ পাছত যি ঠাইত তেওঁলোক একগোট হৈ আছিল, সেই ঠাই কঁপিবলৈ ধৰিলে আৰু সকলোৱে পবিত্ৰ শক্তিৰে পৰিপূৰ্ণ হʼল। তাৰ পাছত তেওঁলোকে ঈশ্বৰৰ বাক্য সাহসেৰে কʼবলৈ ধৰিলে। ৩২  বিশ্বাস কৰা সকলোৱে মনে-প্ৰাণে এক হৈ আছিল। তেওঁলোকৰ মাজত কোনেও নিজৰ সম্পত্তিক নিজৰ বুলি কোৱা নাছিল, ইয়াৰ পৰিৱৰ্তে সকলো বস্তু তেওঁলোকে এজনে-আনজনৰ লগত ভগাই লৈছিল। ৩৩  আৰু পাঁচনিসকলে প্ৰভাৱশালীৰূপে প্ৰভু যীচু মৃতবিলাকৰ মাজৰ পৰা জীয়াই উঠিল বুলি সাক্ষ্য দিবলৈ ধৰিলে আৰু সেই সকলোৰে ওপৰত ঈশ্বৰৰ মহা-কৃপা থাকিল। ৩৪  আচলতে, তেওঁলোকৰ মাজৰ এজনৰো একো অভাৱ হোৱা নাছিল, কিয়নো যিসকলৰ ওচৰত খেতি-বাতি বা ঘৰ-বাৰী আছিল, তেওঁলোকে সেইবোৰ বিক্ৰী কৰি দিছিল আৰু বিক্ৰী কৰি পোৱা টকা ৩৫  পাঁচনিসকলৰ ওচৰলৈ লৈ আনিছিল। আৰু প্ৰতিজনকে তেওঁলোকৰ প্ৰয়োজন অনুসৰি সেই টকা ভগাই দিয়া হৈছিল। ৩৬  যোচেফ নামৰ এজন লেবী আছিল আৰু তেওঁ কুপ্ৰ দ্বীপত থাকিছিল। পাঁচনিসকলে তেওঁক বাৰ্ণব্বা বুলি মাতিছিল (যাৰ অৰ্থ হৈছে, “শান্ত্বনাৰ লʼৰা”)। ৩৭  তেওঁৰ ওচৰত এডোখৰ মাটি আছিল, সেই মাটি বিক্ৰী কৰি তেওঁ যি টকা পাইছিল, সেয়া তেওঁ পাঁচনিসকলৰ ওচৰলৈ লৈ আনিছিল।

Footnotes

গ্ৰীক ভাষাত ইয়াৰ অৰ্থ হৈছে, “পঠিওৱা হৈছে।”
বা “যীচুৰ উদাহৰণ দি মৃতবিলাক জীয়াই উঠাৰ বিষয়ে ঘোষণা কৰি আছিল।”
বা “গ্ৰেপ্তাৰ।”
আক্ষ., “লেখক।” শব্দকোষ চাওক।
বা “আটাইতকৈ গুৰুত্বপূৰ্ণ শিল হʼল।”
বা “অশিক্ষিত।” আচলতে তেওঁলোক অশিক্ষিত নাছিল, কিন্তু তেওঁলোকে কেতিয়াও ৰব্বিসকলৰ স্কুলত পঢ়া নাছিল।
অতি. ক৫ চাওক।
বা “তেওঁৰ খ্ৰীষ্টৰ।”
অতি. ক৫ চাওক।