অধ্যয়নৰ লেখ ৪৩
যিহোৱাই নিজৰ সংগঠনক চলাই আছে
“শক্তি বা পৰাক্ৰমৰ দ্বাৰাই নহয় কিন্তু মোৰ আত্মাৰ দ্বাৰাইহে, ইয়াক বাহিনীবিলাকৰ যিহোৱাই কৈছে।”—জখ. ৪:৬.
গীত ৪০ আমি কাৰ হওঁ?
লেখৰ এক আভাস *
১. বাপ্তিষ্মাপ্ৰাপ্ত ভাই-ভনীসকলে কি কৰি থকা উচিত?
আপুনি বাপ্তিষ্মা লৈছেনে? যদি লৈছে, তেনেহʼলে যিহোৱাৰ ওপৰত থকা আপোনাৰ বিশ্বাস আৰু তেওঁৰ সংগঠনৰ * লগত মিলি সেৱা কৰাৰ ইচ্ছা সকলোৰে আগত প্ৰকাশ কৰিছে। যিহোৱাৰ ওপৰত নিজৰ বিশ্বাস বঢ়াই থকা উচিত আৰু যিহোৱাই নিজৰ সংগঠনক চলাই আছে বুলি বিশ্বাস কৰা উচিত।
২-৩. বৰ্তমান সময়ত যিহোৱাই নিজৰ সংগঠনক কেনেকৈ চলাই আছে? বুজাওক।
২ আজি যিহোৱাই নিজৰ সংগঠনক যিদৰে চলাই আছে, ইয়াৰপৰা আমি তেওঁৰ ব্যক্তিত্ব, উদ্দেশ্য আৰু মানদণ্ডৰ বিষয়ে জানিব পাৰোঁ। আহক আমি যিহোৱাৰ তিনিটা গুণৰ বিষয়ে আলোচনা কৰোঁ।
৩ প্ৰথমটো হৈছে, “ঈশ্বৰ পক্ষপাতী নহয়।” (পাঁচ. ১০:৩৪) যিহোৱাই সকলোকে প্ৰেম কৰে। সেইবাবে, তেওঁ “সকলোৰে নিমিত্তে মুক্তিৰ মূল্যস্বৰূপে” নিজৰ পুত্ৰক দান কৰিলে। (১ তীম. ২:৬; যোহ. ৩:১৬) যিহোৱাই নিজৰ লোকসকলৰ দ্বাৰা সকলোকে শুভবাৰ্তা জনাই আছে, যাতে বেছিভাগ লোকে মুক্তিপণস্বৰূপ বলিদানৰপৰা লাভৱান হয়। দ্বিতীয়টো হৈছে, যিহোৱা শান্তি আৰু শৃংখলাবদ্ধভাৱে কাম কৰা ঈশ্বৰ হয়। (১ কৰি. ১৪:৩৩, ৪০) সেইবাবে তেওঁৰ সেৱকসকলে শৃংখলাবদ্ধভাৱে আৰু শান্তিৰে যিহোৱাৰ উপাসনা কৰা উচিত। তৃতীয়টো হৈছে, যিহোৱা মহান ‘শিক্ষক।’ (যিচ. ৩০:২০, ২১) সেইবাবে, তেওঁৰ সংগঠনে তেওঁৰ বাক্যৰ বিষয়ে মণ্ডলী আৰু ৰাজহুৱাভাৱে শিকাবলৈ কঠিন পৰিশ্ৰম কৰে। প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলে যিহোৱাৰ এই তিনিটা গুণ কেনেকৈ অনুকৰণ কৰিছিল? বৰ্তমান সময়ত যিহোৱাৰ লোকসকলে সেই তিনিটা গুণ কেনেকৈ অনুকৰণ কৰিব পাৰে? যিহোৱাৰ সংগঠনত মিলি কাম কৰিবলৈ পবিত্ৰ আত্মাই আপোনাক কেনেকৈ সহায় কৰিব পাৰে?
ঈশ্বৰ পক্ষপাতী নহয়
৪. (ক) পাঁচনিৰ কৰ্ম্ম ১:৮ পদৰ অনুসৰি যীচুৱে নিজৰ শিষ্যসকলক কি কৰিবলৈ আজ্ঞা দিছিল? (খ) এই কাম কৰিবলৈ তেওঁলোকক কিহে সহায় কৰিলেহেঁতেন?
৪ প্ৰথম শতিকাত। যীচুৱে জনোৱা বাৰ্তাই সকলো মানৱজাতিক এক আশা দিয়ে। (লূক ৪:৪৩) যীচুৱে আৰম্ভ কৰা প্ৰচাৰ কাম “পৃথিৱীৰ সীমালৈকে” কৰি থাকিবলৈ তেওঁ নিজৰ শিষ্যসকলক আজ্ঞা দিছিল। (পাঁচনিৰ কৰ্ম্ম ১:৮ পঢ়ক।) তেওঁলোকে এই কাম নিজৰ শক্তিৰে কৰিব নোৱাৰে। তেওঁলোকক “সহায়কৰ্ত্তা” হিচাপে পবিত্ৰ আত্মাৰ প্ৰয়োজন আছিল। সেইবাবে, যীচুৱে তেওঁলোকক পবিত্ৰ আত্মা দিবলৈ প্ৰতিজ্ঞা কৰিছিল।—যোহ. ১৪:২৬; জখ. ৪:৬.
৫-৬. পবিত্ৰ আত্মাৰ সহায়ত শিষ্যসকলে কি কৰিব পাৰিলে?
৫ যীচুৰ শিষ্যসকলে ৩৩ খ্ৰীষ্টাব্দৰ পেন্টাকোষ্টৰ দিনা পবিত্ৰ আত্মা লাভ কৰিলে। পবিত্ৰ আত্মাৰ সহায়ত তেওঁলোকে শীঘ্ৰে প্ৰচাৰ কাম আৰম্ভ কৰিলে। সেইবাবে, কিছুসময়ৰ ভিতৰতে হাজাৰ হাজাৰ লোকে শুভবাৰ্তা গ্ৰহণ কৰিলে। (পাঁচ. ২:৪১; ৪:৪) বিৰোধৰ সন্মুখীন হোৱাৰ সময়ত তেওঁলোকে ভয় নকৰি সহায় বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰিলে। তেওঁলোকে এইদৰে প্ৰাৰ্থনা কৰিছিল: “আপোনাৰ দাসবিলাকক নিৰ্ভয়ে আপোনাৰ বাক্য কʼবলৈ দিয়ক।” তাৰ পাছত তেওঁলোকে পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হৈ “ঈশ্বৰৰ বাক্য সাহেৰে কলে।”—পাঁচ. ৪:১৮-২০, ২৯, ৩১.
৬ যীচুৰ শিষ্যসকলে আন বহুতো সমস্যাৰ সন্মুখীন হৈছিল। উদাহৰণস্বৰূপে, বেছিভাগ লোকৰ ওচৰত শাস্ত্ৰ নাছিল। আমাৰ দৰে তেওঁলোকৰ ওচৰত বাইবেল আধাৰিত কোনো প্ৰকাশন নাছিল। শিষ্যসকলে বেলেগ বেলেগ ভাষা কোৱা লোকসকলক প্ৰচাৰ কৰিবলগীয়া আছিল। এই সকলো সমস্যাৰ সত্ত্বেও তেওঁলোকে উৎসাহেৰে প্ৰচাৰ কৰি থাকিল। সেইবাবে, ৩০ বছৰৰ ভিতৰত “আকাশ-মণ্ডলৰ তলত থকা গোটেই সৃষ্টিৰ আগত” শুভবাৰ্তা প্ৰচাৰিত হয়। এইদৰে তেওঁলোকে মানৱজাতিৰ বাবে অসম্ভৱ কামো সম্ভৱ কৰি দেখুৱালে।—কল. ১:৬, ২৩.
৭. (ক) বহুবছৰৰ আগতে যিহোৱাৰ লোকসকলে কেনেকৈ জানিছিল যে যিহোৱাই তেওঁলোকক প্ৰচাৰ কৰিবলৈ বাছনি কৰিছে? (খ) এই কথা জানি তেওঁলোকে কি কৰিলে?
৭ বৰ্তমান সময়ত। বৰ্তমান সময়তো যিহোৱা ঈশ্বৰে নিজৰ লোকসকলক নিৰ্দেশনা আৰু শক্তি দিছে। এই নিৰ্দেশনা আমি ঈশ্বৰৰ প্ৰেৰণাৰে লিখা বাইবেলৰ যোগেদি লাভ কৰোঁ। যীচুৱে শিষ্যসকলক কৰিবলৈ দিয়া আজ্ঞা আৰু তেওঁৰ সেৱা কাৰ্য্যৰ বিষয়ে আমি বাইবেলৰপৰা জানিব পাৰোঁ। (মথি ২৮:১৯, ২০) বহুবছৰৰ আগতে জুলাই, ১৮৮১ চনৰ প্ৰহৰীদুৰ্গত (হিন্দী) এইদৰে কোৱা হৈছিল: “যিহোৱাই আমাক কিয় বাছনি কৰিছে? বা তেওঁ আমাক কিয় অভিষিক্ত কৰিছে? ধন-সম্পত্তি গোটাবলৈ বা নাম অৰ্জন কৰিবলৈ যিহোৱাই আমাক বাছনি বা অভিষিক্ত কৰা নাই, কিন্তু আমাৰ ওচৰত যি আছে, তাক শুভবাৰ্তাৰ প্ৰচাৰ কামত ব্যৱহাৰ কৰিবলৈ বাছনি কৰিছে।” ১৯১৯ চনত প্ৰকাশ কৰা যিসকলক দায়িত্ব দিয়া হৈছিল নামৰ ইংৰাজী আলোচনীত এইদৰে লিখা আছিল: “আমাৰ ওচৰত বহুত কাম আছে, কিন্তু এই কাম প্ৰভুৱে আমাক দিছে। গতিকে, এয়া কৰিবলৈ তেওঁ আমাক সহায়ো কৰিব।” প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলৰ দৰে বৰ্তমান সময়ৰ ভাই-ভনীসকলেও সাহসেৰে এই কাম কৰিবলৈ আগবাঢ়ি আহিল। পবিত্ৰ আত্মাই তেওঁলোকক প্ৰচাৰ কৰিবলৈ সহায় কৰিব বুলি তেওঁলোকৰ বিশ্বাস আছিল। আজিও পবিত্ৰ আত্মাই আমাক সহায় কৰিব বুলি আমি সম্পূৰ্ণ বিশ্বাস কৰোঁ।
৮-৯. যিহোৱাৰ সংগঠনে শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ কি কি সঁজুলি ব্যৱহাৰ কৰিছিল?
৮ যিহোৱাৰ সংগঠনে শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ উত্তম সঁজুলি ব্যৱহাৰ কৰি আহিছে। সংগঠনে প্ৰকাশনবোৰ প্ৰকাশিত কৰিলে, “সৃষ্টিৰ চলচিত্ৰ” দেখুৱা হʼল, ৰেকৰ্ড কৰা ভাষণবোৰ গ্ৰামফোনৰ যোগেদি শুনোৱা হʼল, গাড়ীত লাউডস্পীকাৰ লগাই শুভবাৰ্তা জনোৱা হʼল, ৰেডিঅʼত কাৰ্য্যক্ৰম দিয়া হʼল আৰু কিছু বছৰৰপৰা আমি কম্পিউটাৰ আৰু ইণ্টাৰনেটৰ উত্তম ব্যৱহাৰ কৰি আছোঁ। কেৱল ইমানেই নহয়, যিহোৱাৰ সংগঠনে আগতকৈ বেছি ভাষাত অনুবাদৰ কাম কৰি আছে, যাতে সকলোৱে নিজৰ নিজৰ প্ৰকা. ১৪:৬, ৭) সকলোৱে শুভবাৰ্তা শুনাটো তেওঁ বিচাৰে।
ভাষাত শুভবাৰ্তা শুনিব পাৰে। যিহোৱাই পক্ষপাত নকৰে আৰু আগতেই কৈছিল যে ৰাজ্যৰ শুভবাৰ্তা ‘সকলো জাতি, ফৈদ, ভাষা আৰু লোকবিলাকক’ শুনোৱা হʼব। (৯ ডাঙৰ ডাঙৰ অট্টালিকাত থকা লোকসকলে শুভবাৰ্তা শুনিবলৈ সুযোগ পায়নে? এনে লোকসকলক শুভবাৰ্তা শুনাবলৈ সংগঠনে ৰাজহুৱাভাৱে ঘোষণা কাৰ্য্যৰ ব্যৱস্থা কৰিছে। ২০০১ চনত প্ৰশাসন গোষ্ঠীয়ে ফ্ৰাঞ্চৰ ভাই-ভনীসকলক কাৰ্ট বা টেবুল লগাই ৰাজহুৱাভাৱে ঘোষণা কৰিবলৈ অনুমতি দিছিল। এনেদৰে ঘোষণা কৰাৰ ভাল পৰিণাম হʼল। ২০১১ চনত আমেৰিকাৰ নিউৱৰ্ক চহৰৰ সকলোতকৈ ভীৰ এলেকাত ৰাজহুৱাভাৱে ঘোষণা কৰিবলৈ এক নতুন ব্যৱস্থা কৰা হৈছিল। সেই বছৰতে লোকসকলে ১,০২,১২৯ খন কিতাপ আৰু ৬৮,৯১১ খন আলোচনী লৈছিল আৰু ৪,৭০১ জন লোকে বাইবেল অধ্যয়ন কৰিব বিচাৰিছিল। এই ভাল পৰিণাম দেখি প্ৰশাসন গোষ্ঠীয়ে গোটেই পৃথিৱীত কাৰ্ট আৰু টেবুল লগাই সাক্ষ্য দিবলৈ অনুমতি দিলে। সঁচাকৈ, সমূহীয়া ঘোষণা কাৰ্য্যত পবিত্ৰ আত্মাই আমাক সহায় কৰিছিল।
১০. আমি প্ৰচাৰ আৰু শিকোৱাৰ কাম ভালদৰে কৰিবলৈ কি কৰিব পাৰোঁ?
১০ আপুনি কি কৰিব পাৰে? খ্ৰীষ্টান সভাবোৰত শিকোৱাৰ দৰে প্ৰচাৰ কৰক। নিজৰ প্ৰচাৰ সমূহৰ ভাই-ভনীসকলৰ লগত নিয়মীয়াকৈ প্ৰচাৰ কৰক। তেওঁলোকৰ উদাহৰণৰপৰা আপুনি উৎসাহ আৰু সহায় লাভ কৰিব। সমস্যাৰ সত্ত্বেও এই কামত লাগি থাকক। এই লেখৰ মুখ্য পদৰপৰা আমি শিকোঁ যে আমি ঈশ্বৰৰ ইচ্ছা নিজৰ শক্তিৰে নহয়, কিন্তু পবিত্ৰ আত্মাৰে পূৰ কৰিব পাৰোঁ। (জখ. ৪:৬) কিয়নো আমি তেওঁৰ কাম কৰি আছোঁ।
যিহোৱা শান্তিৰ ঈশ্বৰ হয় আৰু তেওঁ সকলো কাম শৃংখলাবদ্ধভাৱে কৰে
১১. প্ৰথম শতিকাৰ প্ৰশাসন গোষ্ঠীয়ে লোকসকলক সংগঠিত কৰিবলৈ কেনেকৈ একেলগে মিলি কাম কৰিলে?
১১ প্ৰথম শতিকাত। লোকসকলৰ মাজত শান্তি বজাই ৰাখিবলৈ যিৰূচালেমৰ প্ৰশাসন গোষ্ঠীৰ ভাইসকলে একেলগে মিলি কাম কৰিছিল। (পাঁচ. ২:৪২) উদাহৰণস্বৰূপে প্ৰায় ৪৯ খ্ৰীষ্টাব্দৰ সময়ছোৱাত লোকসকলৰ মাজত চুন্নতৰ বিষয় লৈ বাদ-বিচাৰ হৈছিল। পবিত্ৰ আত্মাৰ নিৰ্দেশনাৰ দ্বাৰা প্ৰশাসন গোষ্ঠীয়ে এই বিষয়ৰ ওপৰত আলোচনা কৰিছিল। খ্ৰীষ্টানসকলৰ মাজৰপৰা এই সমস্যা দূৰ নোহোৱা হʼলে তেওঁলোকে প্ৰচাৰ কাম ভালদৰে কৰিব নোৱাৰিলেহেঁতেন। যিহূদী হোৱাৰ সত্ত্বেও পাঁচনি আৰু বৃদ্ধ লোকসকলে যিহূদী পৰম্পৰা বা ইয়াক সমৰ্থন কৰা লোকসকলৰ অনুসৰি কাম নকৰিলে। ইয়াৰ পৰিৱৰ্তে তেওঁলোকে সঠিক নিৰ্ণয় লʼবলৈ ঈশ্বৰৰ বাক্য আৰু পবিত্ৰ আত্মাৰ নিৰ্দেশনাৰ সহায় লʼলে। (পাঁচ. ১৫:১, ২, ৫-২০, ২৮) পৰিণাম কি হʼল? তেওঁলোকে সঠিক নিৰ্ণয় লʼব পাৰিলে আৰু যিহোৱাই তেওঁলোকক আশীৰ্বাদ দিলে। সেইবাবে, মণ্ডলীত শান্তি আৰু একতা বৰ্তি থাকিল আৰু প্ৰচাৰ কাম হৈ থাকিল।—পাঁচ. ১৫:৩০, ৩১; ১৬:৪, ৫.
১২. যিহোৱাৰ সংগঠনত সকলো কাম শান্তি আৰু শৃংখলা লগাই কৰা হয় বুলি আমি কিয় কʼব পাৰোঁ?
১২ বৰ্তমান সময়ত। যিহোৱাৰ লোকসকলৰ মাজত শান্তি বৰ্তি থাকিবলৈ আৰু সকলো কাম শৃংখলাবদ্ধভাৱে কৰিবলৈ যিহোৱাৰ সংগঠনে কঠিন পৰিশ্ৰম কৰিছে। আজিৰপৰা কিছু বছৰৰ আগতে নৱেম্বৰ ১৫, ১৮৯৫ চনত জাইন ওৱাচ টাৱাৰ আৰু খ্ৰীষ্টৰ আগমন নামৰ আলোচনীত এটা লেখ আহিছিল। লেখটোৰ নাম আছিল “সুন্দৰকৈ আৰু শৃঙ্খলা লগাই,” যি প্ৰথম কৰিন্থীয়া ১৪:৪০ পদৰপৰা লোৱা হৈছিল। লেখটোত এইদৰে লিখা আছিল: “পাঁচনিসকলে সকলো কাম শৃংখলাবদ্ধভাৱে কৰাৰ বিষয়ে আৰম্ভণিৰ মণ্ডলীবোৰক বহুতো কথা লিখিছিল। . . . ‘আগেয়ে শাস্ত্ৰত যি সকলো কথা লিখা হৈছিল,’ তাৰপৰা আমি শিকা উচিত।” এই কথাবোৰ পালন কৰাটো অতি প্ৰয়োজন। (ৰোম. ১৫:৪) প্ৰথম শতিকাৰ দৰে আজিও সংগঠনে কঠিন পৰিশ্ৰম কৰে। সেইবাবে, মণ্ডলীত শান্তি থাকে আৰু সকলো কাম শৃংখলাবদ্ধভাৱে হয়। উদাহৰণস্বৰূপে, আপুনি যিকোনো মণ্ডলীলৈ যায়, তেনেহʼলে আপুনি জানে যে প্ৰহৰীদুৰ্গ কেনেকৈ সঞ্চালন কৰা হʼব আৰু কোনটো লেখ আলোচনা কৰা হʼব। আপোনাক নতুন যেন নালাগিব। ঈশ্বৰৰ পবিত্ৰ আত্মাৰ বাবেহে গোটেই পৃথিৱীত এনেধৰণৰ একতা আছে।—চফ. ৩:৯.
১৩. যাকোব ৩:১৭ পদটো মনত ৰাখি আমি নিজকে কি কি প্ৰশ্ন সোধা উচিত?
১৩ আপুনি কি কৰিব পাৰে? যিহোৱাৰ লোকসকলৰ মাজত “শান্তিৰ বন্ধনত পবিত্ৰ আত্মাৰ ঐক্য” থকাটো ঈশ্বৰে বিচাৰে। (ইফি. ৪:১-৩) নিজকে সোধক: ‘মণ্ডলীত মই শান্তি বজাই ৰাখোঁনে? মই দায়িত্বত থকা ভাইসকলৰ কথা পালন কৰোঁনে? মই বিশ্বাসযোগ্য হয়নে? মই সময় মতে কাম কৰোঁনে, আনক সহায় কৰোঁনে আৰু সেৱা কৰিবলৈ মোৰ ইচ্ছা আছেনে?’ যদি আপুনি মণ্ডলীত কিবা দায়িত্ব লাভ কৰিছে, তেনেহʼলে আপুনি নিজকে সুধিব পাৰে যে মই সেই দায়িত্ব ভালদৰে পালন কৰিছোঁনে? (যাকোব ৩:১৭ পঢ়ক।) এইবোৰ দিশত যদি আপোনাক শুধৰণি কৰাৰ প্ৰয়োজন আছে, তেনেহʼলে পবিত্ৰ আত্মাৰ বাবে প্ৰাৰ্থনা কৰক। পবিত্ৰ আত্মাই আপোনাৰ ওপৰত কাম কৰিলে ইয়ো আপোনাৰ ব্যক্তিত্ব আৰু আচৰণৰ ওপৰত প্ৰভাৱ পেলাব। তেতিয়া ভাই-ভনীসকলে আপোনাক প্ৰেম কৰিব আৰু আপোনাক মূল্যৱান বুলি গণ্য কৰিব।
যিহোৱাই আমাক ভাল শিক্ষা দিয়ে
১৪. (ক) কলচীয়া ১:৯, ১০ পদৰ অনুসৰি প্ৰথম শকিতাৰ খ্ৰীষ্টানসকলক কিহৰ প্ৰয়োজন আছিল? (খ) যিহোৱা ঈশ্বৰে সেই প্ৰয়োজনীয়তা কেনেকৈ পূৰ কৰিলে?
১৪ প্ৰথম শতিকাত। নিজৰ লোকসকলক শিকাই যিহোৱা আনন্দিত হয়। (গীত. ৩২:৮) আমি যিহোৱাক জনা, তেওঁক প্ৰেম কৰা আৰু তেওঁৰ সন্তান হিচাপে অনন্ত জীৱন জীয়াই থকাটো তেওঁ বিচাৰে। তেওঁ দিয়া শিক্ষাৰ অবিহনে এয়া কেতিয়াও সম্ভৱ নহʼলহেঁতেন। (যোহ. ১৭:৩) প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলকো সঠিক জ্ঞানৰ প্ৰয়োজন আছিল আৰু যিহোৱাই খ্ৰীষ্টান মণ্ডলীৰ যোগেদি তেওঁলোকক সঠিক জ্ঞান দিছিল। (কলচীয়া ১:৯, ১০ পঢ়ক।) যীচুৱে প্ৰতিজ্ঞা কৰিছিল যে তেওঁলোকক “সহায়কৰ্ত্তা” হিচাপে পবিত্ৰ আত্মা দিব। (যোহ. ১৪:১৬) ইয়াৰ সহায়ত তেওঁলোকে ঈশ্বৰৰ বাক্য ভালদৰে বুজিব পাৰিলে। যীচুৱে শিকোৱা কথা আৰু কামবোৰ পবিত্ৰ আত্মাই তেওঁলোকক মনত পেলায় দিয়ে আৰু তেওঁলোকে শুভবাৰ্তাৰ কিতাপত লিখিব পাৰিলে। এই জ্ঞানৰ বাবে প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলৰ বিশ্বাস দৃঢ় হʼল লগতে যিহোৱা, তেওঁৰ পুত্ৰ আৰু এজনে-আনজনৰ প্ৰতি প্ৰেম বাঢ়িল।
১৫. যিচয়া ২:২, ৩ পদত দিয়া ভৱিষ্যতবাণী আপুনি কেনেকৈ পূৰ হোৱা দেখিবলৈ পাইছে?
১৫ বৰ্তমান সময়ত। যিহোৱাই ভৱিষ্যতবাণী কৰিছিল যে “অন্তিম কালত” সকলো ৰাষ্ট্ৰৰ লোকসকলে তেওঁৰপৰা শিকিব। তেওঁলোকে যিহোৱাৰ শিক্ষা পাবলৈ তেওঁৰ পৰ্বতত আহিব, অৰ্থাৎ সত্য উপাসনা কৰা লোকসকলৰ লগত জড়িত হʼব। (যিচয়া ২:২, ৩ পঢ়ক।) আজি এই ভৱিষ্যতবাণী পূৰ হোৱাটো আমি দেখিবলৈ পাইছোঁ। এয়া স্পষ্ট হৈ পৰিছে যে সত্য উপাসনা সকলো ধৰণৰ মিছা উপাসনাতকৈ শ্ৰেষ্ঠ হয়। আজি যিহোৱাই ‘বিশ্বাসী বুদ্ধিমান দাসৰ’ যোগেদি সত্যৰ বিষয়ে ভৰপূৰ মাত্ৰাত জ্ঞান দি আছে। (মথি ২৪:৪৫; যিচ. ২৫:৬) এই জ্ঞান আমি বিভিন্ন উপায়েৰে লাভ কৰোঁ। যেনে, আমি প্ৰকাশনবোৰৰপৰা লেখ পঢ়িবলৈ পাওঁ, বহুতো ভাষণ শুনিবলৈ পাওঁ, কাৰ্টুন আৰু ভিডিঅʼ চাবলৈ পাওঁ। যিহোৱাৰ বিষয়ে আমিও ইয়োবৰ বন্ধু ইলীহুৰ দৰে অনুভৱ কৰোঁ, “তেওঁৰ [ঈশ্বৰৰ] নিচিনা শিক্ষা দিওঁতা কোন আছে?”—ইয়ো. ৩৬:২২.
১৬. যিহোৱাৰপৰা শিকিবলৈ আপুনি কি কৰিব পাৰে?
গীত. ৮৬:১১) বাইবেল আৰু সংগঠনৰপৰা পোৱা প্ৰকাশনবোৰ পঢ়ক আৰু সেইবোৰ অধ্যয়ন কৰক। আপুনি কেৱল জ্ঞান আহৰণ কৰাৰ বাবে পঢ়া উচিত নহয়। বাইবেলৰ কথাবোৰ যাতে আপোনাৰ হৃদয়ত স্পৰ্শ কৰে আৰু শিকা কথাবোৰ নিজৰ জীৱনত পালন কৰিব পাৰে, এই উদ্দেশ্যেৰেই আপুনি বাইবেল পঢ়া উচিত। যিহোৱাৰ পবিত্ৰ আত্মাৰ সহায়ত আপুনি এইদৰে কৰিব পাৰিব। ইয়াৰ উপৰিও, আপুনি ভাই-ভনীসকলৰ বিশ্বাস দৃঢ় কৰক। (ইব্ৰী ১০:২৪, ২৫) আপুনি এয়া কিয় কৰা উচিত? কিয়নো তেওঁলোক আপোনাৰ আধ্যাত্মিক পৰিয়াল হয়। আপুনি সভাবোৰত অন্তৰৰপৰা উত্তৰ দিবলৈ, আপুনি যি ভাষণ বা প্ৰৰ্দশন পায়, তাক ভালদৰে কৰিবলৈ পবিত্ৰ আত্মা বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰক। এইদৰে কৰিলে দেখুৱাব পাৰিব যে আপুনি যিহোৱা আৰু তেওঁৰ পুত্ৰৰ মূল্যৱান ‘মেৰবিলাকক’ প্ৰেম কৰে।—যোহ. ২১:১৫-১৭.
১৬ আপুনি কি কৰিব পাৰে? ঈশ্বৰৰ বাক্যৰপৰা আপুনি যি পঢ়ে আৰু অধ্যয়ন কৰে, তাক পালন কৰিবলৈ পবিত্ৰ আত্মাই আপোনাক সহায় কৰিব। গীতৰচকৰ দৰে এইদৰে প্ৰাৰ্থনা কৰক: “হে যিহোৱা, মোক তোমাৰ পথ শিকোৱা, মই তোমাৰ সত্যতাত চলিম; তোমাৰ নামলৈ ভয় ৰাখিবলৈ মোক একান্ত মন দিয়া।” (১৭. যিহোৱাৰ সংগঠনৰ লগত থাকি আপুনি কি কি কৰিব পাৰে?
১৭ অতি সোনকালে গোটেই পৃথিৱীত কেৱল এটাই সংগঠন থাকিব, যি যিহোৱাৰ পবিত্ৰ আত্মাৰ নিৰ্দেশনা অনুসৰি চলিব। যিহোৱাৰ সংগঠনৰ লগত মিলি উৎসাহেৰে সেৱা কৰক। ঈশ্বৰৰ দৰে পক্ষপাত নকৰি সকলোকে প্ৰেম কৰক আৰু সকলোকে শুভবাৰ্তা জনাওক। মণ্ডলীত একতা বজাই ৰাখক, কিয়নো সকলো কাম শান্তিৰে আৰু শৃংখলাবদ্ধভাৱে হোৱাটো যিহোৱাই বিচাৰে। মহান শিক্ষকে যি ভৰপূৰ জ্ঞান দি আছে, সেয়া লৈ থাকক। যেতিয়া চয়তানৰ জগতৰ অন্ত হʼব, তেতিয়া আপুনি ভয় নকৰিব। আপুনি নিৰ্ভয়ে থাকিব, কিয়নো আপুনি যিহোৱাৰ সংগঠনৰ লগত মিলি কাম কৰিছে।
গীত ৩ আমাৰ শক্তি, আশা আৰু ভৰসা
^ অনু. 5 আজি যিহোৱাই নিজৰ সংগঠনক চলাই আছে বুলি আপোনাৰ সম্পূৰ্ণ বিশ্বাস আছেনে? এই লেখত আমি চাম যে যিহোৱাই কেনেকৈ প্ৰথম শতিকাৰ খ্ৰীষ্টান মণ্ডলীক নিৰ্দেশনা দিছিল আৰু আজিও তেওঁ কেনেকৈ নিজৰ সংগঠনক চলাই আছে।
^ অনু. 1 ইয়াৰ অৰ্থ কি: যিহোৱাৰ সংগঠনৰ দুটা ভাগ আছে। এটা স্বৰ্গ আৰু আনটো পৃথিৱীত। এই লেখত আমি পৃথিৱীত থকা “সংগঠনৰ” বিষয়ে আলোচনা কৰিম।
^ অনু. 52 ছবিৰ বিষয়ে: এগৰাকী অগ্ৰগামী ভনীয়ে ভিডিঅʼ চাই আছে যে কিছুমান ভাই-ভনীয়ে এনে ঠাইত গৈ সেৱা কৰিছে, যʼত প্ৰচাৰকসকলৰ অতি প্ৰয়োজন। তেওঁলোকক দেখি তায়ো প্ৰচাৰকসকলৰ প্ৰয়োজন হোৱা ঠাইত সেৱা কৰিবলৈ লক্ষ্য ৰাখে। অৱশেষত তাই নিজৰ লক্ষ্যত উপনীত হয়।