Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ২১

গীত ১০৭ যিহোৱাৰ প্ৰেমৰ আৰ্হি

ভাল জীৱন সংগী কেনেকৈ বিচাৰি পাম?

ভাল জীৱন সংগী কেনেকৈ বিচাৰি পাম?

“গুণৱতী স্ত্ৰী পোৱা কাৰ সাধ্য? কিয়নো পদ্মৰাগ বাখৰতকৈয়ো তেওঁৰ মূল্য অতি অধিক।”হিতো. ৩১:১০.

কি শিকিম?

অবিবাহিত ভাই-ভনীয়ে বাইবেলৰ সিদ্ধান্তৰ সহায়ত কেনেকৈ ভাল জীৱন সংগী বিচাৰিব পাৰে, তাৰ বিষয়ে আমি এই লেখত আলোচনা কৰিম। লগতে মণ্ডলীৰ ভাই-ভনীসকলে কেনেকৈ তেওঁলোকক সহায় কৰিব পাৰে।

১-২. (ক) যদি বিয়া পতাৰ উদ্দেশ্যৰে আপুনি কাৰোবাৰ লগত চিনাকী হʼব বিচাৰে, তেনেহʼলে আপুনি কি কথা মনত ৰখা উচিত? (খ) “ডেটিং” কৰাৰ অৰ্থ কি? (“ইয়াৰ অৰ্থ কি?” চাওক।)

 আপুনি বিয়া পাতিব বিচাৰে নে? বহুতো ডেকা আৰু বয়সস্থ লোকে নিজৰ কাৰণে জীৱন সংগী বিচাৰি আছে। এয়া সঁচা যে বহুতো অবিবাহিত লোকে নিজৰ জীৱনত আনন্দিত আছে, কিন্তু বিবাহিত জীৱনৰ আনন্দও বেলেগ। যদি আপুনি বিয়া পতাৰ উদ্দেশ্যেৰে কাৰোবাৰ লগত চিনাকী হʼব বিচাৰে, তেনেহʼলে কিছুমান কথা ধ্যান দিয়া উচিত। a যেনে, যিহোৱাৰ লগত আপোনাৰ সম্পৰ্ক কেনেকুৱা? আপুনি নিজৰ খৰচ কেনেকৈ বহন কৰিব? আপুনি বিয়াৰ দায়িত্ব পূৰ কৰিবলৈ সাজু আছে নে? (১ কৰি. ৭:৩৬) যদি আপুনি এই কথাবোৰৰ বিষয়ে চিন্তা কৰিছে, তেনেহʼলে আপুনি বিয়াৰ পাছতো আনন্দেৰে থাকিব পাৰিব।

ভাল জীৱন সংগী বিচৰাটো সহজ কাম নহয়। (হিতো. ৩১:১০) যদি আপুনি কোনো ভাই বা ভনীক পচন্দ কৰে, তেনেহʼলে হয়তো আপুনি ভাবিব পাৰে যে মই ডেটিং কেনেকৈ আৰম্ভ কৰিম? b এই লেখৰ পৰা আমি শিকিম যে যদি কোনোবাই বিয়া পাতিব বিচাৰে, তেনেহʼলে ভাল জীৱন সংগী বিচাৰিবলৈ তেওঁ কি কৰিব পাৰে? যদি তেওঁ কোনো ভাই বা ভনীক পচন্দ কৰে, তেনেহʼলে তেওঁ ডেটিং কেনেকৈ আৰম্ভ কৰিব পাৰে আৰু ভাল জীৱন সংগী বিচাৰিবলৈ মণ্ডলীৰ ভাই-ভনীসকলে কেনেকৈ সহায় কৰিব পাৰে?

ভাল জীৱন সংগী বিচাৰিবলৈ কি কৰিব পাৰে?

৩. জীৱন সংগী বিচৰাৰ সময়ত কি কি কথা ধ্যান দিয়া উচিত?

যদি আপুনি বিয়া পাতিব বিচাৰে, তেনেহʼলে ডেটিং কৰাৰ আগতে চিন্তা কৰা উচিত যে আপুনি কেনেধৰণৰ সংগী বিচাৰে। c যদি আপুনি আগতীয়াকৈ এই বিষয়ে চিন্তা নকৰে, তেনেহʼলে হয়তো আপুনি এনে এজন ব্যক্তিৰ লগত ডেটিং কৰিব, যিজন আপোনাৰ কাৰণে ভাল সংগী নহʼব বা আপুনি এনে ব্যক্তিৰ ওপৰত ধ্যানে নিদিব, যিজন আপোনাৰ কাৰণে ভাল সংগী হʼব পাৰে। আপুনি নিশ্চয় এনে এজন ব্যক্তিৰ লগত ডেটিং কৰিব, যিজনে বাপ্তিষ্মা লৈছে। (১ কৰি. ৭:৩৯) কিন্তু মনত ৰাখিব যে যদি কোনোবাই বাপ্তিষ্মা লৈছে, তেনেহʼলে তেওঁ আপোনাৰ কাৰণে ভাল জীৱন সংগী হʼব বুলি এয়া কোনো গেৰাণ্টি নহয়। সেইবাবে, নিজকে কিছুমান প্ৰশ্ন সোধক। যেনে, ‘মই জীৱনত কি কৰিব বিচাৰোঁ? মোৰ লক্ষ্য কি? মই যাৰ লগত বিয়া পাতিব বিচাৰোঁ, তেওঁৰ কি কি গুণ থকা উচিত? মই বেছিকৈতো আশা কৰা নাই?’

৪. কিছুমান ভাই-ভনীয়ে কি বিষয়ে প্ৰাৰ্থনা কৰিলে?

যদি আপুনি জীৱন সংগী বিচাৰিছে, তেনেহʼলে নিশ্চয় আপুনি এই বিষয়ে প্ৰাৰ্থনা কৰিছে। (ফিলি. ৪:৬) যিহোৱাৰ সকলো সেৱকে জীৱন সংগী পাব বুলি তেওঁ প্ৰতিজ্ঞা কৰা নাই। কিন্তু তেওঁ আপোনাৰ প্ৰয়োজনীয়তা আৰু ভাৱনা ভালদৰে বুজি পায়। ভাল জীৱন সংগী বিচাৰিবলৈ তেওঁ আপোনাক সহায় কৰিব। সেইবাবে, যিহোৱাক নিজৰ মনৰ সকলো কথা জনাওক। (গীত. ৬২:৮) তেওঁক বুদ্ধি আৰু ধৈৰ্য্য ধৰিবলৈ সহায় বিচাৰক। (যাকো. ১:৫) আমেৰিকাত থকা ভাই জʼনে  d এইদৰে কৈছে, “মই যিহোৱালৈ প্ৰাৰ্থনা কৰোঁ যে মোক কেনেধৰণৰ ছোৱালী লাগে। মই তেওঁলৈ সহায় বিচাৰোঁ যাতে এনে এগৰাকী ভনীক লগ পাওঁ, যি মোৰ কাৰণে ভাল সংগী হʼব পাৰে। লগতে ভাল গুণবোৰ বঢ়াবলৈয়ো তেওঁলৈ মই সহায় বিচাৰোঁ, যাতে আগলৈ গৈ মই এজন ভাল স্বামী হʼব পাৰোঁ।” শ্ৰীলংকাত থকা ভনী তানিয়াই কৈছে, “মই জীৱন সংগী বিচাৰি আছোঁ, কিন্তু মই যিহোৱালৈ প্ৰাৰ্থনা কৰোঁ, যাতে মই বিশ্বাসী হৈ থাকিব পাৰোঁ, সঠিক দৃষ্টিভংগী ৰাখিব পাৰোঁ আৰু আনন্দত থাকিব পাৰোঁ।” যদি আপুনি বিচৰাৰ অনুসৰি জীৱন সংগী পোৱা নাই, তেনেহʼলে ভৰসা ৰাখক যে যিহোৱাই প্ৰতিজ্ঞা কৰাৰ দৰে তেওঁ আপোনাক চম্ভালিব আৰু আপোনাৰ প্ৰয়োজনীয়তা পূৰ কৰিব।—গীত. ৫৫:২২.

৫. যিহোৱাক প্ৰেম কৰা অবিবাহিত ভাই-ভনীসকলক লগ কৰিবলৈ আপুনি কি কৰিব লাগিব? (১ কৰিন্থীয়া ১৫:৫৮) (ছবিখনো চাওক।)

বাইবেলত কোৱা হৈছে, ‘প্ৰভুৰ কাৰ্য্যত লাগি থাকা।’ (১ কৰিন্থীয়া ১৫:৫৮ পঢ়ক।) আপুনি যিমান পাৰে, সিমান যিহোৱাৰ সেৱাত লাগি থাকিলে বেলেগ বেলেগ ভাই-ভনীসকলৰ লগত কাম কৰিবলৈ সুযোগ পাব আৰু ইয়ে আপোনাক আৰু উৎসাহিত কৰি তুলিব। ইয়াৰ উপৰিও আপুনি বহুতো অবিবাহিত ভাই-ভনীসকলক লগ পাব, যিসকলৰ সম্পূৰ্ণ ধ্যান যিহোৱাৰ সেৱাত আছে। এইদৰে আপুনি সম্পূৰ্ণ মনেৰে যিহোৱাৰ সেৱা কৰি থাকিলে আনন্দত থাকিব পাৰিব।

যদি আপুনি যিহোৱাৰ সেৱাত লাগি থাকে আৰু বেলেগ বেলেগ ভাই-ভনীসকলৰ লগত সময় অতিবাহিত কৰে, তেনেহʼলে হয়তো বিয়া পাতিব বিচৰা ভাই-ভনীক লগ পাব (অনুচ্ছেদ ৫ চাওক)


৬. জীৱন সংগী বিচৰাৰ সময়ত আপুনি কি কথা মনত ৰখা উচিত?

জীৱন সংগী বিচৰাটোৱে আপোনাৰ জীৱনত আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি নাভাবিব। (ফিলি. ১:৯, ১০) বিয়া পাতিলেহে প্ৰকৃত আনন্দ পোৱা যায়, এনে নহয়। কিন্তু যিহোৱাৰ লগত ভাল সম্পৰ্ক থাকিলেহে প্ৰকৃত আনন্দ লাভ কৰিব পাৰি। (মথি ৫:৩) বিয়া নোহোৱালৈকে যিহোৱাৰ সেৱা কৰাৰ আপোনাৰ ওচৰত বহুতো সুযোগ আছে। এই সুযোগক হাতৰ পৰা যাবলৈ নিদিব। (১ কৰি. ৭:৩২, ৩৩) আমেৰিকাত থকা ভনী জেচিকালৈ মন কৰক। প্ৰায় ৪০ বছৰ বয়সত তাইৰ বিয়া হৈছিল। তাই কৈছে, “মই বিয়া পাতিব বিচাৰিছিলোঁ, কিন্তু কেৱল এই বিষয়ে ভাবি থকা নাছিলোঁ। মই প্ৰচাৰ কামত ব্যস্ত আছিলোঁ। সেইবাবে, মই আনন্দত থাকিব পাৰিলোঁ।”

তেওঁৰ বিষয়ে জানিবলৈ চেষ্টা কৰক

৭. আপুনি কাৰোবাক পচন্দ কৰে বুলি কোৱাৰ আগতে তেওঁৰ বিষয়ে জনাটো কিয় ভাল হʼব? (হিতোপদেশ ১৩:১৬)

যদি আপোনাৰ অনুভৱ হৈছে যে আপুনি এনে এজন ব্যক্তিক বিচাৰি পাইছে, যি আপোনাৰ কাৰণে ভাল সংগী হʼব পাৰে, তেনেহʼলে আপুনি কি কৰিব? আপুনি লগে লগে গৈ তেওঁক কʼব নে যে আপুনি তেওঁক পচন্দ কৰে? বাইবেলত কোৱা হৈছে যে বিবেচক লোকে জ্ঞানেৰে কাৰ্য্য কৰে অৰ্থাৎ কিছুমান কথা জানিবলৈ চেষ্টা কৰে। (হিতোপদেশ ১৩:১৬ পঢ়ক।) গতিকে, লগে লগে তেওঁক পচন্দ কৰোঁ বুলি কোৱাৰ পৰিৱৰ্তে তেওঁ কেনেধৰণৰ ব্যক্তি হয় জনাটো ভাল হʼব। নেডাৰলেণ্ডত থকা ভাই আশ্বিনে কৈছে যে এজন ব্যক্তিৰ প্ৰতি আমাৰ ভাৱনা সলনি হʼব পাৰে। তেওঁ কৈছে, “কাৰোবাক প্ৰথমবাৰ দেখি আপোনাৰ ভাল লাগিব পাৰে, কিন্তু কিছুসময়ৰ পাছত ভাল নালাগিবও পাৰে। সেইবাবে, অলপ সময় লওক আৰু তেওঁৰ বিষয়ে জানিবলৈ চেষ্টা কৰক। এইদৰে আপুনি ডেটিং আৰম্ভ কৰিবলৈ খৰ-ধৰ নকৰিব।” যেতিয়া আপুনি সেই ব্যক্তিজনৰ বিষয়ে জানিবলৈ চেষ্টা কৰিব, যিজনক আপোনাৰ ভাল লাগিছিল, তেতিয়া আপোনাৰ হয়তো অনুভৱ হʼব যে তেওঁ আপোনাৰ কাৰণে ভাল সংগী নহয়।

৮. যদি আপুনি কাৰোবাক পচন্দ কৰে, তেনেহʼলে আপুনি তেওঁৰ বিষয়ে কেনেকৈ জানিব পাৰে? (ছবিখনো চাওক।)

আপুনি যদি কাৰোবাক পচন্দ কৰে, তেনেহʼলে আপুনি তেওঁৰ বিষয়ে আৰু কেনেকৈ জানিব পাৰে? সভা বা আন সময়ত যেতিয়া ভাই-ভনীসকলে গোট খায়, তেতিয়া মন কৰক যে তেওঁ আনৰ লগত কেনেদৰে ব্যৱহাৰ কৰে, তেওঁৰ স্বভাৱ কেনেকুৱা। যিহোৱাৰ লগত তেওঁৰ এটা ভাল সম্পৰ্ক আছে বুলি তেওঁৰ কথা আৰু কামৰ পৰা জানিব পাৰি নে? তেওঁৰ বন্ধুসকল কেনেকুৱা, তেওঁ প্ৰায়ে কি বিষয়ে কথা পাতে? (লূক ৬:৪৫) তেওঁৰ লক্ষ্য কি? তেওঁৰ লক্ষ্যবোৰ আপোনাৰ লক্ষ্যৰ লগত মিল খাই নে? আপুনি তেওঁৰ মণ্ডলীৰ প্ৰাচীন বা তেওঁৰ বিষয়ে ভালদৰে জনা কোনো অভিজ্ঞ ভাই বা ভনীৰ লগত কথা পাতিব পাৰে। (হিতো. ২০:১৮) আপুনি তেওঁলোকক সুধিব পাৰে যে তেওঁৰ কি কি ভাল গুণ আছে আৰু তেওঁ আধ্যাত্মিকভাৱে কেনেকুৱা। (ৰূথ ২:১১) কিন্তু তেওঁৰ সৰু সৰু কথাও জানিবলৈ চেষ্টা নকৰিব বা সকলো সময়তে তেওঁৰ আশে-পাশে ঘূৰি নাথাকিব অৰ্থাৎ আপুনি এনে কোনো কাম নকৰিব, যাৰ বাবে তেওঁৰ আঘাত লাগিব পাৰে।

কাৰোবাক পচন্দ কৰোঁ বুলি কোৱাৰ আগতে তেওঁৰ বিষয়ে কিছুমান কথা জানিবলৈ চেষ্টা কৰক (অনুচ্ছেদ ৭-৮ চাওক)


৯. কাৰোবাক পচন্দ কৰোঁ বুলি কোৱাৰ আগতে আপোনাৰ কি কথাৰ ওপৰত ভৰসা হোৱা উচিত?

যদি আপুনি কাৰোবাক পচন্দ কৰে আৰু তেওঁৰ লগত ডেটিং কৰিব বিচাৰে, তেনেহʼলে বেছি দেৰি কৰা উচিত নহয়। কিয়নো যদি ব্যক্তিজনে বুজি পাইছে যে আপুনি তেওঁক পচন্দ কৰে, কিন্তু এই বিষয়ে জনাবলৈ দেৰি কৰিছে, তেনেহʼলে আপুনি কোনো নিৰ্ণয় লʼবলৈ সংকোচ কৰে বুলি তেওঁ ভাবিব। (উপ. ১১:৪) কিন্তু আপুনি লগে লগে গৈ কৈ দিয়ে যে আপুনি তেওঁক পচন্দ কৰে, তেনেহʼলে তেওঁ ভাবিব পাৰে যে আপুনি ধৈৰ্য্যহীন ব্যক্তি। (হিতো. ২৯:২০) মনত ৰাখিব যে যদি আপুনি কাৰোবাক পচন্দ কৰোঁ বুলি জনাব বিচাৰিছে, তেনেহʼলে ইয়াৰ অৰ্থ এয়া নহয় যে আপুনি তেওঁকেই বিয়া পাতিব বুলি নিৰ্ণয় লৈছে। কিন্তু আপুনি নিশ্চিত হʼব লাগিব যে আপুনি বিয়া পাতিব বিচাৰে আৰু ইয়াৰ কাৰণে সাজু আছে। লগতে আপুনি যাক পচন্দ কৰে, তেওঁ আপোনাৰ কাৰণে এজন ভাল সংগী হʼব বুলি ভৰসা থকা উচিত।

১০. যদি কোনোবাই আপোনাক পচন্দ কৰে, কিন্তু আপুনি তেওঁক পচন্দ নকৰে, তেনেহʼলে আপুনি কি কৰা উচিত?

১০ যদি কোনোবাই আপোনাক পচন্দ কৰিব ধৰিছে, তেনেহʼলে আপুনি কি কৰা উচিত? যদি আপুনি তেওঁক পচন্দ নকৰে, তেনেহʼলে নিজৰ ব্যৱহাৰৰ পৰা দেখুৱাওক যে আপুনি তেওঁক পচন্দ নকৰে। কাৰণ যদি আপুনি এইদৰে নকৰে, তেনেহʼলে তেওঁ হয়তো ভাবিব যে আপুনি তেওঁক পচন্দ কৰে। কাৰোবাৰ ভাৱনাৰ লগত ধেমালি কৰা ভাল নহয়।—১ কৰি. ১০:২৪; ইফি. ৪:২৫.

১১. যদি আপোনাক কাৰোবাৰ কাৰণে জীৱন সংগী বিচাৰিবলৈ কোৱা হয়, তেনেহʼলে আপুনি কি কি কথা ধ্যান দিয়া উচিত?

১১ কিছুমান দেশত পিতৃ-মাতৃয়ে বা পৰিয়ালৰ সম্বন্ধীয় লোকসকলে অবিবাহিত লʼৰা-ছোৱালীৰ কাৰণে বিয়া ঠিক কৰে। আন কিছুমান দেশত পৰিয়ালৰ লোকসকলে বা বন্ধুসকলে লʼৰা বা ছোৱালী চাবলৈ যায়। তাৰ পাছত লʼৰা-ছোৱালীয়ে এজনে-আনজনক লগ কৰে, ভালদৰে জানিবলৈ চেষ্টা কৰে আৰু ধ্যান দিয়ে যে তেওঁলোকে এজনে-আনজনৰ কাৰণে ভাল সংগী হʼব নে নাই। যদি কোনোবাই আপোনাক বিয়া ঠিক কৰিবলৈ কৈছে বা সংগী বিচাৰিবলৈ কৈছে, তেনেহʼলে আপুনি কি কৰিব? প্ৰথমতে, আপুনি লʼৰা বা ছোৱালীৰ পচন্দ আৰু তেওঁ কেনেধৰণৰ জীৱন সংগী বিচাৰে, তাৰ বিষয়ে জানিবলৈ চেষ্টা কৰিব। তাৰ পাছত যদি আপুনি এনে এজন ব্যক্তিক লগ পাইছে, যিজন তেওঁৰ কাৰণে ভাল সংগী হʼব, তেনেহʼলে তেওঁৰ কি কি গুণ আছে, তেওঁৰ স্বভাৱ কেনেকুৱা আৰু যিহোৱাৰ লগত তেওঁৰ সম্পৰ্ক কেনেকুৱা, জানিবলৈ চেষ্টা কৰিব। জীৱন সংগী বিচৰাৰ সময়ত ব্যক্তিজনৰ ওচৰত কিমান পইচা আছে, তেওঁ কিমান পঢ়া-লিখা বা তেওঁৰ পৰিয়াল কেনেকুৱা, এয়া চোৱাৰ পৰিৱৰ্তে যিহোৱাৰ লগত তেওঁৰ সম্পৰ্ক কেনেকুৱা, সেয়া আটাইতকৈ গুৰুত্বপূৰ্ণ। মনত ৰাখিব, বিয়া যদিও আপুনি ঠিক কৰিছে, কিন্তু লʼৰা-ছোৱালীয়ে নিৰ্ণয় লোৱা উচিত যে তেওঁলোকে বিয়া পাতিব নে নাপাতে।—গালা. ৬:৫.

ডেটিং কেনেকৈ আৰম্ভ কৰিব?

১২. আপুনি যদি কাৰোবাক ডেটিং কৰিব বিচাৰে, তেনেহʼলে তেওঁক কেনেকৈ জনাব?

১২ যদি আপুনি কাৰোবাক পচন্দ কৰে আৰু ডেটিং কৰিব বিচাৰে, তেনেহʼলে আপুনি কি কৰিব পাৰে? e তেওঁক ফোনত বা কʼৰবাত লগ কৰি স্পষ্টকৈ জনাব পাৰে যে আপুনি তেওঁক পচন্দ কৰে আৰু তেওঁৰ বিষয়ে বেছিকৈ জানিব বিচাৰে। (১ কৰি. ১৪:৯) কিন্তু যদি তেওঁ অলপ সময় বিচাৰে, তেনেহʼলে তেওঁক অলপ সময় দিয়ক। যদি তেওঁ ডেটিং কৰিব নিবিচাৰে, তেনেহʼলে তেওঁৰ নিৰ্ণয়ক সন্মান কৰক।—হিতো. ১৫:২৮.

১৩. কোনোবাই যদি আপোনাক কয় যে তেওঁ আপোনাক পচন্দ কৰে আৰু ডেটিং কৰিব বিচাৰে, তেনেহʼলে আপুনি কি কৰিব? (কলচীয়া ৪:৬)

১৩ যদি কোনোবাই আপোনাক পচন্দ কৰোঁ বুলি কয় আৰু ডেটিং কৰিব বিচাৰে, তেনেহʼলে আপুনি কি কৰিব? তেওঁ বহুত সাহস কৰি আপোনাক এই কথাটো জনাইছে, সেইবাবে তেওঁৰ লগত মৰমেৰে আৰু আদৰেৰে কথা পাতক। (কলচীয়া ৪:৬ পঢ়ক।) তেওঁক উত্তৰ দিয়াৰ আগতে আপুনি যদি অলপ চিন্তা কৰিব বিচাৰে, তেনেহʼলে তেওঁক জনাওক যে আপোনাক অলপ সময় লগে। কিন্তু যিমান পাৰে, সিমান সোনকালে নিজৰ উত্তৰ দিয়ক। (হিতো. ১৩:১২) যদি আপুনি তেওঁৰ লগত ডেটিং কৰিব নিবিচাৰে, তেনেহʼলে মৰমেৰে আৰু স্পষ্টকৈ জনাওক। অষ্ট্ৰিয়াত থকা ভাই হান্সৰ অনুভৱলৈ মন কৰক। যেতিয়া এগৰাকী ভনীয়ে তেওঁক পচন্দ কৰোঁ বুলি কৈছিল, তেতিয়া তেওঁ কি কৰিলে। তেওঁ কৈছে, “মই মৰমেৰে, কিন্তু স্পষ্টকৈ আৰু লগে লগে জনালোঁ যে মই তাইৰ লগত ডেটিং কৰিব নিবিচাৰোঁ, কিয়নো মোৰ মনটো কিবা আছে বুলি তাই ভবাটো মই বিচৰা নাছিলোঁ। মোৰ কথা আৰু ব্যৱহাৰৰ পৰা তাই যাতে ভুল নুবুজে, তাৰ প্ৰতি মই পাছলৈয়ো ধ্যান দিলোঁ।” কিন্তু যদি আপুনি ব্যক্তিজনৰ লগত ডেটিং কৰিবলৈ সাজু আছে, তেনেহʼলে কি কৰিব? তেওঁক এই বিষয়ে জনাওক আৰু কথা পাতক যে ডেটিং কৰাৰ সময়ত আপোনালোকে কি কি কথা ধ্যান দিব আৰু এজনে-আনজনৰ পৰা কি আশা কৰিব। এই বিষয়ে আগতীয়াকৈ কথা পতাটো ভাল, কিয়নো বেলেগ বেলেগ পৰিৱেশনত ডাঙৰ-দীঘল হোৱাৰ বাবে আপোনালোকৰ আশা বেলেগ বেলেগ হʼব পাৰে।

আন ভাই-ভনীসকলে কেনেকৈ সহায় কৰিব পাৰে?

১৪. আমি অবিবাহিত ভাই-ভনীসকলক কেনেকৈ সহায় কৰিব পাৰোঁ?

১৪ মণ্ডলীৰ ভাই-ভনীসকলে বিয়া পাতিব বিচৰা ভাই-ভনীসকলক কেনেকৈ সহায় কৰিব পাৰে? এটা উপায় হৈছে, ভাবি-চিন্তি কথা কোৱাৰ যোগেদি। (ইফি. ৪:২৯) আমি নিজকে সুধিব পাৰোঁ, ‘যিসকলে বিয়া পাতিব বিচাৰে, তেওঁলোকক মই জোকাই থাকোঁ নে? যেতিয়া মণ্ডলীৰ কোনো ভাই আৰু ভনীয়ে একেলগে কথা পাতে, তেতিয়া মই তেওঁলোকৰ মাজত কিবা চলি আছে বুলি ভাবোঁ নে?’ (১ তীম. ৫:১৩) ইয়াৰ উপৰিও অবিবাহিত ভাই-ভনীসকলক আপুনি যাতে এনে কোনো কথা নকয়, যাৰ বাবে তেওঁলোকে ভাবিব পাৰে যে বিয়াৰ অবিহনে জীৱনটো আধৰুৱা। হান্সে এইদৰে কৈছে, “কিছুমান ভাই-ভনীয়ে মোক প্ৰায়ে কৈছিল যে তুমি কিয় বিয়া পতা নাই, বয়স পাৰ হৈ যাব।” এনেধৰণৰ কথা অবিবাহিত ভাই-ভনীসকলৰ মনত আঘাত কৰিব পাৰে আৰু তেওঁলোকে ভাবিব পাৰে যে অতি সোনকালে বিয়া পাতি লোৱা উচিত। অবিবাহিত ভাই-ভনীসকলক এনেধৰণৰ কথা কোৱাৰ পৰিৱৰ্তে তেওঁলোকৰ উৎসাহ বঢ়াওক।—১ থিচ. ৫:১১.

১৫. (ক) যদি আপুনি কাৰোবাক জীৱন সংগী বিচৰাত সহায় কৰিব বিচাৰে, তেনেহʼলে কি কথাৰ ওপৰত ধ্যান দিয়া উচিত? (ৰোমীয়া ১৫:২) (ছবিখনো চাওক।) (খ) আপুনি ভিডিঅʼখনৰ পৰা কি শিকিলে? (ফুটনোট চাওক।)

১৫ যদি কোনো ভাই বা ভনীয়ে এজনে-আনজনৰ ভাল সংগী হʼব বুলি আপুনি ভাবে, তেনেহʼলে কি কৰিব পাৰে? বাইবেলত কোৱা হৈছে, আনৰ সন্মান কৰক। (ৰোমীয়া ১৫:২ পঢ়ক।) বহুতো অবিবাহিত ভাই-ভনীয়ে তেওঁলোকৰ বাবে আনে নিৰ্ণয় লোৱাটো বা জীৱন সংগী বিচৰাটো ভাল নাপায়। (২ থিচ. ৩:১১) আনহাতে, কিছুমান ভাই-ভনীয়ে তেওঁলোকক সহায় কৰাটো বিচাৰে। কিন্তু মনত ৰাখিব, যদি তেওঁলোকে সহায় বিচৰা নাই, তেনেহʼলে বিয়া ঠিক কৰিবলৈ নিজে আগবাঢ়ি নাযাব। f (হিতো. ৩:২৭) আন কিছুমান ভাই-ভনীয়ে চিধা-চিধিকৈ তেওঁলোকক কাৰোবাৰ লগত চিনাকী কৰাই দিয়াটো ভাল নাপায়। এনে পৰিস্থিতিত আপুনি কি কৰিব পাৰে? জাৰ্মানীত থকা এগৰাকী ভনী লিডিয়াই কৈছে, “আপুনি মণ্ডলীৰ বন্ধুসকলৰ লগত মিলি কিবা প্লান কৰিব পাৰে, লগতে সেই ভাই আৰু ভনীকো মাতিব পাৰে যাতে তেওঁলোকে এজনে আনজনক লগ কৰাৰ সুযোগ লাভ কৰিব আৰু নিজৰ নিৰ্ণয় নিজে লʼব পাৰে।”

যেতিয়া মণ্ডলীৰ ভাই-ভনীসকলে একেলগে সময় কটায়, তেতিয়া অবিবাহিত ভাই-ভনীসকলেও এজনে-আনজনক লগ কৰাৰ সুযোগ লাভ কৰে (অনুচ্ছেদ ১৫ চাওক)


১৬. অবিবাহিত ভাই-ভনীসকলে কি কথা মনত ৰাখিব পাৰে?

১৬ আমি অবিবাহিত বা বিবাহিত নহওঁ কিয় সকলোৱে আনন্দত থাকিব পাৰোঁ। (গীত. ১২৮:৩) যদি আপুনি বিয়া পাতিব বিচাৰিছে, কিন্তু কোনো ভাল সংগী বিচাৰি পোৱা নাই, তেনেহʼলে যিহোৱাৰ সেৱাত লাগি থাকক। মাকাওত থকা ভনী চীন-ইয়ে কৈছে, “নতুন পৃথিৱীত আপুনি নিজৰ সংগীৰ লগত সদায় দিনৰ কাৰণে থাকিব পাৰিব। কিন্তু বৰ্তমান সময়ত অবিবাহিত হৈ থকাৰ এই সময়খিনি তাৰ তুলনাত একোৱে নহয়। সেইবাবে, যেতিয়ালৈকে আপোনাৰ বিয়া হোৱা নাই, তেতিয়ালৈকে সময়ৰ ভাল ব্যৱহাৰ কৰক। কাৰণ এই সুযোগ আৰু নাপাব।” কিন্তু আপুনি যদি কাৰোবাক পচন্দ কৰে আৰু ডেটিং আৰম্ভ কৰিলে, তেনেহʼলে সঠিক নিৰ্ণয় লʼবলৈ কি কি কথাৰ ওপৰত ধ্যান দিব পাৰে? এই বিষয়ে আমি পৰৱৰ্তী লেখত আলোচনা কৰিম।

গীত ১৩৭ বিশ্বাসী তিৰোতা, খ্ৰীষ্টান ভনীসকল

a আপুনি সঁচাকৈ বিয়া পাতিবলৈ সাজু হয় নে নহয়, এয়া জানিবলৈ jw.org-ত দিয়া “ডেটিং—ভাগ ১: মই ডেটিং কৰিবলৈ সাজু আছোঁ নে?” (হিন্দী) নামৰ লেখ পঢ়ক।

b ইয়াৰ অৰ্থ কি?: এই লেখত আৰু পৰৱৰ্তী লেখত যিবোৰ ঠাইত ডেটিঙৰ বিষয়ে কোৱা হৈছে, তাৰ অৰ্থ হৈছে বিয়া পতাৰ উদ্দেশ্যেৰে কাৰোবাৰ লগত চিনাকী হোৱা বা লগ কৰা। ডেটিং কৰাৰ সময়ত লʼৰা আৰু ছোৱালীয়ে জানিবলৈ চেষ্টা কৰে যে তেওঁলোকে এজনে-আনজনৰ কাৰণে ভাল সংগী হʼব নে নহয়। যেতিয়া এজন লʼৰা আৰু ছোৱালীয়ে কয় যে তেওঁলোকে এজনে-আনজনক পচন্দ কৰে, তেতিয়া ডেটিং আৰম্ভ হয় আৰু যেতিয়ালৈকে তেওঁলোকে বিয়া পাতিব নে নাপাতে নিৰ্ণয় নলয়, তেতিয়ালৈকে ডেটিং চলি থাকে।

c এই লেখত দিয়া সিদ্ধান্তৰ পৰা অবিবাহিত ভাই আৰু ভনী সকলোৱে লাভৱান হʼব পাৰে।

d কিছুমান নাম সলনি কৰা হৈছে।

e বহুতো ঠাইত এজন ভায়ে এগৰাকী ভনীক জনাই যে তেওঁ তাইক পচন্দ কৰে আৰু ডেটিং কৰিব বিচাৰে। কিন্তু এগৰাকী ভনীয়েও ভাইক পচন্দ কৰোঁ বুলি কʼব পাৰে। (ৰূথ ৩:১-১৩) এই বিষয়ে বেছিকৈ জানিবলৈ কিশোৰ-কিশোৰীসকলে সোধা প্ৰশ্ন ধাৰাবাহিকৰ “মই কেনে অনুভৱ কৰোঁ, কেনেকৈ কওঁ?” (ইংৰাজী) লেখ পঢ়ক। এই লেখ অক্টোবৰ ২২, ২০০৪ চনৰ সচেতন থাকক! (ইংৰাজী) আলোচনীত আহিছিল।