Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ২৯

গীত নং ১২১ আমাক আত্ম-সংযমৰ প্ৰয়োজন

সতৰ্ক হৈ থাকিলে আপুনি পাপৰ পৰা আঁতৰি থাকিব পাৰিব!

সতৰ্ক হৈ থাকিলে আপুনি পাপৰ পৰা আঁতৰি থাকিব পাৰিব!

“পৰীক্ষাত যেন নপৰা এই কাৰণে তোমালোকে জাগি থাকা আৰু প্ৰাৰ্থনা কৰি থাকা।”মথি ২৬:৪১.

কি শিকিম?

আমি জানোঁ যে আমি পাপ কৰাৰ পৰা আঁতৰি থাকিবই লাগিব, কিন্তু আমি সেই কামবোৰৰ পৰাও আঁতৰি থাকিব লাগিব, যিবোৰে আমাক পাপ কৰাব পাৰে।

১-২. (ক) যীচুৱে নিজৰ শিষ্যসকলক কি কথাৰ বাবে সতৰ্ক কৰিছিল? (খ) শিষ্যসকলে যীচুক এৰি কিয় পলাই গৈছিল? (ছবিখনো চাওক।)

 যীচুৱে নিজৰ শিষ্যসকলক কৈছিল যে “হৃদয় সাজু আছে, কিন্তু শৰীৰ দুৰ্বল।” (মথি ২৬:৪১খ) ইয়াৰ পৰা জানিব পাৰি যে যীচুৱে জানিছিল আমি সঠিক কাম কৰিব বিচাৰোঁ, কিন্তু অসিদ্ধ হোৱাৰ বাবে আমি পাপ কৰি পাওঁ। কিন্তু এই কথা কোৱাৰ যোগেদি তেওঁ নিজৰ শিষ্যসকলক সতৰ্কও কৰিছিল। যীচুৱে তেওঁলোকক কৈছিল যে তেওঁলোকে নিজৰ ওপৰত বেছিকৈ ভৰসা কৰা উচিত নহয়। ইয়াৰ কিছু সময়ৰ আগতে যীচুৰ শিষ্যসকলে সম্পূৰ্ণ বিশ্বাসেৰে কৈছিল যে যিয়েই নহওক কিয়, তেওঁলোকে যীচুক কেতিয়াও নেৰিব। (মথি ২৬:৩৫) তেওঁলোকৰ উদ্দেশ্য ভাল আছিল, কিন্তু তেওঁলোকে নাজানিছিল যে কঠিন পৰিস্থিতিত তেওঁলোকে সোনকালে দুৰ্বল হৈ পৰিব। সেইবাবে, যীচুৱে তেওঁলোকক সতৰ্ক কৰিছিল আৰু এইদৰে কৈছিল, “পৰীক্ষাত যেন নপৰা এই কাৰণে তোমালোকে জাগি থাকা আৰু প্ৰাৰ্থনা কৰি থাকা।”—মথি ২৬:৪১ক.

দুখৰ বিষয় যে শিষ্যসকলে জাগি থাকিব নোৱাৰিলে বা সতৰ্ক হৈ নাথাকিল। ইয়াৰ বাবে কি হʼল? যেতিয়া সৈনিকসকলে যীচুক গ্ৰেপ্তাৰ কৰিবলৈ আহিলে, তেতিয়া তেওঁক সহযোগ কৰাৰ পৰিৱৰ্তে শিষ্যসকলে ভয় কৰি তাৰ পৰা পলাই গʼল। শিষ্যসকলৰ দুৰ্বলতাই তেওঁলোকক প্ৰভাৱিত কৰাৰ বাবে তেওঁলোকে ভুল কৰিলে। শিষ্যসকলে কৈছিল যে তেওঁলোকে যীচুক কেতিয়াও এৰি নাযাব, কিন্তু তেওঁলোকে সেইদৰে নকৰিলে।—মথি ২৬:৫৬.

যীচুৱে নিজৰ শিষ্যসকলক কৈছিল যে পৰীক্ষাত যেন নপৰা তাৰ বাবে তোমালোকে জাগি থাকা, কিন্তু তেওঁলোকে এইদৰে কৰিব নোৱাৰিলে আৰু তেওঁক এৰি পলাই গʼল (অনুচ্ছেদ ১-২ চাওক)


৩. (ক) যিহোৱাৰ বিশ্বাসী হৈ থাকিবলৈ আমি কিয় নিজৰ ওপৰত বেছিকৈ ভৰসা কৰা উচিত নহয়? (খ) এই লেখত আমি কি শিকিম?

আমি নিজৰ ওপৰত বেছিকৈ ভৰসা কৰা উচিত নহয় আৰু আমাৰ পৰা কেতিয়াও ভুল নহʼব বুলিও ভবা উচিত নহয়। এয়া সঁচা যে আমি যিহোৱাই দুখ পোৱা কাম কেতিয়াও কৰিব নিবিচাৰোঁ, কিন্তু অসিদ্ধ হোৱাৰ বাবে আমি সহজতে বেয়া কাম কৰিবলৈ প্ৰলোভিত হʼব পাৰোঁ। (ৰোম. ৫:১২; ৭:২১-২৩) আমাৰ ওচৰত হঠাতে এনে পৰিস্থিতি আহিব পাৰে, যেতিয়া বেয়া কাম কৰিবলৈ নিজকে বাধা দিয়াত আমাৰ বাবে কঠিন হৈ পৰিব। এনে পৰিস্থিতিত আমি কেনেকৈ যিহোৱা আৰু যীচুৰ বিশ্বাসী হৈ থাকিব পাৰোঁ? যীচুৱে কোৱাৰ দৰে আমি সতৰ্ক হৈ থাকিব লাগিব যাতে আমি কোনো বেয়া কাম নকৰোঁ। এই লেখত আমি শিকিম যে এয়া আমি কেনেকৈ কৰিব পাৰোঁ। প্ৰথমতে আমি চাম যে আমি কি কি বিষয়ত আৰু বেছিকৈ সতৰ্ক হৈ থকাৰ প্ৰয়োজন। তাৰ পাছত আমি চাম যে আমি কেনেকৈ সতৰ্ক হৈ থাকিব পাৰোঁ আৰু অৱশেষত চাম যে সদায় সতৰ্ক হৈ থাকিবলৈ আমি কি কৰিব লাগিব।

আমি কি কি বিষয়ত সতৰ্ক হৈ থকা উচিত?

৪-৫. যিবোৰ পাপ ইমান গভীৰ নহয়, সেইবোৰৰ পৰাও আমি কিয় আঁতৰি থকা উচিত?

কিছুমান পাপ হয়তো ইমান গভীৰ নহয়, কিন্তু ইয়াৰ বাবেও যিহোৱাৰ লগত থকা আমাৰ সম্পৰ্ক বেয়া হʼব পাৰে। আনকি আমি গভীৰ পাপো কৰিব পাৰোঁ।

আমি সকলোৱে বেয়া কাম কৰিবলৈ প্ৰলোভিত হওঁ। কিন্তু আমাৰ সকলোৰে নিজৰ কিছুমান দুৰ্বলতা থাকে, যাৰ বাবে আমি বেয়া কাম কৰিব পাৰোঁ। উদাহৰণস্বৰূপে, কিছুমান লোকৰ অনৈতিক কাম কৰাৰ ইচ্ছা বহুত বেছি থাকে, যেনে: অনৈতিক শাৰীৰিক সম্পৰ্ক ৰখা। কিছুমান লোকৰ আন ধৰণৰ বেয়া কাম কৰিবলৈ মন যায়, যেনে: অশ্লীল ছবি চোৱা আৰু হস্তমৈথুন কৰা। আন কিছুমান লোকৰ বেলেগ ক্ষেত্ৰত দুৰ্বলতা থাকে, যেনে: কিছুমানে মানুহলৈ ভয় কৰে, কিছুমানে নিজৰ আত্মনিয়ন্ত্ৰণ হেৰুৱাই আৰু কিছুমানে অহংকাৰ কৰে। যাকোবেও নিজৰ চিঠিত এইদৰে লিখিছিল, “প্ৰত্যেক জন নিজৰ কু-অভিলাষৰ দ্বাৰাই আকৰ্ষণ কৰা আৰু ফুচুলাই নিয়া হৈ পৰীক্ষিত হয়।”—যাকো. ১:১৪.

৬. আমি নিজৰ বিষয়ে কি জনা উচিত?

আপুনি জানে নে আপোনাৰ কি দুৰ্বলতা আছে, যাৰ বাবে আপুনি বেয়া কাম কৰিব পাৰে? যদি আমি ভাবোঁ যে আমাৰ কোনো দুৰ্বলতা নাই আৰু আমি কেতিয়াও পাপ নকৰিম, তেনেহʼলে আমি নিজকে ঠগাৰ দৰে হʼব। (১ যোহ. ১:৮) মনত ৰাখক, পৌলে কৈছিল যে যিসকলৰ “ঈশ্বৰে নিৰ্ধাৰিত কৰা যোগ্যতা আছে,” তেওঁলোকেও যদি সতৰ্ক নহয়, তেনেহʼলে তেওঁলোকেও পাপ কৰিব পাৰে। (গালা. ৬:১, NW) সেইবাবে, আমি নিজৰ দুৰ্বলতাবোৰৰ বিষয়ে ভালদৰে চালি-জাৰি চোৱাটো অতি গুৰুত্বপূৰ্ণ।—২ কৰি. ১৩:৫.

৭. আমি কি কথাৰ প্ৰতি বিশেষ ধ্যান দিয়া উচিত? এটা উদাহৰণ দি বুজাওক।

নিজৰ দুৰ্বলতাবোৰক চিনাক্ত কৰাৰ পাছত আমি কি কৰা উচিত? ইয়াক বুজিবলৈ এটা উদাহৰণলৈ মন কৰক। প্ৰাচীন সময়ত চহৰৰ চাৰিওফালে দেৱাল আছিল আৰু দুৱাৰ ইয়াৰ সকলোতকৈ দুৰ্বল ভাগ আছিল। প্ৰায়ে শত্ৰুসকলে দুৱাৰতে আক্ৰমণ কৰিছিল। সেইবাবে, দুৱাৰত বিশেষভাৱে ধ্যান দিয়া হৈছিল আৰু বহুতো লোকক পহৰা দিবলৈ নিযুক্ত কৰা হৈছিল। আমাৰ দুৰ্বলতাবোৰো দুৱাৰৰ দৰে হয়। সেইবাবে, আমি এইবোৰৰ ওপৰত পহৰা দিয়া উচিত অৰ্থাৎ সতৰ্ক হৈ থকা উচিত, যাতে এই দুৰ্বলতাবোৰে আমাৰ ওপৰত প্ৰভাৱ পেলাব নোৱাৰে।—১ কৰি. ৯:২৭.

আমি কেনেকৈ সতৰ্ক হৈ থাকিব পাৰোঁ?

৮-৯. হিতোপদেশ ৭ অধ্যায়ত কোৱা ডেকাজনে পাপ কৰাৰ পৰা কেনেকৈ আঁতৰি থাকিব পাৰিলেহেঁতেন? (হিতোপদেশ ৭:৮, ৯, ১৩, ১৪, ২১)

আমি যাতে পাপ নকৰোঁ, তাৰ বাবে আমি কেনেকৈ সতৰ্ক হৈ থাকিব পাৰোঁ? আহক হিতোপদেশ ৭ অধ্যায়ত কোৱা ডেকাজনৰ উদাহৰণলৈ মন কৰোঁ আৰু চাওঁ যে তেওঁ কেনেকৈ অনৈতিক শাৰীৰিক সম্পৰ্ক ৰখাৰ ফান্দত পৰিছিল। পদ ২২-ত লিখা আছে যে তেওঁ “তেতিয়াই” সেই বেশ্যা তিৰোতাৰ পিছে পিছে গʼল। কিন্তু ইয়াৰ আগৰ পদবোৰৰ পৰা জানিব পাৰি যে এই সকলোবোৰ লাহে লাহে হৈছিল, হঠাতে হোৱা নাছিল। সেই ডেকাজনে এনে বহুতো কাম কৰিছিল, যাৰ বাবে তেওঁ পাপ কৰিলে।

প্ৰথমতে, গধূলিৰ সময়ত সি সেই ‘[বেশ্যাজনীয়ে] থকা আলিচুকৰ ওচৰ পাই, তাইৰ ঘৰৰ বাটেদি গʼল।’ তাৰ পাছত তেওঁ সেই তিৰোতাৰ ঘৰৰ ফালে যাবলৈ ধৰিলে। (হিতোপদেশ ৭:৮, ৯ পঢ়ক।) ইয়াৰ পাছত যেতিয়া তেওঁ সেই তিৰোতাজনীক দেখিলে, তেতিয়া তেওঁ তাৰ পৰা আঁতৰি নগʼল আৰু যেতিয়া তিৰোতজনীয়ে তেওঁক ধৰি চুমা খালে, তেতিয়া তেওঁ নিজকে নেৰুৱালে। আনকি তাইৰ কথা শুনিবলৈ ধৰিলে। সেই তিৰোতাজনীয়ে কʼলে মই মঙ্গলাৰ্থক বলিদান উৎসৰ্গ কৰিছোঁ। তাই হয়তো সেই ডেকাজনক দেখুৱাব বিচাৰিছিল যে তাই কোনো বেয়া তিৰোতা নহয়। (হিতোপদেশ ৭:১৩, ১৪, ২১ পঢ়ক।) সেই ডেকাজনে সতৰ্ক হৈ থকা হʼলে আৰু বিপদক চিনি পোৱা হʼলে তেওঁ পাপ নকৰিলেহেঁতেন।

১০. হিতোপদেশত কোৱা ডেকাজনৰ দৰে আজিও এজন খ্ৰীষ্টানে কেনেকৈ পাপ কৰিব পাৰে?

১০ সেই ডেকাজনৰ লগত যি হৈছিল, সেয়া ঈশ্বৰৰ যিকোনো সেৱকৰ লগত হʼব পাৰে। হয়তো এজন খ্ৰীষ্টানে গভীৰ পাপ কৰাৰ পাছত তেওঁ ভাবিব পাৰে সকলোবোৰ হঠাতে হৈ গʼল। তেওঁ হয়তো কʼব, “নাজানোঁ এয়া কেনেকৈ হৈ গʼল।” কিন্তু তেওঁ যদি এই বিষয়ে ভালদৰে ভাবি চায়, তেনেহʼলে তেওঁ অনুভৱ কৰিব যে তেওঁ বুদ্ধিমত্তাৰে কাম কৰা নাছিল আৰু কিছুমান ভুল পদক্ষেপ লʼলে। যেনে, তেওঁ হয়তো এনে ব্যক্তিৰ লগত বন্ধুত্ব কৰিলে, যিসকলে যিহোৱাক প্ৰেম নকৰে বা এনে মনোৰঞ্জন কৰিলে, যি এজন খ্ৰীষ্টানৰ বাবে সঠিক নহয়। অথবা তেওঁ এনে ৱেবছাইট বা ঠাইত যাবলৈ ধৰিলে, যʼত এজন খ্ৰীষ্টানে যোৱাটো উচিত নহয়। তেওঁ হয়তো অনুভৱ কৰে যে তেওঁ প্ৰাৰ্থনা কৰিবলৈ, বাইবেল পঢ়িবলৈ, সভা আৰু প্ৰচাৰলৈ যাবলৈ এৰি দিছে। হিতোপদেশত কোৱা ডেকাজনৰ দৰে এই খ্ৰীষ্টানজনে সঠাতে পাপ কৰা নাছিল। তেওঁ কিছুমান ভুল পদক্ষেপ লৈছিল, যাৰ বাবে পাপ কৰিলে।

১১. পাপত নপৰিবলৈ আমি কি কি কথাৰ পৰা আঁতৰি থকা উচিত?

১১ ইয়াৰ পৰা আমি কি শিকিব পাৰোঁ? আমি পাপৰ পৰা আঁতৰি থকাৰ লগতে এনে কামবোৰৰ পৰাও আঁতৰি থাকিব লাগে, যিবোৰে আমাক পাপ কৰাব পাৰে। সেই ডেকা আৰু বেশ্যা তিৰোতাজনীৰ বিষয়ে কোৱাৰ পাছত চলোমনে এই কথা বুজাইছিল। তেওঁ লিখিছিল, “তুমি তাইৰ পথে বিপথগামী নহবা” (হিতো. ৭:২৫) তেওঁ এয়াও কৈছিল, “তুমি তাইৰ পৰা তোমাৰ পথ দূৰত ৰাখা; তাইৰ ঘৰৰ দুৱাৰৰ ওচৰলৈকে নাযাবা।” (হিতো. ৫:৩, ৮) আমিও এই পৰামৰ্শ পালন কৰা উচিত। আমি এনে সকলো কাম আৰু পৰিস্থিতিৰ পৰা আঁতৰি থকা উচিত, যিয়ে আমাক পাপ কৰাব পাৰে। a ইয়াৰ উপৰিও আমি এনে কামবোৰৰ পৰাও আঁতৰি থকা উচিত, যি হয়তো আমাৰ বাবে ভুল নহয়। কিন্তু সেইবোৰে হয়তো আগলৈ গৈ আমাক পাপ কৰিবলৈ প্ৰলোভিত কৰিব পাৰে।—মথি ৫:২৯, ৩০.

১২. ইয়োবে কি থিৰাং কৰিছিল আৰু ইয়াৰ বাবে তেওঁ পাপ কৰাৰ পৰা কেনেকৈ আঁতৰি থাকিব পাৰিলে? (ইয়োব ৩১:১)

১২ আমি থিৰাং কৰা উচিত যে আমি এনে সকলো পৰিস্থিতিৰ পৰা আঁতৰি থাকিম, যিয়ে আমাক পাপ কৰাব পাৰে। ইয়োবে এইদৰেই কৰিছিল। তেওঁ নিজৰ “চকুৰে সৈতে নিয়ম স্থাপন” কৰিছিল যে তেওঁ আন তিৰোতাক বেয়া চকুৰে নাচাব। (ইয়োব ৩১:১ পঢ়ক।) ইয়োবে নিজৰ কথাত থিৰে থকাৰ বাবে তেওঁ ব্যভিচাৰ কৰাৰ পৰা আঁতৰি থাকিব পাৰিলে। ইয়োবৰ দৰে যদি আমিও নিজৰ কথাত থিৰে থাকোঁ, তেনেহʼলে আমি এনে কোনো কাম নকৰিম যিয়ে আমাক পাপ কৰিবলৈ প্ৰলোভিত কৰিব পাৰে।

১৩. আমি কিহৰ বিষয়ে চিন্তা কৰোঁ, তাৰ প্ৰতি কিয় ধ্যান দিয়া উচিত? (ছবিখনো চাওক।)

১৩ পাপ কৰাৰ পৰা আঁতৰি থাকিবলৈ, আমি কিহৰ বিষয়ে চিন্তা কৰোঁ তাৰ প্ৰতি ধ্যান দিয়াটো অতি গুৰুত্বপূৰ্ণ। (যাত্ৰা. ২০:১৭) কিছুমান লোকে ভাবে যে বেয়া কামৰ বিষয়ে চিন্তা কৰাত কোনো ভুল নাই। তেওঁলোকে কয়, ‘মই এয়া ভাবিছোঁহে, কৰাতোঁ নাই।’ কিন্তু এজন ব্যক্তিয়ে যদি বেয়া কামৰ বিষয়ে ভাবি থাকে, তেনেহʼলে সেই কাম কৰাৰ তেওঁৰ ইচ্ছাও বাঢ়ি যায়। বেয়া কথাবোৰৰ বিষয়ে চিন্তা কৰা এনে হয় যেন এজন ব্যক্তিয়ে নিজৰ বাবে গাঁত খান্দি আছে আৰু তেওঁ তাত যাতে পৰি নাযায় তাৰ প্ৰতি ধ্যান দিবলগীয়া হৈছে। এয়া সঁচা যে এজন ব্যক্তিৰ মনলৈ বেয়া কথা আহিব পাৰে, কিন্তু তাক লগে লগে উলিয়াই পেলোৱা উচিত আৰু ভাল কথাবোৰ নিজৰ মনত ভৰোৱা উচিত। যদি আমি এইদৰে কৰোঁ, তেনেহʼলে আমি বেয়া কথাবোৰ মনৰ পৰা উলিয়াব পাৰিম। কিন্তু এইদৰে যদি নকৰোঁ, তেনেহʼলে এইবোৰ মনৰ পৰা উলিয়াবলৈ আমাৰ বাবে কঠিন হʼব আৰু আমি গভীৰ পাপ কৰিব পাৰোঁ।—ফিলি. ৪:৮; কল. ৩:২; যাকো. ১:১৩-১৫.

আমি এনে সকলো কাম আৰু পৰিস্থিতিৰ পৰা আঁতৰি থকা উচিত, যিয়ে আমাক পাপ কৰিবলৈ প্ৰলোভিত কৰিব পাৰে (অনুচ্ছেদ ১৩ চাওক)


১৪. পাপ নকৰিবলৈ আমি আৰু কি কৰিব লাগিব?

১৪ প্ৰলোভিত হোৱাৰ সময়ত আমি যাতে পাপ নকৰোঁ, তাৰ বাবে আমি আৰু কি কৰিব লাগিব? আমাৰ সম্পূৰ্ণ বিশ্বাস থকা উচিত যে যিহোৱাৰ আজ্ঞাবোৰ পালন কৰিলে আমাৰেই লাভ হʼব। কেতিয়াবা কেতিয়াবা ভালদৰে ভাবিবলৈ আৰু বেয়া ইচ্ছাক নিয়ন্ত্ৰণ কৰিবলৈ আমাক কঠিন লাগিব পাৰে। কিন্তু আমি যদি ঈশ্বৰৰ ইচ্ছাৰ অনুসৰি কাম কৰিবলৈ চেষ্টা কৰোঁ, তেনেহʼলে আমি মনৰ শান্তি লাভ কৰিম।

১৫. সঠিক কাম কৰাৰ ইচ্ছা বঢ়ালে আমি কেনেকৈ পাপ কৰাৰ পৰা আঁতৰি থাকিব পাৰিম?

১৫ পাপ কৰাৰ পৰা আঁতৰি থাকিবলৈ আমি সঠিক কাম কৰাৰ ইচ্ছা বঢ়াব লাগিব। যদি আমি ‘বেয়াক ঘিণ কৰোঁ, ভালক ভাল পাওঁ,’ তেনেহʼলে সঠিক কাম কৰাৰ ইচ্ছা আমাৰ আৰু বাঢ়ি যাব আৰু আমি এনে সকলো পৰিস্থিতিৰ পৰা আঁতৰি থাকিম, যাৰ বাবে আমি পাপ কৰিব পাৰোঁ। (আমো. ৫:১৫) সঠিক কাম কৰাৰ ইচ্ছা বঢ়ালে আমাৰ আৰু এটা লাভ হʼব। যদি আমাৰ ওচৰত হঠাতে এনে পৰিস্থিতি আহি পৰে, যেতিয়া আমাক বেয়া কাম কৰিবলৈ প্ৰলোভিত কৰা হয় আৰু তাৰ পৰা ওলাই অহাটো কঠিন হৈ পৰে, তেতিয়াও আমাৰ ইচ্ছা দৃঢ় হৈ থাকিব আৰু আমি পাপ কৰাৰ পৰা আঁতৰি থাকিম।

১৬. ঈশ্বৰৰ সেৱাত লাগি থাকিলে আমি কেনেকৈ সতৰ্ক হৈ থাকিব পাৰোঁ? (ছবিখনো চাওক।)

১৬ আমি সঠিক কাম কৰাৰ ইচ্ছা কেনেকৈ বঢ়াব পাৰোঁ? ইয়াৰ বাবে আমি ঈশ্বৰৰ সেৱাৰ লগত জড়িত কামবোৰ কৰি থকা উচিত। যেতিয়া আমি সভা আৰু প্ৰচাৰলৈ যাওঁ, তেতিয়া যিহোৱাক আনন্দিত কৰাৰ ইচ্ছা বাঢ়ি যায় আৰু আমি বেয়া কাম কৰিবলৈ প্ৰলোভিত নহওঁ। (মথি ২৮:১৯, ২০; ইব্ৰী ১০:২৪, ২৫) ঈশ্বৰৰ বাক্য পঢ়িলে আৰু মনন কৰিলে আমি ভাল কথাবোৰক প্ৰেম কৰিবলৈ ধৰোঁ আৰু বেয়া কথাবোৰক ঘিণ কৰিবলৈ ধৰোঁ। (যিহো. ১:৮; গীত. ১:২, ৩; ১১৯:৯৭, ১০১) সেইবাবে, যীচুৱে নিজৰ শিষ্যসকলক কৈছিল, ‘পৰীক্ষাত যেন নপৰা এই কাৰণে তোমালোকে প্ৰাৰ্থনা কৰি থাকা।’ (মথি ২৬:৪১) যদি আমি যিহোৱালৈ প্ৰাৰ্থনা কৰোঁ, তেনেহʼলে সতৰ্ক হৈ থাকিবলৈ তেওঁ আমাক সহায় কৰিব আৰু তেওঁক আনন্দিত কৰাৰ ইচ্ছা আমাৰ আৰু দৃঢ় হʼব।—যাকো. ৪:৮.

যদি আমি ঈশ্বৰৰ কামত লাগি থাকোঁ, তেনেহʼলে বেয়া কাম কৰিবলৈ আমি প্ৰলোভিত নহʼম (অনুচ্ছেদ ১৬ চাওক) b


সদায় সতৰ্ক হৈ থাকক

১৭. পিতৰে তেওঁৰ কোনটো দুৰ্বলতাৰ লগত বাৰে বাৰে যুঁজিবলগীয়া হৈছিল?

১৭ আমি হয়তো আমাৰ কিছুমান দুৰ্বলতাক নিয়ন্ত্ৰণ কৰিব পাৰিলোঁ। কিন্তু আমাৰ এনে কিছুমান দুৰ্বলতা থাকে, যাৰ লগত আমি বহু সময়লৈকে যুঁজিবলগীয়া হʼব পাৰে। পাঁচনি পিতৰৰ বিষয়ে চিন্তা কৰক। তেওঁ মানুহক ভয় কৰি যীচুক চিনি পাবলৈ তিনিবাৰ অস্বীকাৰ কৰিছিল। (মথি ২৬:৬৯-৭৫) কিন্তু কিছু সময়ৰ পাছত তেওঁ মহাসভাৰ আগত সাহসেৰে প্ৰচাৰ কৰিছিল। (পাঁচ. ৫:২৭-২৯) এনে লাগে যেন তেওঁ নিজৰ ভয়ক নিয়ন্ত্ৰণ কৰি লৈছিল। কিন্তু মন কৰকচোন, কিছু বছৰৰ পাছত তেওঁৰ লগত কি হʼল। “চুন্নৎ হোৱাবিলাকলৈ তেওঁ ভয় কৰি” কিছু সময়ৰ বাবে পৰজাতি খ্ৰীষ্টানসকলৰ লগত খোৱা-বোৱা কৰিবলৈ বন্ধ কৰি দিছিল। (গালা. ২:১১, ১২) তেওঁ আকৌ মানুহলৈ ভয় কৰিবলৈ ধৰিলে। এনে লাগে যেন পিতৰে নিজৰ এই দুৰ্বলতাক কেতিয়াও নিয়ন্ত্ৰণ কৰিব পৰা নাছিল।

১৮. আমাৰ কিছুমান দুৰ্বলতাৰ বিষয়ে আমি কি ভাবিব পাৰোঁ?

১৮ আমাৰ লগতো এইদৰে হʼব পাৰে। আমি হয়তো ভাবিব পাৰোঁ যে আমি নিজৰ দুৰ্বলতাক নিয়ন্ত্ৰণ কৰি লৈছোঁ। কিন্তু সেই দুৰ্বলতাই আমাৰ ওপৰত আকৌ প্ৰভাৱ পেলাব পাৰে। এয়া বুজিবলৈ এজন ভাইৰ উদাহৰণলৈ মন কৰক। তেওঁ এইদৰে কৈছে, “দহ বছৰৰ আগতে মই বেয়া ছবি আৰু ভিডিঅʼ চাবলৈ এৰি দিছিলোঁ। মই ভাবিছিলোঁ মই নিজৰ এই দুৰ্বলতাক নিয়ন্ত্ৰণ কৰিব পাৰিলোঁ। কিন্তু এই দুৰ্বলতা মোৰ অন্তৰত লুকাই আছিল আৰু সুযোগ পোৱাৰ লগে লগে আকৌ আহি পৰিল।” কিন্তু আনন্দৰ কথা যে এই ভাইজনে হাৰ নামানিলে। তেওঁ বুজি পালে যে প্ৰতিদিনে এই দুৰ্বলতাৰ লগত যুঁজিবলৈ বহুত পৰিশ্ৰম কৰিব লাগিব। হয়তো নতুন পৃথিৱী নহালৈকে তেওঁ এইদৰে কৰি থাকিব লাগিব। নিজৰ দুৰ্বলতাক নিয়ন্ত্ৰণ কৰিবলৈ ভাইজনে নিজৰ পত্নী আৰু প্ৰাচীনসকলৰ পৰা বহুত সহায় লাভ কৰিলে।

১৯. যদি আপুনি কোনো এটা দুৰ্বলতাক নিয়ন্ত্ৰণ কৰিব পৰা নাই, তেনেহʼলে আপুনি কি কৰিব পাৰে?

১৯ এয়া সঁচা যে কিছুমান দুৰ্বলতাক নিয়ন্ত্ৰণ কৰাটো বহুত কঠিন। কিন্তু এনে পৰিস্থিতিত পাপ নকৰিবলৈ আপুনি কি কৰিব পাৰে? যীচুৰ পৰামৰ্শ পালন কৰক। ‘জাগি থাকক’ আৰু সতৰ্ক হৈ থাকক। যেতিয়া আপোনাৰ অনুভৱ হয় যে আপুনি থিৰে আছে, তেতিয়াও আপুনি সেই পৰিস্থিতি আৰু কামৰ পৰা আঁতৰি থাকক, যিয়ে আপোনাৰ দুৰ্বলতাৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। (১ কৰি. ১০:১২) মনত পেলাওক যে আগতে আপুনি এই দুৰ্বলতাৰ লগত যুঁজিবলৈ কি কি পদক্ষেপ লৈছিল আৰু সেইদৰেই কৰক। বাইবেলত লিখা আছে, “যি মানুহে সদায় সতৰ্ক হৈ থাকে, তেওঁ সুখী।”—হিতো. ২৮:১৪, NW; ২ পিত. ৩:১৪.

সতৰ্ক হৈ থাকক আৰু আশীৰ্বাদ লাভ কৰক

২০-২১. (ক) সতৰ্ক হৈ থাকিলে আমি কি কি আশীৰ্বাদ লাভ কৰিম? (খ) আমি পৰিশ্ৰম কৰিলে যিহোৱাই আমাৰ বাবে কি কৰিব? (২ কৰিন্থীয়া ৪:৭)

২০ এয়া সঁচা যে সতৰ্ক হৈ থাকিবলৈ পৰিশ্ৰম কৰিবলগীয়া হয়, কিন্তু আমাৰ পৰিশ্ৰম ব্যৰ্থে নাযাব। পাপ কৰিলে আমি হয়তো “অলপদিনীয়া সুখ” পাম, কিন্তু যিহোৱাৰ মানদণ্ডৰ অনুসৰি জীৱন-যাপন কৰিলে আমি সদায় আনন্দিত থাকিম। (ইব্ৰী ১১:২৫; গীত. ১৯:৮) আমাক এনেদৰে সৃষ্টি কৰা হৈছে যে যিহোৱাৰ আজ্ঞা পালন কৰিলেহে আমি আনন্দিত থাকিব পাৰিম। (আদি. ১:২৭) যিহোৱাৰ কথা পালন কৰিলে আমাৰ বিবেক শুদ্ধ হৈ থাকে আৰু আমি ভৱিষ্যতে অনন্ত জীৱন লাভ কৰিম।—১ তীম. ৬:১২; ২ তীম. ১:৪; যিহূ. ২০, ২১.

২১ এয়া সঁচা যে আমাৰ “শৰীৰ দুৰ্বল।” কিন্তু ইয়াৰ অৰ্থ এয়া নহয় যে আমি নিজৰ দুৰ্বলতাবোৰক নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ। যিহোৱা লগত আছে আৰু আমাৰ দুৰ্বলতাবোৰক নিয়ন্ত্ৰণ কৰিবলৈ তেওঁ আমাক শক্তি দিব পাৰে। (২ কৰিন্থীয়া ৪:৭ পঢ়ক।) বাইবেলত কোৱা হৈছে যে ঈশ্বৰে যি শক্তি দিয়ে, সেয়া সাধাৰণ লোকৰ শক্তিতকৈ বহুগুণে বেছি। কিন্তু নিজৰ দুৰ্বলতাবোৰৰ লগত যুঁজিবলৈ আমি নিজৰ শক্তিও ব্যৱহাৰ কৰিব লাগিব। ইয়াৰ বাবে আমি প্ৰতিদিনে পৰিশ্ৰম কৰিব লাগিব। যদি আমি এইদৰে কৰোঁ, তেনেহʼলে আমি বিশ্বাস ৰাখিব পাৰোঁ যে যিহোৱাই আমাৰ প্ৰাৰ্থনাবোৰৰ উত্তৰ দিব আৰু প্ৰয়োজনৰ সময়ত আমাক শক্তি দিব। (১ কৰি. ১০:১৩) যিহোৱাৰ সহায়ত আমি সতৰ্ক হৈ পাপ কৰাৰ পৰা আঁতৰি থাকিব পাৰিম।

গীত নং ৪৭ প্ৰতিদিনে যিহোৱালৈ প্ৰাৰ্থনা কৰক

a যদি এজন ব্যক্তিয়ে গভীৰ পাপ কৰে, তেনেহʼলে তেওঁ কি কৰিব পাৰে? এই বিষয়ে জানিবলৈ দুখ-কষ্ট নথকা এক অনন্ত জীৱন! কিতাপখনৰ পাঠ ৫৭, ভাগ ১-৩ আৰু নৱেম্বৰ ২০২০ চনৰ প্ৰহৰীদুৰ্গত দিয়া “ভৱিষ্যতৰ ওপৰত নিজৰ দৃষ্টি ৰাখক” লেখখনৰ পৃষ্ঠা ২৭-২৯, অনু. ১২-১৭ পঢ়ক।

b ছবিৰ বিষয়ে: এজন ভায়ে ৰাতিপুৱা দৈনিক পাঠ পঢ়ি আছে, দুপৰীয়া আহাৰ খোৱাৰ সময়ত তেওঁ বাইবেল পঢ়ি আছে আৰু গধূলি সপ্তাহৰ মাজত হোৱা সভাত উপস্থিত হৈছে।