এই ব্ৰচাৰখনৰপৰা আপুনি কেনেকৈ লাভৱান হʼব
এই ব্ৰচাৰখনে আপোনাক ঈশ্বৰৰ বাক্য বাইবেলৰ বিষয়ে শিকিবলৈ সহায় কৰিব। ইয়াৰ প্ৰতিটো অধ্যায়ত কিছুমান প্ৰশ্ন ডাঠ কʼলা আখৰেৰে লিখা আছে। হেলনীয়াকৈ লিখা শাস্ত্ৰীয় পদবোৰে এই প্ৰশ্নবোৰৰ উত্তৰ পাবলৈ সহায় কৰিব।
বাইবেলৰ পদবোৰ পঢ়াৰ সময়ত আপুনি লক্ষ্য কৰক যে এই পদবোৰে প্ৰশ্নবোৰৰ উত্তৰ পাবলৈ আপোনাক কেনেকৈ সহায় কৰিব। এই পদবোৰৰ অৰ্থ বুজিবলৈ যিহোৱাৰ সাক্ষীসকলে আপোনাক সহায় কৰিবলৈ আনন্দিত হʼব।—লূক ২৪:৩২, ৪৫ পঢ়ক।
টোকা: এই ব্ৰচাৰখনত উল্লেখ কৰা সকলো প্ৰকাশন যিহোৱাৰ সাক্ষীসকলৰ দ্বাৰা প্ৰকাশ কৰা হৈছে।