Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ৫০

মৃতবিলাকক কেনেকৈ জীৱিত কৰা হʼব?

মৃতবিলাকক কেনেকৈ জীৱিত কৰা হʼব?

“হে মৃত্যু, তোমাৰ জয় কʼত? হে মৃত্যু, তোমাৰ হুল কʼত?”—১ কৰি. ১৫:৫৫.

গীত ১৪১ জীৱনৰ আচৰিত কৰ্ম

লেখৰ এক আভাস a

১-২. সকলো খ্ৰীষ্টানে স্বৰ্গীয় পুনৰুত্থানৰ ওপৰত কিয় ধ্যান দিয়া উচিত?

 আজি যিহোৱাৰ বেছিভাগ সেৱকে এই পৃথিৱীতে অনন্ত কাল জীয়াই থকাৰ বাবে আশা ৰাখে। আমাৰ মাজৰ কিছুমান অভিষিক্ত ভায়ে স্বৰ্গত জীৱন লাভ কৰিবলৈ আশা ৰাখে। অভিষিক্ত ভাইসকলে এই বিষয়ে জানিব বিচাৰে যে স্বৰ্গত তেওঁলোকৰ জীৱন কেনেকুৱা হʼব? এই বিষয়ে পৃথিৱীত অনন্ত কাল জীয়াই থকাৰ বাবে আশা থকা লোকসকলেও ধ্যান দিয়া উচিত। কিয়নো যেতিয়া অভিষিক্ত লোকসকলৰ মৃত্যু হʼব আৰু স্বৰ্গত তেওঁলোকক অনন্ত জীৱন দিয়া হʼব, তেতিয়া পৃথিৱীত জীয়াই থকা লোকসকলেও আশীৰ্বাদ লাভ কৰিব। আমাৰ আশা স্বৰ্গ বা পৃথিৱী যʼতেই নহওক কিয়, আমি সকলোৱে অভিষিক্ত খ্ৰীষ্টানসকলৰ পুনৰুত্থানৰ বিষয়ে ধ্যান দিয়া উচিত।

প্ৰথম শতিকাৰ যীচুৰ কিছুমান শিষ্যই ঈশ্বৰৰ প্ৰেৰণাৰে স্বৰ্গীয় আশাৰ বিষয়ে লিখিছিল। উদাহৰণস্বৰূপে পাঁচনি যোহনে এইদৰে লিখিছিল, “এতিয়া আমি ঈশ্বৰৰ সন্তান আছোঁ; কিন্তু পাছত কি হম, সেয়ে এতিয়ালৈকে প্ৰকাশিত হোৱা নাই। তেওঁ প্ৰকাশিত হলে, আমি তেওঁৰ নিচিনা হম, ইয়াকে জানো।” (১ যোহ. ৩:২) গতিকে, অভিষিক্ত খ্ৰীষ্টানসকলে এই বিষয়ে নাজানে যে যেতিয়া স্বৰ্গত তেওঁলোকক আত্মিক শৰীৰেৰে পুনৰুত্থান কৰা হʼব, তেতিয়া তেওঁলোকৰ জীৱন কেনেকুৱা হʼব। কিন্তু এয়া নিশ্চিত যে তেওঁলোকে যিহোৱাক স্বৰ্গত দেখিবলৈ পাব। স্বৰ্গত তেওঁলোকৰ জীৱন কেনেকুৱা হʼব, তাৰ বিষয়ে বাইবেলত সকলো তথ্য উল্লেখ কৰা হোৱা নাই। কিন্তু প্ৰথম কৰিন্থীয়া ১৫ অধ্যায়ত ইয়াৰ বিষয়ে কিছুমান তথ্য উল্লেখ কৰা হৈছে। ইয়াত উল্লেখ কৰা হৈছে যে যেতিয়া যীচুৱে “সকলো শাসন, ক্ষমতা, আৰু পৰাক্ৰম লোপ” কৰিব, তেতিয়া অভিষিক্ত খ্ৰীষ্টানসকলেও তেওঁৰ লগত থাকিব। সেইসময়ত খ্ৰীষ্টই ‘শেষ শত্ৰু মৃত্যুকো’ নাইকিয়া কৰিব। অৱশেষত যীচু আৰু তেওঁৰ সহশাসকসকলে সকলো যিহোৱাৰ হাতত গতাই দিব আৰু নিজেও তেওঁৰ অধীনত থাকিব। (১ কৰি. ১৫:২৪-২৮) সেয়া কি যে এক আনন্দৰ সময় হʼব! b

৩. (ক) প্ৰথম কৰিন্থীয়া ১৫:৩০-৩২ পদৰ অনুসৰি পৌলে কি কি সহন কৰিছিল? (খ) পৌলে এই সকলো কিয় সহন কৰিব পাৰিলে?

পুনৰুত্থানৰ বিষয়ে পৌলৰ সম্পূৰ্ণ বিশ্বাস আছিল। সেইবাবে, তেওঁ বহুতো সমস্যা সহন কৰিব পাৰিলে। (১ কৰিন্থীয়া ১৫:৩০-৩২ পঢ়ক।) তেওঁ কৰিন্থীয়া নামৰ চিঠিখনত এইদৰে লিখিছিল, “মই দিনে দিনে মৃত্যু-মুখত আছোঁ।” তেওঁ এয়াও কৈছিল, “মই . . . ইফিচত বনৰীয়া জন্তুৰে সৈতে যুদ্ধ কৰিলোঁ।” পৌলে হয়তো ইফিচত কোনো জন্তুৰ লগত সঁচাকৈ যুদ্ধ কৰিছিল। (২ কৰি. ১:৮; ৪:১০; ১১:২৩) অথবা তেওঁ হয়তো সেই যিহূদী আৰু আন বিৰোধীৰ বিষয়ে কৈছিল, যিসকলে তেওঁৰ লগত ‘বনৰীয়া জন্তুৰ’ দৰে ব্যৱহাৰ কৰিছিল। (পাঁচ. ১৯:২৬-৩৪; ১ কৰি. ১৬:৯) সঁচাকৈ পৌলে বহুতো সমস্যাৰ সন্মুখীন হৈছিল। তথাপি তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছিল যে ভৱিষ্যতে তেওঁ নিজৰ পুৰস্কাৰ নিশ্চয় লাভ কৰিব।—২ কৰি. ৪:১৬-১৮.

আমাৰ কাম নিষেধ কৰা দেশত এটা খ্ৰীষ্টান পৰিয়ালে বাস কৰে। তথাপি এই পৰিয়ালে যিহোৱাৰ সেৱা কৰি থাকে। কিয়নো তেওঁলোকৰ সম্পূৰ্ণ বিশ্বাস আছে যে নতুন পৃথিৱীত যিহোৱাই তেওঁলোকক এনে জীৱন দিব, যি বৰ্তমান সময়তকৈ বহুগুণে ভাল হʼব। (অনুচ্ছেদ ৪ চাওক)

৪. পুনৰুত্থানৰ আশাৰ বাবে আজি আমাৰ ভাই-ভনীসকলে কেনেকৈ সাহস দেখুৱাইছে? (বেটুপাতত দিয়া ছবিখন চাওক।)

আজি আমি বহুতো বিপদৰ সন্মুখীন হওঁ। আমাৰ কিছুমান ভাই-ভনীয়ে অপৰাধৰ সন্মুখীন হৈছে। আন কিছুমান ভাই-ভনীয়ে যুদ্ধ হোৱা এলেকাত বাস কৰে। তাত তেওঁলোকৰ জীৱন সদায় বিপদত থাকে। কিছুমান ভাই-ভনীয়ে প্ৰচাৰ কামক নিষেধ কৰা দেশত বা আমাৰ কামক সম্পূৰ্ণৰূপে বন্ধ কৰা দেশত বাস কৰে। তেওঁলোকৰ সকলো সময়তে ভয় থাকে যে যদি তেওঁলোকে ধৰা পৰে, তেনেহʼলে তেওঁলোকক জেলত বন্দী কৰা হʼব নাইবা মৃত্যুদণ্ড দিয়া হʼব। তথাপি তেওঁলোকে যিহোৱাৰ সেৱা কৰি আছে। এই ভাই-ভনীসকলে সমস্যাৰ সত্ত্বেও যিহোৱাৰ উপাসনা কৰিবলৈ কেতিয়াও এৰি নিদিয়ে। তেওঁলোক আমাৰ বাবে এক ভাল উদাহৰণ। তেওঁলোকৰ সম্পূৰ্ণ ভৰসা আছে যে যদি আজি তেওঁলোকৰ মৃত্যুও হৈ যায়, তেনেহʼলে নতুন পৃথিৱীত যিহোৱাই তেওঁলোকক জীয়াই তুলিব। তেতিয়া তেওঁলোকৰ জীৱন আজিতকৈ ভাল হʼব।

৫. আমি কেনেধৰণৰ চিন্তাধাৰাৰপৰা সাৱধান হোৱা উচিত?

পৌলৰ সময়ত কিছুমান লোকে ভুল ধাৰণা ৰাখিছিল। তেওঁলোকে কৈছিল, “মৃতবিলাকক যদি তোলা নহয়, তেন্তে আহাঁ, আমি ভোজন-পান কৰোঁহঁক; কিয়নো কালিলৈ মৰিম।” পৌলে তাত থকা খ্ৰীষ্টানসকলক এনেধৰণৰ চিন্তাধাৰা ৰখাৰপৰা সতৰ্ক কৰিছিল। পৌলৰ সময়ৰ বহুবছৰৰ আগতে কিছুমান ইস্ৰায়েলীয়ে এনেধৰণৰ চিন্তাধাৰা ৰাখিছিল। পৌলে হয়তো যিচয়া ২২:১৩ পদৰ উদ্ধৃতি দিছিল। ইস্ৰায়েলীসকলে ঈশ্বৰৰ লগত নিজৰ সম্পৰ্ক দৃঢ় কৰাৰ পৰিৱৰ্তে মনোৰঞ্জন কৰাত ব্যস্ত আছিল। তেওঁলোকে ভাবিছিল, “খাই-বৈ আনন্দ কৰা, কালিলৈ কি হʼব, কোনে জানে।” আজিও বহুতোলোকে এইদৰে বিশ্বাস কৰে। কিন্তু এনেধৰণৰ চিন্তাধাৰা ৰাখিলে পৰিণাম সদায় বেয়া হয়। ইস্ৰায়েলীসকলেও এনেধৰণৰ পৰিণাম ভুগিবলগীয়া হৈছিল।—২ বং. ৩৬:১৫-২০.

৬. কেৱল আজিৰ বাবে জীয়াই থকা লোকসকলৰ লগত আমি কিয় বন্ধুত্ব কৰা উচিত নহয়?

এই কথাৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে যে যদি আমাৰ মৃত্যুও হৈ যায়, তেনেহʼলে ঈশ্বৰে আমাক পুনৰ জীৱিত কৰিব। সেইবাবে, আমি এনে লোকসকলৰ লগত বন্ধুত্ব কৰা উচিত নহয়, যিসকলে ভৱিষ্যতে কোনো আশা নাৰাখে আৰু এই জীৱনেই সকলো হয় বুলি বিশ্বাস কৰে। পৌলেও কৰিন্থৰ খ্ৰীষ্টানসকলক এনে লোকসকলৰপৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিছিল। যিসকলে কেৱল আজিৰ বাবে জীয়াই থাকে, তেওঁলোকৰ লগত মিলা-মিচা কৰিলে আমাৰ চিন্তাধাৰা তেওঁলোকৰ দৰে হʼব পাৰে আৰু আমাৰ ভাল অভ্যাস নাইকিয়া হʼব পাৰে। তাৰ পাছত হয়তো আমি ঈশ্বৰে ঘৃণা কৰা কামো কৰিব পাৰোঁ। সেইবাবে, পৌলে এইদৰে কৈছিল, “ধাৰ্ম্মিকভাৱে সচেতন হোৱা; পাপ নকৰিবা।”—১ কৰি. ১৫:৩৩, ৩৪.

তেওঁলোকক কেনেধৰণৰ শৰীৰ দিয়া হয়?

৭. প্ৰথম কৰিন্থীয়া ১৫:৩৫-৩৮ পদৰ অনুসৰি কিছুমান লোকে হয়তো কি প্ৰশ্ন কৰে?

প্ৰথম কৰিন্থীয়া ১৫:৩৫-৩৮ পঢ়ক। পুনৰুত্থানৰ ওপৰত বিশ্বাস নকৰা ব্যক্তিয়ে আনৰ মনত সন্দেহ জন্মাবলৈ এই প্ৰশ্ন সোধে, “মৃতবিলাকক কেনেকৈ তোলা যায়?” পৌলে নিজৰ চিঠিত ইয়াৰ উত্তৰ দিছে। তেওঁৰ কথাৰ ওপৰত আমি ধ্যান দিয়া উচিত। কিয়নো মৃত্যুৰ পাছত এজন ব্যক্তিৰ কি হয়, ইয়াৰ বিষয়ে আজিও লোকসকলে বেলেগ বেলেগ ধাৰণা ৰাখে। আহক চাওঁ পৌলে কি কৈছিল?

পৌলে এটা গুটি আৰু পুলিৰ উদাহৰণ দি বুজালে যে যেতিয়া ঈশ্বৰে লোকসকলক জীৱিত কৰে, তেতিয়া তেওঁলোকক যেনে শৰীৰ দিয়া উচিত তেনে শৰীৰ দিব পাৰে (অনুচ্ছেদ ৮ চাওক)

৮. পৌলে কি উদাহৰণ দিছিল?

মৃত্যুৰ পাছত এজন ব্যক্তিৰ শৰীৰ নষ্ট হৈ যায়। কিন্তু যিজনে গোটেই বিশ্ব-ব্ৰহ্মাণ্ডক সৃষ্টি কৰিছে, তেওঁ এজন ব্যক্তিক জীৱিত কৰি তেওঁক পুনৰ শৰীৰ দিয়াটো তেওঁৰ বাবে অসম্ভৱ নহয়। (আদি. ১:১; ২:৭) পৌলে এটা উদাহৰণ দি বুজাইছিল যে এজন ব্যক্তিক জীৱিত কৰিবলৈ একেটা শৰীৰৰ প্ৰয়োজন নাই। পৌলে এটা ‘গুটিৰ’ উদাহৰণ দিছিল। যেতিয়া কোনো গুটি মাটিত সিঁচা হয়, তেতিয়া ই কিছুদিনৰ পাছত বাঢ়িবলৈ ধৰে আৰু তাৰপৰা এটা পুলি ওলাই আহে। এই পুলি দেখিবলৈ গুটিৰপৰা একেবাৰে বেলেগ। পৌলে এই উদাহৰণৰপৰা বুজাইছে যে আমাৰ সৃষ্টিকৰ্তাই নিজৰ ইচ্ছা অনুসৰি এজন ব্যক্তিক শৰীৰ দিব পাৰে।

৯. প্ৰথম কৰিন্থীয়া ১৫:৩৯-৪১ পদত পৌলে বেলেগ বেলেগ শৰীৰৰ বিষয়ে কি বুজাইছে?

প্ৰথম কৰিন্থীয়া ১৫:৩৯-৪১ পঢ়ক। এই পদবোৰত পৌলে কৈছে যে ঈশ্বৰে বেলেগ বেলেগ শৰীৰ দি অসংখ্য জীৱক সৃষ্টি কৰিছে। উদাহৰণস্বৰূপে, জীৱ-জন্তু, চৰাই-চিৰিকটি আৰু মাছৰ শৰীৰ ইটো-সিটোতকৈ একেবাৰে বেলেগ। পৌলে এয়াও কৈছে যে সূৰ্য আৰু চন্দ্ৰৰ মাজতো পাৰ্থক্য আছে। এটা তৰাৰ কান্তি আন এটা তৰাৰ কান্তিতকৈ বেলেগ হয়। এই পাৰ্থক্য আমি নিজ চকুৰে দেখা নাপাওঁ। কিন্তু বৈজ্ঞানিকসকলে কৈছে যে বিভিন্ন ধৰণৰ তৰা আছে। কিছুমান বৰ ডাঙৰ আৰু কিছুমান সৰু থাকে। কিছুমান ৰঙা, বগা আৰু হালধীয়া ৰঙৰ থাকে। যেনে আমাৰ সূৰ্য্য হালধীয়া ৰঙৰ হয়। পৌলে এইদৰেও কৈছে যে “স্বৰ্গীয়বিলাকৰ কান্তি (শৰীৰ) এক প্ৰকাৰ, আৰু পাৰ্থিববিলাকৰো এক প্ৰকাৰ।” কেনেকৈ বাৰু? পৃথিৱীত থকা লোকসকলৰ শৰীৰ হাড় মঙহৰ দ্বাৰা গঠিত। স্বৰ্গত থকাবিলাকৰ আত্মিক শৰীৰ আছে, যেনে স্বৰ্গদূত।

১০. স্বৰ্গত জীৱিত কৰা লোকসকলে কেনেধৰণৰ জীৱন লাভ কৰে?

১০ মন কৰক যে পৌলে গুটিৰ উদাহৰণ দি কি কৈছিল, “সেইদৰে মৃতবিলাকৰ পুনৰুত্থানো। যিহক ৰোৱা যায়, সেয়ে ক্ষয়ৰ পাত্ৰ; যিহক তোলা হয়, সেয়ে অক্ষয়তাৰ পাত্ৰ।” এজন ব্যক্তিৰ মৃত্যুৰ পাছত তেওঁৰ শৰীৰ নষ্ট হৈ যায় আৰু মাটিত মিলি যায়। (আদি. ৩:১৯) তেনেহʼলে তেওঁৰ শৰীৰক কিয় “অক্ষয়তাৰ পাত্ৰ” বুলি কোৱা হৈছে? পৃথিৱীত জীৱিত কৰা লোকসকলৰ বিষয়ে পৌলে কোৱা নাছিল। যেনে এলিয়া, ইলীচা আৰু যীচুৱে জীৱিত কৰা লোকসকল। পৌলে এয়া কৈছিল যে যিসকলক স্বৰ্গত জীৱিত কৰা হয়, তেওঁলোকক আত্মিক শৰীৰ দিয়া হয় আৰু সেই শৰীৰ “অক্ষয়তাৰ পাত্ৰ” হয়।—১ কৰি. ১৫:৪২-৪৪.

১১-১২. (ক) যেতিয়া যীচুক জীৱিত কৰা হৈছিল, তেতিয়া তেওঁক কেনেকুৱা শৰীৰ দিয়া হৈছিল? (খ) অভিষিক্ত খ্ৰীষ্টানসকলকো কেনেধৰণৰ শৰীৰ দিয়া হয়?

১১ পৃথিৱীত থকাৰ সময়ত যীচুৰ হাড় মঙহৰ শৰীৰ আছিল। কিন্তু মৃত্যুৰ পাছত যেতিয়া তেওঁক জীৱিত কৰা হৈছিল, তেতিয়া তেওঁক এক আত্মিক শৰীৰ দিয়া হৈছিল আৰু এই শৰীৰেৰে তেওঁ স্বৰ্গলৈ উভতি গʼল। কিয়নো পৌলে কৈছে যে তেওঁ “জীৱনদায়ক আত্মা” হয়। ঠিক সেইদৰে অভিষিক্ত খ্ৰীষ্টানসকলৰ মৃত্যু হʼলে তেওঁলোকক জীৱিত কৰি আত্মিক শৰীৰ দিয়া হয়। পৌলে এইদৰে কৈছে, “আমি যেনেকৈ সেই মৃন্ময় জনৰ মূৰ্ত্তি ধাৰণ কৰিলোঁ, তেনেকৈ সেই স্বৰ্গীয় জনাৰ মূৰ্ত্তিও ধাৰণ কৰিম।”—১ কৰি. ১৫:৪৫-৪৯.

১২ আমি মনত ৰখা উচিত যে যেতিয়া যীচুক জীৱিত কৰা হৈছিল, তেতিয়া তেওঁক হাড় মঙহৰ শৰীৰ দিয়া নাছিল। ইয়াৰ কাৰণ উল্লেখ কৰি পৌলে এইদৰে কৈছে, “মাংস আৰু তেজ ঈশ্বৰৰ ৰাজ্যৰ অধিকাৰী হব নোৱাৰে।” (১ কৰি. ১৫:৫০) পাঁচনি আৰু আন অভিষিক্ত খ্ৰীষ্টানসকলক ক্ষয় হোৱা হাড় মঙহেৰে স্বৰ্গত জীৱিত কৰা নহʼব। এতিয়া প্ৰশ্ন হয় পাঁচনি আৰু আন লোকসকলে কেতিয়া স্বৰ্গত জীৱন লাভ কৰিব? পৌলে কৈছিল যে মৃত্যুৰ লগে লগে তেওঁলোকক জীৱিত কৰা নহʼব, ইয়াৰ পৰিৱৰ্তে পাছতহে তেওঁলোকক জীৱন দিয়া হʼব। পৌলে কৰিন্থীয়া নামৰ প্ৰথম চিঠিখন লিখাৰ সময়ত কিছুমান শিষ্যই “নিদ্ৰিত” হৈছিল, যেনে পাঁচনি যাকোব। (পাঁচ. ১২:১, ২) আন পাঁচনি আৰু অভিষিক্ত লোকসকলেও কিছু সময়ৰ পাছত “নিদ্ৰিত” হʼবলগীয়া আছিল।—১ কৰি. ১৫:৬.

মৃত্যুৰ ওপৰত জয়লাভ

১৩. যীচুৰ “আগমনৰ” সময়ছোৱাত কি কি ঘটনা ঘটিব?

১৩ যীচু আৰু পৌল দুয়োজনে এনে এক সময়ৰ বিষয়ে ভৱিষ্যতবাণী কৰিছিল, যি ইতিহাসত এক গুৰুত্বপূৰ্ণ হয়। সেয়া হৈছে খ্ৰীষ্টৰ আগমনৰ সময়। সেই সময়ছোৱাত গোটেই পৃথিৱীত যুদ্ধ, ভুমিকম্প, মহামাৰী আৰু এনেধৰণৰ বহুতো ঘটনা ঘটিবলগীয়া আছিল। এই ভৱিষ্যতবাণী ১৯১৪ চনৰপৰা পূৰ হৈ আছে। বাইবেলত উল্লেখ কৰা হৈছে যে খ্ৰীষ্টৰ আগমনৰ সময়ছোৱাত বেয়া ঘটনাৰ উপৰিও ভাল ঘটনাও ঘটিব। যীচুৱে কৈছিল যে ঈশ্বৰৰ ৰাজ্য আৰম্ভ হʼল বুলি গোটেই পৃথিৱীত প্ৰচাৰ কৰা হʼব। তেওঁ এইদৰে কৈছিল, “সকলো জাতিলৈ সাক্ষ্য হবলৈ, ৰাজ্যৰ এই শুভবাৰ্তা গোটেই জগততে ঘোষণা কৰা হব; তেতিয়াহে শেষ হব।” (মথি ২৪:৩, ৭-১৪) পৌলে কৈছিল যে “খ্ৰীষ্টৰ আগমনত” আৰু এটা ভাল ঘটনা ঘটিব। যিসকল অভিষিক্ত খ্ৰীষ্টানে “নিদ্ৰিত” হৈছে, তেওঁলোকক জীৱিত কৰি স্বৰ্গত জীৱন দিয়া হʼব।—১ থিচ. ৪:১৪-১৬; ১ কৰি. ১৫:২৩.

১৪. খ্ৰীষ্টৰ আগমনৰ সময়ছোৱাত যিসকল অভিষিক্ত খ্ৰীষ্টানৰ মৃত্যু হয়, তেওঁলোকক কেতিয়া জীৱিত কৰা হয়?

১৪ আজি যিসকল অভিষিক্ত খ্ৰীষ্টানৰ মৃত্যু হয়, তেওঁলোকক লগে লগে জীৱিত কৰি স্বৰ্গত জীৱন দিয়া হয়। ইয়াৰ প্ৰমাণ আমি ১ কৰিন্থীয়া ১৫:৫১, ৫২ পদত পাওঁ। ইয়াত এইদৰে কৈছে, “আমি সকলোৱেই নিদ্ৰিত নহম; কিন্তু শেষৰ তূৰী-ধ্বনিত, এক তিলেকত, চকুৰ পচাৰতে ৰূপান্তৰিত হম।” পৌলৰ এই বাক্য আজি পূৰ হৈ আছে। খ্ৰীষ্টৰ ভাইসকলক যেতিয়া জীৱিত কৰা হয়, তেতিয়া তেওঁলোক বৰ আনন্দিত হয়। কিয়নো তেওঁলোক সদায় “প্ৰভুৰ সঙ্গী” হৈ থাকিব।—১ থিচ. ৪:১৮.

অতি সোনকালে অভিষিক্ত খ্ৰীষ্টানে যীচুৰ লগত মিলি ৰাষ্ট্ৰক ডোখৰ ডোখৰ কৰি দিব (অনুচ্ছেদ ১৫ চাওক)

১৫. অতি সোনকালে অভিষিক্ত খ্ৰীষ্টানসকলক স্বৰ্গত কি কাম দিয়া হʼব?

১৫ বাইবেলে কৈছে যে অভিষিক্ত খ্ৰীষ্টানসকলক স্বৰ্গত কি কাম দিয়া হʼব। যীচুৱে তেওঁলোকক এইদৰে কৈছে, “যি জনে জয় কৰি শেষলৈকে মোৰ কৰ্ম্মবোৰ পালন কৰে, মই যেনেকৈ পিতৃৰ পৰা পালোঁ, সেই দৰে তেওঁক পৰজাতিবিলাকৰ ওপৰত ক্ষমতা দিম। তাতে কুমাৰৰ পাত্ৰ যেনেকৈ ডোখৰ ডোখৰ হয়, তেনেকৈ তেওঁ লোহাৰ দণ্ডেৰে তেওঁবিলাকক শাসন কৰিব।” (প্ৰকা. ২:২৬, ২৭) অভিষিক্ত খ্ৰীষ্টানসকলে নিজৰ সেনাধ্যক্ষ যীচুক অনুকৰণ কৰি লোহাৰ দণ্ডেৰে ৰাজ্য শাসন কৰিব।—প্ৰকা. ১৯:১১-১৫.

১৬. মানৱজাতিয়ে মৃত্যুৰ ওপৰত কেনেকৈ জয়লাভ কৰিব?

১৬ স্বৰ্গত জীৱিত হোৱাৰ পাছত অভিষিক্ত খ্ৰীষ্টানসকলে মৃত্যুক জয় কৰিব। (১ কৰি. ১৫:৫৪-৫৭) স্বৰ্গত জীৱন লাভ কৰাৰ বাবে তেওঁলোকে আহিবলগীয়া হৰমাগিদোনৰ যুদ্ধত জগতৰ দুষ্টতা নাইকিয়া কৰা কামত ভাগ লʼব। পৃথিৱীত লাখ লাখ সত্য খ্ৰীষ্টানে মহাক্লেশৰপৰা উদ্ধাৰ হʼব আৰু নতুন পৃথিৱীত জীৱন লাভ কৰিব। (প্ৰকা. ৭:১৪) এই খ্ৰীষ্টানসকলে দেখিব যে পৃথিৱীত কোটি কোটি লোকক জীৱিত কৰা হৈছে। এয়া মৃত্যুৰ ওপৰত এক জয়লাভ হʼব। কল্পনা কৰক যে সেইসময়ত কিমান আনন্দ কৰা হʼব! (পাঁচ. ২৪:১৫) ইয়াৰ পাছত যিসকলে ঈশ্বৰৰ বিশ্বাসী হৈ থাকিব, তেওঁলোকে সদায় কাল জীয়াই থাকিব। এইদৰে তেওঁলোকে আদমৰপৰা পোৱা মৃত্যুৰ ওপৰতো জয় কৰিব।

১৭. প্ৰথম কৰিন্থীয়া ১৫:৫৮ পদত আমাক কি পৰামৰ্শ দিয়া হৈছে?

১৭ পৌলে কৰিন্থীয়া নামৰ চিঠিখনত সঁচাকৈ ভাল তথ্য দিছে। মৃতবিলাকৰ পুনৰুত্থানৰ বিষয়ে তেওঁ যি লিখিছে, তাৰ ওপৰত ধ্যান দিলে আমি বৰ আনন্দিত হওঁ। গতিকে আহক আমি পৌলৰ পৰামৰ্শ পালন কৰি ‘প্ৰভুৰ কাৰ্য্য’ কৰি থাকোঁ। (১ কৰিন্থীয়া ১৫:৫৮ পঢ়ক।) যদি আমি এই কাম উদ্যমেৰে কৰি থাকোঁ, তেনেহʼলে আমি এক উজ্জ্বল ভৱিষ্যত লাভ কৰিম। আমি আশা কৰাতকৈ বেছি আনন্দ লাভ কৰিম। তেতিয়া আমি বুজিব পাৰিম যে প্ৰভুৰ কাৰ্য্যত আমি যি পৰিশ্ৰম কৰিছোঁ, সেয়া ব্যৰ্থ নহয়।

গীত ১৪০ অনন্ত জীৱন!

a প্ৰথম কৰিন্থীয়া ১৫ অধ্যায়ৰ আন পদবোৰত মৃতলোকসকলৰ পুনৰুত্থানৰ বিষয়ে বহুতো কথা উল্লেখ কৰা হৈছে। বিশেষকৈ অভিষিক্ত খ্ৰীষ্টানসকলক জীৱিত কৰাৰ বিষয়ে কোৱা হৈছে। পৌলে লিখা এই পদবোৰৰ ওপৰত দ্বিতীয় সমূহৰ মেৰ সকলেও ধ্যান দিয়া উচিত। এই লেখত আলোচনা কৰা হʼব যে পুনৰুত্থানৰ আশাই আজি আমাৰ জীৱনত কেনেকৈ প্ৰভাৱ পেলোৱা উচিত আৰু আমি কিয় ভৰসা কৰিব পাৰোঁ যে ভৱিষ্যতে আমি এক ভাল জীৱন লাভ কৰিম।

b প্ৰথম কৰিন্থীয়া ১৫:২৯ পদৰ বিষয়ে এই আলোচনীত “পাঠকসকলৰ প্ৰশ্ন” নামৰ লেখত বুজোৱা হৈছে।