Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ১৬

গীত ৬৪ শস্য দোৱাত আনন্দেৰে ভাগ লওক

প্ৰচাৰ কামত আৰু আনন্দ লাভ কৰক

প্ৰচাৰ কামত আৰু আনন্দ লাভ কৰক

“আনন্দেৰ যিহোৱাৰ সেৱা কৰা।”গীত. ১০০:২.

কি শিকিম?

এই লেখত আমি প্ৰচাৰত কেনেকৈ আৰু আনন্দ লাভ কৰিব পাৰিম, তাৰ বিষয়ে শিকিম।

১. কিছুমান ভাই-ভনীক প্ৰচাৰ কৰিবলৈ কিয় কঠিন লাগিব পাৰে? (ছবিখনো চাওক।)

 যিহোৱাক আমি বহুত প্ৰেম কৰোঁ আৰু সকলোৱে তেওঁৰ বিষয়ে জনাটো আমি বিচাৰোঁ। সেইবাবে, আমি প্ৰচাৰ কৰোঁ। এই কাম কৰি আমি বহুত ভাল পাওঁ। কিন্তু কিছুমান ভাই-ভনীক প্ৰচাৰ কৰিবলৈ কঠিন লাগিব পাৰে। কিয় বাৰু? হয়তো তেওঁলোকে লাজুকীয়া স্বভাৱৰ হয় বা আনৰ লগত কথা পাতিবলৈ তেওঁলোকৰ ভয় লাগে। নতুবা নমতাকৈ আনৰ ঘৰলৈ যোৱাটো তেওঁলোকক ভাল নালাগিব পাৰে। কিছুমান ভাই-ভনীয়ে যেতিয়া ঘৰ মালিকে তৰ্ক-বিতৰ্ক কৰে, তেতিয়া আমি কি কৰিম বুলি ভাবি ভয় কৰে। আন কিছুমানে তৰ্ক কৰিব নিবিচাৰে। এয়া সঁচা যে এই ভাই-ভনীসকলে প্ৰচাৰ কৰিবলৈ ভয় কৰে। তথাপিও তেওঁলোকে এই কাম কৰিবলৈ এৰি নিদিয়ে, কাৰণ তেওঁলোকে যিহোৱাক বহুত প্ৰেম কৰে আৰু জানে যে প্ৰচাৰ কৰাটো কিমান গুৰুত্বপূৰ্ণ। সঁচাকৈ, এই ভাই-ভনীসকলক চাই যিহোৱাই কিমান আনন্দিত হয়!

আপুনি প্ৰচাৰ কৰি ভাল পাইনে? (অনুচ্ছেদ ১ চাওক)


২. যদি আপোনাৰ প্ৰচাৰ কৰিবলৈ ভয় লাগে বা ভাল নালাগে, তেনেহʼলে আপুনি কি কৰিব পাৰে?

আপোনাৰো কেতিয়াবা প্ৰচাৰ কৰিবলৈ ভয় লাগে নে বা এয়া কৰিবলৈ ভাল নালাগে? যদি এইদৰে হয়, তেনেহʼলে চিন্তা নকৰিব। আমি সকলোৱে লোকসকলৰ লগত কথা পাতিবলৈ কেতিয়াবা ভয় কৰোঁ, কিয়নো আমি তৰ্ক কৰিব নিবিচাৰোঁ আৰু আনে আমাৰ ওপৰত ধ্যান দিয়াটো নিবিচাৰোঁ। আমি লোকসকলৰ লাভৰ কাৰণে শুভবাৰ্ত্তা শুনাওঁ। মনত ৰাখক, আপোনাৰ পিতৃ যিহোৱাই আপোনাৰ সমস্যাৰ বিষয়ে জানে আৰু আপোনাক সহায় কৰিব বিচাৰে। (যিচ. ৪১:১৩) এই লেখত আমি পাঁচটা পৰামৰ্শৰ ওপৰত আলোচনা কৰিম, যিবোৰ পালন কৰিলে আপুনি নিজৰ ভয়ক নিয়ন্ত্ৰণ কৰিব পাৰিব আৰু আনন্দেৰে প্ৰচাৰ কৰিব পাৰিব।

ঈশ্বৰৰ বাক্যৰ পৰা সাহস লাভ কৰক

৩. ভৱিষ্যবক্তা যিৰিমিয়া কিয় সাহসেৰে প্ৰচাৰ কৰিব পাৰিলে?

প্ৰাচীন সময়ত ঈশ্বৰৰ বহুতো সেৱকক এনে দায়িত্ব দিয়া হৈছিল, যি তেওঁলোকক কঠিন লাগিছিল। কিন্তু যেতিয়া তেওঁলোকে ঈশ্বৰৰ বাৰ্ত্তাৰ ওপৰত ধ্যান দিলে, তেতিয়া তেওঁলোকে সাহস পালে আৰু সেই দায়িত্ব পূৰ কৰিব পাৰিলে। ভৱিষ্যবক্তা যিৰিমিয়াৰ বিষয়ে চিন্তা কৰক। যিহোৱাই তেওঁক প্ৰচাৰ কৰিবলৈ দায়িত্ব দিছিল, কিন্তু তেওঁ ভয় কৰিছিল। তেওঁ যিহোৱাক এইদৰে কʼলে, “মই কথা কব নাজানো; কিয়নো মই লৰা মানুহ।” (যিৰি. ১:৬) তেনেহʼলে নিজৰ ভয় নিয়ন্ত্ৰণ কৰিবলৈ কি কথাই তেওঁক সহায় কৰিলে? তেওঁক যিহোৱাৰ বাৰ্তাই সাহস দিলে। তেওঁ এইদৰে কʼলে, “মোৰ হাড়বোৰত বন্ধ কৰা জ্বলি থকা জুই যেন মোৰ অন্তৰত লাগে।” (যিৰি. ২০:৮, ৯) যিৰিমিয়াক এনে লোকসকলক প্ৰচাৰ কৰিব লাগিছিল, যিসকলে তেওঁৰ কথা শুনিব বিচৰা নাছিল। তথাপিও যেতিয়া তেওঁ এই বাৰ্তাৰ ওপৰত ধ্যান দিলে যে এয়া কিমান গুৰুত্বপূৰ্ণ, তেতিয়া তেওঁ বাৰ্তা শুনাবলৈ আগবাঢ়ি আহিলে।

৪. ঈশ্বৰৰ বাক্য পঢ়িলে আৰু মনন কৰিলে আমাৰ কি লাভ হয়? (কলচীয়া ১:৯, ১০)

আজি আমিও যিহোৱাৰ বাৰ্তা বা তেওঁৰ বাক্যৰ পৰা সাহস পাওঁ। পাঁচনি পৌলে কলচী মণ্ডলীৰ ভাই-ভনীসকলক সঠিক জ্ঞান লৈ থাকিবলৈ উৎসাহিত কৰিলে। কিয় বাৰু? যাতে তেওঁলোকে এনেধৰণৰ আচাৰ-ব্যৱহাৰ বজাই ৰাখিব পাৰে, যি যিহোৱাৰ সেৱকসকলৰ হোৱা উচিত আৰু সকলো প্ৰকাৰৰ ভাল কাম কৰি ফল উৎপন্ন কৰি গৈ থাকে। (কলচীয়া ১:৯, ১০ পঢ়ক।) ভাল কামবোৰৰ মাজৰ এটা হৈছে শুভবাৰ্ত্তা প্ৰচাৰ কৰা। সেইবাবে, যেতিয়া আমি বাইবেল অধ্যয়ন আৰু মনন কৰোঁ, তেতিয়া যিহোৱাৰ ওপৰত আমাৰ বিশ্বাস মজবুত হয়। আমি বুজি পাওঁ যে শুভবাৰ্ত্তা প্ৰচাৰ কৰাটো কিমান গুৰুত্বপূৰ্ণ।

৫. বাইবেলৰ পৰা সম্পূৰ্ণৰূপে লাভৱান হʼবলৈ আমি কি কৰিব পাৰোঁ?

যদি ঈশ্বৰৰ বাক্যৰ পৰা সম্পূৰ্ণৰূপে লাভৱান হʼব বিচাৰে, তেনেহʼলে খৰ-খেদাকৈ নপঢ়িব। ইয়াৰ অধ্যয়ন আৰু মনন কৰিবলৈ সময় উলিয়াওক। বাইবেল পঢ়াৰ সময়ত যদি আপুনি কিবা পদ বুজি নাপায়, তেনেহʼলে আগবাঢ়ি যোৱাৰ পৰিৱৰ্তে যিহোৱাৰ সাক্ষীসকলৰ বাবে অনুসন্ধান গাইডত (হিন্দী) বা আন প্ৰকাশনবোৰত এই পদৰ বিষয়ে অনুসন্ধান কৰক আৰু সেয়া ভালদৰে বুজিবলৈ চেষ্টা কৰক। যদি আপুনি সময় উলিয়াই এইদৰে অধ্যয়ন কৰিব, তেনেহʼলে ঈশ্বৰৰ বাক্যত লিখা কথাবোৰ একেবাৰে সঠিক হয় বুলি আপোনাৰ বিশ্বাস বাঢ়িব। (১ থিচ. ৫:২১) যিমানেই আপোনাৰ বিশ্বাস বাঢ়িব, সিমানেই আপুনি লোকসকলক ইয়াৰ বিষয়ে জনাই আনন্দিত হʼব।

ভালদৰে তৈয়াৰী কৰক

৬. প্ৰচাৰৰ বাবে আমি ভালদৰে তৈয়াৰী কৰাটো কিয় গুৰুত্বপূৰ্ণ?

যদি আপুনি প্ৰচাৰৰ বাবে ভালদৰে তৈয়াৰী কৰে, তেনেহʼলে আপুনি ভয় নাখাব আৰু লোকসকলৰ লগত ভালদৰে কথা পাতিব পাৰিব। যীচুৱেও নিজৰ শিষ্যসকলক প্ৰচাৰলৈ পঠিওৱাৰ আগতে কিছুমান কথা জনাইছিল। তেওঁ শিষ্যসকলক শিকাইছিল যে তেওঁলোকে কি কʼব লাগিব আৰু কি কৰিব লাগিব। (লূক ১০:১-১১) যেতিয়া শিষ্যসকলে এই কথাবোৰ পালন কৰিলে, তেতিয়া তেওঁলোকে ভাল পৰিণাম পালে আৰু বহুত আনন্দিত হʼল।—লূক ১০:১৭.

৭. আমি প্ৰচাৰৰ বাবে কেনেকৈ ভালদৰে তৈয়াৰী কৰিব পাৰোঁ? (ছবিখনো চাওক।)

আমিও প্ৰচাৰৰ বাবে ভালদৰে তৈয়াৰী কৰিব পাৰোঁ। আমি আগতীয়াকৈ চিন্তা কৰিব পাৰোঁ যে আমি লোকসকলৰ লগত কোনটো বিষয়ে কথা পাতিম আৰু তেওঁলোকক কেনেকৈ নিজৰ কথা বুজাম। আমি এই বিষয়েও চিন্তা কৰিব পাৰোঁ যে আমাৰ কথা শুনি লোকসকলে কি কʼব পাৰে আৰু আমি তেওঁলোকক কি উত্তৰ দিম। এই সকলোবোৰ তৈয়াৰী কৰাৰ পাছত যেতিয়া আপুনি প্ৰচাৰলৈ যাব, তেতিয়া ভয় নকৰিব। লোকসকলৰ লগত হাঁহি মুখেৰে আৰু আৰামেৰে কথা পাতক।

প্ৰচাৰৰ বাবে ভালদৰে তৈয়াৰী কৰক (অনুচ্ছেদ ৭ চাওক)


৮. পৌলে সত্য খ্ৰীষ্টানসকলৰ তুলনা মাটিৰ পাত্ৰৰ লগত কিয় কৰিছিল?

প্ৰচাৰ কাম কিমান গুৰুত্বপূৰ্ণ, সেয়াও আমি মনত ৰখা উচিত। পাঁচনি পৌলে ইয়াৰ বিষয়ে কি কৈছিল ধ্যান দিয়ক। তেওঁ কৈছিল, “মাটিৰ পাত্ৰ যি আমি, আমাত সেই দীপ্তিৰূপ ধন আছে।” (২ কৰি. ৪:৭) এই ধন কি হয়? ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা। যেতিয়া আমি ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা আনক জনাওঁ, তেতিয়া তেওঁলোকে জীৱন পাব পাৰে। (২ কৰি. ৪:১) মাটিৰ পাত্ৰ কোন হয়? ঈশ্বৰৰ সেৱকসকল, যিসকলে আনক শুভবাৰ্ত্তা জনায়। প্ৰথম শতিকাৰ বেপাৰীসকলে মাটিৰ পাত্ৰত শস্য, দ্ৰাক্ষাৰস, টকা আৰু এনেধৰণৰ আন আন মূল্যৱান বস্তুবোৰ লৈ গৈছিল। ঠিক সেইদৰে যিহোৱাই মাটিৰ পাত্ৰক অৰ্থাৎ আমাক শুভবাৰ্ত্তা জনোৱাৰ দায়িত্ব দিছে, যি বহুত গুৰুত্বপূৰ্ণ। এই কাম ভালদৰে কৰিবলৈ যিহোৱাই আমাক নিশ্চয় সহায় কৰিব।

সাহসৰ বাবে প্ৰাৰ্থনা কৰক

৯. যদি লোকসকলৰ লগত কথা পাতিবলৈ আপোনাৰ ভয় লাগে, তেনেহʼলে আপুনি কি কৰিব পাৰে? (ছবিখনো চাওক।)

যদি লোকসকলে আমাক খং কৰে বা আমাৰ বিৰোধ কৰে, তেতিয়া আমি কি কৰিম, আপুনিও এইদৰে চিন্তা কৰে নে? মন কৰক যেতিয়া পাঁচনিসকলক প্ৰচাৰ নকৰিবলৈ কোৱা হৈছিল, তেতিয়া তেওঁলোকে কি কৰিলে। তেওঁলোকে সহায় বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰিলে। তেওঁলোকে নিৰ্ভয় হৈ “ঈশ্বৰৰ বাক্য সাহেৰে কলে।” যিহোৱাই তেওঁলোকৰ প্ৰাৰ্থনা শুনিলে আৰু তেওঁলোকক সহায় কৰিলে। (পাঁচ. ৪:১৮, ২৯, ৩১) যদি আপোনাৰো লোকসকলৰ লগত কথা পাতিবলৈ কেতিয়াবা ভয় লাগে, তেনেহʼলে সহায় বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰক যাতে লোকসকলৰ প্ৰতি আপোনাৰ প্ৰেম ইমানেই বাঢ়ে যে আপোনাৰ মনৰ পৰা তেওঁলোকৰ প্ৰতি থকা ভয় নাইকিয়া হৈ যায়।

সাহসৰ বাবে প্ৰাৰ্থনা কৰক (অনুচ্ছেদ ৯ চাওক)


১০. যিহোৱাই লোকসকলক সাহসেৰে প্ৰচাৰ কৰিবলৈ আমাক কেনেকৈ সহায় কৰে? (যিচয়া ৪৩:১০-১২)

১০ যিহোৱাই আমাক লোকসকলক প্ৰচাৰ কৰিবলৈ দায়িত্ব দিছে। তেওঁ আমাক নিজৰ সাক্ষী বুলি কৈছে আৰু প্ৰতিজ্ঞা কৰিছে যে তেওঁ আমাক সহায় আৰু সাহস দিব। (যিচয়া ৪৩:১০-১২ পঢ়ক।) যিহোৱাই আমাক কেনেকৈ সাহস দিয়ে? এই চাৰিটা কথাৰ ওপৰত মন কৰক। প্ৰথম, তেওঁ আমাক নিজৰ পুত্ৰ যীচু খ্ৰীষ্টৰ জৰিয়তে সহায় আগবঢ়াই। (মথি ২৮:১৮-২০) দ্বিতীয়, তেওঁ স্বৰ্গদূতসকলকো আমাক সহায় কৰাৰ দায়িত্ব দিছে। (প্ৰকা. ১৪:৬) তৃতীয়, তেওঁ আমাক নিজৰ পবিত্ৰ শক্তি দিছে। যাৰ সহায়ত আমি শিকা কথাবোৰ মনত ৰাখিব পাৰোঁ। (যোহ. ১৪:২৫, ২৬) চতুৰ্থ, তেওঁ আমাক ভাই-ভনী দিছে। যিসকলে আমাক প্ৰচাৰ কামত সহযোগ কৰে। গতিকে, যিহোৱাই দিয়া এই সকলো সহায়ৰ বাবেহে আমি প্ৰচাৰ কাম সাহসেৰে কৰিব পাৰোঁ।

সাল-সলনি কৰক আৰু সঠিক দৃষ্টিভংগি বজাই ৰাখক

১১. প্ৰচাৰত বেছিকৈ লোকসকলক লগ কৰিবলৈ আমি কি কৰিব পাৰোঁ? (ছবিখনো চাওক।)

১১ লোকসকলক ঘৰত নাপালে আপুনি নিৰাশ হয় নে? যদি এইদৰে হয় তেনেহʼলে নিজকে সোধক, ‘যদি লোকসকল ঘৰত নাই, তেনেহʼলে কʼত আছে?’ (পাঁচ. ১৬:১৩) তেওঁলোকে কামৰ ঠাইত বা বজাৰত থাকিব পাৰেনে? যদি লোকসকল ঘৰত নাই, তেনেহʼলে ৰাস্তাত বা বজাৰত প্ৰচাৰ কৰিব পাৰে। ভাই যচূৱাই এইদৰে কৈছে, “মই বজাৰত, মলত আৰু যʼত গাড়ী পাৰ্কিং কৰে, তাত বহুতো লোকৰ লগত কথা পতিবলৈ সুযোগ পাইছোঁ।” ইয়াৰ উপৰিও ভাই যচূৱা আৰু তেওঁৰ পত্নী ব্ৰিজিটে লক্ষ্য কৰিলে যে যেতিয়া তেওঁলোকে সন্ধিয়া বা দেওবাৰ দুপৰিয়াৰ সময়ত প্ৰচাৰ কৰে, তেতিয়া তেওঁলোকে বহুতো লোকক ঘৰতে লগ কৰিবলৈ পায়।—ইফি. ৫:১৫, ১৬.

প্ৰচাৰৰ সময়ৰ সাল-সলনি কৰক আৰু সেই ঠাইত যাওক, যʼত লোকসকলক পোৱা যায় (অনুচ্ছেদ ১১ চাওক)


১২. লোকসকলৰ বিশ্বাস আৰু চিন্তাৰ বিষয়ে আমি কেনেকৈ জানিব পাৰোঁ?

১২ যদি কিছুমান লোকে আমাৰ কথাত বেছি আগ্ৰহ নেদেখুৱায়, তেনেহʼলে আমি কি কৰিব পাৰোঁ? লোকসকলৰ বিশ্বাস আৰু চিন্তাৰ বিষয়ে জানিবলৈ চেষ্টা কৰক। মন কৰক ভাই যচূৱা আৰু তেওঁৰ পত্নীয়ে এয়া কেনেকৈ কৰে। তেওঁলোকে লোকসকলক ট্ৰেক্টৰ প্ৰথম পৃষ্ঠাত দিয়া প্ৰশ্ন সুধে যাতে লোকসকলৰ মনৰ কথা জানিব পাৰে। যেনে, তেওঁলোকে আপুনি বাইবেলৰ বিষয়ে কি ভাবে? এই ট্ৰেক্টখন দেখাই প্ৰশ্ন সুধে, “বহুতো লোকে ভাবে যে বাইবেল ঈশ্বৰৰ পৰা হয়, কিন্তু কিছুমানে এইদৰে নাভাবে। আপুনি ইয়াৰ বিষয়ে কি ভাবে?” এইদৰে প্ৰশ্ন কৰি তেওঁলোকে বহুতো লোকৰ লগত কথা-বতৰা আৰম্ভ কৰিব পাৰিলে।

১৩. যেতিয়া লোকসকলে আমাৰ কথা নুশুনে, তেতিয়া আমি কি কথা মনত ৰাখিব পাৰোঁ? (হিতোপদেশ ২৭:১১)

১৩ যদি প্ৰচাৰত লোকসকলে আমাৰ কথা নুশুনে, তেনেহʼলে আমি এয়া মনত ৰখা উচিত যে আমি নিজৰ দায়িত্ব পূৰ কৰিলোঁ। কিয়নো প্ৰচাৰ কৰাৰ যোগেদি আমি যিহোৱা আৰু যীচুৰ আজ্ঞা পালন কৰি আছোঁ। (পাঁচ. ১০:৪২) সেইবাবে, যদি আমি প্ৰচাৰত লোকসকলক লগ নাপাওঁ বা লোকসকলে আমাৰ বিৰোধ কৰে, তেনেহʼলে এই কথা ভাবি আমি আনন্দিত হোৱা উচিত যে স্বৰ্গত থকা আমাৰ পিতৃ যিহোৱা আমাৰ পৰা আনন্দিত আছে।—হিতোপদেশ ২৭:১১ পঢ়ক।

১৪. যেতিয়া এজন ভাই বা ভনীয়ে এনে ব্যক্তিক লগ পায়, যিজনে ঈশ্বৰৰ বিষয়ে শিকিব বিচাৰে, তেতিয়া আমি কিয় আনন্দিত হওঁ?

১৪ যেতিয়া এজন ভাই বা ভনীয়ে এনে ব্যক্তিক লগ পায়, যিজনে ঈশ্বৰৰ বিষয়ে শিকিব বিচাৰে, তেতিয়া আমি সকলোৱে আনন্দিত হওঁ। এখন প্ৰহৰীদুৰ্গত প্ৰচাৰ কামক এজন হেৰাই যোৱা লʼৰাক বিচৰাৰ লগত তুলনা কৰা হৈছে। সকলোৱে সেই লʼৰাজনক বিচাৰিবলৈ আৰম্ভ কৰে আৰু সকলো ঠাইতে বিচাৰে। যেতিয়া কোনো এজনে তাক বিচাৰি পায়, তেতিয়া সকলোৱে আনন্দিত হয়। ঠিক সেইদৰে শিষ্য বনোৱা কামত আমি সকলোৱে মিলি পৰিশ্ৰম কৰোঁ আৰু যেতিয়া কোনো এজন ব্যক্তি সভাত আহিবলৈ ধৰে, তেতিয়া আমি সকলোৱে আনন্দিত হওঁ।

আপুনি যিহোৱা আৰু লোকসকলক কিমান প্ৰেম কৰে, তাৰ বিষয়ে চিন্তা কৰক

১৫. প্ৰচাৰ কামত যদি আমি বেছিকৈ আনন্দ পাব বিচাৰোঁ, তেনেহʼলে আমি কি কৰা উচিত? (মথি ২২:৩৭-৩৯) ( দিয়া ছবিখন চাওক।)

১৫ প্ৰচাৰ কামত আৰু বেছিকৈ আনন্দ পাবলৈ আৰু নিজৰ উৎসাহ বঢ়াবলৈ কি কৰিব পাৰোঁ? আমি প্ৰচাৰ কৰাৰ যোগেদি দেখুৱাওঁ যে যিহোৱা আৰু লোকসকলক কিমান প্ৰেম কৰোঁ। (মথি ২২:৩৭-৩৯ পঢ়ক।) যেতিয়া আমি এয়াও চিন্তা কৰিম যে প্ৰচাৰ কৰি থকা দেখি যিহোৱা কিমান আনন্দিত হʼব, তেতিয়া প্ৰচাৰৰ বাবে আমাৰ উৎসাহ বাঢ়িব। লগতে বাইবেল অধ্যয়ন কৰি লোকসকলে কিমান আনন্দিত হʼব আৰু অনন্ত জীৱন লাভ কৰাৰ আশা পাব, এই বিষয়ে চিন্তা কৰিলে প্ৰচাৰৰ বাবে আমাৰ উৎসাহ আৰু বাঢ়িব।—যোহ. ৬:৪০; ১ তীম. ৪:১৬.

আমি যিহোৱা আৰু লোকসকলক কিমান প্ৰেম কৰোঁ, ইয়াৰ বিষয়ে যেতিয়া চিন্তা কৰোঁ, তেতিয়া আমি প্ৰচাৰত আৰু বেছিকৈ আনন্দ পাম (অনুচ্ছেদ ১৫)


১৬. যদি কিবা কাৰণৰ বাবে আপুনি ঘৰৰ পৰা ওলাব পৰা নাই বা প্ৰচাৰত ভাগ লʼব পৰা নাই, তেতিয়াও ঈশ্বৰৰ সেৱাত আপুনি কেনেকৈ আনন্দ লাভ কৰিব পাৰিব? উদাহৰণ দি বুজাওক।

১৬ যদি কিবা কাৰণৰ বাবে আপুনি ঘৰৰ পৰা ওলাব পৰা নাই বা প্ৰচাৰত ভাগ লʼব পৰা নাই, তেনেহʼলে নিৰাশ নহʼব। আপুনি যিহোৱা আৰু লোকসকলৰ বাবে কেনেকৈ প্ৰেম বঢ়াব পাৰে, তাৰ বিষয়ে চিন্তা কৰক। ভাই চেমূৱেল আৰু তেওঁৰ পত্নী ডানিয়াৰ উদাহৰণলৈ মন কৰক। কভিড ১৯ মহামাৰীৰ সময়ত ঘৰৰ পৰা বাহিৰলৈ ওলাব নোৱাৰাৰ বাবে তেওঁলোকে ফোন আৰু চিঠিৰ যোগেদি লোকসকলক প্ৰচাৰ কৰিলে, লগতে জুমৰ যোগেদি বাইবেল অধ্যয়ন কৰালে। ইয়াৰ উপৰিও ভায়ে যেতিয়া নিজৰ কেন্সাৰ বেমাৰৰ চিকিৎসা কৰাবলৈ ডাক্তৰৰ ওচৰলৈ গৈছিল, তেতিয়াও তেওঁ লোকসকলক প্ৰচাৰ কৰিছিল। ভায়ে এইদৰে কয়, “যেতিয়া আমাৰ ওপৰত সমস্যা আহে, তেতিয়া আমি হতাশ হৈ যাওঁ আৰু ভাগৰি পৰোঁ। ইয়াৰ লগতে আমাৰ বিশ্বাস কিমান মজবুত আছে তাৰো, পৰীক্ষা হয়। এনে পৰিস্থিতিতো আমি যিহোৱাৰ সেৱা কৰি থাকিলে আনন্দ লাভ কৰিব পাৰোঁ।” মহামাৰীৰ সময়ছোৱাত এদিন ভনী ডানিয়া হঠাতে পৰি গʼল আৰু তিনি মাহলৈকে বিচনাৰ পৰা উঠিব নোৱাৰিলে। তেওঁ ৬ মাহলৈকে উইলচেয়াৰতে থাকিবলগীয়া হʼল। তেওঁ এইদৰে কৈছে, “মই যিহোৱাৰ সেৱা যিমান কৰিব পাৰিছিলোঁ, সিমান মই কৰিলোঁ। মোক চোৱা-চিতা কৰা নাৰ্চ আৰু যিসকলে আমাৰ ঘৰত বস্তু দিবলৈ আহিছিল, তেওঁলোকক মই প্ৰচাৰ কৰিছিলোঁ। লগতে মেডিকেল কোম্পানীত কাম কৰা এজনী ছোৱালীৰ লগতো মই ফোনত কথা পাতিছিলোঁ।” নিজৰ পৰিস্থিতিৰ বাবে ভাই চেমূৱেল আৰু তেওঁৰ পত্নী আগৰ নিচিনা প্ৰচাৰ কৰিব পৰা নাছিল। কিন্তু যিমান পাৰিছিল, সিমান কৰিছিল। সেইবাবে, তেওঁলোকে আনন্দ লাভ কৰিলে।

১৭. যদি আপুনি এই লেখত দিয়া পৰামৰ্শবোৰৰ পৰা লাভৱান হʼব বিচাৰে, তেনেহʼলে আপুনি কি কৰিব পাৰে?

১৭ এই লেখত আমি পাঁচটা পৰামৰ্শৰ ওপৰত আলোচনা কৰিলোঁ, সেইবোৰ পালন কৰক। সেই পৰামৰ্শবোৰ তৰকাৰিত দিয়া মছলাৰ দৰে হয়, যিয়ে তৰকাৰিক সোৱাদলগা কৰি তুলে। ঠিকে সেইদৰে যেতিয়া আমি সকলো পৰামৰ্শ পালন কৰিম, তেতিয়া আমি নিজৰ ভয় নিয়ন্ত্ৰণ কৰাৰ লগতে প্ৰচাৰত আৰু বেছিকৈ আনন্দ পাব পাৰিম।

প্ৰচাৰত আৰু বেছিকৈ আনন্দ পাবলৈ এইবোৰ কথাই কেনেকৈ সহায় কৰিব পাৰে?

  • সময় উলিয়াই ভালদৰে তৈয়াৰী কৰাৰ যোগেদি

  • সাহসৰ বাবে প্ৰাৰ্থনা কৰাৰ যোগেদি

  • প্ৰচাৰ কৰি আমি যিহোৱা আৰু লোকসকলক কিমান প্ৰেম কৰোঁ, তাৰ বিষয়ে মনন কৰাৰ যোগেদি

গীত ৮০ ‘যিহোৱা যে মঙ্গলময়, তাক আস্বাদন কৰি চোৱা’