Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ২৬

যিহোৱাৰ প্ৰেমে ভয় দমন কৰে

যিহোৱাৰ প্ৰেমে ভয় দমন কৰে

“যিহোৱা মোৰ ফলীয়া, মই ভয় নকৰোঁ।”—গীত. ১১৮:৬.

গীত ১০৫ “ঈশ্বৰ প্ৰেম”

লেখৰ এক আভাস a

১. কিছুমান ভাই-ভনীয়ে কি কি কথাৰ বাবে ভয় কৰিছিল?

 এনে কিছুমান ভাই-ভনীৰ উদাৰণলৈ মন কৰক, যিসকলে বেলেগ বেলেগ কাৰণৰ বাবে ভয় কৰিছিল। নেস্তৰ আৰু মাৰিয়াৰ উদাহৰণলৈ মন কৰক। তেওঁলোকে এনে এখন ঠাইলৈ গৈ প্ৰচাৰ কৰিব বিচাৰিছিল, যʼত প্ৰচাৰকৰ বেছি প্ৰয়োজন আছিল। b কিন্তু ইয়াৰ বাবে তেওঁলোকে কিছুমান সাল-সলনি কৰা আৰু নিজৰ জীৱন সৰল কৰাৰ প্ৰয়োজন আছিল। সেইবাবে, তেওঁলোকে এইদৰে জীৱন-যাপন কৰিলে আনন্দিত থাকিব নোৱাৰিব বুলি ভয় কৰিছিল। ভাই বিলিয়ামে এনে এখন দেশত থাকে, যʼত আমাৰ কামক বিৰোধ কৰা হয়। যেতিয়া তেওঁ যিহোৱাৰ সাক্ষী হʼল, তেতিয়া তেওঁ এই বিষয়ে চিন্তা কৰি ভয় কৰিছিল যে কেতিয়াবা নহয় কেতিয়াবা তেওঁক তাড়না দিয়া হʼব। কিন্তু ইয়াতকৈ বেছি তেওঁ ঘৰৰ পৰিয়ালৰ লোকসকলৰ বিষয়ে চিন্তা কৰি ভয় কৰিছিল যে যেতিয়া তেওঁলোকে গম পাব যে তেওঁ যিহোৱাৰ সাক্ষী হʼল, তেতিয়া তেওঁলোকে কি বুলি কʼব। ভনী বেৰʼণীকাৰ কেন্সাৰ বেমাৰ আছিল আৰু ই শৰীৰত বেগেৰে বিয়পিবলৈ ধৰিছিল। তেওঁ এনে এজন ডাক্তৰক বিচাৰি আছিল, যিজনে তেজৰ ব্যৱহাৰ নকৰাকৈ তেওঁৰ চিকিৎসা কৰে। তেওঁ আৰু বেছিদিন জীয়াই নাথাকে বুলি ভাবি তেওঁ বৰ ভয় কৰিছিল।

২. আমি কিয় নিজৰ ভয় দমন কৰা উচিত?

এই ভাই-ভনীসকলে সন্মুখীন হোৱা পৰিস্থিতিবোৰ আমিও সন্মুখীন হʼব পাৰোঁ আৰু ভয় কৰিব পাৰোঁ। কিন্তু যদি আমি নিজৰ ভয় দমন নকৰোঁ, তেনেহʼলে আমি সঠিক নিৰ্ণয় লʼব নোৱাৰিম আৰু এই নিৰ্ণয়ৰ পৰা যিহোৱাৰ লগত থকা আমাৰ সম্পৰ্কও বেয়া হʼব পাৰে। চয়তানে এইদৰে হোৱাটোৱে বিচাৰে। আমি ভয় কৰি প্ৰচাৰ কৰিবলৈ এৰি দিয়া আৰু যিহোৱাৰ আন আজ্ঞাবোৰ পালন নকৰাটো চয়তানে বিচাৰে। (প্ৰকা. ১২:১৭) চয়তান বহুত দুষ্ট আৰু তাৰ ওচৰত বহুত শক্তি আছে। তথাপি আমি তাৰ ফান্দৰ পৰা বাচিব পাৰোঁ। কেনেকৈ বাৰু আহক চাওঁ।

৩. আমি কেনেকৈ নিজৰ ভয় দমন কৰিব পাৰিম?

যিহোৱাই আমাক প্ৰেম কৰে আৰু তেওঁ সকলো সময়তে আমাক সহায় কৰিব বুলি আমি ভৰসা ৰখা উচিত। এইদৰে কৰিলে আমি চয়তানৰ ফান্দত নপৰিম আৰু ভয়ো নকৰিম। (গীত. ১১৮:৬) গীতমালা ১১৮-ৰ ৰচকৰ উদাহৰণলৈ মন কৰক। তেওঁ বহুতো সমস্যাৰ সন্মুখীন হৈছিল। যেনে, তেওঁৰ বহুতো শত্ৰু আছিল, আনকি ডাঙৰ ডাঙৰ অধিকাৰীসকলেও তেওঁৰ শত্ৰু হৈ পৰিছিল। (৯, ১০ পদ) তেওঁ বহুত চিন্তিত আছিল। (১৩ পদ) ইয়াৰ উপৰিও যিহোৱাও এবাৰ তেওঁক শাস্তি দিছিল। (১৮ পদ) কিন্তু তেওঁ ভালদৰে জানিছিল যে যিহোৱাই তেওঁক বহুত প্ৰেম কৰে আৰু তেওঁক কেতিয়াও নেৰিব। সেইবাবে, তেওঁ এইদৰে কৈছিল, “মই ভয় নকৰোঁ।” তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছিল যে যিয়ে পৰিস্থিতি নাহক কিয়, যিহোৱাই সকলো সময়তে তেওঁক সহায় কৰিব।—গীত. ১১৮:২৯.

৪. যিহোৱাই আমাক প্ৰেম কৰে বুলি বিশ্বাস কৰিলে আমি কি কি কথাৰ প্ৰতি ভয় নকৰিম?

যিহোৱাই আমাক প্ৰেম কৰে বুলি যদি আমি বিশ্বাস ৰাখোঁ, তেনেহʼলে আমি নিজৰ ভয় দমন কৰিব পাৰিম। আমি নিজৰ পৰিয়ালৰ প্ৰয়োজনীয়তা কেনেকৈ পূৰ কৰিম বুলি ভাবি ভয় নকৰিম, মানুহৰ প্ৰতি ভয় নকৰিম আৰু মৃত্যু লৈ ভয় নকৰিম। ওপৰত উল্লেখ কৰা ভাই-ভনীসকলে বিশ্বাস কৰিছিল যে যিহোৱাই তেওঁলোকক বহুত প্ৰেম কৰে। সেইবাবে, তেওঁলোকে নিজৰ ভয় দমন কৰিব পাৰিলে।

পৰিয়ালৰ প্ৰয়োজনীয়তা পূৰ কৰিব নোৱাৰাৰ ভয়

এজন ভায়ে, তেওঁৰ পুত্ৰৰ লগত ওচৰতে পৰিয়ালটোৰ বাবে খাদ্য যোগান ধৰিবলৈ মাছমৰীয়া হিচাপে কাম কৰে (অনুচ্ছেদ ৫ চাওক)

৫. এজন মুৰব্বীয়ে কি কি কথাৰ বাবে চিন্তিত হʼব পাৰে? (বেটুপাতত দিয়া ছবিখন চাওক।)

পৰিয়ালৰ মুৰব্বীয়ে ভালদৰে নিজৰ পৰিয়ালৰ চোৱা-চিতা কৰাটো যিহোৱাই বিচাৰে। (১ তীম. ৫:৮) আপোনাৰ পৰিয়াল আছেনে? যদি আছে, তেনেহʼলে শেহতীয়াকৈ হোৱা মহামাৰীৰ সময়ছোৱাত আপুনি চাকৰি হেৰুৱাব নেকি বুলি ভাবি হয়তো চিন্তিত হৈছিল। আপুনি হয়তো এয়া ভাবিও চিন্তিত হৈছিল যে যদি আপুনি চাকৰি হেৰুৱায়, তেনেহʼলে বেলেগ এটা চাকৰি পাব নে নাপায়। আপুনি নিজৰ পৰিয়ালৰ প্ৰয়োজনীয়তা কেনেকৈ পূৰ কৰিব, ঘৰৰ কিস্তি বা ঘৰ ভাড়া কেনেকৈ দিব। আপুনিও হয়তো ভাই নেস্তৰ আৰু ভনী মাৰিয়াৰ দৰে বেছিকৈ সেৱা কৰিব বিচাৰে। কিন্তু কম টকা-পইচাৰে আৰু সহজ-সৰল জীৱন-যাপন কৰিব পাৰিব নে নোৱাৰে, তাৰ বিষয়ে চিন্তা কৰি হয়তো আপুনি ভয় কৰে। চয়তানে এই ভয়ৰ সুযোগ লয়, সেইবাবে আজি বহুতো ভাই-ভনীয়ে উৎসাহেৰে যিহোৱাৰ সেৱা কৰিব পৰা নাই।

৬. আমি কি ভবাটো চয়তান বিচাৰে?

আমি এইদৰে ভবাটো চয়তানে বিচাৰে যে যিহোৱাই আমাৰ বিষয়ে নাভাবে আৰু আমাৰ পৰিয়ালৰ প্ৰয়োজনীয়তাও পূৰ নকৰিব, সকলোবোৰ আমি নিজেই কৰিব লাগিব। সেইবাবে আমি ভাবিব পাৰোঁ যে চাকৰিয়েই আমাৰ বাবে সকলো হয়, ইয়াক আমি কোনোপধ্যেই এৰিব নোৱাৰোঁ। ইয়াৰ বাবে যদিও বাইবেলৰ সিদ্ধান্তবোৰ আওকাণ কৰিব লগা হয়, তেনেহʼলে কৰিম।

৭. যীচুৱে আমাক কি আশ্বাস দিছে?

যীচুৱে যিহোৱাৰ বিষয়ে ভালদৰে জানে। সেইবাবে, তেওঁ আমাক আশ্বাস দিছে যে আমাক কি কি বস্তুৰ প্ৰয়োজন আছে, সেইবোৰ আমি “খোজাৰ আগেয়ে” যিহোৱাই তাৰ বিষয়ে জানে। (মথি ৬:৮) যীচুৰ সম্পূৰ্ণ বিশ্বাস আছিল যে যিহোৱাই নিজৰ সেৱকৰ সকলো প্ৰয়োজনীয়তা পূৰ কৰিব। আমি যিহোৱাৰ পৰিয়ালৰ ভাগ হোৱা হেতুকে তেওঁ আমাৰ মুৰব্বী। যিহোৱাই যদি প্ৰথম তীমথিয় ৫:৮ পদত দিয়া সিদ্ধান্তটো সকলো পৰিয়ালৰ মুৰব্বীয়ে পালন কৰাটো বিচাৰে, তেনেহʼলে তেওঁ নিজেও এই সিদ্ধান্তটো নিশ্চয় পালন কৰিব।

আমাক কিহৰ প্ৰয়োজন, তালৈ যিহোৱাই ধ্যায় দিয়ে। তেওঁ হয়তো ভাই-ভনীসকলৰ যোগেদি আমাক সহায় কৰে (অনুচ্ছেদ ৮ চাওক) d

৮. (ক) যদি আমি পৰিয়ালৰ প্ৰয়োজনীয়তাবোৰৰ বিষয়ে ভাবি চিন্তিত হৈছোঁ, তেনেহʼলে আমি কি কথা মনত ৰখা উচিত? (মথি ৬:৩১-৩৩) (খ) এই অনুচ্ছেদৰ লগত জড়িত ছবিখনত দেখুৱা দম্পতীৰ পৰা আমি কি শিকিব পাৰোঁ?

যদি আমি ভৰসা কৰোঁ যে যিহোৱাই আমাক আৰু আমাৰ পৰিয়ালক প্ৰেম কৰে, তেনেহʼলে আমাৰ পৰিয়ালৰ প্ৰয়োজনীয়তা কেনেকৈ পূৰ কৰিম বুলি চিন্তা কৰি আমি ভয় নকৰিম। (মথি ৬:৩১-৩৩ পঢ়ক।) যিহোৱাই পৃথিৱীখন সৃষ্টি কৰাৰ সময়ত সীমিত পৰিমানে বস্তু বনোৱা নাছিল, ইয়াৰ পৰিৱৰ্তে বহুতো বস্তু বনালে, যাতে আমি জীৱনত সুখী হʼব পাৰোঁ। (আদি. ২:৯) ইয়াৰ পৰা জানিব পাৰি যে যিহোৱাই কেৱল আমাৰ প্ৰয়োজনীয়তা পূৰ নকৰে, ইয়াৰ পৰিৱৰ্তে তেওঁ আমাক বহুত প্ৰেমো কৰে। যদিও আজি আমাৰ ওচৰত বহুত বস্তু নাই, তথাপি আমি মনত ৰাখিব পাৰোঁ যে আমাৰ ওচৰত যি আছে, তাৰ পৰা আমি চলিব পাৰিছোঁ আৰু যিহোৱাই আমাৰ প্ৰয়োজনীয়তাবোৰ পূৰ কৰিছে। (মথি ৬:১১) যদিও বৰ্তমান সময়ত আমাক কিছুমান ত্যাগ কৰিবলগীয়া হয় বা কম খৰচতে পৰিয়াল চলাবলগীয়া হয়, কিন্তু যিহোৱাই এতিয়া আৰু ভৱিষ্যতে আমাক বহুতো আশীৰ্বাদ দিব। ভাই নেস্তৰ আৰু মাৰিয়াইও এইদৰে অনুভৱ কৰিছিল।—যিচ. ৬৫:২১, ২২.

৯. নেস্তৰ আৰু মাৰিয়াৰ পৰা আমি কি শিকিব পাৰোঁ?

নেস্তৰ আৰু মাৰিয়া কলম্বীয়াত থাকে। তেওঁলোকৰ ওচৰত এখন সুন্দৰ ঘৰ আৰু ভাল চাকৰি আছিল। তেওঁলোকে এইদৰে কৈছে, “আমি ভাবিছিলোঁ যে নিজৰ কিছুমান বস্তু বিক্ৰী কৰি এনে এখন ঠাইত গৈ প্ৰচাৰ কৰিম, যʼত প্ৰচাৰকসকলৰ বেছি প্ৰয়োজন আছে। কিন্তু এই কথা ভাবি আমাক ভয়ো লাগিছিল যে আমি কম খৰচত চলিব পাৰিমনে বা আমি আনন্দত থাকিব পাৰিম নে নোৱাৰিম।” কিন্তু তেওঁলোকে পাছত মনত পেলালে যে যিহোৱাই এতিয়ালৈকে কেনেকৈ তেওঁলোকক সহায় কৰিলে আৰু যিহোৱাই তেওঁলোকক কিমান প্ৰেম কৰে। এনে কৰাৰ বাবে তেওঁলোকে নিজৰ ভয় দমন কৰিব পাৰিলে। তেওঁলোকৰ ভৰসা বাঢ়িল যে যিহোৱাই সকলো সময়তে তেওঁলোকৰ প্ৰয়োজনীয়তা পূৰ কৰিব। সেইবাবে তেওঁলোকে নিজৰ ঘৰ বিক্ৰী কৰিলে, নিজৰ চাকৰি এৰিলে আৰু কলম্বীয়াতে প্ৰচাৰকৰ বেছি প্ৰয়োজন হোৱা ঠাইলৈ সেৱা কৰিবলৈ আৰম্ভ কৰিলে। নিজৰ নিৰ্ণয়ৰ বিষয়ে নেস্তৰে এইদৰে কৈছে, “মথি ৬:৩৩ পদত কোৱা কথাষাৰ সঁচাকৈ পূৰ হোৱা আমি দেখিবলৈ পালোঁ। আমাৰ কেতিয়াও কোনো বস্তুৰ অভাৱ নহʼল। এতিয়া আমি আগতকৈ বেছি আনন্দিত আছোঁ।”

মানুহৰ প্ৰতি ভয়

১০. মানুহে মানুহক কিয় ভয় কৰে?

১০ যেতিয়াৰে পৰা আদম আৰু হৱাই যিহোৱাৰ বিৰুদ্ধে হʼল, তেতিয়াৰে পৰা মানুহে এজনে-আনজনৰ ওপৰত অত্যাচাৰ কৰি আছে। (উপ. ৮:৯) আজি ডাঙৰ ডাঙৰ অধিকাৰীসকলে মানুহৰ ওপৰত অধিকাৰ চলায়, অপৰাধীয়ে হত্যাকাণ্ড কৰে, স্কুলত কিছুমান লʼৰা-ছোৱালীয়ে আনক ডাবি-ধমকি দিয়ে। আনকি কিছুমান লোকে নিজৰ পৰিয়ালক মাৰ-পিট কৰে। সেইবাবে, আজি মানুহে মানুহক ভয় কৰিব ধৰিছে। কিন্তু চয়তানে এই ভয়ৰ কেনেকৈ সুযোগ লয় আহক চাওঁ।

১১-১২. চয়তানে আমাক মানুহৰ প্ৰতি ভয় খোৱাবলৈ কি কি উপায়েৰে চেষ্টা কৰে?

১১ আমি মানুহক ভয় কৰি প্ৰচাৰ কাম এৰি দিয়াটো আৰু ঈশ্বৰে দিয়া আন আজ্ঞাবোৰ পালন নকৰাটো চয়তানে বিচাৰে। সেইবাবে, সি চৰকাৰৰ যোগেদি আমাৰ কামবোৰ সম্পূৰ্ণৰূপে নিষেধ কৰে আৰু আমাৰ ওপৰত অত্যাচাৰ কৰে। (লূক ২১:১২; প্ৰকা. ২:১০) আন লোকসকলৰ যোগেদি চয়তানে যিহোৱাৰ সাক্ষীসকলৰ বিষয়ে উৰা বাতৰি বিয়পাই আৰু এই বাতৰিৰ ভিতৰত কিছুমান কথা মিছা থাকে। এই কথাবোৰৰ বাবে মানুহে আমাক ঠাট্টা কৰে বা আমাক মাৰ-পিট কৰে। (মথি ১০:৩৬) এইটো কোনো নতুন কথা নহয়। কিয়নো যীচুৰ শিষ্যসকলৰ লগতো এইদৰে হৈছিল।—পাঁচ. ৫:২৭, ২৮, ৪০.

আমাৰ পৰিয়ালে যদিও আমাৰ বিৰোধ কৰে, কিন্তু আমি বিশ্বাস কৰিব পাৰোঁ যে যিহোৱাই আমাক প্ৰেম কৰে (অনুচ্ছেদ ১২-১৪ চাওক) e

১২ চয়তানে আন এক উপায়েৰে আমাক ভয় খোৱাবলৈ চেষ্টা কৰে। কিছুমান লোকে এয়া ভাবি ভয় নকৰে যে তেওঁলোকক মাৰ-পিট কৰা হʼব। ইয়াৰ পৰিৱৰ্তে যদি তেওঁলোকে যিহোৱাৰ সাক্ষী হয়, তেনেহʼলে তেওঁলোকৰ পৰিয়ালে কি কʼব, এয়া ভাবিহে তেওঁলোকে ভয় কৰে। কিয়নো তেওঁলোকে নিজৰ পৰিয়াল আৰু সম্বন্ধীয় লোকক বহুত প্ৰেম কৰে আৰু পৰিয়ালৰ লোকসকলেও যিহোৱাৰ বিষয়ে শিকাটো তেওঁলোকে বিচাৰে। কিন্তু যেতিয়া পৰিয়ালে বা সম্বন্ধীয় লোকসকলে যিহোৱা বা যিহোৱাৰ সাক্ষীসকলৰ বিষয়ে বেয়াকৈ কয়, তেতিয়া তেওঁলোকে মনত বৰ আঘাত পায়। কিন্তু বহুবাৰ দেখিবলৈ পোৱা যায় যে যিসকলৰ পৰিয়ালে প্ৰথমতে তেওঁলোকক বিৰোধ কৰিছিল, পাছলৈ তেওঁলোকে যিহোৱাৰ সাক্ষী হʼল। কিন্তু পৰিয়ালৰ লোকসকলে যেতিয়া আমাৰ লগত কোনো সম্পৰ্ক নাৰাখে, তেতিয়া আমি কি কথা মনত ৰখা উচিত?

১৩. যদি আমাৰ পৰিয়ালে আমাৰ লগত সম্পৰ্ক নাৰাখে, তেনেহʼলে কি কথাৰ পৰা আমি শান্ত্বনা পাব পাৰোঁ? (গীতমালা ২৭:১০)

১৩ গীতমালা ২৭:১০ পদত লিখা কথাই আমাক শান্ত্বনা দিব পাৰে। (পঢ়ক।) তাত কোৱা হৈছে আনে আমাক সহায় কৰক বা নকৰক, কিন্তু যিহোৱাই আমাক সদায় সহায় কৰিব। তেওঁ আমাক বহুত প্ৰেম কৰে আৰু যদি আমি তেওঁৰ বিশ্বাসী হৈ থাকোঁ, তেনেহʼলে আমাক বহুতো আশীৰ্বাদ দিব। আমাৰ পৰিয়ালে যিদৰে আমাৰ যত্ন লয়, তাতকৈ বেছি ভালদৰে যিহোৱাই আমাৰ যত্ন লʼব। তেওঁ আমাৰ সকলো প্ৰয়োজনীয়তা পূৰ কৰিব আৰু আমাক মনৰ শান্তি দিব। আমি আনন্দিত থাকিব পাৰিম আৰু তেওঁৰ লগত আমাৰ ভাল সম্পৰ্ক হʼব। ভাই বিলিয়ামে এইদৰেই অনুভৱ কৰিছিল।

১৪. বিলিয়ামৰ পৰা আপুনি কি শিকিব পাৰে?

১৪ বিলিয়ামে ভালদৰে জানিছিল যে তেওঁ থকা দেশখনত যিহোৱাৰ সাক্ষীসকলক বহুত অত্যাচাৰ কৰা হৈছে। তথাপি তেওঁ যিহোৱাৰ সাক্ষী হʼল। কিন্তু তেওঁ মনত ৰাখিলে যে যিহোৱাই তেওঁক বহুত প্ৰেম কৰে। সেইবাবে তেওঁ নিজৰ ভয় দমন কৰিব পাৰিলে। ভাই বিলিয়ামে এইদৰে কৈছে, “মই কেতিয়াও ভবা নাছিলোঁ যে চৰকাৰে মোক ইমান অত্যাচাৰ কৰিব। কিন্তু চৰকাৰৰ অত্যাচাৰতকৈ মোৰ এই কথাৰ বাবে ভয় লাগিছিল যে পৰিয়ালৰ লোকসকলে মোৰ বিৰোধ কৰিব। মোৰ দেউতা যিহোৱাৰ সাক্ষী নহয়। যেতিয়া তেওঁ আৰু পৰিয়ালৰ আন লোকসকলে গম পাব যে মই এজন যিহোৱাৰ সাক্ষী হʼলোঁ, তেতিয়া তেওঁলোকে ভাবিব যে মই নিজৰ জীৱন ধ্বংস কৰিলোঁ আৰু কোনো কামৰ যোগ্য নহওঁ।” কিন্তু বিলিয়ামৰ সম্পূৰ্ণ ভৰসা আছিল যে যিহোৱাই যিসকলক প্ৰেম কৰে, তেওঁলোকৰ যত্ন লয়। তেওঁ এইদৰে কৈছে, “মই সেই ভাই-ভনীসকলৰ বিষয়ে ভাবিবলৈ ধৰিলোঁ, যিসকলে আৰ্থিকভাৱে অভাৱত আছিল, যিসকলক পক্ষপাত কৰা হৈছিল আৰু যিসকলক ভীৰে আক্ৰমণ কৰিছিল। কিন্তু যিহোৱাই সকলো সময়তে তেওঁলোকক সহায় কৰিলে আৰু তেওঁলোকক কেতিয়াও এৰি দিয়া নাই। মই জানিছিলোঁ যে যদি ময়ো যিহোৱাৰ বিশ্বাসী হৈ থাকোঁ, তেনেহʼলে তেওঁ মোকো আশীৰ্বাদ দিব। বহুবাৰ মোক গ্ৰেপ্তাৰ কৰা হʼল আৰু বহুবাৰ মাৰ-পিট কৰা হʼল, কিন্তু যিহোৱাই মোক সদায় সহায় কৰিলে। তেওঁ প্ৰতিটো মুহূৰ্ততে মোৰ লগত আছিল।” যিহোৱা, বিলিয়ামৰ পিতৃৰ নিচিনা হʼল আৰু যিহোৱাৰ লোকসকল তেওঁৰ পৰিয়ালৰ নিচিনা।

মৃত্যুৰ প্ৰতি ভয়

১৫. আমি সকলোৱে মৃত্যু লৈ কিয় ভয় কৰোঁ?

১৫ আমি সকলোৱে মৃত্যু লৈ ভয় কৰোঁ। সেইবাবে, যেতিয়া আমি বা আমাৰ পৰিয়ালে বেমাৰ হয়, তেতিয়া আমি বহুত চিন্তিত হৈ পৰোঁ। বাইবেলতো কোৱা হৈছে যে মৃত্যু আমাৰ শত্ৰু হয়। (১ কৰি. ১৫:২৫, ২৬) আমি মৃত্যু লৈ কিয় ভয় কৰোঁ? কিয়নো যিহোৱাই আমাক অনন্ত জীৱন জীয়াই থাকিবলৈ সৃষ্টি কৰিছে। (উপ. ৩:১১) আমি কোনেও মৰিব নিবিচাৰোঁ। সেইবাবে, আমি নিজৰ শৰীৰৰ যত্ন লওঁ, ব্যায়াম কৰোঁ, আহাৰ খাওঁ, বেমাৰ হʼলে ডাক্তৰৰ ওচৰলৈ যাওঁ, দৰৱ লওঁ আৰু নিজৰ জীৱন বিপদত নেপেলাওঁ।

১৬. চয়তানে আমাক কেনেকৈ ভয় খোৱাবলৈ চেষ্টা কৰে?

১৬ আমি সকলোৱে নিজৰ জীৱনক বহুত প্ৰেম কৰোঁ বুলি চয়তানে জানে। সেইবাবে, সি দাবী কৰে যে মানুহে নিজৰ জীৱন বচাবলৈ যিকোনো কৰিবলৈ সাজু থাকে। যেনে, যিহোৱাৰ লগত নিজৰ সম্পৰ্ক হেৰুৱাবলৈও সাজু থাকে। (ইয়ো. ২:৪, ৫) কিন্তু এয়া একেবাৰে মিছা কথা! চয়তানৰ “মৃত্যুৰ পৰাক্ৰম” আছে অৰ্থাৎ তাৰ ওচৰত আমাক মৃত্যুৰ মুখত পেলোৱাৰ শক্তি আছে। সেইবাবে, চয়তানে আমাক ভয় খোৱাবলৈ চেষ্টা কৰে, যাতে আমি যিহোৱাৰ সেৱা কৰিবলৈ এৰি দিওঁ। (ইব্ৰী ২:১৪, ১৫) সি বহুবাৰ চৰকাৰ আৰু কিছুমান মানুহৰ যোগেদি আমাক ভয় খোৱাই যে যদি আমি যিহোৱাৰ সেৱা কৰিবলৈ এৰি নিদিওঁ, তেনেহʼলে তেওঁলোকে আমাক মৃত্যুদণ্ড দিব। অথবা যদি আমি বহুত বেমাৰ হওঁ, সেই সময়ত আমি নিজৰ জীৱন বচাবলৈ তেজ লোৱাৰ বাবে নিজৰ পৰিয়াল আৰু ডাক্তৰৰ যোগেদি চয়তানে আমাক হেঁচা দিয়ে বা এনে চিকিৎসা কৰিবলৈ কয়, যি বাইবেলৰ অনুসৰি সঠিক নহয়।

১৭. ৰোমীয়া ৮:৩৭-৩৯ পদৰ অনুসৰি আমি কিয় মৃত্যু লৈ ভয় কৰা উচিত নহয়?

১৭ আমি কোনেও মৰিব নিবিচাৰোঁ। কিন্তু আমি জানোঁ যে যদি আমাৰ মৃত্যুও হৈ যায়, তথাপি যিহোৱাই আমাক প্ৰেম কৰি থাকিব। (ৰোমীয়া ৮:৩৭-৩৯ পঢ়ক।) যেতিয়া যিহোৱাৰ বন্ধুসকলৰ মৃত্যু হয়, তেতিয়া যিহোৱাই তেওঁলোকক পাহৰি নাযায়। ইয়াৰ পৰিৱৰ্তে যিহোৱাই তেওঁলোকক নিজৰ স্মৃতিত সুৰক্ষিত ৰাখে আৰু যিহোৱাই তেওঁলোকক পুনৰ জীৱিত কৰিবলৈ হাবিয়াহ কৰি আছে। (লূক ২০:৩৭, ৩৮; ইয়ো. ১৪:১৫) ইয়াৰ লগতে যিহোৱাই আমাক “অনন্ত জীৱন” দিবলৈ নিজৰ একমাত্ৰ প্ৰিয় পুত্ৰকো বলিদান দিলে। (যোহ. ৩:১৬) ইয়াত কোনো সন্দেহ নাই যে যিহোৱাই আমাক প্ৰেম কৰে আৰু তেওঁ আমাৰ যত্ন লয়। সেইবাবে যেতিয়া আমাৰ বেমাৰ হয় বা লোকসকলে আমাক ডাবি-ধমকি দি ভয় খোৱায়, তেতিয়া আমি যিহোৱাৰ পৰা আঁতৰি যোৱা উচিত নহয়। ইয়াৰ পৰিৱৰ্তে আমি তেওঁলৈ প্ৰাৰ্থনা কৰা উচিত, যাতে তেওঁ আমাক বুদ্ধি, সাহস আৰু শান্ত্বনা দিয়ে। ভনী বেৰʼণীকা আৰু তেওঁৰ স্বামীয়েও এইদৰেই কৰিলে। আহক ইয়াৰ বিষয়ে চাওঁ।—গীত. ৪১:৩.

১৮. ভনী বেৰʼণীকাৰ পৰা আপুনি কি শিকিব পাৰে?

১৮ ভনী বেৰʼণীকা যেতিয়া ৩৫ বছৰৰ আছিল, তেতিয়া তেওঁৰ এনে এটা কেন্সাৰ বেমাৰ হʼল, যি বহুত কম লোকৰ হয় আৰু এই বেমাৰটো তেওঁৰ শৰীৰত বেগেৰে বিয়পি আছিল। ভনীয়ে এইদৰে কৈছে, “যেতিয়া আমি এই কথাটো গম পালোঁ, তেতিয়া আমি আচৰিত হʼলোঁ। ডাক্তৰে আমাক কʼলে যে মোৰ এটা ডাঙৰ অপাৰেশ্চন কৰিব লাগিব, নহʼলে মই জীয়াই নাথাকিম। আমি বহুতো ডাক্তৰক দেখুৱালোঁ, কিন্তু সকলোৱে একেটা কথা কʼলে যে মই তেজ লʼবই লাগিব। মোৰ বৰ ভয় লাগিছিল। কিন্তু মই থিৰাং কৰিলোঁ যে লাগিলে যিয়েই নহওক, মই যিহোৱাৰ আজ্ঞা উলংঘন নকৰিম আৰু তেজ নলʼম। যিহোৱাই মোক বহুত প্ৰমে কৰে বুলি মই জানিছিলোঁ, কিন্তু এতিয়া মই যিহোৱাক কিমান প্ৰেম কৰোঁ, সেয়া দেখুৱাৰ প্ৰয়োজন আছিল। যেতিয়া ডাক্তৰে কৈছিল যে মোৰ স্বাস্থ্য আৰু বেয়ালৈ ঢাল খাইছে, তেতিয়া যিহোৱাৰ আজ্ঞা পালন কৰাৰ মোৰ ইচ্ছা আৰু মজবুত হৈছিল যে মই তেওঁৰ বিশ্বাসী হৈ থাকিম আৰু চয়তান মিছলীয়া হয় বুলি প্ৰমাণ কৰিম। অৱশেষত, তেজৰ অবিহনে অপাৰেশ্চন কৰিবলৈ ডাক্তৰে সন্মত হʼল। এতিয়াও কেতিয়াবা মোৰ স্বাস্থ্য ভাল নাথাকে, কিন্তু আমি যিহোৱাৰ সহায়ত সেইবোৰ সহন কৰিব পাৰিছোঁ। মোৰ এতিয়াও মনত আছে যেতিয়া আমি গম পাইছিলোঁ যে মোৰ কেন্সাৰ বেমাৰ আছে, তেতিয়া তাৰ কিছু দিনৰ আগতে আমি সভাত এটা লেখ আলোচনা কৰিছিলোঁ। যাৰ বিষয় হৈছে, ‘সাহসেৰে সমস্যাৰ সন্মুখীন হওক।’ c সেই লেখটো আমি বাৰে বাৰে পঢ়িলোঁ আৰু তাৰ পৰা শান্ত্বনা লাভ কৰিলোঁ। আমি এনেধৰণৰ আৰু বহুতো লেখ পঢ়িলোঁ। আমি সভা আৰু প্ৰচাৰলৈ যাবলৈ কেতিয়াও এৰি দিয়া নাছিলোঁ। এইদৰে কৰি আমি সঁচাকৈ মনত শান্তি লাভ কৰিলোঁ আৰু সঠিক নিৰ্ণয় লʼব পাৰিলোঁ।” বেৰʼণীকায়ে সদায় মনত ৰাখিছিল যে যিহোৱাই তেওঁক বহুত প্ৰেম কৰে। সেইবাবে, তেওঁ নিজৰ ভয় দমন কৰিব পাৰিলে।

আপুনি ভয় দমন কৰিব পাৰে!

১৯. অতি সোনকালে কি হʼব?

১৯ গোটেই পৃথিৱীত আমাৰ ভাই-ভনীসকলে চয়তানৰ বিৰোধ কৰি আছে আৰু সাহসেৰে সমস্যাৰ সন্মুখীন হৈ আছে। (১ পিত. ৫:৮, ৯) আপুনিও এইদৰে কৰিব পাৰে। যিহোৱাই অতি সোনকালে যীচু আৰু তেওঁৰ লগত শাসন কৰা লোকসকলক “চয়তানৰ কৰ্ম্ম লুপ্ত” কৰিবলৈ কʼব। (১ যোহ. ৩:৮) তাৰ পাছত যিহোৱাৰ লোকসকলে কোনো কথাৰ বাবে ভয় নকৰিব আৰু তেওঁলোকে “ত্ৰাসৰ পৰা” বা সন্ত্ৰাসৰ পৰা আঁতৰি থাকিব। (যিচ. ৫৪:১৪; মীখা ৪:৪) কিন্তু যেতিয়ালৈকে সেই সময় নাহে, তেতিয়ালৈকে আহক আমি নিজৰ ভয় দমন কৰিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰি থাকোঁ।

২০. নিজৰ ভয় দমন কৰিবলৈ আমি কি কৰিব পাৰোঁ?

২০ আমি নিজৰ ভয় দমন কৰিবলৈ হʼলে যিহোৱাই আমাক প্ৰেম কৰে আৰু সমস্যাৰ সময়ত তেওঁ আমাৰ যত্ন লʼব বুলি আমি বিশ্বাস বঢ়াব লাগিব। এইদৰে কৰিবলৈ আমি চিন্তা কৰিব পাৰোঁ যে অতীতত যিহোৱাই কেনেকৈ তেওঁৰ লোকসকলক সহায় কৰিছিল আৰু এই বিষয়ে আমি আনক কʼব পাৰোঁ। আমি এয়াও চিন্তা কৰিব পাৰোঁ যে এতিয়া যিহোৱাই আমাৰ কেনেকৈ যত্ন লৈছে। মনত ৰাখক আপুনি অকলে নাই, যিহোৱা আপোনাৰ লগত আছে। যদি যিহোৱা আপোনাৰ লগত আছে, তেন্তে কিহৰ ভয়!—গীত. ৩৪:৪.

গীত ১২৯ আমি ধৈৰ্য্য ধৰিম

a বহুবাৰ ভয়ে আমাক বিপদৰ পৰা ৰক্ষা কৰে। কিন্তু আমি যদি বেছিকৈ ভয় কৰোঁ, তেনেহʼলে চয়তানে ইয়াৰ সুযোগ লৈ আমাক সঠিক নিৰ্ণয় লʼবলৈ বাধা দিব পাৰে। এই লেখত আমি শিকিম যে যিহোৱাই আমাক প্ৰেম কৰে আৰু তেওঁ সদায় আমাৰ লগত আছে বুলি যদি আমাৰ বিশ্বাস থাকে, তেনেহʼলে আমি এই ভয়ক দমন কৰিব পাৰিম।

b কিছুমান নাম সলনি কৰা হৈছে।

d ছবিৰ বিষয়ে: এহাল দম্পতীয়ে মণ্ডলীৰ এজনী ভনী আৰু তেওঁৰ পৰিয়ালৰ বাবে আহাৰ লৈ আনিছে।

e ছবিৰ বিষয়ে: এজন ভায়ে যিহোৱাৰ উপাসনা কৰাটো তেওঁৰ পিতৃ-মাতৃয়ে নিবিচাৰে। কিন্তু যিহোৱা তেওঁৰ লগত আছে বুলি ভাইজনৰ সম্পূৰ্ণ বিশ্বাস আছে।