Skip to content

Skip to table of contents

পাঠ ১৩

ধৰ্মবোৰে কেনেকৈ মানুহক ঈশ্বৰৰপৰা দূৰ কৰিছে?

ধৰ্মবোৰে কেনেকৈ মানুহক ঈশ্বৰৰপৰা দূৰ কৰিছে?

যদি ঈশ্বৰে প্ৰেম কৰিবলৈ শিকায়, তেনেহʼলে ধৰ্মৰ নামত ইমান বেয়া কাম কিয় হৈ আছে? কিয়নো আজি বহুতো ধৰ্মই ঈশ্বৰৰ বিষয়ে শিকায় বুলি দাবী কৰে, কিন্তু প্ৰকৃততে তেওঁলোকে লোকসকলক ঈশ্বৰৰপৰা দূৰ কৰে। তেওঁলোকে এয়া কেনেকৈ কৰে? এইবোৰ দেখি ঈশ্বৰক কেনেকুৱা লাগে? ইয়াৰ বিষয়ে তেওঁ কি কৰিব? আহক, আলোচনা কৰোঁ।

১. বহুতো ধৰ্মই কেনেকৈ ভুল শিক্ষা দি লোকসকলক ঈশ্বৰৰপৰা দূৰ কৰিছে?

বহুতো ধৰ্মই ঈশ্বৰৰ বিষয়ে সত্যতা শিকোৱাৰ পৰিৱৰ্তে মিছা শিক্ষাৰ ওপৰত বিশ্বাস কৰে আৰু তাৰ বিষয়ে আনকো শিকায়। (ৰোমীয়া ১:২৫) উদাহৰণস্বৰূপে, আজি বহুতো ধৰ্মই ঈশ্বৰৰ নাম যিহোৱা বুলি নিশিকায়। কিন্তু বাইবেলত উল্লেখ আছে যে আমি ঈশ্বৰৰ নাম ব্যৱহাৰ কৰা উচিত। (ৰোমীয়া ১০:১৩, ১৪) আন এটা কথালৈ মন কৰক। যেতিয়া মানুহৰ জীৱনত কিবা বেয়া ঘটনা ঘটে, তেতিয়া কিছুমান ধৰ্মগুৰুৱে এয়া ঈশ্বৰৰ ইচ্ছা বুলি কয়। কিন্তু এয়া একেবাৰে মিছা। ঈশ্বৰে কেতিয়াও কাৰো লগত অন্যায় নকৰে। (ইয়োব ৩৪:১২ পঢ়ক।) কিন্তু দুখৰ বিষয় যে এনেধৰণৰ ভুল শিক্ষা দি ধৰ্মবোৰে মানুহক ঈশ্বৰৰপৰা দূৰ কৰিছে।

২. ধৰ্মৰ কোনবোৰ কাৰ্য্যই লোকসকলক ঈশ্বৰৰপৰা দূৰ কৰিছে?

যিহোৱাই বিচৰাৰ দৰে ধৰ্মবোৰে লোকসকলৰ লগত ব্যৱহাৰ কৰা নাই। বাইবেলত এইদৰে লিখা আছে, ‘তেওঁলোকৰ পাপ আকাশত লাগিলগৈ।’ (প্ৰকাশিত বাক্য ১৮:৫) বছৰ বছৰ ধৰি ধৰ্মগুৰুসকলে ৰাজনৈতিক বিষয়বোৰত ভাগ লৈছে, যুদ্ধক সমৰ্থন কৰিছে, যাৰ বাবে বহুতোলোকৰ মৃত্যু হৈছে। তেওঁলোকে লোকসকলৰপৰা টকা-পইচা ঠগি আৰামদায়ক জীৱন-যাপন কৰিছে। ঈশ্বৰে এইবোৰ ভাল পায় নে? কেতিয়াও নাপায়। সেইবাবে, ধৰ্মগুৰুসকলে কৰা এই কামবোৰে প্ৰমাণ কৰে যে তেওঁলোকে ঈশ্বৰক নাজানে। যদি তেওঁলোকে নিজেই ঈশ্বৰক নাজানে, তেনেহʼলে ঈশ্বৰৰ বিষয়ে আনক কেনেকৈ সত্য শিকাব?—১ যোহন ৪:৮ পঢ়ক।

৩. ধৰ্মবোৰৰ বেয়া কাম আৰু ভুল শিক্ষাবোৰ দেখি যিহোৱাক কেনেকুৱা লাগে?

যদি ধৰ্মৰ নামত কিছুমান লোকক বেয়া কাম কৰা দেখি আপোনাৰ খং উঠে, তেনেহʼলে মন কৰক যিহোৱাক কেনেকুৱা লাগে? তেওঁ লোকসকলক বহুত প্ৰেম কৰে। কিন্তু যিহোৱাৰ বিষয়ে ভুল শিক্ষা দিয়া আৰু তেওঁৰ সেৱকসকলৰ লগত বেয়া ব্যৱহাৰ কৰা ধৰ্মগুৰুসকলক যিহোৱাই ঘিণ কৰে। ঈশ্বৰে প্ৰতিজ্ঞা কৰিছে যে তেওঁ এই ধৰ্মবোৰক ধ্বংস কৰিব আৰু সেইবোৰ “কেতিয়াও পোৱা নাযাব।” (প্ৰকাশিত বাক্য ১৮:২১) ঈশ্বৰে অতি সোনকালে এইদৰেই কৰিব।—প্ৰকাশিত বাক্য ১৮:৮.

গভীৰভাৱে ধ্যান কৰক

যিবোৰ ধৰ্মই ঈশ্বৰৰ উপাসনা কৰোঁ বুলি দাবী কৰে, সেইবোৰ ধৰ্মৰ বিষয়ে ঈশ্বৰে কেনে অনুভৱ কৰে? ধৰ্মবোৰে আৰু কি কি কাৰ্য্য কৰিছে? আপুনি যিহোৱাৰ বিষয়ে কিয় শিকি থকা উচিত? আহক এই বিষয়ে আলোচনা কৰোঁ।

৪. ঈশ্বৰে সকলো ধৰ্ম গ্ৰহণ কৰেনে?

বহুতোলোকে ভাবে যে সকলো ধৰ্মই ঈশ্বৰৰ কাষ চাপিবলৈ সহায় কৰে। তেওঁলোকে কয় সকলো ধৰ্মৰ লক্ষ্য এটা, কিন্তু পথ বেলেগ। এয়া সঁচানে? মথি ৭:১৩, ১৪ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • অনন্ত জীৱনলৈ লৈ যোৱা পথৰ বিষয়ে বাইবেলে কি কৈছে?

ভিডিঅʼখন চাওক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • ঈশ্বৰৰ দৃষ্টিত সকলো ধৰ্ম একেই নে? এই বিষয়ে বাইবেলত কি লিখা আছে?

৫. ধৰ্মবোৰে কৰা কাৰ্য্যত ঈশ্বৰৰ প্ৰেম প্ৰায় দেখিবলৈ পোৱা নাযায়

ধৰ্মবোৰে বহুতো উপায়েৰে ঈশ্বৰক অপমান কৰিছে। সেইবাবে, সেইবোৰক মিছা ধৰ্ম বুলি কোৱা হৈছে। মিছা ধৰ্মবোৰে কৰা ঘৃণনীয় কামৰ এটা ডাঙৰ উদাহৰণ হৈছে যুদ্ধক সমৰ্থন কৰা। ভিডিঅʼখন চাওক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক।

  • দ্বিতীয় বিশ্বযুদ্ধৰ সময়ছোৱাত বহুতো গীৰ্জাই কি কৰিলে?

  • তেওঁলোকে যি কৰিলে, তাৰ বিষয়ে আপুনি কি ভাবে?

যোহন ১৩:৩৪, ৩৫ আৰু ১৭:১৬ পঢ়ক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • ধৰ্মবোৰে যুদ্ধক সমৰ্থন কৰা দেখি যিহোৱাক কেনেকুৱা লাগে?

  • মিছা ধৰ্মবোৰে আৰু বহুতো বেয়া কাম কৰিছে। ইয়ে প্ৰমাণ কৰে যে লোকসকলক প্ৰেম কৰিবলৈ দিয়া ঈশ্বৰৰ আজ্ঞা তেওঁলোকে পালন কৰা নাই। আপুনি এনে কি কাম হৈ থকা দেখিছে?

ঈশ্বৰে লোকসকলক বহুত প্ৰেম কৰে, কিন্তু মিছা ধৰ্মই লোকসকলৰ লগত বেয়া ব্যৱহাৰ কৰিছে

৬. ঈশ্বৰে লোকসকলক মিছা শিক্ষাৰপৰা উদ্ধাৰ কৰিব বিচাৰে

প্ৰকাশিত বাক্য ১৮:৪ a পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • ঈশ্বৰে সেই লোকসকলক সহায় কৰিব বিচাৰে, যিসকলক মিছা ধৰ্মই ভুল পথলৈ পৰিচালিত কৰিছে। এই কথা জানি আপোনাক কেনেকুৱা লাগে?

৭. সত্য ঈশ্বৰৰ বিষয়ে শিকি থাকক

মিছা ধৰ্মবোৰে কৰা বেয়া কাৰ্য্যবোৰ দেখি আমি ঈশ্বৰৰপৰা আঁতৰি যোৱা উচিত নে? কল্পনা কৰক, এজন পিতৃয়ে নিজৰ পুত্ৰক সদায় ভাল কথা শিকায়। কিন্তু পুত্ৰই তেওঁৰ একো কথা নুশুনে। তেওঁ ঘৰ এৰি গুচি যায় আৰু বেয়া কাম কৰিবলৈ আৰম্ভ কৰে। এয়া দেখি পিতৃক ভাল নালাগে। আপুনি কি ভাবে, পুত্ৰই কৰা বেয়া কামবোৰৰ বাবে পিতৃক দোষী কৰাটো উচিত হʼবনে?

  • মিছা ধৰ্মৰ বেয়া কাৰ্য্যবোৰ দেখি আমি যিহোৱাক দোষ দিয়া আৰু তেওঁৰ বিষয়ে শিকিবলৈ এৰি দিয়াটো উচিত হʼবনে?

কিছুমান লোকে কয়: “সকলো ধৰ্ম একেই আৰু সকলোতে ভাল শিক্ষা দিয়া হয়।”

  • আপুনিও এইদৰেই ভাবেনে?

  • যদি সকলো ধৰ্মই ভাল শিক্ষা দিয়ে, তেনেহʼলে ঈশ্বৰে সকলো ধৰ্ম কিয় গ্ৰহণ নকৰে?

আমি কি শিকিলোঁ

বহুতো ধৰ্মই নিজৰ ভুল শিক্ষা আৰু বেয়া কাৰ্য্যৰ যোগেদি লোকসকলক ঈশ্বৰৰপৰা দূৰ কৰিছে। ঈশ্বৰে এই সকলো ধৰ্মক ধ্বংস কৰিব।

আপুনি কেনেকৈ উত্তৰ দিব?

  • ধৰ্মবোৰে দিয়া ভুল শিক্ষা আৰু বেয়া কামৰ বিষয়ে আপুনি কেনে অনুভৱ কৰে?

  • মিছা ধৰ্মৰ বিষয়ে যিহোৱাই কেনে অনুভৱ কৰে?

  • যিহোৱাই সকলো মিছা ধৰ্মক কি কৰিব?

লক্ষ্য

বেছিকৈ জানক

এনে কি দুটা কাৰণৰ বাবে ঈশ্বৰে সকলো ধৰ্মক গ্ৰহণ নকৰে? আহক চাওঁ।

“সকলো ধৰ্ম একেই নে? এই সকলো ধৰ্মক ঈশ্বৰে গ্ৰহণ কৰেনে?” (ৱেবছাইটত দিয়া লেখ)

আমি যিহোৱাৰ লোকসকলৰ লগত মিলি তেওঁৰ উপাসনা কৰাটো যিহোৱাই কিয় বিচাৰে?

“কোনো সংগঠন বা ধৰ্মৰ লগত জড়িত হোৱাটো প্ৰয়োজন নে?” (ৱেবছাইটত দিয়া লেখ)

এজন পাদুৰীক ধৰ্মৰ কিছুমান কথা ভাল লগা নাছিল। তথাপিও তেওঁ ঈশ্বৰৰ বিষয়ে শিকিবলৈ বন্ধ কৰা নাছিল।

“এজন পাদুৰীয়ে নিজৰ ধৰ্ম কিয় এৰি দিলে?” (সচেতন থাকক! লেখ)

বছৰ বছৰ ধৰি ধৰ্মবোৰে ঈশ্বৰৰ বিষয়ে মিছা শিক্ষা দি আহিছে। সেইবাবে, কিছুমান লোকে ভাবে যে ঈশ্বৰ নিষ্ঠুৰ হয় আৰু তেওঁ আমাৰ বিষয়ে চিন্তা নকৰে। আহক, এনে তিনিটা মিছা শিক্ষাৰ বিষয়ে চাওঁ।

“মিছা শিক্ষাই ঈশ্বৰক প্ৰেম কৰিবলৈ বাধা দিয়ে” (প্ৰহৰীদুৰ্গ লেখ)

a বাইবেলৰ শেষ কিতাপ প্ৰকাশিত বাক্যত যিগৰাকী তিৰোতাক মহাবাবিল বুলি কোৱা হৈছে, তাই মিছা ধৰ্মক চিত্ৰিত কৰে। ইয়াৰ বিষয়ে বেছিকৈ জানিবলৈ টোকা ১ চাওক।