অধ্যয়নৰ লেখ ৩৪
বাইবেলৰ ভৱিষ্যতবাণীৰ পৰা শিকক
“জ্ঞানী লোকবিলাকেহে বুজিব।”—দানি. ১২:১০.
গীত ৯৮ ঈশ্বৰৰ প্ৰেৰণাৰে লিখা শাস্ত্ৰ
লেখৰ এক আভাস a
১. কিহৰ বিষয়ে জানিলে বাইবেলৰ ভৱিষ্যতবাণীবোৰ অধয়্যন কৰিবলৈ হয়তো আপোনাক ভাল লাগিব পাৰে?
“মোক বাইবেলৰ ভৱিষ্যতবাণীবোৰ অধয়্যন কৰি বহুত ভাল লাগে।” এই কথাষাৰ বেন নামৰ এজন ডেকা ভায়ে কৈছিল। বেনৰ দৰে আপোনাকো ভৱিষ্যতবাণীবোৰ অধ্যয়ন কৰি ভাল লাগে নে বহুত কঠিন লাগে? কিছুমান লোকক ভৱিষ্যতবাণীবোৰ অধ্যয়ন কৰিবলৈ বৰ আমনি লাগে। কিন্তু আপুনি যেতিয়া জানিব যে যিহোৱাই নিজৰ বাক্যত ভৱিষ্যতবাণীবোৰ কিয় লিখোৱাইছে, তেনেহʼলে হয়তো আপোনাৰ মন সলনি হʼব।
২. এই লেখত আমি কি শিকিম?
২ এই লেখত আমি শিকিম যে আমি বাইবেলত দিয়া ভৱিষ্যতবাণীবোৰ কিয় অধ্যয়ন কৰিব লাগে আৰু এয়া আমি কেনেকৈ কৰিব পাৰোঁ। তাৰ পাছত দানিয়েলে লিখা দুটা ভৱিষ্যতবাণীৰ ওপৰত ধ্যান দিম আৰু শিকিম যে ইয়াক বুজিলে আজি আমাৰ কি লাভ হʼব।
কিয় বাইবেলৰ ভৱিষ্যতবাণীবোৰ অধ্যয়ন কৰিব লাগে?
৩. বাইবেলৰ ভৱিষ্যতবাণীবোৰ বুজিবলৈ আমি কি কৰা উচিত?
৩ বাইবেলৰ ভৱিষ্যতবাণীবোৰ বুজিবলৈ আমাক আনৰ সহায়ৰ প্ৰয়োজন হʼব পাৰে। এটা উদাহৰণলৈ মন কৰক। আপুনি এনে এটা ঠাইত ফুৰিবলৈ গৈছে, যাৰ বিষয়ে আপুনি বেছিকৈ নাজানে। কিন্তু আপোনাৰ বন্ধু আপোনাৰ লগত আছে। তেওঁ সেই ঠাইৰ বিষয়ে বৰ ভালকৈ জানে আৰু তেওঁ এয়াও জানে যে আপুনি কোনটো ঠাইত আছে আৰু কোনটো বাটেৰে গৈ আছে। আপুনি কিমান আনন্দিত হʼব যে আপোনাৰ বন্ধু আপোনাৰ লগত আছে। যিহোৱাও ঠিক সেই বন্ধুৰ দৰে হয়। তেওঁ জানে আমি কোনটো সময়ত জীয়াই আছোঁ, কোনটো বাটেৰে গৈ আছোঁ আৰু কʼলৈ গৈ আছোঁ বা আন কথাত কʼবলৈ গʼলে আমাৰ ভৱিষ্যত কেনেকুৱা হʼব। সেইবাবে, আমাক বাইবেলৰ ভৱিষ্যতবাণীবোৰ বুজিবলৈ নম্ৰতাৰে যিহোৱাৰ সহায় লোৱা উচিত।—দানি. ২:২৮; ২ পিত. ১:১৯, ২০.
৪. যিহোৱাই নিজৰ বাক্যত ভৱিষ্যতবাণীবোৰ কিয় লিখুৱালে? (যিৰিমিয়া ২৯:১১) (ছবিখনো চাওক।)
৪ নিজৰ সন্তান সুখত থকা আৰু তেওঁলোকৰ ভৱিষ্যত ভাল হোৱাটো সকলো মা-দেউতাই বিচাৰে। যিহোৱাও নিজৰ সকলো সন্তানৰ বাবে এয়াই বিচাৰে। (যিৰিমিয়া ২৯:১১ পঢ়ক।) মা-দেউতাসকলে এয়া নাজানে যে ভৱিষ্যতে তেওঁলোকৰ সন্তানৰ জীৱন কেনেকুৱা হʼব, কিন্তু যিহোৱাই ভালদৰে জানে। তেওঁ সঠিকভাৱে কʼব পাৰে যে ভৱিষ্যতে কি হʼব। সেইবাবে, তেওঁ নিজৰ বাক্যত ভৱিষ্যতবাণীবোৰ লিখুৱাইছে, যিবোৰ পঢ়িলে আমি আগতীয়াকৈ জানিব পাৰোঁ যে ভৱিষ্যতে কি কি ঘটনা ঘটিব। (যিচ. ৪৬:১০) এই ভৱিষ্যতবাণীবোৰ উপহাৰতকৈ কম নহয়। কিন্তু বাইবেলৰ ভৱিষ্যতবাণীবোৰ নিশ্চয় পূৰ হʼব বুলি আমি কিয় বিশ্বাস ৰাখিব পাৰোঁ?
৫. ডেকা ভাই-ভনীসকলে মেক্সৰ উদাহৰণৰ পৰা কি শিকিব পাৰে?
৫ আমাৰ লৰা-ছোৱালীয়ে প্ৰায়ে স্কুলত এনে কিছুমান লোকৰ সন্মুখীন হয়, যিসকলে বাইবেলৰ ওপৰত বিশ্বাস নকৰে আৰু ইয়াত যি লিখা আছে সেয়া তেওঁলোকৰ বাবে একো অৰ্থ নাৰাখে। তেওঁলোকে যি কয় বা কৰে, সেয়া হয়তো আমাৰ লʼৰা-ছোৱালীৰ মনত সন্দেহ জগাব পাৰে। মেক্স নামৰ ভাইৰ উদাহৰণলৈ মন কৰক। তেওঁ কৈছে, “যেতিয়া মই স্কুলত আছিলোঁ, তেতিয়া মোৰ সন্দেহ হৈছিল যে মা-দেউতাই মোক যি ধৰ্মৰ বিষয়ে শিকাই আছে সেয়া সত্য ধৰ্ম হয়নে বা বাইবেল সঁচাকৈ ঈশ্বৰৰ ফালৰ পৰা হয়নে।” তেতিয়া তেওঁৰ মা-দেউতাই কি কৰিলে? তেওঁ কৈছে, “মা-দেউতাই এয়া শুনি অলপ চিন্তিত হৈছিল। কিন্তু তেওঁলোকে মোক খং কৰা নাছিল।” মেক্সৰ মা-দেউতাই তেওঁক বাইবেলৰ পৰা ইয়াৰ উত্তৰ দিলে আৰু তেওঁ নিজেও কিছুমান কাম কৰিলে। তেওঁ এইদৰে কৈছে, “মই বাইবেলত দিয়া ভৱিষ্যতবাণীবোৰ অধ্যয়ন কৰিলোঁ আৰু মই যি শিকিলোঁ তাৰ বিষয়ে মণ্ডলীৰ আন ডেকাসকলৰ লগতো কথা পাতিলোঁ। ইয়াৰ পৰা কি লাভ হʼল? তেওঁ কৈছে, “ইয়াৰ পাছত মোৰ সম্পূৰ্ণ বিশ্বাস হʼল যে বাইবেলখন ঈশ্বৰৰ ফালৰ পৰা হয়।”
৬. যদি আপোনাৰ মনত সন্দেহ আহে, তেনেহʼলে আপুনি কি কৰা উচিত আৰু কিয়?
৬ মেক্সৰ দৰে আপোনাৰো যদি সন্দেহ হয় যে বাইবেলত লিখা কথা সঁচা হয় নে নহয়, তেনেহʼলে দুখ অনুভৱ নকৰিব, কিন্তু ইয়াক সহজভাৱেও নলʼব। কাৰণ সন্দেহ মামৰৰ দৰে হয়। যদি মামৰক উলিয়াই দিয়া নহয়, তেনেহʼলে ই লাহে লাহে আপোনাৰ যিকোনো বহুমূলীয়া বস্তুক বেয়া কৰি পেলাব পাৰে। ঠিক সেইদৰে, যদি আপুনি নিজৰ মনৰ পৰা সন্দেহ উলিয়াই নেপেলাই, তেনেহʼলে ইয়ে আপোনাৰ বিশ্বাস শেষ কৰি পেলাব। সেইবাবে, নিজকে সোধক, ‘ভৱিষ্যতৰ বিষয়ে বাইবেলত যিবোৰ কথা লিখা আছে, তাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছেনে?’ যদি আপোনাৰ অলপো সন্দেহ থাকে, তেনেহʼলে বাইবেলৰ সেই ভৱিষ্যতবাণীবোৰ অধ্যয়ন কৰক, যিবোৰ আগতে পূৰ হʼল। আপুনি এই অধ্যয়ন কেনেকৈ কৰিব পাৰে?
বাইবেলৰ ভৱিষ্যতবাণীবোৰ কেনেকৈ অধ্যয়ন কৰিব পাৰোঁ?
৭. ভৱিষ্যতবাণীবোৰ অধ্যয়ন কৰাৰ ক্ষেত্ৰত দানিয়েল কিয় এটা ভাল উদাহৰণ হয়? (দানিয়েল ১২:১০) (ছবিখনো চাওক।)
৭ দানিয়েলে ভৱিষ্যতবাণীবোৰ অধ্যয়ন কৰাত এটা ভাল উদাহৰণ ৰাখিল। তেওঁ সঠিক উদ্দেশ্যেৰে অৰ্থাৎ সত্যক জানিবলৈ ভৱিষ্যতবাণীবোৰৰ অধ্যয়ন কৰিছিল। দানিয়েল নম্ৰও আছিল। তেওঁ জানিছিল যে যদি তেওঁ যিহোৱাৰ কাষ চাপে আৰু তেওঁৰ মানদণ্ডবোৰ পালন কৰে, তেনেহʼলে ভৱিষ্যতবাণীবোৰ বুজিবলৈ যিহোৱাই তেওঁক সহায় কৰিব। (দানি. ২:২৭, ২৮; দানিয়েল ১২:১০ পঢ়ক।) সেইবাবে, দানিয়েলে সদায় যিহোৱাৰ পৰা সহায় বিচাৰিছিল আৰু তেওঁৰ ওপৰত নিৰ্ভৰ কৰিছিল। (দানি. ২:১৮) ইয়াৰ উপৰিও দানিয়েলে ভালদৰে অধ্যয়ন কৰিছিল। তেওঁৰ ওচৰত শাস্ত্ৰৰ যিবোৰ অংশ আছিল, সেইবোৰ তেওঁ পঢ়িছিল আৰু অনুসন্ধানো কৰিছিল। (যিৰি. ২৫:১১, ১২; দানি. ৯:২) আপুনি দানিয়েলৰ পৰা কি শিকিব পাৰে?
৮. (ক) কিছুমান লোকে বাইবেলৰ ভৱিষ্যতবাণীবোৰ কিয় অধ্যয়ন কৰে? (খ) কিন্তু আমি কি উদ্দেশ্যেৰে এই ভৱিষ্যতবাণীবোৰ অধ্যয়ন কৰা উচিত?
৮ চিন্তা কৰক আপুনি কি উদ্দেশ্যেৰে অধ্যয়ন কৰি আছে। বাইবেলৰ সত্যতাবোৰৰ বিষয়ে জানিবলৈ ইচ্ছা থকাৰ বাবে আপুনি বাইবেলৰ ভৱিষ্যতবাণীবোৰ অধ্যয়ন কৰেনে? যদি এইদৰে কৰে, তেনেহʼলে যিহোৱাই আপোনাক নিশ্চয় সহায় কৰিব। (যোহ. ৪:২৩, ২৪; ১৪:১৬, ১৭) কিন্তু কিছুমান লোকে আন কাৰণৰ বাবে বাইবেলৰ ভৱিষ্যতবাণীবোৰ অধ্যয়ন কৰে। তেওঁলোকে বাইবেলৰ মানদণ্ডৰ অনুসৰি চলাৰ পৰিৱৰ্তে নিজৰ ইচ্ছামতে জীৱন-যাপন কৰিব বিচাৰে। সেইবাবে, হয়তো এনে প্ৰমাণ বিচাৰিবলৈ চেষ্টা কৰে, যাৰ যোগদি তেওঁলোকে দেখুৱাব পাৰে যে বাইবেলখন ঈশ্বৰৰ ফালৰ পৰা নহয়। কিন্তু আমি এনে লোকসকলৰ দৰে হোৱা উচিত নহয় তাৰ পৰিৱৰ্তে আমি সঠিক উদ্দেশ্যেৰে বাইবেলৰ ভৱিষ্যতবাণীবোৰ অধ্যয়ন কৰা উচিত। ইয়াৰ উপৰিও ভৱিষ্যতবাণীবোৰ বুজিবলৈ আৰু এটা গুণৰ অতি প্ৰয়োজন।
৯. বাইবেলৰ ভৱিষ্যতবাণীবোৰ বুজিবলৈ কি গুণৰ অতি প্ৰয়োজন? বুজাওক।
৯ নম্ৰ হওক। যিহোৱই প্ৰতিজ্ঞা কৰিছে যে তেওঁ নম্ৰ লোকসকলক সহায় কৰিব। (যাকো. ৪:৬) সেইবাবে, বাইবেলৰ ভৱিষ্যতবাণীবোৰ বুজিবলৈ আমি যিহোৱালৈ প্ৰাৰ্থনা কৰাটো অতি প্ৰয়োজন। ইয়াৰ লগতে আমি এয়াও মানি লোৱা উচিত যে ভৱিষ্যতবাণীবোৰৰ অৰ্থ আমি নিজে বুজিব নোৱাৰোঁ, আমি বিশ্বাসী বুদ্ধিমান দাসৰ সহায় লোৱা উচিত। আজি যিহোৱাই আমাক এই দাসৰ যোগেদি সঠিক সময়ত আধ্যাত্মিক আহাৰ দি আছে। (লূক ১২:৪২) যিহোৱা খেলি-মেলি কৰা ঈশ্বৰ নহয়। সেইবাবে, আমি কʼব পাৰোঁ যে তেওঁ কেৱল এটা উপায়েৰে নিজৰ বাক্যত লিখা সত্যতাবোৰ বুজাব, বেলেগে বেলেগ উপায়েৰে নহয়।—১ কৰি. ১৪:৩৩; ইফি. ৪:৪-৬.
১০. আপুনি এষ্টেৰৰ পৰা কি শিকিলে?
১০ ভালদৰে অধ্যয়ন কৰক। চিন্তা কৰক, বাইবেলৰ কোনবোৰ ভৱিষ্যতবাণী জানিবলৈ আপোনাক ভাল লাগে। তাৰ পাছত ইয়াৰ বিষয়ে ভালদৰে অনুসন্ধান কৰক। এষ্টেৰ নামৰ ভনীজনীয়ে এইদৰেই কৰিছিল। মচীহ অহাৰ বিষয়ে যি ভৱিষ্যতবাণী কৰা হৈছিল, তাৰ বিষয়ে জানিবলৈ তাই ইচ্ছা আছিল। তাই কৈছে, “মই যেতিয়া ১৫ বছৰৰ আছিলোঁ, তেতিয়া মই যীচুৱে এই পৃথিৱীত অহাৰ বহু বছৰৰ আগতে যিবোৰ ভৱিষ্যতবাণী কৰা হৈছিল, তাৰ বিষয়ে প্ৰমাণ বিচাৰিবলৈ ধৰিলোঁ।” তাৰ পাছত তাই মৃত সাগৰৰ ওচৰত পোৱা নুৰাবোৰৰ বিষয়ে পঢ়িলে যাৰ বাবে তাইৰ সন্দেহ নাইকিয়া হʼল। তাই কৈছে, “তাৰ মাজৰ কিছুমান নুৰা যীচুৱে পৃথিৱীত অহাৰ বহু বছৰৰ আগতেই লিখা হৈছিল। ইয়াৰ পৰা প্ৰমাণ হয় যে ভৱিষ্যতবাণীবোৰ ঈশ্বৰৰ ফালৰ পৰা হয়।” তাই এয়াও কৈছে, “মই কিছুমান কথা বুজিবলৈ সেইবোৰ বাৰে বাৰে পঢ়িবলগীয়া হʼল।” এই পৰিশ্ৰমৰ বাবে তাই অতি আনন্দিত। বাইবেলৰ বহুতো ভৱিষ্যতবাণী অধ্যয়ন কৰাৰ পাছত তাই এইদৰে কৈছে, “এতিয়া মই স্পষ্টকৈ বুজিব পাৰিলোঁ যে বাইবেলত লিখা কথাবোৰ একেবাৰে সঁচা হয়।”
১১. যদি আমি নিজকে বিশ্বাস দিওঁ যে বাইবেলত লিখা কথাবোৰ সঁচা হয়, তেনেহʼলে ইয়াৰ পৰা আমাৰ কি লাভ হʼব?
১১ ঈশ্বৰৰ বাক্যত লিখা ভৱিষ্যতবাণীবোৰ কেনেকৈ পূৰ হৈ আছে, তাৰ বিষয়ে যেতিয়া আমি ভালদৰে বুজি পাওঁ, তেতিয়া যিহোৱাৰ ওপৰত আমাৰ বিশ্বাস আৰু মজবুত হয়, লগতে আমি বিশ্বাস ৰাখিব পাৰোঁ যে তেওঁ আজিও আমাক পথ দেখুৱাই আছে। ইয়াৰ উপৰিও বাইবেলৰ ভৱিষ্যতবাণীৰ যোগেদি আমি এটা ভাল ভৱিষ্যতৰ আশা পাওঁ। সেইবাবে, যেতিয়া আমি এইবোৰ অধ্যয়ন কৰোঁ, তেতিয়া আমি সমস্যাৰ সময়তো আনন্দিত থাকিব পাৰোঁ। এতিয়া আহক দানিয়েলৰ যোগেদি লিখা দুটা ভৱিষ্যতবাণীৰ ওপৰত মন কৰোঁ, যিবোৰ আজি পূৰ হৈ আছে। এইবোৰ ভালদৰে বুজি পালে আমি সঠিক নিৰ্ণয় লʼব পাৰিম।
লোহা আৰু মাটিৰ ভৰিৰ বিষয়ে জনাটো কিয় গুৰুত্বপূৰ্ণ?
১২. মাটি আৰু লোহাৰ ভৰিখনে কাক চিত্ৰিত কৰে? (দানিয়েল ২:৪১-৪৩)
১২ দানিয়েল ২:৪১-৪৩ পঢ়ক। এবাৰ দানিয়েলে ৰজা নবুখদ্নেচৰৰ সপোনৰ অৰ্থ কৈছিল, যʼত ৰজাই এটা বিশাল মূৰ্তি দেখিছিল। এই মূৰ্তিৰ ভৰিখন ‘মাটি আৰু লোহাৰ’ আছিল। যেতিয়া আমি এই ভৱিষ্যতবাণীটো দানিয়েল আৰু প্ৰকাশিত বাক্য কিতাপত লিখা আন ভৱিষ্যতবাণীৰ লগত তুলনা কৰোঁ, তেতিয়া আমি বুজি পাওঁ যে এই মূৰ্তিৰ ভৰিখন ব্ৰিটেইন-আমেৰিকা বিশ্ব শক্তিক চিত্ৰিত কৰে, যি আজি এই পৃথিৱীৰ আটাইতকৈ শক্তিশালী চৰকাৰ হয়। এই বিশ্ব শক্তিৰ বিষয়ে দানিয়েলে কʼলে যে এই “ৰাজ্য এভাগ দৃঢ়, আৰু এভাগ সহজে ভাঙিব পৰা হব।” এয়া কিয় সহজে ভাঙিব বা দুৰ্বল হʼব? কিয়নো সাধাৰণ লোকসকল যাক মাটিৰে চিত্ৰিত কৰিছে, ইয়াৰ লোহাৰ নিচিনা শক্তিক দুৰ্বল কৰি দিয়ে। সেইবাবে, এই বিশ্ব শক্তিয়ে যি কৰিব বিচাৰে, সেয়া কৰিব নোৱাৰে। b
১৩. এই ভৱিষ্যতবাণীৰ পৰা আমি কি কি গুৰুত্বপূৰ্ণ সত্যতা শিকিব পাৰোঁ?
১৩ দানিয়েলে মূৰ্তিৰ বিষয়ে যি কৈছিল, বিশেষকৈ তাৰ ভৰিৰ বিষয়ে তাৰ পৰা আমি কিছুমান গুৰুত্বপূৰ্ণ সত্যতা শিকোঁ। প্ৰথম, ব্ৰিটেইন-আমেৰিকা বিশ্ব শক্তিয়ে বিভিন্ন প্ৰকাৰে দেখুৱালে যে তেওঁ মজবুত বা শক্তিশালী হয়। যেনে, ব্ৰিটেইন আৰু আমেৰিকাই প্ৰথম আৰু দ্বিতীয় বিশ্ব যুদ্ধত ভাগ লৈছিল আৰু দুয়োবাৰে যুদ্ধত তেওঁলোকে জয়লাভ কৰিছিল। কিন্তু এই বিশ্ব শক্তি দুৰ্বলো হৈ পৰিছে আৰু আগলৈয়ো দুৰ্বল হৈ থাকিব। কিয়নো ইয়াৰ নাগৰিকসকলে ইজনে-সিজনৰ লগত কাজিয়া কৰি থাকে আৰু কেতিয়াবা কেতিয়াবা চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰে। দ্বিতীয়, এই বিশ্ব শক্তি শেষ বিশ্ব শক্তি হʼব। কিয়নো ইয়াৰ পাছত ঈশ্বৰৰ ৰাজ্যই সকলো মানৱীয় চৰকাৰবোৰক সদায় কালৰ বাবে শেষ কৰিব। যদিও আন ৰাষ্ট্ৰবোৰে বহু বাৰ ব্ৰিটেইন-আমেৰিকা বিশ্ব শক্তিৰ লগত যুদ্ধ কৰিব, কিন্তু তেওঁলোকে ব্ৰিটেইন-আমেৰিকা বিশ্ব শক্তিৰ ঠাই লʼব নোৱাৰিব। কিয়নো এটা শিল যি ঈশ্বৰৰ ৰাজ্যক চিত্ৰিত কৰে, মূৰ্তিৰ ভৰিখন একেবাৰে ধ্বংস কৰিব অৰ্থাৎ ব্ৰিটেইন-আমেৰিকা বিশ্ব শক্তিক ধ্বংস কৰিব।—দানি. ২:৩৪, ৩৫, ৪৪, ৪৫.
১৪. মাটি আৰু লোহাৰ ভৰিৰ বিষয়ে কৰা ভৱিষ্যতবাণীৰ অৰ্থ বুজি পালে আমি কেনেকৈ সঠিক নিৰ্ণয় লʼব পাৰিম?
১৪ দানিয়েলে মাটি আৰু লোহাৰ ভৰিৰ বিষয়ে যি ভৱিষ্যতবাণী কৰিছিল, সেয়া সঁচা হয় বুলি আপুনি বিশ্বাস কৰেনে? যদি কৰে, তেনেহʼলে এয়া আপুনি কেনেদৰে জীৱন-যাপন কৰে তাৰ পৰা জানিব পাৰি। আপুনি এই জগতত টকা-পইচা আৰু ধন-সম্পত্তি গোটাবলৈ চেষ্টা নকৰিব, কিয়নো আপুনি জানে যে অতি সোনকালে এই জগতখন ধ্বংস হʼব। (লূক ১২:১৬-২১; ১ যোহ. ২:১৫-১৭) এই ভৱিষ্যতবাণী বুজি পালে আপুনি এয়াও বুজি পাব যে আজি প্ৰচাৰ কৰা আৰু শিকোৱা কামটো কিমান গুৰুত্বপূৰ্ণ। (মথি ৬:৩৩; ২৮:১৮-২০) গতিকে এই ভৱিষ্যতবাণীবোৰ অধ্যয়ন কৰাৰ পাছত নিজকে এইদৰে সোধক, ‘মোৰ নিৰ্ণয়ৰ পৰা কি জানিব পাৰি? ঈশ্বৰৰ ৰাজ্যই অতি সোনকালে সকলো মানৱীয় চৰকাৰবোৰক ধ্বংস কৰিব বুলি মই বিশ্বাস কৰোঁনে?’
‘উত্তৰ দেশৰ ৰজা’ আৰু ‘দক্ষিণ দেশৰ ৰজাসকলৰ’ বিষয়ে জনাটো কিয় প্ৰয়োজন?
১৫. আজি ‘উত্তৰ দেশৰ ৰজা’ আৰু ‘দক্ষিণ দেশৰ ৰজা’ কোন? (দানিয়েল ১১:৪০)
১৫ দানিয়েল ১১:৪০ পঢ়ক। দানিয়েল ১১ অধ্যায়ত দুজন ৰজা অৰ্থাৎ চৰকাৰৰ বিষয়ে কোৱা হৈছে, যিসকলে গোটেই পৃথিৱীত শাসন কৰিবলৈ ইজনে-সিজনৰ লগত প্ৰতিযোগিতা কৰি আছে। এই ভৱিষ্যতবাণীটো বাইবেলৰ আন ভৱিষ্যতবাণীবোৰৰ লগত তুলনা কৰিলে আমি বুজি পাওঁ যে ‘উত্তৰ দেশৰ ৰজা’ ৰুছ আৰু তাৰ বন্ধুত্ব ৰাষ্ট্ৰ আৰু ‘দক্ষিণ দেশৰ ৰজা’ ব্ৰিটেইন-আমেৰিকা বিশ্ব শক্তি হয়। c
১৬. ‘উত্তৰ দেশৰ ৰজাৰ’ এলেকাত থকা ঈশ্বৰৰ সেৱকসকলে কি কি সমস্যাৰ সন্মুখীন হʼবলগীয়া হৈছে?
১৬ ‘উত্তৰ দেশৰ ৰজাৰ’ এলেকাত থকা ঈশ্বৰৰ সেৱকসকলৰ ওপৰত এই ৰজাই অত্যাচাৰ কৰি আছে। যিহোৱাৰ বিশ্বাসী হৈ থকাৰ বাবে তাত থকা কিছুমান সাক্ষীক মাৰ-পিট কৰা হৈছে আৰু কিছুমানক জেলত বন্দী কৰা হৈছে। কিন্তু ‘উত্তৰ দেশৰ ৰজাৰ’ এই কামবোৰ দেখি আমাৰ ভাই-ভনীসকলে ভয় কৰাৰ পৰিৱৰ্তে তেওঁলোকৰ বিশ্বাস আৰু বাঢ়িল। কিয় বাৰু? কিয়নো তেওঁলোকে জানে যে ঈশ্বৰৰ লোকসকলৰ ওপৰত যি অত্যাচাৰ হৈ আছে, তাৰ পৰা দানিয়েলৰ ভৱিষ্যতবাণী পূৰ হৈ আছে। d (দানি. ১১:৪১) ইয়াৰ বিষয়ে জানিলে আমাৰ আশা দৃঢ় হয় আৰু বিশ্বাসী হৈ থকাৰ আমাৰ ইচ্ছাও মজবুত হয়।
১৭. ‘দক্ষিণ দেশৰ ৰজাৰ’ এলেকাত থকা যিহোৱাৰ লোকসকলে কি কি সমস্যা সন্মুখীন হʼবলগীয়া হৈছে?
১৭ অতীতত “দক্ষিণ দেশৰ ৰজাই” যিহোৱাৰ লোকসকলৰ ওপৰত অত্যাচাৰ কৰিলে। যেনে, প্ৰথম আৰু দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ছোৱাত নিৰপেক্ষ হৈ থকাৰ বাবে বহুতো খ্ৰীষ্টানক জেলত বন্দী কৰা হʼল। ইয়াৰ বাবে সাক্ষীসকলৰ কিছুমান লʼৰা-ছোৱালীক স্কুলৰ পৰা উলিয়াই দিয়া হʼল। কিন্তু কিছু বছৰ ধৰি ‘দক্ষিণ দেশৰ ৰজাৰ’ এলেকাত থকা সাক্ষীসকলৰ আন এক প্ৰকাৰে বিশ্বাসৰ পৰীক্ষা হʼল। উদাহৰণস্বৰূপে, নিৰ্বাচনৰ সময়ত ৰাজনৈতিক পাৰ্টীবোৰে যেতিয়া নিজৰ পাৰ্টীৰ বিষয়ে প্ৰচাৰ কৰে, তেতিয়া এজন খ্ৰীষ্টানে হয়তো কোনো ৰাজনৈতিক পাৰ্টী বা অংশগ্ৰহণ কৰা প্ৰাৰ্থীজনক হয়তো আনতকৈ ভাল বুলি ভাবিব পাৰে। তেওঁ হয়তো ভোট নিদিয়ে, কিন্তু মনতে ভাবিব পাৰে যে সেই পাৰ্টী জিকিলে ভাল হʼব। সেইবাবে, সম্পূৰ্ণৰূপে নিৰপেক্ষ হৈ থাকিবলৈ আমি মনতো কাৰো পক্ষ নোলোৱাটো অতি গুৰুত্বপূৰ্ণ।—যোহ. ১৫:১৮, ১৯; ১৮:৩৬.
১৮. ‘উত্তৰ দেশৰ ৰজা’ আৰু ‘দক্ষিণ দেশৰ ৰজাৰ’ মাজৰ শত্ৰুতা দেখি আমাৰ ওপৰত কি প্ৰভাৱ পৰে? (ছবিখনো চাওক।)
১৮ বহুতো লোকে বিশ্বাস নকৰে যে বাইবেলত লিখা ভৱিষ্যতবাণীবোৰ ঈশ্বৰৰ ফালৰ পৰা হয়। সেইবাবে, যেতিয়া তেওঁলোকে দেখে যে “দক্ষিণ দেশৰ ৰজাই” কেনেকৈ ‘উত্তৰ দেশৰ ৰজাৰ’ লগত “যুদ্ধ” কৰি আছে, তেতিয়া তেওঁলোকে হয়তো এতিয়া কি হʼব বুলি ভাবি চিন্তিত হয়। (দানি. ১১:৪০) দুয়োজন ৰজাৰ ওচৰত ইমানেই পৰমাণু বোমা আছে যে যদি তেওঁলোকে এইবোৰৰ ব্যৱহাৰ কৰে, তেনেহʼলে পৃথিৱীত কোনেও জীয়াই নাথাকিব। কিন্তু আমি জানোঁ যে যিহোৱাই এইদৰে হʼবলৈ নিদিব। (যিচ. ৪৫:১৮) সেইবাবে, ‘উত্তৰ দেশৰ ৰজা’ আৰু ‘দক্ষিণ দেশৰ ৰজাৰ’ মাজৰ শত্ৰুতা দেখি আমি ভয় নাখাওঁ, ইয়াৰ পৰিৱৰ্তে আমাৰ বিশ্বাস আৰু বাঢ়ে। ইয়াৰ পৰা এই দুষ্ট জগতৰ অন্ত একেবাৰে কাষ চাপিছে বুলি আমাৰ বিশ্বাস বাঢ়ে।
ভৱিষ্যতবাণীবোৰ অধ্যয়ন কৰি থাকক
১৯. বাইবেলৰ ভৱিষ্যতবাণীবোৰৰ বিষয়ে আমি কি কথা মনত ৰখা উচিত?
১৯ আমি নাজানোঁ যে বাইবেলৰ কিছুমান ভৱিষ্যতবাণী কেনেকৈ পূৰ হʼব। ভৱিষ্যতবক্তা দানিয়েলে যিবোৰ কথা লিখিছিল, সেই সকলো কথাৰ অৰ্থ তেওঁ নাজানিছিল। (দানি. ১২:৮, ৯) কিন্তু যদি আমি কোনো ভৱিষ্যতবাণীৰ অৰ্থ সম্পূৰ্ণৰূপে বুজি নাপাওঁ, তেনেহʼলে ইয়াৰ অৰ্থ এয়া নহয় যে সেই ভৱিষ্যতবাণী পূৰ নহʼব। আমি সম্পূৰ্ণ বিশ্বাস ৰাখিব পাৰোঁ যে আমাৰ বাবে যিবোৰ জনাৰ প্ৰয়োজন, সেইবোৰ যিহোৱাই আমাক একেবাৰে সঠিক সময়ত জনাব, ঠিক যেনেকৈ তেওঁ অতীতত কৰিছিল।—আমো. ৩:৭.
২০. (ক) অতি সোনকালে আমি বাইবলেৰ কোনবোৰ ৰোমাঞ্চকৰ ভৱিষ্যতবাণী পূৰ হোৱাটো দেখিবলৈ পাম? (খ) আমি কি কৰি থকা উচিত?
২০ জগতৰ ৰাষ্ট্ৰই ‘শান্তি আৰু নিৰ্ব্বিঘ্নতাৰ’ ঘোষণা কৰিব। (১ থিচ. ৫:৩) ইয়াৰ পাছত চৰকাৰবোৰে মিছা ধৰ্মৰ ওপৰত আক্ৰমণ কৰিব আৰু তাক একেবাৰে ধ্বংস কৰিব। (প্ৰকা. ১৭:১৬, ১৭) তাৰ পাছত তেওঁলোকে ঈশ্বৰৰ লোকসকলৰ ওপৰত আক্ৰমণ কৰিব। (যিহি. ৩৮:১৮, ১৯) ইয়াৰ পৰা হৰমাগিদোনৰ যুদ্ধ আৰম্ভ হʼব। (প্ৰকা. ১৬:১৪, ১৬) আমি সম্পূৰ্ণ বিশ্বাস ৰাখিব পাৰোঁ যে এই ঘটনাবোৰ অতি সোনকালে ঘটিব। এই ঘটনাবোৰৰ বিষয়ে যিহোৱা ঈশ্বৰে নিজৰ বাক্যত যিবোৰ কথা লিখাইছে, তাৰ বাবে আমি তেওঁৰ প্ৰতি কৃতজ্ঞ নহওঁনে? গতিকে যেতিয়ালৈকে এই ভৱিষ্যতবাণীবোৰ পূৰ নহয়, তেতিয়ালৈকে আহক আমি নিয়মীয়াকৈ এইবোৰৰ অধ্যয়ন কৰি থাকোঁ আৰু এনে কৰিবলৈ আনকো সহায় কৰোঁ।
গীত ৯৫ বৃদ্ধি হয় সত্যৰ পোহৰ
a আজি পৃথিৱীৰ পৰিস্থিতি বহুত বেয়ালৈ ঢাল খাই আছে। কিন্তু আমি বিশ্বাস ৰাখিব পাৰোঁ যে আমাৰ ভৱিষ্যত ভাল হʼব। যেতিয়া আমি বাইবেলত লিখা ভৱিষ্যতবাণীবোৰ অধ্যয়ন কৰোঁ, তেতিয়া আমাৰ বিশ্বাস আৰু মজবুত হয়। এই লেখত আমি আলোচনা কৰিম যে আমি কিয় বাইবেলৰ ভৱিষ্যতবাণীবোৰ অধয়্যন কৰা উচিত। তাৰ পাছত দানিয়েলে লিখা দুটি ভৱিষ্যতবাণীৰ ওপৰত মনোযোগ দিম আৰু এয়াও চাম যে ইয়াৰ অৰ্থ জানিলে আমাৰ কি লাভ হʼব।