সিদ্ধতাৰে জীৱন-যাপন কৰা
সিদ্ধতাৰে জীৱন-যাপন কৰা
“মই হলে নিজ সিদ্ধতাত চলোঁ।”—গীত ২৬:১১.
১, ২. (ক) মানুহে বজাই ৰাখা সিদ্ধতা কিয় ঈশ্বৰৰ সাৰ্ব্বভৌমত্ব বাদ-বিষয়টোৰ এক মুখ্য বিষয় হৈ পৰিছে? (খ) মানৱ আৰু আত্মিক প্ৰাণীবিলাকে যিহোৱাৰ সাৰ্ব্বভৌমত্বৰ পক্ষে আছে বুলি কেনেকৈ প্ৰকাশ কৰিব পাৰি?
এদন বাগিছাত বিদ্ৰোহ কৰাৰ সময়ত চয়তানে যিহোৱা ঈশ্বৰৰ সাৰ্ব্বভৌমত্ব অধিকাৰৰ ওপৰত সাৰ্বজনিক বাদ-বিষয় দাঙি ধৰিলে। তাৰ কিছু সময়ৰ পিছত সি প্ৰত্যাহ্বান জনাই কয় যে মানুহে নিজৰ স্বাৰ্থ পূৰণ কৰাৰ উদ্দেশ্যৰেহে ঈশ্বৰৰ সেৱা কৰে। (ইয়োব ১:৯-১১; ২:৪) তেতিয়াৰে পৰা মানুহে বজাই ৰাখা সিদ্ধতা যিহোৱাৰ বিশ্বব্যাপী সাৰ্ব্বভৌমত্ব বাদ-বিষয়ৰ এটা মূখ্য অংশ হৈ পৰিল।
২ যদিও মানুহে সিদ্ধতা বজাই ৰাখাৰ ওপৰত ঈশ্বৰৰ সাৰ্ব্বভৌমত্ব নিৰ্ভৰ নকৰে, তথাপিও মানৱ আৰু আত্মিক প্ৰাণীবিলাকে বাদ-বিষয়টোৰ কোনটো পক্ষত আছে, সেই বিষয়ে প্ৰকাশ কৰিব পাৰে। তেওঁবিলাকে কেনেকৈ তেনে কৰিব পাৰে? সিদ্ধতাৰে জীৱন-যাপন কৰাৰ দ্বাৰা তেওঁলোকে সেই বিষয়ে প্ৰকাশ কৰি দেখুৱাব পাৰে। সেয়েহে এজন ব্যক্তিয়ে বজাই ৰাখা সিদ্ধতা হৈছে তেওঁ বা তাইক বিচাৰ কৰাৰ এক মুখ্য আধাৰ।
৩. (ক) ইয়োব আৰু দায়ূদে যিহোৱাক কিহৰ বিষয়ে নিৰীক্ষণ আৰু বিচাৰ কৰিবলৈ আগ্ৰহ কৰিছিল? (খ) সিদ্ধতাৰ সম্পৰ্কে কেনে প্ৰশ্নবোৰ সুধিব পাৰি?
৩ এইহেতুকে ইয়োবে সম্পূৰ্ণ আশ্বাসেৰে এইদৰে কʼব পাৰিলে: “ঈশ্বৰে মোৰ সিদ্ধতা জানিবৰ নিমিত্তে, মোক ঠিক তৰ্জুত জোখক।” (ইয়োব ৩১:৬) সিদ্ধতাৰ বিষয়ে নিৰীক্ষণ কৰিবলৈ ৰজা দায়ূদে যিহোৱালৈ প্ৰাৰ্থনা কৰি এইদৰে কৈছিল: “হে যিহোৱা, মোৰ বিচাৰ কৰা, কিয়নো মই নিজ সিদ্ধতাত চলিছোঁ, অলৰৰূপ মই যিহোৱাত ভাৰসা কৰিছোঁ।” (গীত ২৬:১) এতেকে সিদ্ধাতাৰে জীৱন-যাপন কৰাটো কিমান যে গুৰুত্বপূৰ্ণ! কিন্তু সিদ্ধতা কি, ইয়াৰ অনুসাৰে জীৱন-যাপন কৰাৰ অৰ্থ কি আৰু কিহে আমাক সিদ্ধতা বজাই ৰাখাত সহায় কৰিব?
‘মই নিজ সিদ্ধতাৰ অনুসাৰে জীৱন-যাপন কৰিব পাৰিলোঁ’
৪. সিদ্ধতাৰ অৰ্থ কি?
৪ প্ৰকৃততে সিদ্ধতাৰ অৰ্থ হৈছে ন্যায়পৰায়ণ, নিৰ্দোষী আৰু ধাৰ্ম্মিকতাৰে আচৰণ কৰা। তথাপিও ইয়াৰ অৰ্থ কেৱল সত্য পথত চলাই নহয় কিন্তু নৈতিক স্থিৰতা বা সম্পূৰ্ণ হৃদয়েৰে ঈশ্বৰক ভক্তি কৰাক বুজায়। চয়তানে ইয়োবৰ অভিপ্ৰায়ৰ ওপৰত প্ৰশ্ন কৰি যিহোৱাক এইদৰে কৈছিল: “আপুনি আৰু এবাৰ হাত মেলি তেওঁৰ [ইয়োবৰ] অস্থি আৰু মাংস স্পৰ্শ কৰক; তাতে তেওঁ অৱশ্যে আপোনাৰ সাক্ষাতেই আপোনাক বিদায় দিব।” (ইয়োব ২:৫) সেয়েহে সঠিক পদক্ষেপ লোৱাৰ উপৰি উচিত অভিপ্ৰায় ৰাখাও অতি আৱশ্যক।
৫. কিহে দেখুৱাইছে যে আমি অপৰিপূৰ্ণ হোৱাৰ স্বত্ত্বেও সিদ্ধতা বজাই ৰাখিব পাৰোঁ?
৫ কেৱল পৰিপূৰ্ণ ব্যক্তিয়ে যে সিদ্ধতা বজাই ৰাখিব পাৰে, এনে নহয়। উদাহৰণস্বৰূপে, ৰজা দায়ূদৰ বিষয়ে বিবেচনা কৰক। তেওঁ এজন অপৰিপূৰ্ণ ব্যক্তি হোৱাৰ উপৰি বহুতো গম্ভীৰ পাপ কৰিছিল। তথাপিও বাইবেলে তেওঁক “সৰল ভাৱে” চলা এজন ব্যক্তি বুলি উল্লেখ কৰিছে। (১ ৰাজাৱলি ৯:৪) কিয় তেনেদৰে উল্লেখ কৰিছে? কিয়নো তেওঁ যিহোৱাক সম্পূৰ্ণ হৃদয়েৰে প্ৰেম কৰিছিল। তেওঁ নিজৰ ত্ৰুটিবোৰ মানি লৈ, অনুশাসন পালন কৰি অনুচিত মনোবৃত্তি ত্যাগ দি পুনৰাই সত্যতাৰ পথত চলিবলৈ আগবাঢ়ি আহিছিল। দৰাচলতে সম্পূৰ্ণ হৃদয়েৰে কৰা ভক্তি আৰু ঈশ্বৰলৈ দেখুৱা তেওঁৰ প্ৰেমত সিদ্ধতা স্পষ্টকৈ প্ৰকাশ পাইছিল।—দ্বিতীয় বিবৰণ ৬:৫, ৬.
৬, ৭. সিদ্ধতাৰে জীৱন-যাপন কৰাৰ সৈতে কি সন্মিলিত আছে?
৬ সিদ্ধতা যে কেৱল এক বিশেষ ক্ষেত্ৰতেই দেখুৱা হয়, এনে নহয়। বৰঞ্চ ই আমাৰ জীৱনৰ সকলো ক্ষেত্ৰতে প্ৰকাশ পোৱা আৱশ্যক। বাইবেলত কৈছে যে দায়ূদে গোটেই জীৱন সিদ্ধতাৰে ‘চলিছিল।’ দ্য নিউ ইন্টাৰপ্ৰিটাৰ বাইবেলʼত কোৱা হৈছে যে ‘চলা’ নামৰ ক্ৰিয়া পদৰ অৰ্থ, এজন ব্যক্তিৰ জীৱন-প্ৰণালীক বুজায়। গীতমালা ৰচোঁতাজনে “আচৰণ ব্যৱহাৰত সিদ্ধ” হোৱা ব্যক্তিসকলৰ বিষয়ে এইদৰে কৈছে: “যিবিলাকে তেওঁৰ সাক্ষ্যবোৰ পালন কৰে, সিবিলাক ধন্য; যিবিলাকে সমস্ত মনেৰে তেওঁক বিচাৰে, সিবিলাক ধন্য। সিবিলাকে অন্যায় নকৰে, তেওঁৰ পথত গমন কৰে।” (গীত ১১৯:১-৩) এতেকে সিদ্ধতা বজাই ৰাখাৰ অৰ্থ হৈছে ঈশ্বৰৰ ইচ্ছাক জনা আৰু তাৰ অনুসাৰে জীৱন-যাপন কৰিবলৈ নেৰানেপেৰা চেষ্টা কৰা।
৭ সিদ্ধতাৰে জীৱন-যাপন কৰিবলৈ হʼলে সকলো সময়তে ঈশ্বৰৰ প্ৰতি আনুগত্য বজাই ৰখা আৱশ্যক। সিদ্ধতা তেতিয়াহে স্পষ্টকৈ প্ৰকাশ পায় যেতিয়া আমি পৰীক্ষা, বিপত্তি বা এই জগতৰ পৰা অহা প্ৰলোভনক দৃঢ়তাৰে সম্মুখীন হওঁ। তদুপৰি আমি ‘যিহোৱাৰ মনকো আনন্দিত কৰোঁ’, যাতে তেওঁ যেন ধিক্কাৰ দিয়াটোক উত্তৰ দিব পাৰে। (হিতোপদেশ ২৭:১১) গতিকে আঁহক আমি ইয়োবৰ দৰে এই সঙ্কল্প লওঁহঁক: “মই নমৰোমানে মোৰ সিদ্ধতা মোৰ পৰা দূৰ নকৰিম।” (ইয়োব ২৭:৫) আগলৈ সিদ্ধতাৰে জীৱন-যাপন কৰিবলৈ কিহে আমাক সহায় কৰিব, সেই বিষয়ে গীত ২৬ অধ্যায়ৰ পৰা জানিব পাৰিম।
“মোৰ মন আৰু চিত্ত খপি চোৱা”
৮. দায়ূদে নিজৰ মন আৰু চিত্ত পৰীক্ষা কৰি চাবলৈ যিহোৱালৈ কৰা প্ৰাৰ্থনাৰ পৰা আমি কি শিকিব পাৰোঁ?
৮ দায়ূদে ঈশ্বৰক প্ৰাৰ্থনা কৰি এইদৰে কৈছিল: “হে যিহোৱা, মোক পৰীক্ষা কৰি চোৱা, মোৰ মন আৰু চিত্ত খপি চোৱা।” (গীত ২৬:২) এই শাস্ত্ৰীয় পদত উল্লেখ কৰা চিত্ত এজন ব্যক্তিৰ আন্তৰিক ভাৱনা আৰু গভীৰ অনুভূতিক বুজায়। দৰাচলতে দায়ূদে যিহোৱালৈ কৰা প্ৰাৰ্থনাত তেওঁৰ গভীৰ ভাৱনা আৰু অনুভূতিক পৰীক্ষা কৰিবলৈ আগ্ৰহ কৰিছিল।
৯. যিহোৱাই কেনেকৈ আমাৰ মন আৰু চিত্ত পৰিশোধিত কৰে?
৯ দায়ূদে তেওঁৰ মন আৰু চিত্ত পৰিশোধিত কৰিবলৈ যিহোৱাৰ ওচৰত অনুৰোধ কৰিছিল। যিহোৱাই কেনেকৈ আমাৰ মন আৰু চিত্তক পৰিশোধিত কৰে? এই বিষয়ে দায়ূদে এইদৰে কৈছিল: “যি জনাই মোক মন্ত্ৰণা দিয়ে, মই সেই যিহোৱাৰ ধন্যবাদ কৰিম; ৰাতিও মোৰ হৃদয়ে মোক শিক্ষা দিয়ে।” (গীত ১৬:৭) এই বাক্যশাৰীৰ অৰ্থ কি? ইয়াৰ অৰ্থ হৈছে ঈশ্বৰীয় নিৰ্দ্দেশনাই দায়ূদৰ অন্তৰত স্পৰ্ষ কৰি তেওঁৰ ভাৱনা আৰু অনুভূতিক শুদ্ধ কৰিছিল। ঠিক সেইদৰে আমিও যদি বাইবেল, ঈশ্বৰৰ প্ৰতিনিধিসকল আৰু তেওঁৰ সংগঠনে দিয়া নিৰ্দ্দেশনা পালন কৰোঁ, তেন্তে আমাৰ ভাৱনা আৰু অনুভূতিও শুদ্ধ হʼব। যিহোৱালৈ নিতৌ প্ৰাৰ্থনা কৰি আমি সিদ্ধতাৰে জীৱন-যাপন কৰিবলৈ সহায় লাভ কৰিম।
“তোমাৰ দয়া মোৰ চকুৰ আগত আছে”
১০. কিহে দায়ূদক সত্যতাৰ পথত চলিবলৈ সহায় কৰিলে?
১০ আগলৈ দায়ূদে এইদৰে কৈছিল: “তোমাৰ দয়া মোৰ চকুৰ আগত আছে, আৰু মই তোমাৰ সত্যতাত চলিছোঁ।” (গীত ২৬:৩) যিহোৱাৰ দয়াৰ বিষয়ে ভালদৰে বুজি পোৱাৰ বাবে দায়ূদে গভীৰতাৰে তাক বিবেচনা কৰিছিল। তেওঁ প্ৰকাশ কৰা অনুভূতিৰ বিষয়ে আমি এইদৰে পঢ়িবলৈ পাওঁ: “হে মোৰ মন, সেই যিহোৱাৰ ধন্যবাদ কৰা, আৰু তেওঁৰ সকলো উপকাৰ নাপাহৰিবা।” যিহোৱাই কৰা “উপকাৰৰ” বিষয়ে সোঁৱৰি দায়ূদে পুনৰাই এইদৰে কৈছিল: “যিহোৱাই ধৰ্ম্ম-কাৰ্য্য সিদ্ধ কৰে, আৰু উপদ্ৰৱ পোৱাবিলাকৰ নিমিত্তে বিচাৰ নিষ্পত্তি কৰে। তেওঁ মোচিক নিজ পথবোৰ, ইস্ৰায়েলৰ সন্তানবিলাকক নিজ কাৰ্য্য জনালে।” (গীত ১০৩:৫-৭) দায়ূদে হয়তো মোচিৰ দিনত ইস্ৰায়েলসকলক মিচৰীয়াবিলাকে প্ৰবঞ্চিত কৰাৰ বিষয়ে চিন্তা কৰিছিল। যিহোৱাই কেনেকৈ নিজ কাৰ্য্যৰ বিষয়ে মোচিক জনোৱাৰ সম্পৰ্কে যদি দায়ূদে বিবেচনা কৰিছিল, তেন্তে ই নিশ্চয়ে তেওঁক সত্যতাৰ পথত চলি থাকিবলৈ তেওঁৰ মনোবল দৃঢ় কৰিলে।
১১. কিহে আমাক সিদ্ধতাৰে জীৱন-যাপন কৰিবলৈ সহায় কৰিব পাৰে?
১১ ঈশ্বৰৰ বাক্যক নিতৌ অধ্যয়ন আৰু ধ্যান কৰাৰ দ্বাৰা আমি সিদ্ধতাৰে জীৱন-যাপন কৰিব পাৰিম। উদাহৰণস্বৰূপে, পোটীফৰৰ ভাৰ্য্যাৰ সৈতে যৌন-অনৈতিক কাৰ্য্য নকৰি তাৰ পৰা পলোৱা যোচেফৰ বিষয়ে সোঁৱৰি আমি কাৰ্য্যস্থল, স্কুল বা আন কোনো ঠাইত হোৱা সেই একেই পৰিস্থিতিৰ পৰা আঁতৰি পলাব পাৰিম। (আদিপুস্তক ৩৯:৭-১২) যদি আমি এই জগতে আগবঢ়োৱা ভৌতিক বস্তু বা প্ৰাধান্য হোৱা মনোবৃত্তিৰ দ্বাৰা প্ৰলোভিত হওঁ, তেন্তে কি কৰিব পাৰোঁ? এই সম্পৰ্কে আমি মোচিৰ বিষয়ে বিবেচনা কৰিব পাৰোঁ যিজনে মিচৰৰ সুখ ভোগ আৰু প্ৰাধান্যতাক ত্যাগ কৰিছিল। (ইব্ৰী ১১:২৪-২৬) ইয়োবে দেখুৱা ধৈৰ্য্যই আমাক দুৰ্যোগ আৰু বেমাৰতো আনুগত্য বজাই ৰাখিবলৈ সহায় কৰিব। (যাকোব ৫:১১) তাড়নাৰ সম্মুখীন হোৱা অৱস্থাত কি কৰিব পাৰি? সিংহৰ গাতত পেলোৱা দানিয়েলৰ উদাহৰণে আমাক সাহসেৰে তাড়নাৰ সম্মুখীন হʼবলৈ প্ৰেৰিত কৰিব।—দানিয়েল ৬:১৬-২২.
“অসাৰ লোকবিলাকৰ লগত মই বহা নাই”
১২, ১৩. আমি কেনে ধৰণৰ লোকসকলৰ সৈতে সঙ্গতি কৰাৰ পৰা আঁতৰি থকা উচিত?
১২ সিদ্ধতা বজাই ৰাখাত সহায় কৰা আন এটা কাৰণৰ বিষয়ে দায়ূদে এইদৰে কৈছিল: “অসাৰ লোকবিলাকৰ লগত মই বহা নাই, আৰু কপটীয়াবোৰে সৈতে নোসোমাওঁ। মই দুৰাচাৰীবোৰৰ সভা ঘিণ কৰো, আৰু দুষ্টবোৰৰ লগত নবহোঁ।” (গীত ২৬:৪, ৫) তেওঁ কেৱল দুষ্টবোৰৰ লগত চলাই নহয় কিন্তু বেয়া লোকবিলাকৰ সৈতে কৰা সঙ্গতিকো ঘিণ কৰিছিল।
১৩ আমাৰ বিষয়ে কি কʼব পাৰি? আমি টেলিভিছন, ভিডিঅ’, চলচিত্ৰ আৰু ইন্টাৰনেটৰ দ্বাৰা দেখুৱা অসাৰ ব্যক্তিবিলাকক অনুকৰণ কৰাৰ পৰা আঁতৰি থাকোঁনে? আমি এনে ব্যক্তিবিলাকৰ পৰা আঁতৰি থাকোঁনে যিসকলে নিজৰ আচল চৰিত্ৰক প্ৰকাশ কৰিব নিবিচাৰে? স্কুল বা কৰ্ম্মস্থলত কিছুমানে নিজৰ অসৎ উদ্দেশ্য পূৰণ কৰিবলৈ বন্ধুত্ব গঢ়িব বিচাৰিব। গতিকে সত্যতাৰ পথত নচলা এনে ব্যক্তিবিলাকৰ সৈতে আমি এক নিবিড় সম্পৰ্ক বজাই ৰাখিব বিচাৰোঁনে? ধৰ্ম্মত্যাগীসকলে নিজকে অকপটীয়া বুলি দাবী কৰি নিজৰ আচল অভিপ্ৰায় লুকাই ৰাখি আমাক যিহোৱাৰ সেৱাৰ পৰা অঁতৰাই নিব পাৰে। যদি মণ্ডলীৰ কিছুমান সদস্যই দুতৰপীয়া জীৱন অতিবাহিত কৰিছে, তেন্তে তেওঁবিলাকৰ বিষয়ে কি কʼব পাৰি? তেনে ব্যক্তিবিলাকেও নিজৰ আচল চৰিত্ৰৰ বিষয়ে প্ৰকাশ কৰিব নিবিচাৰে। এই সম্পৰ্কে জেইছন্ নামৰ সহায়ক সেৱকজনৰ বিষয়ে বিবেচনা কৰক, যিজনৰ তেনে ধৰণৰ বন্ধু আছিল। তেওঁৰ এইদৰে কয়: “এদিন মোক তাৰে এজনে এইদৰে কৈছিল: ‘এইটো সঠিক যে আমি পৰমদেশত প্ৰৱেশ কৰিব নোৱাৰোঁ। তদুপৰি মৃত্যুৰ পিছত আমি কি হেৰুৱালো, তাকো অনুভৱ নকৰিম। গতিকে বৰ্তমান জীৱনত এই সকলোবোৰ উপভোগ কৰাটো কোনো অনুচিত বিষয় নহয়।’ এনে ধৰণৰ কথা-বতৰাই মোৰ বাবে এক সতৰ্কতাৰ সঙ্কেত আছিল। কিয়নো মই নতুন ৰীতি-ব্যৱস্থাত মৃত্যু নহয় কিন্তু জীয়াই থাকিব বিচাৰোঁ।” সেইবাবে জেইছনে তেনে লোকবিলাকৰ সৈতে সঙ্গতি কৰিবলৈ ত্যাগ দি বুদ্ধিমানৰ কাৰ্য্য কৰিলে। পাঁচনি পৌলে খ্ৰীষ্টানসকলক সতৰ্ক কৰি এইদৰে কৈছে: “তোমালোক ভ্ৰান্ত নহবা; কুসঙ্গে সদাচাৰ নষ্ট কৰে।” (১ কৰিন্থীয়া ১৫:৩৩) গতিকে আমি কুসঙ্গ বা বেয়া লোকসকলৰ সৈতে সঙ্গতি কৰাৰ পৰা আঁতৰি থকাটো এক গুৰুত্বপূৰ্ণ বিষয় নহয়নে বাৰু!
‘মই তোমাৰ আচৰিত কৰ্ম্মৰ বিষয়ে প্ৰচাৰ কৰিম’
১৪, ১৫. আমি কেনেকৈ “[যিহোৱাৰ] যজ্ঞ-বেদী প্ৰদক্ষিণ কৰিব” পাৰোঁ?
১৪ আগলৈ দায়ূদে সিদ্ধতাৰে জীৱন-যাপন কৰাৰ সম্বন্ধে এইদৰে কৈছিল: “হে যিহোৱা, মোৰ স্তুতিৰ স্বৰ শুনাবলৈ, আৰু তোমাৰ আচৰিত কৰ্ম্ম প্ৰচাৰ কৰিবলৈ, মই হাত ধুই মোৰ নিৰ্দ্দোষিতাৰ সাক্ষ্য দি, তোমাৰ যজ্ঞ-বেদি প্ৰদক্ষিণ কৰিব খুজিছোঁ।” (গীত ২৬:৬, ৭) সেয়েহে দায়ূদে নৈতিকভাৱে শুদ্ধ থাকি যিহোৱাক উপাসনা আৰু ঈশ্বৰৰ প্ৰতি থকা ভক্তিৰ বিষয়ে প্ৰচাৰ কৰিছিল।
১৫ সত্য উপাসনাৰ সৈতে সম্পৰ্ক থকা আবাস-তম্বু আৰু পিছলৈ মন্দিৰৰ সকলোবোৰ “স্বৰ্গীয়-স্থানৰ নকল আৰু ছাঁ মাথোন” আছিল। (ইব্ৰী ৮:৫; ৯:২৩) আবাস-তম্বু বা মন্দিৰত থকা যজ্ঞ-বেদী মানৱজাতিৰ পৰিত্ৰাণৰ বাবে যীচুৱে দিয়া বলিদানক গ্ৰহণ কৰাৰ প্ৰতি থকা যিহোৱাৰ ইচ্ছাক বুজাইছিল। (ইব্ৰী ১০:৫-১০) এই বলিদানৰ ওপৰত ৰাখা বিশ্বাসে দেখুৱাইছে যে আমি “[যিহোৱাৰ] যজ্ঞ-বেদীৰ প্ৰদক্ষিণ” কৰিছোঁ আৰু নিজ হাত ধুই শুচি হোৱা প্ৰমাণ দিছোঁ।—যোহন ৩:১৬-১৮.
১৬. আমি কেনেকৈ আনক ঈশ্বৰৰ আচৰিত কৰ্ম্মবোৰৰ বিষয়ে কৈ লাভৱান হʼব পাৰোঁ?
১৬ মুক্তিপণ বলিদানৰ দ্বাৰা সম্ভৱ হোৱা প্ৰবন্ধবোৰৰ বিষয়ে ভাবি আমাৰ হৃদয় যিহোৱা আৰু তেওঁৰ একমাত্ৰ পুত্ৰ যীচুৰ প্ৰতি কৃতজ্ঞতাৰে পূৰ্ণ নহয় নে? আঁহক আমি কৃতজ্ঞশীল মনেৰে যিহোৱাই এদন বাগিছাৰ সময়ৰ পৰালৈ পৰমদেশ স্থাপিত নোহোৱালৈকে যি আচৰিত কৰ্ম্মবোৰ কৰিছে আৰু কৰিব, তাৰ বিষয়ে সকলোৰে আগত প্ৰচাৰ কৰোঁহঁক। (আদিপুস্তক ২:৭; পাঁচনিৰ কৰ্ম্ম ৩:২১) আনহাতে আমি কৰা প্ৰচাৰ আৰু শিষ্য বনোৱা কাৰ্য্যই আমাক আধ্যাত্মিকভাৱে সুৰক্ষা প্ৰদান কৰা নাইনে বাৰু! (মথি ২৪:১৪; ২৮:১৯, ২০) এই কাৰ্য্যত নিজকে ব্যস্ত ৰাখাৰ দ্বাৰা আমি ভৱিষ্যতৰ আশাক উজ্জ্বল, তেওঁৰ প্ৰতিজ্ঞাত থকা বিশ্বাসক দৃঢ়, যিহোৱা আৰু সঙ্গী উপাসকসকলৰ প্ৰতি প্ৰেম বজাই ৰাখিব পাৰিম।
“তোমাৰ গৌৰৱৰ বাসস্থান মই প্ৰেম কৰোঁ”
১৭, ১৮. আমি খ্ৰীষ্টান সভবোৰৰ প্ৰতি কেনে মনোবৃত্তি ৰাখা উচিত?
১৭ আবাস-তম্বু আৰু বলিদানৰ বাবে থকা যজ্ঞ-বেদী, ইস্ৰায়েলসকলৰ উপাসনাৰ এক প্ৰমুখ কেন্দ্ৰ আছিল। সেই উপাসনা স্থানত উপস্থিত হৈ দায়ূদে যি আন্তৰিক সুখ পাইছিল, তাৰ বিষয়ে তেওঁ প্ৰাৰ্থনা কৰি এইদৰে কৈছিল: “হে যিহোৱা, তোমাৰ নিবাসৰ গৃহ মই প্ৰীতি কৰোঁ, আৰু তোমাৰ গৌৰৱৰ বাসস্থান মই প্ৰেম কৰোঁ।”—গীত ২৬:৮.
১৮ আমিও যিহোৱাৰ উপাসনা-গৃহত উপস্থিত হৈ তেনেদৰে অনুভৱ কৰোঁনে? আধ্যাত্মিক কাৰ্য্যক্ৰম পৰিচালনা কৰা প্ৰত্যেকটো ৰাজ্যগৃহ যিহোৱাৰ সাক্ষীসকলে কৰা উপাসনাৰ এক প্ৰমুখ কেন্দ্ৰ। ইয়াৰ উপৰিও এদিনীয়া বিশেষ সন্মিলন, চাৰ্কিট সন্মিলন আৰু বছেৰেকীয়া জিলা অধিৱেশন আয়োজন কৰা হয়। এই সন্মিলনবোৰত যিহোৱাৰ “সাক্ষ্যবোৰৰ” বিষয়ে আলোচনা কৰা হয়। যদি আমি “সেইবোৰক অতিশয় প্ৰেম” কৰিবলৈ শিকিব বিচাৰিছোঁ, তেন্তে প্ৰত্যেক সভাত উপস্থিত হৈ মনোযোগেৰে বিষয়বোৰ শুনা উচিত। (গীত ১১৯:১৬৭) যিসকলে আমাৰ হিতৰ বিষয়ে চিন্তা আৰু সিদ্ধতাৰে জীৱন-যাপন কৰিবলৈ সহায় কৰে, তেওঁবিলাকৰ সৈতে সঙ্গতি কৰাটো কিমান যে এক উৎসাহজনক বিষয়!—ইব্ৰী ১০:২৪, ২৫.
‘মোৰ প্ৰাণ পাপীবোৰৰ সৈতে লৈ নাযাবা’
১৯. দায়ূদে কেনে ধৰণৰ পাপ কাৰ্য্যবোৰৰ পৰা আঁতৰি থাকিব বিচাৰিছিল?
১৯ বিপথে যোৱাৰ কেনে পৰিণাম হʼব পাৰে, সেই বিষয়ে সোঁৱৰি দায়ূদে ঈশ্বৰলৈ এইদৰে অনুৰোধ কৰিছিল: “পাপীবোৰৰ লগত মোৰ প্ৰাণ লৈ নাযাবা, আৰু ৰক্তপাতীবোৰৰ লগত মোৰ জীৱন নিনিবা। সিহঁতৰ হাতত অনিষ্ট আছে; সিহঁতৰ সোঁ হাত ভেঁটীৰে পৰিপূৰ্ণ।” (গীত ২৬:৯, ১০) দায়ূদে ভেঁটী বা ৰক্তপাতীবোৰৰ সৈতে কোনো ধৰণৰ সম্পৰ্ক ৰাখিব বিচৰা নাছিল।
২০, ২১. কিহে আমাক অধাৰ্ম্মিকতালৈ পৰিচালিত কৰিব পাৰে?
২০ বৰ্তমান সময়ৰ জগতখনতো অত্যধিকভাৱে অনৈতিক কাৰ্য্যবোৰ কৰা দেখিবলৈ পোৱা যায়। উদাহৰণস্বৰূপে, টেলিভিছন, আলোচনী আৰু চলচিত্ৰৰ দ্বাৰা “ব্যভিচাৰ, অশুচি কাৰ্য্য, লম্পট-আচৰণ” আদি প্ৰচাৰ কৰা হয়। (গালাতীয়া ৫:১৯) কিছুমানে কামোত্তেজক কাৰ্য্যৰ দ্বাৰা মুগ্ধ হৈ লমপ্ট-আচৰণলৈ পৰিচালিত হয়। বিশেষকৈ যুৱক-যৱতীসকলে এনে ধৰণৰ কাৰ্য্যত লিপ্ত হোৱাৰ সম্ভাৱনা অধিক। কিছুমান দেশত ডেটিং বা প্ৰণয়লীলাত জৰিত হোৱাটো পৰম্পৰা হিচাপে লক্ষ্য কৰে আৰু কিশোৰ-কিশোৰীসকলক এনে পদক্ষেপ লʼবলৈ মানসিকভাৱে হেঁচা দিয়া হয়। পৰিণামস্বৰূপে, তেওঁলোকে প্ৰেমাসক্ত হৈ অতি কম বয়সতে বিবাহ-পাশত আৱদ্ধ হʼবলগীয়া হয়। তদুপৰি তেওঁলোকৰ মন আৰু হৃদয়ত বাঁহ লোৱা যৌন অভিলাষক পূৰ্ণ কৰাৰ ইচ্ছাই ক্ৰমান্বয়ে তেওঁলোকক ব্যভিচাৰলৈ পৰিচালিত কৰে।
২১ প্ৰাপ্তবয়স্ক ব্যক্তিসকলেও বেয়া প্ৰভাৱৰ পৰা হাত সাৰিব পৰা নাই। উদাহৰণস্বৰূপে, ব্যৱসায় ক্ষেত্ৰত তেওঁলোকে প্ৰবঞ্চনাপূৰ্ণ আৰু স্বাৰ্থপৰতা মনোবৃত্তিৰে সিদ্ধান্ত লোৱা দেখা যায়। তেনে ধৰণৰ পথ অনুকৰণ কৰাৰ ফলস্বৰূপে আমি যিহোৱাৰ কাষ চপাৰ পৰিৱৰ্তে আঁতৰি যাম। গতিকে আঁহক আমি ‘বেয়াক ঘিণ কৰি আৰু ভালক ভাল পাই’ সিদ্ধতাৰে জীৱন-যাপন কৰোঁহঁক।—আমোচ ৫:১৫.
“মোক মুক্ত কৰা, মোক কৃপা কৰা।”
২২-২৪ (ক) গীত ২৬ অধ্যায়ত উল্লেখ কৰা সমাপ্তি বাক্যবোৰত কেনে ধৰণৰ উৎসাহজনক বাক্য পোৱা যায়? (খ) পৰৱৰ্তী লেখত কেনে ধৰণৰ ফান্দৰ বিষয়ে আলোচনা কৰা হʼব?
২২ দায়ূদে তেওঁৰ অভিব্যক্তিৰ সমাপ্তি কৰি এইদৰে কৈছে: “মই হলে নিজ সিদ্ধতাত চলোঁ; মোক মুক্ত কৰা, মোক কৃপা কৰা। মোৰ ভৰি সমান ঠাইত থিৰে আছে; মই সমাজবোৰৰ মাজত যিহোৱাৰ ধন্যবাদ কৰিম।” (গীত ২৬:১১, ১২) তেওঁ সিদ্ধতাৰে জীৱন-যাপন কৰিবলৈ লোৱা সঙ্কল্প মুক্তি বিচাৰি কৰা অনুৰোধৰ সৈতে এক নিবিড় সম্পৰ্ক আছে। যদি আমি সিদ্ধতাৰে জীৱন-যাপন কৰিবলৈ সঙ্কল্প লওঁ, তেন্তে যিহোৱাই আমাৰ পাপময় স্থিতিৰ স্বত্ত্বেও সহায় কৰিবলৈ আগবাঢ়ি আহিব বুলি জনাটো এক উৎসাহজনক বিষয় নহয়নে বাৰু!
২৩ এতেকে আমি জীৱন-যাপন কৰা পদ্ধতিৰে দেখুৱাওঁ যে যিহোৱাৰ সাৰ্ব্বভৌমত্ব হৈছে আমাৰ জীৱনৰ সকলো ক্ষেত্ৰতে আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়। আমি প্ৰত্যেকে নিজৰ মন আৰু চিত্তক পৰীক্ষা কৰিবলৈ যিহোৱাক অনুৰোধ কৰা আৱশ্যক। তদুপৰি কৰ্তব্যনিষ্ঠাৰে তেওঁৰ বাক্য অধ্যয়ন কৰি আমি সত্যতাৰ পথত চলি থকা প্ৰমাণ দিব পাৰোঁ। লগতে আমি সকলো প্ৰকাৰে বেয়া সঙ্গতিৰ পৰা আঁতৰি থাকি যিহোৱাৰ লোকসকলৰ সৈতে তেওঁৰ প্ৰশংসা কৰোঁহঁক। ইয়াৰ উপৰিও প্ৰচাৰ আৰু শিষ্য-বনোৱা কাৰ্য্যত উৎসাহেৰে ভাগ লৈ যিহোৱাৰ সৈতে থকা সম্বন্ধক ৰক্ষা কৰিবলৈ জগতৰ পৰা আঁতৰি থাকোঁহঁক। এনে কৰাৰ দ্বাৰা আমি আশ্বাস ৰাখিব পাৰোঁ যে সিদ্ধতা বজাই ৰাখিবলৈ আমি কৰা প্ৰচেষ্টাক যিহোৱা ঈশ্বৰে অৱশ্যেই আশীৰ্ব্বাদ দিব।
২৪ যিহেতু জীৱনৰ প্ৰত্যেকটো ক্ষেত্ৰৰ সৈতে সিদ্ধতা জড়িত থকাৰ বাবে আমি অত্যধিক সুৰাপান কৰা ফান্দত পৰাৰ পৰা আঁতৰি থকাও এক আৱশ্যকীয় বিষয়। এই বিষয়ে বিতংকৈ পৰৱৰ্তী লেখত আলোচনা কৰা হʼব। (w04 12/1)
আপোনাৰ মনত আছেনে?
• মানৱ অৰ্থাৎ বুদ্ধিমান প্ৰাণীৰ ওপৰত কৰা বিচাৰ তেওঁলোকে বজাই ৰাখা সিদ্ধতাৰ ওপৰত নিৰ্ভৰ কৰে বুলি কিয় কোৱা হয়?
• সিদ্ধতা কি আৰু ইয়াৰ সৈতে জীৱন-যাপন কৰাত কি সন্মিলিত আছে?
• কিহে আমাক সিদ্ধতাৰে জীৱন-যাপন কৰিবলৈ সহায় কৰিব?
• সিদ্ধতা বজাই ৰাখাৰ উপৰি আমি কেনে বিপদজনক প্ৰলোভনৰ পৰা আঁতৰি থকা উচিত?
[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]
[২২ পৃষ্ঠাৰ ছবি]
আপুনি যিহোৱাৰ দয়াৰ বিষয়ে মনত ৰাখেনে?
[২২ পৃষ্ঠাৰ ছবি]
আপুনি নিয়মীয়াকৈ নিজৰ মন আৰু চিত্তক পৰীক্ষা কৰিবলৈ যিহোৱাক অনুৰোধ কৰেনে?
[২৩ পৃষ্ঠাৰ ছবিসমূহ]
পৰীক্ষাৰ সময়তো সিদ্ধতা বজাই ৰখা কাৰ্য্যই যিহোৱাৰ মন আনন্দিত কৰে
[২৫ পৃষ্ঠাৰ ছবিসমূহ]
সিদ্ধতাৰে জীৱন-যাপন কৰিবলৈ আপুনি যিহোৱাই ব্যৱস্থা কৰা প্ৰবন্ধবোৰৰ সহায় লয়নে?