পাঠকসকলৰ প্ৰশ্ন
দ্বিতীয় চমূৱেল ২১:৭-৯ পদত এইদৰে কিয় লিখা আছে যে দায়ূদে “মফীবোচতক দয়া” কৰিলে আৰু তাৰ পাছত মফীবোচতক হত্যা কৰিলে?
এই পদবোৰ খৰ-ধৰকৈ পঢ়িলে সকলোৰে মনলৈ এই প্ৰশ্ন আহিব পাৰে। কিন্তু এই পদবোৰত মফীবোচৎ নামৰ দুজন বেলেগ বেলেগ ব্যক্তিৰ বিষয়ে লিখা আছে। আহক চাওঁ আচলতে কি হৈছিল আৰু ইয়াৰপৰা আমি কিছুমান কথাও শিকিব পাৰোঁ।
ইস্ৰায়েলৰ ৰজা চৌলৰ পাঁচজন লʼৰা আৰু দুজনী ছোৱালী আছিল। প্ৰথম লʼৰাজনৰ নাম আছিল যোনাথন। পাছত চৌলৰ উপপত্নী ৰিস্পাই আৰু এজন সন্তানক জন্ম দিয়ে। তেওঁৰ নাম আছিল মফীবোচৎ। আমি জানোঁ যে যোনাথনৰ এজন লʼৰাৰ নামো মফীবোচৎ আছিল। গতিকে ৰজা চৌলৰ পৰিয়ালত মফীবোচৎ নামৰ দুজন ব্যক্তি আছিল। এজন তেওঁৰ লʼৰা আৰু আনজন তেওঁৰ নাতিয়েক।
ৰজা চৌলে গিবিয়োনীয়াসকলক ঘিণ কৰিছিল আৰু তেওঁলোকক হত্যা কৰিবলৈ চেষ্টা কৰিছিল আৰু কেইবাজনক হত্যাও কৰিছিল। কিন্তু এনে কৰাটো ভুল আছিল, কিয়নো যিহোচূৱাৰ সময়ত ইস্ৰায়েলৰ প্ৰধানসকলে গিবিয়োনীয়াসকলৰ লগত শান্তিৰ নিয়ম স্থাপন কৰিছিল আৰু ইস্ৰায়েলীসকলে তেওঁলোকক কেতিয়াও ধ্বংস নকৰিব বুলি প্ৰতিজ্ঞা কৰিছিল।—যিহো. ৯:৩-২৭.
সেই নিয়মটো চৌলৰ দিনতো প্ৰযোজ্য আছিল। কিন্তু চৌলে সেই নিয়মৰ বিৰুদ্ধে গৈ বহুতো গিবিয়োনীয়াক হত্যা কৰিলে। সেইবাবে, ‘চৌল আৰু তেওঁৰ বংশ ৰক্তপাতী’ হʼল। (২ চমূ. ২১:১) পাছত যেতিয়া দায়ূদে ৰজা হʼল, তেতিয়া বাচি থকা গিবিয়োনীয়াসকলে তেওঁক কৈছিল যে পৌলে কিমান ডাঙৰ পাপ কৰিলে। দায়ূদে তেওঁলোকক সুধিছিল এই পাপৰ প্ৰায়শ্চিত কৰিবলৈ তেওঁ কি কৰিব পাৰে, যাতে ইস্ৰায়েলত যিহোৱাৰ আশীৰ্বাদ সদায় থাকে। গিবিয়োনীয়াসকলে তেওঁক সোন-ৰূপ বিচৰাৰ পৰিৱৰ্তে চৌলৰ সাতজন পুত্ৰক তেওঁলোকৰ হাতত গতাই দিবলৈ কৈছিল, কিয়নো চৌলে তেওঁলোকক ‘বিনষ্ট’ কৰিবলৈ ষড়যন্ত্ৰ কৰিছিল। দায়ূদে তেওঁলোকৰ কথা মানিলে।—২ চমূ. ২১:২-৬; গণ. ৩৫:৩০, ৩১.
সেই সময়লৈকে চৌল আৰু যোনাথনৰ এটা যুদ্ধত মৃত্যু হৈ গৈছিল। কিন্তু যোনাথনৰ পুত্ৰ মফীবোচৎ জীৱিত আছিল। তেওঁ সৰুতে এটা দুৰ্ঘটনাৰ বাবে পংগু হৈ পৰিছিল আৰু গিবিয়োনীয়াসকলক ধ্বংস কৰাত তেওঁ নিজৰ ককা চৌলক সমৰ্থন কৰা নাছিল। দায়ূদে বহুবছৰৰ আগতে যোনাথনৰ লগত বন্ধুত্বৰ নিয়ম স্থাপন কৰিছিল, যাৰ বাবে মফীবোচৎ আৰু যোনাথনৰ বংশয়ো লাভৱান হʼলহেঁতেন। (১ চমূ. ১৮:১; ২০:৪২) বাইবেলত লিখা আছে “দায়ূদৰ আৰু চৌলৰ পুত্ৰ যোনাথনৰ মাজত যিহোৱাৰ নামেৰে কৰা শপতৰ কাৰণে, ৰজাই [দায়ূদ] চৌলৰ নাতিয়েক যোনাথনৰ পুত্ৰ মফীবোচতক দয়া কৰি ৰক্ষা কৰিলে।”—২ চমূ. ২১:৭.
দায়ূদে গিবিয়োনীয়াসকলৰ কথা মানিলে আৰু চৌলৰ বংশৰপৰা সাতজন পুৰুষক তেওঁলোকৰ হাতত গতাই দিলে। তেওঁলোকৰ মাজৰ দুজন চৌলৰ পুত্ৰ আছিল। এজনৰ নাম মফীবোচৎ আছিল আৰু বাকি পাঁচজন তেওঁৰ নাতিয়েক আছিল। (২ চমূ. ২১:৮, ৯) এইদৰে দায়ূদে ইস্ৰায়েল দেশক ৰক্তপাতৰপৰা মুক্ত কৰিলে।
এই ঘটনাৰপৰা আমি বহুতো কথা শিকোঁ। ঈশ্বৰৰ নিয়মত লিখা আছে যে ‘সন্তানৰ দোষত পিতৃৰ প্ৰাণদণ্ড কৰা নহব।’ (দ্বিতী. ২৪:১৬) চৌলৰ পাপৰ বাবে তেওঁৰ পুত্ৰ আৰু নাতিয়েকসকলক হত্যা কৰা নাছিল। জানিব পৰা গৈছে যে চৌলে গিবিয়োনীয়াসকলক ধ্বংস কৰাৰ সময়ত সেই সাতজন ব্যক্তিয়ে চৌলক সহযোগ কৰিছিল। সেইবাবে, দায়ূদে তেওঁলোকক শাস্তি দিলে। নিয়মত এয়াও লিখা আছে যে “প্ৰতিজনে নিজ নিজ পাপৰ কাৰণে প্ৰাণদণ্ড ভোগ কৰিব।” সেই সাতজন ব্যক্তি নিৰ্দোষী হোৱা হʼলে তেওঁলোকৰ লগত অন্যায় হৈছে বুলি যিহোৱাই কিবা নহয় কিবা উপায়েৰে প্ৰকাশ কৰিলেহেঁতেন।
এই ঘটনাৰপৰা আমি শিকিলোঁ যে যদি এজন ব্যক্তিয়ে কাৰোবাৰ আদেশ পালন কৰি বেয়া কাম কৰে, তেনেহʼলে তেওঁ এইদৰে কʼব নোৱাৰে যে ‘মই নিৰ্দোষী হয় আৰু মোক যি কৰিবলৈ কোৱা হৈছে, মই কেৱল সেয়াই কৰিলোঁ।’ ইয়াৰ পৰিৱৰ্তে তেওঁ মনত ৰখা উচিত যে তেওঁৰ প্ৰতিটো নিৰ্ণয়ৰ দায়িত্ব নিজে লʼব লাগিব। কিয়নো বাইবেলত কোৱা আছে: “প্ৰতিজনে নিজে নিজৰ ভাৰ বব।”—গালা. ৬:৫; ইফি. ৫:১৫.