জীৱন কাহিনী
‘এতিয়া মোক প্ৰচাৰ কাম বহুত ভাল লাগে!’
মই নিউজিলেণ্ডৰ বেলক্লুথা চহৰত ডাঙৰ-দীঘল হৈছোঁ। সৰুতে মই যিহোৱাক প্ৰেম কৰিছিলোঁ আৰু যিহোৱাৰ সাক্ষী হোৱাৰ বাবে মোৰ ভাল লাগিছিল। সভালৈ যাবলৈ আৰু ভাই-ভনীসকলৰ লগত সংগতি কৰিবলৈও মোৰ বৰ ভাল লাগিছিল। মই লাজুকীয়া স্বভাৱৰ আছিলোঁ, তথাপি মই প্ৰচাৰ কৰি আনন্দিত হৈছিলোঁ। মই স্কুলৰ লʼৰা-ছোৱালী আৰু আন লোকসকলক প্ৰচাৰ কৰিবলৈ ভয় কৰা নাছিলোঁ। মই এজনী যিহোৱাৰ সাক্ষী হয় বুলি কʼবলৈ গৰ্ব অনুভৱ কৰিছিলোঁ। মই ১১ বছৰ বয়সত যিহোৱালৈ নিজৰ জীৱন সমৰ্পণ কৰিছিলোঁ।
মোৰ আনন্দ নাইকীয়া হʼবলৈ ধৰিলে
দুখৰ বিষয় যে যেতিয়া মই ১৩ বছৰ বয়সৰ হʼলোঁ, তেতিয়া যিহোৱাৰ প্ৰতি মোৰ প্ৰেম চেঁচা হʼবলৈ ধৰিলে। মই দেখিছিলোঁ যে মোৰ স্কুলৰ বন্ধুসকলৰ পিতৃ-মাতৃয়ে তেওঁলোকক বহুতো স্বাধীনতা দিছে। তেওঁলোকে সকলো ঠাইত যাব পাৰিছিল। ময়ো তেওঁলোকৰ নিচিনা হʼবলৈ বিচাৰিছিলোঁ। মই ভাবিছিলোঁ যে মা-দেউতাই ঘৰৰ বাবে যি নিয়ম বনাইছিল, তাক পালন কৰা আৰু যিহোৱাৰ সাক্ষী হোৱাটো বৰ কঠিন। এতিয়া প্ৰচাৰ আৰু সভালৈ যোৱাটোও মোৰ বাবে বোজা যেন লাগিছিল। যিহোৱা আছে বুলি মই জানিছিলোঁ, তথাপি মই যিহোৱাৰপৰা লাহে লাহে আঁতৰি গʼলোঁ।
মই প্ৰচাৰত সম্পূৰ্ণৰূপে যাবলৈ এৰি দিয়া নাছিলোঁ, কিন্তু যিমান সম্ভৱ কম গৈছিলোঁ আৰু কোনো তৈয়াৰী নকৰাকৈ গৈছিলোঁ। প্ৰচাৰত কাৰোবাৰ লগত কথা-বতৰা আৰম্ভ কৰিবলৈ আৰু তাক বজাই ৰাখিবলৈ মোৰ কঠিন হৈছিল। পৰিণামস্বৰূপে মোৰ ওচৰত কোনো পুনৰ সাক্ষাৎ আৰু বাইবেল অধ্যয়ন নাছিল। মোক প্ৰচাৰ কৰিবলৈ একেবাৰে ভাল নালাগিছিল। মই ভাবিছিলোঁ যে ‘লোকসকলে কেনেকৈ প্ৰতি সপ্তাহে প্ৰচাৰ কাম কৰে?’
যেতিয়া মোৰ বয়স ১৭ বছৰ হৈছিল, তেতিয়া মই স্বাধীনতা পাব বিচাৰিছিলোঁ। সেইবাবে, মই নিজৰ কাপোৰ-কানি লৈ অষ্ট্ৰেলিয়ালৈ গʼলোঁ। মা-দেউতাৰ বাবে এয়া সহ্য কৰাটো বৰ
কঠিন আছিল। তেওঁলোকে মোৰ বাবে চিন্তা কৰিছিল। কিন্তু মই যিহোৱাৰ সেৱা কৰি থাকিম বুলি তেওঁলোকৰ বিশ্বাস আছিল।অষ্ট্ৰেলিয়াত মই আধ্যাত্মিকভাৱে আৰু দুৰ্বল হৈ পৰিলোঁ। মই কেতিয়াবা কেতিয়াবাহে সভালৈ গৈছিলোঁ। মই এনে লʼৰা-ছোৱালীৰ লগত বন্ধুত্ব কৰিলোঁ, যিসকলক কেতিয়াবা সভাত আৰু কেতিয়াবা নাইট ক্লাবত দেখিবলৈ পোৱা গৈছিল। মদ খোৱা, নাচ গান কৰা এয়াই তেওঁলোকৰ জীৱন আছিল। মই দুখন নাৱত ভৰি দিছিলোঁ, এখন জগতত আৰু আনখন সত্যত। প্ৰকৃততে মই কোনোফালেই নাছিলোঁ।
এক গুৰুত্বপূৰ্ণ শিক্ষা
দুবছৰৰ পাছত মোৰ জীৱন পৰিৱৰ্তন হʼবলৈ ধৰিলে। মই পাঁচজনী অবিবাহিতা ভনীৰ লগত এখন ঘৰত থাকিছিলোঁ। এবাৰ আমি চাৰ্কিট ওভাৰচিয়াৰ আৰু তেওঁৰ পত্নী তমাৰাক আমাৰ ঘৰত এসপ্তাহ থাকিবলৈ দিলোঁ। ভনী তমাৰাই অজানিতে মোক ভাবিবলৈ বাধ্য কৰিলে যে মই কেনেধৰণৰ জীৱন জীয়াই আছোঁ। যেতিয়া ভায়ে মণ্ডলীৰ কামৰ বাবে গৈছিল, তেতিয়া ভনী তমাৰাই আমাৰ লগত সময় অতিবাহিত কৰিছিল। তাই আমাৰ লগত বহুত কথা পাতিছিল আৰু হাঁহি-ধেমালি কৰিছিল। তাইৰ লগত আমাৰ ভাল বন্ধুত্ব হৈছিল, সেইবাবে আমি তাইৰ লগত খুলি কথা পাতিছিলোঁ। মোক এয়া দেখি বৰ ভাল লাগিল যে যিগৰাকী ভনীয়ে সদায় যিহোৱাৰ সেৱাত ব্যস্ত থাকে, তাই আমাৰ লগত আনন্দও কৰিছে।
সত্যতা আৰু প্ৰচাৰৰ প্ৰতি তমাৰাৰ বহুতো উৎসাহ আছিল। তাই যিহোৱাৰ সেৱা মনে-প্ৰাণে কৰিছিল আৰু বহুত আনন্দিত আছিল। আনফালে মই যিহোৱাৰ সেৱা ভালদৰে কৰা নাছিলোঁ আৰু আনন্দিত নাছিলোঁ। তাইৰ উৎসাহ দেখি মোৰো উৎসাহ বাঢ়িল। তমাৰাক দেখি মোৰ বাইবেলৰ এটা কথা মনত পৰিল: “আনন্দেৰে যিহোৱাৰ সেৱা কৰা” আৰু “গানেৰে সৈতে তেওঁৰ আগত উপস্থিত” হোৱাটো যিহোৱাই বিচাৰে।—গীত. ১০০:২.
প্ৰচাৰ কাম পুনৰ ভাল লাগিবলৈ ধৰিলে
ময়ো তমাৰাৰ নিচিনা আনন্দত থাকিব বিচাৰিছিলোঁ, কিন্তু সেই আনন্দ পাবলৈ মই ডাঙৰ ডাঙৰ পৰিৱৰ্তন কৰিবলগীয়া আছিল। কিছুসময় লাগিল, তথাপি মই লাহে লাহে শুধৰণি কৰিলোঁ। প্ৰচাৰলৈ যোৱাৰ আগতে মই প্ৰস্তুতি কৰিবলৈ ধৰিলোঁ। মাজে সময়ে মই সহকাৰী অগ্ৰগামী সেৱাও কৰিছিলোঁ আৰু সেইসময়ত মোৰ প্ৰচাৰ কৰিবলৈ ভয় লগা নাছিল আৰু মই বিশ্বাসেৰে কʼব পাৰিছিলোঁ। মই লোকসকলক বাইবেল পদ দেখুৱাইছিলোঁ আৰু এইদৰে কৰি মই বৰ আনন্দিত হৈছিলোঁ। তাৰ পাছত মই প্ৰতিমাহে সহকাৰী অগ্ৰগামী সেৱা কৰিবলৈ ধৰিলোঁ।
মই সকলো বয়সৰ ভাই-ভনীসকলৰ লগত বন্ধুত্ব কৰিবলৈ ধৰিলোঁ। বিশেষকৈ এনে ভাই-ভনীসকলৰ লগত, যিসকল সত্যত মজবুত আছিল আৰু আনন্দেৰে যিহোৱাৰ সেৱা কৰিছিল। তেওঁলোকৰপৰা শিকিলোঁ যে মই জীৱনত কোনবোৰ কথা বেছি গুৰুত্ব দিয়া উচিত। মই প্ৰতিদিনে বাইবেল পঢ়িবলৈ ধৰিলোঁ। সেইসময়ত মোৰ প্ৰচাৰ কাম কৰি ভাল লাগিছিল আৰু মই নিয়মিত অগ্ৰগামী সেৱা আৰম্ভ কৰিলোঁ। এতিয়া মই প্ৰকৃত আনন্দ লাভ কৰিছোঁ আৰু ভাই-ভনীসকলকো আপোন যেন লাগে।
মই পাইনিয়াৰ কৰিবলৈ জীৱন সংগী পালোঁ
এবছৰৰ পাছত মই ভাই এলেক্সক লগ পালোঁ। তেওঁ এজন ভাল ব্যক্তি আছিল, তেওঁ যিহোৱাক বহুত প্ৰেম কৰিছিল আৰু প্ৰচাৰ কাম কৰি বৰ ভাল পাইছিল। তেওঁ এজন পৰিচাৰক আছিল আৰু ছয় বছৰৰপৰা অগ্ৰগামী সেৱা কৰিছিল। এলেক্সে কিছুসময়ৰপৰা মলাৱীৰ এনে এখন ঠাইত সেৱা কৰিছিল, যʼত প্ৰচাৰকৰ প্ৰয়োজন আছিল। তাত তেওঁ মিচনেৰীসকলক লগ কৰাৰ সুযোগ পালে। মিচনেৰীসকলে তেওঁক এইদৰেই যিহোৱাৰ সেৱাক নিজৰ জীৱনত প্ৰথম স্থান দিবলৈ উৎসাহিত কৰিলে।
২০০৩ চনত এলেক্সৰ লগত মোৰ বিয়া হৈছিল। তেতিয়াৰেপৰা আমি দুয়োজনে মিলি পূৰ্ণ সময়ৰ সেৱা কৰি আছোঁ। এই সময়ছোৱাত জীৱনৰপৰা আমি বহুতো কথা শিকিলোঁ আৰু যিহোৱাই আমাক ইমানেই আশীৰ্বাদ দিলে যে আমি তাক গণনা কৰিব নোৱাৰোঁ।
যিহোৱাই আমাক আৰু বহুতো আশীৰ্বাদ দিলে
২০০৯ চনত তিমʼৰ-টেস্টেত আমাক মিচনেৰী সেৱা কৰিবলৈ নিমন্ত্ৰণ কৰা হʼল। এয়া ইণ্ডোনেচিয়াৰ দ্বীপৰ সৰু দেশ হয়। যেতিয়া আমি গʼম পালোঁ যে আমি তাত যাব লাগিব, তেতিয়া আমি আচৰিত হʼলোঁ। আমি আনন্দিত হোৱাৰ লগতে আমাক ভয়ো লাগিছিল। পাঁচ মাহৰ পাছত আমি তাৰ ৰাজধানী ডিলীত পালোঁ।
ইয়াত আমাৰ জীৱন একেবাৰে বেলেগ আছিল। আমাৰ বাবে সংস্কৃতি, ভাষা আৰু খোৱা-বোৱা সকলো একেবাৰে নতুন আছিল। আগৰ দৰে সা-সুবিধা নাছিল। গতিকে, আমি বহুতো কথা শিকিবলগীয়া আছিল। প্ৰচাৰত আমি এনে লোকসকলক লগ পাইছিলোঁ, যিসকল বহুত দুখীয়া আছিল, বেছি পঢ়া-লিখা নাছিল আৰু তেওঁলোকৰ লগত অত্যাচাৰ হৈছিল। বহুবছৰৰ a
আগতে ইয়াত যুদ্ধ হোৱাৰ বাবে তেওঁলোকে বহুতো দুখ-কষ্ট ভুগিবলগীয়া হৈছিল।ইয়াত প্ৰচাৰ কাম বহুত ভালদৰে হৈছিল। এবাৰ মই মাৰিয়া b নামৰ এজনী ১৩ বছৰীয়া ছোৱালীক লগ পালোঁ। তাই সদায় নিৰাশত থাকিছিল। কিছু বছৰৰ আগতে তাইৰ মাতৃৰ মৃত্যু হৈছিল। তাই নিজৰ পিতৃকো ইমান লগ কৰিব নোৱাৰিছিল। আন লʼৰা-ছোৱালীৰ দৰে তায়ো জনা নাছিল যে জীৱনত কি কৰিব লাগে। মোৰ মনত আছে এদিন তাই নিজৰ মনৰ কথা কওঁতে কান্দিছিল। তাই কি কৈছে মই বুজি পোৱা নাছিলোঁ, কিয়নো মই তাইৰ ভাষা ভালদৰে নাজানিছিলোঁ। মই সহায় বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰিলোঁ, যাতে মই তাইক উৎসাহিত কৰিব পাৰোঁ। তাৰ পাছত মই তাইক বাইবেলৰ কিছুমান পদ পঢ়ি শুনালোঁ। কিছু বছৰ পাছত মই দেখিলোঁ যে সত্য জনাৰ বাবে মাৰিয়াই এক নতুন জীৱন লাভ কৰিছে। তাই আগৰ দৰে নিৰাশাত নাছিল, ইয়াৰ পৰিৱৰ্তে তাইৰ সম্পূৰ্ণ জীৱন পৰিৱৰ্তন হৈছিল। তাই বাপ্তিষ্মা লʼলে আৰু তাই এতিয়া বহুতো লোকক বাইবেল অধ্যয়ন কৰিছে। এতিয়া মাৰিয়াৰ ওচৰত ভাই-ভনীসকলৰ ডাঙৰ পৰিয়াল আছে, যিসকলে তাইক বহুত প্ৰেম কৰে।
যিহোৱাৰ আশীৰ্বাদত তিমʼৰ-লেস্টেত বহুত উন্নতি হৈছে। ইয়াৰ বেছিভাগ প্ৰচাৰকে ১০ বছৰৰ ভিতৰতে বাপ্তিষ্মা লৈছে। তথাপি বহুতো লোকে অগ্ৰগামী, পৰিচাৰক আৰু প্ৰাচীন হিচাপে সেৱা কৰি আছে। কিছুমান ভাই-ভনীয়ে দূৰৰ্ৱতী অনুবাদ কাৰ্য্যালয়ত কাম কৰে আৰু ইয়াৰ স্থানীয় ভাষাত আলোচনীবোৰ অনুবাদ কৰে। তেওঁলোকে যিহোৱাক প্ৰেম কৰিছিল আৰু সভাত একেলগে মিলি গীত গাইছিল, এয়া দেখি মই বৰ আনন্দিত হৈছিলোঁ।
ইয়াতকৈ ভাল জীৱন আৰু নাই
তিমʼৰ-লেস্টেত অষ্ট্ৰেলিয়াৰ দৰে আৰামদায়ক জীৱন নাছিল। কিন্তু ইয়াত প্ৰচাৰ কৰি মই বহুত আনন্দিত আছিলোঁ। আমি ইয়াত কিছুমান সমস্যাৰ সন্মুখীন হʼবলগীয়া হৈছিল। কেতিয়াবা কেতিয়াবা আমি বহুত ভীৰ থকা বাছেৰে যাত্ৰা কৰিবলগীয়া হৈছিল। বাছৰ ভিতৰত শুকান মাছ আৰু শাক-পাচলিবোৰ ৰখা হৈছিল। তাত কিছুমান ঘৰ বহুত সৰু আছিল। ভিতৰত বহুত গৰম হৈছিল। মজিয়া বহুত লেতেৰা হৈছিল আৰু আশে-পাশে কুকুৰা দৌৰি ফুৰিছিল। আমি তাতে বহি বাইবেল অধ্যয়ন কৰিবলগীয়া হৈছিল। কিন্তু ইমান সমস্যাৰ সত্ত্বেও আমি তাত আনন্দিত আছিলোঁ।
যেতিয়া মই লʼৰালিকালৰ কথা ভাবোঁ, তেতিয়া মা-দেউতাৰ প্ৰতি মোৰ হৃদয় কৃতজ্ঞতাৰে ভৰি পৰে। তেওঁলোকে মোক যিহোৱাৰ বিষয়ে শিকাবলৈ বহুতো পৰিশ্ৰম কৰিলে। মই সত্যত দুৰ্বল হোৱাৰ সময়তো তেওঁলোকে মোক এৰি দিয়াৰ পৰিৱৰ্তে মোক সদায় সহায় কৰিছিল। হিতোপদেশ ২২:৬ পদটো মোৰ ক্ষেত্ৰত সঁচা প্ৰমাণিত হৈছে। মা-দেউতাই এলেক্স আৰু মোৰ ওপৰত গৰ্ব কৰে যে আমি আনন্দেৰে যিহোৱাৰ সেৱা কৰিছোঁ। ২০১৬ চনৰপৰা আমি অষ্ট্ৰেলিয়াৰ শাখা কাৰ্য্যালয়ৰ এলেকাত চাৰ্কিটৰ কাম কৰি আছোঁ।
আজি মোক এই কথা স্বীকাৰ কৰিবলৈ কঠিন লাগে যে এসময়ত মোৰ প্ৰচাৰ কৰিবলৈ ভাল লগা নাছিল। এতিয়া মোক এই কাম বৰ ভাল লাগে। মই দেখিলোঁ যে জীৱনত যিয়ে নহওক কিয়, যদি আমি সম্পূৰ্ণ হৃদয়েৰে যিহোৱাৰ সেৱা কৰোঁ, তেনেহʼলে আমি প্ৰকৃত আনন্দ লাভ কৰিম। যোৱা ১৮ বছৰৰপৰা মই এলেক্সৰ লগত মিলি যিহোৱাৰ সেৱা কৰি আছোঁ আৰু এয়া মোৰ জীৱনৰ আটাইতকৈ ভাল বছৰ হয়। দায়ূদে যিহোৱাক যি কৈছিল, সেয়া একেবাৰে সঁচা হয়, ‘কিন্তু তোমাত আশ্ৰয় লোৱা সকলোৱেই আনন্দিত হওক, তেওঁবিলাকে সদাকাললৈকে আনন্দ-ধ্বনি কৰক, তোমাৰ নাম প্ৰেম কৰোঁতাবিলাকে তোমাত উল্লাস কৰক।’—গীত. ৫:১১.