অধ্যয়নৰ লেখ ২
আপোনাৰপৰা লোকসকলে ‘শান্ত্বনা’ লাভ কৰিব পাৰে
“এওঁলোকেই ঈশ্বৰৰ ৰাজ্যৰ নিমিত্তে মোৰ সহকাৰী; এওঁলোক মোৰ শান্তিজনক হল।”—কল. ৪:১১.
গীত ৯০ এজনে-আনজনক সাহস দিয়ক
লেখৰ এক আভাস a
১. যিহোৱাৰ বহুতো সেৱকে কি কি দুখ-কষ্ট আৰু চিন্তাৰ সন্মুখীন হৈছে?
গোটেই বিশ্বজুৰি যিহোৱাৰ বহুতো সেৱকসকলে দুখ-কষ্ট আৰু চিন্তাৰ সন্মুখীন হৈছে। আমাৰ মণ্ডলীতো এনে ভাই-ভনী হ’ব পাৰে। কিছুমান ভাই-ভনীসকলে বিভিন্ন বেমাৰৰ লগত যুঁজি আছে আৰু কিছুমান লোকে মৃত্যুত নিজৰ আপোনজনাক হেৰুৱাইছে। কিছুমান খ্ৰীষ্টানে এই কথাত অতি দুঃখিত যে তেওঁলোকৰ পৰিয়ালৰ সদস্য বা এজন ভাল বন্ধুৱে সত্য এৰি গুচি গ’ল। কিছুমান এনে লোক আছে, যিসকলে প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হৈছে। এই ভাই-ভনীসকলৰ সঁচাকৈ শান্ত্বনাৰ প্ৰয়োজন। কিন্তু প্ৰশ্ন হৈছে যে তেওঁলোকক শান্ত্বনা দিবলৈ আমি কি কৰাৰ প্ৰয়োজন?
২. পাঁচনি পৌলক শান্ত্বনাৰ কিয় প্ৰয়োজন আছিল?
২ পৌলৰ উদাহৰণলৈ মন কৰক। তেওঁ এনে পৰিস্থিতিৰ সন্মুখীন হৈছিল, য’ত তেওঁ নিজৰ জীৱন হেৰুৱালেহেঁতেন। (২ কৰি. ১১:২৩-২৮) হয়তো তেওঁ কিবা বেমাৰৰ সন্মুখীন হৈছিল, যাক তেওঁ নিজৰ শৰীৰত “কাঁইট” বুলি কৈছিল। (২ কৰি. ১২:৭) কেতিয়াবা তেওঁ কিছুমান মানুহৰ বাবে নিৰাশৰ সন্মুখীন হৈছিল। যেনে, এসময়ত দীমা নামৰ এজন ভায়ে, যি পৌলৰ সহকৰ্মী আছিল “এই বৰ্ত্তমান সংসাৰক প্ৰেম কৰাত” তেওঁক এৰি গৈছিল। (২ তীম. ৪:৯, ১০) পৌল এজন সাহসী অভিষিক্ত খ্ৰীষ্টান আছিল আৰু সদায় আনৰ সহায় কৰিছিল। কিন্তু কেতিয়াবা তেৱোঁ নিৰাশ হৈছিল। সেইবাবে, তেওঁক শান্ত্বনাৰ প্ৰয়োজন আছিল।—ৰোম. ৯:১, ২.
৩. পৌলে কোন লোকসকলৰপৰা সহায় আৰু শান্ত্বনা লাভ কৰিলে?
৩ পৌলে সহায় আৰু শান্ত্বনা কেনেকৈ লাভ কৰিলে? যিহোৱাই নিজৰ পবিত্ৰ আত্মাৰ যোগেদি তেওঁক সাহস দিলে। (২ কৰি. ৪:৭; ফিলি. ৪:১৩) যিহোৱাই খ্ৰীষ্টান ভাইসকলৰ যোগেদিও পৌলক সহায় কৰিলে। এই ভাইসকলৰ বিষয়ে পৌলে এইদৰে কৈছিল, “এওঁলোক মোৰ শান্তিজনক হল।” (কল. ৪:১১) ইয়াৰে মাজত কিছুমান ভাই আছিল আৰিষ্টাৰ্খ, তুখিক আৰু মাৰ্ক। তেওঁলোকৰপৰা পৌলে বহুত সাহস পালে আৰু তেওঁ সমস্যাবোৰ ধৈৰ্য্যৰে সন্মুখীন হ’ব পাৰিলে। এই তিনিজন ভাইৰ কি গুণ আছিল, যাৰ বাবে তেওঁলোকে পৌলক শান্ত্বনা দিব পাৰিলে? তেওঁলোকৰ দৰে আমি আন লোকসকলক কেনেকৈ সাহস আৰু শান্ত্বনা দিব পাৰোঁ?
আৰিষ্টাৰ্খৰ দৰে সত্য বন্ধু
৪. আমি কেনেকৈ ক’ব পাৰোঁ যে আৰিষ্টাৰ্খ পৌলৰ বিশ্বাসী সংগী আছিল?
৪ আৰিষ্টাৰ্খ মাকিদনীয়া জিলা থিচলনীকীয়া মণ্ডলীৰ এজন খ্ৰীষ্টান আছিল। তেওঁ পৌলৰ এজন বিশ্বাসী সহকৰ্মী আছিল। এয়া আমি কিয় ক’ব পাৰোঁ? বাইবেলত আৰিষ্টাৰ্খৰ বিষয়ে তেতিয়া উল্লেখ কৰা হৈছে, যেতিয়া পৌলে নিজৰ তৃতীয় মিচনেৰী যাত্ৰাত ইফিচীয়ালৈ গৈছিল। সেই যাত্ৰাত আৰিষ্টাৰ্খ পৌলৰ লগত আছিল আৰু সেইসময়ত এক ডাঙৰ ভিৰে তেওঁক ধৰি লৈছিল। (পাঁচ. ১৯:২৯) পাছত, যেতিয়া ভিৰে তেওঁক এৰি দিলে, তেতিয়া তেওঁ নিজৰ প্ৰাণ ৰক্ষা কৰি সেই ঠাইপৰা পলাই যাব পাৰিলেহেঁতেন কিন্তু তেওঁ পৌলৰ লগ নেৰিলে। কিছু মাহৰ পাছত পৌল গ্ৰীকলৈ গ’ল আৰু তেতিয়া তেওঁৰ শত্ৰুসকলে তেওঁৰ প্ৰাণ ল’ব বিচাৰিছিল। সেইসময়তো আৰিষ্টাৰ্খ তেওঁ লগত আছিল। (পাঁচ. ২০:২-৪) ৫৮ খ্ৰীষ্টাব্দত, যেতিয়া পৌলক বন্দী কৰি ৰোমলৈ লৈ যোৱা হৈছিল, তেতিয়া তেওঁক এক দীঘল যাত্ৰা কৰিবলগীয়া হৈছিল। সেই সময়ছোৱাত তেওঁৰ জাহাজ সমুদ্ৰত ভাঙি গৈছিল। সেই কঠিন পৰিস্থিতিতো আৰিষ্টাৰ্খ পৌলৰ লগত আছিল। (পাঁচ. ২৭:১, ২, ৪১) ৰোমলৈ যোৱাৰ পাছত হয়তো আৰিষ্টাৰ্খ কিছু সময়লৈকে পৌলৰ লগত জেলত আছিল। (কল. ৪:১০) চিন্তা কৰক, আৰিষ্টাৰ্খৰ দৰে এজন বিশ্বাসী সংগী পাই পৌল কিমান উৎসাহ আৰু শান্ত্বনা লাভ কৰিলে।
৫. হিতোপদেশ ১৭:১৭ পদৰ অনুসৰি আমি এজন সত্য বন্ধু কেনেকৈ হ’ব পাৰিম?
৫ আৰিষ্টাৰ্খৰ নিচিনা আমি কেৱল ভাল সময়তে নহয়, কিন্তু “দুৰ্দ্দশাৰ” সময়তো খ্ৰীষ্টান ভাই-ভনীসকলৰ সহায় কৰিম। এইদৰে আমি তেওঁলোকৰ সত্য বন্ধু হ’ম। (হিতোপদেশ ১৭:১৭ পঢ়ক।) কেতিয়াবা সমস্যা পাৰ হোৱাৰ পাছতো ভাই-ভনীসকলৰ শান্ত্বনাৰ প্ৰয়োজন হয়। মহিতৰ b উদাহৰণলৈ লক্ষ্য কৰক, তিনি মাহৰ ভিতৰতে কেন্চাৰ ৰোগৰ বাবে তেওঁৰ মা-দেউতাৰ মৃত্যু হ’ল। তেওঁ এইদৰে কয়, “যেতিয়া আমাৰ লগত কিবা দুৰ্ঘটনা ঘটে, সেই পৰিস্থিতিৰপৰা ওলাই অহাটো সহজ নহয়, সময়ৰ প্ৰয়োজন হয়। এই কথা মোৰ বন্ধুসকলে ভালদৰে বুজি পাইছিল। যদি মোৰ মা-দেউতাৰ মৃত্যু হোৱা বহুতো দিন পাৰ হৈ গৈছিল, তথাপিও মোৰ বন্ধুসকলে মোক শান্ত্বনা দি আছিল। সেইবাবে, মই মোৰ বন্ধুসকলৰ প্ৰতি কৃতজ্ঞ।”
৬. যদি আমি সত্য বন্ধু হওঁ, তেনেহ’লে আমি কি কৰিম?
৬ সত্য বন্ধুৱে নিজৰ ভাই-ভনীসকলক সহায় আগবঢ়াব বাবে নিজৰ সময় আৰু শক্তি ব্যৱহাৰ কৰে। উদাহৰণস্বৰূপে ৰোহান নামৰ ভাইজনে যেতিয়া গম পালে যে তেওঁৰ এনে এটা বেমাৰ আছে, যাৰ বাবে তেওঁৰ মৃত্যু হ’ব পাৰে। তেওঁৰ পত্নী কিৰণে এইদৰে কয়, “যেতিয়া আমি ৰোহানৰ এই বেমাৰৰ বিষয়ে গম পালোঁ, সেই সময়ত আমাৰ মণ্ডলীৰ এহাল দম্পতী আমাৰ লগত আছিল। তেওঁলোকে নিৰ্ণয় ল’লে যে এই কঠিন পৰিস্থিতিতো তেওঁলোকে আমাৰ সহায় কৰিব আৰু ঠিক সেইদৰে তেওঁলোকে কৰিলে। যেতিয়া আমাৰ তেওঁলোকৰ প্ৰয়োজন আছিল, তেতিয়া তেওঁলোকে সেই সময়ত উপস্থিত আছিল।” সঁচাকৈ, কঠিন পৰিস্থিতিতো সত্য বন্ধুসকলৰ লগ কিমান শান্ত্বনাদায়ক!
তুখিকৰ দৰে বিশ্বাসী সংগী
৭-৮. কলচীয়া ৪:৭-৯ পদৰ অনুসৰি তুখিক কেনেকৈ এক বিশ্বাসী সংগী আছিল?
৭ তুখিক এছিয়াৰ ৰোম জিলাত বাস কৰিছিল। তেওঁ পৌলৰ বহুত বিশ্বাসী সংগী আছিল। (পাঁচ. ২০:৪) প্ৰায় ৫৫ খ্ৰীষ্টাব্দত পৌলে যিহূদীয়া খ্ৰীষ্টানসকলৰ বাবে দান গোটাবলৈ ব্যৱস্থা কৰিছিল। এই গুৰুত্বপূৰ্ণ কামৰ বাবে তেওঁ তুখিকক বাচনি কৰিছিল। (২ কৰি. ৮:১৮-২০) তাৰ পাছত যেতিয়া পৌলক প্ৰথম বাৰৰ বাবে ৰোমত বন্দী কৰা হৈছিল, তেতিয়া তুখিকে তেওঁৰ ফালৰ বাবে মণ্ডলীলৈ বাৰ্ত্তা লৈ গৈছিল। তেওঁ এছিয়াৰ বহুতো মণ্ডলীলৈ পৌলৰ চিঠি আৰু উৎসাহজনক বাৰ্ত্তা লৈ গৈছিল।—কল. ৪:৭-৯.
৮ সময় অতিবাহিত হোৱাৰ পাছতো তুখিক পৌলৰ বিশ্বাসী সংগী হৈ থাকিল। (তীত ৩:১২) কিন্তু সেইসময়ৰ কিছুমান খ্ৰীষ্টানসকল তুখিকৰ নিচিনা নাছিল। প্ৰায় ৬৫ খ্ৰীষ্টাব্দৰ সময়ত পৌল দ্বিতীয়বাৰ জেলত বন্দী আছিল। সেই সময়ছোৱাত পৌলে লিখিছিল যে এছিয়াৰ কিছুমান ভাইসকল তেওঁৰপৰা আঁতৰি আছিল। তেওঁলোকে হয়তো বিৰোধীসকলৰ ভয়ত এইদৰে কৰি আছিল। (২ তীম. ১:১৫) কিন্তু পৌলে তুখিকক সম্পূৰ্ণ বিশ্বাস কৰিছিল। সেইবাবে, তেওঁ তুখিকক আৰু এটা কাম কৰিবলৈ দায়িত্ব দিছিল। (২ তীম. ৪:১২) ইয়াত কোনো সন্দেহ নাই যে পৌলে তুখিকৰ নিচিনা বিশ্বাসী বন্ধুক বহুত সন্মান কৰিছিল।
৯. আমি তুখিকৰ দৰে কেনেকৈ বিশ্বাসযোগ্য হ’ব পাৰোঁ?
৯ তুখিকৰ নিচিনা আমিও এক বিশ্বাসী বন্ধু হ’ব পাৰোঁ। উদাহৰণস্বৰূপে আমি ভাই-ভনীসকলক কেৱল প্ৰতিজ্ঞাই নকৰোঁ, তাৰ পৰিৱৰ্তে তেওঁলোকৰ সহায়ো কৰোঁ। (মথি ৫:৩৭; লূক ১৬:১০) যেতিয়া ভাই-ভনীসকলে জানে যে প্ৰয়োজনৰ সময়ত তেওঁলোকে আমাক ভৰসা কৰিব পাৰে, তেতিয়া তেওঁলোকে শান্ত্বনা লাভ কৰে। এগৰাকী ভনীয়ে এইদৰে কয়, “আমি এই কথাত চিন্তিত নহওঁ যে ভাই-ভনীসকলে শেষমুহূৰ্ত আমাক এৰি যাব।”
১০. হিতোপদেশ ১৮:২৪ পদত কোৱা অনুসৰি পৰীক্ষা আৰু নিৰাশাৰ সন্মুখীন হোৱা লোকসকলক কোনে শান্ত্বনা দিব পাৰে?
১০ পৰীক্ষা অথবা নিৰাশাৰ সন্মুখীন হোৱাৰ সময়ত কোনো বিশ্বাসী বন্ধুৰ লগত কথা পাতিলে, বহুতো শান্ত্বনা লাভ কৰা যায়। (হিতোপদেশ ১৮:২৪ পঢ়ক।) যেতিয়া বিজয় নামৰ ভাইজনৰ ল’ৰাক মণ্ডলীৰপৰা বহিষ্কাৰ কৰা হয়, তেতিয়া তেওঁ বহুত নিৰাশ হ’ল। তেওঁ এইদৰে কৈছিল, “মোৰ মনত বহুতো কথা চলি আছিল আৰু মই কোনো এজন বিশ্বাসী বন্ধুৰ লগত কথা পাতিব বিচাৰিছিলোঁ। মই তেওঁক জনাব বিচাৰিছিলোঁ যে মই কেনে অনুভৱ কৰি আছোঁ।” এতিয়া ভাই কাৰ্তিকলৈ লক্ষ্য কৰক। তেওঁ নিজৰ ভুলৰ বাবে মণ্ডলীৰ দায়িত্ব হেৰুৱাইছিল। তেওঁ এইদৰে কৈছিল যে, “তেওঁ এনে এজন বিশ্বাসী খ্ৰীষ্টানৰ লগত কথা পাতিব বিচাৰিছিল, যিজনে তেওঁৰ কথা ভালদৰে শুনে, তেওঁৰ অনুভূতি বুজি পায় আৰু আগৰপৰা কোনো নিৰ্ণয় নলয়।” তেওঁৰ বাবে এজন প্ৰাচীন বিশ্বাসযোগ্য বন্ধু প্ৰমাণিত হ’ল। তেওঁৰ লগত কথা পাতি কাৰ্তিকে বহুত শান্ত্বনা লাভ কৰিলে। তেওঁ এই বাবেও শান্ত্বনা লাভ কৰিলে যে প্ৰাচীনে তেওঁৰ কথা আন কাকো নকয়। সঁচাকৈ প্ৰাচীনে কাৰ্তিকক এই বেয়া পৰিস্থিতিৰপৰা ওলাই আহিবলৈ সহায় কৰিলে।
১১. আমি এজন বিশ্বাসী বন্ধু হিচাপে কেনেকৈ প্ৰমাণিত হ’ব পাৰোঁ?
১১ এজন বিশ্বাসী বন্ধু হ’বলৈ ধৈৰ্য্য গুণৰ প্ৰয়োজন হয়। জিয়াৰ উদাহৰণলৈ মন কৰক। তাইৰ স্বামীয়ে তাইক এৰি দিছিল। এনে পৰিস্থিতিত তাই নিজৰ বন্ধুসকলৰ লগত কথা পাতি মনত শান্তি অনুভৱ কৰিলে। তাই নিজৰ বন্ধুসকলৰ বিষয়ে এইদৰে কয়, “মই একেটাই কথা হয়তো বাৰে বাৰে কয় আছিলে, তথাপিও তেওঁলোকে মোৰ কথা ধৈৰ্য্যৰে শুনি আছিল।” যেতিয়া আমি ধৈৰ্য্যৰে আনৰ কথা শুনোঁ, তেতিয়া আমিও এজন ভাল বন্ধু হিচাপে প্ৰমাণিত হওঁ।
মাৰ্কৰ দৰে আনন্দৰে সেৱা কৰক
১২. (ক) মাৰ্ক কোন আছিল? (খ) তেওঁ কেনেকৈ আনন্দৰে আনৰ সেৱা কৰিছিল?
১২ মাৰ্ক যিৰূচালেমত বাস কৰা এজন যিহূদী খ্ৰীষ্টান আছিল। তেওঁ বাৰ্ণব্বাৰ ভাই আছিল যি এজন পৰিচিত মিচনেৰী আছিল। (কল. ৪:১০) মাৰ্ক হয়তো এজন ধনী পৰিয়ালৰ আছিল। কিন্তু তেওঁ কেতিয়াও টকা-পইচা আৰু সুযোগ-সুবিধাৰ বস্তুবোৰক প্ৰথম স্থান দিয়া নাছিল। তেওঁ সদায় আনৰ সেৱা কৰিবলৈ সাজু থাকিছিল আৰু এয়া তেওঁ আনন্দেৰে কৰিছিল। উদাহৰণস্বৰূপে, তেওঁ বিভিন্ন সময়ত পাঁচনি পৌল আৰু পাঁচনি পিতৰৰ লগত সেৱা কৰিছিল। সেই সময়ছোৱাত হয়তো মাৰ্কে তেওঁলোকৰ থকা আৰু খোৱা-বোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰতো ধ্যান দিছিল। (পাঁচ. ১৩:২-৫; ১ পিত. ৫:১৩) পৌলে মাৰ্ক আৰু আন ভাইসকলৰ বিষয়ে এইদৰে কৈছিল, “এওঁলোকেই ঈশ্বৰৰ ৰাজ্যৰ নিমিত্তে মোৰ সহকাৰী” আৰু মোক সাহস দিয়া সহায়ক হয়।—কল. ৪:১০, ১১.
১৩. দ্বিতীয় তীমথিয় ৪:১১ পদৰ অনুসৰি পৌলে মাৰ্কৰ সেৱাৰ প্ৰতি কৃতজ্ঞ আছিল বুলি কেনেকৈ ক’ব পাৰোঁ?
১৩ মাৰ্ক আৰু পৌল ভাল বন্ধু আছিল। এয়া আমি কেনেকৈ জানিব পাৰোঁ? প্ৰায় ৬৫ খ্ৰীষ্টাব্দত পৌল শেষবাৰৰ বাবে ৰোমত বন্দী আছিল। তেওঁ তীমথিয় লৈ দ্বিতীয় চিঠিখন লিখিছিল আৰু মাৰ্কক ৰোমলৈ লৈ আহিবলৈ চিঠিখনত কোৱা হৈছিল। (২ তীম. ৪:১১) মাৰ্কে যিদৰে পৌলৰ বিশ্বাসী হৈ সেৱা কৰিছিল। সেইবাবে, পৌলৰ মাৰ্কৰ প্ৰতি কৃতজ্ঞ আছিল আৰু তেওঁ শেষৰ সময়ত মাৰ্ক তেওঁৰ লগত থকাটো তেওঁ বিচাৰিছিল। মাৰ্কে বিভিন্ন উপায়ে পৌলৰ সহায় কৰিছিল। যেনে তেওঁ খোৱা-বোৱাৰ ব্যৱস্থা কৰিছিল আৰু তেওঁ লিখিবলৈ প্ৰয়োজনীয় বস্তুবোৰৰ যোগান ধৰিছিল। এইদৰে পৌলে সাহস পালে আৰু মৃত্যুৰ আগমুহূৰ্তৰ লৈকে ধৈৰ্য্য ধৰিব পাৰিলে।
১৪-১৫. মথি ৭:১২ পদৰ অনুসৰি সৰু সৰু উপায়েৰে আনক সহায় কৰাৰ বিষয়ে আমি কি শিকিব পাৰোঁ?
১৪ মথি ৭:১২ পঢ়ক। কঠিন পৰিস্থিতিৰ সন্মুখীন হোৱাৰ সময়ত যদি কোনোবাই বিভিন্ন উপায়েৰে আমাৰ সহায় কৰে, তেনেহ’লে আমি তেওঁৰ প্ৰতি কিমান কৃতজ্ঞ হওঁ। ৰায়নলৈ মন কৰক। তেওঁৰ পিতৃৰ এটা দুৰ্ঘটনাত মৃত্যু হৈছিল। তেওঁ এইদৰে কয়, “যেতিয়া আমাৰ কিবা সমস্যা হয়, তেতিয়া দৈনন্দিন কামবোৰ কৰিবলৈও কঠিন হয়। এনে পৰিস্থিতিত আমাক কোনোবাই সৰু সৰু উপায়েৰে সহায় কৰিলেও আমি শান্ত্বনা লাভ কৰোঁ।”
১৫ আমি যদি আনৰ প্ৰয়োজনীয়তাবোৰ ধ্যান দিওঁ, তেনেহ’লে বিভিন্ন উপায়েৰে তেওঁলোকৰ সহায় কৰিব পাৰোঁ। ৰোহান আৰু কিৰণলৈ ধ্যান দিয়ক। তেওঁলোকৰ বিষয়ে আগতে উল্লেখ কৰা হৈছিল। তেওঁলোকক বাৰে বাৰে ডাক্তৰৰ ওচৰলৈ যাবলগীয়া হৈছিল। কিন্তু দুয়োজনে গাড়ি চলাবলৈ নোৱাৰিছিল। তেওঁলোকক সহায় কৰিবলৈ সেই দম্পতী আগবাঢ়ি আহিলে, যিসকলে এনে কৰিম বুলি কৈছিল। পত্নী গৰাকীয়ে মণ্ডলীৰ ভাই-ভনীসকলৰ লগত কথা পাতিলে যে তেওঁলোকে এজন এজনকৈ ৰোহান আৰু কিৰণক ডাক্তৰৰ ওচৰলৈ লৈ যায়। ৰোহান আৰু কিৰণে এইদৰে সহায় লাভ কৰিলেনে? কিৰণে এইদৰে কয়, “আমি এনে অনুভৱ কৰিলোঁ যেন আমাৰ মূৰৰপৰা এটা ডাঙৰ বোজা আঁতৰি গ’ল।” ইয়াৰপৰা আমি কি শিকিব পাৰোঁ? আমি শিকিব পাৰোঁ যে সৰু সৰু উপায়েৰে সহায় কৰাৰ যোগেদি আমি আনক শান্ত্বনা দিব পাৰোঁ।
১৬. শান্ত্বনা দিয়াৰ বিষয়ে মাৰ্কৰপৰা আমি কি গুৰুত্বপূৰ্ণ শিক্ষা লাভ কৰোঁ?
১৬ মাৰ্কলৈ পুনৰ মন কৰক। ঈশ্বৰৰ সেৱাত তেওঁৰ বহুতো দায়িত্ব আছিল। তাৰে মাজত এটা হৈছে নিজৰ নামৰ শুভবাৰ্ত্তাৰ কিতাপ লিখা। মাৰ্ক ইমান ব্যস্ত হোৱাৰ সত্ত্বেও পৌলক শান্ত্বনা দিবলৈ সময় উলিয়াইছিল। পৌলেও সংকোচ নকৰাকৈ তেওঁৰপৰা সহায় বিচাৰিছিল। আজিও বহুতো ভাই-ভনীসকলে মাৰ্কৰ দৰে আনক শান্ত্বনা দিবলৈ সময় উলিয়াই। শান্ত্বনা লাভ কৰা লোকসকলে এই সহায়ৰ বাবে কৃতজ্ঞতা দেখুৱাই। অঞ্জলীৰ উদাহৰণলৈ মন কৰক। তাইৰ লগত এটা দুখজনক ঘটনা ঘটিছিল। তাইৰ পৰিয়ালৰ এজন সদস্যক হত্যা কৰা হৈছিল। তাই এইদৰে কয়, “যেতিয়া ভাই-ভনীসকলে নিজ ইচ্ছাৰে আমাৰ সহায় কৰিব বিচাৰে, তেতিয়া তেওঁলোকৰ লগত কথা পাতিবলৈ সহজ হয়। তেওঁলোকে আমাক সহায় কৰিবলৈ আগবাঢ়ি আহে।” আমি নিজকে প্ৰশ্ন কৰিব পাৰোঁ। ভাই-ভনীসকলে এইদৰে কয়নে যে মই তেওঁলোকক শান্ত্বনা দিব সাজু থাকোঁ?
আনক শান্ত্বনা দিবলৈ থিৰাং কৰক
১৭. দ্বিতীয় কৰিন্থীয়া ১:৩, ৪ পদে আমাক কি কৰিবলৈ উৎসাহিত কৰে?
১৭ শান্ত্বনাৰ প্ৰয়োজন থকা বহুতো ভাই-ভনীৰ বিষয়ে হয়তো আমি জানোঁ। এই ভাই-ভনীসকলক শান্ত্বনা দিয়াৰ সময়ত আমি হয়তো এনে বিষয়বোৰ ক’ব পাৰোঁ, যি আনে আমাক শান্ত্বনা দিবলৈ আৰু আমাক উৎসাহিত কৰিবলৈ কৈছিল। নিতুৰ আইতাকৰ মৃত্যু হৈছিল। তাই এইদৰে কয়, “আমি বিচাৰিলে যিহোৱাই আমাৰ যোগেদি আনক শান্ত্বনা দিব পাৰে।” (২ কৰিন্থীয়া ১:৩, ৪ পঢ়ক।) মহিত, যাৰ বিষয়ে আগতে উল্লেখ কৰা হৈছিল, তেওঁ এইদৰে কয়, “২ কৰিন্থীয়া ১:৪ পদটো সঁচা হয়, কিয়নো যি কথাই আমাক শান্ত্বনা দিয়ে সেই কথাৰে আমি আনক শান্ত্বনা দিব পাৰোঁ।”
১৮. (ক) কিছুমান লোকে আনক শান্ত্বনা দিবলৈ কিয় আগবাঢ়ি নাহে? (খ) আমি কেনেকৈ আনক শান্ত্বনা দিব পাৰোঁ? এটা উদাহৰণ দিয়ক।
১৮ কেতিয়াবা কেতিয়াবা আমি চিন্তা কৰোঁ কেনেকৈ আনক শান্ত্বনা দিব পাৰোঁ। হয়তো কোনো ভাই বা ভনী বহুত নিৰাশ বা চিন্তিত আছে আৰু সেইসময়ত আমি তেওঁলোকক কি কম বা কেনেকৈ সহায় কৰিম আমি নাজানোঁ। ৰাজেচ নামৰ এজন প্ৰাচীনে মনত পেলাই যে যেতিয়া তেওঁৰ পিতৃৰ মৃত্যু হৈছিল, তেতিয়া কিছুমান ভাই-ভনীয়ে তেওঁক শান্ত্বনা দিবলৈ আহিছিল। তেওঁ এইদৰে কয়, “তেওঁলোকৰ বাবে এনে কৰাটো সহজ নাছিল। তেওঁলোকে বুজি পোৱা নাছিল যে তেওঁলোকে মোক কি ক’ব। তথাপিও তেওঁলোকে মোক শান্ত্বনা দিব বিচাৰিছিল আৰু সহায় কৰিব বিচাৰিছিল। মই তেওঁলোকৰ এই প্ৰচেষ্টাৰ বাবে কৃতজ্ঞ।” আৰু এটা উদাহৰণলৈ লক্ষ্য কৰক। এক ভয়ানক ভূমিকম্পৰ পাছত, তোচাৰ নামৰ ভাইজনে এইদৰে কয়, “ভাই-ভনীসকলে মোক বহুতো মেচেজ কৰিছিল। এতিয়া মোৰ মনত নাই যে তেওঁলোকে মেচেজত কি কি লিখিছিল। কিন্তু মই ক’ব পাৰোঁ যে তেওঁলোকে মোৰ বিষয়ে চিন্তা কৰিছিল আৰু জানিব বিচাৰিছিল যে মই ভালে কুশলে আছোঁ নে নাই।” আমি যদি আনৰ বিষয়ে চিন্তা কৰোঁ বুলি প্ৰকাশ কৰোঁ, তেনেহ’লে আমি তেওঁলোকক শান্ত্বনা দিব পাৰিম।
১৯. আনক শান্ত্বনা দিবলৈ আপুনি কিয় থিৰাং কৰিছে?
১৯ যেনেকৈ চয়তানৰ জগতৰ শেষ কাষ চাপি আহিছে, তেনেকৈ পৰিস্থিতি আৰু বেয়ালৈ ঢাল খাব আৰু জীৱন অতিবাহিত কৰাটো কঠিন হৈ পৰিব। (২ তীম. ৩:১৩) পাপী আৰু অসিদ্ধ হোৱাৰ বাবে আমাৰপৰাও ভুল হ’ব আৰু আমাৰ ওপৰতো সমস্যা আহিব। ইয়াত কোনো সন্দেহ নাই যে আমাক সঘনাই শান্ত্বনাৰ প্ৰয়োজন হ’ব। পাঁচনি পৌলে নিজৰ খ্ৰীষ্টান ভাইসকলৰপৰা শান্ত্বনা লাভ কৰিছিল। সেইবাবে, তেওঁ মৃত্যুৰ শেষ মুহূৰ্তৰলৈকে বিশ্বাসী হৈ আছিল। গতিকে, আহক আমিও আৰিষ্টাৰ্খৰ দৰে বিশ্বাসী আৰু সত্য বন্ধু হওঁ। তুখিকৰ দৰে বিশ্বাসী সংগী হওঁ আৰু মাৰ্কৰ দৰে আনন্দৰে আনৰ সেৱা কৰোঁ। ইয়াৰ দ্বাৰা খ্ৰীষ্টান ভাই-ভনীসকলৰ বিশ্বাস দৃঢ় হ’ব আৰু তেওঁলোকে যিহোৱাৰ সেৱা কৰি থাকিব।—১ থিচ. ৩:২, ৩.
a পাঁচনি পৌলে নিজৰ জীৱনত বহুতো সমস্যাৰ সন্মুখীন হৈছিল। সেইসময়ত বহুতো ভায়ে পৌলক শান্ত্বনা দিছিল। এই ভাইসকলে কি কাৰণে শান্ত্বনা দিব পাৰিলে। এই লেখত আমি তিনিটা গুণৰ বিষয়ে আলোচনা কৰিম, যাৰ বাবে এই ভাইসকলে শান্ত্বনা দিব পাৰিলে। আমি এয়াও শিকিম যে সেই ভাইসকলৰ দৰে আমি কেনেকৈ আনক শান্ত্বনা দিব পাৰোঁ।
b লেখত দিয়া কিছুমান নাম সলনি কৰা হৈছে।
গীত ১১১ আমাৰ আনন্দৰ বহুতো কাৰণ