বৈবাহিক দম্পতীসকলৰ বাবে বুদ্ধিমান নিৰ্দ্দেশনা
বৈবাহিক দম্পতীসকলৰ বাবে বুদ্ধিমান নিৰ্দ্দেশনা
“হে ভাৰ্য্যাবিলাক, তোমালোক যেনেকৈ প্ৰভুৰ, তেনেকৈ নিজ নিজ স্বামীৰো বশীভূত হোৱা; হে পুৰুষবিলাক . . . তোমালোকেও নিজ নিজ ভাৰ্য্যাক প্ৰেম কৰা।”—ইফিচীয়া ৫:২২, ২৫.
১. বিবাহৰ প্ৰতি থকা সঠিক দৃষ্টিকোণ কি?
এজন পুৰুষ আৰু স্ত্ৰীক ঈশ্বৰে বিবাহ বন্ধনৰ দ্বাৰা একত্ৰিত কৰে আৰু তেওঁলোক যে “এক-দেহ”, তাক যীচুৱেও স্পষ্টকৈ কৈছিল। (মথি ১৯:৫, ৬) তদুপৰি ইয়াত ভিন্ন ব্যক্তিত্ব আৰু সংস্কৃতিৰ পৰা অহা দুজন ব্যক্তিয়ে একেই বিচাৰ আৰু লক্ষ্যত উপনীত হোৱাও সন্মিলিত আছে। বিবাহ যিকোনো সময়তে ভাঙিব পৰা সাধাৰণ বান্ধোন নহয়, কিন্তু ই দুজন ব্যক্তিৰ মাজত হোৱা চিৰকলীয়া প্ৰতিশ্ৰুতি। আনহাতে, বহুতো দেশত আজি বিবাহ বিচ্ছেদ হোৱাটো এক সাধাৰণ বিষয় হৈ পৰিছে। কিন্তু এজন প্ৰকৃত খ্ৰীষ্টানৰ বাবে বৈবাহিক বন্ধন হৈছে পবিত্ৰ বিষয়। কেৱল এক গম্ভীৰ বিষয়ৰ বাবেহে এই প্ৰতিশ্ৰুতি ভঙাৰ অনুমতি আছে।—মথি ১৯:৯.
২. (ক) বৈবাহিক দম্পতীবিলাকৰ বাবে কেনে মাৰ্গদৰ্শন উপলব্ধ আছে? (খ) এখন সফল বিবাহ গঢ়ি তুলা কিয় আৱশ্যক?
২ এগৰাকী বিবাহ পৰামৰ্শদাতাই এইদৰে কৈছিল: “এখন সফল বিবাহ গঢ়ি তুলাৰ মূল কাৰণটো হৈছে সমস্যাবোৰৰ আগত দৃঢ়ভাৱে থিয় হোৱা আৰু প্ৰত্যেকটো খোজ সঠিক মাৰ্গদৰ্শনবোৰৰ দ্বাৰা পৰিচালিত কৰা।” খ্ৰীষ্টান দম্পতীবিলাকৰ বাবে সেই সঠিক মাৰ্গদৰ্শনবোৰ হৈছে বাইবেলত উপলব্ধ থকা পৰামৰ্শ, সঙ্গী ভাই-ভনীসকলৰ সাহায্য আৰু প্ৰাৰ্থনাৰ দ্বাৰা ঈশ্বৰৰ সৈতে নিবিড় সম্পৰ্ক বজাই ৰাখা। উল্লেখ্য যে এখন সফল বিবাহে সকলো পৰিস্থিতিৰ সম্মুখীন হয় আৰু স্বামী-স্ত্ৰীৰ বান্ধোন দৃঢ় কৰে। সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয় এই যে বৈবাহিক জীৱনৰ উদ্ভাৱকজন অৰ্থাৎ যিহোৱাৰ মহিমা আনে।—আদিপুস্তক ২:১৮, ২১-২৪; ১ কৰিন্থীয়া ১০:৩১; ইফিচীয়া ৩:১৫; ১ থিচলনীকীয়া ৫:১৭.
যীচু আৰু তেওঁৰ মণ্ডলীক অনুকৰণ কৰক
৩. (ক) পাঁচনি পৌলে বৈবাহিক দম্পতীসকলক দিয়া পৰামৰ্শৰ সাৰাংশ কি? (খ) যীচুৱে কেনে এক উত্তম আৰ্হি প্ৰস্তুত কৰিলে?
৩ আজিৰ পৰা প্ৰায় দুই হাজাৰ বছৰ আগেয়ে পাঁচনি পৌলে বৈবাহিক দম্পতীবিলাকৰ বাবে এই পৰামৰ্শ দিছিল: “মন্ডলী যেনেকৈ খ্ৰীষ্টৰ বশীভূত, তেনেকৈ সকলো বিষয়ত ভাৰ্য্যাবিলাকো নিজ নিজ স্বামীৰ বশীভূত হওক। হে পুৰুষবিলাক, খ্ৰীষ্টে যেনেকৈ মন্ডলীক প্ৰেম কৰিলে আৰু তাৰ কাৰণে নিজকে শোধাই দিলে, তেনেকৈ তোমালোকেও নিজ নিজ ভাৰ্য্যাক প্ৰেম কৰা।” (ইফিচীয়া ৫:২৪, ২৫) এই শাস্ত্ৰীয় পদটোত কিযে এক উত্তম সাদৃশ্যতা দেখিবলৈ পোৱা যায়! যিসকল খ্ৰীষ্টান স্ত্ৰীয়ে নম্ৰতাৰে অধীনতা স্বীকাৰ কৰে, তেওঁলোকে আচলতে মণ্ডলী আৰু অধীনতাৰ সম্বন্ধে থকা সিদ্ধান্ত পালন কৰি চলে। আনহাতে, সত্যত থকা স্বামীয়ে কঠিন পৰিস্থিতি বা অনুকূল অৱস্থাতো নিজ নিজ ভাৰ্য্যাক প্ৰেম কৰে আৰু এইদৰে তেওঁলোকে মণ্ডলীৰ প্ৰতি প্ৰেমেৰে যত্ন লোৱা যীচুৰ আৰ্হিক অনুকৰণ কৰে।
৪. পুৰুষবিলাকে কেনেকৈ যীচুৰ আৰ্হিক অনুকৰণ কৰিব পাৰে?
৪ খ্ৰীষ্টান পৰিয়ালৰ মুখিয়ালসকলৰো এজন প্ৰধান মূৰব্বী আছে আৰু তেওঁ হৈছে যীচু খ্ৰীষ্ট। (১ কৰিন্থীয়া ১১:৩) যিদৰে যীচুৱে নিজৰ মণ্ডলীৰ প্ৰতি আগ্ৰহী মনোবৃত্তি দেখুৱালে, ঠিক সেইদৰে তেওঁলোকেও নিজ নিজ পৰিয়ালৰ বাবে আধ্যাত্মিক আৰু ভৌতিক প্ৰবন্ধৰ যোগান ধৰা উচিত। ইয়াৰ বাবে তেওঁলোকে কেতিয়াবা আত্মবলিদান মনোবৃত্তি দেখুৱালগীয়া হয়। যেনে, পৰিয়ালৰ হিতৰ বাবে নিজৰ ইচ্ছা আৰু অভিৰুচিক দ্বিতীয় স্থান দিয়া। এই বিষয়ে যীচুৱে এইদৰে কৈছিল: “সকলো বিষয়তে, লোকে তোমালোকক যেনে ব্যৱহাৰ কৰিলে, তোমালোকে ভাল পোৱা, তোমালোকেও তেওঁবিলাকক তেনে ব্যৱহাৰ কৰা।” (মথি ৭:১২) বিশেষকৈ যীচুৱে দিয়া এই সিন্ধান্তটো বৈবাহিক জীৱনৰ বাবে অতি কাৰ্য্যকাৰী। আনকি ইয়াৰ মূল্যৰ বিষয়ে পাঁচনি পৌলে এইদৰে কৈছিল: “স্বামীবিলাকেও নিজ নিজ ভাৰ্য্যাক, নিজ নিজ শৰীৰ বুলি প্ৰেম কৰা উচিত। . . . কোনেও নিজ মাংসক কেতিয়াও ঘিণোৱা নাই; কিন্তু তাক পোহন-পালনহে কৰিছে।” (ইফিচীয়া ৫:২৮, ২৯) এজন পুৰুষে নিজকে কৰাৰ দৰে নিজৰ স্ত্ৰীকো যত্ন লোৱা আৰু প্ৰতিপালন কৰা উচিত।
৫. স্ত্ৰীবিলাকে কেনেকৈ খ্ৰীষ্টান মণ্ডলীখনক অনুকৰণ কৰিব পাৰে?
৫ খ্ৰীষ্টান স্ত্ৰীসকলে মণ্ডলীখন আৰ্হিস্বৰূপে দৃষ্টি কৰে। যীচু পৃথিৱীত থকা সময়ত শিষ্যবিলাকে তেওঁলোকৰ সকলো বৃত্তি ত্যাগ কৰি তেওঁক অনুকৰণ কৰিছিল। আনকি যীচুৰ মৃত্যুৰ পিছতো তেওঁবিলাকে তেওঁৰ অধীন আছিল আৰু আজিও ২০০০ বছৰৰ পিছত প্ৰকৃত খ্ৰীষ্টান মণ্ডলীখন সকলো বিষয়তে তেওঁৰ অধীন হৈ থকা দেখা যায়। ঠিক সেইদৰে খ্ৰীষ্টান স্ত্ৰীবিলাকেও বিবাহৰ সম্বন্ধে থকা শাস্ত্ৰীয় আৱশ্যকতাৰ বিপৰীতে চলাৰ পৰিৱৰ্তে নিজ নিজ স্বামীৰ অধীন হৈছে আৰু তেওঁলোকৰ কাৰ্য্যত সহায় আগবঢ়াইছে। যদি স্বামী-স্ত্ৰী উভয়ে তেনে ব্যৱহাৰ কৰে, তেন্তে তেওঁলোকৰ বৈবাহিক জীৱন কেৱল সফলেই নহয় কিন্তু তেওঁলোকৰ সম্বন্ধও দৃঢ় হʼব।
শান্তিৰে জীৱন-যাপন কৰিবলৈ চেষ্টা কৰক
৬. পাঁচনি পিতৰে পুৰুষবিলাকক কি পৰামৰ্শ দিছিল আৰু ই কিয় গুৰুত্বপূৰ্ণ?
৬ পাঁচনি পিতৰেও বিশেষকৈ পুৰুষবিলাকক পৰামৰ্শ দি এইদৰে কৈছিল: “সেই দৰে, হে পুৰুষবিলাক, তোমালোকতকৈ স্ত্ৰীলোক দুৰ্ব্বল ভাণ্ড, আৰু জীৱনৰূপ অনুগ্ৰহৰ সহধিকাৰিণী বুলি জানি, তোমালোকৰ প্ৰাৰ্থনাৰ যে বাধা নজন্মে, এই কাৰণে তেওঁবিলাকে সৈতে জ্ঞানমতে সহবাস কৰি, তেওঁবিলাকক সমাদৰ কৰা।” (১ পিতৰ ৩:৭) পাঁচনি পিতৰে দিয়া পৰামৰ্শটোৰ গাম্ভীৰ্য্যতা এই পদটোৰ শেষৰ বাক্যবোৰত দেখিবলৈ পোৱা যায়। যদি এজন পুৰুষে নিজৰ স্ত্ৰীক সমাদৰ কৰাত বিফল হয়, তেন্তে যিহোৱাৰ সৈতে থকা তেওঁৰ সম্বন্ধতো প্ৰভাৱ পৰে। তদুপৰি তেওঁৰ প্ৰাৰ্থনা গ্ৰহণযোগ্য নহʼব।
৭. এজন পুৰুষে নিজৰ স্ত্ৰীক কেনেকৈ সমাদৰ কৰিব পাৰে?
৭ তেনেহʼলে পুৰুষবিলাকে নিজ নিজ স্ত্ৰীক কেনেকৈ সমাদৰ কৰিব পাৰে? নিজ স্ত্ৰীক সমাদৰ কৰাৰ অৰ্থ হৈছে তাইৰ সৈতে মৰমৰে আচৰণ আৰু সন্মান কৰা। হয়তো তেনে ধৰণে দিয়া সমাদৰ দেখি বহুতে আচৰিত হʼব পাৰে। কিয়নো এজন গ্ৰীক বিদ্ধানৰ মতে, “ৰোমান ব্যৱস্থাৰ অনুসাৰে স্ত্ৰীৰ কোনো নিজা অধিকাৰ নাছিল। তাই আৰু সৰু লʼৰা-ছোৱালীৰ অধিকাৰৰ মাজত কোনো ভিন্নতা নাছিল। . . . তাইক সম্পূৰ্ণকৈ নিজৰ স্বামীৰ অধীন আৰু দয়াৰ পাত্ৰ হʼব লাগিছিল।” কিন্তু প্ৰকৃত খ্ৰীষ্টানসকলৰ মাজত এনে বিচাৰধাৰা দেখিবলৈ পোৱা নাযায়। তেওঁলোকে নিজ নিজ ভাৰ্য্যাক সমাদৰ কৰে। তেওঁ তাইৰ সৈতে নিজ ইচ্ছাৰে নহয় কিন্তু বাইবেলীয় সিদ্ধান্তৰ অনুসাৰে আচৰণ কৰে। তদুপৰি “জ্ঞানমতে” তেওঁ তাইক নিৰ্ব্বল পাত্ৰ বুলি জানি সহানুভূতিশীল মনোবৃত্তি দেখুৱায়।
কি অৰ্থত ‘নিৰ্ব্বল পাত্ৰ’ বুলি কোৱা হৈছে?
৮, ৯. কি অৰ্থত স্ত্ৰীয়ে পুৰুষৰ তুলনাত সমান?
৮ পাঁচনি পিতৰে স্ত্ৰীসকলক ‘নিৰ্ব্বল পাত্ৰ’ বুলি কোৱাৰ অৰ্থ পুৰুষৰ তুলনাত কম বুদ্ধিসম্পন্ন বা আধ্যাত্মিকভাৱে দুৰ্ব্বল হোৱাক বুজোৱা নাছিল। এইটো সত্য যে মণ্ডলীত পুৰুষৰ দৰে তেওঁলোকৰ কোনো বিশেষাধিকাৰ নাই আৰু পৰিয়ালত নিজ নিজ স্বামীৰ অধীন হৈ থকা আৱশ্যক। (১ কৰিন্থীয়া ১৪:৩৫; ১ তীমথিয় ২:১২) তথাপিও বিশ্বাস, ধৈৰ্য্য ধৰা আৰু উচ্চ নৈতিক স্তৰ বজাই ৰাখাত তেওঁলোক আৰু পুৰুষবিলাক সমান। তদুপৰি পাঁচনি পিতৰে কোৱাৰ দৰে স্বামী আৰু স্ত্ৰী উভয়ে “জীৱনৰূপ অনুগ্ৰহৰ সহধিকাৰিণী।” আনকি পৰিত্ৰাণৰ ক্ষেত্ৰটো তেওঁলোক সকলোৱেই ঈশ্বৰৰ আগত এক। (গালাতীয়া ৩:২৮) যিহেতু পাঁচনি পিতৰে লিখা সেই বাক্যবোৰ প্ৰথম শতিকাৰ অভিষিক্ত ব্যক্তিবিলাকৰ বাবে আছিল আৰু তেওঁলোকক সোঁৱৰাই দিয়া হৈছিল যে পুৰুষ আৰু স্ত্ৰী উভয়ে “খ্ৰীষ্টে সৈতে উত্তৰাধিকাৰী” হৈছে। (ৰোমীয়া ৮:১৭) অৰ্থাৎ তেওঁলোক উভয়ে এদিন পুৰোহিত আৰু ৰজাস্বৰূপে স্বৰ্গত কাৰ্য্য কৰিবলগীয়া আছিল।—প্ৰকাশিত বাক্য ৫:১০.
৯ গতিকে অভিষিক্ত পুৰুষবিলাকৰ সৈতে স্ত্ৰীসকলেও একেই সমানে বিশেষাধিকাৰ পাইছিল। ঠিক সেইদৰে পাৰ্থীৱ আশা থকা পুৰুষ আৰু স্ত্ৰীবিলাকৰ বাবেও এই সিদ্ধান্তটো একেই। কিয়নো “বৰ লোকসমূহৰ” পুৰুষ আৰু স্ত্ৰীসকলে মেৰ পোৱালীৰ তেজেৰে নিজ নিজ বস্ত্ৰ ধুই বগা কৰিছে। তদুপৰি তেওঁলোকে “দিনে-ৰাতিয়ে” ঈশ্বৰৰ সেৱা কৰিছে। (প্ৰকাশিত বাক্য ৭:৯, ১০, ১৪, ১৫) আনকি তেওঁলোকে “প্ৰকৃত জীৱন” ধাৰণ কৰি “ঈশ্বৰৰ সন্তানবিলাকৰ প্ৰতাপমূলক মুক্তি” পাবলৈও বাট চাইছে। (ৰোমীয়া ৮:২১; ১ তীমথিয় ৬:১৯) গতিকে অভিষিক্ত বা বৰ লোকসমূহৰ সদস্যসকল উভয়ে “একেটা জাক” হৈ “একেজন ৰখীয়াৰ” অধীনত যিহোৱাৰ সেৱা কৰিছে। (যোহন ১০:১৬) পুৰুষ আৰু স্ত্ৰীয়ে উভয়ে কিয় সমাদৰ কৰা উচিত, তাৰ কি যে এক শক্তিশালী কাৰণ!
১০. কি অৰ্থত স্ত্ৰীবিলাকক ‘নিৰ্ব্বল পাত্ৰ’ বুলি কোৱা হৈছে?
১০ তেনেহʼলে স্ত্ৰীসকলক ‘নিৰ্ব্বল পাত্ৰ’ বুলি কোৱাৰ অৰ্থ কি? সম্ভৱতঃ পুৰুষৰ তুলনাত তেওঁলোকৰ শাৰীৰিক শক্তি কম হোৱা সম্বন্ধে পিতৰে কʼব বিচাৰিছিল। তদুপৰি তেওঁলোকৰ বাবে সন্তান উৎপন্ন কৰাটোও এক বিশেষাধিকাৰ। কিন্তু ই তেওঁলোকৰ স্বাস্থ্যৰ ওপৰত অধিককৈ প্ৰভাৱ পেলায়। হয়তো সন্তান উৎপন্ন কৰাৰ সময়ছোৱাত তেওঁলোকে নিয়মিতভাৱে শাৰীৰিক দুৰ্ব্বলতাৰ সম্মুখীন হʼবলগীয়া হয়। তেনে অৱস্থাত তেওঁলোকৰ প্ৰতি বিশেষভাৱে মনোযোগ দিয়াটো অতি আৱশ্যক হৈ পৰে। যি পুৰুষে নিজৰ স্ত্ৰীক সমাদৰ কৰে, তেওঁ নিশ্চয়ে তেনে আৱশ্যকতাৰ সময়ত তাইৰ প্ৰতি মনোযোগ দিব যি এক সফল বিবাহ বজাই ৰাখিবলৈ সহায় কৰে।
ধৰ্ম্মত বিভক্ত পৰিয়ালত
১১. ধৰ্ম্মত বিভক্ত পৰিয়ালত থকা পুৰুষ আৰু স্ত্ৰীৰ মাজত কি অৰ্থত সফল বিবাহ বজাই ৰাখিব পাৰি?
১১ যদি বিবাহৰ পিছত এজনে সত্য স্বীকাৰ কৰে আৰু আনজনে নকৰে, তেন্তে কি? তেনে অৱস্থাত তেওঁলোকৰ বিবাহ সফল হʼব পাৰেনে? নিশ্চয়ে হʼব পাৰে বুলি বহুতৰ অভিজ্ঞতাই দেখুৱাইছে। ধৰ্ম্মত বিভক্ত পৰিয়ালতো পুৰুষ আৰু স্ত্ৰীৰ মাজত সফল বিবাহ বজাই ৰাখাটো সম্ভৱ আৰু সেইটো তেওঁলোকে পৰস্পৰে দেখুৱা সহনশীলতাৰ ওপৰত নিৰ্ভৰ কৰে। কিয়নো যিহোৱাৰ দৃষ্টিত তেওঁলোকৰ বিবাহ গ্ৰহণযোগ্য আৰু তেওঁলোক তেতিয়াও “একদেহ।” গতিকে খ্ৰীষ্টান দম্পতীসকলক পৰামৰ্শ দিয়া হৈছে যে তেওঁলোকে পৰাপক্ষত সত্যত নথকা নিজ সঙ্গীৰ সৈতে যেন একেলগে থাকে। কিয়নো পিতৃ বা মাতৃয়ে ৰখা উত্তম আৰ্হিয়ে লʼৰা-ছোৱালীক গভীৰভাৱে প্ৰভাৱিত কৰিব পাৰে।—১ কৰিন্থীয়া ৭:১২-১৪.
১২, ১৩. পিতৰে দিয়া পৰামৰ্শ পালন কৰি খ্ৰীষ্টান স্ত্ৰীসকলে সত্যত নথকা নিজ নিজ স্বামীক কেনেকৈ সহায় কৰিব পাৰে?
১২ ধৰ্ম্মত বিভক্ত পৰিয়ালত থকা খ্ৰীষ্টান স্ত্ৰীসকলৰ আচৰণ কেনে হোৱা উচিত, সেই বিষয়ে পাঁচনি পিতৰে দিয়া সিদ্ধান্ত একেই পৰিস্থিতিত পুৰুষসকলৰ বাবেও প্ৰযোজ্য হয়। এই বিষয়ে তেওঁ এইদৰে কৈছে: “হে ভাৰ্য্যাবিলাক, তোমালোক নিজ নিজ স্বামীৰ বশীভূত হোৱা; বিশেষ, তেওঁবিলাকৰ কোনো কোনোৱে যদিও ঈশ্বৰৰ বাক্য অমান্য কৰে, তথাপি নিজ নিজ ভাৰ্য্যাৰ আচাৰ-ব্যৱহাৰৰ দ্বাৰাই, অৰ্থাৎ তোমালোকৰ ভয়যুক্ত শুচি আচাৰ-ব্যৱহাৰ দেখিলে, তাৰ দ্বাৰাই বিনাবাক্যেৰে যেন তেওঁবিলাকক পোৱা যায়, এই কাৰণে বশীভূত হোৱা।”—১ পিতৰ ৩:১, ২.
১৩ যদি এগৰাকী খ্ৰীষ্টান স্ত্ৰীয়ে সত্যত নথকা স্বামীক নিজৰ বিশ্বাসৰ বিষয়ে কৌশলতাৰে বুজাব পাৰে, তেন্তে ই এক উত্তম বিষয়। কিন্তু তেওঁ যদি শুনিবলৈ অনিচ্ছুক, তেন্তে কি কৰিব পাৰি? তেনেহʼলে সেইয়া হৈছে তেওঁৰ ব্যক্তিগত ইচ্ছা। কিন্তু তেতিয়াও খ্ৰীষ্টান আচৰণৰ দ্বাৰা তেওঁক সত্যৰ প্ৰতি আকৰ্ষিত কৰাৰ সুযোগ মুকলি হৈ আছে। উদাহৰণস্বৰূপে, সত্যৰ প্ৰতি ইচ্ছুক নোহোৱা বা বিৰোধ কৰা পুৰুষসকলে নিজ নিজ স্ত্ৰীৰ উত্তম আচৰণ দেখি “অনন্ত জীৱন পাবলৈ নিৰূপিত” হৈছে। (পাঁচনিৰ কৰ্ম্ম ১৩:৪৮) সত্যৰ প্ৰতি আকৰ্ষিত নোহোৱা এজন পুৰুষে নিজৰ স্ত্ৰীৰ উত্তম আচাৰ-ব্যৱহাৰ দেখি প্ৰভাৱিত হʼব পাৰে যি সফল বিবাহ বজাই ৰাখিবলৈ সহায় কৰিব। উদাহৰণস্বৰূপে, সত্যত নথকা এজন খ্ৰীষ্টান স্ত্ৰীৰ পুৰুষে যদিও তাই পালন কৰা উচ্চ নৈতিক স্তৰৰ অনুসাৰে চলিব পৰা নাছিল, তথাপিও “তেওঁ নিজকে তাইৰ স্বামী হোৱাটো গৌৰৱ কৰিছিল” আৰু বাতৰিকাকতত নিজৰ পত্নী আৰু যিহোৱাৰ সাক্ষী হোৱা তাইৰ বন্ধু-বান্ধৱসকলৰ বিষয়ে প্ৰশংসা কৰি এখন পত্ৰ লিখিছিল।
১৪. খ্ৰীষ্টান পুৰুষসকলে কেনেকৈ সত্যত নথকা নিজ নিজ স্ত্ৰীক সহায় কৰিব পাৰে?
১৪ সেইদৰে খ্ৰীষ্টান পুৰুষসকলে নিজৰ উত্তম আচাৰ-ব্যৱহাৰৰ দ্বাৰা নিজ নিজ পত্নীৰ মন জিকিব পাৰে। সত্যত নথকা স্ত্ৰীসকলে নিজৰ স্বামীত অনেক পৰিৱৰ্তন দেখিবলৈ পাইছে। যেনে, তেওঁলোকে সত্যত অহাৰ পিছত ধুমপান, সুৰাপান কৰা, জোৱা-খেলা আৰু অশ্লীল কথা কোৱা ত্যাগ কৰি দায়িত্বসম্পন্ন ব্যক্তি হিচাপে প্ৰমাণিত হৈছে। তদুপৰি তেওঁলোকৰ কিছুমান মণ্ডলীৰ অন্য সাক্ষীসকলৰ ভাতৃত্ব প্ৰেম দেখি আকৰ্ষিত হৈছে আৰু যিহোৱাৰ কাষ চাপিছে।—যোহন ১৩:৩৪, ৩৫.
“গুপ্ত আন্তৰিক মনুষ্য” প্ৰকাশ কৰা
১৫, ১৬. এগৰাকী খ্ৰীষ্টান স্ত্ৰীয়ে কেনে ধৰণৰ আচাৰণে সত্যত নথকা তাইৰ স্বামীক আকৰ্ষিত কৰিব পাৰে?
১৫ সত্যত নথকা পুৰুষজনে কেনে আচাৰ-ব্যৱহাৰ দেখি আকৰ্ষিত হʼব পাৰে? তেওঁ নিজৰ খ্ৰীষ্টান স্ত্ৰীগৰাকীয়ে বিকশিত কৰা উত্তম আচৰণ দেখি আকৰ্ষিত হʼব। এই বিষয়ে পিতৰে এইদৰে কৈছে: “কেশ-বেশ, আৰু সোণৰ অলঙ্কাৰ পিন্ধা, বা নানা বস্ত্ৰ পৰিধান; এনে বাহ্যিক ভূষণ তোমালোকৰ নহওক; কিন্তু নম্ৰ আৰু শান্ত আত্মাৰূপ অক্ষয় বস্ত্ৰ পিন্ধা যি গুপ্ত আন্তৰিক মনুষ্য, সিয়েই তোমালোকৰ ভূষণ হওক; এনে আত্মাহে ঈশ্বৰৰ দৃষ্টিত বহুমূলীয়া। কিয়নো আগৰ কালত যি পবিত্ৰ তিৰোতাবিলাকে ঈশ্বৰত ভাৰসা ৰাখিছিল, তেওঁবিলাকেও নিজ নিজ স্বামীৰ বশীভূত হৈ, সেই দৰে নিজক বিভূষিত কৰিলে; সেই দৰে চাৰাই অব্ৰাহামক প্ৰভু বুলি তেওঁৰ আজ্ঞা মানিলে। তোমালোকো তেওঁৰেই জীয়াৰী হলা; তাৰ প্ৰমাণ এই যে, তোমালোক কোনো ভয়ত ভয়কাৰিণী নহৈ, সৎকৰ্ম্মকাৰিণী হৈছা।”—১ পিতৰ ৩:৩-৬.
১৬ এগৰাকী খ্ৰীষ্টান স্ত্ৰীক বাহ্যিক ভূষণৰ ওপৰত নিৰ্ভৰ হোৱাটো উচিত নহয়, সেই বিষয়ে পাঁচনি পিতৰে পৰামৰ্শ দিছে। তাৰ পৰিৱৰ্তে তাইৰ আন্তৰিক মনুষ্যত্বই তেওঁৰ স্বামীক প্ৰভাৱিত কৰা উচিত। তাই ধাৰণ কৰা নতুন মনুষ্যত্ব আৰু পুৰণা মনুষ্যত্বৰ মাজত থকা প্ৰভেদতা প্ৰকাশ হোৱা উচিত। (ইফিচীয়া ৪:২২-২৪) পৰিণামস্বৰূপে, তেওঁ এদিন নহয় এদিন তাইৰ “নম্ৰ আৰু শান্তৰ আত্মৰূপ” দেখি আকৰ্ষিত হʼব। তেনে ধৰণৰ আচৰণ কেৱল তেওঁৰ স্বামীকে আনন্দিত নকৰে কিন্তু “ঈশ্বৰৰ দৃষ্টিত বহুমূলীয়া।”—কলচীয়া ৩:১২.
১৭. খ্ৰীষ্টান স্ত্ৰীবিলাকৰ বাবে চাৰাই কেনে এক উত্তম আৰ্হি প্ৰস্তুত কৰিলে?
১৭ সত্যত থকা বা নথকা পুৰুষসকলৰ প্ৰকৃত খ্ৰীষ্টান পত্নীসকলে চাৰাৰ উত্তম আৰ্হিক অনুকৰণ কৰিব পাৰে। তাই নিজ স্বামী অব্ৰাহামক মুখিয়াল হিচাপে দৃষ্টি কৰিছিল। আনকি মনত তেওঁক “প্ৰভু” বুলিও মাতিছিল। (আদিপুস্তক ১৮:১২) অব্ৰাহামক তেনে সন্মান কৰি তাই নিজকে তুচ্ছ বুলি ভবা নাছিল। তাই এগৰাকী দৃঢ় বিশ্বাস ৰাখা আধ্যাত্মিক স্ত্ৰী আছিল। তদুপৰি “মেঘৰূপ সাক্ষী” হিচাপে দৃষ্টি কৰা লোকসকলৰ মাজত তাইয়ো এজনা, যিবিলাকৰ আৰ্হিয়ে আমাক জীৱনৰ পথত ধৈৰ্য্যেৰে” দৌৰি থাকিবলৈ প্ৰেৰিত কৰে। (ইব্ৰী ১১:১১; ১২:১) গতিকে এগৰাকী খ্ৰীষ্টান স্ত্ৰীৰ বাবে চাৰাৰ আৰ্হিক অনুকৰণ কৰাটো এক প্ৰশংসনীয় বিষয়।
১৮. বিভক্ত পৰিয়ালত থকা খ্ৰীষ্টান পুৰুষ আৰু স্ত্ৰীয়ে কেনে সিদ্ধান্ত মনত ৰাখা উচিত?
১৮ ধৰ্ম্মত বিভক্ত পৰিয়াল হʼলেও পুৰুষজনক মুখীয়াল হিচাপে দৃষ্টি কৰা উচিত। যদি তেওঁ স্বয়ং এজন খ্ৰীষ্টান তেন্তে সত্যত নথকা ভাৰ্য্যাৰ বিশ্বাসৰ অনুসাৰে নচলিব। ঠিক সেইদৰে খ্ৰীষ্টান স্ত্ৰীগৰাকীয়েও সত্যত নথকা স্বামীৰ বিশ্বাসৰ অনুসাৰে নচলিব। (পাঁচনিৰ কৰ্ম্ম ৫:২৯) কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে তাই নিজৰ স্বামীৰ অধীনত নাথাকিব। বৰঞ্চ, তাই “স্বামীৰ বিধানৰ” অধীন হৈ চলিব আৰু তেওঁক সন্মান কৰিব।—ৰোমীয়া ৭:২.
বাইবেলৰ উত্তম মাৰ্গদৰ্শন
১৯. বৈবাহিক সম্বন্ধত অহা কিছুমান হেঁচা কি আৰু সেই হেঁচাবোৰ কেনেকৈ দূৰ কৰিব পৰা যায়?
১৯ বৰ্তমান সময়ত বহুতো বিষয়ৰ বাবে বৈবাহিক সম্বন্ধ বিপদত পৰিব পাৰে। কিছুমান পুৰুষে নিজৰ দায়িত্ব সম্পন্ন কৰাত বিফল হʼব পাৰে। কিছুমান স্ত্ৰীয়ে পুৰুষক মূৰস্বৰূপ মানিবলৈ অস্বীকাৰ কৰিব পাৰে। কিছুমান ক্ষেত্ৰত এজন সঙ্গীয়ে আনজনৰ দ্বাৰা শাৰীৰিক আৰু মানসিকভাৱে পীড়িত হয়। তদুপৰি খ্ৰীষ্টানসকলৰ বাবে আৰ্থিক অৱস্থা, অপৰিপূৰ্ণতা, অনৈতিক আৰু বিকৃত কাৰ্য্যবোৰৰ বাবে তেওঁলোকৰ আনুগত্যক পৰীক্ষা কৰিব পাৰে। তথাপিও সকলো ধৰণৰ পৰিস্থিতিত বাইবেলৰ সিদ্ধান্তৰ অনুসাৰে চলি খ্ৰীষ্টান পুৰুষ আৰু স্ত্ৰীয়ে ঈশ্বৰৰ আশীৰ্ব্বাদ প্ৰাপ্ত হʼব পাৰে। আনকি বৈবাহিক সঙ্গীৰ যদি কোনো এজনেও বাইবেলৰ সিদ্ধান্ত পালন কৰে, তেন্তে তাৰ উত্তম ফলাফল পোৱা দেখা যায়। ইয়াৰ উপৰিও কঠিন পৰিস্থিতিতো নিজৰ প্ৰতিশ্ৰুতি অনুসাৰে জীৱন-যাপন কৰা বিশ্বাসী বৈবাহিক সঙ্গীসকলৰ বাবে যিহোৱাৰ প্ৰেম আৰু সমৰ্থন সদায়ে আছে। তেওঁ সদায়ে তেওঁলোকৰ আনুগত্যৰ বাবে প্ৰশংসা কৰে।—গীত ১৮:২৫; ইব্ৰী ৬:১০; ১ পিতৰ ৩:১২.
২০. সকলো খ্ৰীষ্টানৰ বাবে পিতৰে কি পৰামৰ্শ দিছে?
২০ বিবাহিত পুৰুষ আৰু স্ত্ৰীক পৰামৰ্শ দিয়াৰ পিছত পাঁচনি পিতৰে এই উৎসাহজনক বাক্যবোৰৰ দ্বাৰা সামৰণি মাৰিছে: “শেষত কওঁ, তোমালোক সকলো এক মনৰ লোক, পৰৰ দুখত দুঃখিত, ভ্ৰাতৃ-প্ৰেমকাৰী, কোমল চিত্তৰ লোক, আৰু নম্ৰ মনৰ লোক হোৱা; অপকাৰৰ সলনি অপকাৰ, আৰু তিৰস্কাৰৰ সলনি তিৰস্কাৰ নকৰি, বৰং আশীৰ্ব্বাদ কৰা; কিয়নো আশীৰ্ব্বাদৰ অধিকাৰী হবৰ কাৰণেই তোমালোক আমন্ত্ৰিত হলা।” (১ পিতৰ ৩:৮, ৯) উত্তম পৰামৰ্শ সকলোৰে বাবে, বিশেষকৈ বিবাহিত দম্পতীসকলৰ বাবে অতি লাভদায়ক! (w05 3/1)
আপোনাৰ মনত আছেনে?
• খ্ৰীষ্টান স্বামীসকলে কেনেকৈ যীচুৰ আৰ্হিক অনুকৰণ কৰিব পাৰে?
• খ্ৰীষ্টান পত্নীসকলে কেনেকৈ মণ্ডলীক অনুকৰণ কৰে?
• স্বামীসকলে কি অৰ্থত নিজ নিজ পত্নীক সন্মান কৰে?
• যিগৰাকী খ্ৰীষ্টান স্ত্ৰীৰ স্বামী সত্যত নাই, তাইৰ বাবে কেনে পদক্ষেপ লোৱাটো উত্তম?
[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]
[২৬ পৃষ্ঠাৰ ছবি]
“বৰ লোকসমূহৰ” পুৰুষ আৰু স্ত্ৰী উভয়ে অনন্ত জীৱন লাভ কৰাৰ আশা ৰাখে