আন্তৰিকতাৰে নম্ৰতা বিকশিত কৰক
আন্তৰিকতাৰে নম্ৰতা বিকশিত কৰক
“তুমি [নম্ৰ, NW] লোকক পৰিত্ৰাণ দিওঁতা।”—২ চমূৱেল ২২:২৮.
১, ২. পৃথিৱীৰ বহুতো শাসনকৰ্ত্তাৰ মাজত কেনে সাদৃশ্যতা দেখিবলৈ পোৱা যায়?
অতীতত যি শক্তিশালী ব্যক্তিসকলে শাসন কৰিছিল, সেই বিষয়ে ইজিপ্তত থকা পিৰামিডবোৰে এক শক্তিশালী সাক্ষ্য দিয়ে। আনহাতে বুৰঞ্জীত উল্লেখ কৰা আনসকল আছিল, যেনে, অচূৰৰ সেনা অধ্যক্ষ চনহেৰীব, গ্ৰীচৰ ৰজা আলেকজেণ্ডাৰ আৰু ৰোমৰ জুলিয়াছ চিজাৰ। এই শাসনকৰ্ত্তা সকলৰ মাজত একেই সাদৃশ্যতা দেখিবলৈ পোৱা গৈছিল। সেইয়া হৈছে, তেওঁলোকৰ প্ৰত্যেকজনে অহঙ্কাৰী হৈ জীৱন-যাপন কৰিছিল।—মথি ২০:২৫, ২৬.
২ আপুনি কল্পনা কৰিব পাৰেনে যে, তেওঁলোকৰ কোনোবা এজনে নিজৰ শাসনকালত দীনমনৰ লোকসকলক বিচাৰি উলিয়াই চোৱা-চিতা বা তেওঁলোকৰ আৱশ্যকতা পূৰ কৰিছিল? নিশ্চয়ে কৰা নাছিল! দীনসকলৰ প্ৰতি থকা তেওঁলোকৰ মনোবৃত্তি আৰু সৰ্বশক্তিমান যিহোৱা ঈশ্বৰৰ মনোবৃত্তিৰ মাজত কেনে ভিন্নতা দেখিবলৈ পোৱা যায়!
নম্ৰতাৰ এক উৎকৃষ্ট আৰ্হি
৩. সৰ্বশক্তিমান ঈশ্বৰে তেওঁৰ লোকসকলৰ সৈতে কেনে আচৰণ কৰে?
৩ যদিও যিহোৱা এজন অনন্তকাল-নিবাসী পবিত্ৰ আৰু পৰাক্ৰমী ঈশ্বৰ, তথাপিও ‘যিবিলাকৰ মন সিদ্ধ, সিবিলাকৰ পক্ষে নিজকে বলৱান দেখুৱাবৰ নিমিত্তে, তেওঁৰ চকু পৃথিৱীৰ চাৰিওফালে ভ্ৰমণ কৰে।’ (২ বংশাৱলি ১৬:৯) বিভিন্ন পৰীক্ষা আৰু তাড়নাৰ ফলত মানসিকভাৱে ভাঙি পৰা তেওঁৰ উপাসকবিলাকলৈ দৃষ্টি কৰি যিহোৱাই কেনে পদক্ষেপ লয়? তেওঁ পবিত্ৰ আত্মা প্ৰদান কৰি নম্ৰ মনৰ লোকবিলাকৰ সৈতে “বাস” আৰু তেওঁলোকৰ “হৃদয় সতেজ” কৰে। (যিচয়া ৫৭:১৫) সেইবাবে যিহোৱাৰ উপাসকবিলাকে পুনৰাই সবল হৈ আনন্দেৰে তেওঁৰ উপাসনা কৰে। আমি ঈশ্বৰত কিযে এক নম্ৰতাৰ আভাস দেখিবলৈ পাওঁ!
৪, ৫. (ক) ঈশ্বৰে কৰা শাসন পদ্ধতিৰ বিষয়ে গীতমালা ৰচোঁতাই কেনে অনুভৱ কৰিলে? (খ) ঈশ্বৰে ‘দৰিদ্ৰ জনাৰ’ সহায় কৰিবলৈ “নম্ৰ” হোৱাৰ অৰ্থ কি?
৪ যিদৰে সৰ্বশক্তিমান ঈশ্বৰে অসিদ্ধ মানৱৰ সৈতে আচৰণ কৰিবলৈ নিজকে নম্ৰ কৰে, তেনেদৰে আন কোনেও আজিলৈকে কৰা নাই। সেইবাবে গীতমালা ৰচোঁতাজনে এইদৰে কʼব পাৰিলে: ‘যিহোৱা সমুদায় জাতিবিলাকতকৈ উন্নত, আৰু তেওঁৰ গৌৰৱ আকাশ-মণ্ডলতকৈয়ো ওখ। যি জনাৰ আসন ওপৰত আছে, যি জনাই আকাশ-মণ্ডল আৰু পৃথিৱীলৈ দৃষ্টি কৰিবৰ নিমিত্তে নিজকে নম্ৰ কৰিলে, যি জনাই প্ৰধানবিলাকৰ লগত বহুৱাবলৈ, নিজ প্ৰজাবিলাকৰ প্ৰধান লোকৰ লগত বহুৱাবলৈ, ধূলিৰ পৰা দুখীয়াক, সাৰৰ দʼমৰ পৰা দীনহীনক তোলে।’—গীত ১১৩:৪-৮.
৫ ইয়াত উল্লেখ কৰা “নম্ৰ” উক্তিটো লক্ষ্য কৰক। কিন্তু মানুহৰ ক্ষেত্ৰত হয়তো ইয়াৰ অৰ্থ ‘এজন ব্যক্তিয়ে নিজকে মহান বা আনক তুচ্ছ কৰা বুলি ভাবিব পাৰে।’ তেনে ধৰণৰ অহঙ্কাৰী মনোবৃত্তি যিহোৱাত দেখিবলৈ পোৱা নাযায়। কিয়নো যিহোৱা হৈছে এজন পবিত্ৰ আৰু অহঙ্কাৰীক ঘিণাওঁতা ঈশ্বৰ। (মাৰ্ক ৭:২২, ২৩) আনহাতে “নম্ৰ” উক্তিটোৰ অৰ্থ হৈছে এজন ব্যক্তিৰ সমাজিক নিম্ন স্তৰ বা নিজৰ উচ্চ পদৰ পৰা নামি অহা বা নিম্নসকলৰ সৈতে সন্মানেৰে আচৰণ কৰা। সেয়েহে গীত ১১৩:৬ পদটোক কিছুমান বাইবেলে ঈশ্বৰে নিজকে নম্ৰ কৰিলে বুলি উল্লেখ কৰিছে। ইয়াত আমি স্পষ্টকৈ অসিদ্ধ মানৱ উপাসকসকলৰ প্ৰতি নম্ৰ হৈ প্ৰেমেৰে আচৰণ কৰা ঈশ্বৰৰ ছবি দেখিবলৈ নাপাওঁনে!—২ চমূৱেল ২২:৩৬.
যীচু এজন নম্ৰ ব্যক্তি আছিল
৬. যিহোৱা ঈশ্বৰে কৰা নম্ৰতাৰ মহৎ কাৰ্য্যটো কি আছিল?
৬ ঈশ্বৰে নিজৰ একমাত্ৰ প্ৰথমজাত পুত্ৰক পৃথিৱীত জন্ম লৈ মানৱজাতিক উদ্ধাৰ কৰিবলৈ পঠিয়াই এক নম্ৰ আৰু প্ৰেমৰ কাৰ্য্য কৰিলে। (যোহন ৩:১৬) যীচুৱে আমাক তেওঁৰ স্বৰ্গীয় পিতৃৰ বিষয়ে সত্যতা শিকালে আৰু “জগতৰ পাপ” আঁতৰ কৰিবলৈ নিজৰ সিদ্ধ মানৱ জীৱন দান কৰিলে। (যোহন ১:৩০; ১৮:৩৭) যিহোৱা ঈশ্বৰে যীচুক কৰিবলৈ কোৱা সকলোকে কৰি সম্পূৰ্ণকৈ তেওঁৰ পিতৃ যিহোৱাৰ নম্ৰতা গুণ প্ৰকাশ কৰিলে। এয়াই ঈশ্বৰে সৃষ্টি কৰা সকলৰ ভিতৰত প্ৰকাশ কৰা প্ৰেম আৰু নম্ৰতাৰ এক মহৎ আৰ্হি আছিল। সকলোৱে যে যীচুৰ নম্ৰতা গুণটোক প্ৰশংসা কৰিছিল, এনে নহয়। যীচুৰ শত্ৰুবিলাকে তেওঁক “মানুহবিলাকৰ মাজত অতি নীচ” বুলি বিবেচনা কৰিছিল। (দানিয়েল ৪:১৭) যিয়েই নহওক কিয়, পাঁচনি পৌলে জানিব পাৰিলে যে তেওঁৰ শিষ্যসকলে যীচুৰ আৰ্হিক অনুকৰণ কৰা উচিত আৰু সেয়েহে এজনে আনজনৰ সৈতে নম্ৰতাৰে আচৰণ কৰা আৱশ্যক। (১ কৰিন্থীয়া ১১:১; ফিলিপীয়া ২:৩, ৪) পৌলে যীচুৰ উল্লেখনীয় আৰ্হিৰ বিষয়ে আলোকপাত কৰি এইদৰে লিখিছিল:
৭, ৮. (ক) যীচুৱে কেনেকৈ নম্ৰ হʼবলৈ শিকিব পাৰিলে? (খ) যীচুৰ শিষ্য হʼবলৈ বিচৰা সকললৈ তেওঁ কেনে আগ্ৰহ কৰিছিল?
৭ “খ্ৰীষ্ট যীচুত যি ভাব, সেয়ে তোমালোকতো হওক। তেওঁ ঈশ্বৰৰূপী থাকোঁতে, ঈশ্বৰৰ সমান হোৱাকেই কাঢ়ি লোৱা বুলি নামানিলে; কিন্তু নিজকে শূন্য কৰি, দাসৰ ৰূপ ধাৰণ কৰি, মানুহৰ নিচিনা হল; আৰু আকাৰ-প্ৰকাৰত মানুহৰ দৰে হৈ নিজকে সৰু কৰি, মৃত্যুলৈকে, এনে কি, [যাতনা স্তম্ভত, NW] মৃত্যুলৈকে আজ্ঞাধীন হল।”—ফিলিপীয়া ২:৫-৮.
৮ ‘যীচুৱে কেনেকৈ নম্ৰ হʼবলৈ শিকিব পাৰিলে?’ এই বুলি ভাবি বহুতে হয়তো আচৰিত হʼব পাৰে। তেওঁ নিজৰ স্বৰ্গীয় পিতৃৰ সৈতে অগণন বছৰ নিবিড় সম্পৰ্ক বজাই ৰাখাৰ বাবে নম্ৰ হʼব পাৰিলে। তদুপৰি সেই সময়ছোৱাত তেওঁ ঈশ্বৰৰ “প্ৰধান কাৰ্য্যকাৰিণী” হৈ সকলো সৃষ্টি কৰিলে। (হিতোপদেশ ৮:৩০) এদন বাগিছাত হোৱা বিদ্ৰোহৰ পিছত ঈশ্বৰৰ প্ৰথমজাত পুত্ৰ যীচুৱে তেওঁৰ পিতৃয়ে পাপী মানৱজাতিৰ সৈতে নম্ৰতাৰে কৰা সকলো আচৰণৰ বিষয়ে লক্ষ্য কৰি আছিল। সেয়েহে পৃথিৱীত থকা সময়ছোৱাত তেওঁৰ পিতৃৰ নম্ৰতা গুণ সম্পূৰ্ণকৈ প্ৰতিফলিত কৰি এইদৰে কʼব পাৰিলে: “মই নম্ৰ আৰু কোমল চিত্তৰ মানুহ; এই হেতুকে তোমালোকৰ ওপৰত মোৰ যুৱলি লোৱা, আৰু মোৰ পৰা শিক্ষা লোৱা; তাতে তোমালোকে নিজৰ নিজৰ মনত জিৰণি পাবা।”—মথি ১১:২৯; যোহন ১৪:৯.
৯. (ক) যীচুৱে শিশুবিলাকৰ মাজত কেনে উল্লেখনীয় গুণ দেখা পাইছিল? (খ) এটি কণমানি শিশুক ব্যৱহাৰ কৰি যীচুৱে কেনে শিক্ষাদান কৰিলে?
৯ যীচু অত্যন্ত নম্ৰ হোৱাৰ বাবে কণ কণ লʼৰা-ছোৱালীবোৰেও তেওঁৰ কাষ চাপিবলৈ ভয় কৰা নাছিল। তেওঁলোকে তেওঁৰ ওচৰত থাকিবলৈ ভাল পাইছিল। যীচুৱেও লʼৰা-ছোৱালীবোৰৰ প্ৰতি মনোযোগ দি তেওঁবিলাকৰ প্ৰতি থকা প্ৰেম প্ৰকাশ কৰিছিল। (মাৰ্ক ১০:১৩-১৬) কিহে যীচুক কণ কণ শিশুবিলাকৰ প্ৰতি আকৰ্ষিত কৰিছিল? শিশুবিলাকৰ মাজত অৱশ্যেই যীচুৱে এনে বাঞ্চনীয় গুণ দেখিবলৈ পাইছিল, যি গুণ তেওঁ নিজৰ বয়স্ক শিষ্যসকলৰ মাজত কম পৰিমাণে প্ৰকাশ হোৱা দেখিছিল। সাধাৰণতে শিশুসকলে বয়স্কসকলক নিজতকৈ শ্ৰেষ্ঠ বুলি দৃষ্টি কৰে। তেওঁবিলাকে কৰা প্ৰশ্নবোৰৰ পৰা আপুনি নিজেই তেওঁলোকৰ দৃষ্টিভঙ্গীৰ বিষয়ে জানিব পাৰিব। বয়স্কসকলৰ তুলনাত শিশুবোৰ অধিক শিক্ষনীয় আৰু অহঙ্কাৰী নহয়। এটা উপলক্ষ্যত যীচুৱে এটি শিশুক লৈ নিজৰ শিষ্যসকলক এইদৰে কৈছিল: “তোমালোক যদি ঘূৰি শিশুবিলাকৰ নিচিনা নোহোৱা, তেন্তে স্বৰ্গৰাজ্যত কোনোমতে সোমাবলৈ নাপাবা।” আগলৈ তেওঁ এইদৰে কৈছিল: “এতেকে যি কোনোৱে এই লʼৰাটিৰ নিচিনা নিজকে সৰু কৰে, তেওঁহে স্বৰ্গৰাজ্যত শ্ৰেষ্ঠ।” (মথি ১৮:৩, ৪) দৰাচলতে, যীচুৱে নিৰ্দ্ধাৰিত ব্যৱস্থাৰ বিষয়ে বৰ্ণনা কৰি এইদৰে কৈছিল: “যি কোনোৱে নিজকে নিজে বৰ বুলি মানে, তেওঁক সৰু কৰা হব; কিন্তু যি কোনোৱে নিজকে নিজে সৰু বুলি মানে, তেওঁক বৰ কৰা হব।”—লূক ১৪:১১; ১৮:১৪; মথি ২৩:১২.
১০. আমি কেনেবোৰ প্ৰশ্নৰ বিষয়ে বিবেচনা কৰিম?
১০ সেই সত্যতাই গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ উদয় কৰে। যিহেতু আমাৰ অনন্তজীৱনৰ আশা আমি নম্ৰতা গুণটো বিকশিত কৰাৰ ওপৰত আধাৰিত, তেনেহʼলে এই নম্ৰতা গুণটো বিকশিত কৰিবলৈ কেতিয়াবা খ্ৰীষ্টানসকলৰ বাবে কিয় কঠিন হয়? কথাবতৰা হোৱাৰ সময়ত কিয় আমাৰ অহঙ্কাৰী নোহোৱা মনোবৃত্তি আৰু পৰীক্ষাৰ সময়ত নম্ৰতা গুণটো প্ৰকাশ কৰাত প্ৰত্যাহ্বানজনক হয়? প্ৰকৃত নম্ৰতা গুণটো বিকশিত কৰিবলৈ কিহে আমাক সহায় কৰিব?—যাকোব ৪:৬, ১০.
নম্ৰ হোৱাটো কিয় কঠিন
১১. আমি নম্ৰ হʼবলৈ প্ৰচেষ্টা কৰাটো কিয় কোনো আচৰিত হোৱাৰ বিষয় নহয়?
১১ যদি আপুনি নম্ৰতা গুণটো বিকশিত কৰিবলৈ সংগ্ৰাম কৰিছে, তেন্তে এই ক্ষেত্ৰত আপুনিয়ে যে প্ৰথম, এনে নহয়। নম্ৰতাৰ ওপৰত থকা বাইবেলৰ পৰামৰ্শৰ বিষয়ে ১৯২০ চনত প্ৰকাশ পোৱা এখন আলোচনীত এইদৰে মন্তব্য দিছে: “আমি দেখিব পাৰিলোঁ যে প্ৰভুৱে নম্ৰতা গুণটোক কেনে মূল্যাঙ্কন কৰিলে আৰু সেয়েহে সকলো প্ৰকৃত অনুগামীসকলে এই গুণটোক নিতৌ বিকশিত কৰা উচিত।” তাৰ পিছত সেই আলোচনীখনে অকপটভাৱে প্ৰকাশ কৰি এইদৰে কৈছে: “শাস্ত্ৰৰ এই উপদেশ যদিও মন কৰিবলগীয়া, তথাপিও প্ৰভুৰ লোক আৰু তেওঁৰ পথত চলাসকলে এই গুণটোৰ অনুসাৰে আনৰ সৈতে আচৰণ কৰিবলৈ অধিক কঠিন অনুভৱ কৰে।” ইয়ে আমাৰ অসিদ্ধতা অৰ্থাৎ মানৱীয় স্বভাৱৰ বাবে প্ৰকৃত খ্ৰীষ্টানসকলে নম্ৰতা গুণটো বিকশিত কৰিবলৈ অধিক প্ৰচেষ্টা কৰিবলগীয়া হোৱাৰ বিষয়ে আলোকপাত কৰে। ইয়াৰ মূল কাৰণ হৈছে আমি প্ৰথম পিতৃ-মাতৃ অৰ্থাৎ আদম আৰু হৱাই পাপ কৰাৰ বাবে আমিও তেওঁলোকৰ সন্তান হোৱা হেতুকে সেই পাপময় স্বাৰ্থপৰ ইচ্ছা উত্তৰাধিকাৰ হিচাপে লাভ কৰিলোঁ।—ৰোমীয়া ৫:১২.
১২, ১৩. (ক) নম্ৰ মনৰ খ্ৰীষ্টানসকলৰ বাবে এই জগতখন কেনেকৈ বাধাৰ কাৰণ হৈছে? (খ) আমি নম্ৰ হʼবলৈ কৰা প্ৰচেষ্টাক কোনে অধিক জটিল কৰি তুলে?
১২ আমি হয়তো নম্ৰতা গুণটো বিকশি কৰিবলৈ কঠিন পোৱাৰ আন এটা কাৰণ হৈছে, এই জগতত লোকসকলৰ মাজত নিজকে আনতকৈ বৰ বুলি কোৱা মনোবৃত্তি দেখিবলৈ পোৱা। সাধাৰণতে জগতৰ লোকসকলে নিজে সন্তুষ্টি হʼবলৈ “[পাপময়] মাংসৰ অভিলাষ, চকুৰ অভিলাষ, জীৱন কালৰ গৰ্ব্ব” কৰে। (১ যোহন ২:১৬) তেনে ধৰণৰ জাগতিক মনোবৃত্তিৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ পৰিৱৰ্তে যীচুৰ অনুগামীসকলে নিজৰ চকু সৰল ৰাখি ঈশ্বৰৰ ইচ্ছা সম্পন্ন কৰাত মনোযোগ দিয়া উচিত।—মথি ৬:২২-২৪, ৩১-৩৩; ১ যোহন ২:১৭.
১৩ নম্ৰতা গুণটো বিকশিত কৰিবলৈ কঠিন হোৱা তৃতীয় কাৰণটো হৈছে, অহঙ্কাৰী গুণটোৰ প্ৰৱৰ্তক চয়তান যি এই জগতৰ শাসনকৰ্তা। (২ কৰিন্থীয়া ৪:৪; ১ তীমথিয় ৩:৬) চয়তানে তাৰ দুষ্ট চাৰিত্ৰিক বৈশিষ্ট্যবোৰ উন্নত কৰিছে। উদাহৰণস্বৰূপে, সি ‘জগতৰ সকলো ৰাজ্য আৰু সেইবোৰৰ ঐশ্বৰ্য্য দেখুৱাই’ যীচুৰ পৰা উপাসনা বিচাৰিছিল। সদায়ে নম্ৰতা গুণ বিকশিত কৰা যীচুৱে পোনচাটেই চয়তানৰ তেনে প্ৰস্তাৱ নাকচ কৰিলে। (মথি ৪:৮, ১০) বৰ্তমান সময়টো সেই একেইদৰে চয়তানে প্ৰকৃত খ্ৰীষ্টানসকলক প্ৰলোভিত কৰি তেওঁলোকৰ পৰা মহিমা লাভ কৰিবলৈ বিচাৰে। কিন্তু তাৰ প্ৰচেষ্টাৰ বিপৰীতে, নম্ৰ মনৰ প্ৰকৃত খ্ৰীষ্টানসকলে যীচুৰ আৰ্হিক অনুকৰণ কৰি ঈশ্বৰক স্তুতি আৰু মহিমা কৰিবলৈ কঠিন পৰিশ্ৰম কৰে।—মাৰ্ক ১০:১৭, ১৮.
প্ৰকৃত নম্ৰতা গুণটো বিকশিত আৰু প্ৰতিফলিত কৰক
১৪. ‘ভুৱা নম্ৰতা’ কি?
১৪ মানুহক দেখুৱাবলৈ নম্ৰ হোৱাৰ ভাও ধৰাৰ বিষয়ে সতৰ্ক কৰি পাঁচনি পৌলে কলচীয়া মণ্ডলীলৈ পত্ৰ লিখিছিল। সেই পত্ৰখনত পৌলে ‘ভুৱা নম্ৰতা’ বুলি বৰ্ণনা কৰিছিল। যিসকলে নম্ৰ হোৱাৰ ভাও ধৰিছিল, আচলতে তেওঁলোক আধ্যাত্মিক মনৰ ব্যক্তি নাছিল। ইয়াৰ বিপৰীতে তেওঁলোক প্ৰকৃততে অহঙ্কাৰত “গৰ্ব্বিত” হৈছিল। (কলচীয়া ২:১৮, ২৩) যীচুৱেও তেনে ভুৱা নম্ৰতাৰ আৰ্হিক নিৰ্দ্দেশিত কৰিছিল। ফৰীচীবিলাকে আনক দেখুৱাবলৈ দুখী মনেৰে ৰাজহুৱা স্থানবোৰত উচ্চ শব্দৰে কৰা প্ৰাৰ্থনা আৰু ব্ৰত ধৰাক গৰিহণা দিছিল। তাৰ বিপৰীতে আমি নম্ৰ হৈ গুপুতে কৰা প্ৰাৰ্থনাক ঈশ্বৰে মূল্যাঙ্কন কৰে।—মথি ৬:৫, ৬, ১৬.
১৫. (ক) নম্ৰ মনোবৃত্তি বজাই ৰাখিবলৈ আমি কি কৰিব পাৰোঁ? (খ) নম্ৰতাৰ সম্বন্ধে কেনে উত্তম আৰ্হিবোৰ দেখিবলৈ পোৱা যায়?
১৫ যিহোৱা ঈশ্বৰ আৰু যীচু খ্ৰীষ্টই ৰখা উত্তম আৰ্হিক অনুকৰণ কৰাৰ দ্বাৰা প্ৰকৃত খ্ৰীষ্টানসকলে প্ৰকৃততে নম্ৰ হোৱা গুণটো বজাই ৰাখিব পাৰে। এনে কৰাৰ বাবে নিয়মিত বাইবেল আৰু ‘বিশ্বাসী বুদ্ধিমান দাসবৰ্গই’ প্ৰবন্ধ কৰা বাইবেল আধাৰিত সাহিত্যবোৰ অধ্যয়ন কৰা আৱশ্যক। (মথি ২৪:৪৫) “ভাইবিলাকৰ ওপৰত অহঙ্কাৰ” নকৰিবলৈ খ্ৰীষ্টান অধ্যক্ষসকলে এনে অধ্যয়ন কৰাটো অতি আৱশ্যক। (দ্বিতীয় বিবৰণ ১৭:১৯, ২০; ১ পিতৰ ৫:১-৩) তেনে নম্ৰ মনোবৃত্তি বিকশিত কৰি আশীৰ্ব্বাদ লাভ কৰাৰ বহুতো উদাহৰণ আমি লক্ষ্য কৰিব পাৰোঁ। যেনে, ৰূথ, হান্না, এলীচাবেৎ আৰু আন বহুতো। (ৰূথ ১:১৬, ১৭; ১ চমূৱেল ১:১১, ২০; লূক ১:৪১-৪৩) তদুপৰি দায়ূদ, যোচিয়া, যোহন বাপ্তাইজক আৰু পাঁচনি পৌলৰ দৰে প্ৰসিদ্ধ ব্যক্তিসকলেও যিহোৱাক নম্ৰ মনেৰে সেৱা কৰিছিল। (২ বংশাৱলি ৩৪:১, ২, ১৯, ২৬-২৮; গীত ১৩১:১; যোহন ১:২৬, ২৭; ৩:২৬-৩০; পাঁচনিৰ কৰ্ম্ম ২১:২০-২৬; ১ কৰিন্থীয়া ১৫:৯) বৰ্তমান সময়ত নম্ৰতাৰ সম্বন্ধে খ্ৰীষ্টান মণ্ডলীবোৰত দেখিবলৈ পোৱা আৰ্হিবোৰৰ বিষয়ে কি কʼব পাৰি? এনে আৰ্হিবোৰক বিবেচনা কৰি প্ৰকৃত খ্ৰীষ্টানসকলে “পৰস্পৰৰ হিতৰ কাৰণে নম্ৰতাৰূপ” বস্ত্ৰ পৰিধান কৰিবলৈ সহায় লাভ কৰিব।—১ পিতৰ ৫:৫.
১৬. খ্ৰীষ্টান পৰিচৰ্য্যা কাৰ্য্যই আমাক নম্ৰ হʼবলৈ কেনেকৈ সহায় কৰে?
১৬ নিয়মিতৰূপে খ্ৰীষ্টান পৰিচৰ্য্যা কাৰ্য্যত ভাগ লোৱাৰ দ্বাৰাও নম্ৰতা হʼবলৈ সহায় লাভ কৰিব পাৰি। নম্ৰতা গুণটোৱে আমাক ঘৰে-ঘৰে আৰু আন ঠাইবোৰত অচিনাকি ব্যক্তিসকলক কাৰ্য্যকাৰীৰূপে সাক্ষী দিবলৈ সক্ষম কৰিব। এইটো বিশেষকৈ তেনে ক্ষেত্ৰবোৰত অধিক কাৰ্য্যকাৰী হয়, যেতিয়া যিসকল গৃহস্থই ঈশ্বৰৰ ৰাজ্যৰ বাৰ্ত্তাৰ প্ৰতি অশিষ্টাচাৰ বা আগ্ৰহ নোহোৱা মনোবৃত্তি প্ৰকাশ কৰে। আমি কৰা বিশ্বাসৰ বাবে প্ৰায়ে প্ৰত্যাহ্বানজনক পৰিস্থিতিৰ সম্মুখীন হʼবলগীয়া হয়, “কিন্তু নম্ৰতাৰে আৰু ভয়েৰে উত্তৰ” দিয়াৰ দ্বাৰা খ্ৰীষ্টান পৰিচৰ্য্যাত নম্ৰ মনোবৃত্তি বজাই ৰাখিব পাৰোঁ। (১ পিতৰ ৩:১৫) ঈশ্বৰৰ নম্ৰ মনৰ উপাসকসকলে নতুন এলেকাবোৰলৈ গৈ বিভিন্ন সংস্কৃতি আৰু পৃষ্ঠভূমিৰ লোকসকলক সহায় কৰিছে। তেনে নম্ৰ মনৰ প্ৰচাৰকসকলে নতুন ভাষা শিকি তেওঁলোকে এলেকাবোৰত লগ পোৱা লোকসকলক শুভবাৰ্ত্তাৰে সহায় কৰিবলৈ বহুতো কঠিন পৰিশ্ৰম কৰিবলগীয়া হৈছে। তেওঁলোকে কৰা তেনে কাৰ্য্য বাস্তৱতে প্ৰশংসনীয় নহনে বাৰু!—মথি ২৮:১৯, ২০.
১৭. কেনে খ্ৰীষ্টান দায়িত্ববোৰৰ বাবে আমাক নম্ৰ হোৱা আৱশ্যক?
১৭ নম্ৰতাৰে বহুতে তেওঁলোকৰ খ্ৰীষ্টান হোৱাৰ দায়িত্ববোৰ সম্পন্ন কৰি নিজতকৈ আনৰ ইচ্ছাক প্ৰথম স্থান দিয়ে। উদাহৰণস্বৰূপে, নিজৰ লʼৰা-ছোৱালীৰ সৈতে কাৰ্য্যকাৰীৰূপে বাইবেল অধ্যয়ন কৰিবলৈ নম্ৰতাই এজন খ্ৰীষ্টান পিতৃক সময় আছুতীয়াকৈ ৰাখিবলৈ সহায় কৰে। পিতৃ-মাতৃসকলে অসিদ্ধ হোৱাৰ স্বত্বেও নম্ৰতাই লʼৰা-ছোৱালীক তেওঁলোকৰ আজ্ঞাধীন হʼবলৈ সহায় কৰে। (ইফিচীয়া ৬:১-৪) যিসকল পত্নীৰ সত্যতাত নথকা স্বামী আছে, তেওঁলোকে “শুচি আচাৰ-ব্যৱহাৰ” আৰু নম্ৰতাৰে নিজৰ নিজৰ সঙ্গীক সত্যতাত আনিবলৈ চেষ্টা কৰে। (১ পিতৰ ৩:১, ২) তদুপৰি নম্ৰতা আৰু স্বাৰ্থত্যাগ গুণে আমাৰ বৃদ্ধ আৰু ৰোগীয়া পিতৃ-মাতৃক প্ৰেমেৰে চোৱা-চিতা কৰিবলৈ আমাক প্ৰেৰিত কৰে।—১ তীমথিয় ৫:৪.
নম্ৰতাই সমস্যা সমাধান কৰে
১৮. নম্ৰতাই সমস্যাবোৰক সামাধান কৰাত আমাক কেনেকৈ সহায় কৰে?
১৮ প্ৰকৃততে ঈশ্বৰৰ সকলো মানৱ উপাসকেই অসিদ্ধ। (যাকোব ৩:২) সেয়েহে কোনো কোনো সময়ত তেওঁলোকৰ মাজত বিবাদ বা ভুল বুজাবুজি হʼব পাৰে। এজনে আনজনৰ অহিতে আপত্তি কৰিবলৈ কোনো গুৰুত্বৰ কাৰণ থাকিব পাৰে। সাধাৰণতে এনেবোৰ সমস্যাক বাইবেলৰ এই পৰামৰ্শ পালন কৰি সমাধান কৰিব পাৰি, যʼত এইদৰে কৈছে: “তোমালোক পৰস্পৰ সহনীয় হোৱা; আৰু যদি কোনো জনৰ বিৰুদ্ধে কোন জনৰ দোষ দিবৰ কাৰণ থাকে, তেন্তে পৰস্পৰে ক্ষমা কৰা; প্ৰভুৱে যেনেকৈ তোমালোকক ক্ষমা কৰিলে, তোমালোকেও তেনেকৈ কৰা; আৰু এই সকলোৰ ওপৰত প্ৰেমক পিন্ধা।” (কলচীয়া ৩:১৩) এইটো সঁচা যে, এই পৰামৰ্শ পালন কৰাটো ইমান সহজ নহয়, কিন্তু নম্ৰতাই আমাক এই পৰামৰ্শৰ অনুসাৰে চলিবলৈ সহায় কৰিব।
১৯. আমাক বিৰক্ত বা বিতুষ্টি কৰা ব্যক্তিসকলৰ সৈতে কথোপকথন কৰাৰ সময়ত আমি কি মনত ৰাখা উচিত?
১৯ কেতিয়াবা এজন খ্ৰীষ্টান ব্যক্তিয়ে কোনো এটা ভুল কাৰ্য্যক গুৰুত্বৰ বুলি ভবাৰ বাবে তেওঁৰ ওচৰত আপত্তি কৰাৰ সঠিক কাৰণ আছে বুলি ভাবিব পাৰে। তেতিয়া নম্ৰতা গুণটোৱে সেই খ্ৰীষ্টান ব্যক্তিজনক শান্তি স্থাপন কৰাৰ উদ্দেশ্যৰে বিতুষ্ট কৰা ভাই বা ভনীগৰাকীৰ কাষ চাপিবলৈ সহায় কৰিব। (মথি ১৮:১৫) কেতিয়াবা এজনে বা দুয়োজনে অহঙ্কাৰৰ বাবে নিজৰ ভুল মানি লʼবলৈ অস্বীকাৰ কৰাৰ বাবে উভয়ৰ মাজত সমস্যা হৈ থকা দেখিবলৈ পোৱা যায়। অথবা কেতিয়াবা ধৰ্ম্মাভিমানী, সমালোচনা মনোবৃত্তি ৰাখি আনজন ব্যক্তিৰ কাষ চাপিবলৈ আগভাগ নোলোৱাৰ বাবে তেনে সমস্যা অটুট থকা দেখা যায়। ইয়াৰ বিপৰীতে, প্ৰকৃত নম্ৰ ব্যক্তিয়ে ভুল-ভ্ৰান্তিবোৰক সমাধান কৰিবলৈ কাৰ্য্যকাৰীৰূপে কাৰ্য্য কৰিব।
২০, ২১. নম্ৰ হোৱাৰ আটাইতকৈ ডাঙৰ সহায়টোৰ এটা কি?
২০ নম্ৰতা গুণটো বিকশিত কৰাৰ মুখ্য চাবি হৈছে ঈশ্বৰৰ পবিত্ৰ আত্মা আৰু তেওঁৰ সহায় বিচাৰি প্ৰাৰ্থনা কৰা। কিন্তু মনত ৰাখক যে, ঈশ্বৰে “নম্ৰবিলাকক তেওঁ অনুগ্ৰহ [তদুপৰি তেওঁৰ পবিত্ৰ আত্মা] দান কৰে।” (যাকোব ৪:৬) সেয়েহে যদি সত্যতাত থকা কোনো সঙ্গী বিশ্বাসী ভাই বা ভনীৰ সৈতে আপোনাৰ কোনো সমস্যা হয়, তেন্তে যিহোৱাৰ পৰা সহায় বিচাৰি প্ৰাৰ্থনা কৰি আপোনাৰ ভুল সৰু বা ডাঙৰ নহওক কিয়, নম্ৰভাৱে স্বীকাৰ কৰক। আপোনাক বিতুষ্ট কৰা ব্যক্তিজনে আন্তৰিকভাৱে যদি “মোক ক্ষমা কৰক” বুলি কয়, তেন্তে নম্ৰতাৰে তেওঁক ক্ষমা কৰা উচিত। যদি ক্ষমা কৰিবলৈ কঠিন অনুভৱ কৰে, তেন্তে যিহোৱালৈ প্ৰাৰ্থনা কৰি আপোনাৰ হৃদয়ত থকা অহঙ্কাৰী মনোভাৱক আঁতৰ কৰিবলৈ সহায় বিচাৰক।
২১ নম্ৰতা গুণটোৱে বহুতো লাভ কঢ়িয়াই আনে বুলি জনিব পাৰি আমি এই বহুমূলীয়া গুণটো বিকশিত কৰি বজাই ৰাখিবলৈ প্ৰেৰিত হোৱা উচিত। এই সম্পৰ্কে আমি যিহোৱা ঈশ্বৰ আৰু তেওঁৰ পুত্ৰ যীচু খ্ৰীষ্টই ৰখা উত্তম আৰ্হিত লক্ষ্য কৰিব নোৱাৰোঁনে বাৰু! গতিকে আমি কেতিয়াও সেই ঈশ্বৰীয় আশ্বাসৰ বিষয়ে পাহৰি যোৱা উচিত নহয়, যʼত এইদৰে কৈছে: “ধন, সন্মান, আৰু জীৱন, নম্ৰতাৰ, আৰু যিহোৱালৈ ৰখা ভয়ৰ ফল।”—হিতোপদেশ ২২:৪. (w05 10/15)
ধ্যান কৰিবলগীয়া বিষয়বোৰ
• নম্ৰতাৰ সম্পৰ্কে কোনে উত্তম আৰ্হি প্ৰস্তুত কৰিলে?
• নম্ৰতা গুণটো বিকশিত কৰাটো কিয় সহজ নহয়?
• নম্ৰতা হʼবলৈ কিহে আমাক সহায় কৰিব পাৰে?
• নম্ৰ হোৱাটো কিয় অতি গুৰুত্বপূৰ্ণ?
[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]
[১৮ পৃষ্ঠাৰ ছবি]
যীচুৱে আন্তৰিকতাৰে নম্ৰ ব্যক্তি আছিল
[২০ পৃষ্ঠাৰ ছবি]
এজনে আনজনৰ মাজত হোৱা সমস্যাবোৰক নম্ৰতাৰে দেখুৱা প্ৰেমে আঁতৰ কৰে
[২১ পৃষ্ঠাৰ ছবি]
প্ৰকৃত খ্ৰীষ্টানসকলে নম্ৰতা গুণটো প্ৰকাশ কৰাৰ বহুতো উপায় আছে।