অধ্যয়নৰ লেখ ৪৬
বিয়াৰ পাছত যিহোৱাৰ সেৱা আৰু বেছিকৈ কৰক
‘যিহোৱা মোৰ বল হয়; মোৰ মনে তেওঁত ভাৰসা কৰে।’—গীত. ২৮:৭
গীত ১৩১ “ঈশ্বৰে যাক যোগ কৰিলে”
লেখৰ এক আভাস a
১-২. (ক) নতুনকৈ বিয়া হোৱা দম্পতীয়ে যিহোৱাৰ ওপৰত কিয় ভৰসা কৰা উচিত? (গীতমালা ৩৭:৩, ৪) (খ) এই লেখত আমি কি কি শিকিম?
আপোনাৰ বিয়া হʼবলগীয়া আছেনে বা আপোনাৰ নতুনকৈ বিয়া হৈছে? যদি হয়, তেনেহʼলে হয়তো আপুনি নিজৰ জীৱন সংগীৰ লগত জীৱন অতিবাহিত কৰিবলৈ অতি আগ্ৰহী হৈ আছে। কিন্তু বিয়াৰ পাছত কিছুমান সমস্যাও নিশ্চয় আহিব। আপুনি কিছুমান ডাঙৰ ডাঙৰ নিৰ্ণয়ো লʼবলগীয়া হʼব পাৰে। আপুনি যিদৰে এই সমস্যাবোৰ সন্মুখীন হʼব আৰু নিৰ্ণয় লʼব, তাৰ প্ৰভাৱ আপোনালোকৰ বিবাহিত জীৱনৰ ওপৰতো পৰিব। যদি আপোনালোকে যিহোৱাৰ ওপৰত ভৰসা কৰে আৰু সঠিক নিৰ্ণয় লয়, তেনেহʼলে আপোনালোকৰ সম্পৰ্ক মজবুত হʼব আৰু আপোনালোক আনন্দত থাকিব। কিন্তু যদি আপোনালোকে এইদৰে নকৰে, তেনেহʼলে হয়তো আপোনালোকৰ বিবাহিত জীৱনত কিছুমান সমস্যা আহিব আৰু আপোনালোকৰ আনন্দ নাইকিয়া হʼব।—গীতমালা ৩৭:৩, ৪ পঢ়ক।
২ যদিও এই লেখটো নতুনকৈ বিয়া হোৱা দম্পতীসকলৰ বাবে হয়, কিন্তু এই লেখত এনে কিছুমান সমস্যাৰ বিষয়ে কোৱা হৈছে, যিবোৰ হয়তো সকলো বিবাহিত দম্পতীয়ে সন্মুখীন হʼবলগীয়া হয়। এই লেখত বাইবেলৰ কিছুমান বিশ্বাসী লোকৰ উদাহৰণ দিয়া আছে। তেওঁলোকৰপৰা আমি বহুতো কথা শিকিম, বিশেষকৈ বিবাহিত জীৱনৰ বিষয়ে। ইয়াৰ বিষয়ে আমি বৰ্তমান সময়ৰ কিছুমান দম্পতীসকলৰপৰাও শিকিম।
নতুনকৈ বিয়া হোৱা দম্পতীয়ে কি কি সমস্যা সন্মুখীন হʼব পাৰে?
৩-৪. নতুনকৈ বিয়া হোৱা দম্পতীয়ে কি কি সমস্যা সন্মুখীন হʼব পাৰে?
৩ কিছুমান লোকে হয়তো নতুনকৈ বিয়া হোৱা দম্পতীসকলক আন লোকৰ নিচিনাকৈ সাধাৰণ জীৱন-যাপন কৰিবলৈ উৎসাহিত কৰিব পাৰে। হয়তো তেওঁলোকৰ পিতৃ-মাতৃ, সম্বন্ধীয় লোক আৰু বন্ধুসকলে সন্তান জন্ম দিবলৈ তেওঁলোকক হেঁচা দিব পাৰে বা তেওঁলোকক নিজৰ ঘৰ কিনিবলৈ আৰু আৰামেৰে জীৱন-যাপন কৰিবলৈ উৎসাহিত কৰিব পাৰে।
৪ যদি নতুনকৈ বিয়া হোৱা দম্পতীয়ে তেওঁলোকৰ কথা মানি লয়, তেনেহʼলে তেওঁলোকে হয়তো এনে নিৰ্ণয় লʼব পাৰে, যাৰ বাবে তেওঁলোকে ধাৰত ডুবিব পাৰে। ধাৰ মাৰিবলৈ তেওঁলোকে বেছি সময় কাম কৰিবলগীয়া হʼব পাৰে আৰু তেওঁলোকে ব্যক্তিগত অধ্যয়ন, পাৰিবাৰিক উপাসনা, প্ৰচাৰ আৰু সভাবোৰৰ বাবে সময় উলিয়াব নোৱাৰিব। যদি এইদৰে কৰে, তেনেহʼলে তেওঁলোকে যিহোৱাৰ সেৱা বেছিকৈ কৰাৰ সুযোগ হেৰুৱাব।
৫. আপুনি ভাই ক্লৌছ আৰু ভনী মৰিছাৰপৰা কি শিকিলে?
৫ হুতোলোকৰ উদাহৰণৰপৰা জানিব পাৰি যে লাসবিলাসৰ বস্তুবোৰে প্ৰকৃত আনন্দ দিব নোৱাৰে। ক্লৌছ আৰু মৰিছাৰ উদাহৰণলৈ মন কৰক। b যেতিয়া তেওঁলোকৰ নতুনকৈ বিয়া হৈছিল, তেতিয়া তেওঁলোকে দুয়োজনে চাকৰি কৰিবলৈ নিৰ্ণয় লʼলে, যাতে তেওঁলোকে আৰামেৰে জীৱন-যাপন কৰিব পাৰে। তথাপি তেওঁলোক আনন্দত নাছিল। ভাই ক্লৌছে এইদৰে কৈছে, “আমাৰ ওচৰত সকলো বস্তু আছিল, তথাপি আমি যিহোৱাৰ সেৱা বেছিকৈ কৰা নাছিলোঁ। ইয়াৰ লগতে আমি সকলো সময়তে চিন্তিত আছিলোঁ।” হয়তো আপুনিও অনুভৱ কৰিছে যে লাসবিলাসৰ বস্তুবোৰে প্ৰকৃত আনন্দ দিব নোৱাৰে। কিন্তু এতিয়াও দেৰি হোৱা নাই। আপুনি আনৰ উদাৰহণৰপৰা শিকি নিজৰ জীৱনত প্ৰয়োজনীয় সাল-সলনি কৰিব পাৰে। প্ৰথমে আহক আমি চাওঁ যে ৰজা যিহোচাফটৰপৰা স্বামীসকলে কি শিকিব পাৰে।
ৰজা যিহোচাফটৰ দৰে যিহোৱাৰ ওপৰত ভৰসা কৰক
৬. ৰজা যিহোচাফটে সমস্যাৰ সময়ত কি কৰিলে? (হিতোপদেশ ৩:৫, ৬)
৬ স্বামীসকল, আপোনালোকে এয়া ভাবি চিন্তিত হয়নে যে আপোনাৰ ইমান ডাঙৰ ডাঙৰ দায়িত্ববোৰ আছে। যদি হয়, তেনেহʼলে ৰজা যিহোচাফটৰ উদাহৰণলৈ মন কৰক। তেওঁ গোটেই দেশৰ লোকসকলক ৰক্ষা কৰিবলগীয়া আছিল। এয়া এক ডাঙৰ দায়িত্ব আছিল। তেওঁ এই দায়িত্ব কেনেকৈ পালন কৰিলে? তেওঁ যিমান কৰিব পাৰিলে, সিমান কৰিলে। তেওঁ যিহূদা নগৰৰ দেৱালবোৰ মজবুত কৰিলে আৰু ১১,৬০,০০০ সেনা-বাহিনী তৈয়াৰ কৰিলে। (২ বং. ১৭:১২-১৯) পাছত তেওঁ এটা সমস্যাত পৰিল। অম্মোনীয়া, মোৱাবীয়া আৰু চেয়ীৰ পৰ্ব্বতীয়া লোকবিলাকৰ এটা ডাঙৰ সেনাই তেওঁৰ বিৰোধে যুদ্ধ কৰিবলৈ আহিল। (২ বং. ২০:১, ২) এনে পৰিস্থিতিত তেওঁ যিহোৱাৰ ওপৰত ভৰসা কৰিলে আৰু তেওঁৰপৰা সহায় বিচাৰিলে। হিতোপদেশ ৩:৫, ৬ পদত এই বিষয়ে পৰামৰ্শ দিয়া আছে। (পঢ়ক।) বাইবেলত উল্লেখ থকা যিহোচাফটৰ প্ৰাৰ্থনাৰপৰা বুজিব পাৰি যে তেওঁ যিহোৱাৰ ওপৰত কিমান ভৰসা কৰিছিল। (২ বং. ২০:৫-১২) যিহোৱাই তেওঁৰ প্ৰাৰ্থনা শুনিলেনে?
৭. যিহোচাফটৰ প্ৰাৰ্থনাৰ উত্তৰ যিহোৱাই কেনেকৈ দিলে?
৭ যিহোৱাই জহজীয়েল নামৰ লেবীৰ যোগেদি যিহোচাফটক এইদৰে কৈছিল, “তোমালোকে শাৰী হৈ থিয় দি থাকি, তোমালোকৰ লগত থকা যিহোৱাই কৰা নিস্তাৰ দেখিবা।” (২ বং. ২০:১৩-১৭) কোনো যুদ্ধ এইদৰে যুঁজ কৰা নহয়। কিন্তু তেওঁলোকে যি নিৰ্দেশনা পাইছিল, সেয়া যিহোৱাৰ ফালৰপৰা আছিল। সেইবাবে, যিহোচাফটে যিহোৱাৰ ওপৰত ভৰসা কৰিলে আৰু সেই সকলো নিৰ্দেশনা পালন কৰিলে। যিহোৱাই কোৱাৰ দৰেই যেতিয়া তেওঁ যুদ্ধলৈ গৈছিল, তেতিয়া তেওঁ সৈনিকসকলৰ আগত বীৰ যুদ্ধাসকলক থিয় কৰাৰ পৰিৱৰ্তে গায়কসকলক থিয় কৰাইছিল। যিহোৱাই শত্ৰুসকলক পৰাজিত কৰিলে আৰু এইদৰে তেওঁ নিজৰ প্ৰতিজ্ঞা পূৰ কৰিলে।—২ বং. ২০:১৮-২৩.
৮. যিহোচাফটৰপৰা স্বামীসকলে কি শিকিব পাৰে?
৮ স্বামীসকল, পৰিয়ালৰ চোৱা-চিতা কৰাৰ দায়িত্ব আপোনালোকৰ হয়। যেতিয়া পৰিয়ালত কিবা সমস্যা আহে, তেতিয়া সেই সমস্যা আপুনি নিজেই সমাধান কৰিব পাৰিম বুলি নাভাবিব। ইয়াৰ পৰিৱৰ্তে যিহোৱাৰ ওপৰত ভৰসা কৰক। অকলে প্ৰাৰ্থনা কৰক আৰু পত্নীৰ লগতো প্ৰাৰ্থনা কৰক। বাইবেল আৰু বাইবেল আধাৰিত প্ৰকাশনবোৰ অধ্যয়ন কৰক আৰু তাত দিয়া পৰামৰ্শবোৰ পালন কৰক। আপোনাৰ নিৰ্ণয়ত হয়তো আনে ভাল নাপাবও পাৰে আৰু আপোনাক ঠাট্টা কৰিব পাৰে। হয়তো তেওঁলোকে আপোনাক এইদৰে কʼব পাৰে যে টকা-পইচা থাকিলেহে পৰিয়াল সুৰক্ষিত থাকিব। কিন্তু যিহোচাফটৰ কথা মনত ৰাখক। তেওঁৰ চহৰখনৰ দেৱাল মজবুত আছিল আৰু তেওঁৰ ওচৰত এক ডাঙৰ সেনা-বাহিনী আছিল। তথাপি তেওঁ যিহোৱাৰ ওপৰত ভৰসা কৰিলে আৰু তেওঁৰ সকলো নিৰ্দেশনা পালন কৰিলে। তেওঁ বিশ্বাসী আছিল, সেইবাবে যিহোৱাই তেওঁক কেতিয়াও এৰি দিয়া নাছিল। যিহোৱাই আপোনাকো এৰি নিদিব। (গীত. ৩৭:২৮; ইব্ৰী ১৩:৫) স্বামী আৰু পত্নীয়ে আনন্দত থাকিবলৈ আৰু কি কৰিব পাৰে?
যিচয়া আৰু তেওঁৰ পত্নীৰ নিচিনা যিহোৱাৰ সেৱা আৰু বেছিকৈ কৰক
৯. ভৱিষ্যতবক্তা যিচয়া আৰু তেওঁৰ পত্নীৰ জীৱন কেনেকুৱা আছিল?
৯ যিচয়া আৰু তেওঁৰ পত্নীৰ বাবে যিহোৱাৰ সেৱা কৰাটো আটাইতকৈ গুৰুত্বপূৰ্ণ আছিল। যিচয়া এজন ভৱিষ্যতবক্তা আছিল আৰু হয়তো তেওঁৰ পত্নীয়েও ভৱিষ্যতবাণী কৰিছিল। কিয়নো বাইবেলত তাইক ‘ভাববাদিনী’ বুলি কোৱা হৈছে। (যিচ. ৮:১-৪) তেওঁলোক দুয়োজনে ঈশ্বৰৰ সেৱাক নিজৰ জীৱনত প্ৰথম স্থান দিছিল। নতুনকৈ বিয়া হোৱা দম্পতীৰ বাবে তেওঁলোক এটা ভাল উদাহৰণ হয়।
১০. পতি-পত্নীয়ে যিহোৱাৰ সেৱা আৰু বেছিকৈ কৰিবলৈ কি কৰিব পাৰে?
১০ যিচয়া আৰু তেওঁৰ পত্নীৰ নিচিনা খ্ৰীষ্টান দম্পতীসকলেও যিহোৱাৰ সেৱা আৰু বেছিকৈ কৰিব পাৰে। তেওঁলোকে বাইবেলৰ ভৱিষ্যতবাণীৰ বিষয়ে অধ্যয়ন কৰিব পাৰে আৰু বৰ্তমান সময়ত সেই ভৱিষ্যতবাণীবোৰ কেনেকৈ পূৰ হৈ আছে, তাৰ বিষয়ে আলোচনা কৰিব পাৰে। c এইদৰে কৰিলে যিহোৱাৰ ওপৰত তেওঁলোকৰ ভৰসা বাঢ়িব। (তীত ১:২) তেওঁলোকে এই বিষয়েও চিন্তা কৰিব পাৰে যে এই ভৱিষ্যতবাণীবোৰ পূৰ হোৱাত তেওঁলোকে কেনেকৈ যোগদান দিব পাৰে। উদাহৰণস্বৰূপে, এই জগতৰ ধ্বংস হোৱাৰ আগতে গোটেই পৃথিৱীত শুভবাৰ্তা প্ৰচাৰ কৰাৰ প্ৰয়োজন আছে। গতিকে তেওঁলোকে চিন্তা কৰিব পাৰে যে প্ৰচাৰ কামত বেছিকৈ ভাগ লʼবলৈ তেওঁলোকে কি কৰিব পাৰে। (মথি ২৪:১৪) বাইবেলৰ ভৱিষ্যতবাণীবোৰ বৰ্তমানত পূৰ হৈ আছে বুলি তেওঁলোকৰ যিমানেই বিশ্বাস হʼব, সিমানেই তেওঁলোকে যিহোৱাৰ সেৱা বেছিকৈ কৰিবলৈ আগবাঢ়ি আহিব।
প্ৰিষ্কিলা আৰু আক্কিল্লাৰ নিচিনা ৰাজ্যৰ কামক প্ৰথম স্থান দিয়ক
১১. প্ৰিষ্কিলা আৰু আক্কিল্লাই কৰিন্থ চহৰত কি কৰিলে আৰু কিয়?
১১ নতুনকৈ বিয়া হোৱা দম্পতীয়ে প্ৰিষ্কিলা আৰু আক্কিল্লাৰপৰা বহুতো কথা শিকিব পাৰে। তেওঁলোক যিহূদী আছিল আৰু ৰোম নগৰত বাস কৰিছিল। তেওঁলোকে তাতে যীচুৰ বিষয়ে শুভবাৰ্তা শুনিছিল আৰু খ্ৰীষ্টান হৈছিল। তেওঁলোক দুয়োজনে নিজৰ জীৱনত বহুত আনন্দিত আছিল। কিন্তু হঠাতে তেওঁলোকৰ জীৱন পৰিৱৰ্তন হʼল। সম্ৰাট ক্লৌদিয়ই সকলো যিহূদীক ৰোম নগৰখন এৰি যাবলৈ আদেশ দিলে। সেইবাবে, তেওঁলোকৰ ওপৰত বহুতো সমস্যা আহি পৰিল। তেওঁলোকে নিজৰ নগৰ এৰিবলগীয়া হৈছিল, নতুন ঘৰ সাজিবলগীয়া হৈছিল আৰু তম্বু বনোৱাৰ কাম পুনৰ আৰম্ভ কৰিবলগীয়া হৈছিল। কিন্তু এইবোৰ সমস্যাৰ বাবে তেওঁলোকে যিহোৱাৰ সেৱা কৰিবলৈ কম কৰিছিলনে? এনে নহয়, তেওঁলোকে ৰাজ্যৰ কামক প্ৰথম স্থান দিছিল। যেতিয়া তেওঁলোকে কৰিন্থ পালেগৈ, তেতিয়া তেওঁলোকে তাত থকা মণ্ডলীৰ ভাই-ভনীসকলক সহায় কৰিছিল আৰু পৌলৰ লগত মিলি ভাই-ভনীসকলক উৎসাহিত কৰিছিল। তাৰ পাছত তেওঁলোকে প্ৰচাৰকৰ প্ৰয়োজন হোৱা বিভিন্ন ঠাইলৈ গৈছিল। (পাঁচ. ১৮:১৮-২১; ৰোম. ১৬:৩-৫) তেওঁলোক দুয়োজনে ঈশ্বৰৰ সেৱা কৰি থাকিল আৰু আনন্দিত আছিল।
১২. খ্ৰীষ্টান দম্পতীসকলে ঈশ্বৰৰ সেৱাত কিয় লক্ষ্য ৰখা উচিত?
১২ প্ৰিষ্কিলা আৰু আক্কিল্লাৰ নিচিনা নতুনকৈ বিয়া হোৱা দম্পতীয়েও ৰাজ্যৰ কামক নিজৰ জীৱনত প্ৰথম স্থান দিব পাৰে। যিহোৱাৰ সেৱাত তেওঁলোকে আৰু কি কি লক্ষ্য ৰাখিব, ইয়াৰ বিষয়ে তেওঁলোকে বিয়াৰ আগতেই কথা পাতিব পাৰে। বিয়াৰ পাছত তেওঁলোকে সেই লক্ষ্য পাবলৈ একেলগে পৰিশ্ৰম কৰিব পাৰে। এইদৰে তেওঁলোকে দেখিব যে যিহোৱাই তেওঁলোকক কেনেকৈ আশীৰ্বাদ দি আছে। (উপ. ৪:৯, ১২) ৰছল আৰু এলিজাবেথৰ উদাহৰণলৈ মন কৰক। ভাই ৰছলে এইদৰে কৈছে, “আমি যিহোৱাৰ সেৱা আৰু কেনেকৈ কৰিম, তাৰ বিষয়ে আমি বিয়াৰ আগতেই কথা পাতিছিলোঁ।” ভনী এলিজাবেথে এইদৰে কৈছে, “ইয়াৰ বিষয়ে আগতেই কথা পতাৰ বাবে আমি আগলৈ গৈ সঠিক নিৰ্ণয় লʼব পাৰিলোঁ আৰু নিজৰ লক্ষ্যত উপনীত হʼব পাৰিলোঁ।” মাইক্ৰনেছিয়া নামৰ ঠাইত প্ৰচাৰকৰ বেছি প্ৰয়োজন আছিল। সেইবাবে, কিছু সময়ৰ পাছত ৰছল আৰু এলিজাবেথে সেই ঠাইলৈ গৈ সেৱা কৰিব ধৰিলে।
১৩. গীতমালা ২৮:৭ পদৰ অনুসৰি আমি যিহোৱাৰ ওপৰত ভৰসা কৰিলে কি হʼব?
১৩ ৰছল আৰু এলিজাবেথৰ দৰে বহুতো স্বামী আৰু পত্নীয়ে সহজ-সৰল জীৱন-যাপন কৰিবলৈ, লোকসকলক প্ৰচাৰ কৰিবলৈ আৰু শিকাবলৈ নিজৰ বেছিতকৈ বেছি সময় ব্যৱহাৰ কৰিবলৈ নিৰ্ণয় লৈছে। যেতিয়া স্বামী আৰু পত্নীয়ে যিহোৱাৰ সেৱাত লক্ষ্য ৰাখে আৰু তাক পাবলৈ পৰিশ্ৰম কৰে, তেতিয়া তেওঁলোকৰ বহুতো লাভ হয়। তেওঁলোকে স্পষ্টকৈ দেখিবলৈ পাই যে যিহোৱাই তেওঁলোকৰ যত্ন লৈছে, যিহোৱাৰ ওপৰত তেওঁলোকৰ ভৰসা বাঢ়ে আৰু তেওঁলোকে সঁচাকৈ আনন্দত থাকে।—গীতমালা ২৮:৭ পঢ়ক।
পিতৰ আৰু তেওঁৰ পত্নীৰ নিচিনা যিহোৱাৰ প্ৰতিজ্ঞাৰ ওপৰত ভৰসা কৰক
১৪. (ক) পাঁচনি পিতৰ আৰু তেওঁৰ পত্নীয়ে যিহোৱাৰ কোনটো প্ৰতিজ্ঞাৰ ওপৰত ভৰসা কৰিলে? (মথি ৬:২৫, ৩১-৩৪) (খ) তেওঁলোকে কি নিৰ্ণয় লʼলে?
১৪ নতুনকৈ বিয়া হোৱা দম্পতীসকলে, পাঁচনি পিতৰ আৰু তেওঁৰ পত্নীৰপৰা বহুতো কথা শিকিব পাৰে। যেতিয়া পিতৰে কিছু মাহৰ পাছত যীচুক পুনৰ লগ পালে, তেতিয়া যীচুৱে তেওঁক নিজৰ লগত পূৰ্ণ সময়ৰ বাবে প্ৰচাৰ কৰিবলৈ কʼলে। এয়া পিতৰৰ বাবে এটা ডাঙৰ নিৰ্ণয় আছিল, কিয়নো তেওঁৰ পৰিয়াল আছিল আৰু ঘৰ চলাবলৈ তেওঁ মাছমৰীয়াৰ কাম কৰিছিল। (লূক ৫:১-১১) পিতৰে সঠিক নিৰ্ণয় লʼলে। তেওঁ যীচুৰ লগত পূৰ্ণ সময়ৰ বাবে প্ৰচাৰ কৰিবলৈ ধৰিলে। পিতৰৰ পত্নীয়েও তেওঁৰ নিৰ্ণয়ত সহযোগ কৰিলে। বাইবেলত উল্লেখ আছে যে যীচুৰ পুনৰুত্থানৰ পাছত পিতৰৰ পত্নীয়েও কিছু সময়ৰ বাবে তেওঁৰ লগত যাত্ৰা কৰিছিল। (১ কৰি. ৯:৫) সঁচাকৈ তাই এগৰাকী ভাল পত্নী আছিল। সেইবাবে, পিতৰে সংকোচ নকৰাকৈ খ্ৰীষ্টান স্বামী আৰু পত্নীসকলক ভাল পৰামৰ্শ দিব পাৰিলে। (১ পিত. ৩:১-৭) পিতৰ আৰু তেওঁৰ পত্নীয়ে সম্পূৰ্ণ ভৰসা কৰিছিল যে যদি তেওঁলোকে ৰাজ্যৰ কামক নিজৰ জীৱনত প্ৰথম স্থান দিয়ে, তেনেহʼলে যিহোৱাই তেওঁলোকৰ যত্ন লʼব। —মথি ৬:২৫, ৩১-৩৪ পঢ়ক।
১৫. টীয়াগু আৰু এস্টেৰৰপৰা আপুনি কি শিকিলে?
১৫ যদি আপোনাৰ বিয়া হোৱা কিছু বছৰ পাৰ হৈছে, তেনেহʼলে আপুনি যিহোৱাৰ সেৱা আৰু বেছিকৈ কৰাৰ আপোনাৰ ইচ্ছা কেনেকৈ বঢ়াব পাৰে? আপুনি আন স্বামী আৰু পত্নীসকলৰ উদাহৰণৰপৰা শিকিব পাৰে। যেনে, আপুনি প্ৰহৰীদুৰ্গত “তেওঁলোকে স্ব-ইচ্ছাৰে আগবাঢ়ি আহে” ধাৰাবাহিক পঢ়িব পাৰে। ব্ৰাজিলত থকা টীয়াগু আৰু এস্টেৰে এইদৰেই কৰিলে। তেওঁলোকে এই লেখটো পঢ়াৰ পাছত প্ৰচাৰকৰ প্ৰয়োজন হোৱা ঠাইলৈ গৈ সেৱা কৰাৰ তেওঁলোকৰ ইচ্ছা আৰু বাঢ়িল। টীয়াগুয়ে এইদৰে কৈছে, “যেতিয়া আমি পঢ়িলোঁ যে যিহোৱাই নিজৰ লোকসকলক কেনেকৈ সহায় কৰে, তেতিয়া যিহোৱাৰ সেৱা আৰু বেছিকৈ কৰিবলৈ আৰু তেওঁৰ প্ৰেম অনুভৱ কৰিবলৈ আমাৰো ইচ্ছা হʼল।” কিছুসময়ৰ পাছত তেওঁলোকে পৰাগ্বেলৈ গʼল আৰু ২০১৪ চনৰপৰা তেওঁলোকে পৰ্তুগীজ ভাষা কোৱা এলেকাত সেৱা কৰি আছে। এস্টেৰে এইদৰে কৈছে, “ইফিচীয়া ৩:২০ পদত কোৱা কথাষাৰ আমাক বহুত ভাল লাগে। ইয়াত কোৱা কথাষাৰ পূৰ হোৱা আমি বহুবাৰ দেখিলোঁ।” এই পদত পৌলে কʼব বিচাৰিছে যে আমি যিহোৱাৰপৰা যিমান বিচাৰোঁ তাতকৈ তেওঁ বহুগুণে দিয়ে আৰু এয়া সত্য হয়।
১৬. স্বামী আৰু পত্নীয়ে নিজৰ লক্ষ্যৰ বিষয়ে কাৰপৰা পৰামৰ্শ লʼব পাৰে?
১৬ যদি আপোনাৰ বিয়া হোৱা বেছিদিন হোৱা নাই, তেনেহʼলে আপুনি এনে ভাই-ভনীসকলৰ উদাহৰণৰপৰাও শিকিব পাৰে, যিসকলে যিহোৱাৰ ওপৰত ভৰসা কৰিবলৈ শিকিলে। যেনে, বহুবছৰৰপৰা পূৰ্ণ সময়ৰ সেৱা কৰা বহুতো খ্ৰীষ্টান দম্পতী আছে। আপুনি নিজৰ লক্ষ্যৰ বিষয়ে তেওঁলোকৰপৰা পৰামৰ্শ লʼব পাৰে। যিহোৱাৰ ওপৰত ভৰসা কৰাৰ এয়া আন এক উপায় হয়। (হিতো. ২২:১৭, ১৯) এই বিষয়ে আপুনি প্ৰাচীনসকলৰপৰাও সহায় লʼব পাৰে।
১৭. (ক) ভাই ক্লৌছ আৰু ভনী মৰিছাৰ লগত কি হʼল? (খ) তেওঁলোকৰপৰা আমি কি শিকিব পাৰোঁ?
১৭ আমি বিচৰা অনুসৰি কেতিয়াবা যিহোৱাৰ সেৱা কৰিব নোৱাৰোঁ, কিয়নো যিহোৱাৰ ইচ্ছা হয়তো বেলেগ থাকে। অনুচ্ছেদ ৫ ত উল্লেখ কৰা ভাই ক্লৌছ আৰু ভনী মৰিছাৰ লগতো ঠিক এইদৰেই হʼল। বিয়া হোৱা তিনি বছৰৰ পাছত তেওঁলোকে দূৰ দেশ ফিনলেণ্ডত শাখা কাৰ্য্যালয়ৰ নিৰ্মাণ কামত ভাগ লʼবলৈ গৈছিল। তাত গৈ তেওঁলোকে গʼম পালে যে তেওঁলোকে ফিনলেণ্ডত কেৱল ৬ মাহে থাকিব পাৰিব। সেইবাবে, তেওঁলোকে নিৰাশ হৈ পৰিল। কিন্তু কিছুসময়ৰ পাছত তেওঁলোকক আৰবী ভাষা শিকিবলৈ নিমন্ত্ৰণ কৰা হʼল। এতিয়া তেওঁলোকে আন দেশত আৰবী ভাষা কোৱা এলেকাত সেৱা কৰি আছে। ভনী মৰিছাই এইদৰে কৈছে, “যেতিয়া আমি যিহোৱাৰ সেৱাত কিবা বেলেগ কাম কৰিবলৈ চিন্তা কৰোঁ, তেতিয়া আমি হয়তো ভয় কৰিব পাৰোঁ। কিন্তু আমি যিহোৱাৰ ওপৰত ভৰসা কৰা উচিত। আমি যাৰ বিষয়ে আশাই নকৰোঁ, ঠিক সেইদৰে যিহোৱাই আমাক সহায় কৰে। এতিয়া যিহোৱাৰ ওপৰত মোৰ আৰু ভৰসা বাঢ়িল।” এই উদাহৰণৰপৰা বুজিব পাৰি যে যদি আমি যিহোৱাৰ ওপৰত ভৰসা কৰোঁ, তেনেহʼলে তেওঁ আমাক নিশ্চয় আশীৰ্বাদ দিব।
১৮. স্বামী আৰু পত্নীয়ে যিহোৱাৰ ওপৰত ভৰসা কৰে বুলি কেনেকৈ দেখুৱাব পাৰে?
১৮ বিবাহ, যিহোৱাৰ ফালৰপৰা উপহাৰ হয়। (মথি ১৯:৫, ৬) আপুনি নিজৰ বিবাহিত জীৱনত আনন্দত থকাটো তেওঁ বিচাৰে। (হিতো. ৫:১৮) সেইবাবে, চিন্তা কৰক যে আপুনি কেনেকৈ জীৱন-যাপন কৰিছে। আপুনি যিহোৱাৰ সেৱা আৰু বেছিকৈ কৰিব পাৰিবনে? ইয়াৰ বিষয়ে যিহোৱালৈ প্ৰাৰ্থনা কৰক। তেওঁৰ বাক্যত এনে সিদ্ধান্ত বিচাৰক, যিয়ে আপোনাক সহায় কৰিব পাৰে আৰু যিহোৱাৰ পৰামৰ্শ পালন কৰক। যদি আপুনি যিহোৱাৰ সেৱা বেছিকৈ কৰে, তেনেহʼলে আপোনালোকৰ বিবাহিত জীৱন আনন্দময় হৈ পৰিব।
গীত ১৩২ এতিয়া আমি এক হʼলোঁ
a আমি যিহোৱাৰ সেৱাত কিমান শক্তি আৰু সময় ব্যৱহাৰ কৰিম, সেয়া আমাৰ নিৰ্ণয়ৰ ওপৰত নিৰ্ভৰ কৰে। নতুনকৈ বিয়া হোৱা দম্পতীসকলেও এনে ধৰণৰ নিৰ্ণয় লʼবলগীয়া হয়। এই লেখত আমি আলোচনা কৰিম যে তেওঁলোকে সঠিক নিৰ্ণয় কেনেকৈ লʼব পাৰে, যাতে তেওঁলোকৰ জীৱন আনন্দময় হয়।
b কিছুমান নাম সলনি কৰা হৈছে।
c উদাহৰণস্বৰূপে, গোটেই পৃথিৱীত যিহোৱাৰ শুদ্ধ উপাসনাৰ পুনৰ আৰম্ভণি! (হিন্দী) কিতাপৰ ৬, ৭ আৰু ১৯ অধ্যায় অধ্যয়ন কৰক।