অধ্যয়নৰ লেখ ১৩
গীত নং ৪ “যিহোৱা মোৰ ৰক্ষক”
যিহোৱাৰ হাত চুটি নহয়!
“যিহোৱাৰ হাত জানো চুটি হল?”—গণ. ১১:২৩.
কি শিকিম?
এই লেখৰ পৰা আপোনাৰ ভৰসা বাঢ়িব যে যিহোৱাই সদায় আপোনাৰ প্ৰয়োজনীয়তাবোৰ পূৰ কৰিব।
১. যেতিয়া মোচিয়ে ইস্ৰায়েলীসকলক মিচৰ দেশৰ পৰা উলিয়াই আনিলে, তেতিয়া তেওঁ কেনেকৈ যিহোৱাৰ ওপৰত ভৰসা ৰাখিলে?
ইব্ৰী কিতাপত যিহোৱাৰ বহুতো বিশ্বাসী সেৱকৰ বিষয়ে উল্লেখ আছে। তেওঁলোকৰ মাজৰ এজন হৈছে মোচি। তেওঁৰ বহুত বিশ্বাস আছিল। (ইব্ৰী ৩:২-৫; ১১:২৩-২৫) তেওঁ ইস্ৰায়েলীসকলক মিচৰ দেশৰ পৰা উলিয়াই আনিছিল। যেতিয়া ফৰৌণ আৰু তেওঁৰ সৈনিকসকলে ইস্ৰায়েলীসকলৰ পিছে পিছে আহিছিল, তেতিয়া মোচিয়ে ভয় কৰাৰ পৰিৱৰ্তে যিহোৱাৰ ওপৰত ভৰসা ৰাখিলে। তেওঁ ইস্ৰায়েলীসকলক চূফ সাগৰ পাৰ কৰালে আৰু অৰণ্যত তেওঁলোকৰ নেতৃত্ব লʼলে। (ইব্ৰী ১১:২৭-২৯) যেতিয়া বেছিভাগ ইস্ৰায়েলীয়ে ভাবিলে যে যিহোৱাই তেওঁলোকৰ প্ৰয়োজনীয়তাবোৰ পূৰ কৰিব নোৱাৰে, তেতিয়াও মোচিয়ে যিহোৱাৰ ওপৰত ভৰসা ৰাখিলে। তেওঁৰ ভৰসা ব্যৰ্থ নগʼল। যিহোৱাই অৰণ্যত ইস্ৰায়েলীসকলক চমৎকাৰ কৰি আহাৰ আৰু পানী দিলে আৰু তেওঁলোকক চম্ভালিলে। a—যাত্ৰা. ১৫:২২-২৫; গীত. ৭৮:২৩-২৫.
২. যিহোৱাই মোচিক এইদৰে কিয় কʼলে, “যিহোৱাৰ হাত জানো চুটি হল?” (গণনা পুস্তক ১১:২১-২৩)
২ মোচিৰ বিশ্বাস বহুত মজবুত আছিল। কিন্তু ইস্ৰায়েলীসকলক মিচৰৰ পৰা উলিয়াই অনাৰ প্ৰায় এবছৰৰ পাছত তেওঁৰ যিহোৱাৰ ওপৰত সন্দেহ হʼবলৈ ধৰিলে। কাৰণ, ইস্ৰায়েলীসকলে মাংস বিচাৰিবলৈ ধৰিলে আৰু মোচিয়ে ভাবিলে যে যিহোৱাই এই অৰণ্যত লাখ লাখ লোকৰ বাবে মাংস কʼৰ পৰা আনিব। তেতিয়া যিহোৱাই মোচিক কʼলে, “যিহোৱাৰ হাত জানো চুটি হল?” (গণনা পুস্তক ১১:২১-২৩ পঢক।) এই পদত ‘যিহোৱাৰ হাতৰ’ অৰ্থ হৈছে যিহোৱাৰ পবিত্ৰ শক্তি বা এনে সক্ৰিয় শক্তি যাৰ যোগেদি তেওঁ নিজৰ ইচ্ছা পূৰ কৰে। গতিকে এই প্ৰশ্ন সুধি যিহোৱাই মোচিক যেন কৈ আছিল, ‘তুমি কি ভাবা, মই যি কৈছোঁ সেয়া পূৰ কৰিব নোৱাৰিম নে?’
৩. আমি মোচি আৰু ইস্ৰায়েলীসকলৰ উদাহৰণৰ ওপৰত কিয় ধ্যান দিয়া উচিত?
৩ আপোনাৰ মনতো কেতিয়াবা এনে সন্দেহ আহিছে নে, ‘জানোঁ যিহোৱাই মোৰ আৰু মোৰ পৰিয়ালৰ প্ৰয়োজনীয়তাবোৰ পূৰ কৰিব নে নাই?’ আহক এতিয়া আমি মোচি আৰু ইস্ৰায়েলীসকলৰ উদাহৰণলৈ মন কৰোঁ, যিসকলৰ মনত এনেধৰণৰ সন্দেহ আহিছিল। এই লেখত আমি বাইবেলৰ এনে কিছুমান সিদ্ধান্তৰ ওপৰত মন কৰিম আৰু শিকিম যে আমি কিয় ভৰসা কৰিব পাৰোঁ যে যিহোৱাৰ হাত ইমান চুটি নহয় যে তেওঁ আমাৰ প্ৰয়োজনীয়তাবোৰ পূৰ কৰিব নোৱাৰে।
মোচি আৰু ইস্ৰায়েলীসকলৰ পৰা শিকক
৪. বহুতো ইস্ৰায়েলীয়ে হয়তো কিয় সন্দেহ কৰিবলৈ ধৰিলে?
৪ যিহোৱাই ইস্ৰায়েলীসকলৰ প্ৰয়োজনীয়তাবোৰ পূৰ কৰিব পাৰিব নে নোৱাৰে, তাৰ ওপৰত তেওঁলোকে কিয় সন্দেহ কৰিবলৈ ধৰিলে আহক তালৈ মন কৰোঁ। অৰণ্যত ইস্ৰায়েলীসকলৰ লগতে অনা-ইস্ৰায়েলী “লোকসমূহ” আছিল, যিসকল মিচৰৰ পৰা তেওঁলোকৰ লগত ওলাই আহিছিল। তেওঁলোকৰ অৰণ্যত কিছু সময় হৈ গৈছিল। (যাত্ৰা. ১২:৩৮; দ্বিতী. ৮:১৫) তাৰ পাছত মিশ্ৰিত লোকসমূহৰ লগতে বহুতো ইস্ৰায়েলীয়ে মান্না খাই আমনি পাবলৈ ধৰিলে আৰু অভিযোগ কৰিবলৈ ধৰিলে। (গণ. ১১:৪-৬) তেওঁলোকে মিচৰ দেশত পোৱা আহাৰৰ বিষয়ে চিন্তা কৰিবলৈ ধৰিলে, সেইবাবে তেওঁলোকে মোচিক অভিযোগ কৰিবলৈ ধৰিলে। তেওঁলোকৰ অভিযোগ শুনি মোচিয়ে ভাবিলে ইমান লোকৰ বাবে মাংস কʼৰ পৰা লৈ আহিম।—গণ. ১১:১৩, ১৪.
৫-৬. বহুতো ইস্ৰায়েলীৰ ওপৰত মিশ্ৰিত লোকসকলৰ কি প্ৰভাৱ পৰিছিল আৰু তাৰ পৰা আমি কি শিকিব পাৰোঁ?
৫ যিহোৱাই যিবোৰ বস্তু দিছিল, তাৰ প্ৰতি অনা-ইস্ৰায়েলীসকলে কৃতজ্ঞ নাছিল। এনে লাগে যেন কিছুমান ইস্ৰায়েলীয়ে তেওঁলোকৰ দৰে হৈ পৰিছিল। আজি আমাৰ লগতো এইদৰে হʼব পাৰে। আমি এনে লোকসকলৰ মাজত থাকোঁ, যিসকলে আনৰ প্ৰতি কৃতজ্ঞতা নেদেখুৱায়। তেওঁলোকৰ দৰে আমিও হয়তো যিহোৱাৰ প্ৰতি কৃতজ্ঞতা দেখুৱাবলৈ এৰি দিব পাৰোঁ। আমি সেই বস্তুবোৰলৈ মনত পেলাব পাৰোঁ, যিবোৰ আমি এৰি আহিছোঁ বা আনক চাই আমি ঈৰ্ষা কৰিব পাৰোঁ। কিন্তু আমি যদি সন্তুষ্ট হৈ থাকিবলৈ শিকোঁ, তেনেহʼলে আমি যিকোনো পৰিস্থিতিত আনন্দিত থাকিম।
৬ ইস্ৰায়েলীসকলে এই কথাৰ ওপৰত ধ্যান দিব লাগিছিল যে যিহোৱাই তেওঁলোকক কি কি আশীৰ্বাদ দিব। কিন্তু তেওঁলোকে মনত ৰাখিব লাগিছিল যে তেওঁলোকে এই আশীৰ্বাদবোৰ প্ৰতিজ্ঞা কৰা দেশত গৈ পালেহেঁতেন, এই অৰণ্যত নহয়। ঠিক সেইদৰে আমিও এই বিষয়ে চিন্তা কৰা উচিত যে নতুন পৃথিৱীত যিহোৱাই আমাক কি কি আশীৰ্বাদ দিব, আজি আমাৰ ওচৰত কি নাই তাৰ বিষয়ে নহয়। ইয়াৰ উপৰিও আমি বাইবেলৰ সেই পদবোৰ মনন কৰা উচিত, যাৰ পৰা যিহোৱাৰ ওপৰত আমাৰ ভৰসা বাঢ়িব।
৭. যিহোৱাৰ হাত চুটি নহয় বুলি আমি কিয় বিশ্বাস কৰিব পাৰোঁ?
৭ আপুনি হয়তো ভাবিব পাৰে যে যিহোৱাই মোচিক এইদৰে কিয় কʼলে, “যিহোৱাৰ হাত জানো চুটি হল?” যিহোৱাই হয়তো মোচিক বুজাব বিচাৰিছিল যে তেওঁ বহুত শক্তিশালী আৰু তেওঁৰ লোকসকল যʼতে নাথাকক কিয়, তেওঁ তেওঁলোকক সহায় কৰিব পাৰে। সঁচাকৈ, সেই অৰণ্যতো যিহোৱাই ইস্ৰায়েলীসকলক মাংস দিব পাৰিলেহেঁতেন আৰু তেওঁ ঠিক সেইদৰে কৰিলেও। তেওঁ নিজৰ ‘পৰাক্ৰমী হাত আগবঢ়াই’ দেখুৱালে যে তেওঁ কিমান শক্তিশালী হয়। (গীত. ১৩৬:১১, ১২) আমি যʼতে নাথাকোঁ কিয়, যেতিয়া আমি সমস্যাত থাকোঁ, তেতিয়া সম্পূৰ্ণ বিশ্বাস ৰাখিব পাৰোঁ যে যিহোৱাই আমাৰ মাজৰ প্ৰতিজনকে সহায় কৰিব।—গীত. ১৩৮:৬, ৭.
৮. ইস্ৰায়েলীসকলে কৰা ভুল যদি আমি কৰিব নিবিচাৰোঁ, তেনেহʼলে আমি কি কৰিব লাগিব? (ছবিখনো চাওক।)
৮ যিহোৱাই যিদৰে কৈছিল, ঠিক সেইদৰেই কৰিলে। কিছু সময়ৰ পাছত যিহোৱাই বহুতো বটা চৰাই পঠিয়ালে। কিন্তু ইস্ৰায়েলীসকলে এই চমৎকাৰৰ বাবে যিহোৱাক ধন্যবাদ দিয়াৰ পৰিৱৰ্তে তেওঁলোকে লুভীয়া হৈ পৰিল। তেওঁলোকৰ মাজৰ কিছুমানে গোটেই দিন আৰু গোটেই ৰাতি বটা চৰাই গোটাই থাকিল। তেওঁলোকৰ “খকুৱা স্বভাৱ” চাই যিহোৱাৰ বহুত খং উঠিল আৰু তেওঁলোকক শাস্তি দিলে। (গণ. ১১:৩১-৩৪) এই ঘটনাৰ পৰা আমি বহুতো কথা শিকিব পাৰোঁ। আমি যাতে লুভীয়া হৈ নপৰোঁ, তাৰ প্ৰতি আমি ধ্যান দিয়া উচিত। আমি ধনীয়েই হওঁ বা দুখীয়া, আমি সকলোৱে “স্বৰ্গত ধন জমা কৰা” উচিত। ইয়াৰ বাবে আমি যিহোৱা আৰু যীচুৰ লগত নিজৰ সম্পৰ্ক মজবুত কৰিব লাগিব আৰু আমি দিনক দিনে তেওঁলোকৰ কাষ চাপিব লাগিব। (মথি ৬:১৯, ২০; লূক ১৬:৯) যদি আমি এইদৰে কৰোঁ, তেনেহʼলে আমি বিশ্বাস ৰাখিব পাৰিম যে যিহোৱাই আমাৰ প্ৰয়োজনীয়তাবোৰ পূৰ কৰিব।
৯. আমি কি কথাৰ ওপৰত সম্পূৰ্ণ ভৰসা ৰাখিব পাৰোঁ?
৯ আজি যিহোৱাই নিজৰ হাত আগবঢ়াই নিজৰ সেৱকসকলক সহায় কৰি আছে। কিন্তু ইয়াৰ অৰ্থ এয়া নহয় যে আমাৰ কেতিয়াও টকা-পইচা আৰু খোৱা-বোৱাৰ অভাৱ নহʼব। b কিন্তু আমি সম্পূৰ্ণ ভৰসা ৰাখিব পাৰোঁ যে যিহোৱাই আমাক কেতিয়াও নেৰিব আৰু সমস্যাৰ সময়ত আমাক চম্ভালিব। এতিয়া আহক এনে দুটা পৰিস্থিতিৰ ওপৰত ধ্যান দিওঁ, যাৰ পৰা আমি দেখুৱাব পাৰোঁ যে যিহোৱাই নিজৰ হাত আগবঢ়াই আমাৰ প্ৰয়োজনীয়তা পূৰ কৰিব বুলি আমাৰ সম্পূৰ্ণ ভৰসা আছে: (১) যেতিয়া আমাৰ টকা-পইচাৰ অভাৱ হয় আৰু (২) যেতিয়া আমাৰ চিন্তা হয় যে ভৱিষ্যতে আমাৰ প্ৰয়োজনীয়তাবোৰ কেনেকৈ পূৰ হʼব।
যেতিয়া আমাৰ টকা-পইচাৰ অভাৱ হয়
১০. কি কি কাৰণৰ বাবে আমি টকা-পইচাৰ অভাৱৰ সন্মুখীন হʼবলগীয়া হʼব পাৰে?
১০ জগতৰ অন্ত কাষ চাপি অহাৰ লগে লগে লোকসকলে আৰু বেছিকৈ টকা-পইচাৰ অভাৱৰ সন্মুখীন হʼবলগীয়া হʼব। ৰাজনৈতিক খেলি-মেলি, যুদ্ধ, প্ৰাকৃতিক দুৰ্যোগ বা নতুন নতুন মহামাৰীৰ বাবে লোকসকলৰ খৰচ হয়তো বাঢ়ি যাব পাৰে, আমি চাকৰি হেৰুৱাবলগীয়া হʼব পাৰে, আমাৰ ধন-সম্পত্তি কাঢ়ি লʼব পাৰে বা আমি নিজৰ ঘৰ এৰিবলগীয়া হʼব পাৰে। এনে পৰিস্থিতিত আমি হয়তো নতুন চাকৰি বিচাৰিবলগীয়া হʼব পাৰে বা পৰিয়ালৰ প্ৰয়োজনীয়তাবোৰ পূৰ কৰিবলৈ নিজৰ পৰিয়ালৰ লগত আন ঠাইলৈ যাবলগীয়া হʼব পাৰে। এনে পৰিস্থিতিত আমি কি নিৰ্ণয় লʼম? যিহোৱাৰ হাত চুটি নহয়, এই কথাৰ ওপৰত আমি সম্পূৰ্ণ ভৰসা কৰোঁ বুলি আমি কেনেকৈ দেখুৱাম?
১১. যদি আমি টকা-পইচাক লৈ চিন্তিত হওঁ, তেনেহʼলে আমি কি কৰিব পাৰোঁ? (লূক ১২:২৯-৩১)
১১ যেতিয়া আমি টকা-পইচাক লৈ চিন্তিত হওঁ, তেতিয়া যিহোৱাই আমাক আটাইতকৈ ভাল উপায়েৰে সহায় কৰিব পাৰে। (হিতো. ১৬:৩) সেইবাবে, তেওঁক নিজৰ চিন্তাৰ বিষয়ে জনাওক। ভাল নিৰ্ণয় লʼবলৈ বুদ্ধি বিচাৰি তেওঁলৈ প্ৰাৰ্থনা কৰক আৰু তেওঁক শান্ত মন দিবলৈ কওক যাতে আপুনি “প্ৰয়োজনতকৈ বেছি চিন্তা” নকৰে। (লূক ১২:২৯-৩১ পঢ়ক।) আপুনি তেওঁক এয়াও মিনতি কৰিব পাৰে যে যদি আপোনাৰ প্ৰয়োজনীয়তা পূৰ হৈ আছে, তেনেহʼলে আপুনি যেন তাতে সন্তুষ্ট হৈ থাকিব পাৰে। (১ তীম. ৬:৭, ৮) ইয়াৰ উপৰিও আপুনি আমাৰ প্ৰকাশনবোৰত অনুসন্ধান কৰিব পাৰে আৰু এনে লেখবোৰ পঢ়িব পাৰে যʼত টকা-পইচাৰ সমস্যা হʼলে কেনেকৈ সন্মুখীন হʼব পাৰি তাৰ বিষয়ে জনোৱা হৈছে। আমাৰ ৱেবচাইট jw.org-ত এই বিষয়ে বহুতো তথ্য দিয়া আছে, যিবোৰ পঢ়ি বহুতো লোকে লাভৱান হৈছে। আপুনিও সেয়া চাব পাৰে।
১২. যদি আপুনি নিজৰ পৰিয়ালৰ বাবে ভাল নিৰ্ণয় লʼব বিচাৰে, তেনেহʼলে আপুনি নিজকে কি কি প্ৰশ্ন সোধা উচিত?
১২ কিছুমান লোকে নিজৰ পৰিয়ালক এৰি আন ঠাইলৈ গৈ চাকৰি কৰাৰ নিৰ্ণয় লৈছে। কিন্তু পাছত তেওঁলোকে অনুভৱ কৰিলে যে তেওঁলোকৰ এই নিৰ্ণয় সঠিক নাছিল। সেইবাবে, কোনো এটা নতুন চাকৰি লোৱাৰ আগত এয়া নাভাবিব যে আপুনি কিমান টকা-পইচা অৰ্জন কৰিব পাৰিব। তাৰ পৰিৱৰ্তে এয়া চিন্তা কৰক যে আপুনি আৰু আপোনাৰ পৰিয়ালে যিহোৱাৰ কাষ চাপি থাকিব পাৰিব নে? (লূক ১৪:২৮) যদি মই নিজৰ জীৱন-সংগীৰ পৰা দূৰত থাকোঁ, তেনেহʼলে ইয়াৰ প্ৰভাৱ আমাৰ সম্পৰ্কৰ ওপৰত পৰিব নে? মই প্ৰতিটো সভালৈ যাব পাৰিম নে? প্ৰচাৰলৈ যাব পাৰিম নে আৰু ভাই-ভনীৰ লগত সময় অতিবাহিত কৰিব পাৰিম নে? যদি আপোনাৰ লʼৰা-ছোৱালী আছে, তেনেহʼলে এই বিষয়েও চিন্তা কৰক: ‘পৰিয়ালৰ পৰা দূৰত থাকি মই “যিহোৱাৰ ইচ্ছাৰ অনুসৰি সিহঁতক বুজাই আৰু শিক্ষা দি ডাঙৰ-দীঘল” কৰিব পাৰিম নে?’ (ইফি. ৬:৪) কোনো এটা নিৰ্ণয় লোৱাৰ সময়ত সত্যত নথকা নিজৰ সম্বন্ধীয় লোক আৰু বন্ধুসকলৰ কথা নুশুনিব। এয়া চিন্তা কৰিব যে যিহোৱাই এই বিষয়ে কি ভাবে। c পশ্চিম এছিয়াত থকা টʼনিয়ে বিদেশলৈ গৈ চাকৰি কৰাৰ আৰু বহুত টকা-পইচা অৰ্জন কৰাৰ সুযোগ পাইছিল। কিন্তু তেওঁ এই বিষয়ে যিহোৱালৈ প্ৰাৰ্থনা কৰিলে আৰু নিজৰ পত্নীৰ লগত কথা পাতিলে। তাৰ পাছত তেওঁ বিদেশলৈ নাযাবলৈ আৰু নিজৰ খৰচ কম কৰি পৰিয়ালৰ লগত থকাৰ নিৰ্ণয় লʼলে। টʼনিয়ে কৈছে, “মোৰ সেই নিৰ্ণয়ৰ বাবে মই বহুতো লোকক যিহোৱাৰ বিষয়ে শিকাব পাৰিলোঁ। মোৰ লʼৰা-ছোৱালীও উৎসাহেৰে যিহোৱাৰ সেৱা কৰি আছে। আমাৰ গোটেই পৰিয়ালে শিকিলে যে যদি আমি মথি ৬:৩৩ পদৰ অনুসৰি জীৱন-যাপন কৰোঁ, তেনেহʼলে যিহোৱাই আমাৰ যত্ন লʼব।”
যেতিয়া আমাৰ চিন্তা হয় যে ভৱিষ্যতে আমাৰ প্ৰয়োজনীয়তাবোৰ কেনেকৈ পূৰ হʼব
১৩. বৃদ্ধ বয়সত আমাৰ প্ৰয়োজনীয়তা পূৰ কৰিবলৈ আমি এতিয়াৰে পৰা কি কৰিব পাৰোঁ?
১৩ আমি যেতিয়া বৃদ্ধ হৈ পৰিম, তেতিয়া আমাৰ প্ৰয়োজনীয়তাবোৰ কেনেকৈ পূৰ হʼব, এয়া ভাবি আমি চিন্তিত হʼব পাৰোঁ। এনে পৰিস্থিতিত আমি যিহোৱাৰ ওপৰত কিমান ভৰসা কৰোঁ, তাৰ পৰীক্ষা হʼব পাৰে। তেওঁৰ বাক্যত কোৱা হৈছে যে আমি পৰিশ্ৰমী হোৱা উচিত যাতে ভৱিষ্যৰ বাবে অলপ টকা-পইচা সাঁচি ৰাখিব পাৰোঁ। (হিতো. ৬:৬-১১) ভৱিষ্যৰ বাবে অলপ টকা-পইচা সাঁচি থোৱাত কোনো ভুল নাই। কাৰণ প্ৰয়োজনৰ সময়ত এয়া আমাৰ কামত আহিব পাৰে। (উপ. ৭:১২) কিন্তু আমি দিনে-ৰাতিয়ে টকা-পইচাৰ বিষয়ে ভাবি থকাটো উচিত নহয়।
১৪. যেতিয়া এজন ব্যক্তিয়ে ভৱিষ্যৰ বাবে অলপ টকা-পইচা সাঁচি ৰাখিব বিচাৰে, তেতিয়াও তেওঁ ইব্ৰী ১৩:৫ পদত লিখা কথা কিয় মনত ৰখা উচিত?
১৪ যীচুৱে এটা উদাহৰণত কৈছিল যে যদি এজন ব্যক্তি টকা-পইচা অৰ্জন কৰাত লাগি থাকে, কিন্তু তেওঁ “ঈশ্বৰৰ দৃষ্টিত ধনী নহয়,” তেন্তে এয়া বুদ্ধিমতাৰ কাম নহʼব। (লূক ১২:১৬-২১) কালিলৈ কি হʼব, আমি কোনেও নাজানোঁ। (হিতো. ২৩:৪, ৫; যাকো. ৪:১৩-১৫) ইয়াৰ উপৰিও যীচুৱে কৈছিল যে যিসকলে তেওঁৰ শিষ্য হʼব বিচাৰে তেওঁলোকে নিজৰ ধন-সম্পত্তি “ত্যাগ” কৰিবলৈ সাজু থকা উচিত। (লূক ১৪:৩৩) প্ৰথম শতিকাত যিহূদিয়াৰ খ্ৰীষ্টানসকলে আনন্দেৰে নিজৰ বস্তুবোৰ ত্যাগ কৰিলে। (ইব্ৰী ১০:৩৪) আজিও বহুতো ভাই-ভনীয়ে নিজৰ চাকৰি আৰু ধন-সম্পত্তি এৰিবলগীয়া হৈছে। কিয় বাৰু? কাৰণ তেওঁলোকে ৰাজনৈতিক পাৰ্টীবোৰক সমৰ্থন নকৰে। (প্ৰকা. ১৩: ১৬,১৭) তেওঁলোকে এইদৰে কিয় কৰিব পাৰিলে? কাৰণ যিহোৱাৰ এই প্ৰতিজ্ঞাৰ ওপৰত তেওঁলোকৰ সম্পূৰ্ণ ভৰসা আছে, “মই তোমালোকক কেতিয়াও নেৰিম আৰু কেতিয়াও ত্যাগ নকৰিম।” (ইব্ৰী ১৩:৫ পঢ়ক।) এয়া সঁচা যে আমি ভৱিষ্যৰ বাবে অলপ টকা-পইচা সাঁচি ৰাখোঁ। কিন্তু হঠাতে যেতিয়া বেয়া পৰিস্থিতিৰ সন্মুখীন হʼবলগীয়া হয়, তেতিয়া যিহোৱাই চম্ভালিব বুলি ভৰসা ৰখা উচিত।
১৫. খ্ৰীষ্টান পিতৃ-মাতৃয়ে নিজৰ লʼৰা-ছোৱালীক চোৱা-চিতা কৰাৰ সময়ত কেনে দৃষ্টিভংগী বজাই ৰখা উচিত? (ছবিখনো চাওক।)
১৫ কিছুমান দেশত লোকসকলে এয়া ভাবি সন্তানসকলক জন্ম দিয়ে যাতে সেই সন্তানে বৃদ্ধ বয়সত তেওঁলোকক চম্ভালিব পাৰে আৰু তেওঁলোকৰ প্ৰয়োজনীয়তা পূৰ কৰিব পাৰে। তেওঁলোকে সেই লʼৰা-ছোৱালীক এনে সম্পত্তি বুলি ভাবে, যি আগলৈ গৈ তেওঁলোকে সুদে-মুলে ঘূৰাই পাব। কিন্তু বাইবেলত লিখা আছে যে পিতৃ- মাতৃয়ে নিজৰ লʼৰা-ছোৱালীৰ প্ৰয়োজনীয়তা পূৰ কৰা উচিত। (২ কৰি. ১২:১৪) এয়া সঁচা যে পিতৃ-মাতৃয়ে বৃদ্ধ হৈ যোৱাৰ পাছত তেওঁলোকৰ সহায়ৰ প্ৰয়োজন হয় আৰু বহুতো লʼৰা-ছোৱালীয়ে নিজৰ পিতৃ-মাতৃৰ আনন্দেৰে চোৱা-চিতা কৰে। (১ তীম ৫:৪) কিন্তু যিহোৱাৰ ওপৰত ভৰসা ৰখা পিতৃ-মাতৃয়ে এয়া ভাবি নিজৰ লʼৰা-ছোৱালীৰ চোৱা-চিতা নকৰে যে আগলৈ গৈ তেওঁলোকে তেওঁলোকৰ বাবে টকা-পইচা অৰ্জন কৰিব আৰু তেওঁলোকৰ চোৱা-চিতা কৰিব। তাৰ পৰিৱৰ্তে তেওঁলোকে নিজৰ লʼৰা-ছোৱালীক যিহোৱাৰ সেৱক হʼবলৈ সহায় কৰে। এইদৰে তেওঁলোকে আনন্দ লাভ কৰে।—৩ যোহ. ৪.
১৬. পিতৃ-মাতৃয়ে কেনেকৈ নিজৰ লʼৰা-ছোৱালীক নিজৰ ভৰিত থিয় হʼবলৈ শিকাব পাৰে? (ইফিচীয়া ৪:২৮)
১৬ পিতৃ-মাতৃসকল, লʼৰা-ছোৱালীৰ বাবে ভাল উদাহৰণ ৰাখক আৰু তেওঁলোকক যিহোৱাৰ ওপৰত ভৰসা ৰাখিবলৈ শিকাওক। তেওঁলোকক নিজৰ ভৰিত থিয় হʼবলৈ ট্ৰেইনিং দিয়ক। তেওঁলোকক সৰুৰে পৰা পৰিশ্ৰমী হʼবলৈ শিকাওক। (হিতো. ২৯:২১; ইফিচীয়া ৪:২৮ পঢ়ক।) তেওঁলোকক ভালকৈ পঢ়া-শুনা কৰিবলৈ উৎসাহিত কৰক। ইয়াৰ উপৰিও তেওঁলোকে আগলৈ কিমান পঢ়িব, তাৰ বিষয়ে সঠিক নিৰ্ণয় লʼবলৈ সহায় কৰক। আপুনি এয়া কেনেকৈ কৰিব পাৰে? এই বিষয়ে বাইবেলৰ সিদ্ধান্ত বিচাৰক আৰু লʼৰা-ছেৱালীৰ লগত তাৰ বিষয়ে আলোচনা কৰক। তেতিয়া আপোনাৰ লʼৰা-ছোৱালীয়ে এনে নিৰ্ণয় লʼব পাৰিব, যাৰ বাবে আগলৈ গৈ তেওঁলোকে নিজৰ প্ৰয়োজনীয়তা পূৰ কৰিব পাৰিব আৰু প্ৰচাৰত বেছি সময় দিব পাৰিব। হয়তো অগ্ৰগামী সেৱাও কৰিব।
১৭. আমি কি কথাৰ ওপৰত ভৰসা ৰাখিব পাৰোঁ?
১৭ যিহোৱাৰ বিশ্বাসী সেৱকসকলে ভৰসা ৰাখে যে যিহোৱাই তেওঁলোকৰ প্ৰয়োজনীয়তাবোৰ পূৰ কৰিব আৰু এইদৰে কৰাৰ তেওঁৰ ইচ্ছাও আছে। কিন্তু এই জগতৰ শেষ কাষ চাপি অহাৰ লগে লগে আমি তেওঁৰ ওপৰত আৰু বেছিকৈ ভৰসা ৰখা উচিত। আহক আমি যিহোৱাৰ ওপৰত ভৰসা ৰাখোঁ যে তেওঁ সকলো পৰিস্থিতিতে আমাৰ যত্ন লʼব আৰু নিজৰ শক্তিশালী হাত আগবঢ়াই আমাক সহায় কৰিব। সঁচাকৈ, যিহোৱাৰ হাত চুটি নহয়।
গীত নং ১৫০ পৰিত্ৰাণৰ বাবে যিহোৱাক বিচৰা
a অক্টোবৰ ২০২৩ চনৰ প্ৰহৰীদুৰ্গত দিয়া লেখ “পাঠকসকলৰ প্ৰশ্ন” পঢ়ক।
b ছেপ্টেম্বৰ ১৫, ২০১৪ চনৰ প্ৰহৰীদুৰ্গত দিয়া লেখ “পাঠকসকলৰ প্ৰশ্ন” (হিন্দী) পঢ়ক।
c এপ্ৰিল ১৫, ২০১৪ চনৰ প্ৰহৰীদুৰ্গত দিয়া লেখ “কোনেও দুজন মালিকৰ সেৱা কৰিব নোৱাৰে” (হিন্দী) পঢ়ক।
d ছবিৰ বিষয়ে: যিহোৱাৰ ওপৰত ভৰসা ৰখা পিতৃ-মাতৃয়ে নিজৰ ছোৱালীৰ লগত কথা পাতি আছে, যিগৰাকীয়ে নিজৰ স্বামীৰ লগত ৰাজ্যগৃহ নিৰ্মাণ কামত সহযোগ কৰি আছে।