পাঁচনিৰ কৰ্ম্ম ২৬:১-৩২

  • পৌলে আগ্ৰিপ্পৰ সম্মুখত নিজৰ পক্ষে কয় (১-১১)

  • পৌলে কয় যে তেওঁ কেনেকৈ খ্ৰীষ্টান হʼল (১২-২৩)

  • ফীষ্ট আৰু আগ্ৰিপ্পই কি কʼলে (২৪-৩২)

২৬  তাৰ পাছত আগ্ৰিপ্পই পৌলক কʼলে, “তুমি নিজৰ পক্ষে কʼবলৈ তোমাক অনুমতি দিয়া হৈছে।” তেতিয়া পৌলে হাত উঠালে আৰু নিজৰ পক্ষে কʼবলৈ ধৰিলে, ২  “হে ৰজা আগ্ৰিপ্প, যিহূদীসকলে মোৰ বিষয়ে যি অভিযোগ কৰিছে, সেই বিষয়ে আজি আপোনাৰ ওচৰত নিজৰ পক্ষে কʼবলৈ পাই মই বহুত আনন্দিত হৈছোঁ, ৩  বিশেষকৈ এই কাৰণে যে আপুনি যিহূদীসকলৰ সকলো ৰীতি, লগতে তেওঁলোকৰ বিবাদবোৰৰ বিষয়ে ভালদৰে জানে। সেইবাবে, মোৰ কথা ধৈৰ্য্যেৰে শুনিবলৈ মই আপোনাক মিনতি কৰিছোঁ। ৪  সঁচাকৈ, মই ডেকা কালৰে পৰা নিজৰ লোকসকলৰ মাজত আৰু যিৰূচালেমত থকাৰ সময়ত যিদৰে জীৱন-যাপন কৰিছিলোঁ, তাৰ বিষয়ে সেই সকলো যিহূদীয়ে ভালদৰে জানে, ৫  যিসকলে মোক আগৰে পৰা জানে। যদি তেওঁলোকে বিচাৰে, তেনেহʼলে এই কথাৰ সাক্ষ্য দিব পাৰে যে মই নিজৰ ধৰ্মৰ সকলো নিয়ম কঠোৰভাৱে পালন কৰিছিলোঁ আৰু এজন ফৰীচীৰ দৰে জীৱন-যাপন কৰিছিলোঁ। ৬  কিন্তু ঈশ্বৰে আমাৰ পূৰ্বপুৰুষৰ লগত কৰা প্ৰতিজ্ঞাৰ ওপৰত আশা ৰখাৰ কাৰণে এতিয়া মোৰ ওপৰত মোকৰ্দ্দমা চলোৱা হৈছে। ৭  এই প্ৰতিজ্ঞা পূৰ হোৱাটো চাবলৈ আশা কৰি আমাৰ ১২ গোষ্ঠীয়ে মনে-প্ৰাণে দিনে-ৰাতিয়ে ঈশ্বৰৰ পবিত্ৰ সেৱা কৰে। হে ৰজা, এই আশা ৰখাৰ কাৰণে যিহূদীসকলে মোক অভিযোগ কৰিছে। ৮  ঈশ্বৰে যে মৃতবিলাকক আকৌ জীয়াই তোলে, এই কথাৰ ওপৰত বিশ্বাস কৰিবলৈ আপোনালোকৰ কিয় কঠিন লাগিছে? ৯  নাচৰতীয়া যীচুৰ নামেৰে কঠোৰভাৱে বিৰোধ কৰাটো মোৰ কৰ্তব্য হয় বুলি এটা সময়ত ময়ো ভাবিছিলোঁ। ১০  আৰু মই যিৰূচালেমত এইদৰেই কৰিলোঁ। মই প্ৰধান পুৰোহিতসকলৰ পৰা অধিকাৰ লৈ বহুতো পবিত্ৰ ব্যক্তিক জেলত বন্দী কৰিলোঁ আৰু যেতিয়া তেওঁলোকক মৃত্যুৰ শাস্তি দিবলৈ নিৰ্ণয় লোৱা হৈছিল, তেতিয়া ময়ো সমৰ্থন কৰিছিলোঁ। ১১  মই প্ৰত্যেক সভাঘৰত গৈ তেওঁলোকক বহুবাৰ শাস্তি দিছিলোঁ যাতে তেওঁলোকে বাধ্যত পৰি নিজৰ বিশ্বাস এৰি দিয়ে। তেওঁলোকলৈ মোৰ ইমানেই খং উঠিছিল যে মই আন চহৰবোৰতো গৈ তেওঁলোকক অত্যাচাৰ কৰিবলৈ ধৰিলোঁ। ১২  এইদৰে যেতিয়া মই প্ৰধান পুৰোহিতসকলৰ পৰা অধিকাৰ আৰু আজ্ঞা পাবলৈ দম্মেচকলৈ গৈ আছিলোঁ, ১৩  তেতিয়া হে ৰজা, ভৰ দুপৰীয়া আকাশৰ পৰা পোহৰ জিলিকি উঠিল, যি সূৰ্য্যতকৈও উজ্জ্বল আছিল। সেই পোহৰ মোৰ আৰু মোৰ লগত যাত্ৰা কৰা লোকসকলৰ চাৰিওফালে জিলিকি উঠিল। ১৪  তেতিয়া আমি সকলোৱে মাটিত পৰি গʼলোঁ আৰু মই হিব্ৰু ভাষাত এই মাত শুনা পালোঁ, ‘চৌল, চৌল, তুমি কিয় মোৰ ওপৰত অত্যাচাৰ কৰি আছা? এইদৰে বিৰোধ কৰি* তুমি নিজৰ কাৰণে সমস্যাৰ সৃষ্টি কৰি আছা।’ ১৫  কিন্তু মই কʼলোঁ, ‘হে প্ৰভু আপুনি কোন?’ আৰু প্ৰভুৱে কʼলে, ‘মই যীচু হওঁ, যাৰ ওপৰত তুমি অত্যাচাৰ কৰি আছা। ১৬  কিন্তু এতিয়া উঠা আৰু তোমাৰ ভৰিত ভৰ দি থিয় হোৱা। মই তোমাক দৰ্শন দেখুৱাৰ কাৰণ হৈছে যেন তোমাক এজন সেৱক আৰু সাক্ষী নিযুক্ত কৰোঁ যাতে তুমি নিজৰ বিষয়ে যি দেখিলা আৰু যি মই তোমাক আগলৈ দেখুৱাম, তাৰ সাক্ষ্য দিয়া। ১৭  আৰু মই এই ৰাষ্ট্ৰ আৰু আন ৰাষ্ট্ৰৰ পৰা তোমাক সুৰক্ষা দিম, যিসকলৰ ওচৰলৈ মই তোমাক পঠাইছোঁ। ১৮  মই তোমাক পঠোৱাৰ কাৰণ হৈছে যাতে তুমি তেওঁলোকৰ চকু মুকলি কৰা আৰু তেওঁলোকক অন্ধকাৰৰ পৰা পোহৰলৈ লৈ আনা আৰু চয়তানৰ অধিকাৰৰ পৰা এৰোৱাই ঈশ্বৰৰ অধিকাৰলৈ লৈ আনা আৰু তেওঁলোকে মোৰ ওপৰত বিশ্বাস কৰাৰ কাৰণে যেন পাপৰ ক্ষমা পায় আৰু সেই লোকসকলৰ লগত উত্তৰাধিকাৰী পায়, যিসকলক পবিত্ৰ বুলি গণ্য কৰা হৈছে।’ ১৯  সেইবাবে, হে ৰজা আগ্ৰিপ্প, যি আজ্ঞা মই স্বৰ্গৰ পৰা এই দৰ্শনত পালোঁ, মই সেয়া পালন কৰিলোঁ। ২০  মই প্ৰথমতে দম্মেচকৰ লোকসকলক, তাৰ পাছত যিৰূচালেমৰ লোকসকলক আৰু যিহূদিয়াৰ গোটেই এলেকাত, তাৰ পাছত আন ৰাষ্ট্ৰবোৰতো এই বাৰ্তা দিলোঁ যে তেওঁলোকে অনুতাপ কৰা উচিত আৰু অনুতাপৰ যোগ্য কাম কৰি ঈশ্বৰৰ ফালে ঘূৰি অহা উচিত। ২১  সেইবাবে, যিহূদীসকলে মোক মন্দিৰত ধৰিলে আৰু মোক হত্যা কৰিবলৈ চেষ্টা কৰিলে। ২২  কিন্তু ঈশ্বৰে মোক সহায় কৰি থাকিল। সেইবাবে, মই আজিলৈকে সৰু-ডাঙৰ সকলোকে সাক্ষ্য দি আহিছোঁ। আৰু ভৱিষ্যবক্তাসকলে আৰু মোচিয়ে আগতেই যিবোৰ কৈছিল, সেইবোৰৰ বাহিৰে মই একো নকওঁ। ২৩  অৰ্থাৎ এই যে খ্ৰীষ্টই দুখভোগ কৰিব আৰু মৃতবিলাকৰ মাজৰ পৰা জীয়াই তোলাজন তেৱেঁই প্ৰথম হʼব আৰু তেওঁ এই ৰাষ্ট্ৰ আৰু আন ৰাষ্ট্ৰক প্ৰচাৰ কৰিব আৰু পোহৰ দিব।” ২৪  পৌলে নিজৰ পক্ষে এই কথাবোৰ কৈ থাকোঁতেই ফীষ্টে জোৰেৰে কʼলে, “হে পৌল, তই পগলা হৈছ, বহুতো জ্ঞানে তোক পগলা কৰি দিছে!” ২৫  কিন্তু পৌলে কʼলে, “হে মহামহিম ফীষ্ট, মই পগলা হোৱা নাই। মই সঁচা কথা কৈছোঁ আৰু সুস্থ মনেৰে কৈ আছোঁ। ২৬  আচলতে যিজন ৰজাৰ আগত মই সাহসেৰে কৈ আছোঁ, তেওঁ নিজেও এই কথাবোৰৰ বিষয়ে ভালদৰে জানে। আৰু মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে এইবোৰৰ ভিতৰত এটাও কথা তেওঁৰ পৰা লুকাই থকা নাই। কিয়নো এই ঘটনাবোৰ কোনো এটা চুকত ঘটা নাই। ২৭  হে ৰজা আগ্ৰিপ্প, আপুনি ভৱিষ্যবক্তাসকলৰ কথাৰ ওপৰত বিশ্বাস কৰে নে? মই জানোঁ আপুনি বিশ্বাস কৰে।” ২৮  কিন্তু আগ্ৰিপ্পই পৌলক কʼলে, “অলপ সময়তেই তুমি নিজৰ কথাৰে মই খ্ৰীষ্টান হʼবলৈ মোৰ মন সলনি কৰি দিবা।” ২৯  তেতিয়া পৌলে কʼলে, “কেৱল আপুনিয়েই নহয়, আজি যিমান লোকে মোৰ কথা শুনি আছে, সেই লোকসকলে অলপ সময়তেই হওক বা বেছি সময়তেই হওক, শিকলিৰ বন্ধনত নাথাকি মোৰ দৰে হোৱাটোৱেই ঈশ্বৰলৈ মোৰ প্ৰাৰ্থনা।” ৩০  তেতিয়া ৰজা আগ্ৰিপ্প উঠিলে আৰু তেওঁৰ লগত ৰাজ্যপাল বৰ্ণীকী আৰু তেওঁলোকৰ লগত বহা মানুহবিলাক উঠি থিয় হʼল। ৩১  কিন্তু গৈ থাকোঁতে তেওঁলোকে এজনে-আনজনক কʼবলৈ ধৰিলে, “এই মানুহজনে এনে একো কাম কৰা নাই, যাৰ কাৰণে ইয়াক মৃত্যুৰ শাস্তি দিয়া হয় বা জেলত বন্দী কৰা হয়।” ৩২  তেতিয়া আগ্ৰিপ্পই ফীষ্টক কʼলে, “এই মানুহজনে সম্ৰাটক আপিল নকৰা হʼলে, ইয়াক মুকলি কৰি দিব পৰা গʼলহেঁতেন।”

Footnotes

আক্ষ., “জোঙত লাঠি মাৰি।”