স্বতন্ত্ৰ ইচ্ছাৰ বিষয়ে বাইবেলে কি বৰ্ণনা কৰে? আপোনাৰ ভৱিষ্যত ঈশ্বৰে নিয়ন্ত্ৰণ কৰে নেকি?
পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে
ঈশ্বৰে আমাক স্বতন্ত্ৰ ইচ্ছা দি সন্মানীত কৰিছে। আমি কি কৰিম, তাৰ নিৰ্ণয় ঈশ্বৰে বা আমাৰ ভাগ্যই নিৰ্ধাৰণ কৰাৰ পৰিৱৰ্তে স্বতন্ত্ৰ ইচ্ছা থকাৰ বাবে আমি নিজৰ নিৰ্ণয় নিজে লʼব পাৰোঁ। এই বিষয়ে বাইবেলৰ দৃষ্টিভংগী কি, নিম্নলিখিত বিষয়বোৰে দাঙি ধৰে।
ঈশ্বৰে নিজৰ প্ৰতিমূৰ্ত্তিৰে মানুহক সৃষ্টি কৰিছে। (আদিপুস্তক ১:২৬) জীৱ-জন্তুৱে সহজাত প্ৰবৃত্তিৰ দ্বাৰা কাৰ্য্য কৰে, কিন্তু আমি প্ৰেম, ন্যায় আদি সৃষ্টিকৰ্ত্তাৰ গুণবোৰ প্ৰদৰ্শন কৰোঁ। যিদৰে সৃষ্টিকৰ্ত্তা স্বতন্ত্ৰ ইচ্ছাৰ অধিকাৰী, সেইদৰে আমিও স্বতন্ত্ৰ ইচ্ছাৰ অধিকাৰী।
কম বেছি পৰিমাণে আমি আমাৰ ভৱিষ্যত নিৰ্ধাৰিত কৰিব পাৰোঁ। বাইবেলে আমাক উৎসাহিত কৰে: “তেওঁৰ [ঈশ্বৰৰ] বাক্যলৈ কাণ দিয়া আৰু . . . জীৱনক মনোনীত কৰা।” (দ্বিতীয় বিবৰণ ৩০:১৯, ২০) ঈশ্বৰৰ বাক্যলৈ কাণ দিয়াৰ অৰ্থ হৈছে তেওঁৰ আজ্ঞাবোৰ পালন কৰা। যদি আমাৰ স্বতন্ত্ৰ ইচ্ছা নথকা হʼলে, ঈশ্বৰে দিয়া এই উপদেশৰ কোনো অৰ্থ নাথাকিলেহেঁতেন। ঈশ্বৰে আমাক তেওঁৰ বাক্য পালন কৰিবলৈ বাধ্য নকৰি, এইদৰে বিনয় কৰিছে: “অহ, তুমি মোৰ আজ্ঞাত মন দিয়া হলে, কেনে ভাল আছিল! দিয়া তোমাৰ শান্তি নদীৰ নিচিনা, আৰু তোমাৰ ধাৰ্ম্মিকতা সমুদ্ৰৰ ঢৌৰ নিচিনা হলহেঁতেন।”—যিচয়া ৪৮:১৮.
আমাৰ সফলতা অথবা বিফলতা ভাগ্যৰ ওপৰত নিৰ্ভৰ নকৰে। যদি আমি কোনো এটা কাৰ্য্যত সফল হʼব বিচাৰোঁ, তেনেহʼলে আমাক কঠোৰ পৰিশ্ৰম কৰাৰ প্ৰয়োজন। পবিত্ৰ শাস্ত্ৰ বাইবেলে এইদৰে কৈছে: “যি যি কাৰ্য্য তোমাৰ হাতত পৰে, তাক যত্নেৰে কৰিবা।” (উপদেশক ৯:১০) ইয়াৰ উপৰিও বাইবেলে এইদৰে কৈছে: “পৰিশ্ৰমী লোকৰ চিন্তাই কেৱল লাভহে জন্মায়।”—হিতোপদেশ ২১:৫.
স্বতন্ত্ৰ ইচ্ছা হৈছে ঈশ্বৰৰপৰা পোৱা এক মূল্যৱান উপহাৰ। এই উপহাৰে আমাক “সকলো হৃদয়েৰে” ঈশ্বৰক প্ৰেম কৰিবলৈ সহায় কৰে আৰু এইদৰে কৰিবলৈ আমিও বিচাৰোঁ।—মথি ২২:৩৭.
নিৰ্জীৱ আৰু জীৱিত সকলোকে ঈশ্বৰে নিয়ন্ত্ৰণ কৰেনে?
পবিত্ৰ শাস্ত্ৰ বাইবেলে শিক্ষা দিয়ে যে ঈশ্বৰ হৈছে সৰ্ব্বশক্তিমান আৰু তেওঁৰ শক্তিক কোনেও নিয়ন্ত্ৰণ কৰিব নোৱাৰে। (ইয়োব ৩৭:২৩; যিচয়া ৪০:২৬) কিন্তু তেওঁ নিজৰ শক্তিক সকলো বিষয় নিয়ন্ত্ৰণ কৰিবলৈ ব্যৱহাৰ নকৰে। উদাহৰণস্বৰূপে, বাইবেলে বৰ্ণনা কৰিছে যে ঈশ্বৰৰ লোকসকলৰ শত্ৰু বাবিলৰ প্ৰতি তেওঁ “নিজম দি” আছিল। (যিচয়া ৪২:১৪) ঠিক সেইদৰে, বৰ্তমান সময়তো নিজৰ স্বতন্ত্ৰ ইচ্ছাক অপব্যৱহাৰ কৰি আনক আঘাত কৰা লোকসকলৰ প্ৰতি ঈশ্বৰে সহনশীলতা দেখুৱাইছে। কিন্তু ঈশ্বৰে অনিশ্চিত কাললৈকে এইদৰে সহন কৰি নাথাকে।—গীতমালা ৩৭:১০, ১১.