Skip to content

Skip to table of contents

অধ্যায় ২০

যীচু খ্ৰীষ্টক হত্যা কৰা হয়

যীচু খ্ৰীষ্টক হত্যা কৰা হয়

যীচুয়ে এক নতুন পৰ্ব্ব স্থাপন কৰে। তেওঁক বিশ্বাসঘাত কৰি হত্যা কৰা হয়

যীচু খ্ৰীষ্টই চাৰে তিনি বছৰ ধৰি ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে ঘোষণা কৰে আৰু শিক্ষা দিয়ে। যীচুয়ে জানিছিল যে পৃথিৱীত জীয়াই থকাৰ তেওঁৰ অন্তিম সময় উপস্থিত হৈছে। যিহূদী ধৰ্ম্মগুৰুসকলে তেওঁক হত্যা কৰিবলৈ ষড়যন্ত্ৰ কৰিছিল। লোকসকললৈ ভয় কৰি তেওঁলোকে যীচুক হত্যা কৰা নাছিল। কিয়নো লোকসকলে যীচুক এক ভৱিষ্যতবক্তা বুলি বিশ্বাস কৰিছিল। ইতিমধ্যে, চয়তানে যীচুৰ এজন শিষ্যক বিশ্বাসঘাত কৰিবলৈ প্ৰভাৱিত কৰে আৰু তাৰ নাম হৈছে ঈষ্কৰিয়োতীয়া যিহূদা। যিহূদাই ত্ৰিশ চেকল ৰূপৰ বিনিময়ত যীচুক বিশ্বাসঘাতকতা কৰে।

জীৱনৰ অন্তিম ৰাতি যীচুয়ে নিজৰ শিষ্যসকলক একত্ৰিত কৰি নিস্তাৰ পৰ্ব্ব পালন কৰে। যিহূদাক বাহিৰলৈ পঠিয়াই যীচুয়ে প্ৰভুৰ ভোজ স্থাপন কৰে। তেওঁ পিঠা লৈ ঈশ্বৰক প্ৰাৰ্থনা কৰিলে আৰু নিজৰ ১১ জন শিষ্যৰ মাজত ইয়াক ভগাই দিলে। ইয়াৰ পাছত যীচুয়ে এইদৰে কৈছিল: “এয়ে তোমালোকৰ নিমিত্তে দান কৰা মোৰ শৰীৰ; মোক সুৱৰিবলৈ ইয়াকে কৰা।” তাৰ পাছত তেওঁ পাণ-পাত্ৰ লৈ প্ৰাৰ্থনা কৰিলে আৰু শিষ্যসকলৰ মাজত ভগাই দিলে। তেওঁ এইদৰে কৈছিল: “মোৰ তেজৰ দ্বাৰাই হোৱা যি নতুন নিয়ম, এই পাত্ৰ সেয়ে।”—লূক ২২:১৯, ২০.

যীচুয়ে সেই ৰাতি নিজৰ শিষ্যসকলক বহুতো কথা কʼবলগীয়া আছিল। যীচুয়ে তেওঁলোকক এক নতুন আজ্ঞা দিছিল। এই আজ্ঞা হৈছে এজনে-আনজনক নিস্বাৰ্থভাৱে প্ৰেম কৰা। তেওঁ কৈছিল: “তোমালোকে যদি পৰস্পৰৰ মাজত প্ৰেম ৰাখা, তেন্তে তোমালোক যে মোৰ শিষ্য, ইয়াক তাৰ দ্বাৰাই সকলোৱে জানিব।” (যোহন ১৩:৩৪, ৩৫) ভৱিষ্যতে হʼবলগীয়া অদ্ভুত আৰু ভয়ানক ঘটনাবোৰৰ বাবে যাতে তেওঁলোকে ভয় নাখায়, তাৰ বাবে যীচুয়ে তেওঁলোকক উৎসাহিত কৰিছিল। যীচুয়ে শিষ্যসকলৰ বাবে আন্তৰিকতাৰে প্ৰাৰ্থনা কৰিছিল। ইয়াৰ পাছত তেওঁলোকে একেলগে যিহোৱালৈ গীত গায় আৰু গেৎচিমানী নামেৰে ঠাইখনলৈ যাত্ৰা কৰে।

গেৎচিমানী বাগিচাত উপস্থিত হৈ যীচুয়ে আঁঠু কাঢ়ি যিহোৱালৈ আন্তৰিকতাৰে প্ৰাৰ্থনা কৰিবলৈ ধৰিলে। তাৰ অলপ পাছত সৈনিক, পুৰোহিত আৰু লোকসমূহৰ এটা দলে তেওঁক বন্দী কৰিবলৈ আহিল। লোকসমূহৰ এই দলৰপৰা বিশ্বাসঘাতক যিহূদা আগবাঢ়ি আহে আৰু যীচুক যাতে সৈনিক আৰু পুৰোহিতসকলে চিনাক্ত কৰিব পাৰে তাৰ বাবে সি যীচুক এটা চুমা খালে। সৈনিকসকলে যীচুক বন্দী কৰাৰ সময়ত শিষ্যসকলে তাৰপৰা পলাই আঁতিৰ গʼল।

যিহূদীসকলৰ মহাসভাত উপস্থিত হৈ যীচুয়ে নিজক ঈশ্বৰৰ পুত্ৰ বুলি পৰিচয় দিয়ে। ঈশ্বৰ-নিন্দাৰ বাবে মহাসভায়ে যীচুক দোষী সাব্যস্ত কৰে আৰু মৃত্যুৰ যোগ্য বুলি গণ্য কৰে। তাৰ পাছত যীচুক ৰোমান ৰাজ্যপাল পন্তীয় পীলাতৰ ওচৰলৈ লৈ যোৱা হয়। যীচু যে নিৰ্দ্দোষী হয় তাক পীলাতে জানিছিল কিন্তু যীচুৰ মৃত্যুৰ বাবে দাবী কৰা ক্ৰুদ্ধ জনতাৰ আগত সেও পৰি, পীলাতে যীচুৰ প্ৰাণদণ্ডৰ আদেশ দিলে।

যীচুক গল্‌গথা নামৰ এখন ঠাইলৈ লৈ যোৱা হয় আৰু তাত তেওঁক গজাল মাৰি কাঠত আঁৰি ৰখা হয়। সেই সময়ছোৱাত এক আচৰিত ঘটনা ঘটে। দুপৰীয়া সময়ত গোটেই অঞ্চলত আন্ধাৰে ঢাকি ধৰে। সেই আবেলি যীচুয়ে প্ৰাণ ত্যাগ কৰে আৰু এক বৰ ভূমিকম্প হয়। যীচুৰ মৃতদেহ এটা গুহাত ৰখা হয়। পাছদিনাখন পুৰোহিতসকলে কবৰৰ মুখখন ঢাকিলে আৰু এজন সৈনিকক পহৰাৰ বাবে ব্যৱস্থা কৰিলে। যীচুয়ে এই গুহাত সদায় দিনৰ বাবে থাকিবনে? কেতিয়াও নহয়। সেই সময়ত এক আচৰিত কাৰ্য্য হʼবলগীয়া আছিল।

—এই অংশ মথি ২৬ আৰু ২৭ অধ্যায়; মাৰ্ক ১৪ আৰু ১৫ অধ্যায়; লূক ২২ আৰু ২৩ অধ্যায়, যোহন ১২ পৰা ১৯ অধ্যায়ৰ আধাৰত।

a যীচুয়ে মুক্তিপণৰূপে মানৱ জাতিৰ বাবে যি বলিদান দিলে, তাৰ বিষয়ে অধিক জানিবলৈ, বাইবেলে প্ৰকৃততে কি শিকায়? নামৰ কিতাপখনৰ পাঁচ অধ্যায়ত চাওক।