যুৱক-যুৱতীসকলৰ প্ৰশ্ন
গালি পৰাটো সচাঁকৈ ভুলনে?
“বেয়া কথাবোৰ শুনি-শুনি মই ইমানেই অভ্যস্ত হৈ পৰিছিলোঁ যে মোৰ বাবে এইবোৰ সাধাৰণ যেন হৈ পৰিছিল।”—ক্ৰিষ্টফাৰ, ১৭.
“মই সৰু হৈ থাকোঁতে বহুত গালি পাৰিছিলোঁ। এনেধৰণৰ অভ্যাস শিকিবলৈ বহুত সহজ, কিন্তু ইয়াক এৰাটো তাতকৈ কঠিন।”—ৰিবেকা, ১৯.
কুইজ
আনলোকে দিয়া গালি-শপনি অথবা বেয়া কথা শুনি আপুনি কেনে অনুভৱ কৰে?
মই এইবোৰ ইমান ধ্যান নিদিওঁ—এইবোৰ মোৰ বাবে সাধাৰণ কথা।
এইবোৰ শুনি বেয়া লাগে—কিন্তু মই এইবোৰ সহ্য কৰি লওঁ।
এইবোৰ মোৰ বাবে বৰ অপমানজনক—মোৰ এইবোৰ শুনাৰ অভ্যাস নাই।
আপুনি কেতিয়াবা গালি-শপনি দিয়েনে?
কেতিয়াও নহয়
মাজে সময়ে দিওঁ
প্ৰায়ে দিওঁ
বেয়া কথা কোৱাৰ বিষয়ে আপুনি কি ভাৱে?
মূল্যহীন
চিন্তাৰ বিষয়
ইয়াক জনাটো কিয় আৱশ্যক
আপুনি ভাৱেনে যে গালি-গালাজ কৰাটো এটা চিন্তাৰ বিষয়? আপুনি হয়তো কʼব পাৰে, ‘এইটো কোনো গম্ভীৰ বিষয় নহয়। কিয়নো এই জগতত চিন্তা কৰিবলগীয়া আৰু বহুতো ডাঙৰ-ডাঙৰ সমস্যাৰ বিষয় আছে। তথাপিও সকলোৱেই গালি-গালাজ কৰে।’ এই কথাষাৰ সচাঁ হয়নে?
যিকি নহওঁক, এনে বহুতো লোক আছে যিসকলে বেয়া কথাৰ পৰা আতঁৰি থাকে। এনেবোৰৰ পৰা নিজকে পৃথকে ৰখাৰ তেওঁলোকৰ ওচৰত কিছুমান কাৰণ আছে। উদাহৰণস্বৰূপে:
গালি-গালাজ কৰাটো মাত্ৰ সাধাৰণ কথা-বতৰা নহয়। আপোনাৰ কথা-বতৰাই আপোনাৰ ব্যক্তিত্ব প্ৰকাশ পায়। গালি-শপনি দিয়াৰ যোগেদি আপুনি এইটো দেখুৱাই যে আনৰ ভাৱনাৰ প্ৰতি আপুনি কোনো চিন্তা নকৰে। প্ৰকৃততে, আপুনি এনেধৰণৰ ব্যক্তিনে?
বাইবেলে কৈছে: “কিন্তু মুখৰ পৰা যি ওলায়, সেইবোৰ হৃদয়ৰ পৰা ওলায়।”—মথি ১৫:১৮.
গালি-গালাজ কৰিলে আনে আপোনাৰ বিষয়ে বেয়া ভাৱিব পাৰে। কছ কʼন্ট্ৰল (ইংৰাজী) নামৰ কিতাপখনত এইদৰে কৈছে: “আমাৰ বন্ধুসকল কোন, আমাৰ পৰিয়াল আৰু সহকৰ্মীৰ পৰা আমি কেনেধৰণৰ সন্মান লাভ কৰোঁ, তেওঁলোকৰ সৈতে আমাৰ কেনেধৰণৰ সম্পৰ্ক আছে, আমি কিমান প্ৰভাৱশালী হওঁ, আমি চাকৰি বা প্ৰমোচন পোৱাৰ যোগ্য হওঁ নে নহওঁ আৰু অচিনাকি ব্যক্তিয়ে আমাৰ প্ৰতি কি মনোভাৱ ৰাখে, এইবোৰ আমাৰ কথা-বতৰাৰ ওপৰত নিৰ্ভৰ কৰে।” ইয়াত এইটোও কোৱা হৈছে: “নিজকে সোধক যে আনৰ লগত আপোনাৰ সম্পৰ্ক ভালদৰে গঢ়ি তুলিবলৈ আপুনি কি কৰিব পাৰে।”
বাইবেলত কৈছে: “সকলো কটু-বাক্য, . . . তোমালোকৰ পৰা দূৰ হওক।”—ইফিচীয়া ৪:৩১.
গালি-শপনি পাৰিলে এইয়া নুবুজাই যে আপোনাৰ কথা সঠিক। ডা. এলেক্স পাʼকৰে লিখা হাও ৰুড! (ইংৰাজী) নামৰ কিতাপখনত এইদৰে উল্লেখ আছে: “যিসকল লোকে প্ৰায়ে বেয়া কথা কয় থাকে তেওঁলোকে আনৰ কথা শুনিবলৈ নিবিচাৰে।” তেওঁ এইদৰেও কৈছে যে বেয়া কথা কয় থকা লোকৰ “বুদ্ধি, জ্ঞান বা সহানুভূতি প্ৰকাশ নাপায়। তেওঁলোকে ভাৱি-চিন্তি কথা নকয়, যি মুখত আহে তাকে কয়।”
বাইবেলত কৈছে: “তোমালোকৰ মুখৰ পৰা কোনো বেয়া কথা নোলাওক।”—ইফিচীয়া ৪:২৯.
আপুনি কি কৰিব পাৰে
লক্ষ্য ৰাখক। এমাহ বা তাতকৈ কম সময়ৰ ভিতৰত বেয়া কথা কোৱাৰ অভ্যাস এৰিবলৈ কিয় চেষ্টা নকৰে? এই প্ৰচেষ্টাত আপুনি কিমান উন্নতি কৰিছে তাৰবাবে কেলেণ্ডাৰত চিন দি থʼব পাৰে। উন্নতি কৰি থাকিবলৈ নিজৰ সিদ্ধান্তত থিৰে থাকক। উদাহৰণস্বৰূপে:
এনেধৰণৰ মনোৰঞ্জনৰ পৰা আতঁৰি থাকক যিয়ে আপোনাৰ মনক দূষিত কৰিব পাৰে। বাইবেলত কৈছে: “কুসঙ্গে সদাচাৰ নষ্ট কৰে।” (১ কৰিন্থীয়া ১৫:৩৩) “কুসঙ্গ” বুলি কʼলে কেৱল মানুহক নহয়, মনোৰঞ্জনকো বুজায়। যেনে—আপুনি কেনেধৰণৰ চিনেমা চাই, ভিডিঅʼ গেম খেলে বা কেনেধৰণৰ গান শুনে। ১৭ বছৰীয়া, কেনেথে কৈছে: “ভাল লগা গানৰ সৈতে সুৰ মিলাই গান গোৱাৰ সময়ত ইয়াত লিখা বেয়া কথাবোৰ একেবাৰে আওকাণ কৰা হয়।”
পৰিপক্ক হওঁক। কিছুমান লোকে বেয়া কথা কবলৈ ধৰে কিয়নো তেওঁলোকে ভাৱে যে তেওঁলোক এতিয়া ডাঙৰ হৈছে। ইয়াৰ বিপৰীতে, বাইবেলত কোৱা হৈছে যে পৰিপক্ক লোকসকলৰ, “জ্ঞানেন্দ্ৰিয়বোৰ ভাল-বেয়া বিষয় নিৰ্ণয় কৰাত নিপুণ” হয়। (ইব্ৰী ৫:১৪) আনক “আকৰ্ষিত” কৰিবলৈ তেওঁলোকে বেয়া কথা নকয়।
সচাঁকৈ, অশ্লীল কথাই আমাৰ মনক বেয়া ভাৱনাৰে ভৰি দিয়ে। এই পৃথিৱীখন এনেবোৰ অশ্লীল কথাৰে ভৰি আছে! কছ কʼন্ট্ৰল কিতাপখনত এইদৰেও কোৱা হৈছে: “অশ্লীল কথাবোৰৰ পৰা আতঁৰি থাকক। নিজৰ কথা-বতৰাৰে পৰিবেশখনত শুদ্ধতা বজাই ৰাখক যাতে আপুনি ভাল অনুভৱ কৰে আৰু আনেও আপোনাৰ বিষয়ে ভাল অনুভৱ কৰে।”