প্ৰাৰ্থনা কেনেকৈ কৰা উচিত?
যিহোৱাক “প্ৰাৰ্থনা শুনোতা” ঈশ্বৰ বুলি কোৱা হৈছে। (গীতমালা ৬৫:২) আমি তেওঁক যিকোনো সময়ত বা যিকোনো ঠাইত থাকি প্ৰাৰ্থনা কৰিব পাৰোঁ। আমি তেওঁক মনতে প্ৰাৰ্থনা কৰিলেও তেওঁ আমাৰ প্ৰাৰ্থনা শুনে। আমি সকলোৱে তেওঁৰ সন্তান হওঁ, সেইবাবে আমি তেওঁক নিজৰ “পিতৃ” বুলি ভবাটো আৰু মনৰ সকলো কথা তেওঁক জনোৱাটো বিচাৰে। (মথি ৬:৯) আমি কেনেদৰে প্ৰাৰ্থনা কৰা উচিত, এই বিষয়ে তেওঁ শাস্ত্ৰত কৈছে।
যিহোৱা ঈশ্বৰক প্ৰাৰ্থনা কৰক, কিন্তু যীচুৰ নামেৰে
“তোমালোকে পিতৃক যিয়েই খোজা তেওঁ মোৰ নামেৰে তোমালোকক দিব।”—যোহন ১৬:২৩.
এই কথাষাৰ যীচুৱে কৈছিল। ইয়াৰ পৰা বুজিব পাৰি যে আমি কেৱল যিহোৱা ঈশ্বৰকহে প্ৰাৰ্থনা কৰা উচিত। লগতে আমি কোনো মূৰ্তি, সাধু-সন্ত, স্বৰ্গদূত বা পূৰ্বপুৰুষৰ জৰিয়তে নহয়, কেৱল যীচু খ্ৰীষ্টৰ যোগেদিহে বা তেওঁৰ নামেৰেহে প্ৰাৰ্থনা কৰা উচিত। আমি যিহোৱাক প্ৰাৰ্থনা কৰাৰ সময়ত যীচুকো মনত পেলাব লাগে আৰু এইদৰে কʼব লাগে যে আমি যীচুৰ নামেৰে প্ৰাৰ্থনা কৰিছোঁ। যীচুৱে কৈছিল, “মোৰ যোগেদি নাহিলে পিতৃৰ ওচৰলৈ কোনেও আহিব নোৱাৰে।” (যোহন ১৪:৬) প্ৰাৰ্থনাত আমি যীচুৰ নাম ব্যৱহাৰ কৰি দেখুৱাও যে তেওঁ আমাৰ বাবে যি কৰিলে তাৰ বাবে আমি বহুত কৃতজ্ঞ।
হৃদয়েৰে প্ৰাৰ্থনা কৰক
“তোমালোকৰ সমুদায় মনৰ কথা তেওঁৰ আগত ভাঙি কোৱা।” —গীতমালা ৬২:৮.
প্ৰাৰ্থনাত যিহোৱাৰ লগত সেইদৰে কথা পাতক, যিদৰে নিজৰ পিতৃৰ লগত পাতে। প্ৰতিদিনে একেদৰে প্ৰাৰ্থনা নকৰিব বা কোনো কিতাপত লিখা প্ৰাৰ্থনা মুখস্থ কৰি নকʼব। ইয়াৰ পৰিৱৰ্তে আপুনি কি ভাবি আছে বা আপুনি কোনো কথাক লৈ দুখী বা আনন্দিত, সেই সকলো খুলি কওক।
ঈশ্বৰৰ ইচ্ছাৰ অনুসৰি প্ৰাৰ্থনা কৰক
‘আমি যদি ঈশ্বৰৰ ইচ্ছাৰ দৰে কিবা যাচ্না কৰোঁ, তেন্তে তেওঁ আমাৰ সেই যাচ্না শুনে।’—১ যোহন ৫:১৪.
ঈশ্বৰে আমাৰ প্ৰাৰ্থনা শুনাটো যদি আমি বিচাৰোঁ, তেনেহʼলে আমি “তেওঁৰ ইচ্ছাৰ দৰে” প্ৰাৰ্থনা কৰা উচিত। কিন্তু আমি তেওঁৰ ইচ্ছা কেনেকৈ জানিব পাৰোঁ? পবিত্ৰ শাস্ত্ৰ বাইবেল পঢ়াৰ যোগেদি আমি জানিব পাৰিম যে তেওঁ কি ভাল পায় আৰু কি বেয়া পায়। যদি আমি এই কথা মনত ৰাখি প্ৰাৰ্থনা কৰোঁ, তেনেহʼলে তেওঁ নিশ্চয় শুনিব।
আমি কি কি বিষয়ে প্ৰাৰ্থনা কৰা উচিত?
নিজৰ প্ৰয়োজনীয়তাৰ বিষয়ে প্ৰাৰ্থনা কৰক। আমি নিজৰ প্ৰয়োজনীয়তাবোৰৰ বাবে ঈশ্বৰলৈ প্ৰাৰ্থনা কৰিব পাৰোঁ। যেনে, খোৱা বস্তু, কাপোৰ আৰু ঘৰৰ বাবে। আমি সঠিক নিৰ্ণয় লʼবলৈ বুদ্ধি আৰু সমস্যাৰ সন্মুখীন হʼবলৈ সাহস বিচাৰি ঈশ্বৰলৈ প্ৰাৰ্থনা কৰিব পাৰোঁ। ঈশ্বৰৰ পৰা আমি নিজৰ ভুলবোৰৰ বাবে ক্ষমা বিচাৰিব পাৰোঁ। কিবা কাম ভালদৰে কৰিবলৈ আৰু তেওঁৰ ওপৰত বিশ্বাস মজবুত কৰিবলৈ সহায় বিচাৰিব পাৰোঁ।—লূক ১১:৩, ৪, ১৩; যাকোব ১:৫, ১৭.
আনৰ বাবে প্ৰাৰ্থনা কৰক। পৰিয়ালত সকলো লʼৰা-ছোৱালী মিলি থাকিলে মা-দেউতাই বহুত আনন্দিত হয়। আমি সকলোৱে যিহোৱা ঈশ্বৰৰ সন্তান হওঁ আৰু আমি এজনে-আনজনৰ বিষয়ে চিন্তা কৰাটো তেওঁ বিচাৰে। শাস্ত্ৰত লিখা আছে, “ইজনে সিজনৰ কাৰণে প্ৰাৰ্থনা কৰিবা।” সেইবাবে, আমি নিজৰ জীৱন-সংগী, লʼৰা-ছোৱালী, সম্বন্ধীয় লোক আৰু বন্ধুসকলৰ বাবে প্ৰাৰ্থনা কৰা উচিত।—যাকোব ৫:১৬.
ধন্যবাদ দিয়ক। শাস্ত্ৰত লিখা আছে যে ঈশ্বৰে ‘মঙ্গলকাৰী হৈ আমালৈ আকাশৰ পৰা বৰষুণ বৰষাই, শস্য উৎপন্ন হোৱা বতৰ কৰে, আহাৰ আৰু আনন্দেৰে আমাৰ হৃদয় তৃপ্ত কৰাই।’ (পাঁচনিৰ কৰ্ম্ম ১৪:১৭) সঁচাকৈ ঈশ্বৰে আমাৰ বাবে বহুত কিছু কৰে। যদি তাৰ বিষয়ে আমি গভীৰভাৱে চিন্তা কৰোঁ, তেনেহʼলে তেওঁৰ প্ৰতি আমাৰ কৃতজ্ঞতা বাঢ়িব আৰু তেওঁক ধন্যবাদ দিবলৈ আমাৰ মন যাব। আমি ঈশ্বৰৰ প্ৰতি কৃতজ্ঞ বুলি আৰু এটা উপায়েৰে দেখুৱাব পাৰোঁ, সেয়া হৈছে তেওঁৰ আজ্ঞাবোৰ পালন কৰি।—কলচীয়া ৩:১৫.
প্ৰাৰ্থনা কৰি থাকক
হয়তো আমি সম্পূৰ্ণ মনেৰে ঈশ্বৰলৈ প্ৰাৰ্থনা কৰিলোঁ, কিন্তু তেওঁ লগে লগে আমাৰ প্ৰাৰ্থনাৰ উত্তৰ নিদিলে। সেইবাবে আমি নিৰাশ হʼব পাৰোঁ আৰু চিন্তা কৰিব পাৰোঁ যে ঈশ্বৰে মোৰ বিষয়ে চিন্তাই নকৰে, কিন্তু এয়া সঁচা নহয়। এতিয়া আহক সেই লোকসকলৰ বিষয়ে আকৌ মন কৰোঁ যিসকলৰ বিষয়ে এই পত্ৰিকাৰ আৰম্ভণিত উল্লেখ কৰা হৈছিল। আমি তেওঁলোকৰ পৰা শিকিব পাৰোঁ যে যেতিয়া ঈশ্বৰে আমাৰ প্ৰাৰ্থনাৰ উত্তৰ লগে লগে নিদিয়ে, তেতিয়া আমি হাৰ মনাৰ পৰিৱৰ্তে প্ৰাৰ্থনা কৰি থকা উচিত।
ষ্টীব নামৰ ব্যক্তিজনে কৈছে “মই জীৱনত হাৰ মানি লৈছিলোঁ, কিন্তু প্ৰাৰ্থনাই মোক নতুন আশা দিলে।” ষ্টীবে বাইবেল পঢ়িবলৈ ধৰিলে আৰু জানিব পাৰিলে যে ঈশ্বৰক কিয় প্ৰাৰ্থনা কৰা উচিত। ষ্টীবে এইদৰে কৈছে,“ মোৰ বন্ধুসকলে সমস্যাৰ সময়ত মোক বহুত সহায় কৰিলে। ইমান ভাল বন্ধু দিয়াৰ বাবে মই ঈশ্বৰৰ প্ৰতি বহুত কৃতজ্ঞ!”
জেনী নামৰ তিৰোতাগৰাকীয়ে ভাবিছিল যে তেওঁ ঈশ্বৰৰ লগত কথা পতাৰো যোগ্য নহয়। তাই কৈছে, “যেতিয়া মই নিৰাশাৰ মাজেদি পাৰ হৈ আছিলোঁ, তেতিয়া ঈশ্বৰলৈ মিনতি কৰিলোঁ আৰু মনৰ সকলো কথা তেওঁক খুলি কʼলোঁ। এইদৰে কৰাৰ বাবে মই মনৰ শান্তি লাভ কৰিলোঁ। যদিও মই নিজৰ ভুলৰ বাবে নিজকে অযোগ্য বুলি ভাবিছিলোঁ, কিন্তু ঈশ্বৰে মোৰ বিষয়ে এইদৰে নাভাবে। বহু বাৰ আমি নিজৰ প্ৰাৰ্থনাৰ উত্তৰ লগে লগে নাপাওঁ, তথাপি আমি প্ৰাৰ্থনা কৰি থকা উচিত। প্ৰাৰ্থনা কৰাৰ বাবে মই জীয়াই থকাৰ আশা লাভ কৰিলোঁ আৰু যিহোৱাক নিজৰ পিতৃ আৰু বন্ধু বুলি মানি লʼব পাৰিলোঁ। তেওঁ আমাক প্ৰতিজ্ঞা কৰিছে যে যদি আমি তেওঁৰ কথা পালন কৰোঁ, তেনেহʼলে তেওঁ আমাক কেতিয়াও অকলশৰীয়াকৈ নেৰিব।”
ক্ষন্তেকৰ বাবে ইচাবেল নামৰ তিৰোতাগৰাকীলৈ মন কৰক। যেতিয়া তাই গৰ্ভৱতী আছিল, তেতিয়া ডাক্তৰে কʼলে যে তেওঁৰ সন্তানটি শাৰীৰিকভাৱে অক্ষম হʼব। এই কথা শুনি ইচাবেলক বহুত দুখ লাগিছিল। কিছুমান লোকে তাইক গৰ্ভপাত কৰিবলৈ কৈছিল। তাই কৈছে, “মই কি কৰিম বুজিয়ে পোৱা নাছিলোঁ। মই দিনে ৰাতিয়ে ঈশ্বৰলৈ প্ৰাৰ্থনা কৰিছিলোঁ আৰু তেওঁৰ পৰা সহায় বিচাৰিছিলোঁ।” কিছু সময়ৰ পাছত তেওঁৰ এটি লʼৰা জন্ম হʼল আৰু তেওঁলোকে তাৰ নাম জেৰাৰ্ড ৰাখিলে। যদিও তেওঁলোকৰ লʼৰা শাৰীৰিকভাৱে অক্ষম, তথাপিও ইচাবেলে ভাবে যে ঈশ্বৰে তেওঁৰ প্ৰাৰ্থনা শুনিলে। কিয় বাৰু? তাই কৈছে, “আজি মোৰ লʼৰা জেৰাৰ্ডৰ বয়স ১৪ বছৰ আৰু শাৰীৰিকভাৱে অক্ষম হোৱাৰ সত্ত্বেও সি আনন্দিত আছে। যিহোৱাই মোৰ প্ৰাৰ্থনা শুনিলে আৰু মোক এই সন্তান দিলে। ইয়াৰ বাবে মই তেওঁৰ প্ৰতি বহুত কৃতজ্ঞ।”
ঈশ্বৰৰ বিষয়ে শাস্ত্ৰত লিখা এই কথাষাৰ সঁচাকৈ আমাৰ হৃদয় স্পৰ্শ কৰে, ‘হে যিহোৱা তুমি নম্ৰবিলাকৰ যাচনা শুনিবা। তেওঁবিলাকৰ মন সুস্থিৰ কৰিবা আৰু তেওঁবিলাকলৈ কাণ পাতিবা।’ (গীতমালা ১০:১৭, ১৮) বিশ্বাস ৰাখক ঈশ্বৰে আপোনাৰ মিনতি আৰু প্ৰাৰ্থনা নিশ্চয় শুনিব।
পবিত্ৰ শাস্ত্ৰ বাইবেলত যীচুৰ বহুতো প্ৰাৰ্থনাৰ বিষয়ে উল্লেখ আছে। তাৰে মাজৰ যীচুৱে নিজৰ শিষ্যসকলক যি প্ৰাৰ্থনা শিকাইছিল, সেই প্ৰাৰ্থনাটো বেছিভাগ লোকে জানে। আহক সেই প্ৰাৰ্থনাৰ বিষয়ে মন কৰোঁ।