Skip to content

Skip to table of contents

বাৰ অধ্যায়

আপুনি কেনেকৈ ঈশ্বৰৰ বন্ধু হ’ব পাৰে?

আপুনি কেনেকৈ ঈশ্বৰৰ বন্ধু হ’ব পাৰে?

১, ২. যিহোৱাৰ কিছুমান বন্ধু কোন আছিল?

 আপুনি কাৰ লগত বন্ধুত্ব কৰিব বিচাৰে? নিশ্চয়, আপুনি যাক ভাল পায়, যিজনৰ লগত আপোনাৰ কথা-বতৰা মিলে, যিজনৰ ভাল স্বভাৱ আৰু ভাল গুণবোৰ থাকে।

যিহোৱা ঈশ্বৰে কিছুমানক বন্ধু হিচাপে গ্ৰহণ কৰিছে। উদাহৰণস্বৰূপে, প্ৰাচীন সময়ত অব্ৰাহাম যিহোৱাৰ বন্ধু আছিল। (যিচয়া ৪১:৮; যাকোব ২:২৩) যিহোৱা ঈশ্বৰে দায়ূদকো বহুত ভাল পাইছিল। তেওঁ দায়ূদৰ বিষয়ে এইদৰে কৈছিল, তেওঁ ‘মোৰ মনৰ দৰে এজন।’ (পাঁচনিৰ কৰ্ম্ম ১৩:২২) ভৱিষ্যতবক্তা দানিয়েলেও যিহোৱাৰ বাবে “অতি প্ৰিয়” আছিল।—দানিয়েল ৯:২৩.

৩. অব্ৰাহাম, দায়ূদ আৰু দানিয়েল যিহোৱাৰ বন্ধু কেনেকৈ হ’ব পাৰিলে?

অব্ৰাহাম, দায়ূদ আৰু দানিয়েল যিহোৱাৰ বন্ধু কেনেকৈ হ’ব পাৰিলে? যিহোৱা ঈশ্বৰে অব্ৰাহামক এইদৰে কৈছিল: “তুমি মোৰ বাক্য পালন কৰিলা।” (আদিপুস্তক ২২:১৮) যিহোৱা ঈশ্বৰে সেই লোকসকলৰ লগত বন্ধুত্ব কৰে, যিসকলে নম্ৰতাৰে তেওঁৰ আজ্ঞা পালন কৰে। ইয়াৰ উপৰিও, সকলো ৰাষ্ট্ৰই তেওঁৰ বন্ধু হ’ব পাৰে। ইয়াৰ এটা উদাহৰণ হৈছে ইস্ৰায়েল ৰাষ্ট্ৰ। যিহোৱাই এই ৰাষ্ট্ৰৰ লোকসকলক এইদৰে কৈছিল: “তোমালোকে মোৰ বাক্য শুনা, তাতে মই তোমালোকৰ ঈশ্বৰ হম, আৰু তোমালোক মোৰ প্ৰজা হবা।” (যিৰিমিয়া ৭:২৩) সেইবাবে, যদি আপুনি সঁচাকৈ যিহোৱাৰ বন্ধু হ’ব বিচাৰে, তেন্তে আপুনি তেওঁৰ আজ্ঞা পালন কৰা উচিত।

যিহোৱাই নিজৰ বন্ধুসকলক ৰক্ষা কৰে

৪, ৫. যিহোৱাই নিজৰ বন্ধুসকলক কেনেকৈ ৰক্ষা কৰে?

বাইবেলে এইদৰে উল্লেখ কৰিছে: “যিহোৱালৈ যিবিলাকৰ মন সিদ্ধ, সিবিলাকৰ পক্ষে নিজকে বলৱান দেখুৱাবৰ নিমিত্তে” যিহোৱা ঈশ্বৰে সুযোগ বিচাৰি থাকে। (২ বংশাৱলি ১৬:৯) গীতমালা ৩২:৮ পদত যিহোৱাই নিজৰ সকলো বন্ধুক প্ৰতিজ্ঞা কৰিছে, “মই তোমাক বুদ্ধি দিম; তুমি যাব লগীয়া পথ মই শিকাম; তোমাৰ ওপৰত মই দৃষ্টি ৰাখি পৰামৰ্শ দিম।”

আমাৰ এজন শক্তিশালী শত্ৰু আছে, যিয়ে যিহোৱাৰ লগত আমাৰ বন্ধুত্ব দূৰ কৰিব বিচাৰে। কিন্তু যিহোৱাই আমাক ৰক্ষা কৰিব বিচাৰে। (গীতমালা ৫৫:২২ পঢ়ক।) যিহোৱাৰ বন্ধু হোৱাৰ বাবে আমি সম্পূৰ্ণ হৃদয়েৰে তেওঁৰ উপাসনা কৰোঁ। কঠিন পৰিস্থিতিতো আমি তেওঁৰ বিশ্বাসী হৈ থাকোঁ। গীত ৰচকৰ দৰে আমিও যিহোৱাক সম্পূৰ্ণ ভৰসা কৰোঁ। তেওঁ যিহোৱাৰ বিষয়ে এইদৰে লিখিছিল: “তেওঁ মোৰ সোঁহাতে থকাত মই লৰচৰ নহম।” (গীতমালা ১৬:৮; ৬৩:৮) কিন্তু চয়তানে কেনেকৈ যিহোৱাৰ লগত থকা আমাৰ বন্ধুত্বক ভাঙিবলৈ চেষ্টা কৰে?

চয়তানৰ দোষাৰোপ

৬. চয়তানে মানুহৰ বিষয়ে কি দাবী কৰিছিল?

এঘাৰ অধ্যায়ত আমি শিকিছিলোঁ যে চয়তানে যিহোৱা ঈশ্বৰক মিছলীয়া বুলি দোষাৰোপ কৰিছিল। চয়তানে কৈছিল যে ঈশ্বৰে আদম আৰু হৱাৰ ওপৰত অন্যায় কৰিছিল, কিয়নো তেওঁ তেওঁলোকক কি ভাল, কি বেয়া নিৰ্ণয় ল’বলৈ অধিকাৰ দিয়া নাই। বাইবেলত ইয়োব নামৰ কিতাপখনত উল্লেখ কৰিছে যে চয়তানে ঈশ্বৰৰ বন্ধু হ’বলৈ নিৰ্ণয় কৰা লোকসকলকো দোষাৰোপ কৰিছে। চয়তানে দাবী কৰিলে যে লোকসকলে ঈশ্বৰৰ প্ৰতি থকা প্ৰেমৰ বাবে উপাসনা কৰা নাই, কিন্তু তেওঁৰপৰা কিবা পাবলৈহে উপাসনা কৰে। চয়তানে ইয়াকো দাবী কৰে যে সি যিকোনো ব্যক্তিক ঈশ্বৰৰ বিৰুদ্ধে কৰিব পাৰে। আহক চাওঁ যে আমি ইয়োবৰপৰা কি শিকিব পাৰোঁ আৰু যিহোৱা ঈশ্বৰে তেওঁক কেনেকৈ ৰক্ষা কৰিছিল।

৭, ৮. (ক) যিহোৱাই ইয়োবৰ বিষয়ে কেনে অনুভৱ কৰিছিল? (খ) চয়তানে ইয়োবৰ বিষয়ে কি কৈছিল?

ইয়োব কোন আছিল? তেওঁ এজন ভাল মানুহ আছিল, যি আজিৰপৰা প্ৰায় ৩,৬০০ বছৰৰ আগতে জীয়াই আছিল। যিহোৱা ঈশ্বৰে কৈছিল যে সেইসময়ত তেওঁৰ নিচিনা ধাৰ্মিক মানুহ কোনো নাছিল। ইয়োবে যিহোৱা ঈশ্বৰক গভীৰ সন্মান কৰিছিল আৰু তেওঁ দুষ্টতাক ঘৃণা কৰিছিল। (ইয়োব ১:৮) হয়, ইয়োব যিহোৱা ঈশ্বৰৰ এজন ভাল বন্ধু আছিল।

চয়তানে দাবী কৰিছিল যে ইয়োবে কেৱল নিজৰ স্বাৰ্থৰ বাবেহে যিহোৱাক উপাসনা কৰিছে। চয়তানে যিহোৱাক কৈছিল, “আপুনি তেওঁৰ চাৰিওফালে, আৰু তেওঁৰ ঘৰৰ ও সৰ্ব্বস্বৰ চাৰিওফালে জানো বেৰা দিয়া নাই? আপুনি তেওঁৰ হাতৰ কাৰ্য্যবোৰ আশীৰ্ব্বাদযুক্ত কৰিলে, আৰু তেওঁৰ সম্পত্তিও দেশত বৃদ্ধি পালে। কিন্তু আপুনি এবাৰ হাত মেলি তেওঁৰ সৰ্ব্বস্ব স্পৰ্শ কৰক; তাতে তেওঁ অৱশ্যে আপোনাৰ সাক্ষাতেই আপোনাক বিদায় দিব।”—ইয়োব ১:১০, ১১.

৯. যিহোৱাই চয়তানক কি কৰিবলৈ অনুমতি দিয়ে?

চয়তানে দোষাৰোপ কৰিছিল যে ইয়োবে যিহোৱাৰপৰা কিবা পাব বুলিহে তেওঁৰ উপাসনা কৰিছিল। চয়তানে ইয়াকো দাবী কৰিছিল যে সি ইয়োবক যিহোৱাৰ বিৰুদ্ধে কৰিব পাৰে। যিহোৱাই জানিছিল, এয়া সত্য নহয়। তথাপিও তেওঁ চয়তানক ইয়োবৰ পৰীক্ষা ল’বলৈ অনুমতি দিয়ে, যাতে প্ৰমাণ হয় যে ইয়োবে যিহোৱাক সঁচাকৈ প্ৰেম কৰিছিল আৰু সেইবাবে, তেওঁ যিহোৱাৰ বন্ধু আছিল।

চয়তানে ইয়োবৰ ওপৰত সমস্যা আনিলে

১০. (ক) চয়তানে ইয়োবৰ ওপৰত কি কি সমস্যা আনিছিল? (খ) ইয়োবে কি কৰিলে?

১০ প্ৰথমে, চয়তানে ইয়োবৰ কিছুমান জীৱ-জন্তু চুৰ কৰিলে আৰু কিছুমান বধ কৰিলে। তাৰ পাছত চয়তানে ইয়োবৰ প্ৰায় সকলো দাসক হত্যা কৰিলে। এইদৰে, ইয়োবে নিজৰ সকলো সম্পত্তি হেৰুৱালে। অৱশেষত, চয়তানে ধুমুহাত ইয়োবৰ দহোটা ল’ৰা-ছোৱালীক হত্যা কৰিলে তথাপিও, ইয়োব যিহোৱাৰ বিশ্বাসী হৈ থাকিল। বাইবেলে এইদৰে উল্লেখ কৰিছে, “এই সকলোতো ইয়োবে পাপ নকৰিলে, আৰু ঈশ্বৰত অজ্ঞানতাৰ দোষাৰোপ নকৰিলে।”—ইয়োব ১:১২-১৯, ২২.

যিহোৱাই নিজৰ বন্ধু ইয়োবক তেওঁৰ বিশ্বাসৰ বাবে পুৰস্কাৰ দিলে

১১. (ক) চয়তানে ইয়োবৰ ওপৰত আৰু কি সমস্যা আনিছিল? (খ) কিন্তু ইয়োবে কি কৰিলে?

১১ ইমানবোৰ হোৱাৰ পাছতো চয়তানে এৰি দিয়া নাই। সি ঈশ্বৰক দাবী কৰি কয়, “আপুনি আৰু এবাৰ হাত মেলি তেওঁৰ অস্থি আৰু মাংস স্পৰ্শ কৰক; তাতে তেওঁ অৱশ্যে আপোনাৰ সাক্ষাতেই আপোনাক বিদায় দিব।” তেতিয়া ঈশ্বৰে চয়তানক পুনৰ পৰীক্ষা ল’বলৈ অনুমতি দিলে আৰু চয়তানে ইয়োবক যন্ত্ৰণাদায়ক বেমাৰৰে আক্ৰমণ কৰিলে। (ইয়োব ২:৫, ৭) ইমানবোৰ হোৱাৰ সত্ত্বেও ইয়োব ঈশ্বৰৰ বিশ্বাসী হৈ থাকিল। তেওঁ কৈছিল, “মই নমৰোমানে মোৰ সিদ্ধতা মোৰ পৰা দূৰ নকৰিম।”—ইয়োব ২৭:৫.

১২. চয়তান মিছলীয়া হয় বুলি ইয়োবে কেনেকৈ প্ৰমাণ কৰিলে?

১২ চয়তানে ইয়োবক দোষাৰোপ কৰিছিল বুলি তেওঁ নাজানিছিল। তেওঁ ভাবিছিল যে যিহোৱাই তেওঁৰ ওপৰত সমস্যা আনিছে। (ইয়োব ৬:৪; ১৬:১১-১৪) ইয়াৰ উপৰিও, ইয়োবে যিহোৱাৰ বিশ্বাসী হৈ আছিল। ইয়াৰপৰা স্পষ্টকৈ বুজিব পাৰি যে ইয়োব স্বাৰ্থি নাছিল। তেওঁ যিহোৱাক প্ৰেম কৰিছিল, সেইবাবে, তেওঁ যিহোৱাৰ বন্ধু আছিল। চয়তানে কৰা সকলো দোষাৰোপ মিছা হয় বুলি প্ৰমাণ হ’ল।

১৩. ইয়োবৰ বিশ্বাসৰ কি পৰিণাম হ’ল?

১৩ স্বৰ্গত কি হৈ আছে, ইয়াৰ বিষয়ে ইয়োবে নাজানিছিল, তথাপিও তেওঁ ঈশ্বৰৰ বিশ্বাসী হৈ আছিল। এইদৰে তেওঁ প্ৰমাণ কৰিলে যে চয়তান কিমান মিছলীয়া হয়। যিহোৱা ঈশ্বৰে নিজৰ বন্ধু ইয়োবৰ বিশ্বাসৰ বাবে তেওঁক পুৰস্কাৰ দিলে।—ইয়োব ৪২:১২-১৭.

চয়তানে আপোনাকো দোষাৰোপ কৰিলে

১৪, ১৫. চয়তানে সকলো মানৱজাতিক কি দোষাৰোপ কৰিছিল?

১৪ ইয়োবৰ লগত যি হ’ল, তাৰপৰা আপুনি গুৰুত্বপূৰ্ণ কথা শিকিব পাৰে। আজি চয়তানে আমাক দোষাৰোপ কৰিছে যে আমি যিহোৱাৰপৰা কিবা পাবলৈহে তেওঁৰ উপাসনা কৰোঁ। ইয়োব ২:৪ পদত তেওঁ দাবী কৰিছিল: “প্ৰাণৰ অৰ্থে মানুহে সৰ্ব্বস্ব দিব।” এইদৰে সি কেৱল ইয়োবৰ ওপৰতেই নহয়, সি সকলো মানৱজাতিৰ ওপৰত দোষাৰোপ কৰিছিল যে তেওঁলোক স্বাৰ্থ। ইয়োবৰ মৃত্যুৰ বহুবছৰৰ পাছতো চয়তানে যিহোৱাৰ অপমান কৰিবলৈ আৰু তেওঁৰ সেৱকসকলক দোষাৰোপ কৰিবলৈ এৰা নাই। সেইবাবে, হিতোপদেশ ২৭:১১ পদত ঈশ্বৰে এইদৰে কৈছিল: “মই যেন ধিক্কাৰ দিয়াটোক উত্তৰ দিব পাৰিম, এই নিমিত্তে হে মোৰ বোপা, জ্ঞানৱান হৈ মোৰ মনক আনন্দিত কৰা।”

১৫ আপুনিও যিহোৱা ঈশ্বৰৰ আজ্ঞা পালন কৰিবলৈ আৰু তেওঁৰ বিশ্বাসী বন্ধু হ’বলৈ নিৰ্ণয় ল’ব পাৰে। যদি আপুনি এইদৰে কৰে, তেন্তে চয়তানে মিছলীয়া হয় বুলি প্ৰমাণ কৰিব পাৰিব। ঈশ্বৰৰ বন্ধু হ’বলৈ হয়তো আপোনাক ডাঙৰ ডাঙৰ পৰিৱৰ্তন কৰিবলগীয়া হ’ব পাৰে, আপুনি বিশ্বাস কৰিব পাৰে যে এনে নিৰ্ণয়বোৰ আপোনাৰ জীৱনৰ ভাল নিৰ্ণয় হ’ব! কিন্তু এয়া এক গুৰুত্বপূৰ্ণ নিৰ্ণয় হয়। কিয়নো চয়তানে দাবী কৰিছিল যে সমস্যা আহিলে আপুনি যিহোৱাৰ বিশ্বাসী হৈ থাকিব নোৱাৰিব। সি আমাক যিহোৱাৰ প্ৰতি অবিশ্বাসী হ’বলৈ প্ৰলোভিত কৰে। কিন্তু কেনেকৈ?

১৬. (ক) চয়তানে কি কি উপায়েৰে যিহোৱাৰ লগত লোকসকলৰ বন্ধুত্ব দূৰ কৰিবলৈ চেষ্টা কৰে? (খ) চয়তানে কেনেকৈ আপোনাক যিহোৱাৰ উপাসনা কৰিবলৈ বাধা দিব পাৰে?

১৬ চয়তানে বিভিন্ন উপায়েৰে যিহোৱাৰ লগত আমাৰ বন্ধুত্ব দূৰ কৰিবলৈ চেষ্টা কৰে। সি “গুজৰি থকা সিংহৰ দৰে” আমাক আক্ৰমণ কৰে, যাতে আমাক “গ্ৰাস কৰিব” পাৰে। (১ পিতৰ ৫:৮) সেইবাবে, যদি আপোনাৰ বন্ধু, পৰিয়ালৰ সদস্যসকল বা আন কোনোবাই আপোনাক বাইবেলৰ অধ্যয়ন কৰিবলৈ বা ভাল কাম কৰিবলৈ বাধা দিয়ে, তেতিয়া আচৰিত নহ’ব। এইদৰে চয়তানে আপোনাৰ ওপৰত আক্ৰমণ কৰাৰ দৰে হয়। a (যোহন ১৫:১৯, ২০) চয়তানে নিজকে “দীপ্তিময় দূতৰ” ৰূপ ধাৰণ কৰে, যাতে সি আমাক যিহোৱাৰ আজ্ঞা পালন নকৰিবলৈ প্ৰলোভিত কৰিব পাৰে। (২ কৰিন্থীয়া ১১:১৪) চয়তানে আন এক উপায়েৰে যিহোৱাৰ উপাসনা কৰিবলৈ বাধা দিবলৈ চেষ্টা কৰে। সি আমাৰ মনত চিন্তা জন্মাই যে আমি যিহোৱাৰ উপাসনা কৰিবলৈ যোগ্য নহয়।—হিতোপদেশ ২৪:১০.

যিহোৱাৰ আজ্ঞা পালন কৰক

১৭. আমি যিহোৱাৰ আজ্ঞা কিয় পালন কৰোঁ?

১৭ আমি যিহোৱাৰ আজ্ঞা পালন কৰি চয়তানক মিছলীয়া বুলি প্ৰমাণ কৰিব পাৰোঁ। আজ্ঞা পালন কৰিবলৈ কি কথাই আমাক সহায় কৰিব? বাইবেলে এইদৰে উল্লেখ কৰিছে: “তুমি তোমাৰ সকলো মন, সকলো প্ৰাণ, আৰু সকলো শক্তিৰে সৈতে নিজ ঈশ্বৰ যিহোৱাক প্ৰেম কৰা।” (দ্বিতীয় বিবৰণ ৬:৫) আমি যিহোৱা ঈশ্বৰক প্ৰেম কৰোঁ, সেইবাবে আমি তেওঁৰ আজ্ঞা পালন কৰোঁ। যিহোৱাৰ প্ৰতি যেনেকৈ আমাৰ প্ৰেম বাঢ়িব, আমি সেই সকলো কাম কৰিবলৈ সাজু থাকিম, যি তেওঁ আমাক দিব। যোহনে এইদৰে লিখিছিল: “ঈশ্বৰে দিয়া প্ৰেমৰ অভিপ্ৰায় এয়েই; আৰু তেওঁৰ আজ্ঞাবোৰ ববলৈ গধুৰ নহয়।”—১ যোহন ৫:৩.

১৮, ১৯. (ক) যিহোৱা ঈশ্বৰে আমাক কি কি বেয়া কামৰপৰা আঁতৰি থাকিবলৈ কৈছে? (খ)  আমি কেনেকৈ ক’ব পাৰোঁ যে যিহোৱা ঈশ্বৰে আমাক এনে কাম কৰিবলৈ আজ্ঞা দিয়া নাই, যি আমাৰ বাবে কঠিন?

১৮ যিহোৱা ঈশ্বৰে আমাক কৈছে যে আমাক কি কি বেয়া কামৰপৰা আঁতৰি থকা উচিত। ইয়াৰে ভিতৰত কিছুমান কামৰ বিষয়ে “ যিহোৱা ঈশ্বৰে ঘিণ কৰা কামবোৰক ঘিণ কৰক” নামৰ বক্সত উল্লেখ আছে। আৰম্ভণিতে আপুনি ভাবিব পাৰে ইয়াৰ ভিতৰত কিছুমান কাম ইমান বেয়া নহয়। কিন্তু যেতিয়া আপুনি ইয়াত দিয়া বাইবেলৰ পদবোৰ পঢ়িব আৰু তাৰ বিষয়ে ভালদৰে চিন্তা কৰিব, তেতিয়া আপুনি বুজিব পাৰিব যে যিহোৱাৰ আজ্ঞা পালন কৰাটোৱেই হৈছে বুদ্ধিমানৰ কাম। আপুনি হয়তো বুজিব পাৰে যে আপোনাৰ জীৱনত কিবা সাল-সলনি কৰাৰ প্ৰয়োজন আছে। এনে কৰাটো ইমান সহজ নহয়। কিন্তু যদি আপুনি এইদৰে কৰে, তেনেহ’লে আপুনি প্ৰমাণ কৰিব পাৰিব যে আপুনি যিহোৱাৰ এজন ভাল বন্ধু। ইয়াৰ দ্বাৰা আপুনি শান্তি আৰু সুখ লাভ কৰিব পাৰে। (যিচয়া ৪৮:১৭, ১৮) আমি কেনেকৈ জানিব পাৰিম যে আমি এই পৰিৱৰ্তন কৰিব পাৰোঁ?

১৯ আমি কৰিব নোৱাৰা কাম, কেতিয়াও যিহোৱাই আমাক নিদিয়ে। (দ্বিতীয় বিবৰণ ৩০:১১-১৪) তেওঁ আমাৰ ভাল বন্ধু আৰু তেওঁ আমাৰ বিষয়ে ভালদৰে জানে। তেওঁ আমাৰ শক্তি আৰু দুৰ্বলতাৰ বিষয়ে জানে। (গীতমালা ১০৩:১৪) পাঁচনি পৌলে আমাক এইদৰে উৎসাহিত কৰে, “ঈশ্বৰ বিশ্বাসী; তেওঁ তোমালোকলৈ শক্তিৰ অতিৰিক্ত পৰীক্ষা ঘটিবলৈ নিদিব; কিন্তু যাতে তোমালোকে সহিব পাৰিবা, তাৰ কাৰণে পৰীক্ষাই সৈতে সাৰিবৰ উপায়ো কৰিব।” (১ কৰিন্থীয়া ১০:১৩) আমি বিশ্বাস কৰিব পাৰোঁ যে যিহোৱাই আমাক সঠিক কাম কৰিবলৈ সাহস দিব। তেওঁ আমাক সমস্যাৰ সময়ত ধৈৰ্য্য ধৰিবলৈ “শক্তিৰ বাহুল্যতা” প্ৰদান কৰে। (২ কৰিন্থীয়া ৪:৭) সমস্যাৰ সময়ত যিহোৱা ঈশ্বৰে পৌলক সহায় কৰিছিল। সেইবাবে, তেওঁ কৈছিল, “মোক শক্তি দিয়া জনাত থাকি, মই সকলো বিষয়ত বলৱান হৈছোঁ।”—ফিলিপীয়া ৪:১৩.

যিহোৱাই প্ৰেম কৰা কামবোৰক প্ৰেম কৰক

২০. আমি যিহোৱাৰ কোনবোৰ গুণ অনুকৰণ কৰা উচিত আৰু কিয়?

২০ যদি আমি যিহোৱাৰ বন্ধু হ’ব বিচাৰোঁ, তেন্তে যিহোৱাই ঘিণ কৰা কামবোৰক আমি ত্যাগ কৰা উচিত। কিন্তু আমি আৰু কিবা কৰাৰ প্ৰয়োজন আছে। (ৰোমীয়া ১২:৯) ঈশ্বৰৰ বন্ধুসকলে ঈশ্বৰে প্ৰেম কৰা কামবোৰক প্ৰেম কৰে। ইয়াৰ বিষয়ে গীতমালা ১৫:১-৫ পদত উল্লেখ আছে। (পঢ়ক।) যিহোৱাৰ বন্ধুসকলে তেওঁৰ গুণবোৰক অনুকৰণ কৰে। এই গুণবোৰ হৈছে, “প্ৰেম, আনন্দ, শান্তি, চিৰসহিষ্ণুতা, মৰম, মঙ্গলভাব, বিশ্বাস, মৃদু-ভাব, ইন্দ্ৰিয়-দমন।”—গালাতীয়া ৫:২২, ২৩.

২১. আপুনি যিহোৱাৰ দৰে গুণ দেখুৱাবলৈ কেনেকৈ শিকিব পাৰে?

২১ আপুনি এই গুণবোৰ দেখুৱাবলৈ কেনেকৈ শিকিব পাৰে? যিহোৱাই প্ৰেম কৰা বিষয়বোৰ আপুনি জনা উচিত। ইয়াৰ বিষয়ে আপুনি প্ৰতিদিনে বাইবেল পঢ়া আৰু অধ্যয়ন কৰাৰ যোগেদি শিকিব পাৰে। (যিচয়া ৩০:২০, ২১) এনে কৰিলে, যিহোৱাৰ প্ৰতি আপোনাৰ প্ৰেম বাঢ়িব। তেওঁৰ প্ৰতি আপোনাৰ প্ৰেম বাঢ়িলে, তেওঁৰ আজ্ঞা পালন কৰিবলৈ আপোনাৰ ইচ্ছাও বাঢ়িব।

২২. যিহোৱাৰ আজ্ঞা পালন কৰিলে কি পৰিণাম হ’ব?

২২ আপোনাৰ জীৱন পৰিৱৰ্তন কৰাৰ তুলনা, কাপোৰ সলনি কৰা লগত কৰিব পাৰি। এয়া এনে হয় যেন আপুনি পুৰণি কাপোৰ সলনি কৰি নতুন কাপোৰ পিন্ধিছে। বাইবেলে উল্লেখ কৰিছে যে “পুৰাতন পুৰুষক” সলনি কৰি “নতুন পুৰুষ” পিন্ধাৰ প্ৰয়োজন আছে। (কলচীয়া ৩:৯, ১০) যদিও এনে কৰা সহজ নহয়, তথাপিও এনে কৰিলে আৰু যিহোৱাৰ আজ্ঞা পালন কৰিলে, তেওঁ প্ৰতিজ্ঞা কৰিছে যে আমাৰ “পৰম লাভ” হ’ব। (গীতমালা ১৯:১১) যিহোৱাৰ আজ্ঞা পালন কৰিবলৈ আৰু চয়তানক মিছলীয়া বুলি প্ৰমাণ কৰিবলৈ নিৰ্ণয় লওক। যিহোৱাৰ উপাসনা কৰক, কিন্তু ভৱিষ্যতে পুৰস্কাৰ লাভ কৰিবলৈ নহয়, কিন্তু তেওঁক প্ৰেম কৰাৰ বাবে কৰক। নিস্বাৰ্থ প্ৰেম দেখুৱাওক, তেতিয়াহে আপুনি যিহোৱাৰ প্ৰকৃত বন্ধু হ’ব পাৰিব।

a ইয়াৰ অৰ্থ এইটো নহয় যে যিসকল লোকে আপোনাৰ বিৰোধ কৰে, তেওঁলোকক চয়তানে নিয়ন্ত্ৰণ কৰে। কিন্তু চয়তান ‘এই যুগৰ দেৱতা’ হয় আৰু “গোটেই জগত পাপ-আত্মাৰ অধীনত থাকে।” সেইবাবে, যদি কোনোবাই আমাক যিহোৱাৰ উপাসনা কৰিবলৈ বাধা দিয়ে, তেন্তে এয়া কোনো আচৰিত কথা নহয়।—২ কৰিন্থীয়া ৪:৪; ১ যোহন ৫:১৯.