অতিৰিক্ত লেখ
সত্য খ্ৰীষ্টানসকলে উপাসনাত ক্ৰুচ ব্যৱহাৰ কৰা উচিতনে?
আজি পৃথিৱীত কোটি কোটি লোকে ক্ৰুচক উপাসনা আৰু সন্মান কৰে। এনচাইক্লোপিডিয়া ব্ৰিটেনিকা নামৰ বিশ্বকোষখনে ক্ৰুচক, “খ্ৰীষ্টান ধৰ্ম্মৰ মুখ্য প্ৰতীক” বুলি বৰ্ণনা কৰিছে। কিন্তু, সত্য খ্ৰীষ্টানসকলে উপাসনাত কেতিয়াও ক্ৰুচ ব্যৱহাৰ নকৰে। কিয় বাৰু?
মন কৰিবলগীয়া কথা যে যীচু খ্ৰীষ্টৰ মৃত্যু ক্ৰুচত হোৱা নাছিল। “ক্ৰুচ” শব্দটো গ্ৰীক ভাষাৰ “ষ্টাওৰʼচ” শব্দৰপৰা আহিছে আৰু এই শব্দৰ অৰ্থ হৈছে, “থিয়কৈ ৰখা এটা স্তম্ভ বা খুটা।” দ্য ক্যাম্প্যানিয়ান্ বাইবেলে ইয়াৰ বিষয়ে এইদৰে মন্তব্য কৰিছে: “[ষ্টাওৰʼচ] শব্দই কেতিয়াও কেঁচীয়া-কেঁচিকৈ লাগি থকা দুডাল কাঠক নুবুজায় আৰু গ্ৰীক ভাষাৰ নতুন নিয়মতো ইয়াৰ বিষয়ে কোনো উল্লেখ নাই।”
বাইবেলৰ অন্যান্য পদবোৰত লেখকসকলে যীচুক কিহেৰে মৃত্যু বিহিলে তাৰ বাবে এক বেলেগ শব্দ ব্যৱহাৰ কৰিছে। গ্ৰীক ভাষাত ইয়াক জাইলʼন বুলি কোৱা হৈছে। (পাঁচনিৰ কৰ্ম্ম ৫:৩০; ১০:৪০; ১৩:২৯; গালাতীয়া ৩:১৪; ১ পিতৰ ২:২৪) এই গ্ৰীক শব্দৰ অৰ্থ হʼল “কাঠ” বা “লাঠি, ডাং বা গছ”।
প্ৰাচীন সময়ত মৃত্যুদণ্ডৰ বাবে কিয় এডাল কাঠ ব্যৱহাৰ কৰা হৈছিল? ইয়াৰ বিষয়ে হাৰ্মান ফুলডা নামৰ লেখকজনে তেওঁ লিখা, “ক্ৰুচ আৰু ক্ৰুচিফিক্সন” নামৰ কিতাপখনত এইদৰে বৰ্ণনা কৰিছে: “সকলোৰে আগত মৃত্যুদণ্ড দিব পৰাকৈ যি স্থান থিৰাং কৰা হৈছিল, কেতিয়াবা আকৌ সেই ঠাইত বেছি গছ-গছনি নাছিল। সেইবাবে গছৰ সলনি এডাল সাধাৰণ কাঠ মাটিত পোতা হৈছিল আৰু সেই কাঠত অপৰাধীৰ হাত দুখন আৰু কেতিয়াবা ভৰিও বন্ধা বা গজাল মৰা হৈছিল।”
এই ক্ষেত্ৰত আটাইতকৈ ভাৰসাযোগ্য প্ৰমাণ বাইবেলত পোৱা যায়। ইয়াৰ বিষয়ে পাঁচনি পৌলে এইদৰে কৈছিল: “এই কাৰণে খ্ৰীষ্টে বিধানৰ শাপৰ পৰা আমাক মুক্ত কৰিলে; তেওঁ আমাৰ কাৰণে শাপস্বৰূপ হল; কিয়নো লিখা আছে, যি জনক কাঠত অৰা হয়, তেওঁ শাপগ্ৰস্ত।” (গালাতীয়া ৩:১৪) মন কৰিবলগীয়া কথা যে ইয়াত পৌলে, দ্বিতীয় বিবৰণ ২১:২২, ২৩ পদৰ উদ্ধৃতি দিয়ে, যʼত স্পষ্টৰূপে এক সাধাৰণ কাঠৰ বিষয়ে উল্লেখ আছে, কোনো ক্ৰুচৰ বিষয়ে নহয়। যিহেতু, কাঠত মৃত্যুদণ্ড দিয়া ব্যক্তিজনক “শাপগ্ৰস্ত” বুলি কোৱা হৈছে, সেইবাবে খ্ৰীষ্টানসকলে যীচু খ্ৰীষ্টক কাঠত আৰি মৰা এনে প্ৰতিমা নিজৰ ঘৰত ৰখা উচিত নহয়।
যীচুৰ মৃত্যুৰ পাছত প্ৰায় ৩০০ বছৰলৈকে খ্ৰীষ্টানসকলে উপাসনাত ক্ৰুচ ব্যৱহাৰ কৰিছিল বুলি কোনো প্ৰমাণ পোৱা নাযায়। তেন্তে, খ্ৰীষ্টানসকলৰ মাজত ক্ৰুচৰ ব্যৱহাৰ
কেনেকৈ প্ৰচলিত হʼল? চতুৰ্থ শতিকাত ৰোমান সম্ৰাট কনস্তানটিনে যীচু খ্ৰীষ্টৰ আজ্ঞা পালন নকৰা ধৰ্ম্মত্যাগী খ্ৰীষ্টানসকলৰ ফলীয়া হৈ তেওঁলোকৰ ধৰ্ম্ম গ্ৰহণ কৰে আৰু ক্ৰুচক খ্ৰীষ্টান ধৰ্ম্মৰ প্ৰতীক হিচাপে ব্যৱহাৰৰ বাবে আগভাগ লয়। তেওঁ এনে কৰাৰ প্ৰকৃত উদ্দেশ্য কি আছিল, তাৰ বিষয়ে কোনো উমান পোৱা নাযায়। কিন্তু এটা কথা একেবাৰেই সত্য যে যীচু খ্ৰীষ্টৰ ক্ৰুচৰ লগত কোনো সম্বন্ধ নাই। প্ৰকৃততে, ক্ৰুচ মিছা ধৰ্ম্মৰপৰাহে আহিছে। দ্য নিউ কেথʼলিক এনচাইক্লোপিডিয়াই ইয়াৰ বিষয়ে এইদৰে বৰ্ণনা কৰিছে: “খ্ৰীষ্টান তথা খ্ৰীষ্টান নোহোৱা লোকসকলৰ মাজত ক্ৰুচৰ ব্যৱহাৰ দেখা যায়।” বহুতোলোকে ক্ৰুচক সূৰ্য্য উপাসনা আৰু আন দেৱ-দেৱীৰ প্ৰজনন প্ৰথাৰ লগত জড়িত কৰিছে।এতিয়া হয়তো আমাৰ মনলৈ প্ৰশ্ন আহিব পাৰে যে মিছা ধৰ্ম্মৰ এই প্ৰতীক কিয় ব্যৱহাৰ কৰা হৈছিল? ক্ৰুচক প্ৰতীক হিচাপে ব্যৱহাৰ কৰাৰ এক কাৰণ হʼব পাৰে যে অন্য ধৰ্ম্মৰ লোকসকলে যাতে সহজে “খ্ৰীষ্টান ধৰ্ম্ম” গ্ৰহণ কৰিব পাৰে। কিন্তু, উপাসনাত মিছা ধৰ্ম্মৰ যিকোনো প্ৰতীক ব্যৱহাৰ কৰাৰ বিষয়ে বাইবেলে স্পষ্টৰূপে নিন্দা কৰিছে। (২ কৰিন্থীয়া ৬:১৪- ১৮) ইয়াৰ উপৰিও বাইবেলে সকলো ধৰণৰ মূৰ্ত্তিপূজাক নিন্দা কৰে। (যাত্ৰাপুস্তক ২০:৪, ৫; ১ কৰিন্থীয়া ১০:১৪) গতিকে, সত্য খ্ৰীষ্টানসকলে উপাসনাত ক্ৰুচ ব্যৱহাৰ নকৰাৰ এক উচিত কাৰণ আছে। a
a ক্ৰুচৰ বিষয়ে আৰু অধিক জানিবলৈ যিহোৱাৰ সাক্ষীসকলে প্ৰকাশ কৰা, “ঈশ্বৰে আমাৰ পৰা কি বিচাৰে” ব্ৰচাৰখনৰ ১১ অধ্যায়ৰ ৬ অনুচ্ছেদত চাওক।