অধ্যয়নৰ লেখ ২০
আপুনি কেনেকৈ ভালদৰে প্ৰাৰ্থনা কৰিব পাৰে?
“তোমালোকৰ সমুদায় মনৰ কথা তেওঁৰ আগত ভাঙি কোৱা।”—গীত. ৬২:৮.
গীত ৪৫ মোৰ মনৰ ভাবধাৰা
লেখৰ এক আভাস a
১. যিহোৱাই নিজৰ সেৱকসকলক কি কৰিবলৈ উৎসাহিত কৰিছে? (ছবিখনো চাওক।)
যেতিয়া আমাক শান্ত্বনাৰ প্ৰয়োজন হয় বা আমি বুজি নাপাওঁ যে আমি কি কৰিব লাগিব, তেতিয়া আমি কাৰ পৰা সহায় লʼব পাৰোঁ? আমি যিহোৱালৈ প্ৰাৰ্থনা কৰি সহায় বিচাৰিব পাৰোঁ। যিহোৱাই নিজেও আমাক এইদৰে কৰিবলৈ উৎসাহিত কৰিছে। আমি কেৱল এবাৰ বা দুবাৰে নহয়, কিন্তু “নিৰন্তৰে প্ৰাৰ্থনা কৰি” থকাটো তেওঁ বিচাৰে। (১ থিচ. ৫:১৭) আমি সংকোচ নকৰাকৈ তেওঁলৈ প্ৰাৰ্থনা কৰিব পাৰোঁ আৰু যিকোনো বিষয়ে তেওঁৰ পৰা নিৰ্দেশনা বিচাৰিব পাৰোঁ। (হিতো. ৩:৫, ৬) যিহোৱা উদাৰশীল ঈশ্বৰ, আমি তেওঁক যিকোনো সময়ত আৰু বাৰে বাৰে প্ৰাৰ্থনা কৰিব পাৰোঁ, তেওঁ ইয়াৰ বাবে কোনো সীমা বান্ধি দিয়া নাই।
২. এই লেখত আমি কিহৰ বিষয়ে আলোচনা কৰিম?
২ যিহোৱাই আমাক প্ৰাৰ্থনা কৰিবলৈ সুযোগ দিয়াৰ বাবে আমি তেওঁৰ প্ৰতি কৃতজ্ঞ। কিন্তু গোটেই দিন আমি বহুতো কাম কৰোঁ, সেইবাবে প্ৰাৰ্থনা কৰিবলৈ সময় উলিওৱাটো কঠিন হʼব পাৰে অথবা আমি ভাবিব পাৰোঁ যে মই আৰু ভালদৰে প্ৰাৰ্থনা কৰা উচিত। বাইবেলৰ পৰা জানিব পাৰি যে আমি এয়া কেনেকৈ কৰিব পাৰোঁ। এই লেখত আমি যীচুৰ উদাহৰণলৈ মন কৰিম আৰু তেওঁৰ পৰা শিকিম যে প্ৰাৰ্থনা কৰিবলৈ আমি কেনেকৈ সময় উলিয়াব পাৰোঁ? ইয়াৰ উপৰিও আমি এনে পাঁচটা বিষয়ে আলোচনা কৰিম, যিবোৰ প্ৰাৰ্থনা কৰাৰ সময়ত আমি মনত ৰাখিব পাৰোঁ। এনে কৰিলে আমি ভালদৰে প্ৰাৰ্থনা কৰিব পাৰিম।
যীচুৱে প্ৰাৰ্থনা কৰিবলৈ সময় উলিয়ালে
৩. যীচুৱে প্ৰাৰ্থনাৰ বিষয়ে কি জানিছিল?
৩ যীচুৱে জানিছিল যে যিহোৱাই আমাৰ প্ৰাৰ্থনা মনোযোগেৰে শুনে। পৃথিৱীলৈ অহাৰ আগতে যীচুৱে লক্ষ্য কৰিছিল যে যিহোৱাই নিজৰ বিশ্বাসী সেৱকসকলৰ প্ৰাৰ্থনাৰ উত্তৰ দিয়ে। উদাহৰণস্বৰূপে, যেতিয়া হান্না, দায়ূদ আৰু এলিয়াৰ দৰে বিশ্বাসী সেৱকসকলে যেতিয়া সম্পূৰ্ণ হৃদয়েৰে যিহোৱালৈ প্ৰাৰ্থনা কৰিলে, তেতিয়া যিহোৱাই তেওঁলোকৰ প্ৰাৰ্থনা শুনিলে আৰু উত্তৰ দিলে। (১ চমূ. ১:১০, ১১, ২০; ১ ৰাজা. ১৯:৪-৬; গীত. ৩২:৫) যীচুৱে নিজৰ শিষ্যসকলক বাৰে বাৰে প্ৰাৰ্থনা কৰিবলৈ আৰু এই কথাৰ ওপৰত ভৰসা ৰাখিবলৈ কʼলে যে যিহোৱাই তেওঁলোকৰ প্ৰাৰ্থনা শুনে!—মথি ৭:৭-১১.
৪. প্ৰাৰ্থনা কৰাৰ ক্ষেত্ৰত আমি যীচুৰ পৰা কি শিকিব পাৰোঁ?
৪ প্ৰাৰ্থনাৰ ক্ষেত্ৰত যীচুৱে নিজৰ শিষ্যসকলৰ বাবে এক ভাল উদাহৰণ ৰাখিলে। পৃথিৱীত থাকোঁতে তেওঁ বাৰে বাৰে যিহোৱালৈ প্ৰাৰ্থনা কৰিছিল। তেওঁ প্ৰায়ে ব্যস্ত থাকিছিল আৰু লোকসকলে তেওঁৰ আশে-পাশে আছিল, সেইবাবে তেওঁ কেতিয়া প্ৰাৰ্থনা কৰিব এই বিষয়ে তেওঁ আগতীয়াকৈ ভাবিছিল। (মাৰ্ক ৬:৩১, ৪৫, ৪৬) তেওঁ ৰাতিপুৱা সোনকালে উঠিছিল যাতে প্ৰাৰ্থনাত যিহোৱাৰ লগত কথা পাতিব পাৰে। (মাৰ্ক ১:৩৫) এবাৰ যেতিয়া তেওঁ গুৰুত্বপূৰ্ণ নিৰ্ণয় লʼবলগীয়া আছিল, তেতিয়া তেওঁ গোটেই ৰাতি যিহোৱালৈ প্ৰাৰ্থনা কৰিলে। (লূক ৬:১২, ১৩) মৃত্যুৰ আগনিশা যীচুৱে বহু বাৰ প্ৰাৰ্থনা কৰিলে, কিয়নো পৃথিৱীত যিহোৱাই তেওঁক যি দায়িত্ব দিছিল, সেয়া পূৰ কৰিবলগীয়া আছিল।—মথি ২৬:৩৯, ৪২, ৪৪.
৫. প্ৰাৰ্থনা কৰা ক্ষেত্ৰত আমি যীচুৰ দৰে কি কৰিব পাৰোঁ?
৫ যীচুৰ পৰা আমি শিকিব পাৰোঁ যে ব্যস্ত থাকিলেও আমি প্ৰাৰ্থনা কৰাৰ বাবে সময় উলিওৱা উচিত। তেওঁৰ দৰে আমিও ৰাতিপুৱা সোনকালে বা ৰাতি প্ৰাৰ্থনা কৰিবলৈ সময় নিৰ্ধাৰিত কৰিব পাৰোঁ। এইদৰে কৰি আমি দেখুৱাম যে যিহোৱাই প্ৰাৰ্থনা কৰাৰ যি সুযোগ দিছে, তাক আমি কৃতজ্ঞতা দেখুৱাইছোঁ। লিনি নামৰ এগৰাকী ভনীয়ে যেতিয়া জানিব পাৰিলে তাই যিহোৱাক প্ৰাৰ্থনা কৰিব পাৰে, তেতিয়া এই কথাই তাইৰ হৃদয় স্পৰ্শ কৰিলে। তাই এইদৰে কৈছে, “যেতিয়া মই জানিব পাৰিলোঁ যে মই যিহোৱাক যিকোনো সময়তে প্ৰাৰ্থনা কৰিব পাৰোঁ, তেতিয়া মই বুজিব পাৰিলোঁ যে তেওঁ ভাল বন্ধুৰ দৰে হয় আৰু মোৰ এনে অনুভৱ হʼল যে মই আৰু ভালদৰে প্ৰাৰ্থনা কৰা উচিত।” আমাৰ মাজৰ বহুতে এইদৰেই অনুভৱ কৰে। সেইবাবে, আহক এনে পাঁচটা গুৰুত্বপূৰ্ণ বিষয়ে আলোচনা কৰিম যি আমি প্ৰাৰ্থনা কৰাৰ সময়ত মনত ৰাখিব পাৰোঁ।
প্ৰাৰ্থনা কৰাৰ সময়ত এই পাঁচটা গুৰুত্বপূৰ্ণ কথা মনত ৰাখিব পাৰে
৬. প্ৰকাশিত বাক্য ৪:১০, ১১ পদৰ অনুসৰি যিহোৱাই কি পোৱাৰ যোগ্য?
৬ যিহোৱাৰ প্ৰশংসা কৰক। পাঁচনি যোহনে এটা দৰ্শনত দেখিছিল যে ২৪ জন প্ৰাচীনে স্বৰ্গত যিহোৱাৰ উপাসনা কৰিছে। তেওঁলোকে যিহোৱাৰ প্ৰশংসা কৰি এইদৰে কৈছিল, “তুমিয়েই প্ৰশংসা, সমাদৰ আৰু পৰাক্ৰম পোৱাৰ যোগ্য।” (প্ৰকাশিত বাক্য ৪:১০, ১১ পঢ়ক।) বিশ্বাসী স্বৰ্গদূতসকলৰ ওচৰতো যিহোৱাৰ প্ৰশংসা কৰাৰ বহুতো কাৰণ আছে। তেওঁলোকে স্বৰ্গত যিহোৱাৰ লগত থাকে, সেইবাবে তেওঁক ভালদৰে জানে। যিহোৱাই যি কাম কৰে, তাৰ পৰা তেওঁলোকে বুজি পাই যে তেওঁ কেনেধৰণৰ ঈশ্বৰ হয় আৰু তেওঁৰ কি কি গুণ আছে। সেইবাবে, তেওঁলোকে যিহোৱাৰ প্ৰশংসা কৰে।—ইয়ো. ৩৮:৪-৭.
৭. আমি কি কি কথাৰ বাবে যিহোৱাৰ প্ৰশংসা কৰিব পাৰোঁ?
৭ যিহোৱালৈ প্ৰাৰ্থনা কৰাৰ সময়ত আমিও তেওঁৰ প্ৰশংসা কৰিব পাৰোঁ আৰু তেওঁক জনাব পাৰোঁ যে তেওঁৰ কি কথা আমাক ভাল লাগে আৰু কিয়। এয়া আমি কেনেকৈ কৰিব পাৰোঁ? বাইবেল অধ্যয়ন কৰাৰ সময়ত আমি চিন্তা কৰিব পাৰোঁ যে যিহোৱাৰ কি গুণ আৰু কোনটো কথা আমাক ভাল লাগে। (ইয়ো. ৩৭:২৩; ৰোম. ১১:৩৩) তাৰ পাছত যেতিয়া আপুনি প্ৰাৰ্থনা কৰিব, তেতিয়া সেই বিষয়ে তেওঁক জনাওক আৰু প্ৰশংসা কৰক। ইয়াৰ উপৰিও চিন্তা কৰক যে যিহোৱাই আপোনাৰ বাবে আৰু বিশ্বজুৰি ভাই-ভনীসকলৰ বাবে কি কি কৰিছে। তেওঁ আমাৰ যত্ন লয় আৰু সুৰক্ষাও দিয়ে, ইয়াৰ বাবেও আমি তেওঁৰ প্ৰশংসা কৰিব পাৰোঁ।—১ চমূ. ১:২৭; ২:১, ২.
৮. আমি যিহোৱাক কি কি কাৰণৰ বাবে ধন্যবাদ দিব পাৰোঁ? (১ থিচলনীকীয়া ৫:১৮)
৮ যিহোৱাক ধন্যবাদ দিওক। যিহোৱাক ধন্যবাদ দিয়াৰ আমাৰ ওচৰত বহুতো কাৰণ আছে। (১ থিচলনীকীয়া ৫:১৮ পঢ়ক।) আমি চিন্তা কৰিব পাৰোঁ যে আমাৰ ওচৰত কি কি ভাল বস্তু আছে আৰু সেইবোৰৰ বাবে আমি যিহোৱাক ধন্যবাদ দিব পাৰোঁ। কাৰণ আমি সকলো ভাল বস্তু তেওঁৰ পৰাই লাভ কৰিছোঁ। (যাকো. ১:১৭) যেনে: যিহোৱাই আমাক জীৱন, এই সুন্দৰ পৃথিৱী, ভাল বস্তুবোৰ, পৰিয়াল, ভাল বন্ধু আৰু ভৱিষ্যতৰ এক সুন্দৰ আশা দিয়াৰ বাবে তেওঁক ধন্যবাদ দিব পাৰোঁ। ইয়াৰ উপৰিও যিহোৱাই তেওঁৰ লগত বন্ধুত্ব কৰিবলৈ যি সুযোগ দিছে, তাৰ বাবেও আমি তেওঁক ধন্যবাদ দিব পাৰোঁ।
৯. আমি যিহোৱাক কিয় কৃতজ্ঞতা দেখুৱা উচিত?
৯ আমি অলপ সময় উলিয়াই যিহোৱাই আমাৰ বাবে কি কি কৰিছে তাৰ বিষয়ে চিন্তা কৰিব পাৰোঁ যাতে ইয়াৰ বাবে তেওঁক কৃতজ্ঞতা দেখুৱাব পাৰোঁ। আজি পৃথিৱীৰ বেছিভাগ লোকে তেওঁলোকৰ ওচৰত যি আছে তাৰ বাবে কৃতজ্ঞতা দেখুৱাৰ পৰিৱৰ্তে তেওঁলোকক আৰু কি কি বস্তু লাগে আৰু তাক কেনেকৈ লাভ কৰিব পাৰে, কেৱল তাৰ বিষয়েহে চিন্তা কৰে। যদি আমি সাৱধান হৈ নাথাকোঁ, তেনেহʼলে তেওঁলোকৰ চিন্তাধাৰা আমাৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে আৰু যেতিয়া আমি যিহোৱালৈ প্ৰাৰ্থনা কৰোঁ, তেতিয়া তেওঁক ধন্যবাদ দিয়াৰ পৰিৱৰ্তে কিবা নহয় কিবা খুজি থাকিব পাৰোঁ। যদি আমি এইদৰে হোৱাটো নিবিচাৰোঁ, তেনেহʼলে যিহোৱাই আমাৰ বাবে যি যি কৰিলে, তাৰ বিষয়ে চিন্তা কৰিব লাগিব আৰু কৃতজ্ঞতা দেখুৱাব লাগিব। লগতে যিহোৱাক ধন্যবাদ দিব লাগিব।—লূক ৬:৪৫.
১০. কৃতজ্ঞ হোৱাৰ বাবে এগৰাকী ভনীয়ে সমস্যাৰ সময়ত কেনেকৈ ধৈৰ্য্য ধৰিব পাৰিলে? (ছবিখনো চাওক।)
১০ যদি আমি সৰু-সুৰা কথাত কৃতজ্ঞতা দেখুৱাও, তেতিয়া ডাঙৰ-ডাঙৰ সমস্যা আহিলে আমি সাহসেৰে সন্মুখীন হʼব পাৰিম। ভনী কিউং-ছুকৰ উদাহৰণলৈ মন কৰক, তেওঁৰ হাওঁ-ফাওঁত কেন্সাৰ হৈছিল। b তাই এইদৰে কৈছে, “যেতিয়া মই মোৰ বেমাৰৰ বিষয়ে গম পালোঁ, তেতিয়া মই বহুত চিন্তিত হৈ পৰিলোঁ আৰু মোৰ এনে লাগিল যেন মোৰ সকলো শেষ হৈ গʼল।” ভনীয়ে এই কঠিন পৰিস্থিতিৰ কেনেকৈ সন্মুখীন হʼল? তাই এইদৰে কৈছে, “মই সদাই ৰাতি চাদত গৈ জোৰ-জোৰকৈ যিহোৱাক প্ৰাৰ্থনা কৰিছিলোঁ আৰু প্ৰাৰ্থনাত গোটেই দিনৰ এনে পাঁচটা কথাৰ বাবে মই যিহোৱাক ধন্যবাদ দিছিলোঁ, যাৰ বাবে মই কৃতজ্ঞ।” এইদৰে কৰাৰ বাবে কিছু পৰিমানে তাইৰ চিন্তা কম হৈছিল আৰু যিহোৱাৰ প্ৰতি নিজৰ প্ৰেম দেখুৱাব পাৰিছিল। তাই লক্ষ্য কৰিলে যে যেতিয়া যিহোৱাৰ বিশ্বাসী সেৱকসকলে সমস্যাৰ সন্মুখীন হয়, তেতিয়া যিহোৱাই তেওঁলোকৰ যত্ন লয়। তাই এয়াও অনুভৱ কৰিলে যে আমি জীৱনত যিমান সমস্যাৰ সন্মুখীন হওঁ, তাতকৈ বেছি যিহোৱাই আমাক আশীৰ্বাদ দিয়ে। ভনী কিউং-ছুকৰ দৰে আমিও হয়তো কিবা সমস্যাৰ সন্মুখীন হৈ আছোঁ। তথাপি যিহোৱাক কৃতজ্ঞতা দেখুৱাৰ আমাৰ ওচৰত বহুতো কাৰণ থাকিব পাৰে। যদি আমি প্ৰাৰ্থনাত যিহোৱাক ধন্যবাদ দিওঁ, তেতিয়া আমি সমস্যাৰ সময়ত ধৈৰ্য্য ধৰিব পাৰিম আৰু আনন্দত থাকিব পাৰিম।
১১. যীচু স্বৰ্গলৈ যোৱাৰ পাছত তেওঁৰ শিষ্যসকলক কিয় সাহসৰ প্ৰয়োজন আছিল?
১১ প্ৰচাৰ কৰিবলৈ সাহস বিচাৰক। যীচু স্বৰ্গলৈ যোৱাৰ আগতে নিজৰ শিষ্যসকলক সোঁৱৰাই দিয়ে যে তেওঁলোকক এক বিশেষ দায়িত্ব দিয়া হৈছে। শিষ্যসকলে “যিৰূচালেম আদি কৰি গোটেই যিহূদিয়া আৰু চমৰিয়া দেশত, আৰু পৃথিবীৰ সীমালৈকে” তেওঁৰ সাক্ষ্য দিবলগীয়া আছিল। (পাঁচ. ১:৮; লূক ২৪:৪৬-৪৮) কিছু সময়ৰ পাছত পিতৰ আৰু যোহনক যিহূদী ধৰ্ম গুৰুসকলে বন্দী বনালে আৰু যিহূদী মহাসভালৈ লৈ গʼল। ধৰ্ম গুৰুসকলে তেওঁলোকক প্ৰচাৰ নকৰিবলৈ ডাবি-ধমকি দিলে। (পাঁচ. ৪:১৮, ২১) তেতিয়া পিতৰ আৰু যোহনে কি কৰিলে?
১২. পাঁচনিৰ কৰ্ম্ম ৪:২৯-৩১ পদৰ অনুসৰি যীচুৰ শিষ্যসকলে কি কৰিলে?
১২ যিহূদী ধৰ্ম গুৰুসকলে ধমকি দিয়াৰ পাছত পিতৰ আৰু যোহনে কলে, “ঈশ্বৰৰ কথাতকৈ আপোনালোকৰ কথা শুনিবলৈ ঈশ্বৰে দেখাত উচিত হয় নে নহয়, ইয়াক আপোনালোকে বিচাৰ কৰি চাওক, কিয়নো আমি যিহকে দেখিলোঁ, শুনিলোঁ, তাকে নকৈ থাকিব নোৱাৰোঁ।” (পাঁচ.৪:১৯, ২০) যোহন আৰু পিতৰক মুকলি কৰাৰ পাছত তেওঁলোকে যিহোৱাৰ ইচ্ছা পূৰ কৰিবলৈ জোৰকৈ চিঞৰি এইদৰে প্ৰাৰ্থনা কৰিলে, “হাত মেলি আপোনাৰ দাসবিলাকক নিৰ্ভয়ে আপোনাৰ বাক্য কবলৈ দিয়ক।” তেওঁলোকে সম্পূৰ্ণ হৃদয়েৰে প্ৰাৰ্থনা কৰাৰ বাবে যিহোৱাই তেওঁলোকৰ প্ৰাৰ্থনা শুনিলে।—পাঁচনিৰ কৰ্ম্ম ৪:২৯-৩১ পঢ়ক।
১৩. ভাই জিন-হুকৰ পৰা আমি কি শিকিব পাৰোঁ?
১৩ চৰকাৰী অধিকাৰীসকলে যদি প্ৰচাৰ কাম কৰিবলৈ মানা কৰে, তেনেহʼলে আমি প্ৰথম শতিকাৰ শিষ্যসকলৰ দৰ আমি প্ৰচাৰ কৰি থাকিম। ভাই জিন-হুকৰ উদাহৰণলৈ মন কৰক তেওঁ সেনাত ভৰ্তি হʼবলৈ মানা কৰিলে, সেইবাবে তেওঁক জেইলত বন্দী কৰি ৰখা হʼল আৰু তাত তেওঁক অকলে থকা কয়দীসকলক চোৱা-চিতা কৰাৰ কাম দিয়া হʼল। তেওঁলোকৰ প্ৰয়োজনীয়তাৰ বিষয়ে কথা পতাৰ বাহিৰে আন একো নকʼবলৈ আনকি বাইবেলৰ বিষয়েও কথা নাপাতিবলৈ কঠোৰ নিৰ্দেশনা দিয়া হৈছিল। তেওঁ প্ৰাৰ্থনাত যিহোৱাক সাহস আৰু বুদ্ধি বিচাৰিলে, যাতে সুযোগ পালে তেওঁ ভাবি-চিন্তি সত্যৰ বিষয়ে কথা পাতিব পাৰে। (পাঁচ. ৫:২৯) ভাই জিন-হুকে এইদৰে কৈছে, “যিহোৱাই মোক সাহস আৰু বুদ্ধি দিলে, যাৰ বাবে মই বহুতো বাইবেল অধ্যয়ন কৰিব পাৰিলোঁ। মই তেওঁলোকৰ কোঠালিৰ দুৱাৰ মুখত থিয় হৈ পাঁচ পাঁচ মিনিট তেওঁলোকৰ লগত অধ্যয়ন কৰিছিলোঁ। ৰাতি মই তেওঁলোকৰ বাবে চিঠি লিখিছিলোঁ আৰু পাছদিনাখন সেইবোৰ দিছিলোঁ।” ভাই জিন-হুকৰ দৰে আমিও সাহস আৰু বুদ্ধি বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰিব পাৰোঁ আৰু সম্পূৰ্ণ ভৰসা ৰাখিব পাৰোঁ যে যিহোৱাই আমাক তেওঁৰ সেৱা ভালদৰে কৰিবলৈ সহায় কৰিব।
১৪. আমি কিবা সমস্যাৰ সন্মুখীন হʼলে কি কৰিব পাৰোঁ? (গীতমালা ৩৭:৩, ৫)
১৪ সমস্যাৰ সন্মুখীন হʼবলৈ যিহোৱাৰ পৰা সহায় বিচাৰক। আমাৰ মাজৰ বহুতো লোকে বেমাৰত ভুগি আছে বা আন কিবা সমস্যাৰ বাবে নিৰাশাত আছে। হয়তো আমাৰ কোনো আপোনজনাৰ মৃত্যু হৈছে, পৰিয়ালত কিবা সমস্যা হৈছে, বিৰোধ কৰা হৈছে বা আমি আন কিবা সমস্যাৰ সন্মুখীন হৈছোঁ। ইয়াৰ লগতে মহামাৰী আৰু যুদ্ধৰ কাৰণে এই সমস্যাবোৰ সন্মুখীন হʼবলৈ কঠিন হৈছে। সেইবাবে, হৃদয় খুলি যিহোৱালৈ প্ৰাৰ্থনা কৰক। উদাহৰণস্বৰূপে, যেনেকৈ আমি নিজৰ বন্ধুক মনৰ সকলো কথা জনাওঁ, ঠিক সেইদৰে যিহোৱাক জনাওক যে আপুনি কেনে অনুভৱ কৰিছে। আপুনি সম্পূৰ্ণ ভৰসা ৰাখিব পাৰে যে যিহোৱাই আপোনাৰ সহায়ৰ বাবে “কাৰ্য্য” কৰিব।—গীতমালা ৩৭:৩, ৫ পঢ়ক।
১৫. প্ৰাৰ্থনা কৰিলে আমি কনেকৈ ক্লেশৰ সময়ত ধৈৰ্য্য ধৰিব পাৰোঁ? এটা উদাহৰণ দিয়ক।
১৫ প্ৰাৰ্থনাত লাগি থাকিলে আমি ‘ক্লেশৰ সময়তʼ ধৈৰ্য্য ধৰিব পাৰোঁ। (২ কৰি. ১:৪) যিহোৱাই জানে যে তেওঁৰ সেৱকসকলে কেনে পৰিস্থিতিৰ সন্মুখীন হৈছে আৰু তেওঁ “সিবিলাকৰ কাতৰোক্তি শুনি সিবিলাকক ত্ৰাণ কৰিব।” (গীত. ১৪৫:১৮, ১৯) ২৯ বছৰীয়া ভনী কৃষ্টিনেও এইদৰেই অনুভৱ কৰে। তাই অগ্ৰগামী সেৱা কৰি আছিলে আৰু সকলোবোৰ ঠিকে চলি আছিল। হঠাতে তাইৰ স্বাস্থ্য বেয়া হʼল। সেইবাবে, তাই বহুত নিৰাশ হৈ পৰিল। তাৰ পাছত ডাক্তৰে জনালে যে তাইৰ মাকৰ এটা গভীৰ বেমাৰ আছে যাৰ বাবে তাইৰ মৃত্যু হʼব পাৰে। ভনী কৃষ্টিনে এইদৰে কৈছে, “মই প্ৰতিদিনে যিহোৱালৈ প্ৰাৰ্থনা কৰি সাহস বিচাৰিছিলো যাতে কোনোমতে মই সেই দিনটো পাৰ কৰিব পাৰো। নিয়মীয়াকৈ ব্যক্তিগত অধ্যয়ন কৰিবলৈ আৰু সভাবোৰত উপস্থিত হʼবলৈ মই সম্পূৰ্ণৰূপে চেষ্টা কৰিছিলোঁ।”তাই এয়াও কৈছে, “কেতিয়াবা কেতিয়াবা মোৰ এনে অনুভৱ হৈছিল যে মই আৰু সহিব নোৱাৰিম। তেতিয়া প্ৰাৰ্থনা কৰাৰ বাবে মই সাহস লাভ কৰিছিলোঁ। মই জানো যে যিহোৱা সকলো সময়তে মোৰ লগত আছে। এই বিষয়ে ভাবিলে মই বহুত শান্তনা লাভ কৰো। মোৰ স্বাস্থ্য লগে লগে ঠিক হৈ যোৱা নাছিল কিন্তু যিহোৱাই মোৰ প্ৰাৰ্থনা শুনিলে আৰু মই মনৰ শান্তি লাভ কৰিলোঁ।” সেইবাবে, আহক আমি সদায় মনত ৰাখোঁ যে যিহোৱাই নিজৰ ‘ভক্তবিলাকক পৰীক্ষাৰ পৰা কনেকৈ উদ্ধাৰ কৰিবʼ লাগে সেয়া জানে।—২ পিত. ২:৯.
১৬. বেয়া কাম কৰাৰ ইচ্ছাৰ লগত যুঁজিবলৈ আমাক যিহোৱাৰ সহায়ৰ কিয় প্ৰয়োজন?
১৬ বেয়া চিন্তাধাৰাক মনৰ পৰা দূৰ কৰিবলৈ সহায় বিচাৰক। আমি অসিদ্ধ হোৱাৰ বাবে বেয়া কাম কৰাৰ ইচ্ছাৰ লগত প্ৰায়ে যুঁজিবলগীয়া হয়। ইয়াৰ উপৰিও চয়তানে আমাৰ মনত বেয়া চিন্তাধাৰা আনিবলৈ চেষ্টা কৰে। সেইবাবে, এই ইচ্ছাৰ লগত যুঁজিবলৈ আমাৰ বাবে আৰু কঠিন হৈ পৰে। বহু বাৰ সি মনোৰঞ্জনৰ যোগেদিও এইদৰে কৰে। যদি আমি এনেধৰণৰ মনোৰঞ্জন কৰোঁ, যʼত অনৈতিক কামবোৰ দেখুৱা হয়, তেনেহʼলে আমাৰ মন বেয়া চিন্তাধাৰাৰে ভৰি পৰিব। যাৰ ফলত আমি যিহোৱাৰ দৃষ্টিত অশুচি হৈ পৰিম আৰু হয়তো কিবা গম্ভীৰ পাপ কৰিব পাৰোঁ।—মাৰ্ক ৭:২১-২৩; যাকো. ১:১৪, ১৫.
১৭. যিহোৱালৈ প্ৰাৰ্থনা কৰাৰ উপৰিও আমি আৰু কি কৰিব পাৰোঁ, যাতে আমাৰ মনলৈ বেয়া চিন্তাধাৰা নাহে? (ছবিখনো চাওক।)
১৭ যদি আমি বেয়া কাম কৰাৰ ইচ্ছাৰ বিৰূদ্ধে যুজিব বিচাৰোঁ তেনেহʼলে আমাক যিহোৱাৰ সহায়ৰ প্ৰয়োজন। যেতিয়া যীচুয়ে নিজৰ শিষ্যসকলক প্ৰাৰ্থনা কৰিবলৈ শিকাইছিল তেতিয়া তেওঁলোকক এই বিষয়েও প্ৰাৰ্থনা কৰিবলৈ কৈছিল, “আমাক পৰীক্ষালৈ নিনিবা, কিন্তু চয়তানৰ পৰা আমাক ৰক্ষা কৰা।” (মথি ৬:১৩) যিহোৱাই আমাক সহায় কৰিব বিচাৰে, কিন্তু আমিও প্ৰাৰ্থনা কৰি সহায় বিচাৰিব লাগিব আৰু তাৰ অনুসৰি কামো কৰিব লাগিব। আমি এনেধৰণৰ মনোৰঞ্জনৰ পৰা আঁতৰি থাকিব লাগিব, যাক এই জগতৰ লোকসকলে বেয়া বুলি নাভাবে। (গীত. ৯৭:১০) আমি আৰু কি কৰিব পাৰোঁ? বাইবেল অধ্যয়ন কৰি আমি নিজৰ মনত ভাল কথাবোৰ ৰাখিব পাৰোঁ। প্ৰচাৰ আৰু সভাবোৰৰ যোগেদিও আমি আমাৰ মন ভাল কথাবোৰৰ ওপৰত লগাব পাৰোঁ। যদি আমি এইদৰে কৰোঁ, তেনেহʼলে যিহোৱাই আমাক প্ৰতিজ্ঞা কৰিছে যে তেওঁ এনে সমস্যাবোৰ সন্মুখীন হʼবলৈ নিদিব, যিবোৰ আমি সহন কৰিব নোৱাৰোঁ।—১ কৰি. ১০:১২, ১৩.
১৮. প্ৰাৰ্থনা কৰাৰ সময়ত আমি কি কথা মনত ৰাখিব পাৰোঁ?
১৮ সমস্যাৰে ভৰা এই শেষৰ সময়ছোৱাত আমি সকলোৱে আৰু বেছিকৈ প্ৰাৰ্থনা কৰা উচিত, যাতে আমি যিহোৱাৰ বিশ্বাসী হৈ থাকিব পাৰোঁ। আমি ‘সমুদায় মনৰ কথা তেওঁৰ আগত ভাঙি কোৱাটোʼ যিহোৱাই বিচাৰে। (গীত. ৬২:৮) গতিকে প্ৰতিদিনে হৃদয় খুলি যিহোৱালৈ প্ৰাৰ্থনা কৰিবলৈ সময় নিৰ্ধাৰিত কৰক, তেওঁৰ প্ৰশংসা কৰক আৰু তেওঁ আপোনাৰ বাবে যি কৰিলে, তাৰ বাবে ধন্যবাদ দিওক। প্ৰচাৰ কৰিবলৈ সাহস বিচাৰক, সমস্যাৰ সন্মুখীন হʼবলৈ আৰু বেয়া ইচ্ছাক নিয়ন্ত্ৰণ কৰিবলৈ প্ৰাৰ্থনাত যিহোৱাক সহায় বিচাৰক। থিৰাং কৰক যে কোনো কথাই আপোনাক যাতে যিহোৱালৈ প্ৰাৰ্থনা কৰিবলৈ বাধা দিব নোৱাৰে। আপুনি সম্পূৰ্ণ ভৰসা ৰাখিব পাৰে যে যিহোৱাই আপোনাৰ প্ৰাৰ্থনাৰ উত্তৰ নিশ্চয় দিব। তেওঁ এয়া কেনেকৈ কৰিব? এই বিষয়ে আমি পৰৱৰ্তী লেখত আলোচনা কৰিম।
গীত ৪২ ঈশ্বৰৰ সেৱকে কৰা প্ৰাৰ্থনা
a আমাৰ প্ৰাৰ্থনা এনে এখন চিঠিৰ দৰে হোৱাটো আমি বিচাৰোঁ, যি আমি আমাৰ বন্ধুলৈ লিখোঁ। কিন্তু কেতিয়াবা প্ৰাৰ্থনা কৰিবলৈ সময় উলিওৱাটো কঠিন হʼব পাৰে বা প্ৰাৰ্থনাত কি কম সেয়া বুজি নাপাবও পাৰোঁ। এই লেখত আমি এই দুটা বিষয়ৰ ওপৰত আলোচনা কৰিম।