ডিচেম্বৰ ৩০, ২০২৪–জানুৱাৰী ৫, ২০২৫

গীতমালা ১২০-১২৬

ডিচেম্বৰ ৩০, ২০২৪–জানুৱাৰী ৫, ২০২৫

গীত নং ১৪৪ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

বাবিলৰ পৰা উভতি অহা ইস্ৰায়েলীসকলে আনন্দেৰে দাই আছে, কাৰণ যিহোৱাই তেওঁলোকৰ পৰিশ্ৰমত আশীৰ্বাদ দিছে।

১. তেওঁলোকে কান্দি কান্দি ৰুলে, কিন্তু আনন্দেৰে দালে

(১০ মি.)

যেতিয়া ইস্ৰায়েলীসকলক পুনৰ শুদ্ধ উপাসনা কৰিবলৈ বাবিলৰ পৰা মুকলি কৰা হʼল, তেতিয়া তেওঁলোকে বহুত আনন্দিত হৈছিল (গীত ১২৬:১-৩)

যিহূদিয়ালৈ উভতি অহাৰ পাছত ইস্ৰায়েলীসকলে কঠিন পৰিশ্ৰম কৰিবলগীয়া হʼল। সেইবাবে, তেওঁলোকৰ হয়তো চকুপানী বৈছিল (গীত ১২৬:৫; w০৪ ৬/১ ২৫ ¶১০)

তথাপিও ইস্ৰায়েলীসকলে হাৰ মনা নাছিল আৰু ইয়াৰ বাবে তেওঁলোকে বহুতো আশীৰ্বাদ পালে (গীত ১২৬:৬; w২১.১১ ২৪ ¶১৭; w০১ ৭/১ ২৬-২৭ ¶১৩-১৪; দিয়া ছবিখন চাওক)

ধ্যানৰ বাবে প্ৰশ্ন: হৰমাগিদোন যুদ্ধৰ পৰা ওলাই নতুন পৃথিৱীত যোৱাৰ পাছত যেতিয়া আমি সকলোবোৰ নতুনকৈ বনাম, তেতিয়া আমাৰ ওচৰত কি কি সমস্যা আহিব? কিন্তু আমি কি কি আশীৰ্বাদ পাম?

২. আধ্যাত্মিক ৰত্ন বিচাৰক

(১০ মি.)

  • গীত ১২৪:২-৫—যিহোৱাই যিদৰে ইস্ৰায়েলী ৰাষ্ট্ৰক ৰক্ষা কৰিছিল, ঠিক সেইদৰে তেওঁ আমাৰ জীৱন ৰক্ষা কৰিব বুলি আমি আশা কৰিব পাৰোঁ নে? (cl-HI ৭৩ ¶১৫)

  • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন লাভ কৰিলে?

৩. বাইবেল পাঠ

(৪ মি.) গীত ১২৪:১–১২৬:৬ (শিক্ষা অধ্যায় ৫)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

৪. কথা-বতৰা আৰম্ভ কৰক

(৩ মি.) ৰাজহুৱাভাৱে প্ৰচাৰ। (লোকসকলক প্ৰেম কৰক পাঠ ৩ ভাগ ৫)

৫. পুনৰ লগ কৰক

(৪ মি.) ঘৰে-ঘৰে প্ৰচাৰ। যোৱাবাৰ গৃহস্থই কৈছিল যে বাইবেলৰ ওপৰত বিশ্বাস কৰিবলৈ তেওঁক কঠিন লাগে। (লোকসকলক প্ৰেম কৰক পাঠ ৯ ভাগ ৫)

৬. বাইবেল অধ্যয়ন কৰক

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

গীত নং ১৫৫

৭. যিহোৱাৰ প্ৰতিজ্ঞাবোৰৰ পৰা আনন্দ পাওক

(১৫ মি.) আলোচনা।

যিহোৱাই বাবিলত বন্দী হৈ থকা ইস্ৰায়েলীসকলক যিমান প্ৰতিজ্ঞা কৰিছিল সেই সকলো পূৰ কৰিলে। তেওঁলোকক বন্দীৰ পৰা মুকলি কৰিলে আৰু তেওঁলোকৰ সকলো পাপ ক্ষমা কৰিলে। (যিচ ৩৩:২৪) যেতিয়া ইস্ৰায়েলীসকলে বন্দী হৈ আছিল, তেতিয়া তেওঁলোকৰ দেশত সিংহ আৰু আন জন্তুবোৰ বহুত বাঢ়ি গৈছিল। সেইবাবে, যেতিয়া ইস্ৰায়েলীসকলে উভতি আহিলে, তেতিয়া তেওঁলোকক আৰু তেওঁলোকৰ জীৱ-জন্তুবোৰক সুৰক্ষাৰ প্ৰয়োজন আছিল। যিহোৱাই প্ৰতিজ্ঞা কৰাৰ দৰে তেওঁলোকক ৰক্ষা কৰিছিল। (যিচ ৬৫:২৫) তেওঁ প্ৰতিজ্ঞা কৰাৰ দৰে ইস্ৰায়েলীসকলে নিজৰ ঘৰত থাকিবলৈ আৰু আঙুৰৰ বাগিছাৰ ফল খাবলৈ সুযোগ পালে। (যিচ ৬৫:২১) ইয়াৰ উপৰিও যিহোৱাই তেওঁলোকৰ পৰিশ্ৰমত আশীৰ্বাদ দিলে আৰু তেওঁলোকে বহু বছৰলৈকে জীয়াই থাকিব পাৰিলে।—যিচ ৬৫:২২, ২৩.

Waterfall: Maridav/stock.adobe.com; mountains: AndreyArmyagov/stock.adobe.com

শান্তিৰ বিষয়ে ঈশ্বৰে কৰা প্ৰতিজ্ঞাৰ ওপৰত আনন্দিত হওক —এক আভাস ভিডিঅʼখন দেখুৱাওক তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্নবোৰ সোধক:

  • এই ভৱিষ্যবাণীবোৰ আজি কেনেকৈ পূৰ হৈ আছে?

  • নতুন পৃথিৱীত এই ভৱিষ্যবাণীবোৰ কেনেকৈ পূৰ হʼব?

  • আপুনি কি কি ভৱিষ্যবাণী পূৰ হোৱাটো চাবলৈ বিচাৰে?

৮. মণ্ডলীৰ বাইবেল অধ্যয়ন

সমাপ্তিৰ মন্তব্য (৩ মি.) | গীত নং ৫৮ আৰু প্ৰাৰ্থনা