‘মৰম কৰাটো আপোনাৰ শিক্ষা’ হয়নে?
লিজা আৰু এনি a নামৰ দুগৰাকী সত্য খ্ৰীষ্টান ভনীয়ে বাইবেল পঢ়ি আৰু তাৰ ওপৰত ধ্যান কৰি ভাল পায়। কিন্তু তেওঁলোকে সত্যত অহাৰ কাৰণ বেলেগ আছিল। ভনী লিজাই এইদৰে কৈছে, “মই ভাই-ভনীসকলে কৰা মৰম আৰু তেওঁলোকে যে আমাৰ বিষয়ে চিন্তা কৰে, সেয়া দেখি মোৰ বহুত ভাল লাগিল।” ভনী এনিয়েও এইদৰেই অনুভৱ কৰিছিল। তেওঁ এইদৰে কৈছে, “বাইবেলৰ শিক্ষাতকৈ বেছি মই ভাই-ভনীসকলৰ মৰম আৰু তেওঁলোকে যিদৰে আমাৰ যত্ন লয়, সেইবোৰ দেখি সত্যৰ ফালে আকৰ্ষিত হʼলোঁ।” এই দুয়োগৰাকী ভনীৰ কথাৰ পৰা জানিব পাৰি যে এই মৰমৰ গুণে তেওঁলোকৰ ওপৰত গভীৰভাৱে প্ৰভাৱ পেলালে।
আমি আনৰ লগত মৰমেৰে কেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ, যাতে তেওঁলোকে উৎসাহিত হয়? আমি দুটা উপায়েৰে তেওঁলোকক মৰম দেখুৱাব পাৰোঁ। সেয়া হৈছে নিজৰ কথা আৰু কামৰ যোগেদি। আমি কোন লোকসকলক মৰমেৰে ব্যৱহাৰ কৰিব লাগে, তাৰ বিষয়েও শিকিম।
নিজৰ কথাৰ যোগেদি
এজনী ভাল পত্নীৰ বিষয়ে হিতোপদেশ ৩১ অধ্যায়ত এইদৰে কৈছে, “তেওঁৰ জিবাৰ আগত মৰমৰ শিক্ষা থাকে।” (হিতো. ৩১:২৬) তাৰ মানে তেওঁ যেতিয়া কথা পাতে আৰু আনক যিধৰণে কথা কয়, তেতিয়া এই “শিক্ষা” পালন কৰে আৰু আনক মৰম কৰে। স্বামী আৰু পিতৃসকলেও কথা পতাৰ সময়ত এই শিক্ষা পালন কৰা উচিত। বহুতো পিতৃ-মাতৃয়ে ভালদৰে জানে যে যদি তেওঁলোকে নিজৰ লʼৰা-ছোৱালীৰ লগত খঙেৰে কথা পাতিব, তেনেহʼলে সিহঁতৰ ওপৰত ইয়াৰ বেয়া প্ৰভাব পৰিব আৰু তেওঁলোকে পিতৃ-মাতৃৰ কথা নুশুনিব। যদি পিতৃ-মাতৃয়ে নিজৰ লʼৰা-ছোৱালীৰ লগত মৰমেৰে কথা পাতিব, তেনেহʼলে তেওঁলোকে পিতৃ-মাতৃৰ কথা শুনিব আৰু পালনো কৰিব।
আমাৰ লʼৰা-ছোৱালী থাকক বা নাথাকক, আমি কেনেকৈ মৰমেৰে কথা পাতিব পাৰোঁ? ইয়াৰ বিষয়ে হিতোপদেশ ৩১:২৬ পদৰ প্ৰথম ভাগত কোৱা হৈছে। তাত এইদৰে কৈছে, “তেওঁ প্ৰজ্ঞাৰ কথা কবলৈ মুখ মেলে।” ইয়াৰ অৰ্থ হৈছে আমি কথা কোৱাৰ আগতে ভালদৰে চিন্তা কৰা উচিত যে আমি কি কম আৰু কেনেধৰণেৰে কম। যিকোনো কথা কোৱাৰ আগতে আমি নিজকে কিছুমান প্ৰশ্ন সোধা উচিত। যেনে, ‘মোৰ কথা শুনা লোকসকলে মই যি কম, সেয়া শুনি খং কৰিব নে শান্ত হৈ থাকিব?’ (হিতো. ১৫:১) এনেধৰণৰ প্ৰশ্ন যদি আমি নিজকে সোধোঁ, তেনেহʼলে আমি ভাবি-চিন্তি কথা পাতিব পাৰিম।
আন এক হিতোপদেশত এইদৰে লিখা আছে, নভবা-নিচিন্তাকৈ কথা কোৱাটো ‘অস্ত্ৰাঘাত’ কৰাৰ দৰে হয়। (হিতো. ১২:১৮) কোনো এটা কথা কোৱাৰ আগতে আমি চিন্তা কৰিব লাগিব যে আমাৰ কথা আৰু কথা কোৱাৰ ধৰণৰ পৰা লোকসকলে কেনে অনুভৱ কৰিব। এইদৰে কৰিলে আমি নিজৰ জিভাক নিয়ন্ত্ৰণত ৰাখিব পাৰিম। সঁচাকৈ, যদি আমি কথা কোৱাৰ ক্ষেত্ৰত মৰমৰ শিক্ষা পালন কৰোঁ, তেনেহʼলে আমি আঘাত দিয়া কথা নাপাতিম আৰু খঙেৰেও কথা নকম। (ইফি. ৪:৩১, ৩২) ইয়াৰ পৰিৱৰ্তে আমি মৰমেৰে আৰু এনেদৰে কথা পতা উচিত, যাৰ পৰা লোকসকলে উৎসাহিত হয়। এই ক্ষেত্ৰত আমি যিহোৱাৰ পৰা শিকিব পাৰোঁ। যেতিয়া তেওঁৰ সেৱক এলিয়া বহুত চিন্তিত আছিল, তেতিয়া যিহোৱাই নিজৰ স্বৰ্গদূতৰ যোগেদি তেওঁক উৎসাহিত কৰিছিল। যিহোৱাই তেওঁৰ লগত ‘সৰু মৃদু স্বৰে’ কথা পাতিছিল। (১ ৰাজা. ১৯:১২) কিন্তু আমি মৰেমেৰে কথা পতাৰ উপৰিও কামেৰেও দেখুৱাব লাগিব যে আমি তেওঁলোকক মৰম কৰোঁ। আহক ইয়াৰ বিষয়ে চাওঁ।
নিজৰ কামৰ যোগেদি
যিহোৱাৰ দৰে হʼবলৈ আমি কেৱল মৰেমেৰ কথা পতাটোৱেই যথেষ্ট নহয়, ইয়াৰ লগতে আমি মৰেমেৰে ব্যৱহাৰ কৰা উচিত। (ইফি. ৪:৩২; ৫:১, ২) ওপৰত উল্লেখ কৰা ভনী লিজাৰ পৰিয়ালৰ লগত যিহোৱাৰ সাক্ষীসকলে ভালদৰে ব্যৱহাৰ কৰিলে। তাৰ বিষয়ে ভনী লিজাই এইদৰে কৈছে, “আমাক ঘৰ সলনি কৰাৰ প্ৰয়োজন আছিল আৰু আমাৰ ওচৰত বেছি সময়ো নাছিল। সেই সময়ত এহাল দম্পতীয়ে, যিসকল যিহোৱাৰ সাক্ষী আছিল, তেওঁলোকে আমাক ঘৰ সলনি কৰাত সহায় কৰিবলৈ কামৰ পৰা ছুটী লৈছিল। তেতিয়ালৈকে মই বাইবেল অধ্যয়নো কৰা নাছিলোঁ।” সেই দম্পতীৰ ভাল কামৰ বাবে ভনী লিজাৰ ওপৰত গভীৰ প্ৰভাৱ পৰিল আৰু তেওঁ বাইবেল অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিলে।
ওপৰত উল্লেখ কৰা ভনী এনিৰ ওপৰতো সাক্ষীসকলৰ ব্যৱহাৰৰ ভাল প্ৰভাৱ পৰিল। তেওঁ এইদৰে কৈছে, “জগতখন ইমানেই
বেয়ালৈ ঢাল খাইছে যে কাৰো ওপৰত ভৰসা কৰিব নোৱাৰি। সেইবাবে যেতিয়া মই সাক্ষীসকলক লগ পালোঁ, তেতিয়া তেওঁলোকৰ ওপৰতো ভৰসা কৰিবলৈ মোৰ টান হৈছিল। মই ভাবিছিলোঁ যে তেওঁলোকে মোৰ বিষয়ে কিয় ইমান চিন্তা কৰে। যেতিয়া মোৰ অনুভৱ হʼল যে মোৰ বাইবেল অধ্যয়ন কৰা ভনীজনীয়ে সঁচাকৈ মোৰ বিষয়ে চিন্তা কৰে, তেতিয়া মই যিহোৱা সাক্ষীসকলৰ ওপৰত ভৰসা কৰিবলৈ ধৰিলোঁ।” ইয়াৰ কি ভাল পৰিণাম হʼল? ভনীজনীয়ে এইদৰে কৈছে, “মই যি শিকি আছিলোঁ, তাৰ বিষয়ে মই গভীৰভাৱে চিন্তা কৰিবলৈ ধৰিলোঁ। “আপোনালোকে মন কৰিলেনে, ভনী লিজা আৰু এনিৰ কাৰণে মণ্ডলীৰ ভাই-ভনীসকলে যি ভাল কাম কৰিছিল, তাৰ বাবে তেওঁলোকৰ ওপৰত ইয়াৰ ভাল প্ৰভাৱ পৰিল। সেইবাবে তেওঁলোকে পাছলৈ বাইবেল অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিলে। ভাই-ভনীসকলে তেওঁলোকক মৰম কৰাৰ বাবে আৰু তেওঁলোকক আপোন যেন অনুভৱ কৰোৱাৰ বাবে তেওঁলোকে যিহোৱা আৰু তেওঁৰ লোকসকলৰ ওপৰত ভৰসা কৰিব পাৰিলে।
যিহোৱাৰ দৰে আনক মৰম কৰক
নিজৰ ঘৰৰ পৰিৱেশ আৰু সংস্কৃতিৰ বাবে কিছুমান লোকৰ কাৰণে হয়তো মৰমেৰে কথা পতা আৰু মিচিকিয়াই হাঁহি মৰাটো সাধাৰণ যেন হʼব পাৰে। এইদৰে কৰাটো সঁচাকৈ প্ৰশংসাৰ যোগ্য। কিন্তু আমি যদি কেৱল নিজৰ ঘৰৰ পৰিৱেশ আৰু সংস্কৃতিৰ বাবেহে আনৰ লগত মৰমেৰে ব্যৱহাৰ কৰোঁ, তেনেহʼলে পাঁচ. ২৮:২ পদৰ লগত তুলনা কৰক।
আমি ঈশ্বৰৰ মৰম গুণক অনুকৰণ কৰিছোঁ বুলি কʼব নোৱাৰোঁ।—যদি আমি ঈশ্বৰৰ দৰে আনক মৰম কৰিব বিচাৰোঁ, তেনেহʼলে আমি পবিত্ৰ আত্মাৰ সহায়তেহে এনে কৰিব পাৰোঁ। (গালা. ৫:২২, ২৩) এই গুণটো বঢ়াবলৈ আমি নিজৰ চিন্তাধাৰা আৰু কামবোৰ পবিত্ৰ আত্মাৰ অনুসৰি কৰিব লাগিব। এইদৰে কৰিলে আমি যিহোৱাৰ দৰে হʼম আৰু আমি তেওঁক প্ৰেম কৰোঁ বুলি দেখুৱাওঁ। আমি যীচুৰ দৰেও হʼব বিচাৰোঁ, সেইবাবে আমি তেওঁৰ দৰে লোকসকলৰ যত্ন লওঁ আৰু মৰম কৰোঁ। এইদৰে যিহোৱা আৰু লোকসকলৰ প্ৰতি থকা প্ৰেমে আমাক আনৰ লগত মৰমেৰে ব্যৱহাৰ কৰিবলৈ অনুপ্ৰাণিত কৰে। এনে কৰিলে যিহোৱাই আমাৰ পৰা আনন্দিত হয়।
কোন লোকসকলক মৰম কৰা উচিত?
সাধাৰণতে যি লোকসকলে আমাৰ লগত মৰমেৰে ব্যৱহাৰ কৰে, তেওঁলোকৰ লগত আমিও মৰমেৰে ব্যৱহাৰ কৰোঁ আৰু ধন্যবাদ দিওঁ। (২ চমূ. ২:৬; কল. ৩:১৫) কিন্তু যিজন ব্যক্তিৰ লগত আমি মৰমেৰে ব্যৱহাৰ কৰা কোনো লাভ নাই আৰু আমি ভাবো যে তেওঁ ইয়াৰ যোগ্য নহয়। এনে পৰিস্থিতিত আমি কি কৰিব পাৰোঁ?
আমি কোনেও যিহোৱাৰ মৰমৰ যোগ্য নহওঁ, তথাপি তেওঁ আমাক মৰম কৰে। বাইবেলত এই মৰমক “অনুগ্ৰহ” বুলি কোৱা হৈছে আৰু খ্ৰীষ্টান গ্ৰীক শাস্ত্ৰত এই শব্দটো বহুবাৰ উল্লেখ কৰা হৈছে। অনুগ্ৰহ দেখুৱাত যিহোৱা আটাইতকৈ ভাল উদাহৰণ হয়। আমিও যিহোৱাৰ দৰে কেনেকৈ মৰম দেখুৱাব পাৰোঁ, তাৰ বিষয়ে তেওঁৰ বাক্যৰ পৰা শিকিব পাৰোঁ। গতিকে যিহোৱাই আমাৰ ওপৰত কেনেকৈ অনুগ্ৰহ বা মৰম দেখুৱাই, আহক চাওঁ।
সকলো মানুহে যাতে জীৱিত থাকিব পাৰে, তাৰ বাবে যিহোৱাই বতাহ, পানী এই সকলোবোৰ দিছে। (মথি ৫:৪৫) যেতিয়াৰে পৰা মানুহে যিহোৱাক জনাই নাছিল, তেতিয়াৰে পৰা যিহোৱাই মানুহক অনুগ্ৰহ বা মৰম দেখুৱাই আছে। (ইফি. ২:৪, ৫, ৮) যেনে, নিজৰ একমাত্ৰ প্ৰিয় পুত্ৰৰ বলিদান দিলে, যাতে আমি ইয়াৰ পৰা লাভৱান হʼব পাৰোঁ। পাঁচনি পৌলে কৈছিল যে যিহোৱাই আমাৰ ওপৰত ‘অনুগ্ৰহ’ কৰিলে আৰু নিজৰ পুত্ৰক মুক্তিপণস্বৰূপে দিলে। (ইফি. ১:৭) ইয়াৰ উপৰিও অসিদ্ধ হোৱাৰ বাবে আমি বহুতো ভুল কৰোঁ। তথাপি যিহোৱাই আমাক ক্ষমা কৰে আৰু আমাক শিকাই থাকে, যাতে আমি সঠিক পথত যাব পাৰোঁ। তেওঁ আমাক যি শিকাই, সেয়া “লাহে লাহে পৰা বৰষুণৰ নিচিনা” হয়। (দ্বিতী. ৩২:২) তেওঁ আমাৰ বাবে যি অনুগ্ৰহ বা মৰম দেখুৱালে, তাৰ পৰিশোধ আমি কেতিয়াও কৰিব নোৱাৰোঁ। ইয়াৰ লগতে তেওঁ আমাক সেই অনুগ্ৰহ নেদেখুৱা হʼলে আমি তাৰ অবিহনে কেতিয়াও জীয়াই নাথাকিলোঁহেঁতেন আৰু আমাৰ ওচৰত কেতিয়াও ভৱিষ্যতৰ আশা নাথাকিলেহেঁতেন।—১ পিত. ১:১৩ পদৰ লগত তুলনা কৰক।
যেতিয়া আমি এই বিষয়ে চিন্তা কৰোঁ যে যিহোৱাই আমাক কিমান মৰম কৰিলে, তেতিয়া আমি যিহোৱাৰ প্ৰতি কৃতজ্ঞ হওঁ আৰু আমি আনকো তেওঁৰ দৰে মৰম কৰিবলৈ উৎসাহিত হওঁ। সেইবাবে আমি কেৱল এজন বা দুজনৰ লগতে নহয়, সকলোৰে লগত মৰমেৰে ব্যৱহাৰ কৰা উচিত আৰু এয়া আমি প্ৰতিদিনে কৰা উচিত। (১ থিচ. ৫:১৫) যেতিয়া আমি ঘৰৰ পৰিয়াল, আমাৰ ভাই-ভনীসকল, সহপাঠী, সহকৰ্মী আৰু ওচৰ-চুবুৰীয়াৰ লগত মৰমেৰে ব্যৱহাৰ কৰিম, তেতিয়া তেওঁলোকে বহুত শান্ত্বনা লাভ কৰিব। সেই সময়ত তেওঁলোকক কপ-কঁপনি ঠাণ্ডাত জুই ফুৱাব দিয়া যেন তেওঁলোকে অনুভৱ কৰিব।
আপোনাৰ পৰিয়াত বা মণ্ডলীত এনে কোনো ব্যক্তি আছেনে, যাৰ বাবে আপুনি কিবা কৰিব পাৰে বা নিজৰ কথাৰে উৎসাহিত কৰিব পাৰে। তেওঁলোকক হয়তো নিজৰ ঘৰ বা বাগিছাৰ চোৱা-চিতা কৰা বা বজাৰ কৰিবলৈ সহায়ৰ প্ৰয়োজন আছে। ইয়াৰ উপৰিও প্ৰচাৰ কৰাৰ সময়ত আপুনি হয়তো এনে ব্যক্তিক লগ পাব পাৰে, যিজনক সহায়ৰ প্ৰয়োজন আছে। আপুনি তেওঁক সহায় কৰিবনে?
গতিকে আহক আমি যিহোৱাৰ দৰে হওঁ আৰু মৰম কৰা আমাৰ শিক্ষা হয় বুলি নিজৰ কথা আৰু কামৰ যোগেদি দেখুৱাওঁ।
a নাম সলনি কৰা হৈছে।