কাহিনী ৪৮
গিবিয়োনীয়াবিলাকৰ বুদ্ধি
কনান দেশত থকা আন আন নগৰবোৰে ইস্ৰায়েলীসকলৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ সাজু হ’ল। তেওঁলোকে বিশ্বাস কৰিছিল যে এই যুদ্ধত তেওঁলোক জয়ী হ’ব। কিন্তু ওচৰত থকা গিবিয়োন নামৰ নগৰখনৰ লোকসকলে এনেকৈ ভবা নাছিল। ইস্ৰায়েলীসকলক যে ঈশ্বৰে সহায় কৰিছে, এই বিষয়ে গিবিয়োনৰ লোকসকলে জানিছিল আৰু সেইবাবে তেওঁলোকে ঈশ্বৰৰ বিৰুদ্ধে যুদ্ধ কৰিব বিচৰা নাছিল। গিবিয়োনীয়াবিলাকে নিজকে ৰক্ষা কৰিবলৈ কি কৰিলে তোমালোকে জানানে?
গিবিয়োনীয়াবিলাকে ইস্ৰায়েলীসকলৰপৰা বহুত দূৰৈত থাকে বুলি ভাও জুৰাৰ থিৰাং কৰিলে। সেই অনুসৰি তেওঁলোকৰ কিছুমান লোকে পুৰণি কাপোৰ আৰু তাপলি মৰা জোতা পিন্ধি ইস্ৰায়েলীসকলৰ ওচৰলৈ যাবলৈ ওলাল। তেওঁলোকে নিজ নিজ গাধবোৰৰ ওপৰত পুৰণি থৈলা ৰাখিলে আৰু কিছুমান শুকান পিঠা লগত লৈ যাত্ৰা আৰম্ভ কৰিলে। ইস্ৰায়েলীসকলৰ ওচৰ পাই তেওঁলোকে যিহোচূৱাক ক’লে: ‘আপোনাৰ ঈশ্বৰ যিহোৱাৰ বিষয়ে শুনি আমি দূৰ দেশৰপৰা আহিছোঁ। কিয়নো মিচৰ দেশত তেওঁ আপোনাৰ বাবে কৰা সকলো কাৰ্য্যৰ বিষয়ে আমি শুনিলো। তাতে আমাৰ বৃদ্ধ লোকসকলে আমাক ক’লে, “তোমালোকে যাত্ৰাৰ বাবে কিছুমান আহাৰ লগত লৈ তেওঁবিলাকক সাক্ষাৎ কৰিবলৈ যোৱা আৰু এই কথা কোৱাগৈ, আমি আপোনাৰ বন্দী। অনুগ্ৰহ কৰি প্ৰতিজ্ঞা কৰক যে আপোনালোকে আমাৰ লগত কোনো যুদ্ধ নকৰিব।” চাওকচোন, এই দীঘলীয়া যাত্ৰাৰ বাবে আমাৰ কাপোৰ ফাটিল আৰু আমাৰ পিঠাবোৰো শুকাল।’
যিহোচূৱা আৰু আন নায়কবিলাকে গিবিয়োনীয়াবিলাকৰ কথা বিশ্বাস কৰিলে। তেওঁলোকে গিবিয়োনীয়াবিলাকৰ লগত যুদ্ধ নকৰে বুলি প্ৰতিজ্ঞা কৰিলে। কিন্তু তিনিদিনৰ পাছত ইস্ৰায়েলীসকলে জানিব পাৰিলে যে গিবিয়োনীয়াবিলাক প্ৰকৃততে ওচৰৰ নগৰখনতহে বাস কৰে।
ইয়াতে যিহোচূৱাই তেওঁলোকক সুধিলে: ‘তহঁত বহু দূৰৈৰপৰা আহিছোঁ বুলি কেলেই আমাক ক’লি?’
গিবিয়োনীয়াবিলাকে উত্তৰ দিলে: ‘আপোনালোকক গোটেই দেশ দিব বুলি আপোনালোকৰ ঈশ্বৰ যিহোৱাই প্ৰতিজ্ঞা কৰিছে, এই কথা আমি জানো। সেইবাবে আমি প্ৰাণৰ ভয়ত এই কাৰ্য্য কৰিলো।’ ইস্ৰায়েলীসকলে নিজৰ প্ৰতিজ্ঞা অনুসৰি গিবিয়োনীয়াবিলাকক বধ নকৰিলে। ইয়াৰ পৰিৱৰ্তে তেওঁলোকে গিবিয়োনীয়াবিলাকক নিজৰ দাস কৰিলে।
গিবিয়োনীয়াবিলাকৰ এই কাৰ্য্যত যিৰূচালেমৰ ৰজাৰ বৰ খং উঠিল। গতিকে তেওঁ আন চাৰিজন ৰজাক ক’লে: ‘আহাঁ, মোৰ ওচৰলৈ আহি মোক সহায় কৰা, আমি গিবিয়োনীয়াহঁতক আঘাত কৰোঁগৈ।’ কথা অনুসৰি এই পাঁচজন ৰজাই গিবিয়োনীয়াবিলাকৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আহিল। এতিয়া প্ৰশ্ন হয় যে গিবিয়োনীয়াবিলাকে ইস্ৰায়েলীসকলৰ লগত সন্ধি কৰাটো এক বুদ্ধিমানৰ কাম আছিলনে? আহাঁ আমি ইয়াৰ উত্তৰ বিচাৰি চাওঁ।
যিহোচূৱা ৯:১-২৭; ১০:১-৫.