অধ্যায় ৩
ঈশ্বৰক প্ৰেম কৰা লোকসকলক প্ৰেম কৰক
“তুমি জ্ঞানীবিলাকৰ লগত আলাপ কৰা, তাতে তুমি জ্ঞানী হবা।”—হিতোপদেশ ১৩:২০.
১-৩. (ক) বাইবেলৰ কি সত্যতাক আমি নুই কৰিব নোৱাৰোঁ? (খ) আমাক ভাল দিশলৈ প্ৰভাৱিত কৰিব পৰা কেনে লোকসকলৰ লগত আমি সংগতি কৰিম?
লোকসকলক স্পঞ্জৰ লগত তুলনা কৰিব পাৰি। এটুকুৰা স্পঞ্জে যেনেকৈ পানী শুহিঁ লয়, ঠিক সেইদৰে আমি যিসকল লোকৰ লগত বেছি সময় অতিবাহিত কৰোঁ, তেওঁলোকৰ আচৰণ আৰু ব্যক্তিত্বক আমি সহজতে অনুকৰণ কৰোঁ।
২ বাইবেলত সংগতিৰ বিষয়ে উল্লেখ কৰা এই সত্যতাক নুই কৰিব নোৱাৰি: “তুমি জ্ঞানীবিলাকৰ লগত আলাপ কৰা, তাতে তুমি জ্ঞানী হবা; কিন্তু অজ্ঞানবোৰৰ লগৰীয়াই ক্লেশ পাব।” (হিতোপদেশ ১৩:২০) মূল ভাষাত “আলাপ” শব্দৰ সলনি “খোজকঢ়া” ব্যৱহাৰ কৰা হৈছে। বাইবেলৰ এই বাক্যশাৰীয়ে লগৰীয়াৰ লগত কেতিয়াবা কেতিয়াবা খোজকঢ়াৰ বিষয়ে কোৱা নাই। ‘খোজকঢ়াৰ’ অৰ্থ হৈছে সদায় ব্যক্তিজনৰ লগত সংগতি কৰা। বাইবেলৰ ওপৰত মন্তব্য কৰা এখন কিতাপে এই পদটোৰ বিষয়ে এইদৰে কৈছে: “এজন ব্যক্তিৰ লগত খোজকঢ়াৰ অৰ্থ হৈছে, তেওঁৰ প্ৰতি গভীৰ মৰম আৰু ভালপোৱা থকা।” আপুনি একমত নহ’বনে যে আমি যাক ভালপাওঁ তেওঁলোকৰ দৰে আমিও আচৰণ কৰিবলৈ ধৰোঁ? লক্ষ্য কৰিবলগীয়া কথা যে যাৰ প্ৰতি আমাৰ ভাৱনা আৰু অনুভূতি জড়িত হৈ আছে, তেওঁলোকৰ দৰে আমিও হৈ পৰোঁ। তেওঁলোকে আমাক ভাল বা বেয়াৰ দিশত প্ৰভাৱিত কৰিব পাৰে।
৩ ঈশ্বৰৰ প্ৰেমত থাকিবলৈ হ’লে আমি এনে বন্ধুসকলৰ বাছনি কৰিব লাগিব, যিসকলে আমাৰ ওপৰত ভাল প্ৰভাৱ পেলাব পাৰে। এনে বন্ধু আমি কেনেকৈ বাছনি কৰিম? এক কথাত ক’বলৈ গ’লে, আমি সেই লোকসকলৰ লগত বন্ধুত্ব কৰিব লাগিব যিসকলক ঈশ্বৰে ভাল পায়। ঈশ্বৰৰ বন্ধুসকলক আমি নিজৰ বন্ধু কৰি তুলিব লাগিব। ক্ষন্তেকৰ বাবে চিন্তা কৰক। যিহোৱা ঈশ্বৰে বন্ধুত্ব কৰিবলৈ যি গুণবোৰ বিচাৰে, সেই গুণবোৰ থকা লোকসকলৰ লগত আমি বন্ধুত্ব কৰা উত্তম নহ’বনে? তেনেহ’লে আহক ঈশ্বৰে কেনে লোকসকলক প্ৰেম কৰে, তাৰ বিষয়ে আমি আলোচনা কৰোঁ। যেতিয়া আমি যিহোৱা ঈশ্বৰৰ দৃষ্টিভংগী জানিম, তেতিয়া আমি ভাল বন্ধু বাছনি কৰিবলৈ সক্ষম হ’ম।
ঈশ্বৰে কেনে লোকসকলক ভাল পায়
৪. বন্ধুত্ব কৰাৰ ক্ষেত্ৰত যিহোৱা ঈশ্বৰৰ কি অধিকাৰ আছে আৰু যিহোৱাই কিয় অব্ৰাহামক “মোৰ বন্ধু” বুলি কৈছিল?
৪ যেতিয়া বন্ধুত্ব কৰাৰ কথা আহে, তেতিয়া যিহোৱা ঈশ্বৰে বিশেষ ধ্যান দিয়ে। তেওঁ এনে কৰাটো উচিত নহয়নে? গোটেই মানৱজাতিৰ সৃষ্টিকৰ্ত্তা হোৱাৰ বাবে তেওঁ এনে কৰাৰ অধিকাৰ আছে। তেওঁৰ লগত বন্ধুত্ব কৰাটো আমাৰ বাবে সঁচাকৈ এক সন্মানৰ বিষয়। এতিয়া প্ৰশ্ন হ’ব পাৰে যে ঈশ্বৰে কেনেধৰণৰ লোকসকলক তেওঁৰ বন্ধু হিচাপে বাছনি কৰে? যিহোৱা ঈশ্বৰে কেৱল তেওঁক বিশ্বাস কৰা লোকসকলকহে তেওঁৰ বন্ধু হিচাপে বাছনি কৰে। উদাহৰণস্বৰূপে, আমি অব্ৰাহামৰ কথা ক’ব পাৰোঁ। তেওঁ ঈশ্বৰৰ ওপৰত বিশ্বাস থকাৰ বাবে খ্যাতি আছিল। নিজৰ একমাত্ৰ সন্তানক বলিদান দিবলৈ কোৱাৰ দ্বাৰা * এজন পিতৃৰ বাবে ইয়াতকৈ আৰু ডাঙৰ পৰীক্ষা কি হ’ব পাৰে? কিন্তু অব্ৰাহামে “নিজৰ একেটি পুত্ৰকে উৎসৰ্গ কৰিবলৈ ধৰিছিল; কাৰণ ঈশ্বৰে যে মৃতবিলাকৰ মাজৰ পৰাও তুলিব পাৰে” তাক তেওঁ বিশ্বাস কৰিছিল। (ইব্ৰী ১১:১৭-১৯) অব্ৰাহামে ঈশ্বৰৰ ওপৰত গভীৰ বিশ্বাস দেখুৱাইছিল আৰু তেওঁৰ আজ্ঞা পালন কৰিছিল। সেইবাবে যিহোৱা ঈশ্বৰে মৰমেৰে তেওঁক “মোৰ বন্ধু” বুলি কৈছিল।—যিচয়া ৪১:৮; যাকোব ২:২১-২৩.
তেওঁৰ জীৱনত বিশ্বাসৰ এক ডাঙৰ পৰীক্ষা হৈছিল।৫. যিহোৱা ঈশ্বৰে বিশ্বাসী আৰু আজ্ঞা পালন কৰা লোকসকলক কেনে দৃষ্টিৰে চায়?
৫ বিশ্বাসী আৰু আজ্ঞা পালন কৰা লোকসকল যিহোৱা ঈশ্বৰৰ দৃষ্টিত বহুমূলীয়া। যিকোনো পৰিস্থিতিতে স্ব-ইচ্ছাৰে ঈশ্বৰৰ প্ৰতি বিশ্বাসী হৈ থাকিবলৈ চেষ্টা কৰা লোকসকলক তেওঁ প্ৰেম কৰে। (২ চমূৱেল ২২:২৬ পঢ়ক।) হিতোপদেশ ৩:৩২ পদত এইদৰে বৰ্ণনা কৰিছে: “তেওঁৰ গুপ্ত মন্ত্ৰণা হলে সৰলবিলাকৰ লগতহে।” ঈশ্বৰে বিচৰা অনুসৰি জীৱন অতিবাহিত কৰা লোকসকলক যিহোৱাই আন্তৰিকতাৰে নিমন্ত্ৰণ কৰিছে। সেই নিমন্ত্ৰণ কি বাৰু? তেওঁলোকে যিহোৱা ঈশ্বৰৰ “তম্বুত” বাস কৰিব পাৰিব। ইয়াৰ অৰ্থ হৈছে তেওঁলোকে যিহোৱা ঈশ্বৰক উপাসনা কৰিবলৈ সক্ষম হ’ব আৰু যিকোনো সময়তে তেওঁক প্ৰাৰ্থনা কৰিব পাৰিব।—গীতমালা ১৫:১-৫.
৬. যীচুৰ প্ৰতি আমাৰ প্ৰেম আছে বুলি আমি কেনেকৈ দেখুৱাব পাৰোঁ আৰু যিহোৱাই তেওঁৰ পুত্ৰক প্ৰেম কৰা লোকসকলৰ প্ৰতি কেনে অনুভৱ কৰে?
৬ যিহোৱা ঈশ্বৰে তেওঁৰ একমাত্ৰ পুত্ৰ যীচুক প্ৰেম কৰা লোকসকলক যোহন ১৪:২৩) আমি যীচুৰ প্ৰতি আমাৰ প্ৰেম কেনেকৈ দেখুৱাব পাৰোঁ? তেওঁৰ আজ্ঞাবোৰ পালন কৰাৰ যোগেদি। যীচুৱে আমাক শুভবাৰ্ত্তা ঘোষণা কৰা আৰু শিষ্য বনোৱা কাৰ্য্য কৰিবলৈ আজ্ঞা দিছে। (মথি ২৮:১৯, ২০; যোহন ১৪:১৫, ২১) ইয়াৰ উপৰিও, আমি কথা-বতৰা আৰু কাৰ্য্যত যীচুৰ “খোজৰ অনুগামী” হোৱাৰ যোগেদি তেওঁৰ প্ৰতি প্ৰেম দেখুৱাব পাৰোঁ। (১ পিতৰ ২:২১) যীচুৰ আৰ্হি অনুসৰি জীৱন-যাপন কৰিবলৈ চেষ্টা কৰা লোকসকলক দেখি যিহোৱা ঈশ্বৰ আনন্দিত হয়।
প্ৰেম কৰে। যীচুৱে কৈছিল: “কোনোৱে যদি মোক প্ৰেম কৰে, তেন্তে তেওঁ মোৰ বাক্য পালন কৰিব; মোৰ পিতৃয়ে তেওঁক প্ৰেম কৰিব, আৰু আমি তেওঁৰ ওচৰলৈ আহি, তেওঁৰে সৈতে নিবাস কৰিম।” (৭. যিহোৱাৰ বন্ধুসকলৰ লগত বন্ধুত্ব কৰাটো কিয় বুদ্ধিমানৰ কাম হয়?
৭ বিশ্বাসী আৰু আজ্ঞাকাৰী হোৱা, যীচু আৰু তেওঁৰ আৰ্হিক প্ৰেম কৰা আদি গুণবোৰ যিহোৱা ঈশ্বৰে নিজৰ বন্ধুসকলৰপৰা আশা কৰে। আমি সকলোৱে নিজকে নিজে এইদৰে সোধা উচিত: ‘মোৰ ঘনিষ্ঠ বন্ধুসকলৰ মাজত এই গুণবোৰ দেখিবলৈ পাওঁনে? মই যিহোৱাৰ বন্ধুসকলক মোৰ বন্ধু হিচাপে গঢ়ি তুলিছোঁনে?’ এনে কৰাটো বুদ্ধিমানৰ কাম হ’ব। যিসকল লোকে ঈশ্বৰৰ গুণবোৰ আয়ত্ব কৰে আৰু উৎসাহেৰে ৰাজ্যৰ শুভবাৰ্ত্তা ঘোষণা কাৰ্য্যত ভাগ লয়, তেওঁলোকে আমাৰ ওপৰত ভাল প্ৰভাৱ পেলাব পাৰে। এনে বন্ধুসকলৰ সংগতিয়ে ঈশ্বৰক আনন্দিত কৰিবলৈ আমি লোৱা সংকল্পক দৃঢ় কৰাত সহায় কৰিব।—“ এজন ভাল বন্ধুৰ চিন কি?” বক্সত চাওক।
বাইবেলৰ এটা উদাহৰণৰপৰা শিক্ষা
৮. (ক) নয়মী আৰু ৰূথ, (খ) তিনিজন ইব্ৰী ডেকা, (গ) পৌল আৰু তীমথিয়ৰ মাজত থকা বন্ধুত্বৰ কি গুণে আপোনাক প্ৰভাৱিত কৰিলে?
৮ ভাল বন্ধু বাছনি কৰাৰ ফলত উপকৃত হোৱা এনে বহুতো উদাহৰণ বাইবেলত বৰ্ণনা আছে। যেনে, নয়মী আৰু তাইৰ বোৱাৰী ৰূথ ১:১৬; দানিয়েল ৩:১৭, ১৮; ১ কৰিন্থীয়া ৪:১৭; ফিলিপীয়া ২:২০-২২) ইয়াৰ উপৰিও, আন এক উল্লেখনীয় উদাহৰণ হৈছে দায়ূদ আৰু যোনাথনৰ মাজত থকা বন্ধুত্ব। আহক আমি ইয়াৰ বিষয়ে অলপ আলোচনা কৰোঁ।
ৰূথ, বাবিলত বন্দী হৈ থকা তিনিজন ইব্ৰী ডেকা, পৌল আৰু তীমথিয়। (৯, ১০. দায়ূদ আৰু যোনাথনৰ মাজত হোৱা বন্ধুত্বৰ কাৰণ কি আছিল?
৯ বাইবেলে বৰ্ণনা কৰিছে যে দায়ূদে গলিয়াথক মৰাৰ পাছত, “যোনাথনৰ প্ৰাণ দায়ুদৰ প্ৰাণৰ লগত গঁথা হল, আৰু যোনাথনে নিজ প্ৰাণৰ দৰে তেওঁক প্ৰেম কৰিবলৈ ধৰিলে।” (১ চমূৱেল ১৮:১) বসয়ৰ যথেষ্ট পাৰ্থক্য থকাৰ সত্ত্বেও তেওঁলোকৰ মাজত ঘনিষ্ঠ বন্ধুত্ব গঢ়ি উঠিছিল আৰু এই বন্ধুত্ব যুদ্ধক্ষেত্ৰত যোনাথনৰ মৃত্যুলৈকে অটুট আছিল। * (২ চমূৱেল ১:২৬) তেওঁলোকৰ মাজত ঘনিষ্ঠ বন্ধুত্ব গঢ়ি উঠাৰ প্ৰধান কাৰণ কি আছিল?
১০ দায়ূদ আৰু যোনাথনে যিহোৱা ঈশ্বৰক প্ৰেম কৰিছিল আৰু যিকোনো পৰিস্থিতিতে তেওঁলোকে ঈশ্বৰৰ প্ৰতি বিশ্বাসী হৈ থাকিবলৈ হৃদয়ৰপৰা ইচ্ছা কৰিছিল। তেওঁলোক দুয়োজনে ঈশ্বৰক আনন্দিত কৰিবলৈ চেষ্টা কৰা এই গুণৰ বাবে এজনে-আনজনৰ প্ৰতি আকৰ্ষিত হৈ পৰিছিল। ঈশ্বৰৰ নামৰ ওপৰত কলঙ্ক যাতে নাহে তাৰ বাবে ডেকা দায়ূদে যিদৰে সাহস আৰু ভক্তি দেখুৱাইছিল, তাক দেখি যোনাথন নিশ্চয় প্ৰভাৱিত হৈছিল। আনহাতে, নিজতকৈ বয়সত ডাঙৰ যোনাথনক দায়ূদে আদৰ আৰু সন্মান কৰিছিল। দায়ূদে দেখিছিল যে যোনাথনে কেনেকৈ যিহোৱা ঈশ্বৰৰ ব্যৱস্থাক বিশ্বাসেৰে ১ চমূৱেল ২৩:১৬) ক্ষন্তেকৰ বাবে কল্পনা কৰকচোন। নিজৰ ঘনিষ্ঠ বন্ধুৱে এইদৰে সহায় কৰিবলৈ আৰু উৎসাহ দেখুৱাবলৈ আগবাঢ়ি অহাৰ বাবে দায়ূদে কেনে অনুভৱ কৰিছিল! *
সমৰ্থন কৰিছিল আৰু নিস্বাৰ্থৰে দায়ূদৰ ভালৰ বাবে চিন্তা কৰিছিল। উদাহৰণস্বৰূপে, এবাৰ যোনাথনৰ পিতৃ চৌলে ক্ৰোধিত হৈ দায়ূদক বধ কৰিব বিচাৰিছিল, তেতিয়া দায়ূদে নিৰাশ হৈ অনাই-বনাই ঘূৰি ফুৰিছিল। সেই সময়ত যোনাথনে যি কৰিলে সেয়া উল্লেখনীয় বিষয় আছিল। যোনাথনে ব্যক্তিগতভাৱে “দায়ুদৰ ওচৰলৈ গৈ, ঈশ্বৰত তেওঁৰ হাত সবল কৰিলে।” (১১. দায়ূদ আৰু যোনাথনৰ উদাহৰণৰপৰা আমি কি শিকিব পাৰোঁ?
১১ দায়ূদ আৰু যোনাথনৰ উদাহৰণৰপৰা আমি কি শিকিব পাৰোঁ? ইয়াৰপৰা আমি শিকিব পাৰোঁ যে বন্ধুত্বৰ মাজত আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় হৈছে আধ্যাত্মিক বিষয়বোৰক প্ৰাধান্য দিয়া। যেতিয়া আমি বাইবেলৰ ৰোমীয়া ১:১১, ১২ পঢ়ক।) আধ্যাত্মিক বিষয়বোৰক গুৰুত্ব দিয়া লোকসকলক আমি আমাৰ খ্ৰীষ্টান ভাই-ভনীসকলৰ মাজত বিচাৰি পাম। ইয়াৰ অৰ্থ এইটো নেকি যে ৰাজ্যগৃহলৈ অহা সকলোৱে আমাৰ ভাল বন্ধু হ’ব পাৰে? নহয়, এইদৰে নহ’বও পাৰে।
শিক্ষা পালন কৰা, নৈতিক মানদণ্ডবোৰৰ অনুসৰি জীৱন অতিবাহিত কৰা আৰু ঈশ্বৰৰ প্ৰতি বিশ্বাসী হৈ থাকিবলৈ ইচ্ছা কৰা লোকসকলৰ লগত বন্ধুত্ব কৰোঁ, তেতিয়া আমাৰ চিন্তা-ভাৱনা আৰু অনুভৱবোৰ এজনে-আনজনৰ লগত আদান-প্ৰদান হ’ব। ইয়ে আমাক উৎসাহিত কৰিব আৰু আমাৰ বিশ্বাস দৃঢ় কৰাত সহায় কৰিব। (আমি কেনেকৈ ঘনিষ্ঠ বন্ধু বাছনি কৰিম
১২, ১৩. (ক) মণ্ডলীৰ কেনে সদস্যসকলৰ লগত আমি বন্ধুত্ব কৰা উচিত? (খ) প্ৰথম শতিকাৰ মণ্ডলীবোৰে কেনেধৰণৰ সমস্যাৰ সন্মুখীন হৈছিল আৰু পৌলে ইয়াৰ বাবে কি সতৰ্ক কৰিছিল?
১২ যিসকলে আমাক ঈশ্বৰৰ লগত সম্পৰ্ক দৃঢ় কৰাত সহায় কৰিব তেনে লোকসকলৰ লগত বন্ধুত্ব কৰা উচিত। সেইবাবে, আমি মণ্ডলীৰ ভিতৰতো ভাবি-চিন্তি বন্ধু বাছনি কৰাৰ প্ৰয়োজন। কিয় বাৰু? যিদৰে এজোপা গছৰ কিছুমান ফল পকিবলৈ বেছি সময় লাগে, ঠিক সেইদৰে, মণ্ডলীতো কিছুমান ভাই-ভনীক ঈশ্বৰৰ লগত সম্পৰ্ক দৃঢ় কৰাৰ বাবে বেছি সময়ৰ প্ৰয়োজন হয়। সেইবাবে, প্ৰত্যেক মণ্ডলীতে এনে ভাই-ভনীসকল আছে, যিয়ে বিভিন্ন পৰ্যায়ত আধ্যাত্মিকভাৱে উন্নতি কৰা দেখিবলৈ পোৱা যায়। (ইব্ৰী ৫:১২–৬:৩) কিন্তু সত্যত নতুনকৈ অহা বা দুৰ্বল লোকসকলক আধ্যাত্মিকভাৱে উন্নতি কৰাত সহায় কৰিবলৈ আমি তেওঁলোকৰ প্ৰতি প্ৰেম আৰু ধৈৰ্য্য দেখুৱা উচিত।—ৰোমীয়া ১৪:১; ১৫:১.
১৩ কেতিয়াবা কেতিয়াবা মণ্ডলীত এনে পৰিস্থিতিৰ উদ্ভৱ হ’ব পাৰে, য’ত আমি বন্ধুত্ব কৰাৰ বিষয়ে সাৱধানতা অৱলম্বন কৰা উচিত। কিয়নো কিছুমান সদস্যই হয়তো অনুচিত কাৰ্য্যত জড়িত হ’ব ১ কৰিন্থীয়া ১৫:১২, ৩৩) খ্ৰীষ্টান সদস্যসকলৰ মাজতো অনুচিত আচৰণ কৰা কিছুমান লোক থাকিব পাৰে বুলি পৌলে তীমথিয়ক সকিয়াই দিছিল। এনেধৰণৰ লোকসকলৰপৰা আঁতৰি থাকিবলৈ আৰু তেওঁলোকৰ লগত ঘনিষ্ঠ বন্ধুত্ব নকৰিবলৈ পৌলে তীমথিয়ক কৈছিল।—২ তীমথিয় ২:২০-২২ পঢ়ক।
পাৰে। আন কিছুমানে হয়তো মণ্ডলীৰ ব্যৱস্থাৰ প্ৰতি আনন্দিত নহয় আৰু অভিযোগ কৰাৰ মনোভাব গঢ়ি তুলিব পাৰে। প্ৰথম শতিকাৰ মণ্ডলীবোৰতো এনেধৰণৰ সমস্যা দেখিবলৈ পোৱা গৈছিল। উদাহৰণস্বৰূপে, কৰিন্থীয়া মণ্ডলীৰ বেছিভাগ সদ্যস্যই বিশ্বাসী আছিল, কিন্তু কিছুমানে খ্ৰীষ্টৰ শিক্ষা পালন কৰা নাছিল। সেইবাবে, পাঁচনি পৌলে তেওঁলোকক সতৰ্ক কৰিছিল: “তোমালোক ভ্ৰান্ত নহবা; কুসঙ্গে সদাচাৰ নষ্ট কৰে।” (১৪. কৰিন্থীয়া মণ্ডলীক সংগতি কৰাৰ বিষয়ে পৌলে দিয়া সতৰ্কবাণী আজি আমি কেনেকৈ পালন কৰিব পাৰোঁ?
১৪ কৰিন্থীয়া মণ্ডলীক সংগতি কৰাৰ বিষয়ে পৌলে দিয়া সতৰ্কবাণী আজি আমি কেনেকৈ পালন কৰিব পাৰোঁ? মণ্ডলীৰ ভাই-ভনী হওক বা নহওক আমি সেই লোকসকলৰপৰা আঁতৰি থাকিম, যিসকলৰ সংগতিয়ে আমাৰ চিন্তা-ভাৱনাক দূষিত কৰিব পাৰে। (২ থিচলনীকীয়া ৩:৬, ৭, ১৪) যিহোৱা ঈশ্বৰৰ লগত থকা আমাৰ সম্পৰ্কক আমি সুৰক্ষা দিয়া উচিত। আমি মনত ৰখা উচিত যে এটুকুৰা স্পঞ্জে যেনেকৈ পানী শুঁহি লয়, ঠিক সেইদৰে আমাৰ ঘনিষ্ঠ বন্ধুসকলৰ আচাৰ-ব্যৱহাৰ আৰু চিন্তা-ভাৱনাক আমি অনুকৰণ কৰিবলৈ ধৰোঁ। যেনেকৈ এটুকুৰা স্পঞ্জক লেতেৰা পানীত জুবুৰিয়াই তাৰপৰা বিশুদ্ধ পানী আশা কৰিব নোৱাৰোঁ, তেনেকৈ বেয়া লোকসকলৰ লগত বন্ধুত্ব কৰি আমি ভাল আশা কৰিব নোৱাৰোঁ।—১ কৰিন্থীয়া ৫:৬.
আপুনি খ্ৰীষ্টান মণ্ডলীত ভাল বন্ধু বিচাৰি পাব
১৫. ঈশ্বৰৰ লগত ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰা বন্ধুসকলক খ্ৰীষ্টান মণ্ডলীত আপুনি কেনেকৈ বিচাৰি পাব?
১৫ আনন্দৰ কথা যে খ্ৰীষ্টান মণ্ডলীত ভাল বন্ধু বিচাৰি পোৱা গীতমালা ১৩৩:১) ঈশ্বৰৰ লগত ভাল সম্পৰ্ক বজাই ৰাখিবলৈ অপ্ৰাণ চেষ্টা কৰা এনে বন্ধু মণ্ডলীত আপুনি কেনেকৈ বিচাৰি পাব? আপুনি যেতিয়া ঈশ্বৰৰ গুণবোৰ আয়ত্ব কৰিবলৈ চেষ্টা কৰিব, তেতিয়া ঈশ্বৰক আনন্দিত কৰিবলৈ চেষ্টা কৰা লোকসকলেও আপোনাৰ গুণবোৰৰ প্ৰতি আকৰ্ষিত হ’ব। ইয়াৰ উপৰিও নতুন বন্ধু পাতিবলৈ আপুনিও কিছুমান ব্যৱহাৰিক পদক্ষেপ লোৱাৰ প্ৰয়োজন হ’ব। (“ আমি কেনেকৈ ভাল বন্ধু গঢ়িলোঁ?” বক্সত চাওক।) আপুনি সেই লোকসকলক বিচাৰক যাৰ মাজত, আপুনি প্ৰতিফলিত কৰিব বিচৰা গুণবোৰ আছে। নিজৰ ‘হৃদয় বহল কৰক,’ বাইবেলৰ এই পৰামৰ্শ পালন কৰি বিভিন্ন জাতি, ৰাষ্ট্ৰ বা সংস্কৃতিৰপৰা অহা ভাই-ভনীসকলৰ লগত বন্ধুত্ব গঢ়ি তোলাৰ চেষ্টা কৰক। (২ কৰিন্থীয়া ৬:১৩; ১ পিতৰ ২:১৭ পঢ়ক।) কেৱল সমবয়সীয়া লোকসকলৰ লগত বন্ধুত্ব নকৰিব। মনত ৰাখিব যে যোনাথন দায়ূদতকৈ বয়সত ডাঙৰ আছিল। বয়সীয়া লোকসকলৰ লগত বন্ধুত্ব কৰিলে, আপুনি তেওঁলোকৰ অনুভৱ আৰু প্ৰজ্ঞাৰপৰা উপকৃত হ’ব।
অসম্ভৱ নহয়। (যেতিয়া সমস্যাই দেখা দিয়ে
১৬, ১৭. যদি কোনো ভাই বা ভনীয়ে আমাৰ মনত আঘাত দিয়ে, তেনেহ’লে আমি কিয় মণ্ডলীৰপৰা আঁতৰি থকা উচিত নহয়?
১৬ মণ্ডলীত বিভিন্ন পৃষ্ঠভূমি আৰু ব্যক্তিত্বৰ লোক থকাৰ বাবে কেতিয়াবা কেতিয়াবা সমস্যা আহিব পাৰে। এজন ভাই বা ভনীয়ে হয়তো এনে কথা ক’ব পাৰে বা এনে কাম কৰিব পাৰে, যাৰ বাবে আমাৰ মনত আঘাত লাগিব পাৰে। (হিতোপদেশ ১২:১৮) বিভিন্ন ব্যক্তিত্ব, ভুল বুজা-বুজি বা মতামত বেলেগ বেলেগ হোৱাৰ বাবে সমস্যাই দেখা দিয়ে। এনে সমস্যাবোৰৰ বাবে আমি উজুটি খাম নেকি বা মণ্ডলীৰপৰা আঁতৰি থাকিম নেকি? যদি যিহোৱা ঈশ্বৰ আৰু তেওঁ ভালপোৱা লোকসকলৰ প্ৰতি আমাৰ প্ৰকৃত প্ৰেম থাকে, তেনেহ’লে আমি এনে কেতিয়াও নকৰিম।
১৭ যিহোৱা ঈশ্বৰ আমাৰ সৃষ্টিকৰ্ত্তা আৰু জীৱনদাতা হোৱাৰ বাবে তেওঁ আমাৰ প্ৰেম আৰু ভক্তি পোৱাৰ যোগ্য। (প্ৰকাশিত বাক্য ৪:১১) ইয়াৰ উপৰিও, বৰ্তমান সময়ত খ্ৰীষ্টান মণ্ডলীক ঈশ্বৰে ব্যৱহাৰ কৰিছে। সেইবাবে, আমি এই ব্যৱস্থাক সমৰ্থন কৰা উচিত। (ইব্ৰী ১৩:১৭) যদি কোনো ভাই বা ভনীয়ে কিবা প্ৰকাৰে আমাৰ মনত আঘাত বা বেজাৰ দিয়ে, তেনেহ’লে আমি আমাৰ অসন্তোষ প্ৰকাশ কৰিবলৈ মণ্ডলীৰ সভাবোৰৰপৰা আঁতৰি নাথাকিম। আমি এনে কৰাটো ভাবিবই নোৱাৰোঁ, নহয় জানো? যিহোৱা ঈশ্বৰেতো আমাক অসন্তুষ্ট কৰা নাই। ঈশ্বৰৰ প্ৰতি থকা আমাৰ প্ৰেমৰ বাবে আমি তেওঁ আৰু তেওঁৰ লোকসকলৰপৰা কেতিয়াও আঁতৰি নাথাকিম।—গীতমালা ১১৯:১৬৫ পঢ়ক।
১৮. (ক) মণ্ডলীত শান্তি বজাই ৰাখিবলৈ আমি কি কৰিব পাৰোঁ? (খ) আমাৰ মনত আঘাত দিয়া লোকসকলক ক্ষমা কৰিলে, আমি কি আশীৰ্বাদ লাভ কৰিম?
১৮ ভাই-ভনীসকলৰ প্ৰতি থকা প্ৰেমে মণ্ডলীত শান্তি বজাই ৰাখিবলৈ হিতোপদেশ ১৭:৯; ১ পিতৰ ৪:৮) প্ৰেমে আমাক “পৰস্পৰে ক্ষমা” কৰিবলৈ সহায় কৰিব। (কলচীয়া ৩:১৩) বাইবেলৰ এই পৰামৰ্শ সকলো সময়তে পালন কৰা সহজ নহয়। যদি আমাক বেয়া ভাৱনাই দমন কৰি ৰাখে, তেনেহ’লে আমাৰ মনক আঘাত কৰা ভাইজনৰ প্ৰতি আমি ক্ৰোধ পুহি ৰাখিম, আৰু ইয়াৰ ফলত তেওঁ শাস্তি পাইছে বুলি আমি ভাবিব পাৰোঁ। আচলতে, আনৰ প্ৰতি ক্ৰোধ পুহি ৰখাটো আমাৰ নিজৰ বাবেহে ক্ষতিকৰ। আমাৰ মনক আঘাত দিয়া লোকসকলক ক্ষমা কৰিলে আমি আশীৰ্বাদ লাভ কৰিম। (লূক ১৭:৩, ৪) এনে কৰিলে আমি নিজৰ মনত শান্তি পাম, মণ্ডলীত শান্তি বজাই ৰাখিবলৈ সক্ষম হ’ম আৰু যিহোৱা ঈশ্বৰৰ লগতো আমাৰ সম্পৰ্ক দৃঢ় হ’ব।—মথি ৬:১৪, ১৫; ৰোমীয়া ১৪:১৯.
আমাক সহায় কৰিব। যিহোৱা ঈশ্বৰে যাক ভাল পায় তেওঁৰপৰা সিদ্ধতা আশা নকৰে। সেইবাবে, আমিও আমাৰ ভাই-ভনীসকলৰপৰা সিদ্ধতা আশা কৰা উচিত নহয়। প্ৰেম থকাৰ বাবে আমি তেওঁলোকৰ সৰু-সুৰা ভুল-ত্ৰুটিবোৰ আওকাণ কৰিম। ইয়াৰ উপৰিও, মনত ৰখা উচিত যে অসিদ্ধ হোৱাৰ বাবে আমি সকলোৱে ভুল কৰোঁ। (কেতিয়া সংগতি কৰা উচিত নহ’ব
১৯. মণ্ডলীৰ কোনো এজনৰ লগত কেতিয়া মিলা-মিচা কৰা উচিত নহ’ব?
১৯ কেতিয়াবা কেতিয়াবা মণ্ডলীৰ কোনো এজন বিশেষ সদস্যৰ লগত মিলা-মিচা নকৰিবলৈ আমাক নিৰ্দেশনা দিয়া হয়। যেতিয়া কোনো সদস্যই ঈশ্বৰৰ নিয়ম উলংঘন কৰি অনুতাপ নকৰে বা সত্যক ত্যাগ কৰি মিছা শিক্ষা দিয়ে বা মণ্ডলীৰ লগত সম্পৰ্ক নাৰাখে, এনে সদস্যক বহিষ্কাৰ কৰা হয়। ঈশ্বৰৰ বাক্যই এনে লোকসকলৰ লগত “আলাপ-ব্যৱহাৰ” অৰ্থাৎ মিলা-মিচা কৰাৰপৰা দূৰে থাকিবলৈ আমাক নিৰ্দেশনা দিয়ে। * (১ কৰিন্থীয়া ৫:১১-১৩ পঢ়ক; ২ যোহন ৯-১১) যদি আমাৰ কোনো বন্ধু বা পৰিয়ালৰ সদস্যক বহিষ্কাৰ কৰা হয়, তেনেহ’লে বাইবেলৰ এই নিৰ্দেশনা পালন কৰিবলৈ আমাৰ হয়তো কঠিন হ’ব পাৰে। সেই সময়ত আমি স্থিৰে থাকি, যিহোৱা ঈশ্বৰৰ প্ৰতি বিশ্বাসী হৈ তেওঁৰ আজ্ঞা পালন কৰিমনে? মনত ৰাখিব যে বিশ্বাসী আৰু আজ্ঞাকাৰী লোক যিহোৱা ঈশ্বৰৰ দৃষ্টিত বহুমূলীয়া।
২০, ২১. (ক) বহিষ্কাৰ কৰা ব্যৱস্থা কিয় এক প্ৰেমৰ ব্যৱস্থা? (খ) আমি কিয় বুদ্ধিমতাৰে বন্ধু বাছনি কৰা উচিত?
২০ বহিষ্কাৰ কৰা ব্যৱস্থা হৈছে যিহোৱা ঈশ্বৰৰ এক প্ৰেমৰ ব্যৱস্থা। আমি কিয় এনেকৈ ক’ব পাৰোঁ? পাপ কৰি অনুতাপ নকৰা লোকসকলক বহিষ্কাৰ কৰাৰ যোগেদি যিহোৱা ঈশ্বৰৰ পবিত্ৰ নাম আৰু তেওঁৰ মানদণ্ডবোৰক সন্মান দেখুৱা হয়। (১ পিতৰ ১:১৫, ১৬) বহিষ্কাৰ কৰা ব্যৱস্থাই মণ্ডলীক সুৰক্ষিত কৰি ৰাখে। এইদৰে জানি-শুনি পাপ কৰা লোকসকলৰ বেয়া প্ৰভাৱৰপৰা বিশ্বাসী সদস্যসকলে ৰক্ষা পৰে আৰু তেওঁলোকে জানিব পাৰিব যে এই দুষ্ট পৃথিৱীখনত মণ্ডলীয়ে হৈছে এক সুৰক্ষিত স্থান। (১ কৰিন্থীয়া ৫:৭; ইব্ৰী ১২:১৫, ১৬) এনে কঠোৰ অনুশাসনৰ দ্বাৰা পাপ কৰা ব্যক্তিজনৰ প্ৰতি প্ৰেম দেখুৱা হয়। তেওঁক সঠিক পথত আহিবলৈ হয়তো এনে অনুশাসনৰ প্ৰয়োজন আৰু এই অনুশাসনে তেওঁক যিহোৱালৈ পুনৰ ঘূৰি অহাত, উচিত পদক্ষেপ ল’বলৈ সহায় কৰিব।—ইব্ৰী ১২:১১.
২১ আমাৰ ঘনিষ্ঠ বন্ধুসকলৰ প্ৰভাৱ আমাৰ ওপৰত নপৰিব বুলি আমি কেতিয়াও ভবা উচিত নহয়। সেইবাবে, আমি বুদ্ধিমতাৰে বন্ধু বাছনি কৰা উচিত। যদি আমি যিহোৱাৰ বন্ধুসকলক আমাৰ বন্ধু কৰি তোলো আৰু ঈশ্বৰে ভালপোৱা লোকসকলক আমি ভালপাওঁ, তেনেহ’লে আমি ভাল বন্ধু বিচাৰি পাবলৈ সক্ষম হ’ম। এই বন্ধুসকলৰপৰা শিকা কথাবোৰে আমাক যিহোৱা ঈশ্বৰক সেৱা কৰাৰ আমাৰ সংকল্পক দৃঢ় কৰাত সহায় কৰিব।
^ অনু. 4 অব্ৰাহামক বলিদান কৰিবলৈ কোৱাৰ যোগেদি যিহোৱা ঈশ্বৰে ভৱিষ্যতে তেওঁ কেনেকৈ নিজৰ একমাত্ৰ পুত্ৰক বলিদানৰূপে আগবঢ়াব, তাৰে এক চানেকি দিছিল। (যোহন ৩:১৬) কিন্তু অব্ৰাহামে বলিদান কৰাৰ সময়তে যিহোৱা ঈশ্বৰে তেওঁক বাধা দিছিল আৰু ইচ্হাকৰ সলনি এটা মতা মেৰৰ ব্যৱস্থা কৰিছিল।—আদিপুস্তক ২২:১, ২, ৯-১৩.
^ অনু. 9 দায়ূদে গলিয়াথক বধ কৰাৰ সময়ত তেওঁ এজন “লৰা” আছিল আৰু যোনাথনৰ মৃত্যুৰ সময়ত দায়ূদৰ বয়স প্ৰায় ৩০ বছৰ আছিল। (১ চমূৱেল ১৭:৩৩; ৩১:২; ২ চমূৱেল ৫:৪) মৃত্যুৰ সময়ত যোনাথনৰ বয়স প্ৰায় ৬০ বছৰ আছিল। ইয়াৰপৰা বুজিব পাৰি যে দায়ূদতকৈ তেওঁ প্ৰায় ৩০ বছৰ ডাঙৰ আছিল।
^ অনু. 10 ১ চমূৱেল ২৩:১৭ পদত বৰ্ণনা কৰা অনুসৰি যোনাথনে দায়ূদক উৎসাহিত কৰিবলৈ পাঁচটা বিষয় কৈছিল: (১) দায়ূদক ভয় নকৰিবলৈ অনুৰোধ কৰিছিল। (২) চৌলৰ প্ৰচেষ্টা সফল নহ’ব বুলি দায়ূদক আশ্বাস দিছিল। (৩) যিহোৱা ঈশ্বৰে প্ৰতিজ্ঞা কৰা অনুসৰি দায়ূদে ৰজা হ’ব বুলি যোনাথনে সোঁৱৰাই দিছিল। (৪) দায়ূদৰ অনুগত হৈ থাকিব বুলি প্ৰতিশ্ৰুতি দিছিল। (৫) যোনাথনে দায়ূদক কৈছিল যে তেওঁ দায়ূদৰ অনুগত হৈ থকা কথাটো চৌলেও জানে।
^ অনু. 19 বহিষ্কাৰ কৰা বা মণ্ডলীৰপৰা আঁতৰি যোৱা সদস্যসকলৰ লগত কেনেদৰে ব্যৱহাৰ কৰা উচিত, তাৰ বিষয়ে অধিক জানিবলৈ “মণ্ডলীৰপৰা বহিষ্কাৰ কৰা কোনো ব্যক্তিৰ লগত আমি কেনে ব্যৱহাৰ কৰা উচিত?” নামৰ অতিৰিক্ত লেখত চাওক।