পাঠ ৪
যীচু খ্ৰীষ্ট কোন হয়?
১. যীচু খ্ৰীষ্ট কʼৰপৰা আহিছিল?
এই পৃথিৱীত জন্ম হোৱাৰ আগতে যীচুয়ে এজন স্বৰ্গদূত হিচাপে স্বৰ্গত আছিল। (যোহন ৮:২৩) তেওঁ হৈছে ঈশ্বৰৰ প্ৰথম সৃষ্টি। ঈশ্বৰে অন্যান্য বস্তুবোৰ সৃষ্টি কৰাৰ সময়ত যীচু তেওঁৰ লগত আছিল। যীচুকেই কেৱল যিহোৱা ঈশ্বৰে পোনপটীয়াকৈ সৃষ্টি কৰিছিল আৰু সেইবাবে তেওঁক ঈশ্বৰৰ “একমাত্ৰ পুত্ৰ” বুলি কোৱা হয়। (যোহন ১:১৪) যীচুয়ে এজন বাৰ্ত্তাবাহক হিচাপে কাৰ্য্য কৰাৰ বাবে তেওঁক “বাক্য” বুলিও কোৱা হয়।—হিতোপদেশ ৮:২২, ২৩, ৩০; কলচীয়া ১:১৫, ১৬ পঢ়ক।
২. যীচুয়ে এই পৃথিৱীলৈ অহাৰ উদ্দেশ্য কি আছিল?
ঈশ্বৰে তেওঁৰ এই পুত্ৰক এগৰাকী ইহুদী কুমাৰীৰ গৰ্ভত স্থানান্তৰ কৰি এই পৃথিৱীলৈ পঠিয়াইছিল। যীচুৰ কোনো মানৱীয় পিতৃ নাছিল। (লূক ১:৩০-৩৫) তিনিটা কাৰণৰ বাবে যীচু এই পৃথিৱীলৈ আহিছিল: (১) ঈশ্বৰৰ বিষয়ে সত্য শিকাবলৈ, (২) সমস্যাৰ মাজতো কেনেকৈ ঈশ্বৰৰ উদ্দেশ্য পূৰ কৰিব পাৰি, তাৰ বিষয়ে এটা উদাহৰণ ৰাখিবলৈ আৰু (৩) নিজৰ সিদ্ধ জীৱন এক “মুক্তিৰ মূল্যৰ অৰ্থে” দিবলৈ।—মথি ২০:২৮ পঢ়ক।
৩. মুক্তিপণৰ কিয় প্ৰয়োজন?
মুক্তিপণ হৈছে কাৰোবাক মৃত্যুৰ ভাবুকিৰপৰা মুক্ত কৰিবলৈ পৰিশোধ কৰা মূল্য। (যাত্ৰাপুস্তক ২১:২৯, ৩০) মানৱজাতিয়ে বৃদ্ধ আৰু মৃত্যু হোৱাটো ঈশ্বৰৰ প্ৰকৃত উদ্দেশ্য নাছিল। এই বিষয়ে আমি কেনেকৈ কʼব পাৰোঁ? প্ৰথম পুৰুষ আদমক ঈশ্বৰে আজ্ঞা দিছিল যে যদি তেওঁ “পাপ” কৰে, তেনেহʼলে তেওঁৰ মৃত্যু হʼব। গতিকে আমি কʼব পাৰোঁ যে যদি আদমে পাপ নকৰা হʼলে, তেওঁৰ কেতিয়াও মৃত্যু নহʼলহেঁতেন। (আদিপুস্তক ২:১৬, ১৭; ৫:৫) বাইবেলত উল্লেখ কৰিছে যে আদমৰ দ্বাৰা গোটেই মানৱজাতিলৈ পাপ “সোমাল।” আদমে নিজৰ সতি-সন্ততিলৈ এই পাপ উত্তৰাধিকাৰীস্বৰূপে দিলে। এই পাপৰ পৰিণাম হৈছে মৃত্যু। আদমৰপৰা আমি যি পাপ আৰু মৃত্যু উত্তৰাধিকাৰীস্বৰূপে পাইছো, ইয়াৰপৰা উদ্ধাৰ হʼবলৈ আমাক মুক্তিপণৰ প্ৰয়োজন।—ৰোমীয়া ৫:১২; ৬:২৩ পঢ়ক।
আমাক মৃত্যুৰ কবলৰপৰা মুক্ত কৰিবলৈ কোনে মুক্তিপণ দিব? যেতিয়া আমাৰ মৃত্যু হয়, তেতিয়া আমি কেৱল আমাৰ নিজৰ বাবেহে মূল্য দিওঁ। কোনো অসিদ্ধ মানুহে আনৰ বাবে মূল্য দিব নোৱাৰে।—গীতমালা ৪৯:৭-৯ পঢ়ক।
৪. যীচুৰ কিয় মৃত্যু হৈছিল?
যীচু আমাৰ দৰে অসিদ্ধ নাছিল, তেওঁ সিদ্ধ আছিল। তেওঁ কোনো পাপ কৰা নাছিল আৰু সেইবাবে তেওঁ নিজৰ পাপৰ বাবে মৃত্যু হোৱাৰ প্ৰয়োজন নাছিল। তাৰ পৰিৱৰ্ত্তে, তেওঁ আনৰ পাপৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। ঈশ্বৰে নিজৰ একমাত্ৰ পুত্ৰক মৰিবলৈ দি মানৱজাতিৰ বাবে নিজৰ গভীৰ প্ৰেম দেখুৱালে। যীচুয়েও ঈশ্বৰৰ বাক্য পালন কৰি আমাৰ বাবে নিজৰ প্ৰাণ বলিদান কৰি প্ৰেম দেখুৱালে।—যোহন ৩:১৬; ৰোমীয়া ৫:১৮, ১৯ পঢ়ক।
৫. এতিয়া যীচুয়ে কি কৰি আছে?
যীচুয়ে পৃথিৱীত থকাৰ সময়ত বেমাৰী লোকসকলক সুস্থ কৰিছিল, মৃত লোকসকলক পুনৰ জীৱিত কৰিছিল আৰু দুখ-কষ্টত থকা লোকসকলক উদ্ধাৰ কৰিছিল। এই কাৰ্য্যবোৰৰ দ্বাৰা যীচুয়ে প্ৰমাণ কৰিছিল যে তেওঁ ভৱিষ্যতে মানৱজাতিৰ বাবে কি কৰিব। (মথি ১৫:৩০, ৩১; যোহন ৫:২৮) যীচুৰ মৃত্যুৰ পাছত ঈশ্বৰে তেওঁক আত্মিক প্ৰাণীৰূপে পুনৰুত্থান কৰিছিল। (১ পিতৰ ৩:১৮) যিহোৱাই তেওঁক এই পৃথিৱীত শাসন কৰিবলৈ অধিকাৰ নিদিয়ালৈকে, যীচুয়ে ঈশ্বৰৰ সোঁহাতে অপেক্ষা কৰি আছিল। (ইব্ৰী ১০:১২, ১৩) এতিয়া যীচুয়ে স্বৰ্গত এজন ৰজা হিচাপে শাসন কৰি আছে আৰু তেওঁৰ শিষ্যসকলে গোটেই পৃথিৱীজোৰি এই ভাল খবৰ লোকসকলৰ আগত ঘোষণা কৰিছে।—দানিয়েল ৭:১৩, ১৪; মথি ২৪:১৪ পঢ়ক।
অতি সোনকালে, যীচুয়ে এজন ৰজা হিচাপে নিজৰ শক্তি প্ৰয়োগ কৰি, সকলো দুখ-কষ্ট নাইকিয়া কৰিব আৰু দুষ্ট লোকসকলক সম্পূৰ্ণৰূপে বিনাশ কৰিব। যীচুৰ বাক্যক পালন কৰা লোকসকলে এই পৃথিৱীত আহিবলগীয়া প্ৰমোদবনত অনন্ত জীৱন লাভ কৰিব।—গীতমালা ৩৭:৯-১১ পঢ়ক।