অধ্যয়নৰ লেখ ১১
গীত নং ৫৭ বিভিন্ন জাতিৰ লোকক সত্যৰ বিষয়ে জনাওঁক
যীচুৰ দৰে উৎসাহেৰে প্ৰচাৰ কৰক
‘প্ৰভুৱে যি যি চহৰ আৰু এলেকাত তেওঁ নিজেই যাবলগীয়া আছিল, তাত তেওঁলোকক দুজন দুজনকৈ আগতীয়াকৈ পঠিয়ালে।’—লূক ১০:১.
কি শিকিম?
আমি চাৰিটা উপায়ৰ ওপৰত মন কৰিম যাৰ যোগেদি আমি যীচুৰ দৰে উৎসাহেৰে প্ৰচাৰ কৰিব পাৰিম।
১. যীচুৰ শিষ্য হোৱাৰ দাবী কৰা লোকসকলৰ পৰা কি কথাই যিহোৱাৰ সেৱকসকলক পৃথক কৰে?
যিহোৱাৰ সেৱকসকলে উৎসাহেৰে প্ৰচাৰ কৰে আৰু এই কামত তেওঁলোকে বহুত পৰিশ্ৰম কৰে। সেইবাবে, আমি সেই লোকসকলৰ পৰা একেবাৰে পৃথক হয়, যিসকলে নিজকে যীচুৰ শিষ্য হয় বুলি কেৱল দাবী কৰে। (তীত ২:১৪) কিন্তু কেতিয়াবা কেতিয়াবা হয়তো প্ৰচাৰ কৰিবলৈ আমাক ভাল নালাগিব পাৰে বা আমাৰ উৎসাহ কমি যাব পাৰে। আপুনি হয়তো সেই পৰিশ্ৰমী প্ৰাচীনৰ দৰে অনুভৱ কৰিব পাৰে, যিজনে কৈছিল, “কেতিয়াবা কেতিয়াবা মোৰ প্ৰচাৰ কৰিবলৈ মনেই নাযায়।”
২. প্ৰচাৰৰ বাবে নিজৰ উৎসাহ বজাই ৰাখিবলৈ কেতিয়াবা কেতিয়াবা কিয় কঠিন হʼব পাৰে?
২ হয়তো প্ৰচাৰতকৈ বেছি আমি যিহোৱাৰ সেৱাৰ লগত জড়িত আন কামবোৰ কৰি বেছি আনন্দ পাওঁ। যেনে, নিৰ্মাণ কামত, সাহায্য কামত বা ভাই-ভনীসকলক উৎসাহিত কৰি আমি বৰ আনন্দিত হওঁ। কাৰণ যেতিয়া আমি এই কামবোৰ কৰোঁ, তেতিয়া আমি হয়তো তাৰ পৰিণাম লগে লগে দেখা পাওঁ আৰু আনন্দ লাভ কৰোঁ। লগতে যেতিয়া আমি ভাই-ভনীসকলৰ লগত থাকোঁ, তেতিয়া আমি কোনো কথাক লৈ চিন্তিত নহওঁ আৰু একেলগে মিলি প্ৰেমেৰে কাম কৰোঁ। ইয়াৰ উপৰিও, তেওঁলোকে আমাৰ পৰিশ্ৰমক মূল্যাংকন কৰে। আনহাতে, যিখন এলেকাত আমি বহু সময়ৰ পৰা প্ৰচাৰ কৰি আছোঁ, তাত হয়তো আমি ভাল পৰিণাম পোৱা নাই বা লোকসকলে আমাৰ বাৰ্তা নুশুনে। এই জগতৰ অন্ত কাষ চপাৰ লগে লগে আমাৰ ওপৰত আৰু বেছিকৈ বিৰোধ কৰা হৈছে। (মথি ১০:২২) এনে পৰিস্থিতিত আমি নিজৰ উৎসাহ বজাই ৰাখিবলৈ আৰু ইয়াক বঢ়াবলৈ কি কৰিব পাৰোঁ?
৩. লূক ১৩:৬-৯ পদত দিয়া উদাহৰণৰ পৰা আমি যীচুৰ বিষয়ে কি শিকিব পাৰোঁ?
৩ উৎসাহেৰে প্ৰচাৰ কৰাৰ বিষয়ে আমি যীচুৰ পৰা বহুতো কথা শিকিব পাৰোঁ। পৃথিৱীত থকাৰ সময়ত প্ৰচাৰৰ বাবে তেওঁ নিজৰ উৎসাহ কম হʼবলৈ নিদিলে, তাৰ পৰিৱৰ্তে সময় পাৰ হোৱাৰ লগে লগে তেওঁ আৰু উৎসাহেৰে প্ৰচাৰ কৰিবলৈ ধৰিলে। (লূক ১৩:৬-৯ পঢ়ক।) এটা উদাহৰণত যীচুৱে খেতিৰ চোৱা-চিতা কৰা এজন মানুহৰ লগত নিজকে তুলনা কৰিলে। সেই মানুহজনে তিনি বছৰলৈকে এজোপা ডিমৰু গছ চোৱা-চিতা কৰিবলৈ পৰিশ্ৰম কৰিলে। কিন্তু তাত ফল নধৰিলে। ঠিক সেইদৰে, যীচুৱেও তিনি বছৰলৈকে যিহূদীসকলক প্ৰচাৰ কৰিলে, কিন্তু বহুত কম সংখ্যক লোকে তেওঁৰ শিষ্য হʼল। তথাপিও, যেনেকৈ সেই মানুহজনে আশা এৰি নিদিলে আৰু পৰিশ্ৰম কৰি থাকিলে, ঠিক সেইদৰে যীচুৱেও হাৰ নামানিলে আৰু প্ৰচাৰত পৰিশ্ৰম কৰি থাকিল। লগতে, যীচুৱে লোকসকলৰ হৃদয় স্পৰ্শ কৰিবলৈ আৰু পৰিশ্ৰম কৰিলে।
৪. আমি যীচুৰ বিষয়ে কি চাৰিটা কথাৰ ওপৰত মন কৰিম?
৪ এই লেখত আমি শিকিম যে যীচুৱে কেনেকৈ উৎসাহেৰে প্ৰচাৰ কৰি থাকিলে। বিশেষকৈ নিজৰ সেৱাৰ শেষৰ ছয় মাহত। (লূক ১০:১ পদত “ইয়াৰ পাছত” দিয়া অধ্যয়ন নোট (হিন্দী) চাওক।) সেই সময়ছোৱাত যীচুৱে বহুত কিছু কৰিলে আৰু বহুতো কথা শিকালে। যদি আমি এই কথাবোৰৰ ওপৰত ধ্যান দিওঁ, তেনেহʼলে আমিও উৎসাহেৰে প্ৰচাৰ কৰি থাকিব পাৰিম। এই লেখত আমি চাৰিটা কথাৰ ওপৰত মন কৰিম, যাৰ বাবে যীচুৱে নিজৰ উৎসাহ বজাই ৰাখিব পাৰিলে: (১) যীচুৱে যিহোৱাৰ ইচ্ছা পূৰ কৰাত ধ্যান দিছিল, (২) তেওঁ বাইবেলৰ ভৱিষ্যবাণীবোৰ ভালদৰে বুজি পাইছিল, (৩) তেওঁ যিহোৱাৰ ওপৰত ভৰসা ৰাখিছিল, আৰু (৪) তেওঁৰ বিশ্বাস আছিল যে কিছুমান লোকে তেওঁৰ বাৰ্তা শুনিব।
তেওঁ যিহোৱাৰ ইচ্ছা পূৰ কৰাত ধ্যান দিছিল
৫. যীচুৱে কেনেকৈ দেখুৱালে যে যিহোৱাৰ ইচ্ছা পূৰ কৰাটোৱেই, তেওঁৰ বাবে গুৰুত্বপূৰ্ণ?
৫ যীচুৱে উৎসাহেৰে লোকসকলক ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্তা শুনালে। কাৰণ, তেওঁ জানিছিল যে যিহোৱাই ইয়াৰ বাবেই তেওঁক পঠাইছে। (লূক ৪:৪৩) তেওঁ প্ৰচাৰ কামক নিজৰ জীৱনত প্ৰথম স্থান দিছিল। আনকি, নিজৰ জীৱনৰ শেষ মাহত তেওঁ “চহৰে চহৰে আৰু গাঁৱে গাঁৱে” গৈ লোকসকলক শিকালে। (লূক ১৩:২২) প্ৰচাৰ কাম তেওঁৰ বাবে ইমানেই গুৰুত্বপূৰ্ণ আছিল যে, তেওঁ আন শিষ্যসকলকো এই কাম কৰিবলৈ ট্ৰেইনিং দিলে।—লূক ১০:১.
৬. ঈশ্বৰৰ সেৱাৰ লগত জড়িত আন কামবোৰ প্ৰচাৰ কামৰ লগত কেনেকৈ জড়িত হৈ আছে? (ছবিখনো চাওক।)
৬ আজিও শুভবাৰ্তা প্ৰচাৰ কৰাটো আটাইতকৈ গুৰুত্বপূৰ্ণ কাম হয়। আমি জীৱনত প্ৰচাৰ কামক প্ৰথম স্থান দিয়াটো যিহোৱা আৰু যীচুৱে বিচাৰে। (মথি ২৪:১৪; ২৮:১৯, ২০) ঈশ্বৰৰ সেৱাৰ লগত জড়িত সকলো কাম প্ৰচাৰ কামৰ লগত জড়িত হৈ আছে। যেনে, আমি ৰাজ্যগৃহ নিৰ্মাণ কৰোঁ, যাতে যি লোকসকলক আমি প্ৰচাৰ কৰিছোঁ তেওঁলোকে তাত আহি যিহোৱাৰ উপাসনা কৰিব পাৰে। বেথেলত কৰা কামৰ বাবে প্ৰচাৰ কাম আৰু ভালদৰে হয়। ইয়াৰ লগতে সাহায্যৰ কামত সহায় কৰি আমি কেৱল ভাই-ভনীসকলক সহায় কৰোঁ এনে নহয়, তাৰ পৰিৱৰ্তে তেওঁলোকে অতি সোনকালে যিহোৱাৰ সেৱা কৰিবলৈ আৰম্ভ কৰাটো আমি বিচাৰোঁ। যেনে, প্ৰচাৰ কাৰ্য্য। যদি আমি মনত ৰাখোঁ যে প্ৰচাৰ কাম কিমান গুৰুত্বপূৰ্ণ আৰু আমি এই কামক প্ৰথম স্থান দিয়াটো যিহোৱাই বিচাৰে, তেনেহʼলে আমি নিয়মীয়াকৈ প্ৰচাৰ কৰিম। হাংগেৰিত থকা ভাই ইয়ানোচ যি এজন প্ৰাচীন হয়, এইদৰে কৈছে, “মই নিজকে মনত পেলাই দিওঁ যে ঈশ্বৰৰ সেৱাৰ লগত জড়িত কোনো কাম প্ৰচাৰ কামৰ ঠাই লʼব নোৱাৰে। প্ৰচাৰ কাৰ্য্য আমাৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দায়িত্ব হয়।”
৭. আমি লোকসকলক প্ৰচাৰ কৰি থকাটো যিহোৱাই কিয় বিচাৰে? (১ তীমথিয় ২:৩, ৪)
৭ প্ৰচাৰ কামত নিজৰ উৎসাহ বঢ়োৱাৰ আৰু এটা উপায় হৈছে, লোকসকলৰ বিষয়ে যিহোৱাৰ দৰে দৃষ্টিভংগী ৰখা। বেছিতকৈ বেছি লোকে শুভবাৰ্তা শুনা আৰু সত্যক গ্ৰহন কৰাটো যিহোৱাই বিচাৰে। (১ তীমথিয় ২:৩, ৪ পঢ়ক।) সেইবাবে, আমি যাতে লোকসকলক আৰু ভালদৰে প্ৰচাৰ কৰিব পাৰোঁ আৰু তেওঁলোকৰ জীৱন ৰক্ষা কৰিব পাৰোঁ, তাৰ বাবে যিহোৱাই আমাক শিকাই আছে। যেনে, যিহোৱাই আমাক লোকসকলক প্ৰেম কৰক আৰু শিকাওক নামৰ ব্ৰচাৰখন দিছে। এই ব্ৰচাৰত ভাল ভাল পৰামৰ্শ দিয়া হৈছে, যাৰ পৰা আমি লোকসকলৰ লগত সহজে কথা-বতৰা আৰম্ভ কৰিব পাৰোঁ আৰু যীচুৰ শিষ্য হʼবলৈ সহায় কৰিব পাৰোঁ। লোকসকলে শুভবাৰ্তা শুনি পদক্ষেপ নলʼবও পাৰে। কিন্তু আগলৈ গৈ তেওঁলোকৰ হয়তো এই কথা মনত পৰিব আৰু মহা সংকট শেষ হোৱাৰ আগতে তেওঁলোকে হয়তো যিহোৱাৰ সেৱা কৰিব। সেইবাবে, আজি লোকসকলক প্ৰচাৰ কৰাটো অতি গুৰুত্বপূৰ্ণ।
তেওঁ বাইবেলৰ ভৱিষ্যবাণীবোৰ ভালদৰে বুজি পাইছিল
৮. বাইবেলৰ ভৱিষ্যবাণীবোৰ জনাৰ বাবে যীচুৱে কেনেকৈ সময়ৰ সঠিক ব্যৱহাৰ কৰিব পাৰিলে?
৮ যীচুৱে জানিছিল যে বাইবেলৰ ভৱিষ্যবাণীবোৰ কেনেকৈ পূৰ হʼব। যেনে, তেওঁ জানিছিল যে তেওঁ এই পৃথিৱীত কেৱল চাৰে তিনি বছৰ সেৱা কৰিব পাৰিব। (দানি. ৯:২৬, ২৭) যীচু এয়াও জানিছিল যে তেওঁৰ মৃত্যু কেতিয়া আৰু কেনেকৈ হʼব। (লূক ১৮:৩১-৩৪) যীচুৱে এই ভৱিষ্যবাণী আৰু আন ভৱিষ্যবাণীবোৰৰ বিষয়ে জানিছিল। সেইবাবে, তেওঁ সময়ৰ ভাল ব্যৱহাৰ কৰিলে আৰু উৎসাহেৰে প্ৰচাৰ কৰিলে, যাতে যিহোৱাই দিয়া দায়িত্ব ভালদৰে পূৰ কৰিব পাৰে।
৯. বাইবেলৰ ভৱিষ্যবাণী ভালদৰে বুজি পালে আমি কেনেকৈ উৎসাহেৰে প্ৰচাৰ কৰিব পাৰোঁ?
৯ আমি বাইবেলৰ ভৱিষ্যবাণীবোৰ ভালদৰে বুজি পাওঁ। সেইবাবে, আমি উৎসাহেৰে প্ৰচাৰ কৰোঁ। আমি জানোঁ যে এই জগতৰ অন্ত হʼবলৈ বহুত কম সময় থাকি গৈছে। আজি জগতত ঘটি থকা ঘটনা আৰু লোকসকলৰ আচাৰ-ব্যৱহাৰে দেখুৱাই যে শেষ কালৰ বিষয়ে কৰা ভৱিষ্যবাণী পূৰ হৈ আছে। লগতে ভৱিষ্যবাণীত কোৱা হৈছিল যে শেষ কালত উত্তৰ দেশৰ ৰজাই দক্ষিণ দেশৰ ৰজাৰ লগত যুদ্ধ কৰিব আৰু আমি আজি এইদৰে হোৱাটো চাব পাৰিছোঁ। আজি ব্ৰিটেন-আমেৰিকা বিশ্ব শক্তি আৰু ৰুচ আৰু তাৰ বন্ধুত্ব ৰাষ্ট্ৰই যুদ্ধ কৰি আছে। (দানি. ১১:৪০) ইয়াৰ উপৰিও, আমি জানোঁ যে দানিয়েল ২:৪৩-৪৫ পদত কোৱা মূৰ্তিৰ ভৰি ব্ৰিটেইন-আমেৰিকা বিশ্ব শক্তিক চিত্ৰিত কৰে। আমাৰ সম্পূৰ্ণ বিশ্বাস আছে যে যেনেকৈ ভৱিষ্যবাণীত কোৱা হৈছে অতি সোনকালে ঈশ্বৰৰ ৰাজ্যই সকলো মানৱীয় চৰকাৰক শেষ কৰিব। এই সকলো ভৱিষ্যবাণীৰ পৰা জানিব পাৰি যে আমি শেষ কালৰ একেবাৰে কাষ চাপিছোঁ। সেইবাবে, আমি সময়ৰ সঠিক ব্যৱহাৰ কৰা আৰু উৎসাহেৰে শুভবাৰ্তা প্ৰচাৰ কৰাটো অতি গুৰুত্বপূৰ্ণ।
১০. বাইবেলৰ ভৱিষ্যবাণীবোৰ আৰু কি কি উপায়েৰে আমাক প্ৰচাৰ কৰি থাকিবলৈ উৎসাহিত কৰিব পাৰে?
১০ বাইবেলৰ ভৱিষ্যবাণীবোৰৰ ওপৰত মন কৰিলে আমি এক ভাল ভৱিষ্যৰ আশা পাওঁ, যাৰ বিষয়ে আমি সকলোকে জনাব বিচাৰোঁ। ডমিনিক গণৰাজ্যত থকা ভনী কেৰিয়ে কৈছে, “যেতিয়া মই চিন্তা কৰোঁ যে যিহোৱাই আমাক কিমান ভাল ভৱিষ্য দিয়াৰ প্ৰতিজ্ঞা কৰিছে, তেতিয়া ইয়াৰ বিষয়ে আনকো জনাবলৈ মোৰ মন যায়। যেতিয়া মই চাওঁ যে লোকসকলে কিমান সমস্যাৰ মাজেদি পাৰ হৈ আছে, তেতিয়া মোৰ অনুভৱ হয় যে যিহোৱাই এই প্ৰতিজ্ঞা কেৱল মোৰ বাবে নহয় আনৰ বাবেও কৰিছে।” বাইবেলৰ ভৱিষ্যবাণীবোৰৰ পৰা এয়াও জানিব পাৰি যে এই কামত যিহোৱাই আমাক সহায় কৰি আছে। যাৰ বাবে আমি প্ৰচাৰ কৰি থাকিবলৈ উৎসাহিত হওঁ। হাংগেৰিত থকা ভনী লীলাই কৈছে, “যিচয়া ১১:৬-৯ পদৰ পৰা মই বুজিব পাৰিলোঁ যে যিহোৱাৰ সহায়ত যিকোনো মানুহে সলনি হʼব পাৰে। সেইবাবে, মই এনে লোকসকলকো প্ৰচাৰ কৰিবলৈ উৎসাহিত হʼলো যিসকলক চাই লাগে যে তেওঁলোকে কেতিয়াও সত্য গ্ৰহণ নকৰিব।” জাম্বিয়াত থকা ভাই ক্ৰিষ্টফাৰে কৈছে, “মাৰ্ক ১৩:১০ পদত কোৱাৰ দৰে আজি গোটেই পৃথিৱীত শুভবাৰ্তাৰ প্ৰচাৰ কৰা হৈছে। এই ভৱিষ্যবাণী পূৰ কৰিবলৈ মইয়ো সহযোগ কৰিব পাৰিছোঁ, ইয়াৰ বাবে মই বহুত আনন্দিত হওঁ।” বাইবেলৰ কোনটো ভৱিষ্যবাণীৰ পৰা আপুনি প্ৰচাৰ কৰি থাকিবলৈ উৎসাহিত হয়?
তেওঁ যিহোৱাৰ ওপৰত ভৰসা ৰাখিছিল
১১. উৎসাহেৰে প্ৰচাৰ কৰিবলৈ যীচুৱে কিয় যিহোৱাৰ ওপৰত ভৰসা কৰাৰ প্ৰয়োজন আছিল? (লূক ১২:৪৯, ৫৩)
১১ যীচুৱে যিহোৱাৰ ওপৰত সম্পূৰ্ণৰূপে ভৰসা কৰিছিল। সেইবাবে, তেওঁ উৎসাহেৰে প্ৰচাৰ কৰিব পাৰিলে। কাৰণ তেওঁ জানিছিল যে কিছুমান লোকে শুভবাৰ্তা শুনি খং কৰিব আৰু বিৰোধো কৰিব। সেইবাবে, তেওঁ লোকসকলৰ লগত ভাবি-চিন্তি কথা পাতিছিল। (লূক ১২:৪৯, ৫৩ পঢ়ক।) প্ৰচাৰ কৰাৰ বাবে বহু বাৰ ধৰ্ম গুৰুসকলে যীচুক মাৰি পেলাবলৈ চেষ্টা কৰিলে। (যোহ. ৮:৫৯; ১০:৩১, ৩৯, ৩৯) তথাপিও যীচুৱে প্ৰচাৰ কৰি থাকিল। কাৰণ তেওঁ জানিছিল যে যিহোৱা তেওঁৰ লগত আছে। তেওঁ কʼলে, “মই অকলশৰীয়া নহওঁ, কিন্তু মোক পঠোৱা মোৰ পিতৃ মোৰ লগত আছে। . . . তেওঁ মোক অকলশৰীয়াকৈ এৰি দিয়া নাই। কিয়নো মই সদায় তেওঁ আনন্দিত হোৱা কামবোৰ কৰোঁ।”—যোহ. ৮:১৬, ২৯.
১২. যীচুৱে নিজৰ শিষ্যসকলক কেনেকৈ তৈয়াৰ কৰিলে যাতে তেওঁলোকে তাড়না পোৱাৰ সময়তো প্ৰচাৰ কৰিব পাৰে?
১২ যীচুৱে নিজৰ শিষ্যসকলকো যিহোৱাৰ ওপৰত ভৰসা ৰাখিবলৈ শিকালে। তেওঁ বাৰে বাৰে শিষ্যসকলক মনত পেলাই দিছিল যে তেওঁলোকক যেতিয়া তাড়না দিয়া হʼব, তেতিয়াও যিহোৱাই তেওঁলোকক সহায় কৰিব। (মথি ১০:১৮-২০; লূক ১২:১১, ১২) কিন্তু তেওঁ শিষ্যসকলক প্ৰচাৰ কৰাৰ সময়ত সতৰ্ক হৈ থাকিবলৈ কৈছিল। (মথি ১০:১৬; লূক ১০:৩) যদি কোনোবাই তেওঁলোকৰ বাৰ্তা শুনিব নিবিচাৰে, তেনেহʼলে তেওঁলোকৰ লগত জোৰ-জবৰদস্তি কৰিবলৈ মানা কৰিছিল আৰু যেতিয়া তেওঁলোকক তাড়না দিয়া হʼব, তেতিয়া তাৰ পৰা পলাই যাবলৈ কৈছিল। (মথি ১০:২৩; লূক ১০:১০, ১১) যীচুৱে উৎসাহেৰে প্ৰচাৰ কৰিলে আৰু যিহোৱাৰ ওপৰত ভৰসা ৰাখিলে। কিন্তু তেওঁ বিনা কাৰণত বিপদ চপাই লোৱা নাছিল।—যোহ. ১১:৫৩, ৫৪.
১৩. যিহোৱাই আপোনাক সহায় কৰিব বুলি আপুনি কিয় বিশ্বাস কৰিব পাৰে?
১৩ আজিও আমাৰ কামৰ বিৰোধ কৰা হয়। সেইবাবে, আমাক যিহোৱাৰ সহায়ৰ প্ৰয়োজন আছে যাতে আমি উৎসাহেৰে শুভবাৰ্তা প্ৰচাৰ কৰিব পাৰোঁ। (প্ৰকা. ১২:১৭) কিন্তু যিহোৱাই আপোনাক সহায় কৰিব বুলি আপুনি কিয় বিশ্বাস কৰিব পাৰে? খন্তেকৰ বাবে যোহন ১৭ অধ্যায়ত উল্লেখ থকা যীচুৰ প্ৰাৰ্থনালৈ মন কৰক। যীচুৱে তেওঁৰ পাঁচনিসকলৰ যত্ন লʼবলৈ যিহোৱালৈ মিনতি কৰিছিল আৰু যিহোৱাই তেওঁৰ মিনতি শুনিলে। যেতিয়া পাঁচনিসকলৰ ওপৰত অত্যাচাৰ কৰা হৈছিল, তেতিয়া উৎসাহেৰে প্ৰচাৰ কৰিবলৈ যিহোৱাই তেওঁলোকক কেনেকৈ সহায় কৰিলে, তাৰ বিষয়ে আমি পাঁচনিৰ কৰ্ম্ম কিতাপত পঢ়িবলৈ পাওঁ। যীচুৱে নিজৰ পিতৃক সেই লোকসকলৰো যত্ন লʼবলৈ কৈছিল, যিসকলে পাঁচনিসকলৰ পৰা শুভবাৰ্তা শুনি যীচুৰ ওপৰত বিশ্বাস কৰিলেহেঁতেন। আপুনিও তেওঁলোকৰ মাজৰ এজন হয়। আজিও যিহোৱাই যীচুৰ সেই প্ৰাৰ্থনাৰ উত্তৰ দি আছে। সেইবাবে, আপুনি বিশ্বাস ৰাখিব পাৰে যে যিহোৱাই পাঁচনিসকলক যিদৰে সহায় কৰিলে, ঠিক সেইদৰে তেওঁ আপোনাকো সহায় কৰিব।—যোহ. ১৭:১১, ১৫, ২০.
১৪. আমি সমস্যাৰ সময়তো উৎসাহেৰে প্ৰচাৰ কৰিব পাৰিম বুলি কিয় বিশ্বাস ৰাখিব পাৰোঁ? (ছবিখনো চাওক।)
১৪ জগতৰ অন্ত কাষ চাপি অহাৰ লগে লগে শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ আমাৰ বাবে আৰু কঠিন হʼব পাৰে। কিন্তু উৎসাহেৰে প্ৰচাৰ কৰিবলৈ যীচুৱে আমাক সহায় কৰিব বুলি আশ্বাস দিছে। (লূক ২১:১২-১৫) যীচু আৰু তেওঁৰ শিষ্যসকলৰ দৰে আমি সেই লোকসকলক শুভবাৰ্তা প্ৰচাৰ কৰোঁ, যিসকলে শুনিব বিচাৰে আৰু আমি কাৰো লগত তৰ্ক নকৰোঁ। যিবোৰ দেশত আমাৰ কাম নিষেধ কৰা হৈছে, সেই ঠাইতো আমাৰ ভাই-ভনীসকলে শুভবাৰ্তা প্ৰচাৰ কৰে। কাৰণ তেওঁলোকে যিহোৱাৰ শক্তিৰ ওপৰত বিশ্বাস কৰে, নিজৰ ওপৰত নহয়। যিহোৱাই প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলক যিদৰে শক্তি দিছিল, ঠিক সেইদৰে আজি আমাকো শক্তি দিয়ে যাতে যেতিয়ালৈকে তেওঁ বিচাৰে, তেতিয়ালৈকে আমি “ভালদৰে প্ৰচাৰ” কৰিব পাৰোঁ। (২ তীম. ৪:১৭) সেইবাবে, আমি বিশ্বাস ৰাখিব পাৰোঁ যে যিহোৱাৰ ওপৰত ভৰসা কৰি আপুনি উৎসাহেৰে প্ৰচাৰ কৰিব পাৰিব।
তেওঁৰ বিশ্বাস আছিল যে কিছুমান লোকে শুভবাৰ্তা নিশ্চয় শুনিব
১৫. আমি কিয় কʼব পাৰোঁ যে যীচুৰ সম্পূৰ্ণ বিশ্বাস আছিল যে কিছুমান লোকে শুভবাৰ্তা নিশ্চয় শুনিব?
১৫ যীচুৰ বিশ্বাস আছিল যে কিছুমান লোকে শুভবাৰ্তা নিশ্চয় শুনিব। সেইবাবে, তেওঁ উৎসাহেৰে প্ৰচাৰ কৰিব পাৰিলে। উদাহৰণস্বৰূপে, ৩০ খ্ৰীষ্টাব্দৰ শেষত যেতিয়া যীচুৱে চালে যে বহুতো লোকে শুভবাৰ্তা শুনিবলৈ সাজু আছে, তেতিয়া যীচুৱে তেওঁলোকৰ তুলনা এনে খেতিৰ লগত কৰিলে, যি দাবলৈ পকি গৈছে। (যোহ. ৪:৩৫) ইয়াৰ প্ৰায় এবছৰৰ পাছত যীচুৱে নিজৰ শিষ্যসকলক কʼলে, “শস্য বহুত” আছে। (মথি ৯:৩৭, ৩৮) ইয়াৰ কিছু সময়ৰ পাছত তেওঁ আকৌ এবাৰ কʼলে, “শস্য বহুত . . . সেইবাবে, খেতিৰ মালিকক মিনতি কৰা যাতে তেওঁ শস্য দাবলৈ আৰু কাম কৰা মানুহ পঠাই দিয়ে।” (লূক ১০:২) যীচুৰ সম্পূৰ্ণ বিশ্বাস আছিল যে কিছুমান লোকে শুভবাৰ্তা গ্ৰহণ কৰিব আৰু যেতিয়া লোকসকলে এইদৰে কৰিলে, তেতিয়া তেওঁ বহুত আনন্দিত হʼল।—লূক ১০:২১.
১৬. যীচুৰ উদাহৰণবোৰৰ পৰা কেনেকৈ জানিব পাৰি যে লোকসকলে শুভবাৰ্তা নিশ্চয় গ্ৰহণ কৰিব? (লূক ১৩:১৮-২১) (ছবিখনো চাওক।)
১৬ প্ৰচাৰ কৰিলে কিমান ভাল পৰিণাম পোৱা যায়, তাৰ বিষয়ে মন কৰিবলৈ যীচুৱে নিজৰ শিষ্যসকলক কৈছিল। এইদৰে কৰিলে তেওঁলোকে উৎসাহেৰে প্ৰচাৰ কৰিব পাৰিলেহেতেঁন। ইয়াক বুজাবলৈ যীচুৱে দুটা উদাহৰণ দিছিল। (লূক ১৩:১৮-২১ পঢ়ক।) যীচুৱে কʼলে যে ৰাজ্যৰ বাৰ্তা সৰিয়হ গুটিৰ দৰে হয়। এই উদাহৰণৰ পৰা তেওঁ বুজালে যে বহুতো লোকে শুভবাৰ্তা গ্ৰহণ কৰিব আৰু কোনেও এই কামক বাধা দিব নোৱাৰিব। যীচুৱে এয়াও কৈছিল যে ৰাজ্যৰ বাৰ্তা খমিৰৰ দৰে হয়। কাৰণ এই বাৰ্তা পৃথিৱীৰ সকলো ঠাইতে বিয়পি পৰিব আৰু এই বাৰ্তা শুনি লোকসকলে ডাঙৰ ডাঙৰ সাল-সলনি কৰিব, যদিও আমি এয়া লগে লগে দেখা নাপাম। এইদৰে যীচুৱে নিজৰ শিষ্যসকলক আশ্বাস দিছিল যে বহুতো লোকে শুভবাৰ্তা গ্ৰহণ কৰিব।
১৭. আমি কিয় উৎসাহেৰে প্ৰচাৰ কৰি থকা উচিত?
১৭ আজি গোটেই পৃথিৱীত বহুতো লোকে শুভবাৰ্তা গ্ৰহণ কৰি আছে আৰু এয়া চাই আমি উৎসাহেৰে প্ৰচাৰ কৰোঁ। প্ৰতি বছৰে কোটি কোটি লোকে স্মৰণীয় দিনত উপস্থিত হয় আৰু আমাৰ লগত বাইবেল অধ্যয়ন কৰে। লাখ লাখ লোকে বাপ্তিষ্মা লৈ আমাৰ লগত প্ৰচাৰ কৰিবলৈ ধৰে। আমি এয়া নাজানোঁ যে আৰু কিমান সংখ্যক লোকে শুভবাৰ্তা গ্ৰহণ কৰিব। কিন্তু আমি জানোঁ যে যিহোৱাই ডাঙৰ ভীৰক একগোট কৰি আছে, যিসকলে মহা সংকটৰ পৰা বাছি ওলাই আহিব। (প্ৰকা. ৭:৯, ১৪) খেতিৰ মালিকৰ সম্পূৰ্ণ বিশ্বাস আছে যে এতিয়া আৰু বহুতো লোকে শুভবাৰ্তা গ্ৰহণ কৰিব। গতিকে আহক আমি উৎসাহেৰে প্ৰচাৰ কৰি থাকোঁ!
১৮. লোকসকলে আমাৰ বিষয়ে কি কোৱাটো আমি বিচাৰোঁ?
১৮ যীচুৰ শিষ্যসকলে সদায় উৎসাহেৰে প্ৰচাৰ কৰিলে। প্ৰথম শতিকাৰ লোকসকলে যেতিয়া দেখিলে যে যীচুৰ পাচঁনিসকলে সাহসেৰে প্ৰচাৰ কৰি আছে, তেতিয়া “তেওঁলোকে জানিব পাৰিলে যে এওঁলোক যীচুৰ লগত থাকিছিল।” (পাঁচ. ৪:১৩) আহক, আমিও তেওঁলোকৰ দৰে সাহসেৰে আৰু উৎসাহেৰে প্ৰচাৰ কৰি থাকোঁ। তেতিয়া লোকসকলে আমাকো চাই কʼব যে আমি যীচুৰ শিষ্য হওঁ।
গীত নং ৫৮ শান্তিপ্ৰিয় লোকসকলক বিচাৰা
a ছবিৰ বিষয়ে: এজন ভাই পেট্ৰʼল পাম্পত থিয় হৈ আছে আৰু বুদ্ধিমত্তাৰে এজন ব্যক্তিক প্ৰচাৰ কৰি আছে।