Skip to content

Skip to table of contents

এক গোপন কথা জনাৰ আনন্দ

এক গোপন কথা জনাৰ আনন্দ

কেতিয়াবা তোমাক কোনোবাই কিবা গোপন কথা কৈছেনে?— a বাইবেলত এক বিশেষ “নিগূঢ়-তত্ত্ব” অৰ্থাৎ গোপন কথাৰ বিষয়ে উল্লেখ আছে। এই কথা গুৰুত্বপূৰ্ণ, কিয়নো ই ঈশ্বৰৰপৰা হয়। এই বিষয় গোপন, কাৰণ ইয়াৰ বিষয়ে কোনেও নাজানিছিল। আনকি, স্বৰ্গদূতসকলেও এই বিষয়ে জনা নাছিল। তুমি এই গোপন কথাষাৰৰ বিষয়ে জানিব বিচাৰানে?—

স্বৰ্গদূতসকলে কি কৰিছে তুমি জানানে?

বহুবছৰৰ আগতে, ঈশ্বৰে প্ৰথম পুৰুষ আৰু স্ত্ৰীক সৃষ্টি কৰিছিল। পুৰুষজনৰ নাম আদম আৰু স্ত্ৰীৰ নাম হৱা আছিল। ঈশ্বৰে তেওঁলোকক এক সুন্দৰ বাগিচাত থাকিবলৈ দিছিল আৰু সেই বাগিচাখনৰ নাম আছিল এদন। যদি আদম আৰু হৱাই ঈশ্বৰৰ কথা শুনিলেহেঁতেন, তেনেহʼলে তেওঁলোকে গোটেই পৃথিৱীখনক এক সুন্দৰ বাগিচাৰ দৰে কৰিব পাৰিলেহেঁতেন। তেওঁলোকে সেই বাগিচাত চিৰদিনৰ বাবে জীয়াই থাকিব পাৰিলেহেঁতেন। আদম আৰু হৱাই কি কৰিলে তুমি জানানে?—

আদম আৰু হৱাই ঈশ্বৰৰ কথা নুশুনিলে। তেওঁলোকে ঈশ্বৰৰ কথা নুশুনাৰ বাবে আজি আমি এক সুন্দৰ বাগিচাৰ দৰে পৃথিৱীত থাকিবলৈ পোৱা নাই। কিন্তু ঈশ্বৰে কৈছিল যে তেওঁ গোটেই পৃথিৱীখন এক সুন্দৰ বাগিচালৈ পৰিৱৰ্তন কৰিব। ইয়াত লোকসকলে চিৰদিনৰ বাবে জীয়াই থাকিব। ঈশ্বৰে এয়া কেনেকৈ কৰিব? বহুবছৰ ধৰি লোকসকলে ইয়াৰ বিষয়ে জনা নাছিল। কিয় জনা নাছিল বাৰু? কাৰণ এই কথা গোপন হৈ আছিল।

যীচুৱে এই পৃথিৱীত থকাৰ সময়ত, এই গোপন কথাষাৰৰ বিষয়ে লোকসকলক আৰু বেছিকৈ জানিবলৈ সহায় কৰিছিল। সেই কথাষাৰ হৈছে ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে। ঈশ্বৰৰ ৰাজ্য অহাৰ বিষয়ে তেওঁ লোকসকলক প্ৰাৰ্থনা কৰিবলৈ শিকাইছিল। এই ঈশ্বৰৰ ৰাজ্যই গোটেই পৃথিৱীখনক এক সুন্দৰ বাগিচালৈ পৰিৱৰ্তন কৰিব।

এই গোপন কথাষাৰ জনাৰ বাবে তুমি আনন্দিত নোহোৱানে?— আমি মনত ৰখা উচিত যে কেৱল যিহোৱা ঈশ্বৰৰ বাক্য পালন কৰা লোকসকলেহে সেই সুন্দৰ বাগিচাখনত থাকিব পাৰিব। যিহোৱা ঈশ্বৰৰ বাক্য পালন কৰা এনে বহুতো পুৰুষ আৰু তিৰোতাৰ নাম বাইবেলত উল্লেখ আছে। তেওঁলোকৰ বিষয়ে তুমি জানিব বিচাৰানে?— আহাঁ, আমি তেওঁলোকৰ মাজৰ কেইজনমানৰ বিষয়ে শিকোঁ আৰু তেওঁলোকৰ দৰে হʼবলৈ চেষ্টা কৰোঁ।

তোমাৰ বাইবেলৰপৰা পঢ়া

a এই কাহিনীবোৰত আপোনালোকে কিছুমান প্ৰশ্নৰ পাছত, এনেধৰণৰ (—) চিন দেখিবলৈ পাব। সেই সময়ত আপুনি ক্ষন্তেকৰ বাবে ৰওক আৰু সন্তানক উত্তৰ দিবলৈ সুযোগ দিয়ক।