Skip to content

Skip to table of contents

চৈধ্য অধ্যায়

আপোনাৰ পাৰিবাৰিক জীৱন কেনেকৈ সুখী কৰিব

আপোনাৰ পাৰিবাৰিক জীৱন কেনেকৈ সুখী কৰিব
  • এজন ভাল স্বামী হʼবলৈ কিহৰ প্ৰয়োজন?

  • এগৰাকী মহিলাই কেনেকৈ ভাল পত্নী হʼব পাৰে?

  • ভাল পিতৃ-মাতৃ হʼবলৈ কিহৰ প্ৰয়োজন?

  • পাৰিবাৰিক জীৱন সুখী কৰি তুলিবলৈ, লʼৰা-ছোৱালীয়ে কি যোগদান দিব পাৰে?

১. পাৰিবাৰিক সুখৰ ৰহস্য কি?

 যিহোৱা ঈশ্বৰে আপোনাৰ পাৰিবাৰিক জীৱন সুখী হোৱাটো বিচাৰে। ঈশ্বৰৰ বাক্য বাইবেলত, পৰিয়ালৰ প্ৰত্যেক সদস্যৰ ভূমিকাৰ বিষয়ে বৰ্ণনা আছে। পৰিয়ালৰ প্ৰত্যেক সদস্যই তেওঁলোকৰ নিজৰ ভূমিকা পালন কৰাটো ঈশ্বৰে বিচাৰে। ঈশ্বৰৰ বাক্যৰ অনুসৰি যেতিয়া পৰিয়ালৰ প্ৰত্যেক সদস্যই তেওঁলোকৰ নিজৰ ভূমিকা পালন কৰিব, তেতিয়া ইয়াৰ পৰিণাম বৰ সুখ আৰু আনন্দৰ হʼব। ইয়াৰ বিষয়ে যীচুৱে কৈছিল: “যিবিলাকে ঈশ্বৰৰ বাক্য শুনি পালন কৰে, তেওঁবিলাকহে ধন্য।”—লূক ১১:২৮.

২. পৰিয়ালৰ সুখ আৰু শান্তি কিহৰ ওপৰত নিৰ্ভৰ কৰে?

পাৰিবাৰিক জীৱনৰ উদ্ভাৱক হৈছে যিহোৱা ঈশ্বৰ। তেওঁৰ বিষয়ে ভালদৰে জনাৰ ওপৰত আমাৰ পাৰিবাৰিক জীৱনৰ সুখ নিৰ্ভৰ কৰে। যীচু খ্ৰীষ্টই তেওঁক ‘আমাৰ পিতৃ’ বুলি উল্লেখ কৰিছে। (মথি ৬:৯) আজি পৃথিৱীত থকা সকলো পৰিয়াল যিহোৱা ঈশ্বৰৰ দ্বাৰা অস্তিত্বত আছে। গতিকে তেওঁ নিশ্চয় জানে যে পৰিয়ালৰ সুখ আৰু শান্তিৰ বাবে কিহৰ প্ৰয়োজন। (ইফিচীয়া ৩:১৪, ১৫) পৰিয়ালৰ সুখ আৰু শান্তিৰ বাবে প্ৰত্যেক সদস্যৰ ভূমিকা কি, আহক আমি তাৰ বিষয়ে আলোচনা কৰোঁ।

পৰিয়াল জীৱনৰ আৰম্ভণি ঈশ্বৰে কৰিছে

৩. মানৱ পৰিয়ালৰ আৰম্ভণিৰ বিষয়ে বাইবেলে কি কৈছে, আৰু ই সত্য বুলি আমি কেনেকৈ কʼব পাৰোঁ?

যিহোৱা ঈশ্বৰে প্ৰথমে আদম আৰু হৱাক সৃষ্টি কৰিলে আৰু তাৰ পাছত তেওঁলোকক বিবাহ পাশত আবদ্ধ কৰালে। ইয়াৰ পাছত যিহোৱা ঈশ্বৰে তেওঁলোকক এদন নামৰ এখন সুন্দৰ বাগিচাত থাকিবলৈ ব্যৱস্থা কৰিলে। ঈশ্বৰে তেওঁলোকক লʼৰা-ছোৱালী হʼবলৈ আশীৰ্ব্বাদ দি এইদৰে কৈছিল, “তোমালোক বহুবংশ হোৱা, আৰু বাঢ়ি বাঢ়ি পৃথিবীখন পৰিপূৰ্ণ কৰা, আৰু তাক বশীভূত কৰা।” (আদিপুস্তক ১:২৬-২৮; ২:১৮, ২১-২৪) এইবোৰ কোনো গল্প বা সাধু-কথা নহয়। যীচুৱে এই পৃথিৱীত থাকোঁতে আদিপুস্তক কিতাপৰ সত্যতাৰ বিষয়ে উল্লেখ কৰিছিল। (মথি ১৯:৪, ৫) আজি আমাৰ জীৱনত বহুতো সমস্যাৰ সন্মুখীন হʼবলগীয়া হৈছে আৰু ঈশ্বৰৰ উদ্দেশ্যৰ অনুসৰি পৰিয়ালত সুখ আৰু শান্তি দেখা পোৱা নাযায়। কিন্তু সমস্যাৰ মাজতো কেনেকৈ পাৰিবাৰিক জীৱন সুখ আৰু আনন্দেৰে গঢ়ি তুলিব পাৰি, আহক আমি তাৰ বিষয়ে চাওঁ।

৪. (ক) পৰিয়ালৰ সুখ আৰু আনন্দৰ বাবে প্ৰত্যেক সদস্যই কি কৰিব পাৰে? (খ) পৰিয়ালৰ সুখ আৰু শান্তিৰ বাবে কিয় যীচুৰ জীৱনী অধ্যয়ন কৰা প্ৰয়োজন?

যিহোৱা ঈশ্বৰে যেনেকৈ প্ৰেম প্ৰদৰ্শন কৰিছে, সেইদৰে পৰিয়ালৰ প্ৰত্যেক সদস্যই যদি ঈশ্বৰৰ এই গুণ অনুকৰণ কৰে, তেনেহʼলে তেওঁলোকে পৰিয়াল জীৱন সুখী কৰি তুলিব পাৰিব। (ইফিচীয়া ৫:১, ২) এতিয়া প্ৰশ্ন হʼব পাৰে যে যিহেতু আমি ঈশ্বৰক কেতিয়াও দেখা নাই, তেনেহʼলে আমি তেওঁক কেনেকৈ অনুকৰণ কৰিব পাৰিম? আমি যিহোৱাৰ বিষয়ে ভালদৰে জানিবলৈ তেওঁ নিজৰ একমাত্ৰ পুত্ৰক স্বৰ্গৰপৰা এই পৃথিৱীলৈ পঠিয়ালে। (যোহন ১:১৪, ১৮) তেওঁৰ এই পুত্ৰই পৃথিৱীত থাকোঁতে পিতৃৰ গুণবোৰ প্ৰদৰ্শন কৰিছিল। পুত্ৰৰ কাৰ্য্য আৰু বাক্যবোৰৰপৰা এনে লাগিছিল, যেন যিহোৱাই নিজেই এইবোৰ কৰিছে। (যোহন ১৪:৯) গতিকে, যীচুৱে প্ৰদৰ্শন কৰা প্ৰেমৰ বিষয়ে শিকা আৰু তেওঁ দেখুৱাই যোৱা আৰ্হি অনুকৰণ কৰাৰ যোগেদি আমি প্ৰত্যেকেই আমাৰ পৰিয়াল জীৱন সুখী কৰি তুলিব পাৰিম।

স্বামীসকলৰ বাবে এক আদৰ্শ

৫, ৬. (ক) যীচুৱে নিজৰ শিষ্যসকলক যেনেকৈ চোৱা-চিতা কৰিছিল, তাৰ দ্বাৰা তেওঁ স্বামীসকলৰ বাবে কি উদাহৰণ ৰাখিলে? (খ) ক্ষমা পাবলৈ কি কৰা উচিত?

বাইবেলত বৰ্ণনা কৰিছে যে যীচু খ্ৰীষ্টই নিজৰ শিষ্যসকলক যেনেকৈ চোৱা-চিতা কৰিছিল, ঠিক সেইদৰে স্বামীয়েও নিজ পত্নীক চোৱা-চিতা কৰা উচিত। বাইবেলৰ এই উপদেশলৈ লক্ষ্য কৰক: “হে পুৰুষবিলাক, খ্ৰীষ্টে যেনেকৈ মন্ডলীক প্ৰেম কৰিলে আৰু তাৰ কাৰণে নিজকে শোধাই দিলে, তেনেকৈ তোমালোকেও নিজ নিজ ভাৰ্য্যাক প্ৰেম কৰা। . . . সেই দৰে স্বামীবিলাকেও নিজ নিজ ভাৰ্য্যাক, নিজ নিজ শৰীৰ বুলি প্ৰেম কৰা উচিত। যি জনে নিজ ভাৰ্য্যাক প্ৰেম কৰে, তেওঁ নিজকেই প্ৰেম কৰে। কিয়নো কোনেও নিজ মাংসক কেতিয়াও ঘিণোৱা নাই; কিন্তু তাক পোহন-পালনহে কৰিছে; খীষ্টেও মন্ডলীক সেই দৰে কৰে।”—ইফিচীয়া ৫:২৩, ২৫-৩০.

যীচু খ্ৰীষ্টই তেওঁৰ শিষ্যসকলৰ প্ৰতি যিদৰে প্ৰেম দেখুৱাইছিল সেয়া হৈছে স্বামীসকলৰ বাবে এক উত্তম উদাহৰণ। শিষ্যসকল অসিদ্ধ হোৱাৰ সত্ত্বেও, যীচুৱে “তেওঁবিলাকক শেষলৈকে প্ৰেম কৰিলে” আৰু তেওঁলোকৰ বাবে নিজৰ প্ৰাণ উৎসৰ্গা কৰিলে। (যোহন ১৩:১; ১৫:১৩) ঠিক সেইদৰে, স্বামীসকলক উৎসাহিত কৰা হৈছে: “তোমালোকে নিজ নিজ ভাৰ্য্যাক প্ৰেম কৰা, আৰু তেওঁবিলাকলৈ তিতা ব্যৱহাৰ নকৰিবা।” (কলচীয়া ৩:১৯) যেতিয়া পত্নীয়ে স্বামীৰ ইচ্ছা অনুসৰি কাম কৰিবলৈ ব্যৰ্থ হৈ পৰে, তেতিয়া এই উপদেশে স্বামীক কেনেকৈ সহায় কৰিব? স্বামীয়ে মনত ৰখা উচিত যে কেতিয়াবা তেওঁ নিজেও ভুল কৰে আৰু ঈশ্বৰৰপৰা ক্ষমা পাবলৈ তেওঁ কি কৰিব। ইয়াৰ অৰ্থ কি? তেওঁৰ বিৰুদ্ধে ভুল কৰা সকলক ক্ষমা কৰিব লাগে আৰু যদি তেওঁৰ পত্নীয়ে ভুল কৰে, তেনেহʼলে তাইকো ক্ষমা কৰা উচিত। ঠিক সেইদৰে, স্বামীয়ে কিবা ভুল কৰিলে, পত্নীয়েও তেওঁক ক্ষমা কৰা উচিত। (মথি ৬:১২, ১৪, ১৫ পঢ়ক।) এষাৰ কথা আছে যে সফল বিবাহ হৈছে দুজন ব্যক্তিৰ মিলন, যিয়ে আনন্দেৰে এজনে-আনজনক ক্ষমা কৰে।

৭. যীচুৱে কিহৰ প্ৰতি মনোযোগ দিছিল আৰু ই কিয় স্বামীসকলৰ বাবে এক উদাহৰণ?

স্বামীয়ে মনত ৰখা উচিত যে যীচুৱে তেওঁৰ শিষ্যসকলৰ আৱশ্যকতাৰ প্ৰতিও ধ্যান দিছিল। যীচুৱে শিষ্যসকলৰ কাৰ্য্যক্ষমতা আৰু শাৰীৰিক আৱশ্যকতাৰ প্ৰতি মনোযোগ দিছিল। উদাহৰণস্বৰূপে, এবাৰ যেতিয়া শিষ্যসকলে ভাগৰি পৰিছিল যীচুৱে তেওঁলোকক কৈছিল: “তোমালোকে অকলেই নিৰ্জ্জন ঠাইলৈ আহি, কিছুকাল বিশ্ৰাম কৰা।” (মাৰ্ক ৬:৩০-৩২) ঠিক সেইদৰে, স্বামীয়ে নিজৰ পত্নীৰ আৱশ্যকতাৰ প্ৰতি মনোযোগ দিয়া উচিত। বাইবেলে পত্নীসকলক “দুৰ্ব্বল ভাণ্ড” বুলি উল্লেখ কৰিছে আৰু তেওঁলোকক “সমাদৰ” কৰিবলৈ স্বামীসকলক আজ্ঞা দিছে। এনে কিয় বাৰু? কাৰণ স্বামী আৰু পত্নী উভয়কে ঈশ্বৰে ‘জীৱনৰূপ অনুগ্ৰহ’ প্ৰদান কৰিছে। (১ পিতৰ ৩:৭) স্বামীয়ে সদায় মনত ৰখা উচিত যে পুৰুষেই হওক বা স্ত্ৰীয়ে হওক, ইয়াক ঈশ্বৰৰ দৃষ্টিত বহুমূলীয়া কৰি নোতোলে, কিন্তু এজন ব্যক্তিৰ বিশ্বাসে ঈশ্বৰৰ দৃষ্টিত বহুমূলীয়া কৰি তোলে।—গীতমালা ১০১:৬.

৮. (ক) “যি জনে নিজ ভাৰ্য্যাক প্ৰেম কৰে, তেওঁ নিজকেই প্ৰেম কৰে” ইয়াৰ অৰ্থ কি? (খ) স্বামী আৰু পত্নীৰ বাবে “এক-দেহ” হোৱাৰ অৰ্থ কি?

বাইবেলে বৰ্ণনা কৰিছে যে “যি জনে নিজ ভাৰ্য্যাক প্ৰেম কৰে, তেওঁ নিজকেই প্ৰেম কৰে।” কাৰণ, এজন পুৰুষ আৰু তেওঁৰ পত্নী “তেওঁলোক আৰু দুজন নহয়, কিন্তু এক-দেহ।” (মথি ১৯:৬) গতিকে, পতি-পত্নীয়ে মনত ৰখা উচিত যে যৌন সম্পৰ্ক কেৱল মাত্ৰ তেওঁলোকৰ মাজতহে সীমিত ৰখা উচিত। (হিতোপদেশ ৫:১৫-২১; ইব্ৰী ১৩:৪) তেওঁলোকে নিজৰ স্বাৰ্থৰ প্ৰতি ধ্যান দিয়াৰ পৰিৱৰ্তে, এজনে-আনজনৰ আৱশ্যকতাৰ প্ৰতি ধ্যান দিয়া উচিত। (১ কৰিন্থীয়া ৭:৩-৫) এই কথাফাঁকিলৈ মনোযোগ দিয়কচোন: “কিয়নো কোনেও নিজ মাংসক কেতিয়াও ঘিণোৱা নাই; কিন্তু তাক পোহন-পালনহে কৰিছে।” স্বামীয়ে নিজৰ শৰীৰক যেনেকৈ ভাল পায়, ঠিক সেইদৰে তেওঁ নিজৰ পত্নীকো ভাল পোৱা উচিত। স্বামীসকলে মনত ৰখা উচিত যে তেওঁলোকৰ মুৰব্বী হৈছে যীচু খ্ৰীষ্ট আৰু তেওঁক কৈফিয়ৎ দিব লাগিব।—ইফিচীয়া ৫:২৯; ১ কৰিন্থীয়া ১১:৩.

৯. ফিলিপীয়া ১:৮ পদত যীচুৰ কি গুণৰ বিষয়ে উল্লেখ কৰিছে, আৰু স্বামীয়ে পত্নীৰ প্ৰতি কিয় এই গুণ প্ৰদৰ্শন কৰা উচিত?

পাঁচনি পৌলে ‘যীচু খ্ৰীষ্টৰ স্নেহৰ’ বিষয়েও বৰ্ণনা কৰিছে। (ফিলিপীয়া ১:৮) যীচুৰ এই গুণ বিশেষকৈ তেওঁৰ শিষ্য হোৱা মহিলাসকলক আকৰ্ষণ কৰিছিল। (যোহন ২০:১, ১১-১৩, ১৬) ঠিক সেইদৰে, পত্নীসকলেও নিজৰ স্বামীৰপৰা মৰম-স্নেহ আশা কৰে।

পত্নীসকলৰ বাবে এক উদাহৰণ

১০. পত্নীসকলৰ বাবে যীচুৱে কি উদাহৰণ ৰাখিলে?

১০ পৰিয়াল হৈছে এটা সংগঠনৰ নিচিনা আৰু আমি জানো যে এটা সংগঠন ভালদৰে পৰিচালিত হʼবলৈ এজন মুৰব্বীৰ প্ৰয়োজন। যীচু খ্ৰীষ্টৰো এজন মুৰব্বী আছে আৰু তেওঁ সেইজনাৰ অধীনত থাকে। বাইবেলে উল্লেখ কৰিছে যে “পুৰুষ যে তিৰোতাৰ মূৰস্বৰূপ” ঠিক সেইদৰে, “ঈশ্বৰ খ্ৰীষ্টৰ মূৰস্বৰূপ।” (১ কৰিন্থীয়া ১১:৩) যীচুৱে ঈশ্বৰৰ অধীনত থাকি আমাৰ সকলোৰে বাবে এক ভাল উদাহৰণ ৰাখিলে। আমাৰ সকলোৰে এজন মুৰব্বী আছে, গতিকে আমি তেওঁৰ অধীনত থাকিব লাগে।

১১. এগৰাকী পত্নীয়ে স্বামীৰ প্ৰতি কেনে দৃষ্টি ৰখা উচিত, আৰু তাইৰ আচাৰ-ব্যৱহাৰে স্বামীক কেনেকৈ প্ৰভাৱিত কৰিব পাৰে?

১১ অসিদ্ধ হোৱাৰ বাবে স্বামীয়েও কেতিয়াবা ভুল কৰিব পাৰে আৰু পৰিয়ালৰ মুৰব্বী হোৱাৰ যিবোৰ গুণ আছে সেইবোৰ দেখুৱাবলৈ ব্যৰ্থ হʼব পাৰে। এনে অৱস্থাত এগৰাকী পত্নীয়ে কি কৰা উচিত? পত্নীয়ে কেতিয়াও নিজৰ স্বামীক হেয়জ্ঞান কৰা উচিত নহয় আৰু মুৰব্বীৰ যি দায়িত্ব স্বামীৰ ওপৰত আছে, তাক নিজে লʼব নালাগে। তাইক মনত ৰখা উচিত যে ঈশ্বৰৰ দৃষ্টিত শান্ত আৰু নম্ৰ স্বভাৱ বহুমূলীয়া। (১ পিতৰ ৩:৪) এনে গুণ প্ৰদৰ্শন কৰাৰ যোগেদি পত্নীয়ে যিকোনো পৰিস্থিতিতে ঈশ্বৰীয় অধীনতা দেখুৱাব পাৰে। ইয়াৰ উপৰিও বাইবেলে কৈছে যে “ভাৰ্য্যাই স্বামীলৈ ভয় [“গভীৰ সন্মান,” NW ] ৰাখক।” (ইফিচীয়া ৫:৩৩) এতিয়া প্ৰশ্ন হʼব পাৰে যে যদি স্বামী, যিহোৱাৰ সাক্ষী নহয় আৰু তেওঁ পৰিয়ালৰ মুৰব্বীৰ দায়িত্ব লʼব নিবিচাৰে, এনে পৰিস্থিতিত পত্নীয়ে কি কৰা উচিত? ইয়াৰ উত্তৰ বাইবেলে এইদৰে দিছে: “হে ভাৰ্য্যাবিলাক, তোমালোক নিজ নিজ স্বামীৰ বশীভূত হোৱা; বিশেষ, তেওঁবিলাকৰ কোনো কোনোৱে যদিও ঈশ্বৰৰ বাক্য অমান্য কৰে, তথাপি নিজ নিজ ভাৰ্য্যাৰ আচাৰ-ব্যৱহাৰৰ দ্বাৰাই, অৰ্থাৎ তোমালোকৰ ভয়যুক্ত [“গভীৰ সন্মান,” NW ] শুচি আচাৰ-ব্যৱহাৰ দেখিলে, তাৰ দ্বাৰাই বিনাবাক্যেৰে যেন তেওঁবিলাকক পোৱা যায়, এই কাৰণে বশীভূত হোৱা।”—১ পিতৰ ৩:১, ২.

১২. পত্নীয়ে যদি স্বামীক কৌশলেৰে নিজৰ মতামত আগবঢ়ায়, তেনেহʼলে ই কিয় তেওঁক অসন্মান কৰা নুবুজায়?

১২ কেতিয়াবা আকৌ কিছুমান বিষয়ত স্বামী আৰু পত্নী একমত নহʼবও পাৰে। স্বামীয়ে যিহোৱাৰ সাক্ষী হওক বা নহওক, তাই কিন্তু কৌশলেৰে নিজৰ মতামত দিব পাৰে আৰু এনে কৰিলে তাই স্বামীক অসন্মান কৰা নুবুজায়। পত্নীৰ মতামত হয়তো ভাল হʼব পাৰে আৰু গোটেই পৰিয়ালৰ লোকসকলে ইয়াৰপৰা লাভৱান হʼব পাৰে। এই ঘটনালৈ লক্ষ্য কৰক। পৰিয়ালত হোৱা এক সমস্যাৰ সমাধানৰ বাবে অব্ৰাহামৰ পত্নী চাৰাই এক ব্যৱহাৰিক মতামত আগবঢ়ালে, কিন্তু অব্ৰাহামে চাৰাৰ এই মতামত পছন্দ নকৰিলে। তেতিয়া ঈশ্বৰে অব্ৰাহামক কি কৈছিল তালৈ লক্ষ্য কৰক: “চাৰাই তোমাক কোৱা সকলো কথা তুমি শুনা।” (আদিপুস্তক ২১:৯-১২ পঢ়ক।) এইটো সত্য যে পৰিয়ালৰ মুৰব্বী হোৱাৰ বাবে স্বামীয়ে যিকোনো বিষয়ৰ চূড়ান্ত সিদ্ধান্ত লয়। যদি এই সিদ্ধান্ত ঈশ্বৰৰ নিয়মৰ বিৰুদ্ধে নহয়, তেনেহʼলে পত্নীয়ে স্বামীৰ সিদ্ধান্তক সম্পূৰ্ণৰূপে সমৰ্থন কৰা উচিত।—পাঁচনিৰ কৰ্ম্ম ৫:২৯; ইফিচীয়া ৫:২৪.

চাৰাই পত্নীসকলৰ বাবে কি ভাল উদাহৰণ ৰাখিলে?

১৩. (ক) তীত ২:৪ আৰু ৫ পদত বিবাহিত তিৰোতাসকলক কি কৰিবলৈ উৎসাহিত কৰিছে? (খ) স্বামী আৰু পত্নীয়ে পৃথকে থকা বা বিবাহ বিচ্ছেদৰ বিষয়ে বাইবেলে কি কৈছে?

১৩ পত্নীয়ে নিজৰ দায়িত্ব বুজি পৰিয়ালৰ লোকসকলৰ বাবে বহু কিছু কৰিব পাৰে। উদাহৰণস্বৰূপে, বিবাহিত তিৰোতাসকলৰ দায়িত্বৰ বিষয়ে বাইবেলে এইদৰে বৰ্ণনা কৰিছে, তেওঁলোক ‘পতি-প্ৰিয়া, সন্তান-প্ৰিয়া, বিবেচক, সতী, ঘৰ ধৰোঁতা, সুস্বভাৱী, আৰু নিজ নিজ স্বামীৰ বশীভূত’ হোৱা উচিত। (তীত ২:৪, ৫) যদি এগৰাকী পত্নী আৰু মাকে এইদৰে নিজৰ দায়িত্ব পালন কৰে, তেনেহʼলে তাইৰ প্ৰতি পৰিয়ালৰ আন সদস্যসকলৰ প্ৰেম আৰু সন্মান বাঢ়িব। (হিতোপদেশ ৩১:১০, ২৮ পঢ়ক।) বিবাহ হৈছে দুজন অসিদ্ধ ব্যক্তিৰ মিলন আৰু এই অসিদ্ধতাৰ বাবে কেতিয়াবা কিছুমান সমস্যা হʼবও পাৰে। কিন্তু কিছুমান লোকে এই সৰু-সুৰা সমস্যাবোৰৰ বাবে পৃথকে থাকিবলৈ বা বিবাহ বিচ্ছেদ কৰিবলৈ নিৰ্ণয় লয়। এইটো সত্য যে বাইবেলে কিছুমান বিশেষ কাৰণৰ বাবে স্বামী আৰু পত্নীক পৃথকে থাকিবলৈ অনুমতি দিছে। কিন্তু স্বামী আৰু পত্নীয়ে এজনে-আনজনৰপৰা পৃথকে থকা বিষয়টো সহজভাৱে লোৱা উচিত নহয়। বাইবেলে আমাক পৰামৰ্শ দিছে, “ভাৰ্য্যাই স্বামীক ত্যাগ নকৰক . . . স্বামীয়েও ভাৰ্য্যাক ত্যাগ নকৰক।” (১ কৰিন্থীয়া ৭:১০, ১১) স্বামী বা পত্নীয়ে যদি ব্যভিচাৰ কৰে, তেনেহʼলে সেয়া হৈছে বিবাহ বিচ্ছেদৰ একমাত্ৰ শাস্ত্ৰীয় আধাৰ।—মথি ১৯:৯.

পিতৃ-মাতৃৰ বাবে এক উত্তম উদাহৰণ

১৪. যীচুৱে সৰু লʼৰা-ছোৱালীবিলাকৰ লগত কেনে আচৰণ কৰিছিল, আৰু পিতৃ-মাতৃয়ে লʼৰা-ছোৱালীক কি দিয়াৰ প্ৰয়োজন?

১৪ যীচুৱে যি ধৰণে সৰু লʼৰা-ছোৱালীৰ লগত আচৰণ কৰিছিল, সেয়া পিতৃ-মাতৃৰ বাবে এক উত্তম উদাহৰণ। যেতিয়া লোকসকলে সৰু সৰু লʼৰা-ছোৱালীবিলাকক যীচুৰ ওচৰলৈ আহিবলৈ বাধা দিছিল, তেতিয়া তেওঁ কৈছিল: “শিশুবিলাকক মোৰ ওচৰলৈ আহিব দিয়া, নিষেধ নকৰিবা।” তাৰ পাছত কি হʼল ইয়াৰ বিষয়ে বাইবেলে এইদৰে বৰ্ণনা কৰিছে, “পাছে তেওঁ সিহঁতক কোলাত লৈ, সিহঁতৰ গাত হাত দি আশীৰ্ব্বাদ কৰিলে।” (মাৰ্ক ১০:১৩-১৬) খন্তেক চিন্তা কৰকচোন। যীচুৱে এই সৰু সৰু লʼৰা-ছোৱালীৰ লগত যেনেকৈ সময় অতিবাহিত কৰিছিল, আপুনিও নিজৰ লʼৰা-ছোৱালীৰ লগত সময় অতিবাহিত কৰা উচিত নহয়নে? লʼৰা-ছোৱালীয়ে আপোনাৰপৰা একেবাৰে কম সময় আশা কৰে এনে নহয়। তেওঁলোকক আপুনি যিমান পাৰে সিমান সময় দিয়াৰ প্ৰয়োজন। লʼৰা-ছোৱালীক শিক্ষা দিবলৈ যিহোৱা ঈশ্বৰে আপোনাক আজ্ঞা দিছে আৰু তাৰ বাবে আপুনি সময় দিয়াৰ প্ৰয়োজন।—দ্বিতীয় বিবৰণ ৬:৪-৯ পঢ়ক।

১৫. পিতৃ-মাতৃয়ে নিজৰ লʼৰা-ছোৱালীক ৰক্ষা কৰিবলৈ কি কৰা উচিত?

১৫ এই পৃথিৱীৰ পৰিস্থিতি আজি যিমানেই বেয়ালৈ ঢাল খাইছে, পিতৃ-মাতৃক নিজৰ লʼৰা-ছোৱালীক সুৰক্ষা দিয়াৰ আৱশ্যকতা বেছি হৈ পৰিছে। বিশেষকৈ, লʼৰা-ছোৱালীক এনে লোকসকলৰপৰা ৰক্ষা কৰাৰ প্ৰয়োজন হৈ পৰিছে, যিসকলে তেওঁলোকক নিজৰ কামনাৰ বলি কৰিব বিচাৰে। যীচুৱে নিজৰ শিষ্যসকলক কেনেকৈ ৰক্ষা কৰিছিল তাৰ বিষয়ে মনোযোগ দিয়ক। যীচুৱে তেওঁৰ শিষ্যসকলক মৰমতে, “বোপাহঁত” বুলি কৈছিল। আটক কৰাৰ সময়ত যীচুৱে জানিছিল যে তেওঁক অতি সোনকালে হত্যা কৰা হʼব। কিন্তু শিষ্যসকলে যাতে বাচি যাব পাৰে তাৰ বাবে যীচুৱে ব্যৱস্থা কৰিছিল। (যোহন ১৩:৩৩; ১৮:৭-৯) পিতৃ-মাতৃ হোৱাৰ বাবে আপোনাৰ লʼৰা-ছোৱালীক আপুনি চয়তানৰ প্ৰকোপৰপৰা ৰক্ষা কৰিব লাগিব, কিয়নো সি আপোনাৰ লʼৰা-ছোৱালীক অপকাৰ কৰিব বিচাৰে। আপুনি তেওঁলোকক আগতীয়াকৈ সাৱধান কৰিব লাগিব। a (১ পিতৰ ৫:৮) চয়তানৰ প্ৰকোপ বেছি হোৱাৰ বাবে আজি লʼৰা-ছোৱালীৰ শাৰীৰিক, আত্মিক আৰু নৈতিক সুৰক্ষাৰ অতি আৱশ্যক হৈ পৰিছে।

যীচুৱে সৰু লʼৰা-ছোৱালীৰ লগত যি ধৰণে আচৰণ কৰিছিল, তাৰপৰা পিতৃ-মাতৃয়ে কি শিকিব পাৰে?

১৬. যীচুৱে যিদৰে নিজৰ শিষ্যসকলৰ ভুল-ত্ৰুটিবোৰ শুধৰালে, সেইদৰে পিতৃ-মাতৃয়ে তেওঁৰ উদাহৰণ কেনেকৈ অনুকৰণ কৰিব পাৰে?

১৬ যীচুৰ মৃত্যুৰ আগদিনাখন শিষ্যসকলৰ মাজত কোন শ্ৰেষ্ঠ, এই বুলি তেওঁলোকৰ মাজত বাদ-বিবাদ হৈছিল। ইয়াৰ বাবে তেওঁলোকৰ ওপৰত খং কৰাৰ পৰিৱৰ্তে, যীচুৱে প্ৰেমেৰে তেওঁলোকক বুজাই-বঢ়াই এক উদাহৰণ ৰাখিলে। (লূক ২২:২৪-২৭; যোহন ১৩:৩-৮) এতিয়া আপোনাৰ বাবে প্ৰশ্ন হʼব পাৰে যে এজন পিতৃ-মাতৃ হিচাপে লʼৰা-ছোৱালীৰ ভুল শুধৰাবলৈ আপুনি যীচুৰ উদাহৰণ কেনেকৈ অনুকৰণ কৰিব? এইটো সত্য যে লʼৰা-ছোৱালীক অনুশাসন কৰাৰ প্ৰয়োজন আৰু তেওঁলোকক “সুবিচাৰেৰে শাস্তি” দিয়া উচিত। কিন্তু পিতৃ-মাতৃয়ে মনত ৰখা উচিত যে তেওঁলোকে খঙেৰে অনুশাসন কৰা ভাল নহয়। আপুনি লʼৰা-ছোৱালীক কেতিয়াও “অবিবেচনাৰূপে অস্ত্ৰাঘাতস্বৰূপ কথা” নকʼব। (যিৰিমিয়া ৩০:১১; হিতোপদেশ ১২:১৮) লʼৰা-ছোৱালীক আপুনি এনেদৰে অনুশাসন দিয়া উচিত, যাতে তেওঁলোকে ইয়াৰ মূল্য পাছলৈ বুজিব পাৰে।—ইফিচীয়া ৬:৪; ইব্ৰী ১২:৯-১১.

লʼৰা-ছোৱালীৰ বাবে এক উদাহৰণ

১৭. যীচুৱে লʼৰা-ছোৱালীৰ বাবে কেনেকৈ এক ভাল উদাহৰণ ৰাখিলে?

১৭ লʼৰা-ছোৱালীয়ে যীচু খ্ৰীষ্টৰপৰা কিবা শিকিব পাৰেনে? নিশ্চয় তেওঁলোকে শিকিব পাৰে! নিজৰ মাক-দেউতাকৰ অধীনত কেনেকৈ থাকিব লাগে, তাৰ বিষয়ে যীচুৱে ভাল উদাহৰণ ৰাখিলে। যীচুৱে কৈছিল, “পিতৃয়ে শিকোৱাৰ দৰেই এইবোৰ কথা কৈছোঁ . . . কিয়নো মই সদায় তেওঁৰ সন্তোষজনক কৰ্ম্ম কৰোঁ।” (যোহন ৮:২৮, ২৯) যীচুৱে স্বৰ্গীয় পিতৃৰ অধীনত থাকি তেওঁৰ সকলো কথা শুনিছিল। ঠিক সেইদৰে, লʼৰা-ছোৱালীয়েও নিজৰ মাক-দেউতাকৰ অধীনত থাকি তেওঁলোকৰ আজ্ঞা পালন কৰা উচিত। (ইফিচীয়া ৬:১-৩ পঢ়ক।) যীচু খ্ৰীষ্ট সিদ্ধ আছিল, তেওঁ আমাৰ দৰে অসিদ্ধ নাছিল। কিন্তু মন কৰিবলগীয়া কথা যে মাক-দেউতাক অৰ্থাৎ যোচেফ আৰু মৰিয়ম অসিদ্ধ হোৱাৰ সত্ত্বেও যীচুৱে তেওঁলোকৰ আজ্ঞা পালন কৰিছিল। নিঃসন্দেহ, যীচুৱে এনে কৰাৰ দ্বাৰা পৰিয়ালৰ সকলো সদস্যৰ বাবে আনন্দৰ বিষয় হৈ পৰিছিল।—লূক ২:৪, ৫, ৫১, ৫২.

১৮. যীচুৱে কিয় সদায় যিহোৱাৰ আজ্ঞা পালন কৰিছিল, আৰু লʼৰা-ছোৱালীয়ে মাক-দেউতাকৰ আজ্ঞাধীন হৈ থাকিলে কোনে আনন্দিত হয়?

১৮ যীচুক অনুকৰণ কৰি লʼৰা-ছোৱালীয়ে তেওঁলোকৰ মাক-দেউতাকৰ মন আনন্দিত কৰিব পাৰেনে? এইটো সত্য যে কেতিয়াবা লʼৰা-ছোৱালীয়ে মাক-দেউতাকৰ আজ্ঞা পালন কৰিবলৈ কঠিন যেন অনুভৱ কৰিব পাৰে। কিন্তু তেওঁলোকে মনত ৰখা উচিত যে এয়া হৈছে ঈশ্বৰৰ আজ্ঞা। (হিতোপদেশ ১:৮; ৬:২০) লক্ষ্য কৰক যে যীচুৱে যিকোনো পৰিস্থিতিতে ঈশ্বৰৰ আজ্ঞাধীন হৈ আছিল। ঈশ্বৰে এবাৰ যীচুক এক বৰ কঠিন কাম কৰিবলৈ আজ্ঞা দিছিল আৰু তেতিয়া তেওঁ কৈছিল: “এই পান-পাত্ৰ মোৰ ওচৰৰ পৰা দূৰ কৰা।” এইদৰে কোৱাৰ পাছতো, যীচুৱে ঈশ্বৰৰ আজ্ঞা পালন কৰিলে। কিয়নো যীচুৱে জানিছিল যে যিহোৱাৰ বাহিৰে আন কোনেও সেই সময়ত কি কৰিব লাগে তাৰ বিষয়ে নাজানিছিল। (লূক ২২:৪২) লʼৰা-ছোৱালীয়ে যেতিয়া আজ্ঞাধীন হৈ থাকিবলৈ শিকিব, তেতিয়া তেওঁলোকে নিজৰ পিতৃ-মাতৃ আৰু স্বৰ্গীয় ঈশ্বৰ যিহোৱাৰ হৃদয় আনন্দিত কৰিব। bহিতোপদেশ ২৩:২২-২৫.

যেতিয়া সৰু লʼৰা-ছোৱালীয়ে প্ৰলোভিত হয়, তেতিয়া তেওঁলোকে কি কৰা উচিত?

১৯. (ক) চয়তানে সৰু সৰু লʼৰা-ছোৱালীবিলাকক কেনেকৈ প্ৰলোভন দেখুৱায়? (খ) লʼৰা-ছোৱালীয়ে অনৈতিক কামত লিপ্ত হৈ পৰিলে পৰিয়ালৰ আন সদস্যসকলৰ ওপৰত কি প্ৰভাৱ পৰিব পাৰে?

১৯ চয়তানে যীচুক প্ৰলোভিত কৰিছিল। গতিকে আমি নিশ্চিত হʼব পাৰোঁ যে চয়তানে সৰু সৰু লʼৰা-ছোৱালীকো প্ৰলোভন দেখুৱাব পাৰে। (মথি ৪:১-১০) চয়তানে কেতিয়াবা বন্ধুবৰ্গৰ ফালৰপৰা প্ৰলোভন আনে আৰু ইয়াক প্ৰতিৰোধ কৰা সহজ নহয়। গতিকে, লʼৰা-ছোৱালীবিলাকে বেয়া সংগৰপৰা আঁতৰি থকা উচিত। (১ কৰিন্থীয়া ১৫:৩৩) যাকোবৰ ছোৱালী দীনালৈ লক্ষ্য কৰক। তাই যিহোৱা ঈশ্বৰক উপাসনা নকৰা লোকসকলৰ লগত সংগতি কৰিবলৈ ধৰিলে। সেই লোকসকলৰ লগত সংগতি কৰাৰ বাবে তাই এদিন ভয়ানক বিপদত পৰিল। সেই লোকসকলৰ ভিতৰৰে এজনে তাইক বলাৎকাৰ কৰিলে। (আদিপুস্তক ৩৪:১, ২) খন্তেক চিন্তা কৰক। যদি পৰিয়ালৰ এজন ব্যক্তিয়ে যৌন অনৈতিকতাত লিপ্ত হৈ পৰে, তেনেহʼলে পৰিয়ালৰ আন সদস্যসকলৰ ওপৰত কি প্ৰভাৱ পৰিব পাৰে!—হিতোপদেশ ১৭:২১, ২৫.

পাৰিবাৰিক সুখৰ ৰহস্য

২০. পাৰিবাৰিক সুখৰ বাবে সকলো সদস্যই কি কৰা উচিত?

২০ বাইবেলৰ নিৰ্দ্দেশনাবোৰ পালন কৰিলে পৰিয়ালত হোৱা সমস্যাবোৰ সহজতে সমাধান কৰিব পাৰি। সঁচাকৈ বাইবেলৰ নিৰ্দ্দেশনা পালন কৰাই হৈছে পাৰিবাৰিক সুখৰ ৰহস্য। গতিকে স্বামীসকল, নিজৰ পত্নীক প্ৰেম কৰক। যীচুৱে যেনেকৈ নিজৰ শিষ্যসকলক চোৱা-চিতা কৰিছিল, সেইদৰে আপুনিও তাইক চোৱা-চিতা কৰক। পত্নীসকল, নিজৰ স্বামীৰ অধীনত থাকক। হিতোপদেশ ৩১:১০-৩১ পদত বৰ্ণনা কৰা গুণৱতী পত্নীৰ গুণবোৰ অনুকৰণ কৰক। পিতৃ-মাতৃ, আপোনালোক দুয়োজনে লʼৰা-ছোৱালীক শিক্ষা দিয়ক। (হিতোপদেশ ২২:৬) দেউতাকসকল, ‘নিজৰ ঘৰৰবিলাকক উত্তমৰূপে শাসন কৰক।’ (১ তীমথিয় ৩:৪, ৫; ৫:৮) সন্তানসকল, তোমালোকে মাক-দেউতাকৰ আজ্ঞা পালন কৰা। (কলচীয়া ৩:২০) আমি মনত ৰখা উচিত যে পৰিয়ালৰ কোনো ব্যক্তি সিদ্ধ নহয় আৰু আমি সকলোৱে ভুল কৰোঁ। গতিকে, নম্ৰ হওক আৰু এজনে-আনজনৰপৰা ক্ষমা বিচাৰক।

২১. আমাৰ সন্মুখত কেনেধৰণৰ ভৱিষ্যত আছে, আৰু আজি আমি কেনেকৈ পাৰিবাৰিক জীৱনৰ আনন্দ লাভ কৰিব পাৰোঁ?

২১ প্ৰকৃততে, পাৰিবাৰিক জীৱনৰ বাবে বাইবেলত বহুতো মূল্যৱান পৰামৰ্শ আৰু উপদেশ দিয়া আছে। ইয়াৰ উপৰিও ইয়াত ঈশ্বৰৰ নতুন পৃথিৱী আৰু প্ৰমোদবনৰ বিষয়ে বৰ্ণনা আছে, যʼত যিহোৱাৰ উপাসনা কৰা আনন্দিত লোকসকলে বাস কৰিব। (প্ৰকাশিত বাক্য ২১:৩, ৪) আমাৰ সন্মুখত কি যে এক সুন্দৰ পৰিস্থিতি আছে! আজিও আমি বাইবেলৰ উপদেশবোৰ নিজৰ জীৱনত পালন কৰি পাৰিবাৰিক জীৱনৰ আনন্দ লাভ কৰিব পাৰোঁ।

a লʼৰা-ছোৱালীক ৰক্ষা কৰিবলৈ কি কৰাৰ প্ৰয়োজন, ইয়াৰ বিষয়ে মহান শিক্ষকৰপৰা শিকক (ইংৰাজী) নামৰ কিতাপখনৰ ৩২ অধ্যায়ত চাওক। এই কিতাপখন যিহোৱাৰ সাক্ষীসকলৰ দ্বাৰা প্ৰকাশিত।

b যদি মাক-দেউতাকে ঈশ্বৰৰ আজ্ঞাৰ বিৰুদ্ধে কাম কৰিবলৈ লʼৰা-ছোৱালীক কয়, তেতিয়াহে তেওঁলোকে মাক-দেউতাকৰ আজ্ঞা পালন নকৰিব পাৰে।—পাঁচনিৰ কৰ্ম্ম ৫:২৯.